ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, দশম অধ্যায়
দুটা কলিজাৰ ঢুক্-ঢুক্
এক/ কোমল টোকৰটো বাঢ়ি গৈ গৈ…
তাৰিখটো মই লিখি ৰাখিছিলোঁ,
পোন্ধৰ আগষ্ট, দুহেজাৰ সোতৰ। সেইদিনা বিক্ৰম ঘৰতে আছিল। আনদিনা হোৱা হ’লে তেওঁ সেই
সময়ত হস্পিটেলত থকাৰে কথা। কিন্তু সেইদিনা স্বাধীনতা দিৱস বুলি তেওঁ ঘৰত। মোৰো
বিশ্ববিদ্যালয় বন্ধ। ছাদলৈ গৈ আকাশত চিলা উৰা চাবলৈ মই তেওঁক হাতত ধৰি টানি নিয়াৰ
দৰে লৈ গৈছিলোঁ। টিভিত স্বাধীনতা দিৱসৰ অনুষ্ঠান চাই থকাৰ পৰা উঠো-নুঠোকৈ তেওঁ উঠি
আহিছিল। ইতিমধ্যে মই ছাদবাৰীখন ভালেখিনি সজাই লৈছোঁ। তাত মই নিজে অঁকা আৰ্হিৰে তৈয়াৰ
কৰোৱাই এখন ৰঙা ঝুলনা আনি ৰাখিছোঁ। ভালেকেইটা গাম্লাও গোট খুৱাইছোঁ। তাত লগাইছোঁ
পাতফুল, ফুল, পদিনা, নেমু, চীনাকমলা…
গৰ্ভাৱস্থাৰ প্ৰথম ষাণ্মাসিকটো মই খুউব সাৱধানে চলিছিলোঁ যদিও ছাদবাৰীখন
সজোৱাৰ কাম তেনেকৈয়ে অলপ অলপকৈ কৰি আছিলোঁ। দ্বিতীয় ষান্মসিকটো আৰম্ভ হোৱাৰে পৰা
মই পুনৰ ইফালে-সিফালে গৈ কৰিবলগা কামবোৰ অকলেই কৰা আৰম্ভ কৰিছিলোঁ। পোন্ধৰ আগষ্টৰ
দিনা দিল্লীৰ আকাশ ৰং-বিৰঙী চিলাৰে ভৰি পৰে। সকলোৱে চিলা উৰুৱাই আনন্দ কৰে।
সেইদিনাৰ আকাশতো অনেক চিলা। আৰু ঠিক সেইদিনাই ৰঙীন চিলাবোৰ চাই ছাদবাৰীৰ ঝুলনাখত বহি
থাকোঁতে আটাইতকৈ ধুনীয়া এটা ঘটনা ঘটিল।
প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলোঁ,
মোৰ উদৰৰ ভিতৰত কোনোবাই যেন অকণমানি টোকৰ এটা মাৰিছে। পখিলা পাখিৰ ঢপ্ঢপনিৰ দৰে
কিবা এটা। মই দৰক লাগি ৰ’লোঁ। হাতখন পেটত ৰাখিলোঁ। এয়াই নেকি সেয়া? গৰ্ভস্থ
সন্তানে প্ৰথমবাৰৰ কাৰণে লঠিওৱাৰ অনুভৱ? ওহোঁ, এয়াতো ‘লাঠ’ নহয়, কোমল মুঠিৰে টোকৰ
এটাহে যেন। নাই, তাৰ পাছত কোনো সাৰ-সুৰ নাই। কিজানি মোৰ ভ্ৰমেই আছিল সেয়া বুলি
নিশ্চিত হ’বলৈ ধৰোঁতেই আকৌ সেই টোকৰ। এইবাৰ আৰু অলপ স্পষ্ট। আহ্লাদ নে আশ্চৰ্যত মই
যেন চিঞৰিয়েই দিম! কিন্তু মই মূক হৈহে ৰ’লোঁ। এইবাৰ বিক্ৰমক ক’লোঁ, প্ৰথমতে তেৱোঁ
একো ধৰিব পৰা নাছিল। কিন্তু পাছত তেৱোঁ মোৰ সেই বৰ্ণনাতীত অভিজ্ঞতাৰ অংশীদাৰ হ’ল।
সেই যে আৰম্ভ হ’ল, তাৰ পাছত প্ৰসৱলৈকে সেই পৰিক্ৰমা চলি থাকিল। পাছলৈ কোমল টোকৰটো
বাঢ়ি গৈ গৈ সঁচাকৈয়ে এদিন সেয়া আক্ষৰিক অৰ্থতে ‘লাঠ’ৰ ৰূপ ল’লেগৈ। মোৰ স্ফীত উদৰত
হাত ৰাখিলে সন্তানে ‘লঠিওৱা’ স্পষ্টকৈ অনুভৱ কৰাই নহয়, কোনো কোনো সময়ত লাহেকৈ
শুই-বহি চালে সেয়া দেখা পোৱাও হ’ল।
কিন্তু যিদিনা এই আটাইতকৈ
ধুনীয়া ঘটনাটো ঘটিছিল, এই বিষয়ে মই প্ৰথমবাৰৰ কাৰণে জানিব পাৰিছিলোঁ, সেই দিনটোতে
মোৰ আটাইতকৈ বেছি দুখো লাগিছিল। কাৰণটো কৈ আছোঁ। ইতিমধ্যে মোৰ ভনীজনীৰ পুনৰবাৰ
গৰ্ভ নষ্ট হোৱাৰ অপঘটনাটো ঘটিছে। তাইৰ সেই খবৰটোৰ পোৱাৰ দিনাৰ দুখতকৈ বহু বেছি
যাতনা পাইছিলোঁ, কষ্ট পাইছিলোঁ। (এই কথাবোৰ মই ‘এদিন আধা ৰাস্তাতে’ শিৰোনামৰে
ইতিমধ্যে লিখিছোঁ) সেইদিনা, পোন্ধৰ আগষ্টৰ দিনা মই প্ৰথমবাৰৰ কাৰণে মোৰ সন্তানে
মোৰ পেটত ‘লঠিওৱা’ অনুভৱ কৰাৰ দিনটো আছিল মোৰ ভনীজনীৰ ওপজা দিন! (তাইৰ নাম আইতামাই
সেইকাৰণেই ‘স্বাধীনতা’ ৰাখিছিল।) মোৰ গৰ্ভাৱস্থাৰ যাত্ৰাটোৰ কিছুদূৰ বাট যে মই মোৰ
ভনীজনীৰ সৈতে একেলগে হাতে-হাত ধৰি আগ বাঢ়িছিলোঁ, আৰু তাই যে মোৰ হাত আধা ৰাস্তাতে
এৰি দি বহি পৰিছিল… তাইৰ গৰ্ভপাত নোহোৱাহ’লে অলপ অগা-পিছাকৈ বা একে সময়তে মোৰ দৰে
তাইৰোতো গৰ্ভস্থ সন্তানে প্ৰথম লঠিওৱাৰ এই অভিজ্ঞতা হ’লহেঁতেন। আস্, মইতো নহয়,
মোতকৈয়ো আগৰে পৰা তাইহে অতি আকুলতাৰে সন্তান কামনা কৰিছিল। আগতেও তাই গৰ্ভনষ্ট
হোৱাৰ অত্যন্ত কষ্টকৰ প্ৰক্ৰিয়াটোৰ মাজেৰে গৈছিল। তাইৰে লগতেনো লগত বাৰে বাৰে কিয়
এনে হ’ব লাগিছিল বুলি মনলৈ অহা ভাবটোৰ কোনো মূল্য নাই বুলি জানিলেও সেই ভাবটোৱে
মূৰত বাৰে বাৰে খুন্দিয়াইছিল।
কোনো উপমাৰে প্ৰকাশ কৰিব নোৱাৰা
উলাহ আৰু একে সময়তে গুলুম মাৰি ধৰা দুখে মোক পোন্ধৰ আগষ্টৰ সেই বিশেষ দিনটো আৱৰি
ৰাখিলে। মই আনন্দ কৰিলোঁ, মই দুখো কৰিলোঁ। কিন্তু ঘৰলৈ উছাহেৰে ফোন কৰি সেইদিনাই
এই ধুনীয়া কথাটো ভগাই ল’ব নোৱাৰিলোঁ।
দুই/ মোৰ মাজত দুটা কলিজাৰ স্পন্দন
হয়, মোৰ মাজত দুটা কলিজা একেলগে স্পন্দিত হৈছিল।
গৰ্ভাৱস্থাত মোৰ নিজৰ হৃদ্পিণ্ডৰ ঢুক্-ঢুক্ ধ্বনিৰ সৈতে যোগ হৈছিল আৰু এটা
কোমল, দ্ৰুত ঢুক-ঢুক শব্দ। সাধাৰণতে গৰ্ভাৱস্থাৰ পাঁচ-ছয় সপ্তাহমানৰ পৰা ভ্ৰণৰ
হৃদপিণ্ড অধিক বিকশিত হয় আৰু তাৰ স্পন্দন আৰম্ভ হয়। পাছলৈ গৰ্ভস্থ শিশুটিৰ বিকাশৰ
বিভিন্ন স্তৰত শাৰীৰিক বিকাশৰ লগতে এই স্পন্দনৰ আধাৰতো চিকিৎসকে কেইবাটাও
প্ৰয়োজনীয় পূৰ্বপ্ৰসৱকালীন পৰীক্ষাও কৰে।
হয়, মোৰ এই তেনেই সাধাৰণ, অনিত্য, ভংগুৰ জীৱনৰ এচোৱা
সময়ত এনে এটা অসাধাৰণ ঘটনাও ঘটিছিল।
… নিজৰ
গৰ্ভস্থ সন্তানে লঠিওৱাৰ অনুভৱ কেনে, নিজৰ মাজত একে সময়তে দুটাকৈ তেজ-মঙৰ কলিজা
স্পন্দিত হোৱা বুলি জানি থকাৰ অনুভৱ কেনে, এই কথা মইনো কোন, এই গোটেই পৃথিৱীৰ কোনোৱেই
কিজানি কেতিয়াও কৈ বা লিখি প্ৰকাশ কৰিব নোৱাৰিব।
তিনি/ চিলভিয়া প্লাথ আৰু নীলিম কুমাৰৰ বিশেষ কবিতাকেইটাৰ
কথা
চিলভিয়া প্লাথৰ এটা নশৰীয়া
কবিতা আছে, Metaphors. কবিটাটোৰ শাৰীবোৰত গৰ্ভাৱস্থাৰ ভিন ভিন ৰূপকৰ ব্যাপক
ব্যৱহাৰ। কবিতাটোত শাৰীও আকৌ আছে গণি গণি নটা, গৰ্ভত সন্তান ধাৰণৰ নটা মাহক প্ৰতিনিধিত্ব কৰি।
(অৱশ্য সেই সময়চোৱা নমাহ নে দহমাহ, সেই দোমোজাৰ কথা) গৰ্ভাৱস্থাৰ কথাবোৰ লিখি
থাকোঁতে কবিতাটোৰ কথা মনত নপৰি নোৱাৰে। তাতে প্লাথ মোৰ প্ৰিয়। যেতিয়া মোৰ কণমানিকণ
মোৰ গৰ্ভত আছিল আৰু মোৰ শৰীৰে ন ৰূপ লৈছিল, তেতিয়াও এই কবিতাটো মই আমোদ আৰু
কৌতুকেৰে মনত পেলাইছিলোঁ। সেই যে কবিতাটোত আছে, “a melon strolling on two
tendrils”, নহয়নো কি, পূৰ্ণ গৰ্ভাৱস্থাৰ পূৰঠ জৰায়ুৰে ভৰুণ উদৰ a melon, তৰমুজ এটা
যেনেই হৈ পৰে! কিন্তু কি আশ্চৰ্য সুন্দৰ হৈ উঠে গা-ভাৰী মাকজনীৰ শৰীৰটো! যেন
অদৃশ্য যাদুকাঠিৰে চুই তৰাৰে ভৰি পৰে। গধূৰ খোজ, ভাগৰুৱা চকু, আৰু তাতেই যে
পখিলাবোৰ উৰে!
চিলভিয়া প্লাথৰ কবিতাটোত এবাৰো
ক’তো ‘pregnant’ বা ‘pregnancy’ শব্দটোৰ এবাৰো ব্যৱহাৰ নকৰাকৈয়ে প্লাথে কৈ যায়
গৰ্ভৱস্থাৰ কথা, গৰ্ভৱতীৰ কথা। আৰম্ভ কৰে নিজৰ কথাৰেই, “I’m a riddle in nine line
syllable”. সেই ৰিড্ল্ বা সাঁথৰটো পাঠকে ভাঙি গ’লেই পাই যায় উত্তৰটো, কবিতাটো
লিখাৰ সময়ত চিলভিয়া প্লাথৰ প্ৰথম সন্তান ফ্ৰিডা তেওঁৰ গৰ্ভত আছিল। নিজৰ
গৰ্ভাৱস্থাত নিজকে উদ্দেশ্যি লিখা এই কবিতাটোৰ উপৰিও নিজৰ গৰ্ভস্থ সন্তানক
উদ্দেশ্যিও প্লাথৰ এটা কবিতা আছে, You’re, এইটো কবিতাটোও তেওঁ সচেনতভাৱে ন
শাৰীৰ গঠনটো পংক্তিত বান্ধিছে আৰু সেইটো শতিকাৰ পৰা এইটো শতিকালৈকে পাঠকক মুগ্ধ
কৰিব পৰা নিটোল কবিতা এটা দি গৈছে। সন্তান ওপজাৰ পাছৰ অভিজ্ঞতাৰেও প্লাথে আৰু
কবিতা লিখিছে। সেইবোৰ আলোচনা বাৰু পাছে-পৰেও কৰিম। কিন্তু ইয়াত বিশেষকৈ মেটাফৰ
আৰু য়ু(আ)ৰ কবিতা দুটাৰ কথা লিখাৰ আৰু এটা কাৰণ আছে। এই দুটা পঢ়িয়েই মই মোৰ
গৰ্ভাৱস্থাৰ কথাবোৰো নটা বা দহটা অধ্যায়ত লিখি সামৰিবলৈ অনুপ্ৰেৰণা পাইছিলোঁ।
কিন্তু সেয়া পাছত মোৰ মনঃপূত নোহোৱা হ’ল।
মাতৃত্বৰ সাহিত্য (Matrescence
Literature)ৰ ভিতৰুৱা এনে কবিতা আমাৰ ভাষাৰ সাহিত্যত মই প্ৰায় পোৱাই নাই বুলিব
পাৰোঁ। কিন্তু নীলিম কুমাৰৰ ফুটুকী—মাতৃগৰ্ভত যি শুই আছে কবিতাটো এই
ক্ষেত্ৰত নিঃসন্দেহে ব্যতিক্ৰম। কিন্তু পুৰুষে লিখা কবিতা হিচাপে এইটো কবিতা
নিশ্চয় ‘পিতৃত্ব সাহিত্য’ৰ (Patrescence Literature)ৰ অন্তৰ্গত হ’ব। এনে সাহিত্য
আমাৰ ভাষাবোৰত আৰু বিৰল। ফুটুকীত যি অপত্য আকুলতা ফুটি ওলাইছে, সেয়া অতি
ব্যতিক্ৰমী। এইকেইটা কবিতা মই মোৰ গৰ্ভাৱস্থাৰ পঢ়িছিলোঁ। You’re কবিতাটোত
পঢ়াৰ দৰেই ময়ো কৌতুকেৰে কল্পনা কৰিছিলোঁ, ‘তৰাবোৰৰ দিশত ভৰি ৰাখি’ (“Feets on the
stars”), অৰ্থাৎ ভৰি দুটা ওপৰত আৰু মূৰটো তললৈ কৰি (যিটো গৰ্ভস্থ শিশুৰ প্ৰাকৃতিক
অৱস্থান) মোৰ অভ্যন্তৰতো মোৰ তেতিয়াও নোপজা সন্তানটি আছে। কেতিয়াবা শুইছে,
কেতিয়াবা কণমানি মাছ এটাৰ দৰে খলখলাইছে, খেলিছে, মোৰ পেটত লঠিয়াইছে… । সাহিত্যক
হিয়ামনত ধাৰণ কৰোঁ কাৰণেই এই কবিতাকেইটাই সেই সময়ত আৰু মোৰ মনত আৰু বেছি প্ৰভাৱ
পেলাইছিল। নীলিম কুমাৰৰ কবিতাটোৰ শব্দবোৰ, শাৰীবোৰ আকৌ এবাৰ অনুভৱ কৰিলোঁ। সঁচাকৈয়ে মোৰেই জৰায়ু যেন ‘ওলমা বিচনা’, য’ৰ ‘নিৰন্ধ্ৰ
আন্ধাৰ’ত’ দুলি দুলি মোৰ কণমানিকণ টোপনি যায়।
কিন্তু এদিন এটা ঘটনা ঘটিল। ঠিক,
ফুটুকীত লিখাৰ দৰে ঘটনা এটা। সেইদিনা মই জোখতকৈ বেছি সময় মোৰ গৰ্ভস্থ
সন্তানৰ লৰ-চৰ অনুভৱ কৰা নাছিলোঁ। প্ৰথমতে একো ভবা নাছিলোঁ যদিও ঘড়ীত যিমানেই
মিনিটৰ কাটাবোৰ আগুৱালে, মোক হাজাৰ দুৰ্ভাৱনাই খুউব লাহে লাহে মেৰিয়াই ধৰিবলৈ
আৰম্ভ কৰিলে। তেতিয়া মোৰ গৰ্ভাৱস্থাৰ শেষৰটো ষাণ্মসিক চলি আছে। ইমান দেৰিতো
সাৰ-সুৰ নথকাকৈ নাথাকে! সেই মুহূৰ্তত নিশ্চয় মই কোনো কবিতাৰ কথা ভবা নাছিলোঁ,
কিন্তু পাছত ভাবিছিলোঁ, ফুটুকী কবিতাটোত গৰ্ভস্থ সন্তানৰ ‘বিশ মিনিট’
সাৰ-সুৰ নাথাকোতে দুশ্চিন্তাত কাতৰ হৈ উঠাৰ বৰ্ণনা একেবাৰে সঁচা। বহু পাছত এই
বিষয়ে নীলিম কুমাৰৰ পত্নী পুষ্পাঞ্জলী বৌক সুধিছিলোঁ, আৰু তেওঁ তেওঁলোকৰ প্ৰথম
সন্তান ফুটুকীয়ে এদিন হঠাতে লৰ-চৰ নকৰোতে কি অৱস্থা হৈছিল সেয়া কৈছিল। এই অভিজ্ঞতা
কিন্তু মই কবিৰ সৈতে নহয়, কবিৰ পত্নীৰ সৈতেহে একাত্মতাৰে ভগাই লৈছিলোঁ। কাৰণ,
বাস্তৱৰ ফুটুকীক তেঁৱেইহে গৰ্ভত ধাৰণ কৰিছিল। ইমান বছৰৰ পাছতো তেওঁ তেওঁৰ প্ৰথম
গৰ্ভধাৰণৰ অভিজ্ঞাতবোৰ যেনেকৈ কৈছিল, যেন সেয়া সৌ কালি-পৰহিৰহে কথা। একেই হয়, ভিন
ভিন হৈয়ো একেই, সকলো মাতৃত্ব একেই। প্ৰতিটো গৰ্ভাৱস্থাৰ আনন্দ-যাতনাও একেইতো হয়।
তেনেকুৱা আগতেও এবাৰ নে দুবাৰ
হৈছিল, অলপ বেছি সময় উদৰৰ ভিতৰত কোনো লৰ-চৰ নাথাকিলেই মোৰ মাতৃমনত সংশয় জমা হ’য়।
মোৰ মন সহজে বিচলিত নহয়, কিন্তু মোৰ মাতৃ মনটো কেতিয়াবা মোৰ মনতকৈ বেলেগ, মই বাধা
দিলেও কেতিয়াবা ই নিজৰ ধৰণেৰে ভাবে। আগতে এবাৰ তেনেকুৱা দিনত বিক্ৰম হস্পিটেলৰ পৰা
আহিয়েই “একো নহয় ৰ’বা, এইকণ শুই আছে চাগে’। জগাও ৰ’বা” বুলি ধেমেলীয়াকৈ কৈ মোৰ
পেটত চুই, মাত দিওঁতে আকৌ লৰ-চৰ আৰম্ভ হৈ গৈছিল। এদিন বিক্ৰমেই মোক কৈছিল, মিঠা
খালে Sugar Surge হৈ গৰ্ভস্থ সন্তানো অধিক সক্ৰিয় হৈ উঠে। কিন্তু সেইদিনা বেছ কিছু
সময় ধৰি পেটত কোনো উখল-মাখল নাই। উখল-মাখল দূৰৰ কথা, কোনো সাৰ-সুৰ নাই। মই বাৰে
বাৰে পেটত হাত দি চাই আছিলোঁ। আনকি মিঠাও খাই চালোঁ। নাই, একো নহ’ল। সদায়ৰ দৰে
সেইদিনাও মই ঘৰত অকলেই আছিলোঁ। তেতিয়া সন্ধ্যা লাগি ভাগিছে। বিক্ৰম হস্পিটেলৰ পৰা
আহি পাবলৈ মই উৎকণ্ঠাৰে ৰৈ আছোঁ। তেওঁ অহাৰ লগে লগেই আমি দুয়ো আমাৰ ঘৰৰ পৰা মাত্ৰ
দুই কিলোমিটাৰমান দূৰত থকা ডাক্তৰ মধু নামৰ জ্যেষ্ঠ ৰেডিঅ’লজিষ্টগৰাকীৰ ক্লিনিক
পালোঁগৈ। তেতিয়ালৈ তেওঁ ঘৰলৈ যাবলৈ সাজু হৈছিলেই। আমি যোৱাৰ লগে লগে তেওঁ মেচিনেৰে
চালে। আৰু হাঁহি এটা মাৰি ক’লে, চোৱাঁ, এইকণ একদম ঠিকে আছে। এনেয়ে তেখেতৰ তোমালোকক
অকণমান ভয় খুৱাবৰ মন গ’ল। চিন্তা কৰিবৰ একো নাই, কেতিয়াবা এনেকুৱা এনেয়ে হ’ব পাৰে।
হয়, সেইদিনা চিন্তাৰ কৰিছিলোঁ,
ভয় খাইছিলোঁ। সেইদিনা মই আৰু ভালকৈ বুজি উঠিছিলোঁ, মোৰ মাজত যে দুটা কলিজাই,
ঢুক্-ঢুক্ কৰে, তাৰে আনটো, কণমানটো, মোৰটোতকৈ বহু বেছি গুৰুত্বপূৰ্ণ। লগতে এইটোও
জানিছিলোঁ, চিলভিয়া প্লাথৰ Metaphorsৰ শেষৰ শাৰীটো সঁচা, “(I have) Boarded the
train there’s no getting off”
মাতৃত্বৰ যাত্ৰাৰ যিখন ৰেলগাড়ীত
মই উঠিলোঁ, তাৰ পৰা নামি যোৱাৰ কোনো ষ্টে’শ্বন নাই।
নাই, মোৰ এধানিও আক্ষেপ নাই।
মোৰ এই যাত্ৰাটো, My best best journey ever.
(আগলৈ)
***
(লেখকৰ ফোন- 9868023484)
