অন্যযুগ/


উলাহেৰে উভতি চাওঁ– ২৪

  পোনা মহন্ত


নতুন কলেজ : নিউ হোষ্টেল

এইদৰে গুৱাহাটীৰ কটনৰপৰা গৈ শ্বিলঙৰ ছেইণ্ট এড্মাণ্ডজ্‌ কলেজৰ ছাত্ৰ হলোঁ৷ আৱাসী হ’লোঁগৈ পূৰ্বৰ বৰলুইতৰ নাতিদূৰত থকা ছেকেণ্ড মেচৰ পৰা পাহাৰীয়া চহৰত অৱস্থিতনিউ হোষ্টেলৰ৷ কেৱল নামেৰেই নহয়, কলেজখনৰ এই হোষ্টেলটো প্ৰকৃতাৰ্থত নতুন৷ মই দেখা এড্মাণ্ডজ্‌ৰ এটা পুৰণি ছাত্ৰাৱাস আছিল কাঠৰ বেৰ আৰু মজিয়াৰে এটাআচাম টাইপঘৰ৷ ইয়াৰ বিপৰীতে মই থাকিবলৈ পোৱা নিউ হোষ্টেলটো আছিল সেইকালতঅৰ্থাৎ যোৱা শতিকাটোৰ সপ্তম দশকত পাব পৰা প্ৰায় সকলো আধুনিক সা-সুবিধা থকা এটা আধুনিক বিল্ডিং৷ এখন কৰিডৰৰ দুকাষে শাৰী পাতি থকা ৰুমবোৰৰ একোটাত দুজনকৈ আৱাসী থাকিব লাগে৷ মোক যিটো কোঠাত থাকিবলৈ দিয়া হৈছিল তাত ইতিমধ্যে থকা আৱাসীজন আছিল বি. এছ. ছি. তৃতীয় বৰ্ষিকৰ ছাত্ৰ৷ ভট্টাচাৰ্য উপাধিৰ মোৰ সেই বাংলাভাষী ৰুম-মেটজনৰ সম্পূৰ্ণ নাম পাহৰিছোঁ৷ যিমান দূৰ মনত পৰে তেওঁ বৰাক উপত্যকাৰ কৰিমগঞ্জ কলেজৰ প্ৰিন্সিপেল নে ভাইচ-প্ৰিন্সিপেলৰ পুত্ৰ আছিল৷ শান্ত-শিষ্ট, মিষ্টভাষী এই লৰাজনৰ সৈতে পিছলৈ মোৰ কোনো যোগাযোগ নাথাকিল৷

মই আগতে থকা কটন কলেজৰ ছেকেণ্ড মেচ বা পৰৱৰ্তীকালৰ শ্বহীদ ৰঞ্জিৎ বৰপূজাৰী ছাত্ৰাৱাসৰ সৰহভাগ ছাত্ৰই আছিল উজনি অসমৰ৷ অন্য ভাষাভাষী ছাত্ৰৰ কথা নকওঁৱেই, নামনি অসমৰ লৰাও নাছিলেই বুলিব লাগে৷ কিন্তু দেখিলোঁ নিউ হোষ্টেলৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ৷ মই সোমাওঁতে থলুৱা অসমীয়া বা অসমীয়াভাষী আৱাসীৰ সংখ্যা তেনেই কম আছিল৷ বাকী আটাইবিলাক বাংলাভাষী আৰু পাহাৰৰ খ্ৰীষ্টধৰ্মী জনগোষ্ঠীয় ছাত্ৰ, যি বাহিৰত সাধাৰণতে ইংৰাজীতে কথা পাতে৷ ৰান্ধনীশালৰঠাকুৰকেইজনো আছিল মৈমনসিঙীয়া বাংলাভাষী৷ আমাৰ হোষ্টেলৰ ৱাৰ্ডেন বাচুপাৰগৰাকী আছিল কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক গাংগুলী ছাৰ৷ তেখেতো বাংলাভাষী৷ এনে পৰিৱেশত সেই সময়ত শ্বিলং ৰাজ্যৰ ৰাজধানী চহৰ হলেও নিউ হোষ্টেলত থাকি অসমত থকা যেন লগাই নাছিল৷

 

আকৌ ৰেগিং

কটনৰ হোষ্টেলত ৰেগিং পৰ্ব পাৰ হোৱাৰ পাছত কেনেকৈ লগৰীয়া আৱাসীসকলৰ সৈতে মিলা-প্ৰীতিৰে দিনবোৰ পাৰ কৰিছিলোঁ, সেই বিষয়ে ইতিমধ্যে কৈ আহিছোঁ৷ ছেইণ্ট এড্মাণ্ডজ্‌ কলেজত পঢ়িবলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ সময়ত ৰেগিং নামৰ বেমাৰটোৰ কথা পাহৰিয়ে আছিলোঁ৷ পিছে কি হ, নতুন হোষ্টেলত সোমাই প্ৰথম দিনাই ইয়াৰ পূৰ্বাভাস পালোঁ৷ যি কেইজনক মই বেছি আপোন বুলি ভাবিছিলোঁ, সেইকেইজনেই - অৰ্থাৎ অসমীয়া  ৰাকেইজনেই মোক ৰেগিং কৰাত আগ-ভাগ লোৱা দেখি কিছু বিব্ৰত হৈছিলোঁ৷ পাছত বাংলাভাষী আৱাসী কেইজনমানেও তেওঁলোকৰ লগ হৈছিল৷ এই কুকৰ্মৰ পৰা খ্ৰীষ্টধৰ্মী পাহাৰীয়া জনগোষ্ঠীয় লৰাবিলাক সম্পূৰ্ণ আঁতৰি আছিল৷ তেওঁলোক ঘাইকৈ বৰ্তমানৰ মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ অধিবাসী৷ মই যি কেইজন অসমীয়া লৰাৰ কথা কৈছোঁ তেওঁলোকৰ মাজৰ দুজন পিছলৈ মোৰ ঘনিষ্ঠ বন্ধু হৈ পৰিছিল৷ আমি ইমানেই অন্তৰংগ হৈ পৰিছিলোঁ যে হোষ্টেলৰ আৱাসী আৰু কলেজৰ অনেক সহপাঠীৰ মাজত আমিদা ট্ৰাইঅ’’(The Trio)বুলি জনাজাত হৈ পৰিছিলোঁ৷ এই বিষয়ে আগতে লিখি আহিছোঁ৷ ৰেগিঙত মোক কি সুধিছিল, কি কৰিবলৈ কোৱা হৈছিল ইত্যাদি কথাবোৰৰ কিছুমান এতিয়া মনত আছে যদিও সেইবোৰ কথা বহলাই কৈ পঢ়ুৱৈক আমনি দিব খোজা নাই৷ চমুতে ইয়াকে কওঁ যে কটনৰ ছেকেণ্ড মেচৰ তুলনাত এড্মাণ্ডজ্‌ৰ নিউ হোষ্টেলত মুখামুখি হোৱা ৰেগিং আছিল যথেষ্ট নিম্নমানৰ, নিম্ন ৰুচিপ্ৰকাশক৷ এইবোৰ কাৰণতে ভালেমান দিনলৈকে পঢ়া-শুনাত মন দিব পৰা নাছিলোঁ৷ গধূলি ৰুমত সোমাই বা ৰাতি খাই-বৈ উঠি পঢ়িবলৈ বহোঁতেই চিনিয়ৰ কেইজনৰ এজন বা দুজন আহি কিবা-কিবি কথা উলিয়াই আমনি কৰিছিলহি৷ সেয়ে পিছলৈ ঘনিষ্ঠ বন্ধু হোৱা দুজনৰ প্ৰতিও মোৰ ভিতৰি ভিতৰি থকা খংভাব সহজে আঁতৰা নাছিল৷ কেতিয়াবা অসহায় অনুভৱ কৰি ভাব হৈছিল নতুন কলেজলৈ আহি ভুলেই কৰিলোঁ নেকি, কটনত থকা হলেই ভাল আছিল!

অসমীয়াভাষী লৰাকেইজনৰ ভিতৰত বিকি(?)নামৰ ইছলামধৰ্মী আৱাসীজন পিন্ধন-উৰণ, কথা-বতৰাত পশ্চিমীয়া ঢঙৰ আছিল যদিও তেওঁৰ আচাৰ-ব্যৱহাৰ বেচ ভাল আছিল৷ জানিবলৈ পোৱা মতে তেওঁৰ পিতৃ অইল ইণ্ডিয়া নে ডিগবৈ ৰিফাইনেৰীৰ এজন উচ্চ পদস্থ বিষয়া আছিল৷ সঘনে কোট-পেণ্ট সলাই থকা ফুকন উপাধিৰ ৰংপুৰীয়া এজনে নিজকে টী প্লেণ্টাৰৰ লৰা বুলি চিনাকি দিছিল৷ নকলেও হব সেইকালত অসমতটী প্লেণ্টাৰবুলিলে ধনী আৰু আঢ্যৱন্ত পৰিয়ালৰ ছবি এখন আটাইৰে চকুৰ আগত ভাঁহি উঠিছিল৷ কিয় নাজানো, পৰৱৰ্তী সময়ত এওঁ কিন্তু শিৱসাগৰ চহৰত কিতাপৰ দোকান খুলিহে বহিছিল! তাৰো পিছৰ কথা অৱশ্যে নাজানো৷ নলবাৰীফালৰ পৰা যোৱা কাকতি উপাধিৰ এজনৰ বিষয়ে বিশেষ জনা নাছিলোঁ যদিও তেওঁক কবীন ফুকন আৰু সুৰজিতৰ লগত প্ৰায়ে দেখা পাইছিলোঁ; মোৰ লগত সিমান অন্তৰংগতা নাছিল৷ কবীন ফুকন আৰু সুৰজিৎ বৰুৱাৰ কথা ইতিমধ্যে একাধিকবাৰ উল্লেখ কৰিছোঁ৷ কবীনৰ দেউতাক আছিল যোৰহাটৰ এগৰাকী চৰকাৰী বিষয়া৷ সুৰজিৎ গুৱাহাটীৰ ডা: কনকচন্দ্ৰ বৰুৱাৰ পুত্ৰ; প্ৰখ্যাত ডা: ভূৱনেশ্বৰ বৰুৱাৰ ভতিজাক

জনগোষ্ঠীয় খ্ৰীষ্টধৰ্মী আৱাসী কেইজনৰ ভিতৰত এডল্(Adolf), জৌ (Joe) আৰু ফিলিপৰ(Philip) নামহে এই মুহূৰ্তত মনলৈ আহিছে৷ প্ৰথমজন অছিল বেচ ওখ আৰু শকত-আৱত পাহুৱাল ডেকা৷ সাধাৰণতে জনগোষ্ঠীয় মানুহ তেওঁৰ দৰে ওখ-পাখ খুউব কমেইহে দেখিবলৈ পোৱা যায়৷ তেওঁ কোন জনগোষ্ঠীৰ আছিল নাজানো; কিন্তু তেওঁৰ আচাৰ-ব্যৱহাৰ বেচ ভাল আছিল আৰু মোৰ দৰে খীন-মীন মানুহক লাগ বুলিলেই সহায়ৰ হাত আগবঢ়াইছিল৷ কলেজত মোতকৈ জুনিয়ৰ মিজোৰামৰ ফিলিপ বোলাজন নিজৰ ধৰ্ম বিশ্বাসত বেচ গোঁৱাৰ আছিল৷ তেওঁৰ লগত হোৱা কথা-বতৰাৰ পৰা ধৰিব পাৰিছিলোঁ যে তেওঁ নিজৰ ধৰ্মটোকহে প্ৰকৃত ধৰ্ম বা আটাইতকৈ শ্ৰেষ্ঠ বুলি বিশ্বাস কৰিছিল৷ তেওঁ মোক এবাৰ স্কেচ্ছ আঁকি দেখুৱাইছিল যে তেওঁলোকৰ ধৰ্মইহে ঈশ্বৰ প্ৰাপ্তিৰ পোন পথ দেখুৱায়; আনবিলাকৰ পথ একা-বেঁকা!

 

এড্মাণ্ডজ্‌ৰ ক্লাছত

নতুন কলেজ, সম্পূৰ্ণ নতুন পৰিৱেশ; ৰা-ছোৱালীবিলাকো অচিনাকী৷ সেয়ে প্ৰথম দিনা ক্লাছলৈ যাওঁতে মনটো উগুল-থুগুল লাগি আছিল৷ যিহেতু স্নাতক প্ৰথম বাৰ্ষিকৰ শিক্ষাৰ্থীবিলাকৰ সৰহভাগেই সেই কলেজতে Pre-University কৰি অহা পুৰণি ছাত্ৰ-ছাত্ৰী, সেয়ে সম্পূৰ্ণ নতুন আৰু অচিনাকি মুখ দেখি  ইয়াতো ৰেগিঙৰ বলি হব লাগিব নেকি সেই কথা ভাবি কিছু শংকিত হৈছিলোঁ৷ সৌভাগ্যৰ কথা, তেনে একো অঘটন নঘটিল৷ মোৰ প্ৰথম ক্লাছটো বোধকৰোঁ পাছকৰ্ছৰ বুৰঞ্জী বিষয়ৰ আছিল৷ ছাত্ৰ-ছাত্ৰী যথেষ্ট আছিল যদিও কটনৰ তুলনাত বহুত কম৷ পাঠদান আছিল সম্পূৰ্ণ বক্তৃতাভিত্তিক৷ ডেকা অধ্যাপকজনে সলসলীয়াকৈ ইংৰাজীত দিয়া প্ৰথম বক্তৃতাটো শুনি বেচ ভাল পালোঁ৷ সেই অধ্যাপকগৰাকী আছিল দিব্যাহাস গোস্বামী ছাৰ যি পিছলৈ ডক্টৰেট ডিগ্ৰী লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক (ৰেজিষ্ট্ৰাৰ) হৈছিলগৈ৷ সেইদিনাৰ ইকমিক্সৰ ক্লাছটোৰ কথাও বেচ মনত আছে৷ অধ্যাপকগৰাকী আছিল আগা আহমেদ ছাৰ৷ গোস্বামী ছাৰৰ দৰে এইগৰাকী অধ্যাপকৰ লেক্চাৰো বেচ্উপাদেয় আছিল৷ শ্ৰীচেহেৰাতো দুয়োগৰাকী সুদৰ্শন যুৱক আছিল৷

আমাক অসমীয়া পঢ়ুৱাইছিল অধ্যাপক নলিনী মিশ্ৰ ছাৰে৷ এখেত আমাৰ সহপাঠী আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকৰ্মী অধ্যাপক উদয়ন মিশ্ৰৰ পিতৃ৷ ছাৰ কিছু একাচেকা ধৰণৰ আছিল বাবে আমি অসমীয়া ক্লাছত বেচ্সষ্টম হৈ থাকিব লগা হৈছিল৷ পাঠ্যক্ৰমৰ ভিতৰুৱা এখন গল্প-সংকলনৰ গল্পবোৰ পঢ়াওঁতে ভাষাৰ ভুল দেখি ছাৰে হাতত থকা কিতাপখনতে এফালৰপৰা কাটি যোৱা মোৰ এতিয়াও মনত আছে৷ অসমীয়া বিভাগত বোধকৰোঁ তেখেতেই একমাত্ৰ অধ্যাপক আছিল৷ মিশ্ৰছাৰৰ বাহিৰে আন কোনো শিক্ষকে অসমীয়া পঢ়ুৱাৰ কথা মনত নাই৷ মোৰ যিমান দূৰ মনত পৰে, সেই সময়ত কলেজখনত স্থানীয় জনগোষ্ঠীসকলৰ মাজৰ পৰা অহা শিক্ষক প্ৰায় নাছিলেইঅন্ততঃ মই পঢ়া বিষয়কেইটাত নাছিল৷ খাছী জনগোষ্ঠীৰ লোক হেমলেট বাৰে ছাৰ বুৰঞ্জীৰ অধ্যাপক আছিল যদিও আমি তেখেতৰ ক্লাছ পোৱা নাছিলোঁ৷ জানিবলৈ পোৱা মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি কিছুদিন তেতিয়াৰ নেফা (NEFA, আজিৰ অৰুণাচল প্ৰদেশ) চৰকাৰী কৰি পিছলৈ উত্তৰ-পূব পাৰ্বত্য বিশ্বিদ্যালয়ৰ(North Eastern Hill University, চমুকৈ NEHU) মুৰব্বী অধ্যাপক হৈছিলগৈ৷


ইংৰাজীত অনাৰ্ছ (Honours) বৰ বাবেই কটন এৰি নতুন কলেজখনলৈ গৈছিলোঁ যদিও ক্লাছবোৰ কৰি কোনো বিশেষত্ব অনুভৱ কৰা যেন লগা নাছিল৷ শিক্ষকসকলৰ ভিতৰত এগৰাকী আইৰিশ্ব মিশ্যনেৰী অধ্যাপক, এগৰাকী অসমীয়া অধ্যাপিকা আৰু ৰয় উপাধিৰ দুগৰাকী অধ্যাপকৰ কথা মনত আছে৷ মিশ্যনেৰী অধ্যাপক (ৰোমান কেথলিক) ব্ৰডাৰ কাৰেন (Br. Curren) ছাৰে আমাক ঘাইকৈ মিল্টনৰপেৰেডাইজ লষ্ট’ (Paradise Lost), জন্ডান (John Done) আৰু আন দুজনমান কবিৰ কবিতা পঢ়ুৱাইছিল৷ তেখেতে সাধাৰণতে চকীত বহি বহি কথাবোৰ বুজাই গৈছিল৷ কবি মিল্টনৰ কেতবোৰ উক্তি আৰু দৃষ্টিভংগী যে তেখেতৰ পছন্দৰ নাছিল, সেই কথা অনুভৱ কৰিছিলোঁ৷ প্ৰিন্সিপেল ব্ৰাডাৰ ফলিৰ কথা আগৰ লেখাত কৈ আহিছোঁ৷ নিৰ্দিষ্ট অধ্যাপকগৰাকী অনুপস্থিত থাকিলে তেখেতে কেতিয়াবা ইংৰাজী সাহিত্যৰ ক্লাছো লৈছিল৷ আকৰ্ষণীয় কথনভংগী আৰু ব্যক্তিত্বৰ বাবে তেখেতৰ ক্লাছত উপস্থিত থাকি ভাল পাইছিলোঁ আৰু যথেষ্ট উপকৃত হৈছিলোঁ৷ পুনৰ কওঁ মুখত এটা গহীন অথচ মিচিকিয়া অঁহি আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰে বিদ্যাৰ্থীসকলৰ সৈতে সহজে অন্তৰংগতা স্থাপন কৰিব পৰা এই বিশিষ্ট শিক্ষক-প্ৰশাসকগৰাকীৰ কথা মোৰ চিৰকাল মনত থাকিব৷

 

মোৰ হাতত ৰাইফল

মই ১৯৬২ চনৰ আগভাগত কলেজত ভৰ্তি হৈছিলোঁগৈ৷ সেই বছৰতে ভাৰত-চীন যুদ্ধ সংঘটিত হোৱাত চৰকাৰে কলেজীয়া ছাত্ৰৰ বাবে বাধ্যতামূলকভাৱে সামৰিক প্ৰশিক্ষণৰ কাৰ্যসূচী ঘোষণা কৰিছিল৷ মনত আছে, সামৰিক নে অৰ্ধ-সামৰিক য়ুনিফৰ্ম পৰিধান কৰা এগৰাকী ভাৰপ্ৰাপ্ত অধ্যাপক আৰু এজন নে দুজন সামৰিক বিষয়াৰ তত্বাৱধানত আমাৰ প্ৰশিক্ষণ চলিছিল৷ কলেজ খেলপথাৰৰ এমূৰে থকা জোপোহানিৰ কাষত আমাক ৰাইফল চলোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ জীৱনত তেতিয়ালৈকে বন্দুক চুই নোপোৱা মোৰ দৰে লৰাই স্বদেশৰ স্বাধীনতা ৰক্ষাৰ বাবে যুঁজিবলৈ বন্দুক হাতত লৈ বেচ্পুলকিত অনুভৱ কৰিছিলোঁ৷ আমাৰ হাতত দিয়া ৰাইফলবোৰ প্ৰকৃত Unloaded rifles আছিল৷ বন্দুকত কেনেকৈ গুলী খাজিব লাগে; জোপোহা গছ, শিলাখণ্ড আদিৰ আঁৰ লৈ মাটিত পেট পেলাই শত্ৰুলৈ লক্ষ্য কৰি কেনেকৈ গুলী এৰিব লাগে; কেনেকৈ কেমফ্লাজ(Camouflage) কৰিব লাগে আদি বিষয়ত আমাক শিক্ষা দিয়া হৈছিল৷ অৱশ্যে হঠাতে যুদ্ধ বন্ধ হোৱাত আমাৰ বন্দুক চালনাৰ শিক্ষাও আধৰুৱা হৈ ৰল৷ হাতত ৰাইফল লৈ দেশৰ বাবে যুঁজিবলৈ বন্দুকধাৰী সেনা কেনেকৈ হব পাৰি সেই সম্পৰ্কে সামান্য অভিজ্ঞতা হল৷

 

হাততে পাই হেৰুৱালোঁ

প্ৰি-য়ুনিভাৰ্চিটি পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ কথা পূৰ্বতে উল্লেখ কৰিছোঁ৷ উক্ত ফলাফলৰ আধাৰত সেই সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় বৃত্তি(National Scholarship) পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত হোৱা দেখি কিমান যে উৎফুল্লিত হৈছিলোঁ সেই কথা এতিয়াও পাহৰা নাই৷ Pre-University পৰীক্ষাত মোৰ ৰোল নাম্বাৰ আছিল N9; কটন কলেজত পঢ়ি কটনৰ পৰীক্ষাৰ্থী হিচাপেই পৰীক্ষা দিছিলোঁ৷ কিন্তু বিধিৰ কি বিপাক! সেই ‘N’টোৰ বাবেই মোক ৰাষ্ট্ৰীয় বৃত্তিৰপৰা বঞ্চিত কৰা হল৷ সেই দিনত কিবা কাৰণত কোনো বিষয়ত এক নিৰ্দিষ্ট সংখ্যক শ্ৰেণীত উপস্থিত নাথাকিলে Non-collegiate কৰা হয় আৰু ৰোল নম্বৰত ‘N’ লগাই দিয়া হয়৷ পিছলৈ অৱশ্যে এই নিয়ম উঠি গ; কিছু জৰিমনা ভৰিলেই হল৷ কেৱল এইটো কাৰণতে এজন ছাত্ৰক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা কথাটো মই মানি লব পৰা নাছিলোঁ৷ ইয়াৰ প্ৰতিকাৰ বিচাৰি অতিৰিক্ত শিক্ষাধিকাৰ (Additional D.P.I.) আৰু শিক্ষাধিকাৰ (D.P.I.) দুয়ো শীৰ্ষ বিষয়াক পৃথকে পৃথকে লগ ধৰিছিলোঁ৷ তেওঁলোকে মুখেৰে কিছু আশা দিছিল যদিও কামত একো নকৰিলে৷ শেষত উপায়ন্তৰ হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ কাষ চপাৰ সিদ্ধান্ত ললোঁ৷ তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল দেৱকান্ত বৰুৱা৷ অসমৰ ৰাজধানী শ্বিলং পাহাৰৰ ওপৰত হোৱা বাবে সেই দিনত মন্ত্ৰীক লগ কৰিবলৈ ভৈয়ামৰ জিলাসমূহৰ পৰা বৰ বেছি মানুহ যোৱা নাছিল বা যাব পৰা নাছিল৷ সেয়ে আজিকালিৰ পৰিস্থিতিৰ বিপৰীতে তেতিয়াৰ দিনত মন্ত্ৰীক সাক্ষাৎ কৰাৰ সুবিধা সহজে পোৱা হৈছিল৷ শিক্ষামন্ত্ৰীৰ কাষলৈ যাওঁতে মোৰ সংগী আছিল সহপাঠী বন্ধু কবীন ফুকন৷ দ্বাৰৰক্ষীৰ অনুমতি লৈ মন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনৰ চৌহদত প্ৰৱেশ কৰি আঁতৰৰ পৰাই দেখিলোঁ শিক্ষামন্ত্ৰীয়ে তেওঁৰ স্বভাৱসিদ্ধ ভংগীমাত কলা পাইপেৰে চিগাৰ হুপি আছিল; কাষত আন মানুহ তেনেকৈ নাছিলেই৷ আমি দুয়োৱে নমস্কাৰ জনাই নিজৰ নিজৰ চিনাকি দি মোৰ যোৱাৰ উদ্দেশ্যৰ কথা ক’লোঁ৷ তেখেতে মোৰ কথা শুনি কোনো মন্তব্য নিদি আমি অসমৰ কোন ঠাইৰ মানুহ সুধিলে৷ কবীন যোৰহাটৰ আৰু মই নাজিৰাৰ বুলি কোৱাত ঠাই দুখনৰ বিষয়েহে মন্ত্ৰীসুলভভাৱে নানা কথা সুধিলে৷ মই এড্‌মাণ্ডজ্‌ত নাজিৰাৰ প্ৰতিনিধি নেকি বুলি কৈ সামান্য ৰসিকতাও কৰিলে৷ কিন্তু মোৰ বিষয়টোৰ সম্পৰ্কত কোনো গুৰুত্ব দিয়া যেন নালাগিল৷ মই আশা কৰিছিলোঁ অন্ততঃ ‘তুমি ফৰ্মেলি দৰ্খাস্ত এখন দিয়া’ বুলি তেওঁ ক’ব৷

শেষত সেই ৰাষ্ট্ৰীয় বৃত্তিৰ অৰ্থ সাহায্য নাপালোঁ. শিক্ষাধিকাৰ, শিক্ষামন্ত্ৰী কাৰো সহায় নাহিল৷ অসম চৰকাৰৰ ‘মেৰিট-কাম-মীনছ্‌’ আঁচনিৰ অধীনত পোৱা বৃত্তিৰেই সন্তুষ্ট থাকিব লগা হ’ল৷

 

কৈ থাকোঁ মানে ওৰকে নপৰে…

হয়, যুৱা কালৰ আৰম্ভনিৰ তিনিটা বছৰ কটোৱা কলেজখনৰ বিষয়ে ক’ব লগা কথা বহুত আছে৷ কিন্তু সেইবোৰ কথাৰ বহল বৰ্ণনাই প্ৰিয় পাঠকসকলক কিবা ৰস যোগাব বুলি মনে নধৰে৷ তথাপিও সততে দেখি থকা আৰু অনুভৱ কৰা মহাবিদ্যালয়খনৰ দুটামান বিশেষত্বৰ কথা উল্লেখ নকৰাকৈ কেনেকৈ থাকিম? প্ৰায় সকলো ক্ষেত্ৰতে নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, শৃংখলাবদ্ধতা, প্ৰয়োজনীয় সংযম ৰক্ষা কৰা ইত্যাদি দিশত কলেজ প্ৰশাসনে সততে চকু ৰাখিছিল৷ শ্ৰেণীসমূহৰ কথা নকওঁৱেই, খেলা-ধূলা আদি অনুষ্ঠান সময়মতে আৰু অযথা বাহ্যিক জাকজমকতা প্ৰদৰ্শন নকৰাকৈ অনুষ্ঠিত হৈছিল৷ কটন কলেজ বা ভৈয়ামৰ প্ৰায়বিলাক কলেজত হোৱাৰ দৰে সভা-সমিতি, পূজা–উৎসৱ আদি অনুষ্ঠানৰ প্ৰাচুৰ্য নাছিল৷ অৱশ্যে কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাৰ্ষিক ক্ৰীড়া, সাহিত্য-সংস্কৃতিমূলক প্ৰতিযোগিতা, তৰ্ক-আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি সুন্দৰকৈ অনুষ্ঠিত হৈছিল৷ আমাৰ দিনত ছাত্ৰ-ছাত্ৰীৰ মাজত এইদৰে প্ৰতিযোগিতা  হোৱা দিন কেইটাক College Week বোলা হোৱা নাছিল৷ তেতিয়ালৈকে নিৰ্বাচিত ছাত্ৰ একতা সভা (Student’s Union) নাছিল৷ জানিবলৈ পোৱা মতে চলিত শতিকাৰ আৰম্ভনিৰ পৰাহে আনুষ্ঠানিকভাৱে ‘কলেজ উইক’ (College Week) পাতিবলৈ লোৱা হয়৷ আমাৰ দিনতো প্ৰতিযোগিতাসমূহ সামৰণি পৰাৰ দিনা সন্ধিয়া আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম৷ সেই অনুষ্ঠানত পাছলৈ সাতভনী বুলি জনাজাত হোৱা উত্তৰ-পূৱৰ প্ৰায় কেউখন ৰাজ্যৰ জনগোষ্ঠীসমূহৰ গীত, নৃত্য আদি সাংস্কৃতিক সম্পদ পৰিৱেশন কৰা হৈছিল৷ অনুষ্ঠানৰ আৰম্ভনিত পৰিৱেশিত পাশ্চাত্য সংগীতৰ College Orchestra-ৰ সুৰ-সমলয় কেনেকৈ পাহৰিম? এইখিনি কথা লিখি থাকোঁতে মোৰ এনে লাগিছে যেন সেই ঐকতান বাদনৰ সুৰ এতিয়াও কাণত বাজি আছে৷

ছেইণ্ট এড্‌মাণ্ডজ্‌ কলেজৰ মট’ (Motto) হৈছে Facta non verba; Deeds, not words. সেই মূলমন্ত্ৰ মনত ৰাখিয়ে যেন মহাবিদ্যালয়খনৰ সৈতে জড়িত সকলো পক্ষই কাম কৰিছিল আৰু এতিয়াও কৰি আছে৷ ২০২৪ চনত শতবৰ্ষ গৰকিবলৈ আগবঢ়া ছেইণ্ট এড্‌মাণ্ডজ্‌ কলেজ ইতিমধ্যে বহুদূৰ আগুৱাইছে৷

জীৱনৰ পথত বাটকুৰি বাইছোঁ আমিও৷

সময়ৰ গতিক ৰোধিব কোনে?         

  

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ