ৰত্নোত্তমা দাস বিক্ৰম
(প্ৰথমাংশ, নৱম অধ্যায়)
… আৰু সোধোঁ, কুশলে আছানে মোৰ
কণমানিকণ?
এক/ সেইদিনা শ্ৰেণীকোঠাত
লাহে লাহে এটা বিশেষ গঢ়ত বাঢ়ি
অহা মোৰ উদৰক কাপোৰেৰে ঢাকি-ঢুকি লুকুৱাই ৰখাৰ বিশেষ কোনো চেষ্টা কৰা নাছিলোঁ যদিও
কেইবামাহলৈকে সেয়া বৰকৈ চকুত পৰা হৈ উঠা নাছিল। কিন্তু সেইদিনা প্ৰথমবাৰৰ কাৰণে
অনুভৱ কৰিছিলোঁ যে মোৰ শাৰীৰীক পৰিৱৰ্তনবোৰ সকলোৰে চকুত পৰা হৈছে। তাতকৈ আগলৈকে
কথাটো ইমানকৈ আনে জনা নাছিল বা জানিছিল যদিও মই জনা নাছিলোঁ। কোনোৱে মোক এই বিষয়ে
সোধা নাছিল বা একো কোৱাও নাছিল। ময়ো ঘনিষ্ঠবোৰক কোৱাৰ বাহিৰে কাকো তেনেকৈ একো কোৱা
নাছিলোঁ। এনে নহয় যে মই মোৰ ’ভাল খবৰটো’ লকুৱাই থৈছিলোঁ, মই মাত্ৰ উপযাচি কোৱা
নাছিলোঁ। এনে নহয় যে মই প্ৰথম তিনিমাহলৈকে ক’ব নালাগে বোলা কথাটো মানিছিলোঁ, মাত্ৰ
কোৱাৰ অৱকাশ বিশেষ নাছিল।
সেইদিনা ক্লাছ লৈ থকাৰ মাজতে বেৰত ওলমি থকা বগা
বোৰ্ডখনত কিবা এটা লিখিবলৈ গৈ ৰৈ গ’লোঁ। হঠাতে অনুভৱ কৰিলোঁ, মোৰ ভাগৰ লাগিছে।
কঁকালটো টন্টনাইছে। মোৰ অলপ বহি দিবৰ মন গৈছে। মই মন কৰা নাছিলোঁ যে ইতিমধ্যে মই
বেছ কিছু সময় ধৰি থিয় হৈয়েই শ্ৰেণীটো লৈ আছিলোঁ। সেই মুহূৰ্ততে শ্ৰেণীটোৰ ছাত্ৰী
এগৰাকী উঠি আহি চকীখন টানি আনি মোৰ কাষত ৰাখিলে। —ম্যাম, আপুনি অলপ বহি লওঁক। মই
তাইলৈ চাই হাঁহিলোঁ আৰু সুধিলোঁ, কিয়? Because you are pregnant! তাই লগে লগেই কৈ
উঠিল আৰু মই ৰৈ গ’লোঁ। তাইৰ মুখৰ ভংগীটো আছিল, এস্ , এইটোনো আৰু সুধিব লগা কথানে,
আপুনি অলপ বহক, গধূৰ গা-টোৰে আৰু কিমাননো আমাক থিয়ৈ থিয়ৈ পঢ়াব! আচলতে মই তাইক
সুধিব খুজিছিলোঁ তাই কেনেকৈ জানিলে যে ঠিক সেই মুহুৰ্ততে মই বহিব খুজিছিলোঁ। গাটো
গধূৰ হৈ অহাৰ লগে লগে দৈৰ্ঘৰ তাৰতম্য ঘটা মোৰ উশাহ-নিশাহবোৰ সিহঁতে বাৰু অনুভৱ
কৰিছিল নেকি?
সেইদিনাৰ সেই মুহূতটো মোৰ মনত থিৰ হৈ ৰৈ গৈছিল। সেইদিনা
‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ স্নাতকোত্তৰ শ্ৰেণীটোত পঢ়ুৱাই আছিলোঁ অনুবাদ আৰু
জনজাতীয় জীৱনভিত্তিক ভাৰতীয় সাহিত্য। মোৰ সেই ছাত্ৰীগৰাকীৰ বাক্যটো যেন গোটেই
শ্ৰেণীকোঠাটোতে অনুৰণিত হ’ল। অনুৰণনটো গৈ মোৰ কাণত এটা সুৱদী-সুৰীয়া কোৰাছ হ’ল,
you are pregnant-you are pregnant… মোৰ অকণমান লাজ মিহলি গৌৰৱ হ’ল। মোৰ অকণমান গোপন
উলাহ জাগিল। তাই আথে-বেথে টানি আনি মোৰ ওচৰ চপাই দিয়া চকীখনত মই বহিলোঁ। কিদৰে
প্ৰতিক্ৰিয়া কৰিব লাগে মই জনা নাছিলোঁ। গৰ্ভাৱস্থাৰ প্ৰথম যাত্ৰাটোত যে প্ৰতিটো
কথাই ইমান নতুন হয়! প্ৰতিটো অভিজ্ঞতাই ইমানেই নতুন যে সেইবোৰত কৰিব লাগে, কেনেদৰে
প্ৰতিক্ৰিয়া কৰিব লাগে, নতুনকৈ মাক হ’বলৈ ওলোৱা মানুহজনীয়ে সেইবোৰৰ একো আও-ভাও
নাপায় আৰু বেছিভাগ পৰিস্থিতিতে হয় চকুপানী নিগৰে, নহয় বেঙা হাঁহি একোটা বিৰিঙে।
(মোৰ চকুপানী যিহেতু সহজে নোলায়, মোৰ ক্ষেত্ৰত বেঙা হাঁহিবোৰেই বেছিকৈ বিৰিঙিছিল।)
চকীখনত বহি তেনেই সহজ যেন অভিনয় কৰিবলৈ চেষ্টা কৰি মই অলপ অসহজ হাঁহি এটা মাৰিলোঁ।
ক’লোঁ, থেংক্ য়ু আৰুছি। (তাইৰ নাম আৰুছি মালিক। দিল্লীতে ডাঙৰ হোৱা হাৰিয়ানাৰ
ছোৱালী। পাছলৈ গৱেষণা কৰিবৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু বৰ্তমানেও তাই
তাতে আছে। মোৰ সৈতে এতিয়াও এৰা-ধৰাকৈ যোগাযোগত থাকে।)
সেইদিনাৰ পাছৰ পৰা মই মন কৰিলোঁ, লাহে লাহে
মানুহবোৰে, বা অধিক সঠিককৈ ক’বলৈ গ’লে মহিলাবোৰে, মোক লগ পালে শুভেচ্ছা জনায়, মোৰ
Due date কেতিয়া আন্তৰিকতাৰে সোধে। ময়ো ধন্যাবাদ এটা দি হাঁহি মাৰি কওঁ, অহা
ডিচেম্বৰৰ শেষৰ ফালে বা জানুৱাৰীৰ আৰম্ভণিতে হ’ব বুলি ডাক্তৰে কৈছে। এনেকৈ সোধা
মানুহবোৰৰ, মানে মহিলাবোৰৰ ভিতৰত বাটে-ঘাটে লগপোৱা একেবাৰে অচিনাকি কিছুমানো আছিল।
মই আনৰ ব্যক্তিগত কথাত কেতিয়াও নাক নুসুমোৱাও, আনেও মোক দিগ দিলে দিগ পাওঁ। কিন্তু
এনেকৈ সোধাত মই অকণো বেয়া পোৱা নাছিলোঁ, বৰং সেয়া শুভংকৰ আগ্ৰহ আৰু আন্তৰিকতা বুলি
আকোঁৱালি লৈছিলোঁ।
দুই/ প্ৰসংগক্ৰমে মোৰ বান্ধৱী (নাম-ধাম-পৰিচয় উহ্য),
মীনা কান্দাসামী, নিৰ্মলপ্ৰভা বৰদলৈ
মই কৃষ্ণাংগী, আৰু সৰুৰে পৰা
কৃশাংগী। মোৰ ছালৰ ৰং, নাক-মুখৰ গঢ় বা মোৰ শাৰীৰীক অৱয়ব লৈ সচেতন নোহোৱাকৈয়ে, একো
নভবাকৈয়ে ডাঙৰ হ’লোঁ। কিন্তু ‘ধুনীয়া’ৰ ধাৰণাটো আপেক্ষিক হ’লেও মোৰ জীৱনৰ এই বিশেষ
সময়ছোৱাত লাহে লাহে বাঢ়ি অহা উদেৰেৰে সৈতে মই নিজেই নিজকে ধুনীয়া দেখা হ’লোঁ। নতুনকৈ
কৈশোৰ বা যৌৱনত ভৰি দিওঁতেও আনকি কেতিয়াও নিজক লৈ সচেতন হোৱা মনত নপৰে। মই আছিলোঁ
‘টম বয়’, মুক্ত আৰু লগতে কিতাপৰ পোক। (প্ৰথমটো কিছুমান বৈশিষ্ট স্বভাৱত ৰৈ যোৱাৰ বাহিৰে পাছৰ দুটা মই এতিয়াও
হওঁ) গৰ্ভৱতী হোৱাৰ আগলৈকে নিজৰ
স্বাস্থ্যৰ যত্ন মই আগতে ইমানকৈ কেতিয়াও লৈ পোৱা নাছিলোঁ। মই শালীন পোছাক পিন্ধোঁ।
কিন্তু কাপোৰেৰে বাঢ়ি অহা উদৰ লুকুৱাই ৰাখিবলৈ চেষ্টা নকৰোঁ। সামান্যতমো সংকোচ
নোহোৱাকৈ মই খোজ দিওঁ। এতিয়া ভাবোঁ, আচলতে মই মোৰ গৰ্ভাৱস্থাক লৈ খুবেই ইতিবাচক
আৰু নিশ্চিত আছিলোঁ কাৰণেই মোৰ মাজত আত্মবিশ্বাসৰ অভাৱ হোৱা নাছিল। আৰু সেই কাৰণেই
মই সুখী আছিলোঁ। গৰ্ভাৱস্থাৰ আপুৰুগীয়া সময়চোৱা উপভোগ কৰিব পাৰিছিলোঁ।
পাছলৈ ইয়াৰ এটা বিপৰীত অনুভৱ
বিষয়ে জনাৰ অভিজ্ঞতা হৈছিল। সেয়া মোৰ সন্তান জন্মৰ কিজানি এবছৰমানৰ পাছৰ কথা।
মোৰেই বান্ধৱী এগৰাকী। নাম-ধাম-পৰিচয় নিশ্চয়কৈ উহ্য ৰাখিম। এদিন তাইৰ গৰ্ভাৱস্থাৰ
খবৰ লওঁতে কৈছিল, একদম নুসুধিবি। মোৰ নিজকে আইনাত চাবলৈও মন নাযায়। জাননে মোৰ
কেনেকুৱা লাগে, পেটটো ইমান ফুটবলটোৰ নিচিনা হৈছে যে চুৰী এখন লৈ ফুটাই দিম যেন
লাগে! তাই মোক আকস্মিকভাবে কৈ পেলোৱা বাক্যটো ইমান অভাৱনীয় আছিল যে মোৰ এতিয়াও
ভাবিলে বিশ্বাস হ’ব নোখোজে। মই মোৰ সীমিত জ্ঞানেৰে তাইক বুজাবলৈ চেষ্টা কৰিছিলোঁ,
ভালকৈ নিজকে চাবিচোন, তই এনেয়েও ধুনীয়া, এতিয়া তই আৰু বেছি ধুনীয়া হৈছ। তই এই
ফে’জটো আৰু জীৱনত হয়তো আৰু কেতিয়াও নাপাবও পাৰ। উপযাপন কৰিবলৈ চেষ্টা কৰচোন।
বান্ধৱীগৰাকী উচ্চশিক্ষিতা, কৰ্মস্থানত সফল, সুপ্ৰতিষ্ঠিত, সযত্নপালিত ছাল-চুলি-অৱয়ব,
সুন্দৰী। তাইৰ মনলৈ এনেকুৱা ভাব কিয় আহিছিল মই বুজি পোৱা নাছিলোঁ। তাইৰ গৰ্ভাৱস্থা
অনাকাংখ্যিত বা অপৰিকল্পিতও নাছিল। কোনো জটিলতাৰ সন্মুখীন নোহোৱা তাইৰ গৰ্ভাৱস্থাও
আছিল মসৃণ। নাছিল। তথাপি তাইৰ হতাশগ্ৰস্ততাই মোক স্তম্ভিত কৰিছিল। তাইতকৈ আগতে মোৰ
এনেধৰণে নিজৰ বাঢ়ি অহা উদৰক লৈ হতাশগ্ৰস্ত হোৱা নাৰী লগ পোৱা মনত নপৰে। অৱশ্যে
কিতাপত পঢ়াৰ কথা সুকীয়া। মীনা কান্দাসামীৰ আত্মজীৱনী When I Hit You, Or A Portraoit
of a Writer as a Young Wife ত তেওঁৰ অনিচ্ছুক গৰ্ভধাৰণৰ পাছত হোৱা মানসিক
অৱস্থাৰ বৰ্ণনা পঢ়িছিলোঁ। তেওঁৰ গৰ্ভত স্থিতি লোৱা ভ্ৰুণ তেওঁৰ ইমানেই অবাঞ্ছিত
আছিল যে তেওঁ নিজেই লিখিছে, সকলো ‘forbidden food’ তেওঁ খাইছিল, যাতে তেওঁৰ গৰ্ভ
নষ্ট হয়! মীনা কান্দাসামীৰ অৱশ্যে পৰিৱেশ-পৰিস্থিতি আছিল সুকীয়া। তেওঁক
মানসিক-শাৰীৰীকভাবে দমন কৰা স্বামীৰ সৈতে সন্তান এটা পৃথিৱীলৈ আনিবই বিচৰা নাছিল!
পাছত সেই সন্তান পৃথিৱীলৈ অহাও নাছিল। আমাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ আকৌ বাল্যবিবাহ
হোৱাৰ পাছত শাৰীৰীক সম্পৰ্কৰ বিষয়ে তেওঁ একো নুবুজাকৈয়ে তেওঁৰ
ইচ্ছা-অনিচ্ছা-সমৰ্থনৰ অবিহনেই গৰ্ভৱতী হৈছিল। প্ৰকৃততে তেওঁৰ সৈতে sex with minor
তথা marital rape হৈছিল। কিন্তু বৰ্তমান
যুক্তৰাজ্যৰ বাসিন্দা তামিলনাডুৰ সাম্প্ৰতিক কবি-লেখক-ঔপন্যাসিক মীনা কান্দাসামীৰ
দৰে তেওঁ গৰ্ভ নষ্ট কৰাৰ কথা ভবাটো দূৰৰ কথা, বৰঞ্ছ, আত্মজীৱনী জীৱন জীৱন বৰ
অনুপমৰ পাতত তেওঁ গৰ্ভৱতী হোৱাৰ পাছত ডাঙৰ চকুৰ ছোৱালী এজনী হোৱাৰ আশা কৰাৰ
কথাহে লিখিছে। দূৰত বৰদিনৰ কেৰলৰ সুৰ শুনা নিশা এটাত তেওঁৰ সঁচাকৈয়ে কন্যা সন্তান
এটিয়েই হোৱাৰ বৰ্ণনা পঢ়া মনত পৰে। পাছলৈ বিবাহ বন্ধনৰ পৰা তেওঁ ওলাই আহিছিল।
মোৰ বান্ধৱীগৰাকী, মীনা
কন্দসামী বা নিৰ্মলপ্ৰভা বৰদলৈৰ এই গৰ্ভধাৰণ লগত জড়িত এই কথাকেইটা প্ৰসংগক্ৰমে
ক’লোঁ। কাৰণ, তিনিগৰাকী নাৰীৰ এই তিনিটা ভিন ভিন মানসিক অৱস্থাই মোক ভবাই তোলে।
আকাংখ্যিত আৰু মসৃণ গৰ্ভধাৰণৰ পাছতো মানুহ নিজৰ বাঢ়ি অহা উদৰক লৈ, নিজৰ চেহেৰাক লৈ
চূড়ান্ত অসুখী হ’ব পাৰে । (মোৰ বান্ধৱী)। কাৰোবাৰ কাৰণে গৰ্ভাৱস্থা সম্পূৰ্ণ
অনাকাংখ্যিত হ’ব পাৰে (মীনা কান্দাসামী)। আৰু গৰ্ভৱতী হোৱা মানেনো কি, গৰ্ভাৱস্থা
কাংখ্যিত হয় নে নহয়, সেয়াও নজনাকৈয়ে গৰ্ভৱতী হোৱাৰ পাছতো আহিবলগা সন্তানৰ কথা
আশাৰে কল্পনা কৰিব পৰাও হ’ব পাৰে। (নিৰ্মলপ্ৰভা বৰদলৈ)
তিনি/ কুশলে আছানে মোৰ কণমানিকণ?
আৰু মই, মোৰ গৰ্ভাৱস্থাক লৈ,
নতুন সগৰ্ভা শৰীৰটোক লৈ মই আছিলোঁ সুখী, উৎসাহী। সকলো শাৰীৰীক অসুবিধা নেওচি মই
উদযাপন কৰিছিলোঁ মোৰ জীৱনৰ আটাইতকৈ বিশেষ মাহকেইটা।
গৰ্ভাৱস্থাৰ সমান্তৰালভাবে
ক্ৰমান্বয়ে বাঢ়ি অহা উদৰৰ লগে লগে লাহে লাহে কমি আহিছিল লৰা-ঢপৰাবোৰ। মই যেন এটা
সম্পূৰ্ণ নতুন শৰীৰৰ মাজতহে বাস কৰিছিলোঁ। একেবাৰে শেষৰ ফালে, তৃতীয়টো ত্ৰৈমাসিকৰো
শেষলৈ, অৰ্থাৎ নমাহমাহ হওঁতে এনেকুৱা হয়গৈ যে মাটিত পৰি থকা বস্তু এটা তোলাটো,
ভৰিৰ আঙুলিৰ নখ কটা বা ভৰিত মোজা পিন্ধাটো, বা বিচনাত বাগৰ সলোৱাটোও হৈ পৰেগৈ
একো-একোটা হাৰকিউলেছেও কৰা বলে নোৱাৰা কাম ! এই ধৰা চুলিকোচা আচুৰি আছা আৰু ফণীখন
হাতৰ পৰা মজিয়াত পৰি গ’ল, সেইখন তোলাটোও এটা ডাঙৰ কাম।
কিন্তু গোটেই যাত্ৰাটোৰ
আৰম্ভণিৰে পৰা শেষলৈকে, সকলো সময়তে এটা কথা মনত আছিল, মোৰ মাজত আৰু এজন আছে। তেওঁক
ময়ে আহ্বান কৰিছোঁ। তেতিয়াও মোৰ গৰ্ভৰ অভ্যন্তৰতে যদিও মোৰ সত্ত্বা আৰু শৰীৰৰ অংশ
তেওঁ, যাক কুশলে ৰখা মোৰ কাম।। মই এই
কথাটো এক মূহুৰ্তৰ কাৰণেও মনৰ পৰা আঁতৰি যোৱা নাছিল। টোপনিৰ পৰা সাৰ পালে, বা আধা
টোপনিতো আলফুলে তলপেটটো চুই চাওঁ আৰু সোধোঁ, কুশলে আছানে মোৰ কণমানিকণ?
***
লেখকৰ ফোন- 9868023484 (আগলৈ)
