অন্যযুগ/


আনন্দ

মূল : সুভাষ মুখোপাধ্যায় (বাংলা) 

অনুবাদ : নয়ন মণি মিশ্ৰ


 

ৰাস্তাৰ সৰু সৰু গাঁতত

জমা আছিল

আমাৰ চকুলো৷ 

অলপো থিয় নোহোৱাকৈ

তাৰ ওপৰেদি

জপিয়াই জপিয়াই গুচি গ'ল

সময়৷ 

কেৱল এজন আঁঠুকাঢ়ি 

তলমূৰ হৈ

পানীত পৰা আকাশখনক

নিখুঁত কৈ চায়-

আৰু ঠিক তেতিয়াই

তাৰ সেওঁতাৰ পৰা ছিটিকি 

আকাশৰ গাত 

আনন্দৰ ৰং লাগে। 

   ***


ফোনঃ ৮৪০৩৮৪১৬১৭

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ