অন্যযুগ/


ভ্ৰমণৰ টুকুৰা ছবি

 অংগনা চৌধুৰী

 

(১)

আমাৰ বিমানখন সেইসময়ত মেঘৰ মাজেৰে উৰা মাৰিছিল মুম্বাইৰ পৰা মলডিভছ্‌লৈ৷ আনন্দ আৰু উৎকণ্ঠাত মন উগুল-থুগুল৷ নিৰ্দিষ্ট সময়ত খোৱাবস্তুৰ ট্ৰলিখন ঠেলি ঠেলি এয়াৰহোষ্টেছ্‌ কেইগৰাকীয়ে বস্তুবোৰ দিবলৈ আৰম্ভ কৰিলে৷ আগতেই বুক কৰি থোৱা খাদ্যসমূহ তেওঁলোকে প্ৰথমে দিয়ে৷ আমাৰ আগতে বুক্‌ কৰা আছিল৷ আমাৰ ওচৰলৈ বৰ মৰমলগা এয়াৰহোষ্টেছ্‌ এগৰাকী আগুৱাই আহিল৷ তাই ছেণ্ডুইচ্চৰ পেকেট আৰু গুৱাভা জুচৰ বটল আমাৰ হাতত দি ফুচফুচাই সোধাদি মোক সুধিলে – ‘বাইদেউ, আপোনালোক অসমৰ ন’? প্ৰি-বুকিঙৰ লিষ্টত নামকেইটা দেখিয়েই অসমৰ বুলি ভাবি মনটো ভাল লাগি গৈছে৷’

-        ‘হয়, হয়, আমি গুৱাহাটীৰ পৰা আহিছো৷’

-        ‘ইয়ে হয়? মোৰ মা-দেতাহঁত উজনিৰ৷ কিন্তু ভাইটিৰ পঢ়া-শুনাৰ বাবে গুৱাহাটীতে ফ্লেট এটা কিনি বৰ্তমান তাতে থাকে৷’

তাৰপাছত তাই ইফালে-সিফালে চাই পুনৰ মাতটো সৰু কৰি ক’লে – ‘আচলতে অন্‌ ডিউটিত থাকিলে আমাক পেছেঞ্জাৰৰ লগত পাৰ্‌ছ’নেল কথা পাতিব নিদিয়ে৷ সেয়ে ফুচফুচাই পাতিবলগীয়া হৈছে৷ নিজৰ ঠাইৰ মানুহ পাইছো, দুআষাৰ নপতাকৈ কেনেকৈ থাকোঁ কওকচোন৷ বহুদিন তাতে ঘৰলৈকে যোৱা হোৱা নাই৷’

কোমল বয়সীয়া ছোৱালীজনীলৈ মোৰ মৰম লাগি গ’ল৷ সুধিলো – ‘কিয়? ছুটী একদমেই নোপোৱা নেকি?’

-        ‘নহয় বাইদেউ৷ যোৱাত যাব পাৰোঁ৷ কিন্তু মই এয়াৰহোষ্টেছ্‌ হোৱাত মা-দেতাৰ বহুত আপত্তি আছিল৷ সেয়ে এতিয়া বিহুৱে পূজাই ঘৰলৈ আহ বুলিও এষাৰ নামাতে৷ বহুত দুখ লাগে মোৰ৷’

-        তুমি নিজে সুখী হয় নে নহয় এই কামটো কৰি?’

-        ‘হয় বাইদেউ, বহুত সুখী৷ এয়াতো মোৰ সৰুকালৰে পৰা সপোন আছিল৷’

-        তেনেহ’লে একো কথা নাই৷ তেওঁলোকেও হয়তো তোমাৰ ভালৰ কাৰণে চিন্তা কৰোঁতে কৰোঁতে কেতিয়াবা তোমাৰ সপোনৰ বাটত বাধা হৈ থিয় দিছে গমকে পোৱা নাই৷ লাহে-লাহে বুজিব৷ তুমি তোমাৰ ফালৰ পৰা খা-খবৰ কৰি থাকিবা, যাবা মাজে মাজে৷’

তাই মূৰ দুপিয়ালে আৰু মোৰ হাতখন স্পৰ্শ কৰি ক’লে – ‘আকৌ কেতিয়াবা লগ পাম বাইদেউ৷ আপোনাক যে প্ৰথম চিনাকি যেন একদম লগা নাই৷’

লগৰ এয়াৰ হোষ্টেছ্‌ কেইগৰাকী পাৰ হৈ যোৱাত তাই মোৰ ছিটবেল্টডাল ভালকৈ লাগিছেনে নাই পৰীক্ষা কৰাৰ দৰে অভিনয় কৰিলে৷ ময়ো হাঁহি হাঁহি ফুচ্‌ফুচাই ক’লো – ‘ঠিক আছে দেই, আকৌ ক’ৰবাত লগ পাম এনেকৈ৷’

(২)

ৰাতিৰ গোৱাখন তেতিয়া ৰঙীন হৈ উঠিছিল৷ পাব্‌ আৰু ৰেষ্টুৰেণ্টবোৰত চলি আছিল লাইভ মিউজিক৷ কোনো কোনোৱে তালে তালে হালি-জালি নাচিছেও৷ আমি বহিছিলো সাগৰৰ পাৰত চাংঘৰৰ দৰে বাঁহেৰে বনোৱা ৰেষ্টুৰেণ্ট এখনত৷ খোৱামেজত আহি পাইছিল গৰম গৰম চিকেন ড্ৰামষ্টিক, প্ৰণ ফ্ৰাই, চাওমিন আৰু লাইম চ’ডা৷ দেখাতেই লোভনীয় খাদ্যখিনিৰ সুগন্ধই পেটৰ ভোক দুগুণ বঢ়াই তুলিছিল৷ নাতিদূৰত সৰুকৈ সজাই থোৱা মঞ্চত ওখ টুল এখন বহি ল’ৰা এজনে মাউথ অৰ্গেনত পুৰণি কিছু হিন্দী চিনেমাৰ গীত বজাইছিল৷ তাৰ মাজে মাজে শুনা গৈছিল সাগৰৰ ঢৌৰ গৰ্জন৷ উফ্‌ কি যে মনোৰম!

আমি বহি থকা ঠাইৰ পৰা আমি থকা হোটেলখন বেছি দূৰত নহয়৷ আহোঁতে যিহেতু খোজকাঢ়িয়ে আহিছিলো, যাওঁতেও লাহে-ধীৰে খোজকাঢ়িয়ে উভতিম বুলি ভাবিলো৷ ইয়াত দুপৰ নিশালৈকে বাটত মানুহ অহা-যোৱা কৰিয়ে থাকে৷ সেয়ে বিশেষ চিন্তা কৰিবলগীয়া নাই৷ খাই বৈ উঠি আমি কিছুসময় সাগৰৰ পানীৰ সৈতে খেলিবলৈ নামি গ’লো৷ হু-হুকৈ বতাহ মাৰি আছিল, আকাশ আৰু সাগৰৰ বিশালতা যেন এক হৈ গৈছিল৷ এনেকুৱা ভাললগা পৰিৱেশত সময় কেনি উৰি যায় ধৰিবকে নোৱাৰি৷ এপাকত মানুহজনে ম’বাইলত সময় দেখুৱাই ক’লে – ‘মাজৰাতি হ’ল, যাওঁগৈ ব’লা৷’

চিনাকি বাটেৰেই উভতি আহি আছিলোঁ৷ হঠাতে এওঁ ক’লে – ‘বাট ভুল কৰিলো যেন পাইছোঁ দেই৷ আহোঁতেতো এই ডাঙৰ হ’ৰ্ডিংখন দেখা নাছিলো৷’ ময়ো চাই ভাবিলোঁ- তাকেই, সোঁফালে ঘূৰিবলগীয়া কেঁকুৰিটোচোন ইয়াত নাই৷ আমি ভাবি-চিন্তি অলপ পিছুৱাই আহি বাওঁফালৰ গলি এটাৰে বাট পোনালো৷ সেইফালেও অলপ আগুৱাই গৈ দেখো বাটটোচোন বন্ধ! সমুখত এখন ডাঙৰ পাব্‌হে আছে৷ ভিতৰত লাইভ মিউজিক চলি আছে৷ বৰ বিমোৰত পৰিলোঁ৷ এনেতে পাব্‌খনৰ গেটত থিয় দি থকা চিকিয়’ৰিটি ডেকাজনক এওঁ ডাঙৰ মাতেৰে অসমীয়াতে সুধিলে – ‘অ’ ভাইটি, হোটেল মুনলাইটলৈ কোনফালে যামহে? বাট হেৰুৱালো নহয় ৰাতিখন৷’ মই পাছফালৰ পৰা এওঁক হেঁচুকি দিলো – ‘আৰে, অসমীয়াত সুধিলে কেনেকৈ বুজি পাব বাৰু? হিন্দীত সোধা৷’

কিন্তু মোক আচৰিত কৰি ডেকাজনে টপককৈ মাত লগালে – ‘দাদা, অলপ উভতি গৈ হোমষ্টে এটা আছে ব্লূবেৰী নামেৰে, তাৰপৰা সোঁফালে পোনাই দিব৷’

মই এওঁক বোলো তুমিনো কেনেকৈ গম পালা ডেকাজন অসমীয়া বুলি? এওঁ হাঁহি মাৰি ক’লে- ‘কিয়, আমি আহি থাকোঁতে সি আপোন পাহৰা হৈ অ’ নাহৰ, অ’ নাহৰ বিহুগীতটো যে গাই আছিলে তুমি মন কৰা নাই?’

আমি ছিকিউৰিটিজনক ধন্যবাদ দিওঁ মানে সি নিজেই আগুৱাই আহি আমাৰ লগত চিনাকি হ’ল৷ ইমান বছৰ গোৱাত থাকি কেনে লাগিছে সেই বিষয়েও চমুকৈ আমাৰ আগত ক’লে৷ সি বুজাই দিয়া মতে ঠিকে-ঠাকেই আহি আমি হোটেল পালোহি৷ মনত পৰি থাকিল তাৰ সৰল হাঁহিটো৷ ঠিক যেন বহুদিনৰ মূৰত ঘৰৰ মানুহ লগ পালে মৰা এটা হেঁপাহৰ হাঁহি৷

(৩)

ছিম্‌লাত তেতিয়া আপেলৰ ফুল ফুলাৰ বতৰ৷ দিনবোৰ বেছি ঠাণ্ডাও নহয়, গৰমো নহয়৷ পিছে গধূলিৰে পৰা এজাক চেঁচা বতাহে আহি গাটো জিকাৰ খুৱাই দিয়ে৷ কিন্তু ম’ল ৰ’ডৰ গৰম গৰম কফি, ম’ম’, বেকাৰীৰ পাফ্‌ কেক, কেৰট কেকৰ আমোলমোল গোন্ধে গধূলিবোৰ সেমেকিবলৈ নিদিয়ে৷ তদুপৰি পাহাৰীয়া বাট-পথবোৰ ঊলৰ চোলা, জেকেট, ছুৱেটাৰ, শ্বল পোৱা দোকানেৰে ঠাহ খাই থাকে৷ লগতে শাৰী পাতি ভাত-চাহৰ হোটেল, আধুনিক ৰেষ্টুৰেণ্ট, পাব, কেফে আদিৰ পয়োভৰ৷ ভাৰতৰ নানা কোণৰ পৰা আৰু বিদেশৰ পৰা অহা টুৰিষ্টৰ ভিৰে গিজ্‌গিজাই থাকে ছিমলাৰ ম’ল ৰ’ড৷

কিন্তু ৰাতিপুৱাৰ দৃশ্য সম্পূৰ্ণ বিপৰীত৷ ম’ল ৰ’ড যেন পুৱাৰ সময়ত একোৱেই নজনা এজনী শান্ত-শিষ্ট আজলী ছোৱালীহে৷ যাৰ মুখমণ্ডলত পৰি আছে উদিত সূৰ্যৰ সোণোৱালী আভা৷ আমাৰ হোটেলৰ কোঠাৰ বেলকনিৰ পৰা ছিমলাৰ পাহাৰৰ সূৰ্যোদয় দেখা যায়৷ সেই অনিৰ্বচনীয় সৌন্দৰ্য উপভোগ কৰি উঠি আমি নামি আহিলো হোটেলৰ ৰিচেপশ্বনৰ কাষত থকা ডাইনিং হলত ব্ৰেকফাষ্ট কৰিবলৈ৷ ডাইনিং হলৰ যিখন চোফাত আমি বহিলো, তাৰ গাতে লাগি আছে এখন প্ৰকাণ্ড কাঁচৰ খিৰিকী, যাৰ সিপাৰেই আছে ম’ল ৰ’ড৷ এই দুদিন ধৰি এইখিনি ঠাইত বহি ব্ৰেকফাষ্ট কৰোঁতে মই এক হৃদয়বিদাৰক দৃশ্য দেখি আছোঁ, যাক মই তেতিয়ালৈকে প্ৰকাশ কৰা নাছিলোঁ৷ ৰাতিপুৱা সেইসময়ত হাজিৰা কাম কৰা যেন লগা লোকে পিঠিত একোটাহঁত চিলিণ্ডাৰ লৈ হেফাই-ফোঁপাই মূল বাটেদি খোজকাঢ়ি পাৰ হৈ যায়৷ তেওঁলোকৰ মুখকেইখন কষ্টত ইমানেই বিকৃত হৈ পৰে যে দেখাত এনেহে লাগে যেন এইমাত্ৰই ঠাইতে  মূৰ ঘূৰাই পৰি যাব৷ যিহেতু ম’লৰ’ডত অজস্ৰ ৰেষ্টুৰেণ্ট, হোটেল আদি আছে, সেয়ে এনেকৈয়ে হয়তো বেছিভাগতে চিলিণ্ডাৰ যোগান ধৰা হয়৷ আন কিবা ব্যৱস্থা আছে যদিও সেইকেইদিনত আমাৰ চকুত পৰা নাই৷ কিন্তু পিঠিত কঢ়িয়াই লৈ যোৱা এই দৃশ্যই বৰ মনোকষ্ট দিছে৷ মোৰ মুখখন দেখি এওঁ ক’লে – ‘তুমিও চাগে একেটা কথাকে ভাবিছা ন’, যিটো মই ভাবিছোঁ৷’ মই মূৰ দুপিয়ালোঁ৷ ক’লোঁ – ‘চোৱাছোন, আমি খাই থকা নানা ৰকমৰ খাদ্যবোৰ প্ৰস্তুত কৰিবলৈকে এওঁলোকে পাহাৰীয়া বাটেৰে কিমান কষ্টেৰে পিঠিত চিলিণ্ডাৰ লৈ লৈ যোগান ধৰিছে৷’ মোৰ কথা শুনি এওঁও মুখখন বেজেৰুৱা কৰি ক’লে – ‘একো একোখন চকা থকা ট্ৰ’লী কিয় দিয়া নাই গেছ এজেন্সিবোৰে? অসমৰ সমান বাটবোৰতে ট্ৰ’লি ব্যৱহাৰ কৰা দেখিছোঁ৷ চেক আউট কৰাৰ সময়ত কথাষাৰ ৰিচেপশ্বনত কৈ যাম ৰ’বা৷’

যেতিয়া ছিম্‌লাক বিদায় দি চণ্ডীগড়লৈ বুলি গাড়ীত আমি পাহাৰীয়া বাটেৰে নামি আহি আছিলো, তেতিয়া আধাবাটতে মই এওঁক সুধিলোঁ – ‘চেক আউটৰ সময়ত ক’লানে কথাষাৰ?’

-        ক’লোঁ ৷

-        কিবা হ’ব জানো কৈ?

-        সেয়া নাজানো৷ কিন্তু কিবা ভুল দেখিলে উনুকিয়াই দিয়াটো আমাৰ দায়িত্ব৷

মই মোৰ মানুহজনৰ হাতত হাত থ’লোঁ৷ পাহাৰৰ সেউজীয়াবোৰ তেতিয়াও আমাৰ লগে লগে আহি আছিল৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ