অন্যযুগ/


অব্যাহৃত

 ৰাজনৈতিক দলসমূহৰ পুঁজি আৰু নিৰ্বাচনী ব্যয়

ৰঞ্জুমণি মহন্ত

এতিয়া নিৰ্বাচনৰ বতৰ৷ সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ চাৰিওফালে নিৰ্বাচনী কুচ্কাৱাজ৷ ভাৰতৰ দৰে এখন জনবহুল দেশত নিৰ্বাচন হৈছে আটাইতকৈ ব্যয়বহুল প্ৰক্ৰিয়া৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল বুলি পৰিগণিত হোৱা ভাৰতৰ একোটা নিৰ্বাচন পৰিচালনা কৰিবলৈ ব্যয় হয় হাজাৰ হাজাৰ কোটি টকা আৰু দিনক দিনে বৃদ্ধি পাই আহিছে এই নিৰ্বাচনী ব্যয়৷  দিল্লীস্থিত চেণ্টাৰ অব মেডিয়া ষ্টাডিজৰ পৰা লাভ কৰা এক তথ্য মতে ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী ব্যয় আছিল ৯,০০০ কোটি টকা, ২০০৯ চনত হয়গৈ ২০,০০০ কোটি টকা, ২০১৪ চনত হয়গৈ ৩০,০০০ কোটি টকা আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আশ্চৰ্যজনকভাৱে  এই ব্যয় বৃদ্ধি হৈ হয়গৈ ৫৫,০০০ কোটি টকা৷ অৰ্থাৎ যোৱাটো লোকসভা নিৰ্বাচনত প্ৰতিজন ভোটাৰৰ বাবদ খৰচ হৈছে ৭০০ টকাকৈ৷ ১৯৫২ চনত প্ৰতিজন ভোটাৰৰ বাবে চৰকাৰৰ নিৰ্বাচনী ব্যয় আছিল ৬২ পইচা৷ ২০০৪ চনত এই ব্যয় বাঢ়ি গৈ ১৭ টকা হয় আৰু ২০০৯ চনত ই হয়গৈ ১২ টকা৷ এইখিনিতে কৈ থোৱা ভাল হব যে ইলেক্ট্ৰনি‍ক ভোটিং মেচিন প্ৰচলন কৰাৰ বাবে বেলট পেপাৰ ছপা কৰা, অনা-নিয়া কৰা আদি কাম কমি যোৱাৰ ফলত ২০০৪ চনতকৈ ২০০৯ চনত নিৰ্বাচনী ব্যয় কিছু হ্ৰাস পায়৷

নিৰ্বাচনী ব্যয় বুলিলে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় ডিজেল, পেট্ৰ, বেনাৰ, ৰ্ডিং, গাড়ী ভাড়া, অন্যান্য প্ৰচাৰ সামগ্ৰী, টিভি, বাতৰিকাকত আদিৰ বিজ্ঞাপন, মিটিং, শোভাযাত্ৰা, নিৰ্বাচনী কাৰ্যালয় চলোৱা আৰু কৰ্মীসকলৰ চাহ-ভাতৰ খৰচ, চিয়েল মিডিয়াৰ প্ৰচাৰ আদিত হব লগা ব্যয় আদিয়েই প্ৰধান৷ নিৰ্বাচন আয়োগে প্ৰতিজন প্ৰাৰ্থীৰ বাবে খৰচৰ এক সীমা নিৰ্ধাৰণ কৰি দিছে৷ ডাঙৰ ৰাজ্যবিলাকত লোকসভা নিৰ্বাচনৰ বাবে একোজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ নামত ৭০ লাখ পৰ্যন্ত খৰচ কৰিব পাৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ দৰে সৰু সৰু ৰাজ্যকেইখনৰ এই ব্যয়ৰ সীমা ৫৪ লাখ পৰ্যন্ত৷ বিধান সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত ডাঙৰ ৰাজ্যবিলাকত একোজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ২৮ লাখ পৰ্যন্ত ব্যয় কৰিব পাৰিব আৰু সৰু ৰাজ্যবিলাকত এই ব্যয়ৰ ঊৰ্ধ্বতম সীমা ২০ লাখ ৷ উল্লেখযোগ্য যে এয়া নিৰ্বাচনী আয়োগে বান্ধি দিয়া সীমাহে৷ প্ৰকৃত ছবিখন কিন্তু ইয়াতকৈ পৃথক৷ বাস্তৱতে কিন্তু একো একোজন প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় হয় দুই কোটি পৰ্যন্ত৷ এইখিনিতে এটা কথা উল্লেখ কৰাটো সমীচীন হব যে শেহতীয়াকৈ নিৰ্বাচন আয়োগে কেইবাটাও ৰাজনৈতিক দলৰ দাবী অনুসৰি বিহাৰৰ নিৰ্বাচনৰ আগে আগে কভিড অতিমাৰীৰ বাবে এই নিৰ্বাচনী ব্যয়ৰ সীমা পূৰ্বতকৈ ১০% বৃদ্ধি কৰে৷

এইখিনি আলোচনাৰ পৰা এইটোৱেই স্পষ্ট হৈ পৰিছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এতিয়া ধনবল নথকা সাধাৰণ লোকৰ বিষয় নহয়৷ এয়া সম্পূৰ্ণভাৱে ধনবল আৰু বাহুবল থকা মানুহৰ বাবে একচেটিয়া বিষয় হৈ পৰিছে৷ এতিয়া প্ৰশ্ন হয়, কষ্টোপাৰ্জিত কোটি কোটি টকা এইদৰে খৰচ কৰি এই প্ৰাৰ্থীসকল মাথোঁ দেশ সেৱা কৰিবলৈকে আহেনে? এইদৰে নিৰ্বাচনত ব্যয় হোৱা ধনসমূহ তেওঁলোকে ঘূৰাই পায়নে? যদিহে ঘূৰি নাহে তেন্তে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকে টকা-পইচা কত পায়? এই কথাবোৰ বিশ্লেষণ কৰি চালেই ট্ৰান্সপাৰেঞ্চি ইণ্টাৰ্নেশ্বনেল নামৰ জাৰ্মেনিস্থিত বেচৰকাৰী সংস্থাটোৱে প্ৰস্তুত কৰা এছিয়াৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশৰ তালিকাত ভাৰতে কিয় প্ৰথম স্থান লাভ কৰিছে বুজিব পৰা যায়৷ 

লোকসভাই হওক বা বিধানসভাই হওক, ভাৰতৰ সমগ্ৰ নিৰ্বাচন ব্যৱস্থাটো পৰিচালিত হয় Representation of People’s Act (RPA), 1951-ৰ অধীনত৷  নিৰ্বাচনী ব্যয়ৰ স্বচ্ছতা ৰক্ষা কৰিবলৈ এই আইনৰ ৭৭ নং দফা অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ নিৰ্বাচনী ব্যয়ৰ সঠিক হিচাপ মনোনয়ন পত্ৰ দাখিল কৰা দিনটোৰ পৰা ফলাফল ওলোৱা দিনলৈকে পৃথককৈ ৰাখিব লাগিব আৰু ফলাফল ঘোষণা কৰাৰ ৩০ দিনৰ ভিতৰত নিৰ্বাচনী অয়োগক এই হিচাপ দাখিল কৰিব লাগিব৷ তেনে হিচাপত কিবা বিসংগতি ধৰা পৰিলে তেনে প্ৰাৰ্থীক অযোগ্য বুলি বিবেচনা কৰা হব৷ কিন্তু নিৰ্ধাৰিত সীমা চেৰাই কোটিৰ ঘৰত ব্যয় কৰা প্ৰাৰ্থীয়ে কিমান স্বচ্ছতাৰে সেই হিচাপ দাখিল কৰে সেয়া সহজেই অনুমেয়৷

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰি দিছে যদিও ৰাজনৈতিক দলসমূহৰ খৰচৰ ক্ষেত্ৰত তেনে কোনো সীমা আৰোপ কৰা নাই৷ চৰকাৰী হিচাপ মতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে ব্যয় কৰিছিল ৭১৪ কোটি টকা, কংগ্ৰেছ দলে ৫১৬ কোটি টকা আৰু বহুজন সমাজ পাৰ্টিয়ে ব্যয় কৰিছিল ৩০ কোটি টকা৷

প্ৰশ্ন হয়, এনেদৰে কোটি কোটি টকা খৰচ কৰিবলৈ ৰাজনৈতিক দলসমূহে পুঁজি কৰ পৰা পায়? আজিকালি সকলো ক্ষেত্ৰতে স্বচ্ছতা (Transparency)-ৰ কথা কোৱা হয় যদিও দেখা যায় যে ৰাজনৈতিক দলসমূহৰ পুঁজি গঠন প্ৰক্ৰিয়াটোৱেই সম্পূৰ্ণভাৱে অস্বচ্ছ৷ ৰাজনৈতিক দলসমূহৰ পুঁজি গঠন হয় দান-বৰঙণিৰ পৰা আৰু তাৰে কিছু অংশ আহে ব্যক্তিগত দান-বৰঙণিৰ পৰা, এক বহৎ অংশ আহে কৰ্পৰেট গোষ্ঠীৰ পৰা৷ উল্লেখযোগ্য যে Representation of People’s Act (RPA), 1951- 29 নং দফাই ৰাজনৈতিক দলসমূহক বিদেশী কোম্পানি‍ৰ পৰা বৰঙণিৰ লোৱাটো বাৰণ কৰিছে৷ ২০১৭-ৰ পৰা ২০১৮ চনৰ ভিতৰত ৰাজনৈতিক দলসমূহে লাভ কৰা ৯০% বৰঙণিয়েই কৰ্পৰেট গোষ্ঠীৰ পৰা অহা৷ আগতে কৰ্পৰেট গোষ্ঠীবোৰে তেওঁলোকৰ তিনি বছৰৰ গড় লভ্যাংশৰ ৭.% দান হিচাপে দিব পাৰিছিল৷ কিন্তু ২০১৭ চনৰ বিত্ত আইনৰ সংশোধনী অনুসৰি এতিয়া লভ্যাংশৰ পৰাহে দিব লাগিব বুলি কোনো কথা নাই; নিজৰ ইচ্ছানুসৰি ৰাজনৈতিক দলসমূহক কৰ্পৰেট গোষ্ঠীবোৰে বৰঙণি আগ বঢ়াব পাৰিব৷ আনকি এই আইন অনুসৰি ইলেক্টৰেল বণ্ডৰ জৰিয়তে লাভ কৰা বৰঙণি‍ৰ উৎস অৰ্থাৎ কোনটো কৰ্পৰেট গোষ্ঠীয়ে কিমান বৰঙণি দিছে সেয়া প্ৰকাশ কৰাৰো কোনো প্ৰয়োজন নাই৷ ফলস্বৰূপে ৰাজনৈতিক দলসমূহৰ বিদেশী পুঁজি গ্ৰহণ কৰাৰ যি আইনগত বাধা আছিল, সেয়া অতিক্ৰম কৰা সহজ হৈ পৰিল৷ এনে পৰিস্থিতিত দলসমূহৰ সমগ্ৰ পুঁজিগঠন প্ৰক্ৰিয়াটোৱেই সম্পূৰ্ণভাৱে অস্বচ্ছ হৈ পৰিছে৷ চৰকাৰী ব্যয়েৰে অনুষ্ঠিত মেল-মিটিঙত শাসকীয় দলৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দৰে চৰম অস্বচ্ছ ক্ৰিয়া-কাণ্ডৰ কথা নকলোঁৱেইবা৷ যি দলৰেই নহওক কিয়, ৰ্পৰেট গোষ্ঠীৰ বৰঙণিৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ অহা একোখন চৰকাৰে যে কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থক সাধাৰণ জনতাৰ স্বাৰ্থতকৈ যে আগস্থান দিবই, সেয়া ধুৰূপ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ