অন্যযুগ/


উলাহেৰে উভতি চাওঁ: ১৫

 ড° পোনা মহন্ত

কাৰেংঘৰসাজিছিলোঁ...

কবি বিনন্দচন্দ্ৰ বৰুৱাৰগড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁকবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ গড়গাঁৱলৈ যোৱা আৰু আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰত উঠাৰ সৌভাগ্য হৈছিল৷ সৰুতে নাজিৰা নগৰৰপৰা পাঁচমাইলমান দূৰত থকা মামাহঁতৰ ঘৰলৈ খোজকাঢ়ি বাট চমুৱাই যাওঁতে কাৰেংঘৰৰ প্ৰায় কাষেদিয়ে যাব লগা হৈছিল৷ সেয়ে বুৰঞ্জীবিখ্যাত গড়গাঁও আৰু কাৰেংঘৰৰ লগত মোৰ চিনাকি শৈশৱৰেপৰাই৷ মই অৱশ্যে ইয়াত স্বৰ্গদেউ চুক্লেংমুং বা গড়গঞা ৰজাই সজোৱা কাৰেঙৰ বিষয়ে কব খোজা নাই৷ কব খুজিছোঁ সেই কাৰেংঘৰৰ কথা, যিকাৰেংঘৰআমাৰ নাজিৰা হাইস্কুলৰ ছাত্ৰসকলে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছিল৷ ১৯৫৯-৬০ বছৰটোৰ কাৰেংঘৰ নিৰ্মাণ কাৰ্যৰ প্ৰধান যোগালি আছিল এই লেখক৷

কথাটো অলপ মুকলিকৈ কব লাগিব৷ তেতিয়া মই নৱম শ্ৰেণীৰ ছাত্ৰ৷ কেইবাজনো ঘনিষ্ঠ সহপাঠীৰ তাগিদা এৰাব নোৱাৰি ছাত্ৰ সভাৰ বছৰেকীয়া নিৰ্বাচনত আলোচনী সম্পাদকৰ পদৰ বাবে প্ৰাৰ্থী হলোঁ৷ মোৰ প্ৰতিদ্বন্দ্বী কেইজন আছিল বা কোন কোন অছিল, সেই কথা এতিয়া মনলৈ আনিব পৰা নাই৷ অৱশ্যে মই যে যথেষ্ট ভাল সংখ্যাৰ ভোটত জিকিছিলোঁ, সেইটো মনত আছে৷ সেই সময়ত ভোটাৰ, অৰ্থাৎ ছাত্ৰসকলৰ পৰা ভোট ভিক্ষা কৰা পদ্ধতিটো বেচ শৃংখলাবদ্ধ আছিল৷ পানীখোৱা ছুটীৰ পাছৰ বা পিছবেলাৰ শ্ৰেণীত পাঠদান ৰম্ভ হোৱাৰ পাঁচ-দহ মিনিটমানৰ আগতেঅৰ্থাৎ শিক্ষক শ্ৰেণীত সোমোৱাৰ পূৰ্বে প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থিত্বৰ সমৰ্থনত বক্তব্য আগবঢ়োৱাৰ সুবিধা পাইছিল৷ প্ৰাৰ্থীজনে যাতে স্কুলৰ আটাইকেইটা ক্লাছৰ কেউটা চেক্শ্বনতে কথা কোৱাৰ সুযোগ পায়, সেই উদ্দেশ্যে নিৰ্বাচনৰ নিৰ্দিষ্ট দিনটোৰ কেইদিনমান আগৰেপৰা এনে ‘নিৰ্বাচনী বক্তৃতা’ প্ৰদানৰ অনুমতি দিয়া হৈছিল৷ মনত আছে, মই ওপৰ ক্লাছ কেইটাত অসমীয়াৰ লগতে ভুলে-শুদ্ধই ইংৰাজীতো ‘বক্তৃতা’ দি ভোটাৰসকলক ‘ইমপ্ৰেছ্‌’ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সেই কালত ইংৰাজীত বক্তৃতা দিয়া বা সমজুৱাকৈ কথা ক’ব পৰাটো ডাঙৰ গুণ বুলি ভবা হৈছিল৷ আমাৰ দিনত স্কুলৰ কথা বাদেই, কলেজ-বিশ্বিদ্যালয়তো Spoken English শিক্ষাৰ নাম গোন্ধেই নাছিল৷ ইংৰাজী বিষয়টোৰ বাহিৰে আন আটাইবোৰ বিষয় অসমীয়াত পঢ়ি মই ক্লাছ নাইনতে কি ধৰণৰ ইংৰাজী কৈছিলোঁ সেই কথা সুঁৱৰি এতিয়া হাঁহি উঠে৷ অৱশ্যে অসমীয়া-ইংৰাজী দুয়োটা ভাষাতে কথা কৈ ভোটাৰসকলক আকৃষ্ট কৰিব পৰাটো যে মই সৰহ ভোট পোৱাৰ অন্যতম কাৰণ সেই কথাত মই এতিয়াও সন্দেহ নকৰোঁ৷

ভোটৰ যুদ্ধত জিকি ‘নাজিৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ বছৰেকীয়া আলোচনী ‘কাৰেংঘৰ’-ৰ সম্পাদক হ’লোঁ৷ তেতিয়াহে উপলব্ধি কৰিলোঁ মোৰ ওপৰত গধুৰ দায়িত্ব পৰিল৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত- অৰ্থাৎ ক্লাছ নাইনত থকা সময়ছোৱাৰ ভিতৰতে আলোচনী উলিয়াবই লাগিব৷ ক্লাছ টেন্‌ পোৱা মানে মেট্ৰিক বা প্ৰৱেশিকা পৰীক্ষাৰ্থী হোৱা৷ নক’লেও হ’ব যে আজিৰ দৰে সেই কালতো প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল৷ তেতিয়া স্কুলৰ প্ৰধান শিক্ষক আছিল৷ গিৰিন্দ্ৰনাথ চাংকাকতী ছাৰ আৰু আলোচনী শাখাৰ শিক্ষক উপদেষ্টা আছিল পবনাথ শৰ্মা আৰু বাপিৰাম দত্ত ছাৰ৷ এই শিক্ষাগুৰুসকলৰ বিষয়ে পিছলৈ কোৱাৰ আশা ৰাখিছোঁ৷ সদ্যহতে ইয়াকে কওঁ যে উপদেষ্টা হিচাপে দুয়োগৰাকী শিক্ষক মহোদয় বেচ মৰমিয়াল আৰু সহায়ক আছিল যদিও প্ৰধান শিক্ষক চাংকাকতী ছাৰ কিন্তু নিয়ম-বিধি মনাৰ বেলিকা বেচ কঠোৰ আছিল৷ সেয়ে মই এই কথা ভালকৈ উপলব্ধি কৰিছিলোঁ যে নিৰ্দিষ্ট সময়ৰ ভিতৰত উলিয়াব নোৱাৰিলে ‘কাৰেংঘৰ’ হয়তো নোলাবগৈয়ে৷ সেয়ে দায়িত্বভাৰ লৈয়ে ছাত্ৰসকলৰ পৰা লেখা গোটোৱাত উঠি-পৰি লাগিলোঁ৷ স্কুলৰ ‘নোটিচ্‌ব’ৰ্ড’-ত জাননী প্ৰচাৰ কৰাৰ উপৰিও ইতিমধ্যে কিছু লেখা-মেলা কৰা কেইজনমান সহপাঠীক মুখেৰেও ক’লোঁ৷ দুগৰাকীমান শিক্ষাগুৰুকো লেখাৰ বাবে বিশেষ ভাৱে অনুৰোধ জনালোঁ৷ উল্লেখযোগ্য যে উপদেষ্টা শিক্ষাগুৰু দুগৰাকীয়ে পাছত প্ৰবন্ধ-পাতিবোৰ চাই দিছিল যদিও লেখা সংগ্ৰহ কৰাৰ দায়িত্ব সম্পূৰ্ণ সম্পাদকৰ ওপৰত আছিল৷

সময়ত দেখা গ’ল যে মোৰ হাতত এক বুজন সংখ্যাৰ লেখা পৰিছেহি৷ ইবোৰৰ ভিতৰত কবিতা আৰু গল্পই সৰহ৷ অ’ ক’বলৈ পাহৰিছিলোঁৱেই, আলোচনীখনৰ দুটা শাখা আছিল- অসমীয়া আৰু ইংৰাজী৷ ইংৰাজীত বেছি লেখা পোৱা নাছিলোঁ৷ প্ৰকাশিত চাৰিটা প্ৰবন্ধৰ ভিতৰত দুটাহে ছাত্ৰৰ, বাকী দুটা দুগৰাকী শিক্ষাগুৰুৰ৷ এইখিনিতে মনত পৰা কথা এটা কৈ থওঁ৷ অসমীয়া গল্প-কবিতা দিয়া কেইবাজনেও মোক ভিতৰুৱাকৈ খাটনি ধৰিছিল যাতে তেওঁলোকৰ লেখাই আলোচনীত ঠাই পায়৷ সেই বয়সত নিজকে বেচ গুৰুত্ব থকা মানুহ যেন লাগিছিল, কৈছিলোঁ- “চাওঁচোন কি হয়৷ ফাইনেল চিলেক্‌শ্বন উপদেষ্টা ছাৰ দুগৰাকীৰ হাততহে৷” সি যি নহওক, ১৯৬০ চনৰ কোনোবা এটা দিনত কাৰেংঘৰ ছপা হৈ ওলাল৷ সেয়া আছিল আলোচনীখনৰ সপ্তম সংখ্যা৷ ইয়াৰ আগতে কাৰেঙৰ ছটা সংখ্যা ওলাইছিল৷

আজিৰ পৰা তিনিকুৰি বছৰৰ আগতে প্ৰকাশ পোৱা ছাত্ৰ আলোচনী এখনত কেনেধৰণৰ লেখা ওলাইছিল, সেই বিষয়ে জানিবলৈ সহৃদয় পাঠকসকল নিশ্চয় আগ্ৰহী হ’ব৷ তেতিয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষক গিৰিন্দ্ৰনাথ চাংকাকতীদেৱ পোনপ্ৰথম শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা পাওঁতা এগৰাকী প্ৰথিতযশা শিক্ষক আছিল৷ তেখেতে ছাত্ৰসকলক উদ্দেশ্যি লিখা উপদেশমূলক প্ৰবন্ধটো পুনৰ পঢ়িও উপলব্ধি কৰিছোঁ যে দেশে স্বাধীনতা লাভ কৰাৰ এটা দশকৰ পাছত লেখা কথাখিনি এতিয়া সাতটা দশকৰ পাছতো প্ৰাসংগিক হৈ আছে৷ তেখেতৰ লেখাৰ পৰা জানিব পাৰি কেনেকৈ স্বাধীন ভাৰত চালুকীয়া অৱস্থাত থাকোঁতেও ৰাজনৈতিক নেতাসকলে স্কুল-কলেজৰ বিদ্যাৰ্থীক নিজৰ আৰু দলীয় স্বাৰ্থত ব্যৱহাৰ কৰিছিল৷ “হীন নেতৃত্বৰ ফলতেই” যে ছাত্ৰসকলে অবাটে যায়, সেই কথা দোহাৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লিখিছিল – “আমাৰ বোধেৰে তোমালোকে ৰাজনৈতিক নেতাৰ আদৰ্শ লোৱাতকৈ যাৰ আদৰ্শ যুগ-যুগান্তৰৰ কাৰণে যুগমীয়া হৈ থাকে তেনেলোকৰ আদৰ্শহে লোৱা ভাল৷... হিটলাৰৰ আদৰ্শতকৈ শ্ৰীশংকৰদেৱৰ আদৰ্শ, মুছলিনিৰ আদৰ্শতকৈ ৰবীন্দ্ৰনাথৰ আদৰ্শ শতগুণে শ্ৰেষ্ঠ৷” তেখেতে আৰু লিখিছিল “ছাত্ৰসকলৰ কোমল মতি আৰু সহজে আচল কথাটো ধৰিব নোৱৰাৰ সুবিধা লৈয়ে আজিও ৰাজনৈতিক দলসমূহে ছাত্ৰসকলক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে৷” চাংকাকতীছাৰে অসমীয়া ছাত্ৰ-ছাত্ৰীৰ ‘উচ্চ আশাবিহীনতা’-ৰ কথালৈ আঙুলিয়াই কৈছিল যে এনে হোৱাৰ বাবেই “গত দহবছৰৰ ভিতৰত(অৰ্থাৎ ১৯৫০-৬০ চনৰ ভিতৰত) যিসকল অসমীয়া প্ৰতিযোগীয়ে I.A.S. প্ৰতিযোগিতাত যোগ দিছিল, তেওঁলোকৰ এজনেও স্থান অধিকাৰ কৰিব পৰা নাই৷” এই প্ৰসংগত তেখেতে দুখ প্ৰকাশ কৰি কৈছে “স্কুল-কলেজৰ শিক্ষা সাং কৰি ওচৰৰে কোনো অনুষ্ঠানৰ কৰ্মচাৰী হোৱাটোৱেই যেন তেওঁলোকৰ (ছাত্ৰ-ছাত্ৰীসকলৰ) প্ৰধান লক্ষ্য৷” চমুতে ক’বলৈ হ’লে আজিৰ পৰা ষাঠি বছৰৰ আগতে লিখা চাংককতী ছাৰৰ প্ৰবন্ধটো এতিয়াও ইমান প্ৰাসংগিক যে এইটো সৌ সিদিনা লেখা ৰচনা যেনহে লাগে৷

ছাত্ৰসকলে লেখা প্ৰবন্ধ হ’ল গুণকান্ত ফুকনৰ (৯ম শ্ৰেণী) ‘আনন্দ ভ্ৰমণৰ খেলি-মেলি অভিজ্ঞতা’, গোলোক  দত্তৰ (৮ম শ্ৰেণী) ‘ৰঙালী বিহুৰ ৰং-ৰহস্যত এভুমুকি’, দীননাথ বৰ্মনৰ (৯ম শ্ৰেণী) ‘জৰ্জ্জ বাৰ্ণাৰ্ড শ্ব’, চৈয়দ তহচিনুল হকৰ (৭ম শ্ৰেণী) ‘স্মৃতি ৰোমন্থন: কহিমা’ আৰু পোনা মহন্তৰ (৯ম শ্ৰেণী) ‘অসমীয়া সংস্কৃতি আৰু শংকৰী সাহিত্য’৷ উত্তৰ ভাৰত ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে সুন্দৰকৈ লিখা গুণকান্ত ফুকন পঢ়াত বৰ ভাল আছিল৷ বৰ্তমান ক’ত কেনেকৈ আছে সেই বিষয়ে নাজানো৷ ডিগবৈৰ এখন উচ্চতৰ মাধ্যমিক স্কুলত শিক্ষকতা কৰা গোলোক দত্তই পিছলৈও লেখা-মেলা কৰি আছিল যদিও ভালেমান দিন তেওঁৰ কোনো লেখা চকুত পৰা নাই৷ শিক্ষাবিদ লেখক কাশীনাথ বৰ্মনৰ পুত্ৰ দীননাথ বেচ চোকা ল’ৰা আছিল৷ তেওঁ ১৯৬১ চনৰ প্ৰৱেশিকা পৰীক্ষাত ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল৷ কৰ্মক্ষেত্ৰত অসম চৰকাৰৰ এগৰাকী বিষয়া হোৱা দীননাথ বৰ্মনৰ অকাল মৃত্যু অতি দুৰ্ভাগ্যজনক৷ তেতিয়া মাত্ৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ চৈদ তহচিনুল হকৰ পৰৱৰ্তী কৰ্মজীৱনৰ বিষয়ে এই লেখক অৱগত নহয়৷

কবিতা ভালেমান পোৱা গৈছিল যদিও মাত্ৰ ছটাহে প্ৰকাশ কৰিব পৰা হ’ল৷ ইয়াৰে এটা আছিল শিক্ষক ঘন গগৈ ছাৰৰ৷ বি.এ. পাছ কৰি আমাৰ স্কুলত যোগদান কৰা গগৈ ছাৰ অসমীয়াত বৰ ভাল আছিল৷ তেখেতে ভাল গল্প আৰু কবিতাও লিখিছিল৷ কিন্তু আমি ছাত্ৰসকল আৰু অসমীয়া ভাষা-সাহিত্যৰ বাবে দুৰ্ভাগ্যৰ কথা যে গগৈ ছাৰে অকালতে এই পৃথিৱীৰ মোহ এৰি গুচি গ’ল৷ ছাত্ৰ কবি কেইজন হ’ল কীৰ্তি বৰুৱা, লোকনাথ গগৈ, যোগধৰ দত্ত, তুৱাৰাম গগৈ আৰু তোষেশ্বৰ গগৈ৷ কীৰ্তি বৰুৱাই ইংৰাজীত এম.এ পাছ কৰি আমাৰ স্কুলৰে উচ্চতৰ মাধ্যমিক শাখাৰ বিষয় শিক্ষক হিচাপে যোগদান কৰে৷ সেই পদত সুদীৰ্ঘকাল কৃতিত্বৰে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লৈ তেওঁ বৰ্তমান নাজিৰা চহৰৰ উপকণ্ঠত অৱস্থিত বাসভৱনত অৱসৰী জীৱন কটাইছে৷ এই লেখকৰ সহপাঠী শ্ৰীবৰুৱা সাহিত্য-সংস্কৃতিমূলক আৰু সামাজিক কামত ব্যস্ত হৈ থকা বতৰাই আমাকো আনন্দ দিয়ে৷ তেওঁৰ ‘নতুনৰ সুৰ’ নামৰ কবিতাটো আজিকালিৰ পাঠকেও পঢ়িও ভাল পাব৷ এই নতুনৰ সুৰ কেতিয়াও শেষ নহয়. সদায় বাজি থাকে আৰু থাকিব৷ মিত্ৰাক্ষৰ ছন্দত ৰচনা কৰা লোকনাথ গগৈৰ ‘জেৰেঙা কুঁৱৰী’ নামৰ কবিতাটোৱে সেই বছৰৰ জয়া উৎসৱত প্ৰথম পুৰস্কাৰ পাইছিল৷ যোগ দত্তৰ (৯ম শ্ৰেণী) অমিত্ৰাক্ষৰ ছন্দত লিখা ‘মই হ’ম নতুন কবি’ নামৰ কবিতাটো এতিয়াও পাঠকে পঢ়ি আমোদ পাব৷ মোৰ আন এজন সহপাঠী যোগ দত্ত আক্ষৰিক অৰ্থত কবি নহ’লগৈ যদিও পৰৱৰ্তী সময়ত অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কৃতিত্ব প্ৰদৰ্শন কৰিছিল৷ দুখৰ কথা তেওঁ যথেষ্ট আগতীয়াকৈ বন্ধু-বান্ধৱ, আত্মীয় আটাইকে এৰি থৈ চিৰকালৰ বাবে গুচি গ’ল৷ ‘বাসন্তী’ নামৰ কবিৰ ৰচিয়তা তুৱাৰাম গগৈ এজন সম্ভাৱনাপূৰ্ণ লেখক আছিল৷ কিন্তু তেওঁ আদবাটতে পথ সলনি কৰি লেখা-মেলা আৰম্ভনিতেই সামৰিলে৷ তোষেশ্বৰ গোহাঞিৰ ‘আশা’ নামৰ কবিতাটোৱে সাউৎকৰে নলিনীবালা দেৱীৰ কবিতালৈ মনত পেলায়৷ তেওঁ কবিতাটো সামৰিছিল এইদৰে:

প্ৰেমপূৰ্ণ হিয়া মোৰ              আশাৰেই ভৰা

             আশা মোৰ নহ’ব পূৰণ

ইদৰেই যাব দিন               আশাকেই লই

             আশা ৰব চিৰ অমৰণ৷

গল্প দুটাহে অন্তৰ্ভুক্ত কৰিব পৰা হৈছিল: পৰশু গোস্বামীৰ (১০ম শ্ৰেণী) ‘আশ্ৰয়’ আৰু তুলেশ্বৰ বৰগোহাঞিৰ (৯ম শ্ৰেণী)’নিয়ৰৰ ৰং’৷ দুয়োজনেই সম্ভাৱনাপূৰ্ণ আছিল৷ পৰশু গোস্ৱামী কবি আৰু আবৃত্তিকাৰ হিচাপেও স্কুলৰ ভিতৰত বেচ জনপ্ৰিয় আছিল৷ কিন্তু পৰৱৰ্তী সময়ত কোনো এজনৰ ক্ষেত্ৰতে সেই সম্ভাৱনীয়তা বাস্তবায়িত হোৱা দেখা নগ’ল৷ ছাত্ৰ একতা সভাৰ সম্পাদক সুশীল কুমাৰ বৰুৱাৰ ‘ছাত্ৰ ইউনিয়নৰ ভিতৰ চ’ৰা’ আৰু শেষত ‘সম্পাদকীয়’ৰে আলোচনীখনৰ অসমীয়া খণ্ডটোৰ সামৰণি পৰিছে৷ মোৰ অন্যতম ঘনিষ্ঠ সহপাঠী সুশীল বেচ মেধাৱী ছাত্ৰ আছিল৷ অসম চৰকাৰৰ ইঞ্জিনীয়াৰ হিচাপে উচ্চ পদৰ পৰা অৱসৰ লৈ তেওঁ বৰ্তমান পৰিয়ালসহ যোৰহাটত অৱসৰী জীৱন কটাই থকা বুলি জানিবলৈ পাইছোঁ৷

আগতে কৈ আহিছোঁ যে ইংৰাজী ‘ছেকশ্বন’-ৰ বাবে লেখা গোটোৱা মোৰ বাবে বৰ কঠিন হৈছিল৷ ইংৰাজীত ভাল ছাত্ৰ বুলি স্কুলত নাম থকা ওপৰ শ্ৰেণীৰ – অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ, দুজনমান সহপাঠীক ব্যক্তিগতভাৱে অনুৰোধ কৰিও কামত নাহিল৷ তেতিয়াই অনুভৱ কৰিছিলোঁ পৰীক্ষাত ভাল নম্বৰ পোৱা আৰু কাকত-আলোচনীত লিখি মুকলিকৈ ভাব প্ৰকাশ কৰা একে বস্তু নহয়৷ আগৰটো কামৰ দৰে পিছৰটোৰ বাবেও প্ৰয়োজন অধ্যয়ন, অনুশীলন আৰু সাহস৷ ফলস্বৰূপে ইংৰাজী শাখাত চাৰিটাহে প্ৰকাশ কৰিব পৰা হ’ল, ইবোৰৰ দুটা আমাৰ দুগৰাকী শিক্ষাগুৰুৰ৷ পি.এন. শৰ্মা অৰ্থাৎ পবনাথ শৰ্মা ছাৰৰ ‘We Visiit Madras-II’ নামৰ ভ্ৰমণবৃত্তান্তমূলক প্ৰবন্ধটো ইমান সুখপাঠ্য যে দিনচেৰেকৰ পূৰ্বে পুনৰ পঢ়ি আপ্লুত হ’লো৷ ছাৰে ইমান সহজ-সৰল, সাৱলীল ভাষাৰে লিখিছে তিনিকুৰি বছৰৰ আগতে লিখা হ’লেও সৌ সিদিনা লিখা যেনহে লাগে৷ চানেকি হিচাপে এই বাক্যকেইটা তুলি দিলোঁ: “... In this connection, I should tell you that the people of Madras, like those of Kerala, are good readers of newspapers. Altogether nine dailies – six in English and three in Tamil, are published from the city of Madras. Here in Assam we have only two daily papers and the number of newspaper readers is very very small...” উল্লেখযোগ্য যে ছাৰে এই কথাখিনি ১৯৫৭ চনৰ মাদ্ৰাজৰ (বৰ্তমান চেন্নাই) বিষয়ে লিখা৷ সেই বছৰত তেখেতে শিক্ষাসম্পৰ্কীয় এখন সৰ্বভাৰতীয় সমাবৰ্তনত অংশগ্ৰহণ কৰিবলৈ দাক্ষিণাত্যৰ এই মহানগৰীলৈ গৈছিল৷ তেতিয়াই কেৱল মাদ্ৰাজৰ পৰাই ওলাইছিল নখনকৈ দৈনিক কাকত, যি সময়ত গোটেই অসমতে আছিল মাত্ৰ দুখন!

শৰৎ মহন্ত ছাৰৰ শিক্ষাসম্পৰ্কীয় লেখা ‘Purport of Education’৷ ইয়াত তেখেতে পাশ্চাত্য চিন্তা জগতৰ একাধিক প্ৰখ্যাত শিক্ষাবিদৰ উদ্ধৃতিৰে শিক্ষাৰ প্ৰকৃত লক্ষ্য কি বা কি হোৱা উচিত সেই বিষয়ে ব্যাখ্যা আগবঢ়াইছে৷ শিক্ষাৰ উদ্দেশ্যে ‘মানুহ গঢ়া’ বুলি কৈ তেখেতে লিখিছে: “So teachers should be ever conscious of the man-making task for which they are greatly responsible.” ছাৰে স্পষ্টকৈ লিখিছিল যে স্বাধীনতা লাভৰ বাৰ বছৰৰ পাছতো (সেই সময়লৈ) আমি উন্নত শিক্ষা নীতি এটা গ্ৰহণ কৰিব পৰা নাই –“Some twelve years have elapsed since  we attained our independence, but no improved method is being adopted as yet in the field of education ...৷” এতিয়াও দেখিছোঁ যে বাৰ বছৰ কি, স্বাধীনতাৰ সাত দশকৰ পাছতো এই কথাৰ সত্যতা নোহোৱা হোৱা নাই৷ ছাত্ৰ লেখা দুটাৰ ভিতৰৰ এটাত যজ্ঞেশ্বৰ গগৈয়ে (৯ম শ্ৰেণী) স্বাধীন ভাৰতত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ বাবে N.C.C.-ৰ (National Cadet Crops) প্ৰয়োজনীয়তা আৰু উদ্দেশ্যৰ বিষয়ে চমুকৈ হ’লেও বেচ সাৱলীল ভাষাত লিখিছে৷ সময়ে সময়ে হোৱা এন.চি.চি কেম্পবোৰত কি দৰে কেডেট্‌সকলৰ শাৰিৰীক উন্নতি সাধনৰ প্ৰশিক্ষণৰ লগতে মানসিক উৎকৰ্ষ সাধনৰো সুবিধা দিয়া হয়, সেই কথা উল্লেখ কৰি তেওঁ সামৰণিত লিখিছে : “All of us should take part in these activities so that we can serve our country to the best of our ability.” মোৰ এজন মেধাৱী সহপাঠী যজ্ঞেশ্বৰে অভিযন্তা হিচাপে দেশৰ উত্তৰ-পূবৰ ভিন্ন স্থানত কাৰ্যনিৰ্বাহ কৰি শেষত কোনো এক উচ্চ পদৰ পৰা অৱসৰ লৈ বৰ্তমান গুৱাহাটীত বসবাস কৰি আছে৷ এই শাখাৰ একমাত্ৰ গল্প হ’ল দশম শ্ৰেণীৰ কুল গগৈৰ ‘The Last Night’s Dream’৷ স্কুলত থাকোঁতেই লেখক হিচাপে আত্মপ্ৰকাশ কৰা কুল গগৈ যে পৰৱৰ্তী সময়ত এজন সাৰ্থক গল্পকাৰ হ’ব পাৰিলেহেতেন, এই গল্পটোৱে এই কথাৰ ইংগিত দিয়ে৷ কিন্তু পৰিতাপৰ কথা যে তেওঁৰ ক্ষেত্ৰত এইটো দেখা নগ’ল৷

শেষত ‘Gems of Thought’ আৰু Editorial-ৰ সৈতে ইংৰাজী শাখাটোৰ লগতে কাৰেংঘৰো সমাপ্ত হৈছে৷ সেই দিনত স্কুল-কলেজৰ আলোচনীবিলাকত ‘মহৎ লোকৰ বাণী’ বুলি এটা শিতান প্ৰায়ে দেখা গৈছিল৷ Gems of Thought হ’ল তেনে এক বাণী সংগ্ৰহ৷ সম্পাদকীয়ত কি লিখিছিলোঁ সেই বিষয়ে পিছলৈ কোৱাৰ আশা ৰাখিলোঁ৷

(আগলৈ)         

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ