অন্যযুগ/


ত্ৰিপুৰাই ৰিঙিয়ায়

 অংগনা চৌধুৰী

 

বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে আগৰতলালৈ উৰা মাৰিলোঁ৷ বিমানেৰে গুৱাহাটীৰ পৰা আগৰতলালৈ মাত্ৰ পঞ্চল্লিছ মিনিটৰ যাত্ৰা৷ সেয়ে গৈ পাই আমাৰ ভাগৰ-জুগৰ অকণো লগা নাছিল৷ আগৰতলাৰ মাজ মজিয়াতে থকা ‘সোণাৰ তড়ী’ নামেৰে এখন হোটেলত আমাৰ বাবে ৰূম আগতীয়াকৈ অনলাইন যোগে বুকিং কৰি থৈছিলোঁ৷ সেয়ে বিমান বন্দৰৰ পৰা টেক্সী লৈ চিধাই তালৈ গ’লোঁ৷ প্ৰথমে গা-পা ধুই সতেজ হৈ ইলিচ মাছৰ চৰ্চৰী আৰু মূৰ্গী মাংসৰ তৰকাৰীৰে ভাতসাঁজ উদৰ পূৰাই খাই ল’লোঁ৷ তাৰ পাছত অ’ট’ এখন লৈ হোটেলৰ পৰা সামান্য দূৰত থকা আখাউৰা সীমান্তলৈ ঢাপলি মেলিলোঁ ভাৰত-বাংলাদেশ সীমান্তত হোৱা পেৰেড চাবলৈ৷ যদিও ইয়াত ৱাগাহ বা আট্টাৰি সীমান্তত চোৱা ভাৰত-পাকিস্তানৰ পেৰেডৰ দৰে বিশাল আয়োজন কৰা নহয়, তথাপি সেইদিনা আমি এক সুন্দৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’লোঁ৷ তাৰ পাছত আমি গ’লোঁ চহৰৰ কেন্দ্ৰত থকা উজ্জয়ন্তা পেলেচলৈ৷ ১৯০১ চনত মহাৰাজা ৰাধাকিশোৰ মাণিক্যই এই আটকধুনীয়া প্ৰাসাদটো নিৰ্মাণ কৰোৱাইছিল৷ ইয়াৰ ভিতৰত এটি মিউজিয়ামো আছে৷ মিউজিয়ামত ত্ৰিপুৰাৰ ঐতিহ্য সম্বলিত প্ৰায় সকলো বস্তুৱেই আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰখা হৈছে৷ মিউজিয়ামটো চাই, ফুলনি বাগিচা, বিজুলী বাতিৰে সুসজ্জিত চৌহদটোত ঘূৰি আৰু শুভ্ৰৰঙী উজ্জয়ন্তা পেলেচৰ কাৰুকাৰ্য দেখি আমি মুগ্ধ হ’লোঁ৷ তাতে চাৰে ছয় বজাৰ পৰা গধূলি লাইট এণ্ড ছাউণ্ড শ্ব’ও হয়৷ পেলেচৰ লগতে এখন কেফেও আছে৷ তাতে গৰম গৰম কফি আৰু কাটলেটেৰে গধূলিটো মুখৰিত কৰি আমি অনাই-বনাই চহৰখনতে কিছু ফুৰিলোঁ আৰু তাৰ পাছত হোটেললৈ বুলি বাট পোনালোঁ৷ পাছদিনাৰ দিনজোৰা ভ্ৰমণসূচীয়ে আমালৈ বাট চাই আছিল, সেয়ে শৰীৰটোক কিছু জিৰণি দিয়া উচিত৷





পাছদিনা পুৱা ব্ৰেকফাষ্ট কৰি উঠি আমি দিনটোলৈ ওলাই যাবলৈ সাজু হ’লোঁ৷ হোটেলৰ পৰাই আমাক গাড়ী এখন ঠিক কৰি দিলে৷ আমি প্ৰথমে যাম গোমতী জিলাত থকা ত্ৰিপুৰা মাতাৰ মন্দিৰলৈ আৰু তাৰ পাছত যাম চিপাহীজালা জিলাত থকা নীড়মহললৈ৷ আমি থকা অঞ্চলৰপৰা নীড়মহল প্ৰায় ষাঠি কিলোমিটাৰ নিলগত৷ গৈ থাকোঁতে বাটতে ত্ৰিপুৰা মাতাৰ মন্দিৰো পাই যায়৷ ১৫০১ চনত মহাৰাজা ধন্যমাণিক্যই এই মন্দিৰ স্থাপন কৰে৷ বহুতে এই মন্দিৰক ‘মাতাবাড়ী’ বুলিও কয়৷ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ পূৰ্বেই ত্ৰিপুৰা মাতাৰ আবিৰ্ভাৱ হৈছিল বুলি ত্ৰিপুৰী লোকসকলে বিশ্বাস কৰে৷

আমি গৈ পাওঁতে তাত পূজা দিবলৈ অহা বহু লোকৰ সমাগম দেখা পাওঁ৷ অৱশ্যে খু্উব চিজিলভাৱে শাৰী পাতি সকলোৱে ভোগৰ বস্তু আগ বঢ়াইছে আৰু মাতাৰ মূৰ্তি দৰ্শন কৰিছে. আমি অকল জবাফুলৰ মালা অৰ্পণ কৰাত সোনকালেই দৰ্শন কৰি আশীৰ্বাদ ল’ব পাৰিলোঁ৷

মাতাবাড়ীৰ পৰা আমি ৰাওনা হ’লোঁ নীড়মহললৈ৷ নীড়মহলটো ৰূদ্ৰসাগৰ হ্ৰদৰ মাজত অৱস্থিত৷ ১৯৩০ চনত এই প্ৰাসাদৰ নিৰ্মাণ আৰম্ভ কৰোৱাইছিল মহাৰাজা বীৰ বিক্ৰম বাহাদুৰে৷ চাৰিওফালে পানী আৰু তাৰ মাজত সুন্দৰভাৱে নিৰ্মিত শুভ্ৰৰঙী প্ৰাসাদটো৷ পাৰৰ পৰা অলপ সময়ৰ মূৰে মূৰে ডাঙৰ ডাঙৰ মটৰ ব’ট অহা-যোৱা কৰি থাকে৷ টিকট কাটি আমিও তেনে এখনত উঠি পৰিলোঁ৷ সিটো পাৰে নামি নীড়মহলত সোমাবলৈ পুনৰ টিকট কাটিব লাগ৷ ভিতৰলৈ গৈ বেছ ভাল লাগিল৷ মহলৰ ভিতৰতো ধুনীয়া বাগিচা আছে৷ মহলৰ ভিতৰৰ কোঠালিবোৰত, বাৰাণ্ডাবোৰত ঘূৰি থাকোঁতে ৰজা-ৰাণী থকা অতীতৰ দিনবোৰ কেনে ৰোমাঞ্চকৰ আছিল সেই কথা বাৰে-বাৰে মনলৈ আহিছিল৷



নীড়মহলৰ ভিতৰৰ পৰিৱেশ আকৰ্ষণীয় কিন্তু বাহিৰৰ পৰিৱেশটোহে মোৰ বেছি ভাল নালাগিল৷ এনে এক ঐতিহ্যময় ৰূদ্ৰসাগৰ হ্ৰদটোৰ আধাতকৈ বেছি অংশ মেটেকাৰে ভৰ্তি আৰু তাত স্থানীয় লোকে মাছ পোহাৰ ব্যৱসায় কৰিছে৷ পঁচা মাছৰ দুৰ্গন্ধকে আদি কৰি মাছমৰীয়াসকলে গা-পা ধোৱা সকলো কৰ্ম তাত কৰা দেখিলোঁ৷ ব্যৱসায়ৰ যোগেদি লাভৱান হোৱাটো নিশ্চয়কৈ ভাল কথা৷ কিন্তু পৰিৱেশ বিনষ্ট কৰি নহয়৷ তদুপৰি হ্ৰদৰ পাৰে পাৰে বনভোজৰ দলসমূহক বনভোজ খাবলৈ অনুমতি দিয়াত ছাউণ্ড বক্সৰ বিকট শব্দ, নৃত্য-গীতে ঐতিহ্যমণ্ডিত স্থানখনৰ শান্তি বিঘ্নিত কৰিছে৷ তেনে ঠাইত ৰান্ধি-বাঢ়ি হপি-হুলস্থূল কৰি বনভোজ খোৱা কিমান সমীচীন সেয়া কৰ্তৃপক্ষই অলপ ভাবি চালে ভাল হয়৷

নীড়মহলৰ পৰা ওলাই আহি আমি বাটৰ কাষৰে এখন খুবেই সাধাৰণ যেন দেখাত কিন্তু যথেষ্ট চাফ-চিকুণ হোটেলত সোমালোঁ দুপৰীয়াৰ ভাতসাঁজ খাবলৈ৷ কাট্‌লা মাছৰ তৰকাৰী, আলু ভাজি, ফুলকবিৰ আঞ্জা, ধনিয়াৰ চাটনি আৰু ধোঁৱা উৰি থকা গৰম গৰম ভাতসাঁজ খাই যে কেনে তৃপ্তি লাগিছিল ভাষাৰে বুজাব নোৱাৰোঁ৷

ওভতাৰ সময়ত শালগছৰ অৰণ্যৰ মাজে মাজে পাহাৰীয়া একা-বেঁকা পথেৰে গধূলিৰ বা গাত সানি আমি হোটেল পালোঁহি৷ বাটত এম্প’ৰিয়াম এখনত সোমাই কিছু হস্তশিল্পৰ বস্তু কিনিলোঁ স্মৃতিচিহ্ন হিচাপে৷ তাত বাঁহ-বেতেৰে নিৰ্মিত অজস্ৰ বস্তু পোৱা যায়৷ বেগৰ পৰা শ্ব’পিচলৈকে, টেবুল মাটৰ পৰা পেঞ্চিলবক্সলৈকে– সকলো বাঁহ-বেতেৰে নিৰ্মিত বস্তু এম্প’ৰিয়ামসমূহত পোৱা যায়৷

পাছদিনাখন পুৱা গাড়ী নলৈ অট’ এখন ল’লোঁ, কাৰণ ওচৰে-পাজৰেহে অলপ সময় ঘূৰিম, তাৰ পাছত এয়াৰপ’ৰ্টলৈ নিবলৈ আগেয়ে ঠিক কৰি থোৱা গাড়ীখনে আমাৰ হোটেললৈ আহি আমাক লৈ যাব৷ পুৱা প্ৰথমে গ’লোঁ এক বৌদ্ধ বিহাৰলৈ যাক বেণু বিহাৰ বুলিও কয়৷ তাৰে শান্ত পৰিৱেশত কিছু সময় অতিবাহিত কৰি বৰ ভাল লাগিল৷ তাৰ পৰা আমি আহিলোঁ শ্ৰীজগন্নাথ মন্দিৰলৈ৷ মন্দিৰৰ গোটেই চৌহদত শ্ৰীকৃ্‌ষ্ণৰ মহিমাৰ কথা মূৰ্তিৰে বৰ্ণনা কৰা হৈছে৷ মূৰ্তিসমূহ সঁচাকৈয়ে খুব সুন্দৰ আৰু জীৱন্ত৷ চৌদিশ কীৰ্তনেৰে মুখৰিত৷ তাতে কিছু সময় কীৰ্তন শুনি পৰম শান্তি লভিলোঁ৷ উভতিবৰ পৰত তাতে সেৱা কৰি আশিস ল’লোঁ৷



ত্ৰিপুৰাখন এৰি আহিবৰে হ’ল৷ ভাপা ইলিচ আৰু ডাব শিংৰিৰে তৃপ্তিৰে দুপৰীয়াৰ ভাতসাঁজ খাই বিমানবন্দৰলৈ ৰাওনা হ’লোঁ৷ আমাৰ তিনিদিনীয়া চুটি ভ্ৰমণটিৰ অন্ত পৰিল৷ মনত সামৰি আনিলোঁ গাতে লাগি থকা ধুনীয়া ৰাজ্যখনৰ বহু ভাললগা স্মৃতি৷        

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ