অন্যযুগ/


চিজফায়াৰ

মূল : সুবোধ সৰকাৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

 

এটা চিজফায়াৰৰ পৰা আন এটা

চিজফায়াৰৰ মাজৰ

পুৱাৰ পোহৰত মই জন্মগ্ৰহণ কৰিছিলোঁ৷

কিন্তু পুৱাৰ পোহৰক মই পোহৰ বুলি নকওঁ

মোৰ মা মোৰ প্ৰথম পোহৰ৷

মোক মৃত্যুৰ ভয় নেদেখুৱাব

মই সেই গ্ৰেনাইট, গুলী কৰিলে গুলী উলটি‍ যাব

সেই গ্ৰেনাইটক আপোনালোকে জুইত পুৰিব নোৱাৰিলে৷

 

মই হিন্দুৰ ঘৰৰ ছোৱালী, মই মুছলমানৰ ঘৰৰ ছোৱালী

মই গুৰুদ্বাৰৰ ছোৱালী, মই চিনাগগৰ ছোৱালী

মই কেথেড্ৰেলৰ ছোৱালী, মই পেডোগাৰ ছোৱালী

মোৰ কোনো ছাইনব’র্ড নাই, মই ভাৰতবর্ষ৷

  

‘অফ দা পিপল বাই দা পিপল ফৰ দা পিপল’

এই কথাষাৰ

১৮৬৩ চনৰ ১৯ নৱেম্বৰত

প্ৰথমবাৰৰ বাবে কৈছিল আব্ৰাহাম লিঙ্কনে৷

নহয়, নহয়, তেওঁ কোৱা নাছিল, কৈছিল মোৰ দেউতাই৷

মোক সৈন্যবাহিনীৰ

পোছাক পিন্ধাই শইচৰ পথাৰৰ মাজত থিয় কৰাই উচ্চাৰণ কৰিছিল :

‘অফ দা পিপল বাই দা পিপল ফৰ দা পিপল’৷

মোৰ কোনো ছাইনব’র্ড নাই, মই ভাৰতবর্ষ৷

 

যি ভাষাৰে মন্ত্ৰীয়ে মোক অপমান কৰিছে, সেই

ভাষা তেওঁৰ৷ তেওঁৰেই হৈ থাকক৷

তেওঁ পুৱাৰ পোহৰত জন্মগ্ৰহণ কৰা নাই

তেওঁ ঘৃণাৰ পোহৰত জন্মিছে৷

চুপ্ৰিম ক’র্টে তেওঁক ভৰ্ৎসনা কৰিছে, মই

চুপ্ৰিম ক’র্টৰ বিষয়ে ভবা নাই

গাঁৱে‍-ভূঞে, বস্তিত, কাৰখানাত, ট্ৰেইনত, ঠেলাগাড়ীত

প্ৰতিজন মানুহৰ ভিতৰত একোখনকৈ চুপ্ৰিম ক’র্ট আছে‍

তাত মই মূৰ দোঁৱাও, অঙ্গীকাৰৱদ্ধ হওঁ

মই যাতে শত্ৰুক নাশ কৰিব পাৰোঁ৷

এশ চল্লিছ কোটি মানুহে চকু চলচলীয়া কৰি‍

মোৰ ফালে চাই আছে‍

ছাব্বিছটা হৃদপিণ্ড এতিয়াও ধপ্ ধপাই আছে‍

মোৰ ভিতৰত৷

মোৰ কোনো ছাইনব’র্ড নাই, মই ভাৰতবর্ষ৷

  

মোৰ নাম কি, মোৰ পদৱী কি, মোৰ জাত কি

এইবোৰ ভবাৰ সময় নাই, মই পৃথিৱী মই অগ্নি‍

মই বায়ু মই আকাশ৷

মোৰ নাম ভাৰতবর্ষ, মোৰ পদৱী ভাৰতবর্ষ

মোৰ দেউতাই মোক ভাৰতমাতা বুলি মাতে৷

কিন্তু লাহোৰৰ চকুত, কৰাছীৰ চকুত মই সন্ত্ৰাসবাদী৷

মোৰ চকুলৈ চাওক, অনেক

মাজনিশাৰ কান্দোন লুকাই আছে‍

মোৰো হেঁপাহ জাগে‍ মাক বকফুল

ভাজি দি‍বলৈ ক’বলৈ‍

মোৰো হেঁপাহ জাগে‍ শ্বপিং মলত ঘূৰি ফুৰিবলৈ‍

মোৰো হেঁপাহ জাগে‍ এখন ডাঠ নীলা

শাড়ী পিন্ধি, চকুত কাজল সানি‍

ভৰিৰ আঙুলিত আঙুঠি‍ পিন্ধি প্ৰিয় মানুহজনক

দেখা কৰাৰ৷

 

এটেনশ্বন প্লিজ, লেফট ৰাইট লেফট ৰাইট,

সুপ্ৰভাত৷

যিকোনো একশ্ব’নলৈ যাবলৈ‍ মই প্ৰস্তুত

ৰাষ্ট্ৰই যদি কাইলৈ মোক কয় মানৱবোমা হৈ‍

ফুটা জঙ্গী শিৱিৰত,

মই ফুটিম, সেইটোৱেই হ’ব মোৰ শ্ৰেষ্ঠ মৃত্যু৷

ৰাষ্ট্ৰই যদি কয় চিজফায়াৰ, শিৰ নত কৰি‍

সামৰি থ’ম অহংকাৰ৷

 

মোৰ কোনো ছাইনব’র্ড নাই, মই ভাৰতবর্ষ৷

মই বিগ্ৰেডিয়েৰ নহয়, কৰ্নেল নহয়,

মই ভাৰতবর্ষ৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ