অন্যযুগ/


কাৰ লাভৰ বাবে

মূল (ইংৰাজী Cui Bono ) : টমাছ কাৰ্লাইল, স্কটলেণ্ড

অনুবাদ : ড° ৰঞ্জিত দত্ত


আশা নো কি?

হাঁহিৰ এক ৰামধেনু

শিশুহঁতে তাকেই

অনুকৰণ কৰে 

বৰষুণত তিতি তিতি।

এয়া ইয়াত নাই

তথাপি চোৱাঁ,  

চোৱাঁচোন, কোনো এটি খটাসুৰেও 

বিচাৰি পোৱা নাই  সেয়া

এতিয়াও।


জীৱন নো কি?

সাগৰৰ পাৰৰ

ৰ'দঘাই বালিচৰৰ

এক বিগলিত বৰফ খণ্ড,

যিমানেই পাল তৰে

গলি যায় তলতে সিমানেই ,

ডুব যায়  নিমিষতে আৰু 

দেখা নেপায় কেতিয়াও

কোনোদিন।


মানুহ নো কি?

এটি অবোধ কেঁচুৱা

মিছাতে উদ্যমী, কলহপ্ৰিয় আৰু

অত্যধিক চিন্তাৰে পৰিপুষ্ট,

তেওঁলোকে দাবী কৰে সকলো

অথচ 

যোগ্য নহয় একোৰেই,

পায় কেৱল এটি

সৰু সমাধি।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ