অন্যযুগ/


এঘণ্টাৰ গল্প

মূল : কেইট  চ’পিন, The story of an hour 

অনুবাদ : নিংকু নিশা নেওগ



          মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে। 
          মিচেছ মেলাৰ্ডৰ ভনীয়েক জ’চলীনে প্ৰকৃত খবৰটো তেওঁক জনাবলৈ শংকা কৰি অলপ ভঙা ভঙাকৈ জনালেহি। তাইৰ কথাখিনি কওঁতে বাৰে বাৰে খোকোজা লাগিছে। তথাপি মিচেছ মেলাৰ্ডৰ কাৰণে কথাখিনি বুজাত কোনো অসুবিধা নহ’ল। সেইখিনি সময়ত তেওঁৰ স্বামীৰ বন্ধু ৰিছাৰ্ডছ তেওঁৰ একেবাৰেই ওচৰতে ৰৈ আছিল। ৰিছাৰ্ডছে বাতৰিকাকতৰ অফিচত ওলোৱা ৰেল দুৰ্ঘটনাত নিহত হোৱাসকলৰ তালিকাৰ প্ৰথমতেই ব্ৰেণ্টলি মেলাৰ্ডৰ নামটো দেখিয়েই উধাতু খাই আহি ওলাইছে। তেওঁ ইমান খৰধৰকৈ আহিল যে খবৰটোৰ নিশ্চয়তা জানিবলৈ দ্বিতীয়খন মেইল আহি পাওঁতে যিমানখিনি সময়ৰ প্ৰয়োজন হয় সিমানহে পলম কৰিলে। তাৰ পাছতেই তেওঁ কোনো আৱেগ আৰু সংবেদনা অনুভৱ নকৰাকৈ দুঃখবৰটো সকলোকে জনালেহি। 
           সাধাৰণতে এনে এটা দুঃখবৰ পালে অন্য মহিলাসকলে যিদৰে বাস্তৱিকতাক গ্ৰহণ কৰিব নোৱাৰি অস্থিৰ হৈ পৰে, মিচেছ মেলাৰ্ডে কিন্তু ইমান ডাঙৰ খবৰটো শুনাৰ পাছতো তেনেকুৱা আচৰণ নকৰিলে। তেওঁ মাত্ৰ এক মুহূৰ্তৰ বাবে আৱেগ সম্বৰণ কৰিব নোৱাৰি ভনীয়েকক সাবটি ধৰি উচুপি উঠিল। কিন্তু দুখৰ বা-মাৰলিজাক শাম কটাৰ পাছতেই তেওঁ স্বাভাৱিকভাৱেই নিজৰ কোঠাৰ দিশে অগ্ৰসৰ হ’ল। নিজৰ কোঠালৈ যাওঁতে তেওঁ সতৰ্ক হ’ল যাতে কোনেও তেওঁক অনুসৰণ নকৰে। 
           কোঠাৰ ভিতৰত তেওঁ এখন আৰামী চকীত খোলা খিৰিকীখনৰ সন্মুখা-সন্মুখিকৈ আৰাম কৰি বহি ল’লে। লাহে লাহে তেওঁ কোঠাৰ ভিতৰত নিজৰ মাজতেই বুৰ যাবলৈ ধৰিলে। তেওঁৰ অৱশ শৰীৰটো ভাগৰে এফালৰ পৰা চেপি খুন্দি আনিবলৈ ধৰিলে। তেওঁৰ কিয় জানো এনেকুৱা লাগিবলৈ ধৰিলে শৰীৰৰ এই ভাগৰে অলপ পিছত তেওঁৰ আত্মাটোও গিলি পেলাব। 
            তেওঁ বহি থকা ঠাইৰপৰাই সন্মুখৰ মুকলি ঠাইখিনিলৈ মন কৰিলে। তেওঁ দেখিলে তাত থকা গছবোৰৰ মুধচত নবীন বসন্তৰ নৱজীৱনে কোঁহ মেলা আৰম্ভ কৰিছে। সেইখিনিৰ পৰা এঢলীয়া হোৱা ৰাস্তাৰ তলৰ ফালে ফুটপাথৰ অস্থায়ী দোকানী এজনে গ্ৰাহকক আকৰ্ষিত কৰিবৰ বাবে ডাঙৰ ডাঙৰকৈ চিঞৰি আছে। কিছু দূৰত অচিনাকী কোনোবা এজনে গাই থকা গানৰ সুৰ এটাৰ কিছুমান খণ্ড-কথা চেতনা হেৰুৱাই তেওঁৰ কৰ্ণকুহৰত প্ৰতিধ্বনিত হৈছেহি। তেওঁৰ নিজৰ ঘৰৰ চিলিঙত থকা এজাক ঘৰচিৰিকায়ো কিচিৰ- মিচিৰ কৰি কোৰ্হাল কৰি আছে। 
             তেওঁ বহি থকা খিৰিকীৰেই দেখা পালে নীলা আকাশখনত ভাহি ফুৰা বগা বগা অলেখ ডাৱৰৰ চপৰা। সিহঁতক দেখিলে এনেকুৱা লাগে কিবা এটা ফূৰ্তিত সিহঁতে যেন ইফালৰ পৰা সিফাললৈ মুক্ত মনেৰে উৰি ফুৰিছে, এচপৰাই আনচপৰাৰ লগত মনৰ কথা পাতিছে আৰু খোজত খোজ মিলাই পশ্চিম আকাশৰ ফালে ধাৱিত হৈছে। 
             তেওঁ আৰামী চকীখনতে অলপ আউজি ভালকৈ বহি শৰীৰটো সম্পূৰ্ণকৈ এৰি দিলে। তেনেতে বুকুৰ পৰা উজাই অহা এটা শোকৰ উচুপনিয়ে তেওঁৰ ডিঙিটো সোপা মাৰি ধৰিলেহি আৰু তেওঁ কান্দোনত ভাগি পৰিল। গভীৰ টোপনিত থকা এটা শিশুৱে সপোন দেখি কান্দি উঠাৰ পাছত পুনৰ শুই পৰাৰ দৰেই তেওঁ উচুপি থাকিল। 
            তেওঁ মন কৰিলে তেওঁতো এতিয়াও গাভৰু হৈয়েই আছে। তেওঁৰ ধুনীয়া আৰু শিশুৰ দৰে শান্ত মুখখনত পৰিবলৈ ধৰা বলিৰেখাবোৰে তেওঁৰ সৌন্দৰ্য লাঘৱ কৰাৰ সলনি তেওঁৰ ব্যক্তিত্বত আধিপত্য আৰু মনোবল জিলিকাই তুলি ৰূপত ৰহণহে চৰাইছে। কিন্তু তেওঁৰ সেই সৌন্দৰ্যৰ সলনি এতিয়া এযোৰ অনুজ্জ্বল শেঁতা চকুহে আছে যি অথনিৰে পৰা নীলা আকাশৰ ডাৱৰবোৰ একে লেথাৰিয়ে থৰ হৈ চাই আছে। তেওঁৰ সেই উদাস দৃষ্টিত কোনো ধৰণৰ সৌন্দৰ্যৰ জিকমিকনি ফুটি উঠা নাই কিন্তু তাৰ সলনি এক গভীৰ বুদ্ধিমত্তা হেৰুৱাই পেলোৱাৰ চাপ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। 
             তেওঁ অনুভৱ কৰিছে কিবা যেন এক অদৃশ্য শক্তি তেওঁৰ অভিমুখে আহি আছে আৰু তেওঁ ভয়ে ভয়ে তালৈ অপেক্ষা কৰি আছে। কিন্তু কিনো সেই আচহুৱা শক্তি তাৰ বিষয়ে তেওঁ নিজে নাজানে। হয়তো সেয়া এক অতি সূক্ষ্ম আৰু মায়াৱী শক্তি যাৰ নামকৰণ কৰা সম্ভৱ হৈ উঠা নাই। কিন্তু তেওঁ অনুভৱ কৰিছে বতাহত মিহলি হৈ থকা শব্দ, ৰং আৰু গোন্ধবোৰ ছিৰাছিৰ কৰি কিবা এটা যেন তেওঁৰ ফালেই আগুৱাই আহিবলৈ ধৰিছে। 
           মিচেছ মেলাৰ্ড অলপ পোন হৈ বহিবলৈ যত্ন কৰিলে কিন্তু অকস্মাত তেওঁ বাগৰি পৰিল। তেওঁ লাহে লাহে নিজক আচ্ছন্ন কৰি তুলিবলৈ চেষ্টা কৰা বস্তুটো চিনি পালে আৰু প্ৰতিৰোধ কৰিবলৈ অৱশ আৰু ভৰহীন হাত দুখনৰ দৰেই শক্তিহীন হৈ পৰা নিজৰ আত্মশক্তিৰে সাজু হ’ল। 
          যেতিয়া তেওঁ নিজকে সেই অদৃশ্য শক্তিৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’ল তেওঁৰ সামান্যকৈ মেল খাই পৰা ওঁঠযুৰিৰ পৰা এটা মৃদু ফোঁচফোঁচনি শুনা গ’ল। তেওঁ নিজৰ প্ৰতিটো শ্বাস-প্ৰশ্বাসৰ লগত বাৰে বাৰে একেটা শব্দকে দোহাৰি থাকিবলৈ ধৰিলে, “মুক্ত, মুক্ত, মুক্ত!” তেওঁৰ থৰ লাগি স্তব্ধ হৈ যোৱা দৃষ্টি লৈ চকুযুৰিৰ পৰা এক ভয় ভয় ভাব বগুৱা বাই বাই আহিবলৈ ধৰিলে। তেওঁৰ দৃষ্টি অধিক প্ৰখৰ আৰু উৎসুকতাৰে পৰিপূৰ্ণ হৈ পৰিল। তেওঁৰ নাড়ীৰ গতি বৃদ্ধি পাবলৈ ধৰিলে আৰু ধমনীৰে প্ৰৱহমান উষ্ণ ৰক্তই তেওঁৰ শৰীৰৰ প্ৰতিটো অংগকে শিথিল কৰি তুলিলে। 
            সেয়া এক মুহূৰ্তৰ বাবে তেওঁ অনুভৱ কৰা কিবা পৈশাচিক আনন্দৰ বহিৰ্প্ৰকাশ আছিল নেকি বুলি তেওঁ নিজকে প্ৰশ্ন কৰিবলৈও এৰা নাছিল। কিন্তু মগজুৰ পৰা লাভ কৰা এক স্পষ্ট আৰু সূক্ষ্ম অনুভূতিয়ে সেয়া তেওঁৰ মনলৈ অহা সামান্য দুৰ্বলতাহে বুলি তেওঁক ভাবিবলৈ বাধ্য কৰিলে। 
           মিচেছ মেলাৰ্ডে ভালকৈয়ে জানে যেতিয়া তেওঁ স্বামীৰ আদৰৰ কোমল হাত দুখন মৃত্যুশয্যাত কোঁচ খাই থকা দেখিব তেওঁ নিজৰ কান্দোনক বাধা দি ৰাখিব নোৱাৰিব। তেওঁৰ স্বামীৰ মুখাৱয়বলৈ মনত পেলালে, যিখন মুখেৰে তেওঁৰ স্বামীয়ে আগতে মৰমেৰে তেওঁলৈ কেতিয়াবা চাইছিলনে নাই তেওঁৰ এতিয়া মনতো নাই যদিও সেই মুখখন মৃত্যুৱে শেঁতা আৰু লৰচৰহীন কৰি পেলোৱা দেখা পালে তেওঁৰ দুখ লাগিব। কিন্তু মিচেছ মেলাৰ্ডৰ এই তিতা মুহূৰ্তটোতকৈ অধিক নিজৰ জীৱনৰ আহিবলগীয়া দিনবোৰৰ কথা মনলৈ আহিছে যিবোৰ একান্তই কেৱল তেওঁৰ হ’ব। সেই কথা মনলৈ অহাৰ লগে লগেই তেওঁ ভৱিষ্যতৰ দিনবোৰক আদৰণি জনাবলৈ নিজৰ দুবাহু মেলি সাজু হ’ল। 
            মিচেছ মেলাৰ্ডে ভালকৈ জানে আহিবলগীয়া বছৰবোৰত তেওঁৰ কাষত তেওঁৰ কাৰণে কোনোৱেই নাথাকিব। তেওঁ নিজেই নিজৰ সংগী হ’ব লাগিব। তেওঁ এনেয়েও অন্য নাৰী আৰু পুৰুষে নিজৰ জীৱনসংগীৰ ওপৰত প্ৰবল ইচ্ছাশক্তিৰে অধিকাৰ সাব্যস্ত কৰাৰ দৰে অন্ধ ধাৰণাক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। তেওঁ যে এনেকৈ ভাবিছে তাৰ আঁৰত থকা ভাল আৰু বেয়া দুয়োটা অভিপ্ৰায়েই অপৰাধ নহয় বুলি তেওঁ নিজকে নিজে প্ৰবোধ দিছে। 
        মিচেছ মেলাৰ্ডে মনত পেলাবলৈ যত্ন কৰিলে, তেওঁ দেখোন নিজৰ স্বামীক মাজে মাজে কেতিয়াবাহে ভাল পাইছিল। স্বামীক তেওঁ সদায় ভাল পাব পৰা নাছিল। অৱশ্যে সেইটো কথাৰনো এই মুহূৰ্তত কি গুৰুত্ব থাকিব পাৰে? প্ৰেমক আচলতে কিহে সমাধানহীন ৰহস্য কৰি তোলে? তেওঁ নিজৰ জীৱনৰ আত্মোলব্ধিৰ এইটো পৰ্যায়ত আহি উপনীত হৈ অনুভৱ কৰা আটাইতকৈ শক্তিশালী আৱেগে হঠাতে সেয়া চিনাক্ত কৰি পেলাইছে। 
          “মুক্ত, মোৰ শৰীৰ আৰু আত্মা মুক্ত। আস্ সকলোৱেই মুক্ত।” মিচেছ মেলাৰ্ডে কোনেও নুশুনাকৈ ফুচফুচাই উচ্চাৰণ কৰিলে। 
             তেনেতে জ’চলীনে আহি তেওঁৰ কোঠাৰ দুৱাৰৰ সিপাৰৰ পৰা দুৱাৰখন খুলি দিবলৈ কাতৰে অনুৰোধ কৰিলেহি। “লুইছ, দুৱাৰখন খোলাঁ। মই তোমাক কাবৌ কৰিছোঁ। তুমি এনেকৈ সোমাই থাকি নিজক অসুস্থ কৰি পেলাবা। চাওঁচোন লুইছ, ভিতৰত তুমি কি কৰি আছানো? ভগৱানৰ শপত দুৱাৰখন খুলি দিয়াঁহি।” 
          “জ’চলীন, তুমি যোৱাঁ। তুমি ভৱাৰ দৰে মই নিজৰ কোনো অনিষ্ট কৰা নাই।” তেওঁহে জানে, তেওঁ যে এতিয়া খোলা খিৰিকীৰে জীৱনৰ অমৃত সুধা পান কৰি থকা মুক্ত মানুহ। 
          তেওঁৰ সন্মুখত জীৱনৰ আহিবলগীয়া দিনবোৰৰ ৰঙীন স্বপ্নই উপদ্ৰৱ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ সুখী যে আহিবলগীয়া বসন্তৰ দিনবোৰ, গ্ৰীষ্মৰ দিনবোৰ... বা আহিবলগীয়া প্ৰতিটো দিনেই এতিয়া কেবল তেওঁৰ একান্তই নিজৰ হ’ব। তেওঁ ঘন ঘনকৈ উশাহ লৈ থকাৰ মাজতেই চুটিকৈ প্ৰাৰ্থনা কৰিলে, তেওঁৰ জীৱনটো যেন সুদীৰ্ঘ হয়। তেওঁ মনত পেলালে কালিয়েইতো তেওঁ প্ৰাৰ্থনা জনাইছিল যে মানুহৰ জীৱনটো সদায় দীঘলীয়া হ’ব লাগে। 
         মিচেছ মেলাৰ্ড এইবাৰ বহাৰ পৰা উঠি আহি ভনীয়েকে চিঞৰি থকাৰ কাৰণে দুৱাৰখন খুলি দিলেহি। তেওঁৰ দুচকুৱে জ্বৰ হোৱা মানুহৰ চকু দুটা ৰঙা পৰি থকাৰ দৰে এক জয়ৰ স্বাক্ষৰ বহন কৰিছিল আৰু তেওঁ বিজয়ী নেত্ৰীৰ চাৱনি এটাৰে অনিচ্ছা সত্ত্বেও ওলাই আহিছিল। তেওঁ ভনীয়েকক সাবটি ধৰি খটখটিয়েদি নামি আহিবলৈ ধৰিলে। ৰিছাৰ্ডছ সিহঁতলৈ অপেক্ষা কৰি তলতেই ৰৈ আছে। 
        কোনোবা এজনে সন্মুখৰ মুখ্য দুৱাৰখন খুলিছে। খোলা দুৱাৰেদি ভাগৰুৱা হৈ ব্ৰেণ্টলি মেলাৰ্ড সোমাই আহিল। তেওঁৰ হাতত লগত লৈ যোৱা বেগ আৰু ছাটিটো। দুৰ্ঘটনা হোৱা ঠাইখনৰ পৰা তেওঁ বহু দূৰত আছিল। হয়তো তেওঁৰ সৈতে একে নামৰ আন কোনোবা এজন তাত আছিল বুলিও তেওঁ জনা নাছিল। ব্ৰেণ্টলি হঠাতে জ’চলীনৰ কান্দোনৰ উচ্চ শব্দ আৰু ৰিছাৰ্ডছে চিঞৰ মাৰি তেওঁৰ পত্নীলৈ আঙুলিয়াই দিয়াৰ ফালে চাই আচৰিত হৈ পৰিল। 
          কিন্তু তেতিয়ালৈ ৰিছাৰ্ডচে বহুত পলম কৰি পেলালে। 
       কিছু সময়ৰ পিছত ডাক্তৰ আহি মিচেছ মেলাৰ্ডক পৰীক্ষা-নিৰীক্ষা কৰি তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰিলেহি। অতি মাত্ৰা আনন্দই বোলে তেওঁৰ বাবে কাল হ’ল। 

ঠিকনা  : 
সহঃ শিক্ষয়িত্ৰী
যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়
২নং বামুণ পুখুৰী, পিন নং - 784149
ডাকঃ ঘটুৱা, তেজপুৰ, শোণিতপুৰ, অসম
ফোন নং - 6002948925

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ