অন্যযুগ/


ৰজা আহে যায়

           মূল (বাংলা) : বীৰেন্দ্ৰ চট্টোপাধ্যায়

          অনুবাদ : ৰুদ্ৰ সিংহ মটক


 

ৰজা আহে যায় ৰজা বদলি হয়

দেহত কেতিয়াবা নীলা চোলা কেতিয়াবা ৰঙা

ইজন ৰজা আহে সিজন ৰজা যায়

চোলাৰ ৰং বদলি হয়

দিন হলে বদলি নহয়

 

গোটেই পৃথিৱীখনকে গিলি খাব বিচৰা সে-ই যে নাঙঠ

ৰাটো

কুকুৰৰ সতে ভাতৰ বাবে তাৰ যুঁজ চলিছে, চলিব।

পেটৰ ভিতৰত কেতিয়াবাই জ্বলা জুইকুৰা আকৌ জ্বলিব!

 

ৰজা আহে যায় আহে আৰু যায়

মাথোঁ চোলাৰ ৰং সলনি হয়

মাথোঁ মুখাৰ ঢং বদলে হয়

পাগলা মেহেৰ আলি

দুই হাতে বজায় তালি

এই ৰাষ্টাত, সেই ৰাষ্টাত

এই নাচে, এই গান গায় :

চব মিছা হায়! চব মিছা হায়! মিছা হায়! চববোৰেই মিছা হায় !

  ***

কবি পৰিচয়

বীৰেন্দ্র চট্টোপাধ্যায়(১৯২০—১৯৮৫)আধুনিক বাংলা কাব্য জগতৰ এগৰাকী শক্তিশালী আৰু জনমুখী কবি হিচাপে সুপৰিচিত। তেওঁৰ কবিতাত সমাজ-বাস্তৱতা, শোষিত মানুহৰ বেদনা, বিদ্ৰোহী চেতনা আৰু মানৱতাৰ গভীৰ আবেদন একেলগে প্ৰকাশ পাইছে। সহজ অথচ তীক্ষ্ণ ভাষাশৈলীৰে তেওঁ দাৰিদ্ৰ, শোষণ, যুদ্ধ, ৰাজনৈতিক অস্থিৰতা আৰু সামাজিক বৈষম্যক শক্তিশালী ৰূপত কবিতাত উপস্থাপন কৰিছে। গ্রহচ্যুত (১৯৪৪)‌ ৰাণুৰ জন্য, লখিন্দৰ, ভিসা অফিসেৰ সামনে,‌ মহাদেবেৰ দুয়াৰ, মানুষেৰ মুখ,  ভিয়েতনাম : ভাৰতবর্ষ, আমাৰ যজ্ঞেৰ ঘোড়া তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। কবিতাক তেওঁ কেৱল নান্দনিক সৃষ্টিৰ মাজত সীমাবদ্ধ নাৰাখি প্ৰতিবাদৰ মাধ্যম হিচাপে গঢ়ি তুলিছিল। সাধাৰণ মানুহৰ জীৱন-সংগ্ৰাম, ক্ষুধা, অপমান, সমতা, স্বাধীনতাৰ স্বপ্ন তেওঁৰ কবিতাৰ বিষয়। ভাষাৰ স্বচ্ছতা, গভীৰ আবেগৰ আৰু চিত্তাকৰ্ষক চিত্ৰকল্পই তেওঁৰ কবিতাক এক বিশেষ মৰ্যাদা দিছে। সেয়েহে বীৰেন্দ্ৰ চট্টোপাধ্যায় আধুনিক বাংলা সাহিত্যত জনগণৰ কবি হিচাপে সুপৰিচিত। কাব্যকৃতিৰ বাবে তেওঁ ৰবীন্দ্ৰ পুৰস্কাৰ লাভ কৰিছিল।

 ***

 

ভ্ৰাম্যভাষ -৭০০২৩০৩৮৮২ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ