ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, চতুৰ্থ অধ্যায়
যেন পলকৰ ভিতৰতে সলনি হ’ল সকলো
(জাহীমৰ গান এটাৰ গুণ্গুণ্ )
ঘৰতে গৰ্ভাৱস্থাৰ পৰীক্ষা কৰিব পৰা যতনটোত পূৰৈৰঙী আঁচ
দুডাল দেখাৰ কথা কোৱাৰ লগে লগে গীতা বাইদেউ উৎফুল্লিত হৈ উঠিল৷ সহজে অনুমান
কৰিছিলোঁ, তেওঁৰ সেই উৎফুল্লতা চিকিৎসক তথা স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে নহয়, আমাৰ
আপোন বাইদেউ হিচাপেহে আছিল৷ তেওঁ আমাক তেওঁৰ হস্পিটেললৈকে মাতি পঠিয়ালে৷ আমি থাকোঁ
দিল্লীত আৰু তেওঁ থাকে গুড়গাঁৱত৷ এঘণ্টামানৰ বাট৷ গীতা বাইদেউ, মানে ডা° গীতা বৰুৱা
নাথ গুড়গাঁৱৰ আৰ্টেমিছ হস্পিটেলৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ মূৰব্বী৷ এই
ক্ষেত্ৰখনত ডা° গীতা বৰুৱা বেছ জনাজাত নাম৷ সমাজ আৰু সাহিত্য
ভালপোৱা মানুহ তেওঁ৷ বহু বছৰৰ আগতে এবাৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা ‘সদৌ অসম লেখিকা
সমাৰোহ সমিতি’ৰ বাৰ্ষিক অধিৱেশনত বক্তৃতা দিবলৈ নিমন্ত্ৰণ পাইছিলোঁ৷ তালৈ যাওঁতে
গুৱাহাটিৰ পৰা মই, প্ৰতিমা বাইদেউ আৰু গীতা বাইদেউ একেলগে গৈছিলোঁ৷ আজি আমাৰ মাজত
প্ৰতিমা বাইদেউ ‘সাদিন’ৰ দিল্লীৰ দূৰবীণ’খ্যাত প্ৰতিমা বৰুৱা) প্ৰতিমা আৰু নাই৷
অতবোৰ স্মৃতিৰ মাজত সেই যাত্ৰাৰ স্মৃতি আটাইতকৈ মনোৰম৷
বিক্ৰম আৰু মই গীতা বাইদেউৰ হস্পিটেল গৈ পালোঁ যাৱতীয়
পৰীক্ষা আদি কৰি তেওঁ আমাক শুভেচ্ছা জনালে৷ লগতে ক’লে, এবাৰ আল্ট্ৰাচাউণ্ড এটাও
কৰা উচিত৷ ঠিক ঠাইত ভ্ৰূণটোৱে থিতাপি লৈছে নে নাই সেয়াও চোৱাটো প্ৰয়োজনীয়৷ মোৰ
ভ্ৰু কোঁচ খালে৷ মানে? তাৰ মানে?
তাৰ মানে, সাধাৰণতে নহয় যদিও, কেতিয়াবা ভ্ৰূণে জৰায়ুত
থিতাপি নলৈ জৰায়ুৰ বাহিৰত, যেনে ডিম্বনলী বা ফেল’পিয়েন টিউবতে, থিত লয়৷ আৰু সেয়া
মংগলজনক মুঠেও নহয়৷ প্ৰতি এশগৰাকী মহিলাৰ মাজত এগৰাকীৰ এনে হোৱাৰ সম্ভাৱনা থাকে৷
এনে বিসংগতিপূৰ্ণ গৰ্ভাৱস্থাক Ectopic pregnancy বুলি কোৱা হয়৷ গৰ্ভাৱস্থা
intrauterine, অৰ্থাৎ জৰায়ুৰ ভিতৰত হ’লেহে ভ্ৰূণটোৰ বিকাশ সম্ভৱ৷ Ectopic
pregnancy ৰ ফলাফল মানেই অসফল গৰ্ভাৱস্থা৷ তাৰ মানে, মোৰ গৰ্ভাৱস্থা সম্পূৰ্ণকৈ
নিশ্চিত কৰিবৰ কাৰণে, আৰু তাতোকৈয়ো ডাঙৰ কথা, মোৰ এধানমান ভ্ৰূণটোৰ অৱস্থান ঠিকে
আছে নে নাই জানিবৰ কাৰণে মোৰ এটা চন’গ্ৰাফী কৰিব লাগিব৷
ভ্ৰূণ? ভ্ৰূণৰ অৱস্থান? মই যে ইতিমধ্যে সেই পূৰৈৰঙী আঁচ
দুডালৰ মায়াত ডুব দিছোঁ৷ মোৰ কাৰণে সেই আঁচ দুডাল কেৱল মোৰ গৰ্ভাৱস্থাৰ ইংগিত নহয়,
নহয় কেৱল মাত্ৰ মোৰ জৰায়ুত ‘ভ্ৰূণ’ৰ স্থিতিৰ প্ৰমাণ৷ সেয়া মোৰ আহিবলগা সন্তানৰ
আকাংক্ষাৰেখা৷ পুনৰ এটা গান গুণ্ গুণ্কৈ মনলৈ আহিছিল৷ R & B ধাৰাৰ মাৰ্কিন গায়ক জাহীম হ’গ্লাণ্ডৰ “Even if you
are two pink lines”. ঠিক গানটোত
কোৱাৰ দৰেই, তাতে কি হ’ল, তুমি মাত্ৰ দুডাল পূৰৈৰঙী আঁচ মাথোঁ, আৰু মাত্ৰ নটা মাহ,
নটা মাহৰ পাছতে তোমাক দেখিম মই৷ তুমি মোৰ হ’বা, “Only nine months, and you
will be mine…”. জাহিমৰ গানটো অৱশ্যে
এজন হ’বলগা পিতৃৰ আহিবলগা সন্তানৰ প্ৰতি হোৱা অনুভৱৰ বৰ্ণনা৷ আৰু মোৰ ক্ষেত্ৰত মই
হ’বলগীয়া মাক৷ মোৰ আহিবলগা সন্তানৰ উপস্থিতি ঘোষণা কৰি iSure নামৰ মোৰ Home
Pregnancy Kitটোত দুডাল পূৰৈৰঙী আঁচ৷ তাতে কিনো হ’ল, সেয়া যদিও মাত্ৰ দুডাল পূৰৈৰঙী
আঁচ মাথোঁ, তাতেনো কি হ’ল সেয়া যদিও একেবাৰে আৰম্ভণিৰ অৱস্থা৷ এটা পলকৰ ভিতৰতে যে
ইতিমধ্যে মোৰ আৰু আমাৰ (মোৰ আৰু মোৰ আহিবলগা সন্তানৰ দেউতাকৰ) পৃথিৱীখনৰ অক্ষদণ্ড
সলনি হৈ গৈছে৷ আমাৰ সমস্ত ধ্যানৰ কেন্দ্ৰবিন্দু দুডাল কণমানি পূৰৈৰঙী আঁচ!
যেন পলকৰ ভিতৰতে পূৰৈৰঙী আঁচ দুডালে সকলো সলনি কৰি দিয়ে৷
সকলো সুৰীয়া আৰু ৰঙীন হৈ উঠে৷ আৰু তাতে মিহলি হৈ থাকে উৎকণ্ঠা, আশংকা, কৌতূহল,
হেজাৰটা প্ৰশ্ন …
গীতা বাইদেৱে কোৱাৰ দৰেই চন’গ্ৰাফী কৰাবলৈ সাজু হ’লোঁ৷
অৰ্থাৎ, আমি যাব লাগিব কোনো এগৰাকী ৰেডিঅ’লজিষ্টৰ ওচৰলৈ৷ মোৰ ভাইটি আৰু মোৰ
ভনীজোঁৱাই দুয়ো ৰেডিঅ’লজিষ্ট৷ দুয়োটাই কেইমিনিটমানৰ ভিতৰতে মোৰ ভ্ৰূণৰ অৱস্থানটো
চাই দিব পাৰিলেহেঁতেন৷ অ’হ্, আমি যদি সেই মুহূৰ্তত অসমত থাকিললোঁহেঁতেন!
প্ৰথমবাৰৰ কাৰণে অনুভৱ হৈছিল, আমি ঘৰ আৰু পৰিয়ালৰ পৰা দুহেজাৰ কিলোমিটাৰ দূৰত থাকি
ঘৰ কৰিছোঁ৷ কিন্তু সেই অনুভৱ বেছি দেৰি থকা নাছিল৷ আমাৰ খুব ঘনিষ্ঠ বন্ধু অনিল আৰু
পায়ল দুয়ো ৰেডিঅ’ল’জিষ্ট আৰু দুয়ো তেতিয়া দিল্লীতে আছিল৷ পাছত দুয়ো সিহঁতৰ সন্তান
দুটিৰে সৈতে অসমলৈ উভতি গৈছিল৷ এতিয়া সিহঁত থাকে নলবাৰীত৷ সিহঁত দুয়ো আছিল বিক্ৰমৰ
গুৱাহাটী মেডিকেল কলেজত পঢ়াৰ দিনৰে সহপাঠী৷ তাতে আকৌ অনিল আৰু বিক্ৰম আছিল হোষ্টেলৰ
ৰুমমে’ট৷ অনিলৰ ঘৰ নলবাৰীত, বিক্ৰমৰ ঘৰ গুৱাহাটীতে যদিও স্নাতকোত্তৰ পাঠ্যক্ৰম
পঢ়োঁতে মেডিকেল কলেজৰ হোষ্টেলত আছিল৷ বিক্ৰমৰ বিভাগ আছিল চাৰ্জাৰী, আৰু কৈছোঁৱেই,
অনিলৰ ৰেডিঅ’লজী৷ সেই সময়ত আমাৰ আৰু দুই ঘনিষ্ঠ বন্ধু বিপিন আৰু ৰঞ্জিতাও দিল্লীতে
আছিল৷ সিহঁত দুটাও ৰেডিঅ’ল’জিষ্ট৷ সিহঁতো আছিল বিক্ৰমৰ মেডিকলে কলেজৰ দিনৰে সহপাঠী৷
পাছত সিহঁত দুয়ো আকৌ সিহঁতৰ ল’ৰা দুটিৰে সৈতে আবু ধাবিলৈ গুছি গৈছিল৷ বৰ্তমান
সিহঁত আবু ধাবিতে কৰ্মৰত৷ এই আপোন বন্ধুবোৰৰ উপস্থিতিয়ে আমাক পৰিয়ালৰ অনুপস্থিতি
অনুভৱ হ’বলৈ কেতিয়াও দিয়া নাছিল৷ বিক্ৰমৰ সহপাঠী বন্ধু যদিও সিহঁতৰ সৈতে মোৰ
বন্ধুত্বও সমানেই গাঢ়৷ সেই সময়ত গীতা
বাইদেউৰ হস্পিটেলৰ পৰা আটাইতকৈ ওচৰত পায়লেই থাকিব বুলি প্ৰথম ফোনটো তাইকেই কৰিলোঁ৷
স্বাভাৱিকতেই পায়ল উৎফুল্লিত হৈ উঠিল৷ কিন্তু তাই ক’লে, গুড়গাঁৱৰ পৰা, মানে গীতা
বাইদেউৰ আৰ্টেমিছ হস্পিটেলৰ পৰা বোলে তাইৰ হস্পিটেলতকৈ বেছি ওচৰ হ’ব অনিলৰ কৈলাশ
হস্পিটেল৷ তাই ক’লে, একো দৌৰা-দৌৰি নাই, তই আমাৰকেইটাৰ যিকোনো এটাৰ ওচৰলৈ আহি যা৷
চাই দিম৷
আমি গ’লোঁ অনিলৰ কৈলাশ হস্পিটেললৈ৷ আৰু কিছু সময়ৰ পাছতে মই
নিজকে আৱিষ্কাৰ কৰিলোঁ এটা আল্ট্ৰাচাউণ্ড মেচিনৰ সমুখত থকা ঠেক বিচনাখনত৷ মোৰ পেটৰ
ওপৰত চেঁচা আৰু লেটপেটীয়া চন’গ্ৰাফী জেল৷ অনিলে বহি চন’গ্ৰাফী কৰি আছিল আৰু বিক্ৰম
আছিল ওচৰতে থিয় হৈ৷ কেতিয়াবা বাৰু এনে এটা মুহূৰ্তৰ কথা এই ৰুমমে’ট দুটাই ভাবিছিল
নে, যে এটাৰ পত্নীৰ গৰ্ভাৱস্থাৰ প্ৰথম আল্ট্ৰাচাউণ্ডটো আনটোৱে কৰিব! (গৰ্ভাৱস্থাৰ
পাছলৈও ডা° অনিল, জৈন আমাৰ মৰমৰ বন্ধুটিয়েই মোৰ আৰু চন’গ্ৰাফী
কৰিছিল৷)
অনিলে বিক্ৰমক ক’লে, এয়া চা, এম্ব্ৰীয়’ৰ পজিশ্বন একদম ঠিকে
আছে, আৰু মোলৈ চাই নলবৰীয়া শব্দ এটাৰে মোক জোকালে, “এই পাহি, তই মাই হ’বি এ’!”
অনিলৰ বাক্যটো মোৰ কাণত
জাহীমৰ গানৰ সুৰ এটা হৈ যেন অনুৰণিত হ’ল, মই মা হ’ম, মই হ’ম…
আগতে কেতিয়াও নিচিনা এক আৱেগত চকু দুটা যেন সেমেকি আহিব মোৰ৷
ওঁঠত শব্দ নাছিল৷ কাণত জাহীমৰ গানটোৰ গুণ্ গুণ্ …
And I cried
Even If, even if you were two pink lines
It’s only nine months and you will be
mine
It’s only the best day of my life …
(Jaheim Hoagland ৰ এলবাম Another Round ৰ পৰা)
( আগলৈ)
(লেখকৰ
ফোন- 9868023484)
