অন্যযুগ/


উত্তৰসত্য

 মিণ্টুল হাজৰিকা

 

লখাইতৰা এটা সমাধি সৌধ


কথাটো ভালকৈ জানিছিল ফুজুৰীবায়ে

তথাপি তাই জৰায়ুৰ পেৰাটো খুলি এপদ এপদকৈ ধুইছিল 

মাণিকীমধুৰী সপোন

 

আৰু বেলিমুখত ৰদাইছিল ...

 

মাজে-সময়ে তাই আতালৰ পৰা মেঘ পাৰি আনিও চোতালত ঢাৰি পাৰি শুকুৱাইছিল ৷


পাঠকে এইবোৰ অতিৰঞ্জিত কথা বুলি ভাবিব পাৰে,

... ভাবক৷ ফুজুৰীবাইক দেখাজনে জানে মঙহে মঙহৰ কাল হোৱা বুৰঞ্জীকথা

 

আনৰ চালত মূৰ গুজিলে দেহ বিজ্ঞানৰ কিদৰে কৰা হয় ভাগ বটোৱাৰা ...

 

এদিনাখনৰ কথা, আইতাৰ মুখে শুনা

কুসুম তেল মূৰত সানি মাজেদি সেওঁতা ফালি

সিন্ধি দিছিল আদাবেঙা

সেইদিন ধৰি বাটে-পথে ধূলি, সৰাপাতৰ কিৰিলি

 

তাই বাট নসৰা হল। মাজে মাজে বমি

সেয়ে তাই এলাগী

 

দুটামান আবেলিৰ বাটে-হাটে

সিঁচৰতি হৈ পৰিল তাইৰ কেঁচা হুমুনিয়াহ

তাৰে এটা-দুটা বুটলি নি কোনোবাই বিলাস পৰবত কথাৰ লগত চোবাইছিল

মিঠা নে তিতা

হাতেৰে পিহি চাইছিল মিহি নে খহটা

 

বিয়া-সবাহত তাই আছিল কৌতুকৰ ৰহঘৰা

অথচ বুকুত অনবৰতে লৈ ফুৰিছিল ধোঁৱা আৰু চিগাৰেটৰ চেকা

 

তাইৰ পঞ্চাছে গৰকা দেহৰ ওপৰেদি পাৰ হৈ গৈছে

শৰবিদ্ধ কেইবাটাও হালধীয়া বসন্ত

 

কথাবোৰ ৰাষ্ট্ৰ হবলৈ বেছিপৰ নালাগিল

দুটামান লুজনগুটিএডোখৰ পাউৰুটি আৰু

পাঁচ মিনিটৰ এখন অৰণ্যৰ ছবি

কৌতুক অথবা ৰহস্যময ফুচফুচনি হৈ মুখ বাগৰিল

 

দেশ বাগৰিল


আৰু এদিন কেঁকনিত ৰাতি দুফাল কৰি

তাইৰ ভাগত পৰিল কেইডোখৰমান ধুমকেতু !

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ