মূল : নৱাৰুণ ভট্টাচার্য (বাংলা)
অনুবাদ : নয়ন মণি মিশ্র
যিসকল নামিছিল তেওঁলোক গুচি
গৈছে
যিসকল উঠিছিল তেওঁলোকো,
সকলোখিনিৰ পাছত
অকলে থিয় হৈ আছে বাছষ্টপ৷
বাট-পথ তিতিছে ৰাতিৰ বৰষুণত,
টোপাল টোপাল পানী
তাঁৰৰ মাজেদি গুচি গৈছে,
অকলে থিয় হৈ আছে বাছষ্টপ৷
পৃথিৱীত যদি সকলো গুচি যায়
এটাও যদি কবিতা লিখা নহয়
বাছষ্টপৰ একো ক্ষতি নহয়,
অকলে থকাৰ ভয় পাৰ হৈ
অকলেই থিয় হৈ থাকিব বাছষ্টপ৷
ঠিকনা :
ৰামকৃষ্ণ পথ, ইটাচালী
নগাঁও, অসম
ফোন : ৮৪০৩৮৪১৬১৭
