অন্যযুগ/


উলাহেৰে উভতি চাওঁ - ১৯

 ড° পোনা মহন্ত


(ছেপ্টেম্বৰ, ২০২১, খণ্ডৰ পিছৰ পৰা)

এই কথা আগতে কৈ আহিছোঁ যে এজন ছাত্ৰ হিচাপে নৱম শ্ৰেণীৰ শেষছোৱা আৰু দশম শ্ৰেণীৰ প্ৰথম কেইমাহমান মোৰ বেছ ব্যস্ততাত গল৷ বিশেষকৈ স্কুলৰ আলোচনীকাৰেংঘৰৰ সম্পাদকৰূপে আৰুভাৰত দৰ্শনলৈ যোৱা বাবে নিয়মীয়া পঢ়া-শুনাত তেনেকৈ মন দিব পৰা নাছিলোঁ৷ এইখিনিতে তেতিয়া আৰু পাছলৈও মনত খেলাই থকা কথা এটা বেকত কৰিব খুজিছোঁ৷ দীন বৰ্মন, সুশীল বৰুৱাৰ দৰে নাজিৰা চহৰৰ অভিজাত পৰিয়ালৰ সন্তান আৰু বছৰেকীয়া পৰীক্ষাবোৰত প্ৰায়ে প্ৰথম-দ্বিতীয় হোৱাটাউনীয়াছাত্ৰ থাকোঁতে মোক বাৰু কিয় ভাৰত ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হ? সেই কালত ইংৰাজী ভাষাটোৰ প্ৰতি মোৰ বিশেষ দুৰ্বলতা আছিল৷ ভাব হৈছিল যে ইংৰাজী ভালকৈ জানিলেঅৰ্থাৎ লিখিব আৰু কব পাৰিলে, ভৱিষ্যতে বহুত কিবাকিবি হব পাৰিম৷ তেতিয়াৰ দিনত স্কুলত কিয়, অসমৰ কলেজ-বিশ্ববিদ্যালয়তো কথিত ইংৰাজী (Spoken English) নাম মাত্ৰও শিকোৱা হোৱা নাছিল৷ তথাপি শ্ৰেণীত ইংৰাজী পঢ়ুওৱা ছাৰসকলৰ আৰু মাজে-সময়ে প্ৰধান শিক্ষক চাংকাকতি ছাৰৰ মুখত শুনা ইংৰাজী অনুকৰণ কৰি ময়ো হকে-বিহকে ইংৰাজী কবলৈ আৰম্ভ কৰিছিলোঁ৷ কেতিয়াবা স্কুলৰ তৰ্ক প্ৰতিযোগিতা বা আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ লৈ ইংৰাজীত কোৱাৰ উপৰিও এবাৰ বছৰেকীয়া বঁটা বিতৰণী সভাত ইংৰাজীতেবক্তৃতাদিছিলোঁ৷ সেইখন সভাত তেতিয়াৰ আসাম টী কম্পেনিৰ জেনেৰেল মেনেজাৰৰ পদত থকা য়ুৰোপীয় বিষয়াজনো সপত্নীক উপস্থিত আছিল৷ পাছলৈ জানিব পাৰিছিলোঁ যে মোৰ সেই সময়ত কোৱা ইংৰাজী উচ্চাৰণৰ ফালৰ পৰা ক্ৰুটিপূৰ্ণ আছিল, তথাপি মোৰ দুঃসাহস বা আন যি কাৰণেই নহওক প্ৰধান শিক্ষক ছাৰ বেছইমপ্ৰেষ্টহোৱা যেন লাগিছিল৷ প্ৰধানকৈ এইটো কাৰণতে বাৰু মোক ভাৰত ভ্ৰমণলৈ বাচনি কৰা হৈছিল নেকি? মই নাজানো. কিন্তু মোৰ মনত প্ৰশ্নবোধক চিন এটা থাকি গল৷ স্বীকাৰ কৰিবই লাগিব যে সেই সময়ত (এতিয়াও) ইংৰাজীৰ প্ৰতি গাঁৱৰ হ, চহৰৰ হওক প্ৰায় আটাইৰে দুৰ্বলতা আছিল৷ হেড্মাষ্টৰ চাংকাকতি ছাৰে আমাক ক্লাছ নাইন-টেনত অংক শিকাইছিল৷ অংকত ভাল নোহোৱা বাবে ছাৰে মোক যিদৰে গালি পাৰিছিল, ইংৰাজীতভালবুলি ভাবি মোৰ প্ৰতি কিছু সদয়ো আছিল৷ অৱশ্যে পাছলৈ যেতিয়া ইংৰাজী ভাষা-সাহিত্য অধ্যয়ন কৰি আৰু ইংৰাজী ভালকৈ জনা আৰু কোৱা মানুহৰ সংশ্ৰৱলৈ অহাৰ সুযোগ পালোঁ, তেতিয়া তাহানি স্কুলীয়া দিনত ইংৰাজী কোৱা বাবক্তৃতাদিয়াৰ কথা মনত পৰিলে মনে মনে নিজৰে হাঁহি উঠে৷

ত হেৰাল সেই সোণালী সুদিন?

আমাৰ দিনতো এম্‌. , এম্‌. ভি. স্কুল আছিল যদিও ক্লাছ ফৰৰপৰা টেনলৈকে হাইস্কুলতে পঢ়িব পৰাৰ ব্যৱস্থা আছিল৷ সেই মতে মই নাজিৰা হাইস্কুলত চতুৰ্থ শ্ৰেণীৰ পৰা অন্তিমটো শ্ৰেণী অৰ্থাৎ দশম শ্ৰেণীলৈ মুঠতে সাত বছৰ শিক্ষা লাভ কৰিছিলোঁ৷ জীৱনৰ সেই সোণালী সময়ছোৱাৰ কথা আগৰ লেখাবোৰত চেগা-চোৰোকাকৈ কৈ আহিছোঁ৷ ৰ-বৰষুণ-বোকাৰ মাজেদি দিনে সাত-আঠ মাইল খোজ কাঢ়ি স্কুললৈ অহা-যোৱা কৰিছিলোঁ যদিও মই ভাবোঁ, সেই সময়ছোৱা মোৰ বাবে জীৱনৰ আটাইতকৈ গঠনমূলক (ফৰমেটিভ) সময় আছিল৷ বৰষুণত তিতি-বুৰি, টিকাফটা ৰদত, ধূলি-বোকা-শিলাময় ৰাস্তাত খোজ কাঢ়ি পিয়াহ লাগিলে পথৰ কাষৰ পুখুৰীৰ পানী খাই, পাঁচ-ছঘণ্টা একো নোখোৱাকৈ বা খুউব বেছি পানীখোৱা ছুটীত চকীদাৰ ককায়ে বেচা পাঁচ-দহ পইছাৰ কেঁচা বুট খাই হাইস্কুলীয়া দিনবোৰ পাৰ কৰিছিলোঁ যদিও মোৰ বিশ্বাস সেই অভিজ্ঞতাবোৰে জীৱনৰ পৰৱৰ্তী কালৰ অনেক বিপদ-বিঘিনি, অলাই-অথানিৰ মুখামুখি হবলৈ শক্তি আৰু সাহস দিছিল৷

চাই থাকোঁতেই সেই সুন্দৰ দিনবোৰ শেষ হবৰ হলহি৷ এতিয়াৰ কথা নাজানো, আমাৰ দিনত মেট্ৰিক পৰীক্ষাৰ তিনিমাহমানৰ আগতে টেষ্ট পৰীক্ষা পাতিছিল৷ সেই পৰীক্ষা হৈ যোৱাৰ পাছত ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ স্কুলীয়া কাল অন্ত পৰা বুলিব পাৰি৷ সেই কালত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবেও বিশেষ বা অতিৰিক্ত ক্লাছৰ আয়োজন কৰা হোৱা নাছিল৷, অন্ততঃ আমাৰ স্কুলত হোৱা নাছিল৷ সেয়ে টেষ্টৰপৰা ফাইনেল পৰীক্ষালৈ এই প্ৰায় তিনিমাহ সময় ঘৰতে থাকি মেট্ৰিকৰ বাবে প্ৰস্তুতি চলাব লাগিছিল৷ টাউনত থকা সমৰ্থৱান পৰিয়ালৰ কোনো কোনো সন্তানে ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷ মোৰ লগৰো দুজনমানে অংক, ইংৰাজী, সাধাৰণ বিজ্ঞান আদি বিষয়ত প্ৰাইভেট টিউশ্বন লোৱাৰ কথা জানো৷ মোৰ দৰে দূৰ-দূৰণিৰ গাঁৱত থকা লৰাই তেনে সুবিধাৰ কথা হয়তো সপোনতহে ভাবিব পাৰে, বাস্তৱায়িত হোৱাটো সুদূৰ পৰাহত৷ এতিয়া মই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভবা পৰীক্ষাটোৰ বাবে কেনেকৈ প্ৰস্তুতি চলাওঁ? ইংৰাজী, অসমীয়া, বুৰঞ্জী আদি বিষয়বোৰক লৈ সিমান চিন্তা কৰা নাছিলোঁ৷ সেইবিলাক যিমান পৰা যায় পঢ়িলেই  ব বুলি বিশ্বাস আছিল৷ ইংৰাজীত কিবা অসুবিধা পালে দাদাক সুধি-পুছি লৈছিলোঁ৷ আগতে উল্লেখ কৰি আহিছোঁ যে তেতিয়া মোৰ মাজু দাদা শৰৎ মহন্তই গ্ৰেজুৱেট টীছাৰ হিচাপে আমাৰ স্কুলতে শিক্ষকতা কৰি আছিল৷ তেওঁ ইংৰাজীত বেছ ভাল আছিল বুলি অনেকে কোৱা-কুই কৰা শুনিছিলোঁ৷ নহলেনো চাংকাকতি ছাৰৰ দৰে প্ৰধান শিক্ষকে ডেকা শিক্ষক এজনক হাইস্কুলৰ ওপৰ ক্লাছত ইংৰাজী পঢ়াবলৈ দিলেহেঁতেননে? কিন্তু সমস্যাত পৰিছিলোঁ অংক বিষয়টো লৈ৷ সেই সময়ত আমাৰ গাঁৱৰ কথা বাদেই, ওচৰে-পাজৰেও মোক এই বিষয়ত সহায় কৰিব পৰা কোনো লোক নাছিল৷ অংকত ভাল বুলি নাম থকা সহপাঠী কেইজনক লগ ধৰি তেওঁলোকৰ সৈতে আলাপ-আলোচনা কৰাও সম্ভৱ নাছিল৷ তেওঁলোক কেওজনৰ ঘৰ তিনি-চাৰি মাইল আঁতৰৰ টাউনত বা ইয়াৰ আশে-পাশে আছিল৷ তদুপৰি তেওঁলোক নিজেই পৰীক্ষাৰ বাবে প্ৰস্তুতি পৰ্বত ইমান ব্যস্ত আছিল যে কোনো পিতৃ-মাতৃ বা অভিভাৱকে আন কোনোবাই তেওঁলোকক আমনি কৰাটো বিচৰা নাছিল৷ মনত পৰিছে উমাশংকৰ আগৰৱালাৰ কথা৷ সি মোৰ বেছ ঘনিষ্ঠ আছিল যদিও তাৰ প্ৰতি সামান্য হিংসাৰ ভাবো ওপজিছিল৷ তাৰ আখৰবোৰ কাউৰীঠেঙীয়া আছিল, কিন্তু অংকত ইমান চোকা আছিল যে যেই কোনো প্ৰশ্নৰ উত্তৰ উলিয়াব পাৰিছিল৷ তদুপৰি আমি প্ৰতিদিনে সাত-আঠ মাইল বাটকুৰি বাই স্কুললৈ অহা-যোৱা কৰোঁ, অথচ এইমাৰোৱাৰীৰাটোৱে ঘৰৰপৰা মাত্ৰ এমাইল বাট চাইকেলেৰে যায়! পৰৱৰ্তী কালত উমাশংকৰক লগ পোৱাৰ কথা মনত নাই৷ শুনিবলৈ পোৱা মতে সি কমাৰ্চ আৰু আইনৰ ডিগ্ৰী লৈ ডিমাপুৰ নে কত উকালতি কৰি বেছ প্ৰতিষ্ঠা লাভ কৰিছে৷ অৱশ্যে এটা কথা কব পাৰোঁ লগ পোৱাৰ সুবিধা থকা হলে উমাই মোক অংক বিষয়ত নিশ্চয় কিছু সহায় কৰিলেহেঁতেন৷ আজিকালিৰ লৰা-ছোৱালীয়ে স্মাৰ্ট ফোনত কথা পাতি, মেছেজ বা হোৱাটচ্আপ কৰি যি ধৰণে আলাপ-অলোচনা কৰাৰ সুবিধা পাইছে, আমাৰ দিনত এনেবোৰ কথা কল্পনাৰো অতীত আছিল৷

এইদৰে অংক বিষয়টো লৈ যথেষ্ট অহায় অনুভৱ কৰিছিলোঁ যদিও বহুত ভাবি-চিন্তি নিজেই কেইটামান উপায় উলিয়াইছিলোঁ৷ অংক কিতাপখনৰ প্ৰতিটো অধ্যায়ৰ তলতউদাহৰণহিচাপে থকা অংকবোৰ যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ আগৰ কেইবছৰমানৰ মেট্ৰিকৰ প্ৰশ্নকাকত চাই দেখিছিলোঁ যে অনেক প্ৰশ্নউদাহৰণৰ পৰা দিয়া হৈছিল৷ তদুপৰি কোনো এবছৰত দিয়া প্ৰশ্ন সাধাৰণতে পাছৰ বছৰতৰিপিটকৰা নহৈছিল৷ এইদৰে চাই-মেলি বেছি টান পোৱাবোৰ বাদ দি বাকীবোৰ কৰিবলৈ যত্ন কৰিছিলোঁ৷ তদুপৰি জ্যামিতিৰ উপপাদ্য আৰু এলজেব্ৰাৰ সূত্ৰবোৰ যিমান পৰা যায় মুখস্থ কৰিছিলোঁ৷ সকলো কঠিন কামতেৰিস্কআছেই৷ এই বিষয়টোৰ বেলিকাও মই যথেষ্ট ৰিস্ক লৈছিলোঁ৷

প্ৰৱেশিকা পৰীক্ষা দিলোঁ

সেই সময়ত প্ৰৱেশিকা পৰীক্ষা পতাৰ চেণ্টাৰ বা কেন্দ্ৰ সংখ্যা অতি সীমিত আছিল৷ তেতিয়াৰ অবিভক্ত অসম ৰাজ্যখনৰ কেৱল জিলা আৰু মহকুমা সদৰ চহৰবোৰতহে পৰীক্ষা পতা হৈছিল৷ সেই হিচাপত আমাৰ নাজিৰা হাইস্কুলৰ পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা কেন্দ্ৰ আছিল শিৱসাগৰ চৰকাৰী হাইস্কুল৷ আমাৰ ঘৰৰপৰা শিৱসাগৰ চহৰলৈ দূৰত্ব কমেও পোন্ধৰ মাইল হব৷ ঘৰৰ পৰা যাব পৰাকৈ চৰকাৰী বা প্ৰাইভেট কোনো ধৰণৰ যান-বাহনৰ সুবিধা নাছিল৷ প্ৰকৃততে কবলৈ গলে সেই দিনত চাইকেলখনেই আছিল চল্লিছ-পঞ্চাছ মাইল পৰ্যন্ত দূৰণিবটীয়া ঠাইলৈ অহা-যোৱা কৰিব পৰা প্ৰধান বাহন৷ অৱশ্যে চাইকেল এখনৰ গৰাকী হবলৈও গঞাসকলৰ মাজৰ এমুঠিমানৰহে সামৰ্থ্য আছিল৷ স্কুলত পঢ়ি থকা দিনত দেখিছিলোঁ শিৱসাগৰ কাছাৰীত মোকৰ্দমা চলাই থকা আমাৰ গাঁৱৰ দুজনমানে ধলপুৱাতে যাত্ৰা কৰি পদব্ৰজে গৈ যথাসময়ত ৰংপুৰ পাইছিলগৈ৷ একেদৰে উভতি আহি সাঁজ লগাৰ পাছত ঘৰ সোমাইছিলহি৷ এতিয়া এইবোৰ কল্পনা কৰিব নোৱৰা কথা যেন লাগে৷ এনে কাৰণতে আমাৰ দিনত দূৰ-দূৰণিৰ গাঁৱৰ লৰাই পৰীক্ষা কেন্দ্ৰ থকা নগৰৰ বা কাষৰীয়া অঞ্চলৰ আত্মীয়-কুটুম, চিনা-পৰিচয় থকা মানুহৰ ঘৰত বা কলেজৰ হোষ্টেল-মেছ আদিত থাকি পৰীক্ষাত বহিব লগা হৈছিল৷ মনত আছে বছৰচেৰেকৰ আগতে কেনেকৈ মাজু দাদাই শিৱসাগৰ চহৰৰ পৰা নাতিদূৰৰ চেৰেকাপাৰৰ এটা শিক্ষিত আৰু হৃদয়বান পৰিয়ালৰ ঘৰত থাকি প্ৰৱেশিকা পৰীক্ষা দিছিল৷ মোৰ বেলিকা যেনিবা সামান্য সুবিধা হৈছিল৷ দাদা ইতিমধ্যে নাজিৰা হাইস্কুলৰ পৰা গৈ জয়সাগৰ পুখুৰীপাৰত থকা শিৱসাগৰ কলেজৰ অধ্যাপক হৈছিল৷ গৰম বন্ধ নে আন কিবা কাৰণত কলেজ বন্ধ হৈ থকাত তেওঁ মোৰ বাবে বয়জ হোষ্টেলৰ ৰূম এটা ঠিক কৰি দিলে৷ চিনা-জনা নথকা কোনোবা মানুহৰ ঘৰত থাকি পৰীক্ষা দিব লগা হোৱাতকৈ মই এই ব্যৱস্থাটো বেছি ভাল পালোঁ৷ সেয়ে জয়সাগৰৰ পৰা শিৱসাগৰ নগৰৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰায় তিনিমাইল বাট চাইকেলেৰে অহা-যোৱা কৰি পৰীক্ষা দিবলৈ সাজু হলোঁ৷ ৰাষ্ট্ৰীয় ঘাই পথেদি গলে দূৰত্ব বেছি হয় বাবে ময়ো আন লোকসকলৰ দৰে গাঁৱৰ চমু পথেদি দিখৌ নদীৰ মথাউৰিয়েদি গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছিলোঁ৷ সকলো ঠিকেই আছিল যদিও এদিন এটা অঘটন ঘটিল৷ পৰীক্ষাৰ সময় জুলাই নে আগষ্ট হোৱা বাবে বতৰ প্ৰায়ে ডাৱৰীয়া আছিল৷ এদিনৰ কথা : মূল পথৰ পৰা মথাউৰিত উঠোঁতেই চাইকেলৰ পৰাশ্লিপকৰাত মই বাহনৰে সৈতে মাটিত পৰি বোকা-পানীৰে লুতুৰি-পুতুৰি হলোঁ৷ ভাগ্য ভাল আছিল, কোনো ধৰণৰ শাৰীৰিক আঘাত পোৱা নাছিলোঁ৷ বৰষুণ পৰি পৰি মথাউৰিৰ ৰঙা মাটি কুমলি আছিল বাবেই বোধকৰোঁ সেই বাৰলৈ বাচিলোঁ৷ সি যি নহওক, বিশেষ পলম নোহোৱাকৈ যথা সময়ত গৈ পৰীক্ষা কেন্দ্ৰ পালোঁগৈ৷ পৰিস্থিতি বুজি মোক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হল যদিও কিছুমান পৰীক্ষাৰ্থীয়ে মোৰ চোলা-পেণ্টলৈ চাই ফিচিঙা-ফিচিঙি কৰা দেখিহে বৰ বেয়া লাগিছিল৷ যেই কি নহওক, পৰীক্ষা আৰম্ভ হোৱাত চব শাম কাটিল৷ ফেনৰ পৰা আৰু মুকলি খিৰিকিৰে অহা বতাহত মোৰ চোলা-কাপোৰো লাহে-লাহে শুকাল৷

সত্ৰাধিকাৰ বৰত্তাৰ বৰশী বোৱাৰ সংগী

পৰীক্ষা শেষ হল৷ ৰিজাল্টৰ বাবে কমেও তিনিমাহ ৰব লাগিব৷ বন্ধু-বান্ধৱ, আত্মীয় আৰু শুভাকাংক্ষীসকলে আশা কৰা মতে পৰীক্ষা ভাল কৰিব নোৱাৰিলোঁ যদিও যেনে-তেনে প্ৰথম বিভাগ পাম বুলি আশা পাঙি আছিলোঁ৷ সেইটো বাৰু সময়ত যি হয় হ, কিন্তু এতিয়া কি কৰা যায়? মেট্ৰিক পৰীক্ষাৰ্থী হোৱাৰ সুবাদত জাকৈ-জুলুকিৰে মাছ ধৰা, কাষৰ হাবিত খৰি লুৰা আদি কামবোৰ ইতিমধ্যে এৰিছিলোঁৱেই৷ অৱশ্যে এটা কথা আগতে উনুকিয়াই আহিবলৈ পাহৰিছিলোঁ৷ সেই সময়ত আমাৰ বৰত্তা (বৰ আতা, বৰদেউতা) গোপালকৃষ্ণ দেৱগোস্বামী আমাৰ চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আছিলএইখিনিতে বৰত্তাৰ উপাধিটোৰ বিষয়ে দু-আষাৰ নকলে পঢ়ুৱৈৰ মনত হয়তো কিবা খোকোজা থাকি যাব পাৰে৷ আচলতে আমাৰ উপাধি (Surname) ‘মহন্ত৷ পিছে দেখিবলৈ পাইছিলোঁ আৰু এতিয়াও দেখোঁ যে কোনো এজন জ্যেষ্ঠ মহন্ত সত্ৰৰ অধিকাৰৰ আসনত বহিলে প্ৰায় সকলোৱেই ‘গোস্বামীউপাধি লয়৷ এইটো কিয় কৰা হয় নাজানো, কিন্তু পৰৱৰ্তী সময়ত কথাবোৰ বুজিব পৰা হোৱাত ইয়াৰ কাৰণ খুঁচৰি উলিয়াবলৈ যত্ন কৰিছিলোঁ৷গোস্বামী’ (গো+স্বামী) শব্দৰ অৰ্থ ব্যাপক– সকলো জ্ঞানৰ মূল, বেদৰ গৰাকী, শ্ৰীকৃষ্ণৰ ক্ষেত্ৰ গোকুলৰ লগত সম্পৰ্কিত, তৰা, আকাশ, স্বৰ্গ ইত্যাদিৰ গৰাকী আৰু অনেক৷ তদুপৰি ভাৰতৰ ভালেকেইজন সাধু-সন্ত নামৰ লগত ‘গোস্বামী’ শব্দ জড়িত– গোস্বামী তুলসীদাস, সনাতন গোস্বামী, জীৱ গোস্বামী, ইত্যাদি৷ অসমৰ ব্ৰহ্ম সংহতি, পুৰুষ সংহতি প্ৰভৃতিৰ গোঁসাইসকলেও প্ৰায়ে গোস্বামী লিখা দেখিছোঁ৷ বংগদেশীয় অনেক ব্ৰাহ্মণ আৰু পণ্ডিতেও এই উপাধি গ্ৰহণ কৰা দেখা যায়৷ ইত্যাদি কাৰণতে বোধকৰো কাল সংহতিৰো অনেক মহন্ত সত্ৰাধিকাৰ হ’লেই গোস্বামী হৈ যায়৷ বৰদেউতাৰ কথা নকওঁ, তেখেত এগৰাকী সভাশুৱনি পুৰুষ হোৱাৰ উপৰি একেধাৰে আছিল শাস্ত্ৰীয় পণ্ডিত, মুখাশিল্পী, নাট্যকাৰ আৰু জ্যোতিষশাস্ত্ৰবিদ৷ কিন্তু সংসাৰী সত্ৰবোৰত অধিকাৰ পদটো বয়স অনুপাতে– অৰ্থাৎ জ্যেষ্ঠানুক্ৰমে লাভ কৰা বাবে প্ৰায়ে অযোগ্য লোকৰ হাতত এই দায়িত্ব পৰা দেখিছোঁ৷ তেনে এজনো ৰাতিটোৰ ভিতৰতে গোস্বামী হৈ যায়! অৱশ্যে সকলোৱে এনে কৰে বুলিলেও ভুল হ’ব৷ ইয়াৰ আটাইতকৈ চকুত পৰা উদাহৰণ হ’ল পণ্ডিত, কবি, নাট্যকাৰ মিত্ৰদেৱ মহন্ত যি সত্ৰাধিকাৰ হৈও মহন্ত হৈয়ে থাকিল৷ ‘গোস্বামী’ কিয়, প্ৰকৃতাৰ্থত এজন ‘মহন্ত’ হোৱাও জানো সাধাৰণ কথা? সত্ৰাধিকাৰ বৰত্তাৰ বিভিন্ন ব্যস্ততাৰ মাজতো এটা বিশেষ চখ আছিল৷ সেইটো হ’ল বাৰীৰ পিছফালে থকা পুখুৰীত বা গড়খাৱৈ ‘নৈ’ত বৰশী বোৱা৷ উল্লেখযোগ্য যে অতি প্ৰাচীন কালৰ পৰাই প্ৰাচ্য-প্ৰতীচ্য দুয়োখন জগতৰ মানুহৰ মাজত বৰশী বাই মাছ ধৰা কৌশল চলি আহিছে৷ সৰ্বসাধাৰণ মানুহে জকাই-জাল, পল-জুলুকি আদি বিভিন্ন আহিলাৰে মাছ ধৰাৰ বিপৰীতে সমাজৰ বৰলোকসকলে সাধাৰণতে বৰশী টুপাই মাছ ধৰিছিল৷ প্ৰকৃততে ক’বলৈ হ’লে অভিজাত বা সমাজৰ ‘উচ্চ’ শ্ৰেণীৰ লোকৰ এইটো আছিল এক প্ৰকাৰ অৱসৰ বিনোদন৷ এসময়ত পাশা খেল, দবা খেলৰ দৰে খেলবোৰ যেনেকৈ প্ৰধানকৈ ৰজা-মহাৰজা, মন্ত্ৰী-অমোলা প্ৰভৃতি বৰমূৰীয়া শ্ৰেণীৰ লোকৰ মাজত সীমাৱদ্ধ আছিল, বৰশী বোৱাটোও প্ৰায় তেনেকুৱা৷ আগতে দেওবাৰ বা স্কুল বন্ধৰ দিনত বৰত্তাই বৰশী বাবলৈ মোক প্ৰায়ে লগত নিছিল৷ মেট্ৰিক পৰীক্ষাৰ পাছত ঘৰতে থকা বাবে তেখেতৰ নিয়মীয়া সংগী হোৱাদি হ’লোঁ৷ মোৰ কাম আছিল বৰত্তাৰ বৰশীত টোপ লগাই দিয়া আৰু তেখেতৰ বৰশীত মাছ লাগিলে সেইটো এৰুৱাই পুনৰ টোপ লগোৱা৷ সাধাৰণতে কেঁচু বা বৰলৰ লেটা-পোক টোপ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ বৰত্তাই টোপ, মাছ বা খালৈ কোনো এটাত হাত লগোৱা নাছিল৷ মই নহ’লে আন কোনো ল’ৰাই এই কামবোৰ কৰি দিছিল৷ আচলতে সত্ৰৰ বিভিন্ন আনুষ্ঠানিক কামত ব্যস্ত থকা বৰত্তাৰ বাবে মাজে-সময়ে এইদৰে বৰশী টুপাই পুখুৰী বা নৈৰ পাৰত বহাটো মাছ ধৰাতকৈ অৱসৰ বিনোদনৰ উপায়হে আছিল৷  

ভ্ৰাম্যভাষ : ৯৪৩৫১৩১৩৮০    

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ