মূল : চিচিলিয়া মেইৰেলেছ, ব্ৰাজিল
অনুবাদ : ড°ৰঞ্জিত দত্ত
মই গীত গাওঁ কাৰণ
মুহূৰ্তবোৰৰ অস্থিত্ব আছে আৰু
পূৰ্ণতা লাভ কৰিছে মোৰ জীৱনে।
মই সুখীও নহয় দুখীও নহয়;
মই এজন কবি।
ক্ষণভঙ্গুৰতাৰ সহোদৰৰূপে
মই অনুভৱ নকৰোঁ
কোনো আনন্দ অথবা যন্ত্ৰণা,
বতাহৰ মাজেৰে পাৰ কৰিছোঁ মই
মোৰ দিন আৰু ৰাতিবোৰ,
মই ভাঙো
কিম্বা গঢ়োঁ
মই ৰৈ থাকোঁ
অথবা ছত্ৰভঙ্গ দিওঁ
সেয়া মই নাজানো
মই নাজানো।
মই নাজানো
মই থাকিম নে আঁতৰি যাম,
মই যে গীত গাইছোঁ
সেয়াও মই নাজানো,
কিন্তু গীত মোৰ বাবে সৰ্বস্ব
ইয়াত আছে ছন্দোময় ডেউকাৰ
চিৰন্তন তেজৰ প্ৰৱাহ।
মই জানো
এদিন মই
নিমাত হৈ পৰিম:
ইয়াতকৈ আৰু বেছি
আন একো নহয়।
