অন্যযুগ/


ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

অংগনা চৌধুৰী



 বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ পুৱা আঠ বজাত  আমি গাড়ীখন লৈ ঘৰৰ পৰা ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা কৰবালৈ যাবলৈ হলে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপজ ৰিজৰ্টৰ খাৰখোৱা নামৰ ৰেষ্টুৰেণ্টখনত পুৱাৰ আহাৰ খাবলৈ সোমালোঁ৷ তাৰ পৰিৱেশটো বৰ ভাল লাগে৷ আচলতে ৰিজৰ্টখনৰ খাদ্যবস্তুৰ মান উন্নত হোৱাৰ লগতে গছ-লতিকা আৰু ফুলেৰে জাতিষ্কাৰ হৈ থকা ধুনীয়া পৰিৱেশটোৱেও মানুহক আকৰ্ষিত কৰে ৷

তাৰ পাছত পুনৰ ধীৰ গতিত আমাৰ গাড়ী আগ বাঢ়িল৷ ৰৌতাৰ ওচৰত আমাৰ কিছু ব্যক্তিগত কাম আছিল৷ সেইখিনি কৰি উঠি দুপৰীয়াৰ ভাতসাঁজ ধাবা এখনতে খাই ললোঁ৷ তাৰ পাছত পোনাই দিলোঁ ভৈৰৱকুণ্ডৰ ফালে৷ পাতলকৈ ৰদ দিছিল৷ গছ-গছনিবোৰে পুৱাৰ বৰষুণজাকত তিতি যেন প্ৰাণ পাই উঠিছিল৷ ভৈৰৱকুণ্ডলৈ যোৱা বাটটো খুউব মসৃণফিন্ফিনিয়াগাড়ী চলাবলৈ ভাল আৰু চৌপাশৰ সৌন্দৰ্যও চাবলগীয়া৷ মাজে মাজে দেওবৰীয়া হাট বহিছিলতাত বাৰীত লগা সতেজ শাক-পাচলিৰ পয়োভৰ৷

 


আমি ওভতোঁতে ভৈৰৱকুণ্ডত ৰোৱাৰ কথা৷ সেয়ে প্ৰথমে ভূটান গেটলৈ আগ বাঢ়ি গলোঁ৷ গেটত আধাৰ কাৰ্ড বা ভোটাৰ আই. ডি. দেখুৱাই এটা এগ্জিট নম্বৰ লব লাগেযিটো উভতি আহোঁতে গেটত পুনৰ কৈ আহিব লাগে- প্ৰমাণস্বৰূপে যে আপুনি সেইখন দেশৰ পৰা ঘূৰি আহিছে৷ ভিতৰলৈ গৈ ভূটান গেটৰ ওচৰত থকা অফিচত পুনৰ নাম-ঠিকনা ৰেজিষ্ট্ৰেশ্বন কৰাব লাগে৷ চৈধ্য বছৰৰ তলৰ শিশুৰ বাবে বাৰ্থ চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক৷ যি কি নহওকযাৱতীয় কামখিনি কৰি আমি ভিতৰ সোমাওঁতে প্ৰায় আবেলিয়েই হৈছিল৷ ভূটানৰ এই সৰু চহৰখনৰ নাম হৈছে জমতচংখা৷ জনসংখ্যা প্ৰায় এহেজাৰতকৈও কম৷ পৰিষ্কাৰ-পৰিচ্ছন্ন বাট-পথ আৰু দুয়োকাষে নিচেই সৰু সৰু দোকান৷ মাজে মাজে দুই এক দুই-তিনি মহলীয়া বিল্ডিঙো আছে৷ ঘৰবোৰৰ ডিজাইন একে- সম্পূৰ্ণৰূপে ভূটানিজ ষ্টাইলৰ৷ বেৰ আৰু খুটাত নানৰঙী কাৰুকাৰ্য কৰা আৰু ওপৰভাগ চেপেটাকৈ বাহিৰফালে আগ বঢ়া৷ অলপ দূৰ গাড়ীৰে গৈ আমি এঠাইত গাড়ী ৰখাই খোজকাঢ়ি ঘূৰা-ফুৰা কৰিম বুলি আগ বাঢ়িলোঁ৷ জৰ্জৰকৈ শব্দ কৰি পাহাৰীয়া নৈ এখন  বৈ আহিছিল আৰু তাৰ ওপৰত থকা দলংখনক বৌদ্ধ ধৰ্মৰ ৰঙা-নীলা সৰু সৰু পতাকাৰ শাৰীয়ে চামিয়ানাৰ দৰে ঢাকি ধৰিছিল৷ এই ধুনীয়া দৃশ্য দেখি আমি ফটো তোলাত ব্যস্ত হৈ পৰিলোঁ৷ আমাক দেখি বাটত খোজকাঢ়ি থকা ককা এজন কথা পাতিবলৈ আগুৱাই আহিল৷ স্থানীয় বয়সস্থ লোক এজনৰ সৈতে কথা পাতিবলৈ পাই আমিও ভাল পালোঁ৷ তেওঁ অসমৰ বা-বাতৰি ললে আৰু আমি তেওঁলোকৰ৷ তেওঁৰ পৰা বিদায় লোৱাৰ পাছত আমি ভাবিলোঁ চাহ একাপকে খোৱা যাওক ওচৰে-পাজৰে যদি পোৱা যায়৷ ফাষ্ট ফুড্ বুলি লিখি থোৱা সৰু সৰু ঘৰ কিছুমান দেখিলোঁ৷ দেখাত কিন্তু সেইবোৰ ৰেষ্টুৰেণ্টৰ দৰে নহয়৷ অৱশ্যে ভিতৰত সোমাই  দেখিলোঁ বহাৰ ভাল ব্যৱস্থা আছে আৰু চাফ-চিকুণ৷ কি কি আছে সোধাত পাকঘৰত ব্যস্ত হৈ থকা বাইদেউগৰাকীয়ে ম’, ঘূগুণীবয়ল কণী সকলোখিনি আমাৰ ফালে আগ বঢ়াই দি বিক্ৰীৰ আশাত মুখলৈ চালে৷ ভোক লগা নাছিল যদিও গোটেই কেইবিধৰে একো প্লেটকৈ আমি অৰ্ডাৰ দিলোঁ৷ লগত দুকাপ ডাঠকৈ গাখীৰ চাহ৷ কাৰণ আশাৰে মুখলৈ চোৱা বাইদেউ গৰাকীক নিৰাশ কৰিব খোজা নাছিলোঁ৷ কিন্তু সেই নিচেই সৰু ফাষ্টফুড্খনৰ ভেজ ম’ আৰু চাট্নিখিনি ইমানেই সুস্বাদু আছিল যে আমি টকালি পাৰি পাৰি খালোঁ৷ খোৱা-বোৱা শেষ হোৱাত আৰম্ভ হল ওভতনি যাত্ৰা৷ ভূটান গেটৰ পৰা অলপ দূৰ ওলাই আহিয়েই পোৱা যায় ভৈৰৱকুণ্ড৷ বহুদিনৰ পৰা নাম শুনি আছিলোঁকিন্তু যোৱা হোৱা নাছিল৷ ভৈৰৱকুণ্ডত ভূটানৰ পৰা নামি অহা জামপানী নৈৰ লগত ভৈৰৱী নৈ লগ হৈ ধনশিৰি নৈৰ সৃষ্টি হৈছে৷ চৌদিশে পাহাৰ আৰু খৰস্ৰোতা নৈৰ শিলত ঠেকা খাই খাই আগুৱাই যোৱাৰ মনোৰম দৃশ্যই আমাক মুগ্ধ কৰিলে৷ কিছু সময় তাত কটাম বুলি আমি নৈৰ দাঁতিত বহিবলৈ আগুৱাই গলোঁ৷ পিছে এটা কথাইহে বৰ অশান্তি দিলে৷ কথাটো হল তালৈ গাড়ীবাইক লৈ অজস্ৰ মানুহ আহিছে৷ কোনোৱে পিক্নিক্‌ খাবলৈকোনোৱে এনেয়ে সময় কটাবলৈ৷ তাৰে অধিকাংশ লোকেই চিপ্চৰ খালী পেকেটল্ড ড্ৰিংকছ্ বা সুৰাৰ খালী বটল যতে ততে পেলাই ঠাইখিনি কদৰ্য কৰি তুলিছে৷ মনটো এইবোৰ দেখি খুব বেয়া লাগি গল৷ তাৰ পৰা মাত্ৰ সামান্য দূৰত্বত থকা ভূটানৰ পৰিষ্কাৰ-পৰিচ্ছন্ন সৰু চহৰখনৰ পৰা আমি উভতিছোঁহে মাত্ৰনিজৰ দেশত দেখা পালোঁ এই অৱস্থা৷ অহৰহ পৰ্যটক আহি থকা ভৈৰৱকুণ্ডত উন্নত মানৰ ডাষ্টবিনৰ ব্যৱস্থাও চকুত নপৰিল৷ হয়তো অ-ত দুই এটা আছে৷ আমাৰ দেশৰ একাংশ মানুহৰ মানসিকতা যে কেতিয়া সলনি হব ভাবি ওৰ নাপালোঁ৷ চৰকাৰেও আচলতে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা লোৱা উচিত৷


গধূলি বেলি পৰোঁ পৰোঁ হওঁতে আমি তাৰ পৰা ঘৰমুৱা হলোঁ৷ বাটতে ছিপাঝাৰ পাৰ হৈ নাৰিকলী মন্দিৰত বাহিৰৰ পৰাই মূৰ দোঁৱাই আহিলোঁ৷ জমতচংখাৰ ধুনীয়া আবেলিটো আৰু ভৈৰৱকুণ্ডৰ খৰস্ৰোতা নৈৰ কলকলনিৰ শব্দ বুকুত সামৰি ব্যস্ততাপূৰ্ণ গুৱাহাটী মহানগৰীত আমি প্ৰৱেশ কৰোঁতে নিশা ভালেখিনি হৈছিল৷     

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ