অন্যযুগ/


সাগৰৰ গোলাপ

 কবি- জোৱান ৰেমন জিমিনেজ

অনুবাদ- ড° ৰঞ্জিত দত্ত


(গীতিধৰ্মী কবিতাৰ কাৰণে ১৯৫৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী স্পেইনৰ কবি  Juan Ramon Jimenez (জন্ম ২৩ ডিচেম্বৰ, ১৮৮১, মৃত্যু ২৯ মে, ১৯৫৮) ৰ সাহিত্যিক অৱদান অসামান্য। বিশেষকৈ বিশুদ্ধ কবিতা (pure poetry) ৰ সমৰ্থনত তেওঁ আছিল সোচ্চাৰ। তেওঁৰ সাহিত্যক অৱদানসমূহৰ  ভাষাৰ শিৰোনামসমূহ হৈছে- Ninfeas (Water Lilies, 1900), Almas de violeta (Souls of Violet, 1900), Rimas (Rhymes, 1902), Arias tristes (Sad Arias, 1902), Jardines lejanos (Distant Gardens, 1904), Elejías puras (Pure Elegies, 1908), Elejías intermedias (Intermediate Elegies, 1909), Las hojas verdes (The Green Leaves, 1909), Poemas mágicos y dolientes (Magic and Painful Poems, 1909), Elejías lamentables (Sad Elegies, 1910), Baladas de primavera (Ballads of Spring, 1910), La soledad sonora (The Sonorous Loneliness, 1911), Pastorales (Pastoral, 1911), Melancolía (the sonorous loneliness, 1912), Laberinto (Labyrinth, 1913), Estío (Summer, 1916), Sonetos espirituales (Spiritual Sonnets, 1917), Diario de un poeta recién casado (Diary of a Recently Married Poet, 1917), Platero y yo  (Platero and I, 1917), Eternidades (Eternities, 1918), Piedra y cielo (Stone and Sky, 1919), Segunda antología poética (Second Poetic Anthology, 1922), Poesía (Poetry, 1923), Belleza (Beauty, 1923), Canción (Song, 1935), Voces de mi copla (Voices of my Verse, 1945), La estación total (The Full Season, 1946), Romances de Coral Gables (Romances from Coral Gables, 1948), Animal de fondo (Animal from the Deep, 1949), Una colina meridiana (A Shining Hill, 1950)  আদি।)


বগা জোনটোৱে

সাগৰৰ পৰা লৈ গ'ল সাগৰ

আৰু  আকৌ  

ওভতাই  দি গ'ল সাগৰক।


ধুনীয়া,

শান্ত-সৌম্য আৰু পৱিত্ৰতাৰে

 সকলোকে জয় কৰি

জোনটোৱে বাধ্য কৰিছে

 সত্যক বিভ্ৰান্ত কৰিবলৈ যে

একমাত্ৰ সত্যই সৰ্বেসৰ্বা

যুগমীয়া আৰু নিঃসঙ্গ

যদিও ই  তেনে নহয়।

হয়।

ঐশ্বৰিক সৰলতাৰে

তুমি ভেদ কৰিছা 

তোমাৰ চিনাকি পৰিচয়,

প্ৰতিষ্ঠা কৰিছা 

এক নতুন আত্মাক 

যি মাথোঁ বাস্তৱ।

অপ্ৰত্যাশিত গোলাপ!

তুমি আঁতৰাই লৈ গ'লা

গোলাপক গোলাপৰ পৰা,

আৰু ওভতাই দি যাব পাৰাঁ

গোলাপক গোলাপলৈ।



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ