অন্যযুগ/


কলা কি?

 

মূল : লিও টলষ্টয়ৰ ‘What is Art?’ 


অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস


 

(৩)

 ৰাছিয়ান ভাষাত krasota  (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ সংগীত’ৰ বিষয়ে ক’বলৈ লৈছে,  এয়া ভাল ৰাছিয়ান নহয়।

 

বিদেশী ভাষা নজনা এজন সাধাৰণ ৰাছিয়ান লোকক যদি আপুনি কয় যে নিজৰ অন্তিম কোটচোলাটো আন এজনক দিয়া, বা একে ধৰণৰ কিবা কাম কৰা মানুহজনৰ এই আচৰণ ‘সুন্দৰ’ হৈছে,  বা কাৰোবাক প্ৰৱঞ্চনা কৰা  মানুহজনৰ কামটো  ‘জঘন্য’ হৈছে, নাইবা এটা গীতক আপুনি ‘সুন্দৰ’ বুলি কয়,  তেওঁ আপোনাৰ কথা বুজি নাপাব।

 

ৰাছিয়ান ভাষাত এটা কৰ্ম সদয় আৰু ভাল, অথবা নিৰ্দয় আৰু বেয়া হ’ব পাৰে  । সংগীত আনন্দদায়ক আৰু ভাল, অথবা নিৰানন্দময় আৰু বেয়া হ’ব পাৰে; কিন্তু ‘সুন্দৰ’ অথবা ‘জঘন্য’ সংগীত আদি ধৰণৰ কোনো বস্তু নাই।

 

সুন্দৰ কথাটো যুক্ত হ’ব পাৰে এজন মানুহ, এটা ঘোঁৰা, এটা গৃহ, এটা দৃশ্য বা এটা গতিবিধিৰ লগত।কাম, চিন্তা, চৰিত্ৰ, অথবা সংগীতৰ কথা ক’বলৈ হ’লে, এইবোৰে যদি আমাক আনন্দ দিয়ে, আমি ক’ব পাৰোঁ যে এইবোৰ ভাল, নাইবা এইবোৰ আমাক আনন্দ নিদিলে আমি এইবোৰ ভাল নহয় বুলি ক’ব পাৰোঁ। কিন্তু সুন্দৰ শব্দটো প্ৰয়োগ কৰিব পাৰোঁ কেৱল আমাৰ দৰ্শনেন্দ্ৰিয়ক আনন্দ দিয়া বস্তুৰ ক্ষেত্ৰতহে। ‘ভাল’ শব্দটো আৰু ধাৰণাটোৱে ‘সুন্দৰ’ৰ ধাৰণাটোকো সাঙুৰি লয়, কিন্তু ইয়াৰ ওলোটাটো নঘটে; ‘সৌন্দৰ্য’ৰ ধাৰণাটোত ‘ভাল’ৰ ধাৰণাটো অন্তৰ্ভূক্ত নহয়। আমি যদি এনেকুৱা এটা প্ৰৱন্ধক ‘ভাল’ বুলি কওঁ, যাক আমি ইয়াৰ বাহ্যিক ৰূপৰ কাৰণে মূল্য দিওঁ, আমি ইয়াৰ দ্বাৰাই এইটোকে বুজাওঁ যে প্ৰবন্ধটো সুন্দৰ; কিন্তু আমি যদি ইয়াক ‘সুন্দৰ’ বুলি কওঁ, ই এইটো কোনোপধ্যে নুবুজায় যে এইটো এটা ভাল প্ৰবন্ধ।

 

        ৰাছিয়ান ভাষাৰ দ্বাৰা, আৰু সেয়ে এই জাতিৰ বোধশক্তিৰ দ্বাৰা ‘ভাল’ আৰু ‘সুন্দৰ’ এই শব্দ আৰু ধাৰণা দুটাত এনে অৰ্থই আৰোপ কৰা হৈছে।

 

সকলো ইউৰোপীয় ভাষাতে,  অৰ্থাৎ সেইবোৰ জাতিৰ ভাষাত যাৰ মাজত এই মতবাদটো বিয়পি পৰিছে যে সৌন্দৰ্য কলাৰ  অপৰিহাৰ্য বস্তু, *beau,” “schön,” “beautiful,” “bello” আদি শব্দবোৰে গঠনৰ দিশৰপৰা ইয়াৰ সুন্দৰ অৰ্থটো বজাই ৰখাৰ লগতে ‘সাধুতা’, ’দয়া’ আদি অৰ্থও প্ৰকাশ কৰিব ধৰিছে, অৰ্থাৎ এইবোৰে ‘ভাল’ শব্দটোৰ বিকল্প হিচাপেও কাম কৰিবলৈ লৈছে।

 

গতিকে সেইবোৰ ভাষাত belle ame,” “schöne Gedanken,” নতুবা “beautiful deed” (সুন্দৰ কৰ্ম) আদি অভিব্যক্তি ব্যৱহাৰ কৰাটো তেনেই স্বাভাৱিক কথা হৈ পৰিছে। সেইবোৰ ভাষাত গঠনৰ সৌন্দৰ্য স্পষ্টভাৱে সূচাবলৈ কোনো উপযুক্ত শব্দ নাই, আৰু সেই ধাৰণা প্ৰকাশ কৰিবলৈ সেইবোৰ ভাষাত “beau par la forme,” “beautiful to look at” (দেখিবলৈ ধুনীয়া) আদি শব্দসমষ্টি ব্যৱহাৰ কৰা হয়।

 

 ‘সৌন্দৰ্য’ আৰু ‘সুন্দৰ’ শব্দকেইটাই এপিনে ৰাছিয়ান ভাষাত আৰু অন্যপিনে এই নন্দনতত্ত্বই প্ৰৱেশ কৰা সেইবোৰ ইউৰোপীয় ভাষাত বহন কৰা বিভিন্ন  অৰ্থসমূহ নিৰীক্ষণ কৰিলে দেখা যায় যে সেইবোৰ ইউৰোপীয় ভাষাত ‘সৌন্দৰ্য’ শব্দটোৱে এটা বিশেষ অৰ্থ আহৰণ কৰিছে, আৰু সেয়া হৈছে ‘ভাল’।

 

তাৰ উপৰি উল্লেখনীয় কথা হৈছে যিহেতু আমি ৰাছিয়ানসকলে বেছি বেছিকৈ কলা সম্পৰ্কীয় ইউৰোপীয় দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছোঁ, একে বিৱৰ্তন আমাৰ ভাষাতো প্ৰকাশিত হ’বলৈ লৈছে, আৰু কিছুমান লোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে, আৰু আশ্চৰ্যৰ সৃষ্টি নকৰাকৈ, সুন্দৰ সংগীত আৰু কুৎসিত কৰ্মৰ, নাইবা আনকি চিন্তাৰ বিষয়ে ক’বলৈ আৰু লিখিবলৈ লৈছে; যিস্থলত চল্লিছ বছৰৰ আগতে, মোৰ ডেকাকালত, “সুন্দৰ সংগীত” আৰু “কুৎসিত কৰ্ম”ৰ দৰে প্ৰকাশভংগী কেৱল অস্বাভাৱিকেই নাছিল দুৰ্বোধ্যও আছিল।

 

স্পষ্টভাৱে ইউৰোপীয় চিন্তাধাৰাই সৌন্দৰ্য শব্দটোক দিয়া এই নতুন অৰ্থটো ৰাছিয়ান সমাজে নিজৰ অঙ্গীভূত কৰিবলৈ আৰম্ভ কৰিছিল।

 

আৰু এই অৰ্থটো আচলতে কি? ইউৰোপীয় মানুহৰ বোধগম্যতা অনুসৰি এই “সৌন্দৰ্য”নো কি বস্তু ?

 

এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই ইয়াত সৌন্দৰ্যৰ সেই সংজ্ঞাবোৰৰ কিছু সৰু নিৰ্বাচিত অংশ উদ্ধৃত কৰিব লাগিব, যিবোৰ প্ৰচলিত নন্দনতাত্ত্বিক ধাৰাসমূহত সচৰাচৰ গৃহীত, হয়। মই পঢ়ুৱৈক আগ্ৰহহীনতাৰ বশীভূত নহ’বলৈ, বৰং এই সাৰকথাখিনি ভালকৈ পঢ়িবলৈ, আৰু তাতকৈও ভাল কথা, এই বিদ্বান নন্দনতাত্বিক লেখকসকলৰ কোনোবা এগৰাকীৰ লেখা পঢ়িবলৈ, বিশেষভাবে অনুৰোধ কৰোঁ। বহুগ্ৰন্থবিশিষ্ট জাৰ্মান নন্দনতাত্ত্বিকসকলৰ কথা নক’লোঁৱেই যেনিবা, এই উদ্দেশ্যৰ বাবে এখন অত্যন্ত ভাল গ্ৰন্থ হ’ব ক্ৰেলিকৰ এখন জাৰ্মান গ্ৰন্থ, নাইটৰ এখন ইংৰাজী গ্ৰন্থ, নতুবা লেভেকৰ এখন ফৰাচী গ্ৰন্থ। জ্ঞানী নন্দনতাত্ত্বিক লেখকসকলৰ এগৰাকীৰ গ্ৰন্থ অধ্যয়ন কৰাটো প্ৰয়োজনীয় যাতে মতৰ বিভিন্নতা আৰু অনুমানৰ জগৎখনত ৰাজত্ব কৰি থকা ভয়ংকৰ দুৰ্বোধ্যতা সম্পৰ্কে প্ৰত্যক্ষভাৱে এটা ধাৰণা ল’ব পৰা যায়; এই গুৰুত্বপূৰ্ণ বিষয়টোত আনৰ বিৱৰণক ভৰসা নকৰাকৈ।

 

উদাহৰণ স্বৰূপে, জাৰ্মান নন্দনতাত্ত্বিক শ্বেজলাৰে তেওঁৰ নন্দনতত্ত্ব সম্পৰ্কীয় বিখ্যাত, বৃহদায়তন আৰু বিশদ গ্ৰন্থখনৰ পাতনিত এই কথাখিনিকে লিখিছে,

 

“নন্দনতত্ত্বৰ পৰিমণ্ডলৰ সমান দাৰ্শনিক বিজ্ঞানৰ কোনো পৰিমণ্ডলতে আমি অনুসন্ধান আৰু ব্যাখ্যাৰ ইমান  বিভিন্ন, যিবোৰ আনকি স্ব-বিৰোধিতাৰ পৰ্যায়ৰ, পদ্ধতি বিচাৰি নাপাওঁ। এফালে আছে কোনো সাৰবস্তু নোহোৱা আড়ম্বৰপূৰ্ণ প্ৰকাশভংগী, যাৰ বৃহৎ অংশৰ বিশেষত্ব হৈছে অত্যন্ত একপক্ষীয় অগভীৰতা; আৰু অন্যহাতে, অনুসন্ধানৰ অনস্বীকাৰ্য গভীৰতা আৰু বিষয়বস্তুৰ ঐশ্বৰ্যশালিতাৰ  সংগী হিচাপেই পোৱা যায় দাৰ্শনিক পৰিভাষাৰ বিৰক্তিকৰ বিশ্ৰীতা, যিয়ে আটাইতকৈ সহজ চিন্তাকো বিমূৰ্ত বিজ্ঞানৰ বস্ত্ৰেৰে মেৰিয়াই থয়, যেন সেইবোৰক ব্যৱস্থাৰ পৱিত্ৰতা-আৰোপিত প্ৰাসাদত প্ৰৱেশ কৰিব পৰাকৈ যোগ্য কৰিহে তোলে; আৰু অৱশেষত অনুসন্ধান আৰু ব্যাখ্যাৰ এই দুই পদ্ধতিৰ মাজত তৃতীয় এটাও আছে যিয়ে, ক’বলৈ হ’লে, এটাৰপৰা আনটোলৈ পৰিৱৰ্তনক ৰূপ দিয়ে, এটা বিবিধগ্ৰাহিতাৰ দ্বাৰা গঢ়ি উঠা পদ্ধতি, যিয়ে এবাৰ আড়ম্বৰপূৰ্ণ প্ৰকাশভংগী প্ৰদৰ্শন কৰে আৰু  আন এবাৰ দেখুৱায় পাণ্ডিত্যৰ অভিমান… ব্যাখ্যাৰ এনেকুৱা এটা শৈলীক, যি এই তিনিটা ত্ৰুটিৰ এটাতো অন্তৰ্ভুক্ত নহয়, কিন্তু যি প্ৰকৃততে মূৰ্ত আৰু গুৰুত্বপূৰ্ণ বস্তুসম্বলিত, যিয়ে নিজকে স্পষ্টভাবে আৰু জনপ্ৰিয় দাৰ্শনিক ভাষাত প্ৰকাশ কৰে, কম ঘনাই আন ক’তো বিচাৰি পোৱা নাযায় নন্দনতত্বৰ ক্ষেত্ৰখনৰ বাহিৰে।”

 

শ্বেজলাৰৰ এই পৰ্যবেক্ষণৰ ন্যায্যতা সম্পৰ্কে নিজকে পতিয়ন নিয়াবলৈ হ’লে তেওঁৰ গ্ৰন্থখনেই, উদাহৰণস্বৰূপে, পঢ়িলেই হ’ল।

 

এই একেটা বিষয়তে ফৰাচী লেখক ভিৰঁই নন্দনতত্ত্ব সম্পৰ্কীয় তেওঁৰ অতি উৎকৃষ্ট গ্ৰন্থখনত লিখিছে, “এনে কোনো বিজ্ঞান নাই যিয়ে নন্দনতত্ত্বতকৈ অধিক অধিবিদ্যাৰ ভাবাৱেশলৈ হস্তান্তৰিত হৈছে। প্লেটোৰপৰা আৰম্ভ কৰি আমাৰ দিনৰ গ্ৰহণীয় মতবাদসমূহলৈকে মানুহে কলাক আদৰ্শনীয় কল্পনা আৰু অতীন্দ্ৰিয় ৰহস্যৰ এটা আচহুৱা সংমিশ্ৰণ ৰূপে গঢ়ি তুলিছে, যিয়ে ইয়াৰ মহত্তম প্ৰকাশ বিচাৰি পায় প্ৰকৃত বস্তুবোৰৰ অপৰিৱৰ্তনীয় আৰু ঐশ্বৰিক আদিৰূপ হিচাপে পৰম আদৰ্শ সৌন্দৰ্যৰ ধাৰণাৰ মাজত।”(L’esthétique, 1878, p. 5)

 

পঢ়ুৱৈয়ে যদি  নন্দনতত্ব সম্পৰ্কীয় প্ৰধান লেখকসকলৰ লেখাৰপৰা লোৱা সৌন্দৰ্যৰ ব্যাখ্যা সম্বলিত তলত দিয়া উদ্ধৃতিসমূহ পঢ়াৰ কষ্টখিনি কৰে, তেওঁ নিজকে পতিয়ন নিয়াব পাৰিব এই নিন্দাখিনি সম্পূৰ্ণৰূপে প্ৰাপ্য।

 

মই সৌন্দৰ্যৰ সেইবোৰ সংজ্ঞা উদ্ধৃত নকৰোঁ, যিবোৰ প্ৰাচীনসকলৰ - ছক্ৰেটিছ,  প্লেটো, এৰিষ্টটল আদিৰপৰা  প্লটিনাছলৈকে- নামত প্ৰচলিত আছে, কাৰণ, বাস্তৱিকতে, প্ৰাচীনসকলৰ সৌন্দৰ্যক ‘ভাল’ৰপৰা পৃথক কৰা  ধাৰণাটো নাছিল, যিয়ে আমাৰ সময়ত নন্দনতত্ত্বৰ ভিত্তি আৰু লক্ষ্য গঢ়ি তুলিছে। সৌন্দৰ্য সম্পৰ্কীয় প্ৰাচীনসকলৰ সিদ্ধান্তক এই সম্পৰ্কীয় আমাৰ ধাৰণাৰ প্ৰসংগলৈ টানি আনি, যিটো সচৰাচৰ নন্দনতত্ত্বত কৰি থকা হয়, আমি প্ৰাচীনসকলে কোৱা কথাখিনিত তেওঁলোকে নকৰা ধৰণৰ অৰ্থ আৰোপ কৰোঁ।

 

 

 

      (আগলৈ)

 

অনুবাদকৰ ঠিকনা :

 

অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়

 

বৰপেটা - ৭৮১৩০১

 

মোবাইল নং - ৭০০২১৪৩৩২৫

                 

 

 

 

 

      

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ