ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, অষ্টম
অধ্যায়
খিৰিকীৰে
ভাহি অহা পিয়ানোৰ সুৰ
পিয়ানোৰ সুৰটো খিৰিকীৰে ভাহি অহা যিদিনা প্ৰথম শুনিছিলোঁ, সেয়া সপোন নে দিঠক মই ধৰিব পৰা নাছিলোঁ৷ সুৰটো প্ৰথম শুনিছিলোঁ ছাইৰঙী পাৰবোৰৰ ৰুণে গভীৰ কৰা নিমাত-নিটাল দুপৰ এটাত৷ সেই সুৰটো যে মোৰ গৰ্ভাৱস্থাৰ আৰু তাৰো পাছলৈ মোৰ মাতৃত্বৰ যাত্ৰাটোৰ সংগী হৈ পৰিব, সেই কথাৰো মোৰ কোনো ধাৰণা নাছিল৷ মই কাণ উনাই শুনি উমান লৈছিলোঁ, সেয়া পিয়ানোৰ সুৰেই নে বাৰু? হয় হয়, সেয়া পিয়ানোৰে সুৰ আছিল৷ আৰু সেই সুৰটো কোনো যান্ত্ৰিক ৰেক’ৰ্ডিং নাছিল৷ সেয়া নাছিল কোনোবাই আপোন পাহৰা হৈ দুহাতৰ দহোটা আঙুলি বুলাই এটা আটক-ধুনীয়া ক’লা-চানেকীয়া কাঠৰ চিক্চিকীয়া পিয়ানোত বজোৱা সুৰ৷
মই মাক হোৱাৰ যাত্ৰাটোৰ কথা
ক’বলৈ যাওঁতে কেতিয়াবা ভৰ দুপৰীয়া আৰু কেতিয়াবা মাজনিশা মোৰ খিৰিকীৰে ভাহি অহা সেই
পিয়ানোৰ সুৰটোৰ কথাওতো মই ক’ব লাগিব৷
দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ
কেম্পাছত থকা মৌৰিছ নগৰৰ সেউজীয়া আৱাসিক পৰিসৰত আমাৰ নতুন কোৱাৰ্টাৰটো ঠিক ছাদৰ
তলতে৷ একেটা কেম্পাছৰ মুখাৰ্জী নগৰত থকা আগৰ কোৱাৰ্টাৰটোৰ পৰা মৌৰিছ কোৱাৰ্টাৰটোলৈ
আহিয়েই নতুনকৈ সজাই-পৰাই ল’বলৈ আৰম্ভ কৰিলোঁ৷ Green thumb মোৰ আগৰে পৰা আছে৷
কোৱাৰ্টাৰটো ‘ঘৰ’লৈ ৰূপান্তৰ কৰি লোৱাৰ লগতে উদং হৈ পৰি থকা ছাদখনো সেউজীয়া কৰি
তুলিবলৈ আৰম্ভ কৰিলোঁ৷ নিজে এটা নাম দিলোঁ, ‘ছাদবাৰী’৷ লাহে লাহে ছাদখনত
সৰু-বৰ-মজলীয়া, গোল-চাৰিচুকীয়া বহুত গাম্লা গোট খালে৷ গাম্লাবোৰ ফুল, পাত,
শাক-পাত, জোপোহাৰে ভৰি পৰিল৷ পুৰণি আৰু ডাঙৰ-ডাঙৰ আম, নিম, নাহৰি বৰ, সোণাৰু,
অশোক, জৰী আৰু বৰগছ আদি গছবোৰে আৱৰি থকা আমাৰ চৌহদটোৱেও মোৰ মনটো ভৰাই তুলিলে৷ আৰু
সেই পৰিৱেশতে মোৰ গৰ্ভাৱস্থাও আৰম্ভ হ’ল৷
আমাৰ
কোৱাৰ্টাৰটোৰ গাতে লাগি সমুখৰ ফালে বৰ এজোপা দেৱদাৰুৰ দৰে অশোক আৰু এজোপা নাহৰি বৰ৷
পাছফালে আকৌ আৰু এজোপা সিমানেই ডাঙৰ আৰু ওখ অশোক৷ এইকেইজোপা ইমানেই ওখ-ডাঙৰ যে চাৰিটা
তল থকা আমাৰ বিল্ডিংটোৰ একেবাৰে ওপৰৰ ছাদখনতকৈও ওখ৷ গছকেইজোপাত কিমান যে বিধে বিধে
চৰাইৰ ৰাজত্ব৷ পাছফালৰ প্ৰকাণ্ড অশোক জোপাত আকৌ বাদুলিবোৰৰ নিগাজি ঘৰ৷ অ’ত-ত’ত চঞ্চল
ব্ৰাছনেগুৰীয়া কেৰ্কেটুৱাবোৰ থাকেই৷ ঘৰৰ খিৰিকীত আৰু ওচৰে-পাজৰে পাৰচৰাইবোৰো থাকে৷
দিল্লীৰ পাৰচৰাইবোৰ আকৌ ছাঁইৰঙী৷ আমাৰ তাৰ দৰে বগা, তামুলীয়া বা পখৰা ৰঙৰ পাৰ ইয়াত
দেখা পোৱা নাযায়েই৷ এই পাৰবোৰৰে ৰুণে নিজম দুপৰীয়া এটা আৰু বেছি গহীন কৰি কৰি তোলে৷
তেনেকুৱা এটা দুপৰীয়াতে এদিন হঠাতে শুনিবলৈ পালোঁ পিয়ানোৰ সুৰ৷ সুৰটো। শুনি লগে লগেই
মই একো ধৰিব পৰা নাছিলোঁ৷ ভাবিছিলোঁ, কিজানি কোনোবাই কিবা মিউজিক চীষ্টেমত বজাইছে৷
কিন্তু অতি সোনকালেই মই অনুভৱ কৰিলোঁ, সেই সুৰটো কোনোবাই দুহাতেৰে পিয়ানোতে তুলিছে৷
ভৰ দুপৰীয়া কোনে ক’ত পিয়ানো বজাইছে? এয়া মোৰ ভ্ৰম নহয়তো? তাৰ পাছত দুদিনমান সেই
সুৰ শুনা নাপালোঁ৷ কিন্তু কিবা অজ্ঞাত কাৰণত সুৰটোৰ কথা মই অলপো পাহৰি নগ’লোঁ৷
কথাটো বিক্ৰম,
মোৰ মানুহজনকো ক’লোঁ৷ তেতিয়া বিক্ৰম আছিল দক্ষিণ দিল্লীৰ সাকেতৰ মেক্স হস্পিতেলত৷
তেওঁৰ হস্পিতেলখন আমাৰ বিশ্ববিদ্যালয়ৰ পৰা এক-ডেৰঘন্টামানৰ দূৰত৷ ৰাতিপুৱাতে ওলাই
গৈ সন্ধ্যা বা কেতিয়াবা ৰাতিহে উভতি আহে৷ আৰম্ভণিৰ কালচোৱাত তেওঁৰ নিশাৰ ডিউটিও থাকিছিল৷
কেতিয়াবা হঠাতে আহি পৰা ইমাৰ্জেঞ্চীবোৰৰ কথা নক’লোৱেইবা৷ গতিকে বেছিভাগ সময় ঘৰত মই
অকলেই থাকোঁ৷ পিয়ানোৰ সুৰটো শুনাৰ দিনাও স্বাভাৱিকতে তেওঁ ঘৰত নাছিল৷ তেওঁ
সাধাৰণভাৱে সুধিলে, কি সুৰ আছিল সেইটো? ধৰিব পাৰিছিলানে? কি বজাইছিল? কোনে বজাইছিল সেই কথাত মূৰ নঘমাই
তেওঁ কি বজাইছিল সোধোতে মই উত্তৰ দিব নোৱাৰিলোঁ আৰু বাৰে বাৰে ভাবি থাকিলোঁ, কি
সুৰ বজাইছিল বাৰু? কোনটো চ’নাটা? নে কোনোবা এটা চিনাকি গান? অচিনাকি গান? নে বাৰু গীৰ্জাত
বজোৱা তুতিগীতৰ সুৰ? গছপে’ল? মই ভাবি থাকিলোঁ, কি সুৰ আছিল সেইটো? কোনে বজায়
পিয়ানো? পিয়ানোৰ সুৰৰ কথা ভাবি ভাবি মোৰ মনলৈ আহি থাকিল ৰ’মান পলানস্কিৰ দ্য
পিয়ানিষ্ট নামৰ দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিৰ চিনেমাখনৰ কথা৷ মোৰ প্ৰিয় চিনেমাবোৰৰ
ভিতৰত এইখনো এখন৷ চিনেমাখনৰ পিয়ানোবাদকজনৰ (অভিনয়ত আছিল প্ৰিয় অভিনেতা এড্ৰিয়েন
ব্ৰুডী) দীঘল দীঘল আঙুলিকেইটা মনলৈ অহি থকাৰ সমান্তৰালভাৱে মনলৈ আহি থাকিল টেম্চিলা
(টেম্চুলা) আওৰ পিয়ানো শিক্ষাৰ অভিজ্ঞতাবোৰৰ কথা৷ পিয়ানো বজাবলৈ বোলে আঙুলিবোৰ
পাজিসেৰীয়া দীঘল দীঘল হ’লে ভাল৷ পাছলৈ প্ৰসিদ্ধ শিক্ষাবিদ তথা লেখক হোৱা টেম্চিলা
আওৰ শৈশৱ আছিল দুখ-কষ্ট আৰু দাৰিদ্ৰৰে ভৰা৷ পিতৃ-মাতৃ উভয়কে হেৰুৱাই ব’ৰ্ডিং
স্কুলত থাকি পঢ়া কিশোৰী টেমচিলাৰ বৰ হেঁপাহ আছিল পিয়ানো বজাবলৈ৷ কিন্তু কাম কৰি
কৰি খহটা হৈ পৰা টেম্চিলাৰ মোটোহা আঙুলিৰ হাত দুখন চাই পিয়ানো শিক্ষকগৰাকীয়ে টেমচিলাক
নিৰাশ কৰিছিল৷ কিন্তু টেম্চিলা আছিল হাৰ নমনা ধাতুৰে গঢ়া৷ তেওঁ কঠোৰ অনুশীলন কৰি
পিয়ানো শিকিহে এৰিছিল৷ এই কাহিনীটো মই টেম্চিলা আওৰ স্মৃতিগাথা Once Upon a Life: Burnt Curry and Bloody Rags
ত পঢ়িছিলোঁ৷ মই চাই ভালপোৱা আৰু কেইখনমান চিনেমা, Amadeus (মোজাৰ্টৰ জীৱনকেন্দ্ৰিক), Immortal beloved (বীথোভেন) বা Ray (ৰে’
চাৰ্ৰল্ছ্) আদিৰ কথাও মনলৈ আহিছিল যদিও আটাইতকৈ বেছিকৈ মনলৈ আহি আছিল The
Pianistখনৰ কথাহে৷ কিজানি ঋজুদেহী এড্ৰিয়েন ব্ৰুডীৰ দীঘল আঙুলিকেইটাৰ কাৰণেই৷
বিক্ৰম আৰু মই প্ৰায়ে পিয়ানো’ৰ বিশ্ববিশ্ৰুত সুৰ সংৰচনা কিছুমান শুনোঁ৷ সেইবোৰৰ
বিষয়ে বিশদ জ্ঞান মোৰ নাই৷ মাত্ৰ শুনি খুব ভালপাওঁ আৰু বাৰে বাৰে শুনোঁ৷
সেইদিনা দুপৰীয়া
হঠাতে পিয়ানোৰ সুৰ শুনাৰ পাছত কেইবাদিনলৈকে মই আৰু পুনৰায় সেই সুৰ শুনা নাছিলোঁ৷ কিন্তু
সুৰটো আকৌ এবাৰ শুনিবলৈ পাম বুলি মই বৰ আগ্ৰহেৰে কাণ উনাই থাকিছিলোঁ৷ বিশেষকৈ ঘৰত থকা
সময়খিনিত যেতিয়াই তেতিয়াই সেই সুৰটোলৈ মোৰ মনত পৰি থাকিল৷ বিক্ৰমকো মই কথাটো কেইবাবাৰো
কৈ থাকিলোঁ৷ এবাৰ তেওঁ কৈ উঠিল, তুমি সঁচাকৈয়ে পিয়ানোৰ সুৰ শুনিছিলাতো? তুমি যিহে মানুহ,
সাৰে থাকিও সপোন দেখি থাকা! সপোনতে শুনা নাছিলাতো?
কথাটো তেওঁ
ধেমালিতে কৈছিল যদিও মই অলপ বিমোৰত পৰিলোঁ৷ কাৰণ সুৰটো মোৰ সপোন-সপোন যেন লাগিছিল৷
এনে লাগিছিল যেন কিজানি মই আধা তন্দ্ৰাত আছিলোঁ আৰু সেই সুৰটোৱে মোক ঢৌ হৈ উটুৱাই লৈ
গৈছিল৷ এবাৰত অকলে আৰু মনে মনে মোৰ বাঢ়ি অহা তলপেটটো আলফুলে চুই মোৰ কণমানিকণক সুধিলোঁ,
মোৰ লগতে সেইদিনা তুমিও বাৰু সুৰটো শুনা নাছিলানে? আমি শুনিছিলোঁতো, সঁচাকৈয়ে শুনিছিলোঁ,
খিৰিকিৰে পিয়ানো সুৰ এটা ভাহি অহা, নহয়নে বাৰু?
তাৰ কিছুদিন
পাছৰ কথা৷ ইতিমধ্যে মই মোৰ ৰাতি দেৰিলৈকে জাগি থাকি পঢ়া-লিখা কৰা, গান শুনা, চিনেমা
চোৱা বা এনেয়ে ভবা-চিন্তা কৰা —এইবোৰ যিমান পাৰোঁ কমাই আনি স্বাস্থ্যৰ যত্ন ল’বলৈ চেষ্টা
কৰিছিলোঁ৷ সেইদিনাও ৰাতি আনকালতকৈ সোনকালেই শুই পৰিছিলোঁ৷ কিন্তু হঠাতে মই সাৰ পালোঁ৷
হয়, মই পিয়ানোৰ সুৰ শুনিয়েই খক্-মক্কৈ সাৰ পাইছিলোঁ৷ সাৰ পায়েই বিক্ৰমকো জগালোঁ৷
তেওঁ ধহ্-মহ্কৈ উঠি বহিল, কি হ’ল? ঠিকে আছা? তেওঁৰ ব্যগ্ৰতা দেখি মোৰ হাঁহি উঠিল,
আৰে! মই পূৰা ঠিকে আছোঁ৷ ভিতৰত পোৱালিও ঠিকে আছে৷ —তেনেহ’লে? আধা টোপনিৰ আল-জালত তেওঁৰ
চকুত এটা প্ৰশ্নবোধকৰ চিন৷ মই সেইফালে বিশেষ মন নিদি উৎকণ্ঠাৰে কৈ উঠিলোঁ, শুনা-শুনা,
শুনিছানে? মই যে কৈছিলোঁ, পিয়ানোৰ সুৰটোৰ কথা, শুনা, এতিয়াও কোনোবাই বজাইছে৷
আমি দুয়ো কাণ
উনাই শুনি ৰ’লোঁ৷ পিয়ানোৰ মৌসৰা সুৰ এটাই নতুনকৈ মাক-দেউতাক হ’বলৈ ওলোৱা অনভিজ্ঞ আৰু
আপাতঃ অকলশৰীয়া মানুহ এহালক যেন বতাহী বোকোচাত উঠাই লৈ গ’ল৷ ভালে সময় ধৰি আমি নিশ্চুপ
হৈ সেই সুৰত মগন হৈ ৰ’লোঁ৷ বিক্ৰমে আমাৰ শোৱাকোঠাৰ বিছনাৰ খিৰিকী এখনৰ ওচৰত গৈ থিয়
হ’ল আৰু বাহিৰলৈ আঙুলিয়াই ক’লে, এইটো বিল্ডিঙৰ পৰাই সুৰটো আহিছে৷ ময়ো তেওঁৰ ওচৰ পাই
সেইখিনিতে থিয় হ’লোঁ আৰু খিৰিকীৰ পৰ্দাখন দাঙি চাই দেখিলোঁ, আমাৰ কাষৰে বিল্ডিংটোৰ
একেবাৰে ওপৰৰ, মানে আমাৰ ফ্লেটটোৰ ঠিক পোনে পোনে থকা আটাইতকৈ ওপৰত তৃতীয় মহল(চতুৰ্থ
তল)ত থকা ফ্লেটটোৰ এখন খিৰিকী পোহৰ হৈ আছে৷ আৰু তাৰে সিপাৰত কোনোবাই সেই ৰাতি পিয়ানো
বজাইছিল৷
পিয়ানোৰ সুৰটো
তাৰ পাছৰে পৰা আৰু কেইবাবাৰো শুনিলোঁ৷ কেতিয়া ভৰ দুপৰত, কেতিয়াবা ৰাতিত৷ যেতিয়াই শুনো,
তেতিয়াই মোৰ মন আহ্লাদিত হয়৷ সুৰটোৱে যাদুকৰী ঢৌ এটা হৈ মোক আলাসতে উৰুৱাই নিয়ে৷ কেতিয়াবা
সুৰটোৱে বিষাদো আনে৷ বুকৰ কোনোবাখিনিত কিবা অজান কাৰণত বিষ এটাই উক দিয়ে, কিন্তু আত্মা
উপচি পৰে৷ মই মন্ত্ৰমুগ্ধ হৈ উঠোঁ৷ মোৰ মন যায় পিয়ানো বজোৱাগৰাকীৰ শলাগ লৈ তেওঁক গৈ
ধন্যবাদ এটা দি আহিবলৈ৷ মন যায় পিয়ানোৰ কীবোৰত লয়লাস লহৰ তোলা তেওঁৰ দুহাতৰ আঙুলিকেইটা
এবাৰ চাই আহিবলৈ৷ বাস্তৱত বেছ কিছু দিনলৈকে সেয়া হৈ উঠা নাছিল৷ ময়ো বেছি অনুসন্ধান
কৰিবলৈ আগ্ৰহী নাছিলোঁ৷ পিয়নাৰ সুৰটোৱে মোক ইমানেই আচ্ছন্ন কৰি ৰাখিছিল যে পিয়ানো বজোৱাগৰাকী
কোন সেয়া জানিলেই চ্যাৰীয়েল যেন পৰিঘটনাটোৰ আকৰ্ষণ যেন অকণমান কমি যাব!
কিন্তু এদিন
আকস্মিকভাৱেই তেওঁক লগ পালোঁ৷ আমি আছিলোঁ নতুন চুবুৰীয়া৷ হঠাতে বিল্ডিঙৰ তলৰ ৰাস্তাতে
লগ পাই চিনাকি হ’লোঁ আগৰে পৰা আমাৰ কলনীত থকা ড° বেন্ৰি মুৰি আৰু
তেওঁৰ পত্নী জিচ্ছিক৷ তেওঁলোক নগালেণ্ডৰ৷ তেওঁলোকৰ তিনিটা সন্তানেৰে সৈতে বৰ্তমান দিল্লীতে
চেট্ল্ হৈছে৷ চিনাকি হৈ কথা পাতোঁতে গম পালোঁ, ড° মুৰি আমাৰ বিশ্ববিদ্যালয়ৰে
নৃতত্ত্ব বিভাগৰ অধ্যাপক৷ জিচ্ছিয়ে ক’লে, মই পিয়ানো টীচ্চাৰ৷ চেইণ্ট থমাছ গাৰ্লছ চিনিয়ৰ
স্কুলত পিয়ানো শিকাওঁ৷ তেওঁ ইমান সাধাৰণভাৱে কোৱা বাক্যকেইটাত মই কেই মুহূৰ্তমান ৰৈ
গৈছিলোঁ আৰু কৈ উঠিছিলোঁ, Oh, it’s you!
You play the piano!
হয়, সেয়া তেঁৱেই
আছিল৷ জিচ্ছি মুৰি৷ নামৰ মৰমলগা নগা মহিলাগৰাকীয়ে ফানেক পিন্ধি আখুনি বা বাঁহগাজেৰে
পৰ্ক ৰান্ধে৷ জাৰকালি ভোট জলকীয়াৰ আচাৰৰ বৈয়াম ৰ’দত দিয়ে৷ জহকালিৰ বন্ধত কহিমালৈ যায়৷
তেওঁ পিয়ানো শিকায়৷ পিয়ানো বজায়৷ ক’ব নোৱাৰকৈ তেওঁৰ হাত দুখনলৈ চাইছিলোঁ৷ তেওঁৰ আঙুলিবোৰলৈ
চাইছিলোঁ৷ জিচ্ছিয়ে তেতিয়ালৈকে জনা নাছিল, তেওঁৰ পিয়ানোৰ সুৰে মোক কেনেদৰে এক অনন্য
অনুভূতিৰ স্বাদ দিছিল৷ তেতিয়ালৈকে জিচ্ছিয়ে জনা নাছিল, আৰু আনকি মই নিজেও জনা নাছিলোঁ,
এদিন যেতিয়া মোৰ কণমানিকণে মাকে কোৱা সাধু শুনিব পৰা হ’ব, তেতিয়া সেই সাধুবোৰত ‘জিচ্ছি
আমৈ’ বুলি চৰিত্ৰ এটাও থাকিব৷ ‘জিচ্ছি আমৈৰ পিয়ানোখনো’ মোৰ কণমনিয়ে শুনা প্ৰথম সাধুবোৰৰ
অংশ হ’ব৷
পাছলৈ আমি ভাল
বন্ধু হৈ উঠিছিলোঁ৷ কিন্তু জিচ্ছিয়ে আজিও নাজানে, মোৰ গৰ্ভাৱস্থা আৰু মাতৃত্বৰ যাত্ৰাটোত
কেতিয়াবা ভাগৰি পৰা, কেতিয়াবা মন জামৰি যোৱা মুহূৰ্ত কিছুমানত তেওঁৰ পিয়ানোৰ সুৰে মোক
তুলি ধৰিছিল৷ হতাশ-নিৰাশ ক্ষণ কিছুমানত তেওঁৰ পিয়ানোৰ সুৰ মোৰ উপশমৰ পথ হৈ পৰিছিল৷
আৰু উলাহৰ সময়বোৰ সেই সুৰে আৰু অধিক সুন্দৰ কৰি তুলিছিল৷
(আগলৈ)
ফোন- ৯৮৬৮০২৩৪৮৪
