অন্যযুগ/


ছিৰিয়াৰ মুছলমান শিশুবোৰ

মূল হিন্দী : বিহাগ বৈভৱ

অনুবাদ: কবিতা কৰ্মকাৰ


 

আল্লাৰ বাগিচাত

চোতালে চোতালে সিহঁত দৌৰি থাকিব লাগিছিল

কিন্তু বোমা বিস্ফোৰণত বিধ্বস্ত পথত

ৰাউচি জুৰি কান্দি কান্দি ভাগৰি

ওঁঠ থৈছে মাকৰ শুকান স্তনত

 

সিহঁতে এই বিশাল পৃথিৱীখন ফুটবল এটাৰ দৰে লথিয়াই লথিয়াই

খিলখিলাই হঁহাৰ কথা আছিল

 

সিহঁতে নিজৰ নিজৰ ঘৰবোৰৰ ধ্বংসস্তুপৰ মাজত

ভাই-ককাইৰ শৰীৰৰ পৰা বিছিন্ন টুকুৰাবোৰ বুটলিছে

 

এডাল সূতাত বান্ধি

পৃথিৱীখন দুয়োহাতে ওলোমাই থোৱাৰ কথা আছিল সিহঁতে

সমনীয়া বন্ধুবোৰৰ মৃতদেহবোৰ জোকাৰি জোকাৰি

অনন্ত নিদ্ৰাৰ পৰা জগাই তুলিব খুজিছে

 

ছিৰিয়াৰ মুছলমান শিশুবোৰ

সিহঁতে নাজানে সিহঁত যে মুছলমান

সিহঁতৰ বাবে অৰ্থহীন ছিৰিয়া অথবা আমেৰিকাত থকাৰ প্ৰভেদ

 

ছিৰিয়াৰ মুছলমান শিশুহঁতক আমেৰিকাৰ খোৱা পাতত পৰিবেশন কৰা হৈছিল

সিহঁতৰ অন্ঠ-কন্ঠ শুকাই গৈছে ফেঁকুৰি ফেঁকুৰি

সাৱটি ধৰি উচুপিবলৈ সিহঁতে  বিচাৰি পাইছিল

কেৱল আব্বাকৰ উৰুটোহে

 

ছিৰিয়াৰ শিশুবোৰে নিজৰ শৱদেহ ভৰিত বান্ধি

ঘূৰি ফুৰিছে চুবুৰীৰ অলিয়ে গলিয়ে হৈ বিয়াকুল

 

আমেৰিকাই হাহিঁছিল

 

আমেৰিকা এখন বিশাল দেশ

আমেৰিকা এখন ৰজা দেশ

যিদৰে অৰণ্যৰ আটাইতকৈ হিংস্ৰ, ক্ৰুৰ আৰু বদমেজাজী জন্তুটো হৈ পৰে ৰজা

 

ছিৰিয়াৰ শিশুবোৰ আজি অনাই-বনাই ঘূৰি ফুৰিছে

এতিয়াও জীয়াই থকা বাকী শিশুবোৰ

এদিন ডেকা হ’ব

তেওঁলোকৰ পৰা মহাত্মাৰ ব্যৱহাৰ আশা নকৰিবা

 

যুদ্ধই কোঙা কৰা আজিৰ শিশুবোৰ এদিন ডাঙৰ হ’ব

 

সিহঁতে নিমিখতে ঈশ্বৰৰ কলিজা চোবাই খাব

সিহঁতে তোমাৰ বিলাসী গগনচুম্বী আট্টালিকাবোৰ ফু মাৰি উৰুৱাই দিব

তোমাৰ ছাঁয়াৰ অৱশেষ পৰ্যন্ত নিদিব তোমাৰ উত্তৰসুৰীক

তোমাৰ দুৰ্গত সোমোৱা মাত্ৰকে সিহঁতে তেজ আৰু পানীৰ পাৰ্থক্য নোহোৱা কৰি দিব

 

নিচুকনি গীত শুনা বয়সত মাৰ্চিয়া গীত গাই গাই

ডাঙৰ হোৱা এই শিশুবোৰ

প্ৰতিটো উশাহত গৰল পান কৰা শিশুবোৰ

প্ৰতিটো মৃত্যুকাতৰ চিঞৰত কান্দোন জোৰা শিশুবোৰ

তুমি চাবা

এদিন ডেকা হ’ব

ছিৰিয়াৰ এই মুছলমান শিশুবোৰ !

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ