ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, একাদশ অধ্যায়
Verity : আকাশ ধিয়াই এখন খোলা তৰোৱাল
প্ৰায়ে অকলে হাতত গ্ৰীণ টী, কফী (একেবাৰে আৰম্ভণিৰ ফালে,
প্ৰথম ত্ৰিমাসিকটোত মোৰ প্ৰিয় কফী নোখোৱাকৈ আছিলোঁ) বা গৰম গাখীৰ একাপ লৈ আটোম-টোকাৰিকৈ
সজাই লোৱা মোৰ ছাদবাৰীৰ মই নিজে ডিজাইন কৰা লোহাৰ ঝুলনাখনত বহোঁ৷ কেতিয়াবা মোৰ লগত
থাকে মোৰ কিতাপ এখন বা কেতিয়াবা মোৰ লেপটপটো৷ প্ৰায়ো গান শুনোঁ৷ কেতিয়াবা একো নকৰি
দূৰলৈ চাই ৰওঁ, মোৰ ওপজাভূমি কোনটো দিশে ভাবোঁ৷ কেতিয়াবা কোনো পূৰ্বাবাৰ্তা নোহোৱাকৈ
গাটো বেয়া লাগে৷ কেতিয়াবা বেয়া লাগে মনটো৷ ক’বলৈ কোনো নাথাকে৷ কেতিয়াবা মোৰ মানুহজনলৈ
ফোন কৰোঁতে বহু সময়ত এনেকুৱা হয়, তেওঁ অটিৰ (Operation Theatre) ভিতৰত থাকে, অটিৰ কোনোবা
সহায়কাৰী একোজনে মোৰ ফোনটো উঠাই কয়, মেডাম, কিবা আৰ্জেন্ট আছিল নেকি? —নাই, একো নাই
বুলি কৈ ফোনটো থৈ দিওঁ৷ বুজি পাওঁ, অস্ত্ৰোপচাৰ টেবুলৰ ৰোগীৰ তেজেৰে লুতুৰি-পুতুৰি
গ্লাভ্ছ্ পিন্ধা হাত দুখনেৰে সেই মুহূৰ্তত তেওঁ ফোনটো ধৰিব পৰাত নাই৷ জানো, অকণমান
আহৰি পালেই তেওঁ ফোন কৰিবই৷ কিন্তু বহু সময়ত এনেকুৱা হয় যে তেওঁ ফোনটো কৰে মানে মোৰ
ক’বলগীয়া কথাটো আৰু ক’বলগীয়া হৈ নাথাকেগৈ৷ কিন্তু আক্ষেপ-অভিযোগ কৰিবলৈও একো নাথাকে৷
কাৰণ, নতুনকৈ দেউতাক হ’বলৈ ওলোৱা মানুহজনে মোৰ মনটো আৰু শৰীৰটোৰ সম্পূৰ্ণ যতন লয়, সৰু
সৰু কথাবোৰৰো ধ্যান ৰাখে৷ মোৰ দৰে তেওঁৰ কাৰণেও প্ৰতিটো অভিজ্ঞতাই আছিল নতুন৷ মোৰ যিটো
মাতৃত্বৰ যাত্ৰা, সেইটো তেওঁৰোতো পিতৃত্বৰ যাত্ৰা আছিল৷
আন সকলো গৰ্ভৱতী নাৰীয়ে যি বাটেৰে বাট বুলে, ময়ো ঠিক সেই
বাটেৰেই আগুৱাই গৈ আছিলোঁ৷ প্ৰেগনেন্সী হৰম’নবোৰৰ উঠা-নমা, অভাৱনীয় শাৰীৰিক
পৰিৱৰ্তন, খোৱা-শোৱাৰ যত্ন, খোজ কঢ়া, আসন্ন-প্ৰসৱাৰ নিয়মমাফিক স্বাস্থ্য পৰীক্ষা,
হস্পিটেলত ভালেকেইটা বেজীৰ খোঁচ — এইবোৰৰ মাজতে মোৰ পঢ়া, পঢ়ুওৱা, লিখা-মেলা, ছবি
অঁকা আৰু মোৰ নতুনকৈ পাতি লোৱা ছাদবাৰীখনৰ ফুল-পাতবোৰৰ সৈতে সময় কটোৱা একেধৰণে চলি
আছিল৷ সম্পূৰ্ণ সজ্ঞানে-সচিতে মই মোক ভালে ৰাখিবলৈ আৰু ভাল কাম কিছুমান কৰি
থাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ৷ সেই চেষ্টাত মই অধিকাংশ সফলো হৈছিলোঁ৷ কিন্তু তাৰ
মাজতে কিছুমান এনেকুৱা দিনো গৈছিল যে মই নিজকে নিজে পোহৰৰ ফালে জোৰকৈ চোঁচোৰাই টানি
আনিব লগা হৈছিল৷ কেতিয়াবা কল্পনা কৰিছিলোঁ, মোৰ আশে-পাশে ঘৰৰ মানুহবোৰ, মোৰ ওপজাভূমিৰ
মোৰ আপোন মানুহবোৰ মোৰ জীৱনৰ সেই বিশেষ নটা মাহত মোৰ কাষত থকাহ’লে…
মোৰ গৰ্ভাৱস্থাৰ ভালেখিনি সময় মই অকলেই কটাইছিলোঁ আৰু
একেবাৰে শেষলৈকে মই ছুটি লোৱাও নাছিলোঁ৷ মোৰ প্ৰাপ্য মাতৃত্বৰ ছুটিবোৰ (Maternity
Leave) মই সন্তান জন্মৰ পিছত খৰছ কৰিবলৈ বুলি সাঁচি ৰাখিছিলোঁ৷ যিমান দিনলৈকে মন
আৰু শৰীৰে টানে, কাম কৰি থাকিম বুলি সিদ্ধান্ত লৈছিলোঁ৷ যিহেতু মই শেষলৈকে সকলো
কাম কৰি থাকিব পাৰিছিলোঁ, মই বিশ্ববিদ্যালয়লৈও গৈ থাকিছিলোঁ আৰু আমাৰ কণমানিকণ
জন্মৰ আগদিনালৈকে মই বিশ্ববিদ্যালয়লৈ নিয়মীয়াকৈ গৈ আছিলোঁ৷ বিশ্ববিদ্যালয়ত থকা
সময়খিনি ছাত্ৰ-ছাত্ৰী, সহকৰ্মী বা আমাৰ কাৰ্যালয়ৰ কৰ্মীসকলে মোক অনবৰতে সহায় কৰে৷
কিন্তু ঘৰত থকা সময়খিনিত মোৰ ঘৰুৱা সহায়িকা থাকে যদিও তেওঁলোক অনবৰতে নাথাকে৷ মোৰ
খোৱা-বোৱাৰ যোগাৰ কৰি, ঘৰটো চাফা-চিকুণ কৰি নাতিদূৰত থকা নিজৰ ঘৰলৈ গুচি যায়৷
মানুহজনৰ চিকিৎসালয় যিহেতু ঘৰৰ পৰা বেছ দূৰত, মই ভালেখিনি সময় অকলেই কটাইছিলোঁ৷
আৰু সেয়ে অকলে থকা সময়খিনিত মই আৰু বেছি সাৱধানে থাকিবলৈ চেষ্টা কৰিছিলোঁ৷ পাছে
তাৰ মাজতে মোৰ ছাত্ৰ-ছাত্ৰীবোৰ মোৰ ঘৰলৈ আহি থাকিছিল আৰু আমি বৰ ভাল সময় কিছুমান
কটাইছিলোঁ৷
আমাৰ
বিশ্ববিদ্যালয়ৰ পৰিসৰৰ একেবাৰে ওচৰতে আমাৰ ভাতঘৰ এখন আছে৷ সেয়া চন্দন দা আৰু
দীপশিখা বৌৰ ঘৰ৷ তেওঁলোক থাকে দৌলতৰাম কলেজৰ চৌহদতে থকা শিক্ষক আৱাসত৷ বৌ ড° দীপশিখা
মহন্ত বৰতামূলী সেইখন কলেজৰে ইংৰাজী বিভাগৰ অধ্যাপক৷ তেওঁলোক ল’ৰা-ছোৱালীহাল আমাৰ চকুৰ
সমুখতে ডাঙৰ হোৱাৰ দৰে৷ চন্দন দা চিকিৎসক৷ বহু সময়ত মই সৰু-সুৰা ইটো-সিটো বিক্ৰমক
সোধাতকৈ বা মোৰ ঘৰৰ আনকেইজন ডাক্তৰক সোধাতকৈ দাদাকে সোধোঁ৷ সেইটো মোৰ বেছ পুৰণি
অভ্যাস৷ আমি দুয়ো যেতিয়া বিয়াৰ পাছত অসমৰ পৰা উভতি আহিছিলোঁ, দাদাই বাৰে বাৰে সুধি
আছিল আমাৰ ফ্লাইটৰ সময়ৰ কথা৷ আমাৰ সন্ধ্যাৰ ফ্লাইট আছিল৷ আমাৰ বিমান দিল্লীত অৱতৰণ
কৰাৰ সময় আছিল ৰাতি৷ ৰাতিখন দাদাই আমাক বিমানবন্দৰৰপৰা আনিবলৈ যাব বিচাৰিছিল৷ আমি
বুজি পোৱা নাছিলোঁ, সেয়া কিয়নো কৰিব লাগে? আমিতো আগৰে পৰা দিল্লীতে থাকোঁ, মাত্ৰ
এসপ্তাহৰ ছুটি লৈ বিয়াখনৰ কাৰণেহে অসমলৈ গৈছিলোঁ৷ আমাক আনিবলৈনো আকৌ কিয় ইমান দূৰ
গাড়ী চলাই বিমানবন্দৰলৈ যাব লাগে? কিন্তু মানা কৰা স্বত্ত্বেও দাদা গৈ ৰাতিখন ৰৈ
আছিল৷ তেওঁ নিজৰ গাড়ীৰে আমাক লৈ আনিছিলেগৈ, আৰু কৈছিল, আগৰ কথা বেলেগ৷ এতিয়া
তোমালোক নতুন দৰা-কইনা৷ মই ককায়েকটো থাকোঁতে নিজে গৈ আদৰি নানিলে কেনেকৈ হ’ব? মই
দৰক লাগি তেওঁৰ মুখলৈ চাই ৰ’লোঁ৷ এই যেন চকু দুটা মোৰ সেমেকি উঠিব৷ সেই সময়ত মোৰ
কোৱাৰ্টাৰ আছিল মুখাৰ্জী নগৰত৷ বিমান বন্দৰৰ পৰা আমাৰ নৰ্থ কেম্পাছ পাবলৈ এক-ডেৰঘণ্টা
লাগি যায়৷ কিন্তু কেম্পাছ পোৱাৰ পাছত দেখিলোঁ দাদাই গাড়ীখন মুখাৰ্জী নগৰৰ পালে
নুঘূৰাই দৌলতৰাম কলেজৰ ফালেহে পোনাইছে৷ তেওঁ পুনৰ হাঁহি ক’লে, নতুন দৰা-কইনাক
আদৰিবলৈ বৌৱেকো ৰৈ আছে নহয়৷ তোমালোকক কি মই পোনে পোনে মুখাৰ্জী নগৰত থৈ আহিম বুলি
ভাবিছিলা? দুৱাৰ খুলি ৰাখি আমাৰ কাৰণে বৌ আমালৈ ৰৈ আছিল৷ মুখত তেওঁৰ কেতিয়াও লগ
নেৰা হাঁহিটো৷ হাঁহৰ মঙহ আৰু বিধে বিধে ব্যঞ্জনেৰে ৰে ভাত খুৱাই আমাক বিয়াৰ উপহাৰ
দি সেইদিনা দাদা আৰু বৌৱে আমাক যেন নেদেখা চেনেহ-জৰী এডালেৰে বান্ধিহে পেলাইছিল৷ তেওঁলোকৰ
সেই আদৰেই প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰাইছিল, অসমৰ পৰা আমি এটা নতুন পৰিচয় লৈ সেইবাৰ
উভতি আহিছিলোঁ৷ আমি বিবাহপাশত সোমালোঁ, আমি স্বামী-স্ত্ৰী হ’লোঁ৷ দাদাৰ সেই
কথাকেইষাৰ আৰু তেওঁলোক দুজনৰ সেই আদৰণি পৰ্ব কেতিয়াও পাহৰিব নোৱাৰিম বুলি বেলেগকৈ
আৰু নক’লেও হয়৷
গৰ্ভাৱস্থাৰ সেই অলকশৰীয়া
দিনবোৰত মোৰ এটা ডাঙৰ সকাহ আছিল এই দাদা-বৌৰ উপস্থিতি৷ হয়তো নিতৌ ফোন নকৰিব পাৰোঁ,
হয়তো সঘনাই নাযাব পাৰোঁ, কিন্তু তেওঁলোক আছে— এই ভাবটো সদায়ে আমাৰ কাৰণে এক
আশ্বাস, এক নিশ্চিতি৷ কিন্তু এদিন হঠাতে কোনো আগজাননী নিদিয়াকৈ এজাক ধুমুহা আহিল৷
এদিন সন্ধ্যা দাদাই বিক্ৰমলৈ ফোন কৰিলে৷ তেওঁলোকৰ কথাৰ সুৰ আছিল আগতে কেতিয়াও
নুশুনা ধৰণৰ৷ বিক্ৰমৰ কপালত উদ্বেগৰ ৰেখাবোৰ চিনি পাই মোৰ উচ্-পিচ্ লাগিছিল৷ কি
হ’ল? কি কথা পাতিছে? ফোনটো ৰাখি বিক্ৰম অলপ সময় শান্তভাৱে ৰৈ থাকিল৷ ময়ো তেওঁ কিবা
কোৱালৈ ৰ’লোঁ৷ মোৰ ফালে চাই হঠাতে সুধিলে, তোমাৰ গাটো ঠিকে আছেতো?
—অঁতো৷ মই ঠিকে আছোঁ৷ কিয়?
—তেনেহ’লে ওলোৱাঁচোন ব’লা, চন্দনদাহঁতৰ
ঘৰৰ পৰা আহোঁগৈ৷
আমি যেনেকৈ আছিলোঁ প্ৰায়
তেনেকৈয়ে আমি দাদাহঁতৰ ঘৰ পালোঁগৈ৷ বৌৰ অসুখ এটা ধৰা পৰিছে৷ চিন্তনীয়? কিমান
চিন্তনীয়? নাজানো৷ আমি গৈ পাওঁ মানে দাদা-বৌৰ ঘৰৰ পৰিৱেশটো আছিল গোমা৷ কিন্তু বৌৰ
মুখত হাঁহিটো মোলানকৈ হ’লেও তেতিয়াও লাগি আছিল৷ তাতে মিতালী বা আৰু উচ্চজিৎ দাও
আছিল৷ ৰিপৰ্টবোৰ হাতত লৈ দাদা আৰু বিক্ৰমে ‘এতিয়া কি কৰা যাব’ কথা পাতিলে৷ বিক্ৰমে
তেওঁৰ থেছিছৰ তত্ত্বাৱধায়ক ডা° গীতা কাড়য়াপ্ৰথ মেমৰ লগতো কথা পাতিলে৷ গোমা আৰু গধূৰ
মন একোটা কঢ়িয়াই ঘৰলৈ উভতি আহিছিলোঁ৷ এই হাঁহিমুখীয়া সাদৰী মানুহজনীয়ে কোনো অসুখৰ
নামত এধানিমান কষ্ট পোৱাটো আমি কোনোৱে বিচৰা নাছিলোঁ৷ তেওঁ মনে মনে চিন্তা কৰিছিল
তেওঁৰ অসুখৰ নামত তেওঁৰ ছাত্ৰীবোৰৰ যাতে অসুবিধা নহওক, তেওঁৰ স্কুলীয়া ল’ৰা-ছোৱালীহালৰ
যাতে অসুবিধা নহওক৷ আৰু দাদা? সকলোকে সাহ দিয়া মানুহজনক সেইদিনা প্ৰথমবাৰৰ কাৰণে
ইমান বিচলিত হোৱা দেখিছিলোঁ৷ তেওঁৰ চকু দুটাই তেওঁৰ উদ্বেগ আৰু দুশ্চিন্তাৰ ডাৱৰৰ
গধূৰ জোলাবোৰ লুকুৱাই ৰাখিব পৰা নাছিল৷
খুব সোনকালেই দীপশিখা বৌৰ চিকিৎসা আৰম্ভ হ’ল৷ তেওঁৰ এটা জটিল
অস্ত্ৰোপচাৰো হৈ গ’ল৷ দিনবোৰ যিমানে বাগৰিলে, মোৰ গাটোও লাহে লাহে আৰু গধূৰ হৈ গৈ
থাকিল৷ কিছুদিনৰ পাছত বৌৰ মাক অসমৰ পৰা আহি তেওঁলোকৰ লগতে থাকিল৷ মিতালী বা,
উচ্চজিৎ দাহঁত থাকেই৷ বিক্ৰমে নিয়মীয়েকৈ বৌক চাবলৈ, তেওঁৰ অস্ত্ৰোপচাৰজনিত যত্ন
ল’বলৈ গধূলি যায়৷ প্ৰতিবাৰতে ময়ো লগতে যাওঁ৷ আমি ৰাতিলৈকে তাতে থাকোঁ৷ বৌৰ মাকক লগ
পায়ো মোৰ ভাল লাগে৷ তেওঁ মোৰ বাঢ়ি অহা উদৰলৈ চাই ইটো-সিটো উপদেশ দিয়ে, বাঢ়ি অহা উদৰৰ
কাৰণেই তেওঁ যেন মোক অকণমান বেছিকৈ আদৰ-সাদৰ কৰে৷ মোৰ ভাল লাগে৷ ইমান প্ৰতিকূল
পৰিৱেশত হ’লেও মাৰ দৰে অগ্ৰজ কাৰোবাৰ সান্নিধ্য যে অন্ততঃ মই পাইছিলোঁ৷ —তুমিনো
কিয় কষ্ট কৰি আহিব লাগে? ইহঁতবোৰ চব আছেই দেখোন৷ তুমি অকণ আৰাম কৰিবা আকৌ৷ দিনটোও
তোমাৰ ক্লাছ-পাতি কৰি কষ্টই হয়চোন৷ মই হাঁহো৷ হ’ব দিয়ক, বৰমা, কাইলৈ বাৰু মই
নাহোঁ, বিক্ৰম অকলেই আহিব৷ মই তেনেকৈ কওঁ, কিন্তু বিক্ৰমৰ লগতে প্ৰিয় মানুহঘৰলৈ
পাছদিনা পুনৰ গৈ ওলাওঁ৷
মোৰ গৰ্ভাৱস্থাৰ সেই সময়চোৱাৰ
ভিতৰত মোৰ ভনীজনীৰ সেই অপঘটনাটোৰ পাছত বৌৰ অসুখৰ এই অতিশয় অবাঞ্ছিত খবৰটোৱে মোক
মোক বৰকৈ মনোকষ্ট দিছিল৷ গোপনে কোনোবাখিনিত এটা স্বাৰ্থপৰৰ দৰে মোৰ এটা দুঃশ্চিন্তাও
আছিল, এতিয়া মোৰ এই সময়ত মোৰ নিজৰ গৰ্ভাৱস্থাৰ কিবা অসুখ-অসুবিধাৰ কথা ক’বলগা হ’লে
দাদা-বৌক কেনেকৈ কোন স’তে ক’ম? মোৰ কিবা এটা প্ৰয়োজন হ’লেই তেওঁলোক দুজন আছে বুলি
থকা চিৰন্তন নিশ্চিতিটোক যেন পৰিস্থিতিয়ে দুৰ্বল কৰি তুলিছিল৷ তেওঁলোকে যে নিজেই এখন
অসুখৰ বিৰুদ্ধে যুঁজ যুঁজি আছিল৷ মোৰ এই স্বাৰ্থপৰ মনৰ ভাবটোৰ কাৰণে অলপমান
অনুশোচনাও উপজিছিল যদিও সেই ভাবটো যে মোৰ মনলৈ আহিছিল, সেই কথা সঁচা আছিল৷
শেষলৈকে বিক্ৰমৰ সৈতে ময়ো দাদা-বৌৰ ঘৰলৈ গৈ থাকিলোঁ৷ মৰমীয়াল
বৰমাৰ সান্নিধ্যও পাই থাকিলোঁ৷ গৰ্ভাৱস্থাৰ গোটেই সময়চোৱাত এই মাত্ৰ এগৰাকীয়েই মাৰ
দৰে মানুহৰ সান্নিধ্য অলপ হ’লেও মই পাইছিলোঁ৷ কিন্তু সেই সময়চোৱাত দা-বৌহঁতৰ আৰু মোৰেই
শুভচিন্তক এগৰাকীয়ে কোৱা কথা এষাৰো মই পাহৰা নাই৷ তেওঁ মোক মোৰ সেই পূৰ্ণগৰ্ভা
অৱস্থাত “অপাৰেশ্বন হোৱা অসুখ হোৱা মানুহৰ ওচৰলৈ মই গৈ থকাটো ভাল হৈছেনে” ধৰণৰ কথা
এষাৰ ক’ব বিচাৰিছিল আৰু তেওঁৰ কথাষাৰ শিলিখা খাই ফুঃ কৈ গুটিটো দলিয়াই দিয়াৰ দৰে
দলিয়াই দিছিলোঁ৷ মই সাধাৰণতে যুক্তি-তৰ্ক কৰাৰ দৰে “কিয়, মহিলা চিকিৎসক এগৰাকী
গৰ্ভৱতী হ’লে ‘অপাৰেশ্বন হোৱা, অসুখ হোৱা মানুহ’ৰ ওচৰলৈ নোযোৱাকৈ থাকিব নেকি” ধৰণৰ
কথা সুধি মুখ পাতি ধৰাও নাছিলোঁ৷ মানুহগৰাকীৰ উদ্দেশ্য নিশ্চয় একো অসৎ নাছিল
বুলিয়েই ধৰি লৈ তেওঁৰ কথাষাৰ মোৰ কাণৰ সমান্তৰালকৈ থকা অনখন কাণেৰে উলিয়াই দিছিলোঁ৷
গৰ্ভাৱস্থাৰ সময়চোৱাত অৱশ্যে মোৰ মৰমৰ সৰু মাহীয়েও “তুমি বিক্ৰমৰ কিতাপবোৰ কিন্তু এনেকুৱা
সময়ত একদম খুলি নাচাবা দেই” বুলি সকিয়নি দিছিল৷ মই হাঁহিছিলোঁ৷ মাহীৰ সংশয় মই বুজি
পাইছিলোঁ৷ বিক্ৰমৰ কিতাপবোৰৰ পাতবোৰ কৰ্কটৰোগ শল্য চিকিৎসাৰ ভয়লগা ছবি কিছুমানেৰে
ভৰি থাকে৷ সেইবোৰ দেখি ‘এইবোৰ চাব নোৱাৰি দেই’ বুলি এদিন মাহীয়ে মুখ বিকটাইছিল৷
সেয়া আছিল মোৰ গৰ্ভাৱস্থাৰ আগৰ কথা৷ আমি মৌৰিস নগৰৰ নতুন কোৱাৰ্টাৰ পোৱাৰ পাছতে
মাহী আমাৰ ঘৰলৈ জীয়েকৰ সৈতে ফুৰিবলৈ আহিছিল৷—আৰু মই নিজে ডাক্তৰ হোৱা হ’লে? তাতে
যদি দিনে কটা-চিঙাই কৰিবলগা হোৱা চাৰ্জন হোৱা হ’লে? ফোনৰ সিপাৰে মাহীৰ পোন্দোৱা
চাৱনিটো কল্পনা কৰি মই আমোদ পাওঁ৷ এইজনী সৰুমাহী আমাৰ বৰ মৰমৰ৷ মোৰ গৰ্ভাৱস্থাত
মোৰ ওচৰলৈ আহিব নোৱাৰি তেওঁ আক্ষেপ কৰিছিল৷ তাৰ মাজতে তেওঁৰ কন্যাই অৱশ্যে তাইৰ
কলেজৰ এক্সাৰছনত আহি মোকো চাই গৈছিলহি৷
গৰ্ভাৱস্থা
বাঢ়ি অহাৰ লগে লগে যিমানেই মোৰ উদৰৰ আকাৰ লাহে লাহে বাঢ়ি আহিছিল, মই এটা বিশেষ ভাস্কৰ্যৰ
কথা বৰকৈ ভাবিবলৈ লৈছিলোঁ৷ যেতিয়াই মোৰ অৱশ লাগে, গাটো বেয়া লাগে, অকলেই কাম
কিছুমান কৰি থাকোঁ, খোজবোৰো গধূৰ হয়, তেতিয়াই মই এই বিশেষ মূৰ্তিটোৰ কথা মনলৈ
আনিছিলোঁ৷ কিছুদিনৰ কাৰণে এইটো মোৰ লেপটপত স্ক্ৰীণ চে’ভাৰ কৰিও ৰাখিছিলোঁ৷ বিশেষ
মূৰ্তিটোৰ নাম ‘Verity’, যাৰ অৰ্থ সত্য বা বিশ্বৰ সত্য৷ বৃটিছ শিল্পী ডেমিয়েন
হাস্তৰ এই মূৰ্তিটো ইংলেণ্ডৰ উত্তৰ ডেভঁন উপকূলত আছে৷ এই মূৰ্তিটোৰ ভিন ভিন দিশৰ
পৰা তোলা ছবিবোৰ মই খুঁটিয়াই খুঁটিয়াই চাই থকাোঁ৷ সেইটো কেতিয়াবা সঁচাকৈয়ে এবাৰ
স্বচক্ষে চাবলৈ মোৰ বৰ মন যায়৷ সাগৰৰ পাৰত থকা এই সুবিশাল মূৰ্তিটো এগৰাকী
পূৰ্ণগৰ্ভা নাৰীৰ৷ সাগৰৰৰ ফালে মুখ কৰি থকা, বিশ মিটাৰতকৈও ওখ, ষ্টেইনলেছ ষ্টীলেৰে
গঢ়া এই সগৰ্ভা নাৰী প্ৰতিমাটোৰ সোঁহাত আকাশৰ দিশে পোনকৈ আছে৷ দৃঢ় হাতৰ মুঠিত এখন থিয়
খোলা তৰোৱাল৷ আনখন হাতত আছে ন্যায়ৰ প্ৰতীক তুলাচনী এখন৷ সামান্য মেলা দুভৰিৰে
ৰাজহাড় পোন কৰি থিয় হোৱাৰ ভংগীমাত প্ৰচণ্ড আত্মবিশ্বাস৷ এটা দিশৰ পৰা দেখা পোৱা
যায় পূৰ্ণৰূপ পোৱা তেওঁৰ গৰ্ভস্থ সন্তান৷ একেটা দিশতে দেখা যায় তেওঁৰ শৰীৰৰ সমস্ত
এনাটমী, চৰ্ম বিদাৰিত মাংসপেশী, দুগ্ধবাহী স্তন, অস্থি-সকলো৷ কোনো বস্ত্ৰ বা
আচ্ছাদন শৰীৰত নাই, নাই কোনো আ-অলংকাৰ, কেশসজ্জা৷ মূৰ্তিটোৰ প্ৰতীকী অৰ্থবোৰৰ
বিশ্লেষণ অলেখ৷ কিন্তু মোৰ সদায়ে দুটা কথাই চকুত পৰে, আকাশ ধিয়াই ধৰি থকা খোলা
তৰোৱালখন আৰু গৰ্ভস্থ সন্তানটি৷ কিজানি অধিকাংশ চাওঁতাৰে এই দুটাই প্ৰথমে চকুত
পৰিব৷ কেতিয়াও নিজ চকুৰে নেদেখা, অথচ মোৰ প্ৰিয় এই মূৰ্তিটোৰ মাজত মই নিজকে কল্পনা
কৰি শক্তি পাইছিলোঁ৷ নিজৰ গৰ্ভৱতী সত্ত্বাটো মোৰ আটাইতকৈ শক্তিশালী যেন লাগিছিল৷
… আৰু যেতিয়া
বৌৱে তেওঁৰ অসুখৰ যুঁজখন যুঁজি আছিল, মই তেওঁক মুখ ফুটাই কেতিয়াও কোৱা নাছিলোঁ
যদিও মনে মনে ভাবিছিলোঁ, সেইখন তৰোৱাল আপোনাৰ হাততো আছে, আপুনি কেতিয়াও নাহাৰে৷
তাৰ কেইবাবছৰৰো আগতে বৌ যেতিয়া তেওঁৰ দ্বিতীয় সন্তানৰ সৈতে গৰ্ভৱতী আছিল, তেওঁৰ
পূৰ্ণগৰ্ভা সৌন্দৰ্য মোৰ মনত আছিল৷
ধুনীয়া আৰু মেধাৱী মানুহগৰাকী
হৰা নাছিল৷ তেওঁ তেওঁৰ অসুখক কাবু কৰিব পাৰিছিল৷
কিজানি প্ৰতিগৰাকী মাকেই
ডেমিয়েন হাস্তৰ Verity, প্ৰতিগৰাকী মাকেই খোলা
তৰোৱাল হাতত তুলি আকাশ ধিয়াব পাৰে৷ ৰাজহাড়
পোন কৰি প্ৰচণ্ড আত্মবিশ্বাসেৰে ওখ, বহুত ওখ হৈ থিয় দি ৰ’ব পাৰে৷
(আগলৈ)
***
(লেখকৰ ফোন- ৯৮৬৮০২৩৪৮৪)
