অন্যযুগ/


উলাহেৰে উভতি চাওঁ-১০

 কি নাম দি মাতিম তোমাক
 পোনা মহন্ত

মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা যাব৷ অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটকৰ নায়িকা চৰিত্ৰয়ো ঠিক একেটা কথাকে কৈছে৷ গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকৰ এটা আদিৰসসিক্ত দৃশ্যত নায়িকা নৱমীয়ে নায়ক ৰামক উদ্দেশ্যি কৈছে— “নামে কি কৰে? গোলাপক যদি গোলাপ নুবুলি পলাশ বোলা হয়, তেও সুগন্ধি পোৱা নাযাবনে?” হওঁতে কথাটো হয়৷ আমাৰ বুঢ়া-মেথাসকলেও কেতিয়াবা কোৱা শুনো— “নামেনো কি কৰে, গুণেহে সংসাৰ তৰে?’ আজিৰ পৰা হয়তো প্ৰায় এশ বছৰ পূৰ্বে অসমীয়া মানুহে সন্তানৰ নামক লৈ সিমান চিন্তা কৰা নাছিল৷ জন্মৰ দিন, বাৰ, মাহ, দেহৰ বৰণ, শাৰীৰি‍ক গঠন ইত্যাদি চাই-চিতিয়ে ল’ৰা-ছোৱালীক নাম একোটা দিছিল আৰু তেনে নাম প্ৰায়বিলাক নামৰ গৰাকীৰ ওৰে জীৱন চলিছিল৷ যেনে: মঙ্গলা, দেওবৰ, ভদীয়া, কলীয়া, বগাধৰ, ভীম, নালিয়া, কাতিয়া, কতীয়া, দীঘলা আৰু কত কি! ছোৱালীৰ নামো তেনেকৈ বগী, ক’লী, দেওবৰী, আহিনী, ভদৰী, বহাগী, শাওণী ইত্যাদি অনেক৷ আজি-কালিৰ প্ৰজন্মই হয়তো বিশ্বাস নকৰিব, সৰুকালত আমি আমাৰ গাঁও আৰু ওচৰে-পাঁজৰে এনে নামৰ মানুহ অনেক পাইছিলোঁ৷ পৰৱৰ্তী কালত ৰাজনৈতিক, সামাজিক, শৈক্ষিক আদি ক্ষেত্ৰত পৰিৱৰ্তন হ’বলৈ ধৰাৰ লগে লগে নামেও মোট সলাবলৈ আৰম্ভ কৰিলে৷ ল’ৰা-ছোৱালীৰ দুটা নাম হোৱাৰ পৰম্পৰা আৰম্ভ হ’ল : ঘৰত মতা নাম আৰু স্কুলৰ নাম বা পোছাকী নাম৷ ল’ৰাৰ বেলিকা সাধাৰণতে একোটা তৎসম শব্দ বাছনি কৰি তাৰ লগত চন্দ্ৰ, কান্ত, প্ৰসাদ, জ্যোতি, কৃষ্ণ, ঈশ্বৰ, নাথ আদি শব্দ যোগ দি একোটা সুৱদি আৰু অৰ্থপূৰ্ণ নাম দিয়াৰ অলিখিত নিয়মৰ দৰে হ’বলৈ ধৰিলে; যেনে— ৰামচন্দ্ৰ, চন্দ্ৰকান্ত, জ্যোতিপ্ৰসাদ, পৰাগজ্যোতি, প্ৰণৱজ্যোতি, জয়কৃষ্ণ, যোগেশ্বৰ, হৰিনাথ আদি৷ সেইদৰে হৰিনাৰায়ণ, জ্যোতিনাৰায়ণ, দুৰ্লভনাৰায়ণ আদি নামৰ কথা নক’লোঁৱেইবা৷ ছোৱালীৰ বেলিকা মূল নামৰ লগত প্ৰভা, বালা, কুমাৰী আদি সংযোগ কৰাৰ প্ৰথা চলিল৷ পাছলৈ পশ্চিমবংগৰ পৰা বলা বতাহৰ প্ৰভাৱত ৰিংকু, পিংকু, চিণ্টু, ইংকু, বেবী, ৰ’জী আদি নামৰ পয়োভৰ ঘটিল৷ ইয়াৰ ঠিক আগে আগে আৰতি, মিনতি, প্ৰণতি, দীপ্তি, তৃপ্তি আদি নামৰ জনপ্ৰিয়তাও কম নাছিল৷ কিন্তু নামৰ বেলিকা পৰিৱৰ্তনৰ গতি ইমান কোবাল যে কম সময়ৰ ভিতৰতে উল্লিখিত প্ৰৱণতাবোৰ নোহোৱা হ’বলৈ ধৰিলে৷ ইবোৰৰ ঠাইত নাম চমুকৰণৰ প্ৰৱণতা আৰম্ভ হ’ল৷ চন্দ্ৰপ্ৰসাদৰ ঠাইত চন্দ্ৰ, মুনীন্দ্ৰৰ ঠাইত মুনীন, যোগেন্দ্ৰৰ ঠাইত যোগেন, হৰিনাথ বা হৰিচন্দ্ৰৰ ঠাইত হৰি, কবীন্দ্ৰৰ ঠাইত কবীন, ধনীৰামৰ ঠাইত ধনী ইত্যাদি৷ এনে কৰোঁতে কেৱল সময়ৰ ফেশ্বন অনুসৰি নাম চুটি কৰাৰ কথাহে ভবা হ’ল, অৰ্থৰ কথা তল পৰিল৷ ‘যোগেন’ বা ‘মুনীন’-ৰ অৰ্থ কি বুলি কোনোবাই সুধিলে কি উত্তৰ দিম? বা এনে নামৰ গৰাকীসকলেই বা কি ক’ব?

উজনি অসমৰ (মধ্য অসমৰ অবিভক্ত নগাঁও অঞ্চলৰো) বৈষ্ণৱ সত্ৰসমূহৰ ল’ৰাৰ নামকৰণৰ বেলিকা দেখা যায় সৰহভাগ নামেই ভগৱান কৃষ্ণ বা তেওঁৰ সৈতে সম্পৰ্কিত কাহিনী আৰু চৰিত্ৰৰ পৰা লোৱা হয়; যেনে— যাদৱ, মাধৱ, যদুমণি, পদ্মপাণি, চক্ৰপাণি, জগন্নাথ, জগদীশ, বাসুদেৱ, নাৰায়ণ, বংশী, শংখধৰ, দামোদৰ আদি৷ মোৰ বৰদেউতাৰ নাম আছিল গোপালকৃষ্ণ আৰু দেউতাৰ নাম তুলসীনাথ৷ খুৰাকেইজনমানৰ নাম আছিল— নৰনাথ, গোবিন (গোবিন্দ), মিহিৰ আদি৷ ডাঙৰ দাদা, মাজু দাদা আৰু ভাইটিৰ নাম ক্ৰমে মুনীন্দ্ৰনাথ, শৰৎ (শৰৎচন্দ্ৰ) আৰু ব্ৰজেন (ব্ৰজেন্দ্ৰনাথ)৷ এই কেউটা নামেই কৃষ্ণকেন্দ্ৰিক বা কৃষ্ণৰ সৈতে সম্পৰ্কিত৷ মোৰ ওপজা সত্ৰখনৰ মহন্ত ল’ৰাবোৰৰ মৰমেতে ঘৰত মতা নামবোৰো মন কৰিবলগীয়া, সৰহভাগেই ‘সোণেৰে গঢ়া’: সোণদেউ, সোণপোনা, সোণবাপ, সোণটি, সোণবাপু, সোণগুটি, সোণ ইত্যাদি৷ চমুতে ক’বলৈ হ’লে ভাৰতীয় হিন্দু মানুহৰ নামৰ অন্ত নাই৷ নহ’লেনো শ্ৰীমতী মেনকা গান্ধীয়ে Penguin Book of Hindu Names বুলি কিতাপ প্ৰকাশ কৰি ইমান নাম কৰিব পাৰিলেহেঁতেননে? এই গ্ৰন্থত প্ৰায় বিছ হাজাৰ নাম সন্নিৱিষ্ট কৰা হৈছে! তথাপিচোন আজিকালিৰ পিতৃ-মাতৃয়ে নাম বিচাৰি হাবাথুৰি খোৱা দেখা যায়৷ আমাৰ বংশ-পৰিয়ালত অৱশ্যে কৃষ্ণ পৰম্পৰা সহজে ব্যাহত হোৱা নাছিল৷ মোৰ এটা ভতি‍জাৰ নাম পাৰ্থসাৰথি৷ তাৰ ভায়েকৰ বাবে নাম এটা ভাবাচোন বুলি নবৌৱে কোৱাত মই দিলোঁ সব্যসাচী৷ দাদা নবৌ দুয়ো বৰ ভাল পালে৷ আন দুটা ভতি‍জাৰ নাম ক্ৰমে সাৰংগপাণি আৰু পিণাকপাণি৷ আন অনেক সম্পৰ্কীয় ভাগিন-ভতি‍জাৰ নাম মই জনাবিলাক উল্লেখ কৰিলেও তালিকা দীঘলীয়া হ’ব৷ অৱশ্যে এই প্ৰজন্মৰ পৰা কথা সুকীয়া হৈছে৷ নামবোৰ আগৰ দৰে কৃষ্ণকেন্দ্ৰিক বা বৈষ্ণৱ সাহিত্যকেন্দ্ৰিক হৈ থকা নাই৷ নানা প্ৰকাৰৰ মিশ্ৰণ ঘটিছে বা বহুমাত্ৰিক হৈছে৷

মোৰ নামৰ ‘মহিমা’

কিয় জানো, এই অভাজনৰ নামৰ বেলিকা উল্লিখিত এটা পৰম্পৰাও দেখাদেখিকৈ ৰক্ষিত নহ’ল৷ ঘৰত মতা নামৰ ক্ষেত্ৰত ‘সোণ’-ৰ পয়োভৰ হোৱা সত্ত্বে‍ও মোৰ নামত কিন্তু সোণ নপৰিল৷ ক’বলৈ পাহৰিছোঁ, আমাৰ বংশ-পৰিয়াল আৰু অনেক আত্মীয়ৰ ঘৰতো ল’ৰাক মৰমতে মতা আন এটা নাম হ’ল ‘কণ’৷ এই শব্দটো উপসৰ্গৰূপে আন শব্দৰ লগতো সংলগ্ন কৰি একোটা মৰম লগা নাম সৃষ্টি কৰা হয়, যেনে— কণদেউ, কণবাপু, কণমান, (অ)কণমান, কণবাপ আদি৷ কিন্তু মোৰ বেলিকা এইবোৰ নঘটিল৷ দুটীয়া নামৰ যি অলিখিত প্ৰথা-এটা ঘৰুৱা নাম আৰু আনটো পোছাকী নাম— সেইটোও নহ’ল৷ অৱশ্যে সোঁৱৰণি‍ত এটা নাম আছিল, যিটো সত্ৰত চলি অহা পৰম্পৰা মতেই শ্ৰীকৃষ্ণৰ আন এটা নাম৷ গীতাত অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰোঁতে এই নামেই বেছি ব্যৱহাৰ কৰিছিল৷ সৌভাগ্য নে দুৰ্ভাগ্য ক’ব নোৱাৰোঁ এই নামো অজান হৈয়ে থাকিল৷ যোৱা সাতটা দশকৰো অধিক কাল মই যি নামেৰে পৰিচিত হৈ আছোঁ, সেইটো মা-দেউতাই নিশ্চয় মৰমতে দিছিল৷

এই শব্দটোৰ দুটাই প্ৰধান অৰ্থ আছে৷ প্ৰথমটো সকলো অসমীয়া মানুহে জানে; ই ‘তেনেই সৰু বা সামান্য’ও বুজায়৷ সিটোৰ মানে হ’ল ল’ৰাক মৰমতে মতা নাম৷ গাঁৱৰ প্ৰাইমেৰি স্কুলত নাম লিখোৱাবলৈ মোক লৈ যোৱাজনে নিশ্চয় এই নামটোকে দিলে৷ নাজিৰা হাইস্কুলৰ চতুৰ্থ শ্ৰেণীত নামভৰ্তি কৰাওঁতে এই নামটোৱেই ৰৈ গ’ল৷

মোৰ নামটো লৈ ইমানখন পাতনি মেলাৰ মানে এইটো নহয় যে মই ইয়াক লৈ অসন্তুষ্ট৷ পাঠকসকলে যেন এইদৰে কেতিয়াও নাভাবে৷ তেনে হোৱা হ’লে মই ইয়াক যথা সময়ত আইনৰ বিধিমতে সলাই ল’ব পাৰিলোঁহেঁতেন৷ কিন্তু মই মনত দুখ পাওঁ, যেতিয়া অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে নামটো ভুলকৈ লিখা দেখোঁ৷ দুখ পাইছিলোঁ যেতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰয়ো নামটো পুনা, পুণা, পূণা আদি ৰূপত লিখা পাইছিলোঁ, অথচ অসম চৰকাৰৰ মীন বিভাগে তেওঁলোকৰ বিজ্ঞাপন বা প্ৰচাৰ পত্ৰিকাত শব্দটো শুদ্ধ ৰূপত লিখা দেখি আহিছোঁ৷ ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ অসমীয়া শিক্ষাৰ্থীসকলৰ নিজৰ মাতৃভাষাৰ শব্দৰ বানান আৰু ধ্বনিৰ প্ৰতি থকা আওকণীয়া মনোভাব৷ মনত পৰিলে এতিয়াও এক ধৰণৰ মজা অনুভৱ কৰোঁ যে বিশ্ববিদ্যালয়ৰ আমাৰ বিভাগৰে (ইংৰাজী) দুই-এক ছাত্ৰই মোৰ নাম ইংৰাজীত Puna বুলি লিখিছিল, অথচ PONA MAHANTA ৰূপে লিখা নামটো মোৰ  বিভাগীয় কোঠাৰ প্ৰৱেশদ্বাৰৰ ওপৰতে জিলিকি আছিল৷ আমাৰ অনেক ছাত্ৰ-ছাত্ৰীৰ যে সাধাৰণ পৰ্যৱেক্ষণ (Observation)-ৰ অভাৱ, এই কথাই তাৰো ইংগিত নিদিয়ে জানো?

এইখিনিতে আৰু এটা কথা মনলৈ আহিছে৷ মহাৰাষ্ট্ৰৰ পুণে (Pune) এখন বিখ্যাত চহৰ৷ যোৱা শতিকাৰ পাছৰ ফালৰ দশককেইটাৰ ভিতৰত আমাৰ ৰাজ্যখনৰ অনেক যুৱক-যুৱতী পুণে বিশ্ববিদ্যালয় বা ইয়াৰ অধীনৰ দুখনমান নাম থকা কলেজত পঢ়িবলৈ গৈ সফলতা অৰ্জন কৰিছিল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাকোঁতে এই লেখকৰো সেই বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ লগত কিছু যোগাযোগ আছিল৷ পাঠকসকলে নিশ্চয় জানে যে পুণে চহৰৰ পূৰ্বৰ নাম আছিল পুণা (Poona)৷ ইংৰাজসকলে দিয়া নামটো ১৯৭৮ চনতহে পুণে (Pune) কৰা হয়৷ সেইদৰে বিশ্ববিদ্যালয়খনৰ নামো Poona University বা University of Poona আছিল৷ আমোদজনক কথা হৈছে, মই মোৰ চিঠিত নামটো Pona Mahanta বুলি লিখা সত্ত্বে‍ও তেওঁলোকৰ পৰা অহা চিঠিত কিন্তু নামটো Poona Mahanta (Mahanti) ৰূপেহে আহিছিল৷ ইয়াতকৈও বেছি মজা লগা কথাটো ঘটিছিল নব্বৈৰ দশকৰ কোনো এটা সময়ত যেতিয়া মই বিশ্ববিদ্যালয়ৰ দ্বাৰা আমন্ত্ৰিত হৈ তাৰ ইংৰাজী বিভাগত এটা বক্তৃতা অনুষ্ঠানত ভাগ ল’বলৈ গৈছিলোঁ৷ যথা সময়ত কাম শেষ কৰি বিদায় লোৱাৰ পৰত বিভাগীয় মুৰব্বী অধ্যাপক প্ৰশান্ত সিন্‌হাৰ কক্ষত বহি থাকোঁতে মাননি আদিৰ বাবদ এজন ব্যক্তিয়ে মোৰ হাতত এখন চেক তুলি দিলেহি৷ কথাৰ মাজতে সেইখনত চকু ফুৰাই দেখিলোঁ মোৰ নামটোচোন Pune Mahanta বুলি লিখা আছে! কথাটো অধ্যাপকগৰাকীৰ দৃষ্টিগোচৰ কৰাৰ লগতে মোৰ পূৰ্বৰ অভিজ্ঞতাৰ কথাও কোৱাত তেওঁ বৰ ৰস পোৱাৰ দৰে হাঁহিবলৈ ধৰিলে৷ এতিয়া সহৃদয় পাঠকসকলে ‘পোনা (Pona) আৰু ‘পুণে’-ৰ ৰহস্য নিশ্চয় অনুধাৱন কৰিছে৷ চেক্‌ লিখোঁতা বা পত্ৰ লিখোঁতা বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ মনত তেওঁলোকৰ বিশ্ববিদ্যালয়খনৰ নাম এনেদৰে সোমাই থাকে যে একে ধৰণৰ নাম দেখিলে তেওঁলোকৰটোহে শুদ্ধ বুলি ভাবি সেইটোকে লিখি দিয়ে!

ইতিমধ্যে কৈ আহিছোঁ যে মোৰ নামটো লৈ মই কেতিয়াও কোনো কথা চিন্তা কৰা নাছিলোঁ৷ যেই কোনো এটা নামবাচক শব্দৰ দৰে ইয়াক মই সাধাৰণভাৱেই গ্ৰহণ কৰিছিলোঁ৷ সুনয়না নাম হ’লেই সুন্দৰ চকুৰে এগৰাকী সুন্দৰী হ’ব বা দেখনীয়াৰ ল’ৰাৰহে সুদৰ্শন নাম হ’ব— এনে কোনো কথা নাই৷ মোৰ বন্ধু-বান্ধৱ, আত্মীয়, সহপাঠী, সহকৰ্মী কোনেও কেতিয়াও মোৰ নামটো লৈ কোনো ধৰণৰ মন্তব্য কৰা নাছিল৷ পিছে কিছু বছৰৰ আগতে এটা অভিজ্ঞতা হ’ল, যিটোৰ কথা মনলৈ আহিলে মই বেছ আমোদ পাওঁ৷ কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শ্বেইক্সপীয়েৰ অধ্যাপক (Shakespeare Professor) অমিতাভ ৰয় মোৰ এজন অন্তৰংগ বন্ধু৷ তেওঁৰ মাতৃ (প্ৰয়াত) এগৰাকী উচ্চশিক্ষিতা বিদূষী মহিলা৷ এদিন তেওঁলোকৰ ঘৰত এসাঁজ খোৱাৰ পাছত কথাৰ মহলা মাৰি থাকোঁতে অসমীয়া আৰু বাঙালী মানুহৰ মাজৰ সাধাৰণ বৈশিষ্ট্যৰ কথা পাতোঁতে নামৰ প্ৰসংগও ওলাল৷ কথাৰ মাজতে ‘মাসীমায়ে’ (মই অমিতাভৰ মাতৃক এই সম্বোধন ধৰি মাতিছিলোঁ) কৈছিল— তোমাৰ মা-দেউতাই তোমাক বেলেগ নাম এটা দিব নোৱাৰিলেনে?’ মই বেয়া পাম বুলি ভাবি অমিতাভে থাপ মাৰি মাকক বাংলাতে ক’লে— “এইটোনো কি বেয়া নাম? তুমি ইয়াৰ অৰ্থ জানা জানো?” মোৰ মাতৃসমা মহিলাগৰাকীৰ কথাত মই কিন্তু অকণো বেয়া পোৱা নাছিলোঁ৷ বেলেগ নাম মানে তেখেতে নিশ্চয় মই ওপৰত উল্লেখ কৰা ধৰণে কোনো সংস্কৃতগন্ধী, সুশ্ৰাব্য নামৰ কথা বুজাইছিল৷ মই নিশ্চিত হৈছিলোঁ ‘পোনা’ যে এটা বাংলা ভাষাৰো শব্দ সেই বিষয়ে তেখেত অৱগত নাছিল৷ সংসদ বাংলা-ইংৰাজী অভিধানত শব্দটোৰ যি অৰ্থ দিয়া আছে, সেইটো আমাৰ অসমীয়াৰ সৈতে একেই৷ হয়তো অনেক শিক্ষিত অসমীয়া মানুহেও এই কথা নাজানে৷

মোৰ এই দুটীয়া আখৰৰ নামবাচক সাধাৰণ শব্দটোৰ মূল বা উৎস কি হ’ব পাৰে সেই বিষয়ে আগতে একো ভবা নাছিলোঁ যদিও পাছলৈ ভাষা-সাহিত্যৰ মহাসমুদ্ৰত কক্‌বকাই থাকোঁতে এই সম্পৰ্কেও কিছু কৌতূহল উপজিল৷ হেমকোষ-কে ধৰি মই দেখা বা মোৰ হাতত থকা অভিধানকেইখনত শব্দটোৰ অৰ্থহে দিয়া আছে, উৎসৰ কোনো ইংগিত নাই৷ ড বাণীকান্ত কাকতিৰ Assamese: Its Formation and Development  গ্ৰন্থত শব্দটোৰ উল্লেখ চকুত পৰা নাই৷ ইত্যাদি কাৰণত মই শব্দটো ‘তৎসম’ আৰু ‘তদ্ভৱ’ৰ বাহিৰৰ কোনো জনজাতীয় ভাষাৰ পৰা আহিব পাৰে বুলিও ভাবিছিলোঁ, যদিও ইয়াৰ ধ্বনিৰ বেলিকা এনে ভাষাৰ বৈশিষ্ট্য নাই৷ ওপৰত উল্লিখিত ধৰণে পুণে বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকৰ কক্ষত ‘পুণা’ আৰু ‘পুণে’-ৰ প্ৰসংগ ওলাওঁতে জানিবলৈ পালোঁ যে মাৰাঠী ভাষাৰ ‘পুণে’ শব্দটো সংস্কৃত ‘পুণ্য’-ৰ পৰা উদ্ভূত৷ অৰ্থাৎ চহৰখন পৱিত্ৰ বা এক পৱিত্ৰ স্থান৷ এই অৰ্থৰ বাহিৰেও সংস্কৃতত ‘পুণ্য’ শব্দৰ আৰু একাধিক অৰ্থ আছে৷ ‘মনোগ্ৰাহী’, ‘আনন্দজনক’ — এনে অৰ্থতো ব্যৱহাৰ কৰা হয়৷ আমাৰ পশ্চিম দিশে থকা ৰাজ্যবোৰত— বিশেষকৈ হিন্দী বলয়ত ‘পুনম’ এটা বৰ জনপ্ৰিয় ছোৱালীৰ নাম৷ এই নামৰ চিনেমা, সংগীত আৰু নাট্যক্ষেত্ৰত ভালেকেইগৰাকী নামজ্বলা শিল্পী আছে৷ শব্দটোৰ অৰ্থ ‘পূৰ্ণচন্দ্ৰ’ (Full Moon)৷ ‘পুণ্য’ শব্দৰ লগত ইয়াৰ কিবা সম্পৰ্ক থাকিবও পাৰে, সেই বিষয়ে অৱগত নহওঁ৷ কিন্তু অসমীয়া ছোৱালীৰ মাজত এই নাম অতি বিৰল৷ এনেবোৰ কাৰণতে কোনোবাই ভুলকৈ ‘পুণা’ লিখাৰ বাহিৰে ‘পুনম’ৰ লগত ‘পোণা’ৰ কিবা সম্পৰ্ক থকা যেন নালাগে৷ সাতে-সোতৰই মোৰ ভাব হয় সংস্কৃত ‘পুণ্য’ (আনন্দদায়ক, তৃপ্তিদায়ক অৰ্থত) শব্দটোৱেই হয়তো সুদীৰ্ঘ কাল মুখ বাগৰি সৰ্বশেষত বৰ্তমানৰ ‘পোনা’ শব্দটো হৈছেহি৷ এয়া মোৰ অনুমানহে৷ পণ্ডিত আৰু ভাষাবিদসকলে বা কি ভাবে! সহৃদয় পাঠকসকলে যেন এইবুলি নাভাবে যে অভাজনে নিজৰ নামটো আৰ্যকৰণ বা সংস্কৃতকৰণ কৰিব খুজিছোঁ৷ প্ৰকৃততে ক’বলৈ গ’লে মই এনে প্ৰৱণতা বা দৃষ্টিভংগীৰ সদায়ে বিৰোধিতা কৰি আহিছোঁ৷ কিন্তু যিহেতু শূন্যৰ পৰা কোনো বস্তু সৃষ্টি হ’ব নোৱাৰে বুলি কোৱা হয়, সেয়ে মোৰ এই জল্পনা-কল্পনা৷

নাম যিয়েই নহওক, কবিৰ ভাষাত “অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই৷” এটা সময়ত ৫৬৫ নং বাৰেঘৰ সত্ৰ ভকত গাঁও প্ৰাইমেৰি স্কুলৰ সীমা ভেদি এই ধূলিকণাই পাঁচ কিল’মিটাৰ দূৰত থকা সৰু চহৰখনৰ নাজিৰা উচ্চ ইংৰাজী বিদ্যালয়ত প্ৰৱেশ কৰিলেগৈ৷ সেয়া এক নতুন অধ্যায়, নতুন প্ৰত্যাহ্বান৷

(আগলৈ) 

ভ্ৰাম্যভাষ: ৭০৮৬৫৯৫৪৭১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ