অন্যযুগ/


দ্য লেণ্ড অৱ্ ঝাৰিচ্

স্ৰোতস্বিনী তামুলী

      

         ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে।
       
        ঝাৰি অৰ্থাৎ জাৰণি। শুকান জাৰণিবোৰৰ বাবেই ৰাজ্যখনৰ নাম ঝাৰখণ্ড হ'ল বুলি পঢ়িবলৈ পাইছিলোঁ। মোগলসকলৰ শাসনকালত এই ৰাজ্যখন কুকাৰা নামেৰে জনপ্ৰিয় আছিল। কিন্তু বিট্ৰিছৰ আমোলৰ পৰা এই ঠাইখন ঝাৰখণ্ড নামেৰে জনাজাত হৈ পৰিল।
       
      ‌  ইয়াৰ পূৰ্বে ঝাৰখণ্ডৰ বিষয়ে মোৰ কোনো বিশেষ ধাৰণা নাছিল। অসমৰ চাহ-জনগোষ্ঠীয় লোকসকলৰ কিছু সংখ্যক ঝাৰখণ্ডৰপৰাও আহিছিল। সেই সূত্ৰে ঝাৰখণ্ডৰ সৈতে কিছু আত্মীয়তা অনুভৱ নকৰা নহয় অৱশ্যে। লগতে বিৰচা মুণ্ডা, জয়পাল সিং মুণ্ডাৰ দৰে লোকৰ জন্মভূমি ঝাৰখণ্ড। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে শ্ৰেণীত এবাৰ দহ শাৰীৰ ভ্ৰমণ সম্পৰ্কীয় প্ৰতিবেদন এখন লিখিবলৈ দিছিল। মই আৰু সহপাঠীসকলে ফূৰ্তিতে বিচাৰি বিচাৰি কাহানিও গৈ নোপোৱা ঠাইবোৰৰ নাম লিখিবলৈ যত্ন কৰিছিলোঁ আৰু এইটোও মনত ৰাখিছিলোঁ যাতে নামবোৰ যিমান পাৰি আনতকৈ পৃথক হয়। মোৰ হঠাতে ঝাৰখণ্ডৰ নামটো মনলৈ আহিছিল আৰু মই লিখি দিছিলোঁ। মোৰ এতিয়াও মনত আছে মোৰ বহীখন চাই শিক্ষয়িত্ৰীগৰাকীয়ে হাঁহিছিল আৰু ধেমালিৰ সুৰত কৈছিল - মানুহনো ফুৰিবলৈ ঝাৰখণ্ডলৈ যায়নে!

        শিক্ষয়িত্ৰীগৰাকীৰ কথাষাৰ বোধহয় একেবাৰে মিছাও নাছিল। ফুৰিবলৈ যোৱাৰ কথা ভাবিলে সততে ঝাৰখণ্ডৰ নামটো মনলৈ নাহে। ঝাৰখণ্ডৰ আশে-পাশে সাগৰ নাই, ৰজাদিনীয়া ঐতিহ্যমণ্ডিত কোনো কীৰ্তিচিহ্ন নাই। ময়ো গৱেষণাৰ ক্ষেত্ৰ অধ্যয়নৰ কামতহে ঝাৰখণ্ডলৈ গৈছিলোঁ। ঝাৰখণ্ডৰ একমাত্ৰ বিমানবন্দৰ বীৰসা মুণ্ডা বিমান বন্দৰটোও যথেষ্ট সৰু। বিমান বন্দৰটোৰ পৰা বাহিৰ ওলায়ে অট' চালক আৰু টেক্সিচালকসকলে হাত বাউল দি থকা এখন সচৰাচৰ চিনাকি ছবি।

          হোটেলখনলৈ যোৱা বাটটোৰ কাষৰ দেৱালবোৰ চাই ভাগৰুৱা চকু দুটা উজ্জ্বলি উঠিছিল। দেৱালবোৰত খুব সুন্দৰকৈ অৰণ্যৰ বিভিন্ন দৃশ্য অংকন কৰি থোৱা হৈছিল। তাতে কোনো কোনো ঠাইত লিখা আছিল- " জংঘল ৰহেগা তভীতো মংগল হ্যোগা", "আচ্ছলি ধন বন হ্যে" জাতীয় কিছুমান বাক্য। এইখিনিৰ পৰা মানুহখিনিৰ অৰণ্য আৰু জীৱ-জন্তুৰ প্ৰতি থকা একাত্মতাক অনুভৱ কৰিব পাৰিছিলোঁ।

           আমি থকা হোটেলখনলৈ বিমানবন্দৰৰ পৰা তামোল এখনৰ বাট। হোটেলখন পোৱাৰ অলপ আগত এটা বৃহৎ ৰাম মন্দিৰ পোৱা যায়। সেয়া মোৰ প্ৰথম ৰাম মন্দিৰ দৰ্শন আছিল। মোৰ কৌতূহলী চকু দুটা হয়তো গাড়ীচালকজনৰ চকুত ধৰা পৰিছিল। তেওঁ মোক আমাৰ ইয়াত ৰাম মন্দিৰ নাই নেকি বুলি প্ৰশ্ন কৰিলে। মই নাই বুলি কোৱাত তেওঁ অলপ আচৰিতো হ'ল। মই তেওঁক আমি ৰাম শব্দটো 'ৰাম পিটন', 'ৰাম খকুৱা' আদি ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰোঁ বুজাই দিয়াত তেওঁ হতচকিত হৈ পৰিছিল আৰু তেওঁৰ অৱস্থাটো দেখি মোৰ মনে মনে খুব হাঁহি উঠিছিল।

             ক্ষেত্ৰ অধ্যয়নৰ বাবে আমি ৰাঁচীৰ পৰা নিলগৰ বিভিন্ন গাঁওবোৰলৈ যাবলগীয়া হৈছিল। ৰাঁচীত থাকিলে ঝাৰখণ্ডৰ বৈশিষ্ট্যবোৰ বৰকৈ অনুভৱ কৰিব নোৱাৰি। বিশ্বায়নৰ প্ৰভাৱত সকলো মহানগৰ প্ৰায় একে ধৰণৰে হৈ পৰিছে বৰ্তমান। ছ্যোটা নাগপুৰৰ এলেকাটো আমাৰ অধ্যয়নৰ মূল ক্ষেত্ৰ আছিল। ৰাঁচীৰ পৰা খুটি জিলালৈ যোৱাৰ বাটছোৱাত আমি তজনা নদী পাৰ হৈছিলোঁ। নৈখন তেনেই ঠেক আৰু শিলাময়। নৈৰ প্ৰসংগতে ঝাৰখণ্ডৰ সুবৰ্ণৰেখা নদীখনৰ কথা মনলৈ আহিছে। সুবৰ্ণৰেখা নদীখনক স্থানীয় ভাষাত সোণৰেখা নদী বুলিও কোৱা হয়। আমাৰ সোৱণশিৰি নদীৰ দৰে সুবৰ্ণৰেখা নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা যায়। সোণ কমোৱা এখিনি বিশেষ মানুহ নদীখনৰ আশে-পাশে আছে। ঝাৰখণ্ডৰ ৰাস্তা-ঘাটবোৰ বৰ চাফা আৰু নিমজ আছিল। সেয়া লাগিলে ভিতৰুৱা গাঁৱৰ ৰাস্তাই নহওক কিয়। ৰাস্তাৰ দুয়োকাষে শাৰী শাৰী পলাশ। মুকলি চিকুণ নীলা আকাশত পলাশ ফুলবোৰে জুইহে যেন জ্বলাইছিল। ঝাৰখণ্ডৰ ৰাজ্যিক ফুল পলাশ। ৰাস্তাৰ দুয়োপাৰে অসংখ্য প্ৰাচীন বৃক্ষ অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ আছিল। গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰৰ দুয়োকাষে হাড়িয়া বেচা ছোৱালীবোৰ বহি থাকে। গাভৰু ছোৱালীবোৰৰ পিন্ধনত চুৰিদাৰ কামিজ আৰু দুডলীয়া বেণী।

           পথৰ কাষৰ থিয় হৈ থকা প্ৰকাণ্ড শিলাখণ্ডবোৰে পথ্থলগড়ী আন্দোলনৰ কথা সোঁৱৰাই দিলে। ২০১৭ - ২০১৮ চনত আমি বাতৰি-কাকত, টেলিভিছনৰ জৰিয়তে জানিবলৈ পাইছিলোঁ এই আন্দোলনৰ বিষয়ে দুই-এটা কথা। পাথৰ একোটাৰ সমুখত ৰৈ মই পঢ়িলোঁ পেছা (PESA) আইনৰ বিষয়ে লিখি থোৱা কথাখিনি। পৰিস্থিতি বৰ্তমান বহুখিনি শাম কাটিছে যদিও মানুহৰ মনবোৰত সেই সময়ৰ আঘাতবোৰ কেঁচা হৈয়ে আছে। খুটি, গুমলা আদি ঠাইবোৰ আছিল পথ্থলগড়ী আন্দোলনৰ মূল কেন্দ্ৰস্থল। হাতত ধনু-কাঁড় লৈ চৰকাৰী ব্যৱস্থাটোৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱৰ সূচনা কৰিছিল। আন্দোলনকাৰীসকলে কেইবাজনো চৰকাৰী বিষয়া আৰু পুলিচ বিষয়াক অপহৰণ কৰাৰ দৰে ঘটনাও ঘটিছিল। সেয়া ২০১৮ চন মানৰ কথা আছিল। সেই অপৰাধত বহু আন্দোলনকাৰীক দোষী সাব্যস্ত কৰি জেইললৈ প্ৰেৰণ কৰা হ'ল। ২০১৯ চনত ঝাৰখণ্ড মুক্তি মৰ্চা শাসনলৈ আহে আৰু পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ভালেখিনি আন্দোলনকাৰীক দোষমুক্ত ঘোষণা কৰে। আন্দোলনকাৰীসকলৰ সকলো দাবী আজি পৰ্যন্ত সম্পূৰ্ণৰূপে মানি নাই লোৱা যদিও দুয়োপক্ষ কিছু পৰিমাণে বুজাবুজিলৈ আহে আৰু পৰিস্থিতি শাম কাটে। প্ৰথম অৱস্থাত তেওঁলোকে চৰকাৰৰ লগত সম্পূৰ্ণৰূপে অসহযোগ কৰাৰ সিদ্ধান্ত লৈছিল যদিও বৰ্তমান সেই সিদ্ধান্তৰ পৰা আঁতৰি নমনীয় স্থিতিলৈ আহিছে। বৰ্তমান গাঁৱৰ জনজাতীয় লোকসকলে চৰকাৰী আঁচনি, চৰকাৰী বিদ্যালয়, চিকিৎসালয়ৰ সুবিধা গ্ৰহণ কৰিবলৈ লৈছে।

          গাঁৱৰ মানুহবোৰৰ লগত কথা পাতোঁতে বুজি পাইছিলোঁ তেওঁলোকে পুনৰ কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাটো নিবিচাৰে। তেওঁলোকে আন্দোলনটোৰ বিষয়েও মোক বৰ ভালদৰে বুজাই ক'ব নোৱাৰিলে। তেওঁলোকে মাথোঁ স্বাভাৱিক জীৱন এটা বিচাৰে।

           ঝাৰখণ্ডবাসীৰ বাবে বিৰচা মুণ্ডা ঈশ্বৰৰ দৰে। বিৰচা মুণ্ডাৰ নামটো তেওঁলোকে ভগৱান বিৰচা বুলিহে লয়। তাত কাপোৰৰ দোকানৰ পৰা হোটেল, পাৰ্ক, কলেজ আৰু কলেজৰ কেণ্টিনলৈকে সকলো বিৰচা মুণ্ডাৰ নামত। ইয়াৰ পৰাই বিৰচা মুণ্ডাৰ জনপ্ৰিয়তা অনুমান কৰিব পাৰিছিলোঁ। ৰাস্তাৰ পৰাই ওখ পাহাৰটোৰ স্তূপত থকা স্মাৰকটো দেখিছিলোঁ। সেই ঠাইখিনিৰ পৰাই হেনো বিৰচা মুণ্ডাক ইংৰাজে ধৰি লৈ গৈছিল।

           ঝাৰখণ্ডৰ জলবায়ু গৰম আৰু বৰ শুকান আছিল। আমাৰ ছালবোৰ চিৰাল ফটা দিছিল। ঝাৰখণ্ডৰ মানুহৰ প্ৰধান জীৱিকা কৃষি। কিন্তু খেতিয়কৰ মূল সমস্যা হ'ল পানীৰ অভাৱ। তাৰ নদীবোৰ সৰু সৰু সুঁতি একোটাৰ দৰে। দেখিলে নদী বুলি মানিবলৈকে টান। গাঁওবাসীৰ বাবে পানীৰ মূল উৎস হৈছে কুঁৱা। একোখন গাঁৱত ৩০-৩৫ ঘৰ মানুহৰ বাবে মাথো একেটাই কুঁৱা। কুঁৱাবোৰো অভাৱনীয়ভাৱে দ। কুঁৱাৰ পাৰত কোনেও গা-কাপোৰ নুধুৱে। কাৰণ সেইখিনি পানীকে তেওঁলোকে খাবলৈও ব্যৱহাৰ কৰে। মোক আচৰিত কৰিছিল এটা কথাই, গাঁৱত কোনেও পানী ফিল্টাৰ ব্যৱহাৰ নকৰে। কাপোৰ এখনেৰে পানীখিনি চেকি তেওঁলোকে খাবলৈ আচুতীয়াকৈ থৈ দিয়ে।

              তেওঁলোকে ঘৰবোৰ মাটিৰে নিৰ্মাণ কৰে। ৰঙচুৱা মাটি ডাঠকৈ লেপি লেপি তেওঁলোকে ঘৰবোৰ নিৰ্মাণ কৰে। সকলো ঘৰৰে মূধচত টিং ব্যৱহাৰ কৰিলেও টিঙৰ ওপৰত মাটিৰে তৈয়াৰী এক ধৰণৰ অৰ্ধ গোলাকৃতিৰ টুকুৰা কিছুমান শাৰী শাৰীকৈ জাপি থোৱা দেখিবলৈ পাইছিলোঁ। এই টুকুৰাবোৰক তেওঁলোকে 'খপৰা' বুলি কয়। আচলতে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈকে এই ব্যৱস্থা। ঘৰবোৰৰ পিৰালিবোৰ এক প্ৰকাৰৰ ক'লা ৰঙৰ বিশেষ মাটিৰে লেপি থোৱা হয়। বিশেষকৈ চাওঁতালী লোকসকলে ঘৰৰ বেৰবোৰত পৰম্পৰাগত চিত্ৰশৈলীৰে বিভিন্ন চিত্ৰ অংকন কৰি থয়। এই প্ৰৱণতা আন জনজাতিসমূহৰ মাজত দেখা নাযায়। ঘৰবোৰ যথেষ্ট চাপৰকৈ সজা হয়। ইয়াৰ অন্তৰালৰ এটা কাৰণ হৈছে সঘনাই হৈ থকা ঘূৰ্ণী বতাহৰ সমস্যা।
             
           তেওঁলোকৰ প্ৰধান আহাৰ ভাত। কেতিয়াবা কেইবাখিলা শালগছৰ পাত চিলাই আমাক খাবলৈ দিয়ে। তেওঁলোকে জুহালৰ ওপৰত শাকবোৰ টোপোলা কৰি বান্ধি শুকুৱাই থয়। অৱশ্যে তেওঁলোকৰ চাউলবোৰ লাহি নহয়। আমাৰ দৰে তেওঁলোকেও পানীত সিজাই আৰু তাৰ পাছত ৰ'দত শুকুৱাই উখোৱা চাউল তৈয়াৰ কৰে। তেওঁলোকে উখোৱা চাউলক উষ্ণা চাৱল বুলি কয়। বিলাহী, মূলা, গাজৰ, তৰমুজৰ খেতি তেওঁলোকে প্ৰচুৰ পৰিমাণে কৰে। ঝাৰখণ্ডত দেখিবলৈ পোৱা আটাইতকৈ লাভজনক খেতিবিধ আছিল লা। ইয়াৰ পূৰ্বে লা দেখিছিলোঁ। কিন্তু ইয়াৰ উৎপাদন আৰু ব্যৱহাৰ সম্পৰ্কে কোনো ধাৰণা নাছিল। লা হৈছে এনে এবিধ পদাৰ্থ যাৰ আঠাৰ পৰা নেইল পলিচ, আলতা, গহনা ইত্যাদি প্ৰস্তুত কৰালৈকে ব্যৱহাৰ কৰা হয়। লা এবিধ বিশেষ পোকৰ পৰা ওলোৱা ৰসৰ পৰা প্ৰস্তুত কৰা হয়। ঝাৰখণ্ডত প্ৰাকৃতিকভাৱে লা প্ৰস্তুত হৈছিল। বৰ্তমান সময়ত মানুহে ইয়াৰ খেতি ব্যৱসায়ভিত্তিত কৰিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ পৃথিৱীক ঝাৰখণ্ডে সৰ্বাধিক পৰিমাণে লা যোগান ধৰে।

         দুই-এখন গাঁৱত মহিলা সবলীকৰণৰ বাবে লাৰ পৰা খাৰু প্ৰস্তুতকাৰী ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিছে। ইয়াৰ পূৰ্বে গাঁৱৰ মহিলাসকলৰ উপাৰ্জনৰ আন কোনো উৎস নাছিল। খেতি-বাতি কৰিলেও শস্য বিক্ৰী কৰি লাভ কৰা ধন তেওঁলোকৰ হাতলৈ নাহিছিল। মহিলাসকলে বৰ উৎসাহেৰে এই কামটো কৰিছিল। পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে কয়লাৰ চৌকাত সেকি সেকি তেওঁলোকে ইযোৰৰ পিছত সিযোৰকৈ নানা ৰঙী খাৰু তৈয়াৰ কৰে। কাম কৰিবলৈ আহোঁতে তেওঁলোকে পিঠিতে নিজৰ শিশুবোৰকো বান্ধি লৈ আহে। শিশুবোৰে মাকহঁতৰ কাষতে বহি খেলা-ধূলা কৰি থাকে।

           গাঁৱৰ মানুহখিনিৰ অন্যতম বৃত্তি পশুপালন। বিশেষকৈ গৰু, গাহৰি আৰু ভেড়া ছাগলী প্ৰায় প্ৰতিঘৰ মানুহেই পোহে। গাঁওবোৰত জনবসতি বৰ সেৰেঙা। পুৱাই মানুহবোৰে জাক জাক গৰু-ছাগলী চৰণীয়া পথাৰবোৰলৈ লৈ যায়। চৰাইৰ ভিতৰত কোনো কোনোৱে পাৰ আৰু কুকুৰা পোহা দেখিবলৈ পাইছিলোঁ। প্ৰতিটো পাৰ চৰাইৰ বাবে এজোপা ডাঙৰ গছৰ ডালবোৰত গছত একোটাকৈ টেকেলি বান্ধি থৈ দিয়ে। পুৱা ল'ৰা-ছোৱালীবোৰ স্কুললৈ ওলাই যায়। ল'ৰা-ছোৱালীবোৰে স্কুললৈ কিতাপ-বহীবোৰ কাষলটিৰ তলতে নাইবা কাপোৰৰ জোলোঙাত ভৰাই লৈ যায়। মই কোনো ল'ৰা-ছোৱালীকে স্কুল বেগ লৈ যোৱা নেদেখিলোঁ।

         ঝাৰখণ্ডত হকী খেল বিৰাট জনপ্ৰিয়। গাঁও-চহৰ সকলোতে সৰুৰ পৰা ডাঙৰলৈকে ল'ৰা আৰু ছোৱালী উভয়ে খেল পথাৰবোৰত আবেলি হকী খেলি থকা দেখিবলৈ পাইছিলোঁ। বোধহয় জয়পাল সিং মুণ্ডাৰ প্ৰভাৱৰ বাবেও হকীৰ জনপ্ৰিয়তা বেছি হ'ব পাৰে আন খেলতকৈ।

         ‌গাঁওবোৰত ঘূৰি ফুৰোঁতে দূৰণিৰ নীলা-বগা বাগিচা কিছুমান চকুত পৰিছিল। বাগিচাবোৰ বাঁহেৰে বেৰা দি দীঘল শাৰীৰে চাৰিওকাষ বেঢ়ি থৈছিল যদিও বগা ফুলবোৰ চকুত পৰিছিল। কেমেৰাটো লৈ মই ফটো এখন তুলিবলৈ সেইফালে যাব খুজিলোঁ। তেনেতে আমাৰ গাইডজনে মোক সেইফালে ভুলতো নাযাবলৈ সঁকীয়াই দিলে। পিছত গম পাইছিলোঁ যে সেয়া আফিঙৰ বাগিচা আছিল। গাঁওবোৰলৈ গ'লে প্ৰায়েই চকুত পৰিছিল কোলাত কেঁচুৱা লৈ মাকবোৰে তাত কাম কৰি থকা, কেতিয়াবা স্কুলীয়া ইউনিফৰ্ম পিন্ধা সৰু ল'ৰা একোটা। যিকেইখন গাঁৱত আফিং খেতিৰ প্ৰাদুৰ্ভাৱ বেছি সেই সেই গাঁৱৰ মানুহবোৰ দেখিবলৈ ডেকাতে আলৰ বুঢ়া যেন হৈ পৰিছে। সৰু ল'ৰা-ছোৱালীবোৰো শ্ৰীহীন, শুকান-উবান। প্ৰতিদিনাই বাতৰি-কাকতত আৰক্ষীয়ে আফিঙৰ খেতি নষ্ট কৰাৰ অন্ততঃ এটা হ'লেও বাতৰি পঢ়িবলৈ পোৱা যায়।

         জোহাৰ ! এই শব্দটোৰেই তেওঁলোকে এজনে আনজনক সম্ভাষণ জনায়। অষ্ট্ৰিক মূলীয় মানুহখিনিৰ শাৰীৰিক গঠন মোৰ বাবে চিনাকি আছিল। ঝাৰখণ্ডৰ চৰকাৰী ভাষা হিন্দী। কিন্তু ছ্যোটা নাগপুৰ এলেকাটোৰ বেছিভাগ মানুহেই মুণ্ডাৰি ভাষাত কথা-বতৰা পাতে। যদিও ঝাৰখণ্ডত চাওঁতালী, সাবৰ, হো, কৰমালি, মাল পাহাৰীয়া, কবৰ, খৰবাৰ ইত্যাদি অনেক জনজাতিৰ লোকে বসবাস কৰে। কিন্তু এই অনেক বিবিধতা আৰু বৈচিত্ৰ্যৰ মাজতো তেওঁলোকৰ ঐক্যৰ মূল ভেটি হ'ল এই আটাইবোৰ জনজাতিৰে শিপাডাল একে অৰ্থাৎ এই জনজাতিসমূহ মূলতঃ অষ্ট্ৰিক। তেওঁলোকৰ সাজ-পাৰ, নৃত্য-গীত আৰু উৎসৱ-অনুষ্ঠানৰ মাজতো বৰ বিশেষ পাৰ্থক্য নাই। পূৰ্বতে এই জনগোষ্ঠীবোৰৰ মাজত বৃত্তিগত দিশত কিছু পাৰ্থক্য আছিল। যেনে - বিৰহোৰ জনজাতিৰ লোকসকলৰ জাতিগত বৃত্তি আছিল ৰছী তৈয়াৰ কৰা, অসুৰ জনজাতিৰ লোকসকলে লো নিষ্কাষণ কৰিছিল, লোৰহা জনজাতিৰ লোকসকলে লোহাৰ পৰা বিবিধ সামগ্ৰী তৈয়াৰ কৰিছিল। অৱশ্যে বৰ্তমান সময়ত জনজাতিসমূহৰ মাজত বৃত্তিগত বিবিধতা ৰক্ষিত হৈ আছে বুলি ক'ব পৰা নাযায়।

          ঝাৰখণ্ডৰ বুকুত অলেখ সৰু-ডাঙৰ জলপ্ৰপাত আছে। জলপ্ৰপাতবোৰত বৃহৎ বৃহৎ বান্ধ নিৰ্মাণ কৰা হৈছে। কিছুমান জলপ্ৰপাতত নৌকা বিহাৰৰো ব্যৱস্থা আছে। আমি যোৱা পঞ্চঘাগ জলপ্ৰপাতত বৰ সুন্দৰ জলকেলিৰ ব্যৱস্থা আছে। এই জলপ্ৰপাতবোৰত প্ৰতিদিনে অলেখ পৰ্যটকে ভিৰ কৰেহি।

          গাঁৱৰ বেছিভাগ জনজাতীয় লোকেই খ্ৰীষ্টান ধৰ্মাৱলম্বী। অৱশ্যে ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে ছেগা-চোৰোকাকৈ স্থানীয় দেৱতাৰ অনুষ্ঠানবোৰো জীয়াই ৰাখিছে। সৰনা পূজা সমাপণ কৰা এজোপা বৃহৎ আঁহত গছ দেখিবলৈ পাইছিলোঁ। সেই গছজোপাৰ ওচৰলৈ জোতা- চেণ্ডেল পিন্ধি যোৱা মানা। গাওঁবাসীৰ বাবে অত্যন্ত পবিত্ৰ ঠাই সেইডোখৰ।

          মানুহৰ লগত কথা পাতোতে অসমৰ প্ৰতি থকা তেওঁলোকৰ দৰদে মোক বাৰে-বাৰে আচৰিত কৰি তুলিছিল। অসমত তেওঁলোকৰ বহু আত্মীয়ই বাস কৰে। অসমৰ চাহ-বাগিচাবোৰৰ বিষয়েও তেওঁলোকে জানে। কথাৰ লাচতে মই এদিন কৈ পেলাইছিলোঁ- 'আহিব কেতিয়াবা অসমলৈ'। উত্তৰত এজনে কৈছিল- 'চাহ বাগানত কাম কৰিবলৈ যাব লাগে নেকি?'  অবিশ্বাস আৰু যন্ত্ৰণা মিহলি এই কথাষাৰে মোক মূক কৰি পেলাইছিল।
           
         দেওবাৰে আমি কাম বন্ধ ৰাখিছিলোঁ। শনিবাৰে ৰাতিয়েই ঠিক কৰি থোৱা হৈছিল যে পুৱা আমি ৰক গাৰ্ডেন চাবলৈ যাম। প্ৰথমে হোটেলৰ পৰা অট'ৰিক্সা এখনত আমি বিৰচা চ'কলৈ গ'লোঁ। বিৰচা চ'কতে অট'ৰিস্কাৰ ষ্টেণ্ড। তাৰ পৰাই আমি এখন অট'ৰিক্সাত উঠিলোঁ। কিছুদূৰ গৈয়ে আমি আমাৰ গন্তব্য স্থানত উপস্থিত হ'লোঁ। পথৰুৱা বাট এটাৰে গৈ গৈ ৰক গাৰ্ডেনৰ মূল প্ৰৱেশদ্বাৰ পালোঁগৈ। তাত টিকট কাটি আমি গাৰ্ডেনৰ মূল অংশলৈ সোমাই গ'লোঁ। শৈল বাগিচাখনত শিলেৰে বিভিন্ন জীৱ-জন্তুৰ অৱয়ব সাজি থোৱা হৈছে। প্ৰতিটো অৱয়বেই মনোগ্ৰাহী। গাৰ্ডেনৰ কাষতে লাগি আছে বৃহৎ কাঁকে বান্ধ। ইপাৰ-সিপাৰ মনিব নোৱাৰা কাঁকে বান্ধৰ এই দৃশ্য বৰ মনোমোহা।

          ৰক গাৰ্ডেনৰ পৰা ঘূৰি আহি আমি জগন্নাথ মন্দিৰলৈ গ'লোঁ। পুৰীৰ জগন্নাথ মন্দিৰৰ পিছতেই হেনো এই মন্দিৰৰ স্থান। পাহাৰৰ উচ্চাংশত থকা এই মন্দিৰটোলৈ নিতৌ বহু লোকৰ আগমন ঘটে।

          পাছবেলালৈ আমি ঝাৰখণ্ড ৰাজ্যিক সংগ্ৰহালয় অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। লকডাউনৰ বাবে সংগ্ৰহালয়ৰ কিছু অংশহে চাবলৈ আমাক অনুমতি দিয়া হৈছিল। আটক ধুনীয়াকৈ সজাই থোৱা সংগ্ৰহালয়টোৰ প্ৰথম অংশতে বিৰচা মুণ্ডা আৰু বি আৰ আম্বেদকাৰৰ একেলগে থোৱা মূৰ্তি দুটা চকুত পৰিল। তদুপৰি ঝাৰখণ্ডৰ মহীৰূহসকলৰ ছবি একাদিক্ৰমে সজাই থোৱা হৈছিল। ঝাৰখণ্ডৰ জনজাতিসকলৰ জীৱন-যাত্ৰা আৰু সংস্কৃতি বিষয়ক বিভিন্ন আৰ্হি দেখিবলৈ পালোঁ। সংগ্ৰহালয়ৰ পৰা ওলাই আহোঁতে ঝাৰখণ্ডৰ ছবি এখন থূলমূলকৈ হ'লেও আমাৰ মনত গঢ় লৈছিল।
        
           সূৰ্যোদয় চাবৰ বাবে এদিন ৰাঁচীৰ পৰা কিছুদূৰ নিলগৰ পটৰাতু ভেলীলৈ পুৱা ৩ মান বজাতে যাত্ৰা আৰম্ভ কৰিছিলোঁ। সেই অভিজ্ঞতাও বৰ স্মৰণীয় আছিল। অঁকোৱা-পকোৱা বাটবোৰত খোজ কাঢ়িছিলোঁ, ফটো উঠিছিলোঁ। তাৰ পৰা ৰাঁচীৰ সম্পূৰ্ণ দৃশ্য এটা দেখিবলৈ পোৱা যায়। সূৰ্যোদয়ৰ লগে লগে কত যে মানুহ আহি তাত ভিৰ কৰিলেহি। কোনোবা মৰ্নিং ৱাক কৰিবলৈ আহিছে, কোনোবা সূৰ্যোদয়ৰ সোণোৱালী ৰহণ চাবলৈ আহিছে, কোনোবা জীৱিকাৰ সন্ধানত আহিছে। ৰাস্তাৰ একাষে ৰখাই থোৱা এখন ভ্ৰাম্যমাণ চাহৰ বিপনীত আমি চাহ একোকাপ খাই পুনৰ ৰাঁচীলৈ উভতি আহিলোঁ। সেইদিনা নক্সালবন্ধী আছিল। নক্সালবন্ধীৰ প্ৰভাৱ ৰাঁচীত বৰকৈ দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু যিখন গাঁৱলৈ আমাৰ যোৱাৰ কথা আছিল সেইদিনা সেই গাঁওখনলৈ যোৱা সম্ভৱ নহ'ব বুলি জনাৰ পাছত আমি আধা ৰাস্তাৰ পৰাই উভতিবলগীয়া হ'ল। তাৰ পৰিৱৰ্তে আমি যিখন গাঁৱত ইতিমধ্যে কাম কৰি আছিলোঁ তালৈকে যাবলৈ ঠিক কৰিলোঁ। সেই গাওঁখনৰ দোকান-পোহাৰবোৰ বন্ধ আছিল যদিও বিশেষ ভয়াৱহতা নাছিল। তথাপি দিনৰ ভিতৰতে উভতি গৈ ৰাঁচী পাবগৈ লাগিব বুলি আমাৰ গাইডজনে জনালে।

           যেনিয়েই চাইছিলোঁ মাথোঁ সেউজীয়া আৰু সেউজীয়া। সেউজীয়াবোৰ গাঢ় আছিল, কিন্তু সতেজ নাছিল। এই গাঁওখনৰ হাবিখনেই উৰিষ্যাৰ সুন্দৰবনত লাগিছেগৈ বোলে। হাবিখন ইমান দূৰলৈকে সিপাই আছে বুলি জানি বৰ আচৰিত হৈছিলোঁ। গাঁওবাসীৰ মুখত বহুবাৰ শুনিছোঁ জংঘলৱালাৰ কথা। গধূলি হোৱাৰ লগে লগে গাঁওবোৰৰ ৰূপ সলনি হৈ যায় হেনো। দিনত আমাৰ চকুৰ আগেয়েই জংঘলৱালা বুলি এঘৰ মানুহৰ ভিতৰৰ পৰা মাৰ-পিট কৰি দুজন ডেকা ল'ৰা পুলিছে আটক কৰি লৈ গৈছিল। টকা-পইচা যোগাৰ কৰিব পৰাবোৰ গাঁও এৰি চহৰলৈ গুচি গৈছে। মানুহবোৰৰ চকুবোৰ অনবৰতে কিছুমান ভয়ে পিষ্ট কৰি ৰাখিছিল। মাকবোৰৰ ভয় ল'ৰাটো ডাঙৰ হ'লে জংঘললৈ গুচি যাব বুলি! ভয় ছোৱালীজনীক জংঘলৱালাই উঠাই নিব বুলি!

             Gangs of Wasseypur শীৰ্ষক হিন্দী বোলছবিখনৰ দুয়োটা খণ্ড চাই কিমান যে ভাল পাইছিলোঁ এসময়ত। পাছত যেতিয়া গম পাইছিলোঁ চিনেমাখনত দেখুওৱা ঘটনাবোৰ সঁচা আছিল বুলি তেতিয়া আৰু শিহঁৰিত হৈছিলোঁ। চৰ্দাৰ খান, ধানবাদ, পাৰ্পেণ্টিকুলাৰ ইত্যাদি নামবোৰ তেতিয়াই মনত থাকি গৈছিল। ঝাৰখণ্ডলৈ যোৱা পৰিকল্পনা কৰি থাকোঁতে ধানবাদখন এবাৰ চাই যোৱাৰ কথাও ভাৱিছিলোঁ। কাম শেষ হোৱাৰ পাছত শেষৰ দুটা দিন হাতত লৈ ধানবাদলৈ বুলি ৰাওনা হৈছিলোঁ। ৰাঁচীৰ পৰা ধানবাদলৈ ভালেমান দূৰ। প্ৰায় পাঁচ ঘণ্টা ৰে'লেৰে যাত্ৰা কৰি ধানবাদত উপস্থিত হৈছিলোঁ। চৰ্দাৰ খানৰ পৰিয়ালৰ লোকসকল এতিয়াও ধানবাদতে বাস কৰে। গাড়ীৰ পৰাই শিশু এটিৰ দুচকুৰ কৌতূহলেৰে চাই গৈছিলোঁ ধানবাদক।

           যি বুজিলোঁ ঠাই এডোখৰৰ কাহিনী গৰিমাময় স্মাৰক বা ঠাইখনৰ সৌন্দৰ্যই ক'ব নোৱাৰে। ঠাই এখনৰ কাহিনী গঢ় লয় ঠাইখনত বাস কৰা মানুহখিনিৰ কাহিনীৰে। প্ৰায় ১২টা দিনৰ অভিজ্ঞতাৰে বুজি উঠিছোঁ শুকান, শিলাময় ঠাইখনৰ মানুহৰ দুখ-যন্ত্ৰণাক তাৰ নৈবোৰে কঢ়িয়াই শেষ কৰিব নোৱাৰে।
              
    “Traveling – it leaves you speechless, then turns you into a storyteller” – Ibn Battuta

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ