অন্যযুগ/


তুমি যেতিয়া বৃদ্ধা হ’বা

 মূল : When You Are Old by W.B. Yeats

অনুবাদ : ৰঞ্জুমণি মহন্ত

 

যেতিয়া বয়সে জুৰুলা কৰি তোমাৰ চুলিত ৰূপালী ৰহণ সানিব

জুহালৰ কাষত কলমটিয়াই কলমটিয়াই তুমি এইখন পুথি তুলি ল’বা

 

ধীৰে ধীৰে পঢ়ি যাবা আৰু মনত পেলাবা

এসময়ত কিমান কোমল আৰু গভীৰ আছিল তোমাৰ এই দুচকু

 

কিমানে যে ভাল পাইছিল তোমাক যৌৱনৰ দিনবোৰত

পিছে ভালপোৱা সঁচা হওক বা মিছা, তেওঁলোকে ভাল পাইছিল তোমাৰ সৌন্দৰ্যক,

কিন্তু এজন মানুহে তোমাৰ মাজৰ পথিক আত্মাক ভাল পাইছিল,

ভাল পাইছিল তোমাৰ মুখৰ ক্ষয়িষ্ণু সৌন্দৰ্যই দিয়া বিষাদখিনিক;

 

আৰু এতিয়া পকা অঙঠাবোৰৰ কাষত হাউলি লৈ

তুমি বিষন্নভাৱে বিৰবিৰাবা কেনেকৈ যে ভালপোৱাবোৰ হেৰাই গ’ল

আৰু পাহাৰৰ শিখৰেদি গৈ তৰাৰ ভিৰত মুখ লুকুৱালেগৈ৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ