মূল: ৰাস্কিন বণ্ড
অনুবাদ: পংকজ কুমাৰ নেওগ
বাৰ বছৰীয়া ল’ৰা এটাৰ বাবে
সেইবছৰৰ শীতকালটো আছিল অতি নিঃসঙ্গ।
দু-বছৰৰ পূৰ্বে ঘটা দেউতাৰ অকালমৃত্যুৰ শোক মই তেতিয়াও পাহৰিব পৰা
নাছিলো আৰু পুৰণি গাড়ী বেচা-কিনা কৰা সেই পাঞ্জাৱী ভদ্ৰলোকজনৰ সৈতে মা দ্বিতীয়
বিবাহত সোমোৱা কথাটোও মই অন্তৰেৰে গ্ৰহণ কৰিব পৰা নাছিলো। তিনিমাহৰ শীতকালীন
বিৰতিৰ অন্তত চিমলাৰ ব’ৰ্ডিং স্কুললৈ
উভতি যাবলৈ সময় হোৱাত মই একপ্ৰকাৰ সুখী হৈ পৰিলোঁ। এসময়ত কিপলিঙে তেওঁৰ লেখাবোৰত
চিমলা নামৰ পাহাৰীয়া চহৰখনৰ গুণ-গান কৰিছিল যদিও
অতি সোনকালে ই ভাৰতত বৃটিছৰাজৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে নিজৰ মৰ্যাদা হেৰুৱাই
পেলাইছিল।
স্কুলত মোৰ যে বহুতো বন্ধু-বান্ধৱ আছিল তেনে নহয়। মই আছিলো লাজকুৰীয়া,
স্বল্পভাষী আৰু অকলশৰীয়াকৈ থাকি ভাল পোৱা স্বভাৱৰ। কেৱল দেউতাই ছুটীৰ দিনকেইটাত লগ
কৰিবলৈ অহা দিনবোৰলৈ বাট চাইছিলো আৰু দিল্লী আৰু কৰাচীৰ উপকণ্ঠত তেওঁৰ সৈতে তম্বু নতুবা
বিমান বাহিনীৰ বেৰেকছত সময় কটাবলৈ ভাল পাইছিলো। কিছু অনিয়মীয়া হ’লেও
সেই আনন্দৰ দিনবোৰ এতিয়া আৰু উভতি নাহে। মোৰ এজন বন্ধুৰ প্রয়োজন আছিল;
কিন্তু ক্লাছৰ বেঞ্চত নিজৰ নাম খোদাই কৰা, শ্ৰেণী শিক্ষকৰ চকীত চ্যুয়িং গাম লগাই
ৰং চোৱা চতুর্থ শ্রেণীৰ এদল হুলস্থুলীয়া, টটাটিঙা ল’ৰাৰ
মাজত এজন বন্ধু বিচাৰি পোৱা মুঠেই সহজ নাছিল। অইন ল’ৰা-ছোৱালীৰ
সৈতে খেলি-ধূলি ডাঙৰ হোৱাহেঁতেন হয়তো মইয়ো স্কুলীয়া উৎপাত বা বদমাছিবোৰ উপভোগ
কৰিলোহেঁতেন, কিন্তু মাৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ পাছত দেউতাৰ নিঃসঙ্গতাৰ ভাগ ল’বলৈ
গৈ মই অকালতে এজন প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰিত হৈছিলো। মিশ্ৰিত বা বিভিন্ন বিষয়ৰ
যেনে ডিকেন্স, ৰিচমাল ক্ৰম্পটন, ৰবি ঠাকুৰ আৰু চেম্পিয়ন আৰু ফিল্ম ফান কমিকছ
ইত্যাদি পঢ়ি ভালপোৱা মোৰ স্বভাৱটোৱে হয়তো মোৰ জীৱনৰ বিভ্ৰান্ত অৱস্থাটোকে
প্ৰতিফলিত কৰিছিল। সেই প্ৰাক-ইলেক্ট্ৰনিক যুগতো কিতাপ পঢ়া লোকৰ সংখ্যা আছিল বিৰল।
বৰষুণৰ দিনত বেছিভাগ ল’ৰাই তাচ বা মন’পলি খেলিছিল বা
কমন ৰুমত গ্ৰাম’ফোনত আৰ্টি শ্বৰ সঙ্গীত শুনিছিল।
চতুর্থ শ্রেণীত এমাহমান সময় পাৰ কৰাৰ পাছত ওমৰ নামৰ এজন নতুন ল’ৰাৰ
ওপৰত মোৰ চকু পৰিল। ওমৰ মোৰ চকুত পৰাৰ একমাত্ৰ কাৰণ আছিল যে সি আছিল অত্যন্ত শান্ত
আৰু স্বল্পভাষী। শ্ৰেণীৰ বাকীবোৰে যেতিয়া চাৰ্কাচৰ ‘মার্ক্স ব্রাদাৰ্ছ’ক অনুকৰণ কৰিবলৈ
শ্ৰেণীকোঠাত উন্মত্ত প্রচেষ্টা চলাইছিল, ওমৰ নিশ্চুপ হৈ সেই প্ৰচেষ্টাৰ পৰা বিৰত থাকিছিল।
শ্রেণীৰ হুলস্থূলীয়া পৰিৱেশৰ প্রতি সি কোনো বিৰক্তি প্রকাশ কৰা নাছিল বা
উদ্ভণ্ডালিবোৰত অংশ গ্ৰহণো নকৰিছিল। এবাৰ সি মোক তাৰ ফালে চাই থকা দেখা পাই এটা
বিষাদপূৰ্ণ, সহনশীল হাঁহিৰে প্ৰত্যুত্তৰ দিছিল। শ্ৰেণীকোঠাত
তেনেহলে মই আৰু এজন প্রাপ্তবয়স্কৰ উপস্থিতিৰ উমান পাইছিলো নেকি? হয়তো
নিজৰ বয়সৰ তুলনাত অলপ বেছিয়েই পৰিপক্ক?
আমি ইজনে সিজনৰ সৈতে কথা-বতৰা হোৱাৰ পূৰ্বেই দুয়োজনৰ মাজত এটা
বুজা-পৰাৰ সৃষ্টি হৈছিল আৰু শ্ৰেণীকোঠাৰ কৰিডৰ, ডাইনিং হল বা ডৰমিটৰিৰ আশে পাশে
দেখা হ’লে আমি মূৰ দুপিয়াই শ্ৰদ্ধাপূৰ্বক
অভিবাদন জনাইছিলো। আমি অৱশ্যে একেটা হাউছৰ নাছিলো। হাউছ ব্যৱস্থাটোৱে এক প্ৰকাৰৰ বর্ণবৈষম্যৰহে
সৃষ্টি কৰিছিল যাৰ ফলত, উদাহৰণস্বৰূপে, কার্জন হাউছৰ কোনো সদস্যক ৰিভাজ বা লেফ্রয়
হাউছৰ সদস্যসকলৰ সৈতে মিলা-মিছা কৰা আশা কৰা নগৈছিল। সেই পাব্লিক স্কুলবোৰে মানুহক
বিভিন্ন স্তৰত আৱদ্ধ কৰি ৰাখিবলৈ ভালকৈয়ে জানিছিল। অৱশ্যে ওমৰ আৰু মই যেতিয়া
স্কুলৰ ক’ল্টছ হকী টীমত নিৰ্বাচিত হ’লোঁ, আমাৰ
মাজৰ সকলোবোৰ বাধা আঁতৰিল। ওমৰ ফুলবেক হিচাপে আৰু মই গলকীপাৰৰূপে নিৰ্বাচিত হ’লোঁ।
মই ভাৱোঁ যে স্বাভাৱিকতে এটা ৰক্ষণাত্মক অৱস্থান বা ‘ডিফেন্সিভ
পজিছন’ মোৰ বাবে আছিল উপযুক্ত। অলপো অহঙ্কাৰ
নকৰাকৈ মই ক’ব পাৰোঁ যে হকী আৰু ফুটবল—উভয় খেলতেই মই
আছিলো এজন দক্ষ গ’লৰক্ষক। চাওঁতে চাওঁতে বহুকেইটা দশক পাৰ
হৈ গ’ল আৰু আজিও মই গ’লৰক্ষকৰ
ভূমিকাই পালন কৰি আহিছো। সেই সময়ত মই দায়িত্ব পালন কৰিছিলো গ’লপষ্টৰ
মাজত থিয় হৈ আৰু এতিয়া পালন কৰিছো খেলপথাৰৰ বাহিৰত – পৰিয়াল এটাক সুৰক্ষা
প্ৰদানেৰে নতুবা এজন লেখক হিচাপে নিজৰ স্বাধীনতা বজাই ৰাখি...!! স্বল্পভাষী
ওমৰে মোৰ সৈতে কথা পতা আৰম্ভ কৰিছিল আৰু খেলপথাৰত আমাৰ বুজা-পৰাও আছিল চমৎকাৰ। এজন
গ’লৰক্ষক আৰু এজন ফুল-বেকৰ মাজত পাৰস্পৰিক বুজা-পৰা অত্যন্ত জৰুৰী।
আমাৰ চিন্তাধাৰাও আছিল একে তৰংগৰ! মই তাৰ প্রতিটো পদক্ষেপ আগতেই অনুমান কৰিব
পাৰিছিলো আৰু সিও মোৰ গতি-বিধিবোৰৰ উমান লাভ কৰিছিল। বহু বছৰৰ পাছত কনৰাডে লিখা
‘দ্য চিক্রেট শ্বেয়াৰাৰ’ (The Secret Sharer) উপন্যাসখন
পঢ়োঁতে মোৰ ওমৰৰ কথাই মনত পৰিছিল।
স্কুল, শ্রেণীকোঠা আৰু ডাইনিং হলৰ গণ্ডীৰ বাহিৰতহে
আমাৰ বন্ধুত্ব প্রকৃতাৰ্থত ঠন ধৰি উঠিছিল। আমাৰ হকী দলটো কাষৰে পর্বতমালাত অৱস্থিত
ছানাৱাৰলৈ গৈ পুৰণি প্রতিদ্বন্দ্বী—‘লৰেঞ্চ ৰয়েল মিলিটেৰী স্কুল’ৰ বিপক্ষে
কেইখনমান মেছ খেলাৰ কথা আছিল। সেইখন আছিল দেউতাই পঢ়া পুৰণি স্কুল। অৱশ্যে তেওঁৰ
সময়ত প্ৰতিষ্ঠানখন এখন সামৰিক অনাথ আশ্রম হিচাপেও ব্যৱহাৰ হোৱা কথাটো মই জনা
নাছিলো। মোৰ ককা আছিল এজন সাধাৰণ পদাতিক সৈনিক আৰু মাত্ৰ সোতৰ বছৰ বয়সত (কিপলিঙৰ
গল্পৰ ‘মুলভানি’, ‘আদাৰিছ’আৰু ‘লিৰয়েড’ৰ দৰে) ঘৰ-বাৰী এৰি ‘স্কটিছ
ৰাইফলছ’ বাহিনীত যোগ দিছিল। ককাৰ সন্তানকেইটা নিচেই সৰু হৈ থাকোঁতে তেওঁ পৰলোকগমন
কৰে; কিন্তু মোৰ দেউতাৰ শিক্ষাৰ ভিত্তি আছিল সুসংহত আৰু বহুমুখী
আৰু তাৰ সুবাদতে তেওঁ পৰৱৰ্তীসময়ত এজন সামৰিক বিষয়া হিচাপে নিজকে প্রতিষ্ঠিত কৰিবলৈ
সক্ষম হৈছিল। ছানাৱাৰলৈ যোৱাৰ সময়ত ওমৰ আৰু মই ইজনে সিজনৰ সান্নিধ্যলৈ আহিবলৈ
সুযোগ পাইছিলো; আজৰি সময়ত আমি অতিথিৰূপে থকা স্কুলখনৰ
চৌহদত নিশ্চিন্ত মনে ঘূৰি ফুৰোঁতে আমি ইজনে সিজনৰ জীৱন বৃত্তান্ত আৰু অন্যান্য
ব্যক্তিগত গোপন কথাবোৰ আদান-প্রদান কৰিছিলো। ওমৰেও নিজৰ দেউতাকক ইতিমধ্যে হেৰুৱাইছিল।
ওমৰৰ প্ৰকৃত ঘৰ আছিল পেছৱাৰৰ সিটো পাৰে আইনহীন ভূখণ্ডত আৰু সীমান্ত অঞ্চলৰ কোনো এক
উপজাতীয় সংঘর্ষত গুলীবিদ্ধ হৈ দেউতাকে মৃত্যু বৰণ কৰিছিল। ওমৰৰ শিক্ষাৰ ভাৰ বহন কৰিছিল তাৰ এজন বিত্তবান খুৰাকে আৰু মোৰ শিক্ষাৰ
দায়িত্ব লৈছিল ৰয়েল এয়াৰ ফ’ৰ্চে (RAF)।
আমি অলপ ঘুৰা-ফিৰা কৰি স্কুলৰ সৰু গীৰ্জাঘৰটোত সোমালো। তাত স্কুলৰ ‘ৰ’ল অফ
অনাৰ’ বা সম্মান ফলকত দেউতাৰ নামটো দেখা পালোঁ। তেখেতৰ নাম আছিল এ,এ বণ্ড। সন্মান
ফলকখনত অকল দেউতাৰে নহয় যিসকল প্ৰাক্তন ছাত্ৰই বিশ্বযুদ্ধদুখনত কৰ্তব্যৰত অৱস্থাত
মৃত্যুবৰণ কৰিছিল সকলোৰে নাম খোদাই কৰা আছিল।
“তেখেতৰ নামৰ আদ্যক্ষৰবোৰৰ সম্পূর্ণৰূপ কী আছিল বাৰু?” ওমৰে
জানিব বিচাৰিলে।
: অব্রি আলেকজেণ্ডাৰ।
: আচহুৱা নাম—ঠিক তোমাৰ নামটোৰ দৰেই। তোমাৰ দেউতা-মাই তোমাৰ
নাম ‘ৰাস্কিন’ কিয় ৰাখিছিল?
: সঠিককৈ ক’ব নোৱাৰোঁ। মই
অনুমান কৰিছো শিল্পকলা আৰু স্থাপত্যৰ দৰে গুৰুগম্ভীৰ বিষয়বোৰৰ ওপৰত লিখা জন ৰাস্কিনৰ
ৰচনাবোৰ তেওঁ ভাল পাইছিল। মই নাভাৱোঁ যে মানুহে
এতিয়া তেওঁৰ ৰচনা বা লেখাবোৰ পঢ়ে, অৱশ্যে মোৰ লেখাসমূহ সকলোৱে পঢ়িব!”
মই সেই সময়ত মোৰ প্ৰথম লেখা আৰম্ভ কৰিছিলোঁ। কিতাপখনৰ নাম আছিল ‘নাইন
মান্থছ’ (নামটো স্কুলৰ শিক্ষাবর্ষৰ সময়খিনি বুজাবলৈহে, কোনো
গর্ভাৱস্থা নহয়); কিতাপখনত স্কুলৰ নানা ঘটনাপ্ৰবাহৰ বর্ণনা
আছিল আৰু আমাৰ কেইগৰাকীমান শিক্ষকক ব্যঙ্গ-বিদ্রূপো কৰা হৈছিল। মোৰ এই অপৰিপক্ক
সাহিত্য-প্রকল্পটো শেষ কৰিবলৈ তিনিখন সৰু বহীৰ আৱশ্যক হৈছিল আৰু ওমৰক সকলোখিনি
পঢ়িবলৈ দিছিলো। সম্ভৱতঃ সিয়েই আছিল মোৰ প্ৰথম পাঠক আৰু সমালোচক। “লেখাবোৰ বেছ
আমোদজনক হৈছে” সি মন্তব্য কৰিলে, “কিন্তু
কোনোবাই, বিশেষকৈ মিষ্টাৰ অলিভাৰে এইবোৰ কাহিনী পঢ়িলে তুমি কিন্তু বিপদত পৰিবা” - এই
বুলি ওমৰে মোৰ লেখাটোৰ পৰা এটা আপত্তিজনক পদ্য গাই শুনালে —"Olly,
Olly, Olly, with his balls on a trolley, And his arse all painted green!”
স্বীকাৰ কৰিব লাগিব যে মোৰ প্ৰথম লেখা কোনো মহৎ সাহিত্যকর্ম নাছিল। হকী আৰু ফুটবলতহে মই বেছি ভাল আছিলো। কেইটামান
গ’ল মই দৰ্শনীয়ভাৱে বচাইছিলো আৰু ছানাৱাৰৰ বিৰুদ্ধে মেছবোৰত
আমি বিজয়ী হৈছিলো। চিমলালৈ উভতি অহাৰ পাছত আমি দুই-এদিনৰ বাবে স্কুলৰ হিৰ’ হৈ পৰিলো।
প্ৰাথমিক জড়তাখিনি আঁতৰাৰ পাছত আমি আনবোৰ ল’ৰাৰ
সৈতেও বেছ সহজ হৈ পৰিছিলো। সেই সময়তে এদিন হাউছমাষ্টাৰ মিষ্টাৰ ফিছাৰে মোৰ বিছনাৰ
তুলিৰ তলত মোৰ সাহিত্যকর্ম ‘নাইন মান্থছ’ বিচাৰি পাই লৈ গ’ল
আৰু আৰম্ভণিৰ পৰা অন্তলৈ গোটেইখিনি পঢ়িলে (তেখেতে পিছত মোক কোৱামতে)। সেই সময়ত
স্কুলত শাৰীৰিক শাস্তিৰ প্রচলন আছিল আৰু মই মোৰ সাহিত্যকৰ্মৰ বাবে মালাক্কা বেতৰ চেকনিৰে
ছয় বেত খাব লগা হ’ল। মোৰ পাণ্ডুলিপিটো মিঃ ফিছাৰে ছিঙি-মোহাৰি
নিজৰ ডাষ্টবিনত দলিয়াই পেলালে। এই সাহিত্য প্রচেষ্টাৰ ফলস্বৰূপে মোৰ পশ্চাৎভাগত বেতৰ
কোবৰ ক’লা দাগকেইটাৰ বাহিৰে বাকী একো নাছিল।
আগ্রহী বন্ধু-বান্ধৱকেইজনক সগৰ্বে সেই দাগবোৰ প্ৰদৰ্শন কৰি মই আৰু কেইদিনমানৰ বাবে
নায়ক হৈ পৰিলোঁ।
“ব্রিটিছসকলে ভাৰত এৰি গ’লে
তুমিও উভতি যাবা নেকি?” ওমৰে এদিন মোক প্ৰশ্ন কৰিলে।
“নাই, উভতি যাম বুলি নাভাৱোঁ”- মই
উত্তৰ দিলোঁ। “মোৰ এতিয়াৰ দেউতাজন ভাৰতীয়।”
“মানুহে কোৱা-মেলা কৰিছে আমাৰ নেতা আৰু বৃটিছসকলে মিলি দেশখনক
দুভাগত ভাগ কৰিব। চিমলা ভাৰতৰ ভাগত আৰু পেছৱাৰ পাকিস্তানৰ ভাগত পৰিব!”
“ধেৎ, সেইবোৰ একো নহয়,” মই
বিশেষ একো নভৱাকৈ উত্তৰ দিলোঁ। “ইমান ডাঙৰ দেশ এখনক কেনেকৈ সিহঁতে ভাগ কৰিব?” কিন্তু
আমি যি সময়ত এই সম্ভাৱনাৰ কথা লৈ তৰ্কা-তৰ্কি কৰিছিলো, ঠিক সেই মুহূর্ততেই নেহৰু, জিন্নাহ, মাউণ্টবেটেন আৰু সেই সময়ৰ প্রভাৱশালী ব্যক্তিসকলে এটা বৃহৎ ‘শল্যচিকিৎসা’ৰ
বাবে নিজৰ অস্ত্র-শস্ত্র প্ৰস্তুত কৰিছিল।
তেওঁলোকৰ সেই সিদ্ধান্তই আমাৰ আৰু সকলোৰে জীৱনত প্ৰভাৱ পেলোৱাৰ আগতেই আমি
আমাৰ নিজৰ বাবে অকণি স্বাধীনতাৰ সন্ধান পাইছিলো - তৃতীয় ফ্লেটটোৰ তলত আৱিষ্কৃত এটা
ভূগর্ভস্থ সুৰঙ্গৰ ভিতৰত। দৰাচলতে সুৰঙ্গটো আছিল পুৰণা আৰু পৰিত্যক্ত নর্দমা ব্যৱস্থাৰেই
অংশ; ওমৰ আৰু মই যেতিয়া সুৰঙ্গটো পৰীক্ষা কৰিবলৈ ল’লোঁ
তেতিয়া ই কিমান দূৰলৈকে বিস্তৃত আমাৰ অলপো ধাৰণা নাছিল। পেট আৰু কিলাকুটিত ভৰ দি বিশফুট
মান লাহে লাহে চুচৰি যোৱাৰ পাছত আমাক সম্পূ্ৰ্ণ অন্ধকাৰে গ্ৰাস কৰিলে। ওমৰৰ লগত এটা
সৰু পেঞ্চিল টর্চ আছিল; সেইটোৰ পোহৰতে
আমি নিজৰ শৰীৰ সাপৰ দৰে ভাঁজ লগাই সন্মুখলৈ গৈ থাকিলো। (পিছলৈ উভতি যোৱা তেতিয়া
একেবাৰে অসম্ভৱ আছিল)। এইদৰে চুচৰি-বাগৰি আগবাঢ়ি অৱশেষত সুৰঙ্গৰ সিটো মূৰৰ পৰা
অহা পোহৰ আমাৰ চকুত পৰিল। ধুলি-বালিত পোত গৈ, দুৰ্গন্ধযুক্ত শৰীৰ আৰু অত্যন্ত জৰাজীর্ণ
অৱস্থাত আমি অৱশেষত স্কুলৰ চৌহদৰ কিছু বাহিৰত সেউজীয়া ঘাঁহেৰে আৱৰা এটা টিলাত গৈ উপনীত
হ’লোঁ।
প্ৰাপ্তবয়স্কসকলে যি সীমাৰেখা টানে সেই সীমা অতিক্ৰম কৰি বাহিৰলৈ যোৱাত
একপ্ৰকাৰ ৰোমাঞ্চ আছে। আমি সেইদিনা স্কুলৰ চৌহদৰ বাহিৰৰ সম্পূর্ণ অচিনাকি ঠাই
এডোখৰত গৈ উপনীত হৈছিলো। পাছপ’ৰ্ট অবিহনে
দেশ-দেশান্তৰে ঘূৰি ফুৰিব পৰা ক্ষমতা - সেয়েই
হ’ব মানুহৰ স্বাধীনতাৰ চৰম ৰূপ!
কিন্তু আৰু বহুতো পাছপ’ৰ্ট আৰু বাধা আমাৰ
ফালে আহিবলৈ উদ্যত হৈ আছিল।
তৎকালীন ভাইছৰয় আৰু অদূৰ ভৱিষ্যতৰ গভর্নৰ-জেনেৰেল লর্ড মাউণ্টবেটেন আমাৰ ‘প্রতিষ্ঠা দিৱস’ (Founder’s Day) অনুষ্ঠানলৈ
আহিছিল আৰু বঁটা বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰিছিল। মই কিবা নহয় কিবা বিষয়ত পুৰস্কাৰ
পাইছিলো আৰু পিনষ্ট্ৰাইপ চুট পৰিহিত সেই দীর্ঘদেহী আৰু সুদৰ্শন লোকজনৰ পৰা পুৰস্কাৰৰ
কিতাপ গ্ৰহণ কৰিবলৈ মঞ্চত উঠিছিলো। সেই সময়ত ‘বিছপ কটন স্কুল’ আছিল ভাৰতৰ অন্যতম
শীর্ষস্থানীয় শিক্ষাপ্রতিষ্ঠান আৰু ই ‘প্রাচ্যৰ ইটন’ (Eton of the
East)ৰূপে জনাজাত আছিল। স্বয়ং ভাইছৰয় আৰু বিভিন্ন প্রদেশৰ গভর্নৰসকলে এই স্কুলৰ বিভিন্ন
অনুষ্ঠানত উপস্থিত থাকি সেইবোৰৰ শোভা আৰু মৰ্যাদা বঢ়াইছিল। এইখন স্কুলৰ কেইবাজনো প্রাক্তন
ছাত্রই পৰৱৰ্তীসময়ত চিভিল চাৰ্ভিছ আৰু সশস্ত্র বাহিনীৰ দৰে গুৰুত্বপূর্ণ ক্ষেত্রত
অসামান্য সফলতা আৰু খ্যাতি অর্জন কৰিছিল। অৱশ্যে এনে এজন ‘প্রাক্তন ছাত্র’ আছিল যাৰ
প্রসঙ্গ উত্থাপন হ’লেই স্কুল কর্তৃপক্ষই সদায় নীৰৱতা
অৱলম্বন কৰিছিল। সেই প্ৰাক্তন ছাত্ৰজন আছিল অমৃতসৰৰ নৃশংস হত্যাকাণ্ডৰ নিৰ্দেশকাৰী
জেনেৰেল ডায়াৰ; এইজন জেনেৰলৰ বাবেই ব্রিটেইন আৰু ভাৰতৰ
মানুহৰ মাজত গঢ় লৈ উঠা আস্থা চিৰদিনলৈ ধ্বংস হৈছিল।
সেইবাৰ মাউণ্টবেটেনে আমাৰ
চৌপাশে ঘটা যুগান্তকাৰী ঘটনাবোৰৰ কথা কৈছিল। বিশ্বযুদ্ধ শেষ হৈছিলহে মাত্ৰ; ৰাষ্ট্ৰসংঘই
এনে এক প্রতিশ্রুতি দিছিল য’ত শান্তি আৰু সম্প্রীতি
বিৰাজ কৰিব আৰু ভাৰত বৃটেইনৰ সমান অংশীদাৰ হিচাপে বিশ্বৰ মহান জাতিসমূহৰ মাজত
স্থান ল’ব …! ইয়াৰ
কেইসপ্তাহমানৰ পাছতেই বঙ্গ আৰু পাঞ্জাৱ প্রদেশক
দ্বিখণ্ডিত কৰা হ’ল। সমগ্ৰ উত্তৰ ভাৰতত গণ্ডগোল বিয়পি পৰিল; পাকিস্তান
আৰু ভাৰতৰ নতুনকৈ নির্ধাৰিত সীমান্ত পাৰ হৈ জাক জাক লোক পলায়ন কৰিবলৈ ধৰিলে। আৰম্ভ
হ’ল এক ব্যাপক দেশত্যাগ। ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ
মানুহে প্ৰাণ হেৰুৱালে।
কমন-ৰুমৰ ৰেডিঅ’ আৰু
মাজে মাজে আমাৰ হাতলৈ অহা বাতৰি কাকতখনে আমাক বাহিৰৰ জগতখনৰ বিষয়ে অৱগত কৰি
ৰাখিছিল। অৱশ্যে আমাৰ গোপন সুৰংগটোত ওমৰ আৰু মই বাহিৰত ঘটি থকা লুটপাত, হত্যা
আৰু প্ৰতিশোধ সকলোবোৰৰ পৰা মুক্ত অনুভৱ কৰিছিলো। সুৰঙ্গৰ বাহিৰত পাইন গছজোপাৰ তলত
থকা টিলাটোত আছিল কোনেও খোজ নিদিয়া সতেজ সেউজীয়া ঘাঁহ আৰু তাত পৰি ৰোৱা ক্ল’ভাৰ আৰু
ডেইজি ফুল। সেই ঠাইত শুনিবলৈ পোৱা শব্দৰ ভিতৰত আছিল মাথোন বাঢ়ৈটোকা চৰাইৰ গছত
টুকুৰিওৱাৰ শব্দ আৰু দূৰৰ পৰা ভাহি অহা হিমালয়ান
বাৰবেট চৰাইৰ অবিৰাম চিঞৰ। আমাক স্পৰ্শ কৰাৰ কাৰ সাধ্য আছিল? “আৰু যেতিয়া
সকলোবোৰ যুদ্ধ শেষ হ’ব”- মই ক’লোঁ - “তেতিয়াও
পখিলাবোৰ ঠিক আজিৰ দৰেই সুন্দৰ হৈ ৰ’ৱ।”
: এই ধুনীয়া কথাষাৰ তুমি ক’ত
পঢ়িছা?
: ক’তো নাই পঢ়া।
কথাষাৰ এনেই মনলৈ আহিল।
: তুমি এতিয়াই এজন ভাল লেখক হৈ পৰিছা।
: লেখক নহয়, ভাৰতৰ হৈ মই
হকী খেলিব বিচাৰোঁ নতুবা আৰ্ছেনেলৰ হৈ ফুটবল। কেৱল বিজয়ী দলবোৰতে খেলিম।
: খেলত তুমি চিৰকাল বিজয়ী হ’ব
নোৱাৰা। তাতকৈ লেখক হোৱাই ভাল।
বাৰিষাৰ বৰষুণ আহি পোৱাৰ লগে লগে আমাৰ গোপন সুৰংগটো পানীত ডুব গ’ল; নলাটো
জাবৰ-জোঁথৰৰে ভৰি পৰিল। আমাক চিনেমা দেখুৱাবলৈ হললৈ লৈ যোৱা হৈছিল। লৰেন্স অলিভিয়াৰৰ হেমলেট ছবিখনে এটা সেমেকা আৰু
ম্লান দুপৰীয়া আমাৰ উৎসাহ বৰ্ধনত একোৱেই কৰা নাছিল কিন্তু সেই বছৰৰ সেইখনেই আছিল
আমাৰ শেষ ছবি কাৰণ চিমলাৰ নামনি অঞ্চলত হঠাতে সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল। কিপলিঙৰ
বর্ণনাৰ সৈতে অঞ্চলটোৰ সেই সময়তো হুবহু মিল আছিল। কিপলিঙে লিখিছিল - “যিজন মানুহে সেইখিনি
অঞ্চলত নিজৰ পথ-ঘাট চিনি পায়, তেওঁ ভাৰতৰ
গ্রীষ্মকালীন ৰাজধানীৰ সমগ্র পুলিছবাহিনীকেই বুঢ়া আঙুলি দেখুৱাব পাৰে।” সেই
সাম্প্ৰদায়িক গণ্ডগোলৰ পাছত আমাক অনির্দিষ্টকালৰ বাবে স্কুলৰ চাৰিদেৱালৰ মাজত
আৱদ্ধ কৰি ৰখা হ’ল।
এদিন ৰাতিপুৱা গীৰ্জাৰ প্রার্থনাসভাৰ পাছত প্রধান শিক্ষকগৰাকীয়ে ঘোষণা কৰিলে
যে যিসকল মুছলমান ছাত্ৰৰ ঘৰ নতুনকৈ সীমা নিৰ্দেশ কৰা পাকিস্তানত পৰিছে সেই সকল
ছাত্ৰই সশস্ত্র পহৰা লৈ সীমান্তৰ সিপাৰে নিজৰ ঘৰলৈ উভতিব লাগিব। সেই গোপন
সুৰঙ্গপথটোৰে আমাৰ পলাবৰ আৰু কোনো উপায় নাথাকিল। বজাৰলৈ যোৱাও নিষিদ্ধ হৈ পৰিল। জলমগ্ন
খেলপথাৰখন জনশূন্য হৈ পৰি ৰ’ল। ওমৰ আৰু মই এখন
সেমেকা কাঠৰ বেঞ্চত বহি ভৱিষ্যতৰ কথা আলোচনা কৰিবলৈ ধৰিলো—আমাৰ
কথাৰ সুৰ আছিল অস্পষ্টভাৱে আশাব্যঞ্জক; কিন্তু সেই
আলোচনাৰ দ্বাৰা আমাৰ কোনো সমস্যাৰেই সমাধান নহ’ল। সকলো
সমস্যাৰ সমাধানৰ ভাৰ তেতিয়া মাউণ্টবেটেন, নেহৰু
আৰু জিন্নাহৰ ওপৰত আছিল।
অতি সোনকালে ওমৰৰ যোৱাৰ সময় হৈ আহিল। লাহোৰ, পিণ্ডি
আৰু পেছৱাৰৰ পৰা অহা প্রায় ৫০ জন ল’ৰাৰ সৈতে সিও
ৰাওনা হ’ল। আমি বাকী হিন্দু, খ্রীষ্টান
আৰু পাৰ্চীসকলে সিহঁতৰ মালপত্র ৰৈ থকা ট্রাকবোৰত তুলিবলৈ সহায় কৰিলো। দুই-এজন ল’ৰা
কান্দোনত ভাঙি পৰিল। আমাৰ বিদায়ী স্কুল কেপ্টেইনজনেও কান্দি পেলালে—সি আছিল
এজন পাঠান আৰু তাৰ অবিচল আৰু ভাৱলেশহীন আচৰণৰ বাবেই সি পৰিচিত আছিল। ওমৰে হাঁহিমুখে
মোৰ ফালে চাই হাত জোকাৰিলে আৰু মইয়ো প্রত্যুত্তৰত হাত জোকাৰিলো। আমি ইজনে সিজনক
প্রতিজ্ঞা কৰিছিলো যে আমি কোনোবাদিনা আকৌ লগ হ’ম। সেই
কনভয়টো মোটামুটি নিৰাপদে গন্তব্যস্থল পালেগৈ; কেৱল
এটা প্রাণহানিৰ ঘটনা ঘটিছিল আৰু সি আছিল স্কুলৰ ৰান্ধনিজন। বেচেৰাই পাহাৰতলিত অৱস্থিত
কালকা চহৰৰ এটা নিষিদ্ধ এলাকাত ভুলবশতঃ প্ৰৱেশ কৰিছিল আৰু এদল উন্মত্ত জনতাৰ
আক্রমণৰ চিকাৰ হৈছিল। ৰান্ধনিজনক আৰু কেতিয়াও দেখা নগ’ল।
শিক্ষাবর্ষৰ একেবাৰে শেষৰফালে বন্ধৰ ছুটীত যোৱাৰ পূৰ্বে ওমৰৰ পৰা এখন
চিঠি পাইছিলো। সি মোক তাৰ নতুন স্কুলখনৰ বিষয়ে কিছু কথা জনাইছিল আৰু লিখিছিল যে সি
মোৰ সঙ্গ, খেলাধুলাবোৰ আৰু আমাৰ সেই ‘স্বাধীনতাৰ
সুৰঙ্গ’টো বৰকৈ ‘মিছ’ কৰিছিল। মই চিঠিৰ উত্তৰ দি আমাৰ ঘৰৰ ঠিকনা
জনাইছিলোঁ কিন্তু তাৰ পৰা আৰু কোনো খবৰ নাহিল। গোটেই দেশখন দুই ভাগত বিভক্ত হৈছিল
যদিও আকাৰত তেতিয়াও আছিল বিশাল আৰু আমিবোৰ আছিলো তেনেই নগণ্য। প্রায় ১৭ বা ১৮ বছৰৰ
পাছত ওমৰৰ খবৰ পাইছিলো — কিন্তু সম্পূর্ণ
ভিন্ন এক প্রেক্ষাপটত। ভাৰত আৰু পাকিস্তানৰ মাজত তেতিয়া যুদ্ধ আৰম্ভ হৈছিল; চিমলাৰ
পৰা নাতিদূৰ আম্বালাৰ ওপৰত এটা বোমাবর্ষণ অভিযানত এখন পাকিস্তানী বিমান ভূপতিত হৈছিল
আৰু বিধ্বস্ত বিমানখনৰ আটাইকেইজন ক্রু নিহত হৈছিল। পিছত মই গম পাইছিলো যে সেই নিহত
কেইজনৰ ভিতৰত এজন আছিল ওমৰ। মই ভাৱোঁ, শৈশৱত
আমি খেলা-ধুলা কৰা খেলপথাৰবোৰ ওমৰে দেখা বা চিনি পাইছিলেনে? হয়তো
পাহাৰৰ কাষেৰে উৰি যোৱাৰ সময়ত স্কুলীয়া জীৱনৰ স্মৃতিবোৰে তাৰ মনত তোলপাৰ লগাইছিল। হয়তো
তাৰ মনত পৰিছিল সেই সুৰঙ্গটোৰ কথা যাৰ মাজেৰে আমি নিজস্ব স্বাধীনতাৰ বাট বিচাৰি
পাইছিলো।
কিন্তু আকাশত যে কোনো সুৰঙ্গ নাই!
***
(ৰাস্কিন বণ্ডৰ ‘অল টাইম ফেভৰিট
ফ্ৰেণ্ডশ্বিপ ষ্ট’ৰীজ’ৰ
পৰা)
ঠিকনা:
বেলতলা , গুৱাহাটী-৭৮১ ০২৮।
ফোন নং: ৮৪৫৩০ -৫৮৪৩৫
