অন্যযুগ/


এটি মদ্যপান কৰা গীত

   মূল : ডব্লিউ বি য়েটছ

অনুবাদ : ড° ৰঞ্জিত দত্ত


ফটিকাখিনি 

মুখত পৰাৰ লগে লগেই

দুচকুত জিলিকি উঠিল প্ৰেম

জন্মৰ পৰা বৃদ্ধ হৈ

মৃত্যু বৰণ কৰালৈকে

সেয়াই যে প্ৰকৃত সত্য 

তাক আমি ভালদৰেই জানো।

মই 

মুখত তুলি ল'লো গিলাছটো

চাই পঠিয়ালোঁ তোমালৈ আৰু

মোৰ শৰীৰেদি বৈ গ'ল

এক লাজুকী শিহৰণ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ