অন্যযুগ/


ৰঘুবংশ


 মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত



|| পঞ্চদশ অধ্যায় ||


সীতাক পৰিত্যাগ কৰি ভোগ কৰিলে সেই পৃথিৱীপালকে ,

কেৱল ৰত্নৰ আকৰ সমুদ্ৰৰ মেখলা পৰিহিত ধৰাকে ।


কৃতসীতাপৰিত্যাগঃ স ৰত্নাকৰমেখলাম্ |

বুভুজে পৃথিবীপালঃ পৃথিবীমেব কেবলাম্|| ১৫-১||


যমুনাতীৰত বাস কৰা ঋষিসকল আহি শৰণ ল’লেহি ৰামৰ,

নিশাচৰ লৱণাসুৰে তচ্-নচ্ কৰিছে যজ্ঞ তেওঁলোকৰ ।


লৱণেন বিলুপ্তেজ্যাস্তামিস্রেণ তমভ্যয়ুঃ |

মুনয়ো যমুনাভাজঃ শৰণ্যং শৰণার্থিনঃ|| ১৫-২|| 


ৰাম যিহেতু আছেই ৰক্ষক হৈ সকলোৰে,

নাশ নকৰিলে লৱণক নিজ শক্তি প্ৰয়োগেৰে ।

ৰক্ষকৰ অভাৱ হ’লেহে ঋষিয়ে অভিশাপ-অস্ত্ৰৰে

নিজৰ তপস্যাৰ ফল ক্ষয় কৰে ।


অবেক্ষ্য ৰামং তে তস্মিন্ন প্রজহ্ৰু স্বতেজসা |

ত্রাণাভাবে হি শাপাস্ত্রাঃ কুর্বন্তি তপসো ব্যয়ম্|| ১৫-৩||


ককুৎস্থ ৰামে প্ৰতিশ্ৰুতি দিলে বিঘিনি বিনাশ কৰাৰ,

ধৰ্মৰক্ষাৰ বাবেই শাৰংগপাণিৰ ধৰাতলত অৱতাৰ ।


প্রতিশুশ্রাব কাকুৎস্থস্তেভ্যো বিঘ্নপ্রতিক্রিয়াম্ |

ধর্মসংৰক্ষণার্থেব প্রবৃত্তির্ভুবি শার্ঙ্গিণঃ|| ১৫-৪||


তেওঁলোকে ৰামক দিলে বধৰ উপায় সেই দেৱশত্ৰুৰ,

হাতত শূল থকা পৰ্যন্ত দুৰ্জেয় ৰাক্ষস লৱণ ।

সেয়ে শূল হাতত নাথাকোঁতেই কৰিবা আক্ৰমণ ।


তে ৰামায় বধোপায়মাচখ্যুর্বিবুধদ্বিষঃ |

দুর্জয়ো লবণঃ শূলী বিশূলঃ প্রার্থ্যতামিতি|| ১৫-৫||


ঋষিসৱৰ মংগলৰ বাবে ৰাক্ষস বধিবলৈ আদেশ দিলে শত্ৰুঘ্নক, 

এই উদ্দেশ্যৰেই যেন শত্ৰু বধ কৰি তেওঁৰ নাম হয় সাৰ্থক ।


আদিদেশাথ শত্রুঘ্নং তেষাং ক্ষেমায় ৰাঘবঃ |

কৰিষ্যন্নিব নামাস্য যথার্থমৰিনিগ্রহাৎ|| ১৫-৬||


বিশেষ বিধি সাধাৰণ বিধিৰ ওপৰত বলৱৎ হোৱাৰ দৰে

ৰঘুবংশীয় সকলোৱেই শতুৰুক নিপাত কৰিব পাৰে ।


যঃ কশ্চন ৰঘূণাং হি পৰমেকঃ পৰংতপঃ |

অপবাদ ইবোৎসর্গং ব্যাবর্তয়িতুমীশ্বৰঃ|| ১৫-৭||


অগ্ৰজৰ আশীৰ্ৱাদ লৈ নিৰ্ভীক দাশৰথী শত্ৰুঘ্ন ৰথত উঠিল,

পুষ্পিত সুৱাসিত বনৰ শোভা চাই চাই তেওঁ গৈ থাকিল ।

 

অগ্রজেন প্রয়ুক্তাশীস্ততো দাশৰথী ৰথী |

যয়ৌ বনস্থলীঃ পশ্যন্পুষ্পিতাঃ সুৰভীৰভীঃ|| ১৫-৮||


কাৰ্যসিদ্ধিৰ বাবে ৰামৰ আদেশত সেনাগণ পিছে পিছে গ’ল,

যেন ধাতুৰ পিছত সহায়ক উপসৰ্গ বহি অৰ্থ প্ৰকাশক হ’ল । 


ৰামাদেশাদনুগতা সেনা তস্যার্থসিদ্ধয়ে |

পশ্চাদধ্যনার্থস্য ধাতোৰধিৰিবাভবৎ|| ১৫-৯||


ৰথত উঠি মুনিসকলে তেজস্বী শত্ৰুঘ্নক পথ দেখুৱালে,

যেন সূৰ্যৰ ৰথক পথ দেখুৱাই গ’ল বালখিল্য ঋষিসকলে।


আদিষ্টবর্ত্মা মুনিভিঃ স গচ্ছংস্তপসাং বৰঃ |

বিৰৰাজ ৰথপ্রষ্ঠৈর্বালখিল্যৈৰিবাংশুমান্|| ১৫-১০||


গৈ থাকোঁতে বাটতে পালে বাল্মীকিৰ আশ্ৰম,

ৰথৰ চকাৰ ঘৰঘৰণিত সচকিত তপোবনৰ হৰিণৰ দল ।


তস্য মার্গবশাদেকা বভূব বসতির্যতঃ |

ৰথস্বনোৎকণ্ঠমৃগে বাল্মীকীয়ে তপোবনে|| ১৫-১১||


ঋষিয়ে আদৰিলে ৰাজকুমাৰক ৰথৰ ক্লান্ত ঘোঁৰাৰ সৈতে ,

তপৰ বলত স্ৰজিলে নানান দ্ৰব্য অতিথিসেৱাৰ অৰ্থে।


তমৃষিঃ পূজয়ামাস কুমাৰং ক্লান্তবাহনম্ |

তপঃপ্রভাবসিদ্ধাভির্বিশেষপ্রতিপত্তিভিঃ || ১৫-১২||


সেই ৰাতিয়েই তেওঁৰ ভাতৃবধুৱে প্ৰসৱ কৰিলে দুটি পুত্ৰ,

যেন ধৰিত্ৰীয়ে কৰিলে কোশ আৰু দণ্ড সুসম্পন্ন ।


তস্যামেবাস্য যামিন্যামন্তর্বন্তী প্রজাবতী |

সুতাবসূত সংপন্নৌ কোশদণ্ডাবিব ক্ষিতিঃ|| ১৫-১৩||


অগ্ৰজৰ সন্তান লাভৰ সংবাদত সৌমিত্ৰ অতিকৈ সুখী হ’ল,

পুৱা তেওঁ ঋষিক কৃতাঞ্জলি কৰি প্ৰস্থানৰ বাবে ৰথাৰোহী হ’ল ।


সংতানশ্রবণাদ্ভ্রাতুঃ সৌমিত্রিঃ সৌমনস্যবান্ |

প্রাঞ্জলির্মুনিমামন্ত্র্য প্রাতর্যুক্তৰথো যয়ৌ|| ১৫-১৪||


তেওঁ গৈ পালেগৈ লৱণৰ মধুপঘ্ন নগৰ,

কুম্ভনসীৰ পুত্ৰ উভতিছিল কৰি বন্যপ্ৰাণী সংহাৰ ।

যেন সংগ্ৰহ কৰিছিল অৰণ্যৰ পৰা কৰ । 


স চ প্রাপ মধূপঘ্নং কুম্ভীনস্যাশ্চ কুক্ষিজঃ |

বনাৎকৰমিবাদায় সত্ত্বৰাশিমুপস্থিতঃ || ১৫-১৫||


জুইৰ শিখাৰ দৰে কেশ, ধোঁৱাৰ দৰে গাৰ ৰং,

ৰাক্ষসবেষ্টিত তাৰ দেহৰ গোন্ধ কেচেমা-কেচেম ।

সি যেন একুৰা চিতাগ্নি ধাৱমান ।


ধূমধূম্রো বসাগন্ধী জ্বালাবভ্রুশিৰোৰুহঃ |

ক্রব্যাদ্গণপৰীবাৰশ্চিতাগ্নিৰিব জংগমঃ || ১৫-১৬||


লক্ষ্মণভাতৃ শত্ৰুঘ্নই দেখি লৱণক,

ধৰিলে আগচি শূল নথকাত হাতত,

সুযোগ বুজি যি শত্ৰুক কৰে আক্ৰমণ,

বিজয় আহি তেওঁক দিয়েহি দৰ্শন ।


অপশূলং তমাসাদ্য লবণং লক্ষ্মণানুজঃ |

ৰুৰোধ সংমুখীনো হি জয়ো ৰন্ধ্রপ্রহাৰিণাম্|| ১৫-১৭||


আজি মই গোটোৱা আহাৰ মোৰ বাবে আছিল কম,

ভয় খাই বিধাতাই তোকে পঠালে কৰিবলৈ উদৰ পূৰণ ।


নাতিপর্যাপ্তমালক্ষ্য মৎকুক্ষেৰদ্য ভোজনম্ |

দিষ্ট্যা ৎবমসি মে ধাত্রা ভীতেনেবোপপাদিতঃ|| ১৫-১৮||


এইবুলি তৰ্জন-গৰ্জন কৰি তেওঁক বধ কৰিবলৈ,

বিশাল এজোপা গছ উভালি ল’লে এমুঠি ঘাঁহৰ দৰে।

 

ইতি সংতর্জ্য শত্রুঘ্নং ৰাক্ষসস্তজ্জিঘাংসয়া |

প্রাংশুমুৎপাটয়ামাস মুস্তাস্তম্বমিব দ্রুমম্|| ১৫-১৯||


নৈঋতবায়ুৰ বেগত অহা বৃক্ষ সৌমিত্ৰই 

তীক্ষ্ণ বাণেৰে কৰিলে  বাটতে ছেদ,

কেৱল সেই বৃক্ষৰ ফুলৰ ৰেণু উৰি আহি 

কৰিলে তেওঁৰ অংগ সুশোভিত । 


সৌমিত্রের্নিশিতৈর্বাণৈৰন্তৰা শকলীকৃতঃ |

গাত্রং পুষ্পৰজঃ প্রাপ ন শাখী নৈৰৃতেৰিতঃ|| ১৫-২০||


ৰাক্ষসে দেখিলে বিনাশ হ’ল বৃক্ষ,

যমৰ অন্য এক মুঠিৰ দৰে এক প্ৰকাণ্ড শিলা

শত্ৰুঘ্নলৈ কৰিলে নিক্ষেপ । 


বিনাশাত্তস্য বৃক্ষস্য ৰক্ষস্তস্মৈ মহোপলম্ |

প্রজিঘায় কৃতান্তস্য মুষ্টিং পৃথগিব স্থিতম্|| ১৫-২১||


তেওঁ ইন্দ্ৰৰ অস্ত্ৰৰে আঘাত কৰিলে সেই শিল,

বালিৰ দৰে ক্ষুদ্ৰাকৃতি হৈ চূৰ্ণ-বিচূৰ্ণ  হ’ল।

  

ঐন্দ্রমস্ত্রমুপাদায় শত্রুঘ্নেন স তাডিতঃ |

সিকতাৎবাদপি পৰং প্রপেদে পৰমাণুতাম্|| ১৫-২২||


তাৰ পাছত ৰাক্ষসে সোঁহাত ওপৰলৈ দাঙি হ’ল ধাৱমান,

পৰ্বতৰপৰা ধুমুহাত উৰি অহা এজোপা তালগছেহ যেন ।


তমুপাদ্রবদুদ্যম্য দক্ষিণং দোর্নিশাচৰঃ |

একতাল ইবোৎপাতপবনপ্রেৰিতো গিৰিঃ|| ১৫-২৩||


পিছে তাৰ বক্ষ বিদীৰ্ণ কৰিলে বৈষ্ণৱাস্ত্ৰৰ প্ৰহাৰেৰে,

পৃথিৱী কঁপাই ভূমিত পৰি আশ্ৰমবাসীৰ হৃদ্কম্প দূৰ কৰিলে ।


কার্ষ্ণেন পত্রিণা শত্রুঃ স ভিন্নহৃদয়ঃ পতন্ |

অনিনায় ভুবঃ কম্পং জহাৰাশ্রমবাসিনাম্|| ১৫-২৪||


নিহত শত্ৰুৰ ওপৰত পৰিলহি জাক জাক কাউৰী-শগুণ,

তাৰ প্ৰতিদ্বন্দ্বী ৰ শিৰত সৰগৰ দেৱতাই বৰষিলে দিব্য ফুল ।

 

বয়সাং পঙ্ক্তয়ঃ পেতুর্হতস্যোপৰি বিদ্বিষঃ |

তৎপ্রতিদ্বন্দ্বিনো মূর্ধ্নি দিব্যাঃ কুসুমবৃষ্টয়ঃ|| ১৫-২৫||


বীৰ লৱণক বধ কৰি তেজস্বী ইন্দ্ৰজিৎহন্তাৰ ভাতৃয়ে,

প্ৰকৃত বীৰ সহোদৰৰ মৰ্যাদা লভা যেন অনুভৱ কৰিলে ।


স হৎবা লৱণং বীৰস্তদা মেনে মহৌজসঃ |

ভ্রাতুঃ সোদর্যমাত্মানমিন্দ্রজিদ্বধশোভিনঃ|| ১৫-২৬||


কৃতজ্ঞ ঋষিগণ শত্ৰুঘ্নৰ বীৰত্বৰ প্ৰশংসাত পঞ্চমুখ হ’ল,

তেওঁৰ বিক্ৰমত উচ্চশিৰ বিনয়ত নত হৈ জিলিকিল ।

 

তস্য সংস্তূয়মানস্য চৰিতার্থৈস্তপস্বিভিঃ |

শুশুভে বিক্রমোদগ্রং ব্রীডয়াবনতং শিৰঃ|| ১৫-২৭||


পৌৰুষ যাৰ ভুষণ অৰ্থব্যয়ত যি অকৃপণ,

সেই মধুৰাকৃতি শত্ৰুঘ্নই কালিন্দী তীৰত

নিৰ্মাণ কৰিলে মথুৰা নামৰ নগৰ এখন ।


উপকূলং চ কালিন্দ্যাঃ পুৰীং পৌৰুষভূষণঃ |

নির্মমে নির্মমোঽর্থেষু মথুৰাং মধুৰাকৃতিঃ|| ১৫-২৮||


সুশাসনৰ পোহৰত জিলিকি উঠিল সেই নগৰী,

সুখ-স্বাচ্ছন্দ্যৰ জীৱনেৰে সুখী হ’ল নগৰবাসী ।

যেন উপনিৱেশ পাতি ধৰাত আছেহি স্বৰ্গৰ অধিবাসী ।


যা সৌৰাজ্যপ্রকাশাভির্বভৌ পৌৰবিভূতিভিঃ |

স্বর্গাভিষ্যন্দবমনং কৃৎবেবোপনিবেশিতা|| ১৫-২৯||


তাৰ সৌধত আৰোহণ কৰি তেওঁ যেতিয়া চাইছিল

চাকৈ-চকোৱা শোভিত সৌন্দৰ্যময়ী যমুনা নদী,

অনুভৱ কৰিছিল যেন এয়া স্বৰ্ণালংকাৰ শোভিত পৃথিৱীৰ বেণী।


তত্র সৌধগতঃ পশ্যন্যমুনাং চক্রবাকিনীম্ |

হেমভক্তিমতীং ভূমেঃ প্রবেণীমিব পিপ্রিয়ে|| ১৫-৩০||


পৱিত্ৰ মন্ত্ৰোচ্চাৰণত পাৰ্গত ঋষি সখা দশৰথ আৰু জনকৰ,

সস্নেহে কৰিলে মৈথিলীৰ দুই পুত্ৰৰ জাতকৰ্মৰ সংস্কাৰ । 


সখা দশৰথস্যাপি জনকস্য চ মন্ত্রকৃৎ |

সংচস্কাৰোভয়প্রীত্যা মৈথিলেয়ৌ যথাবিধি|| ১৫-৩১||


পৱিত্ৰ কুশতৃণ আৰু গোপুচ্ছৰ লৱৰে 

পৰিষ্কাৰ কৰিছিল দুই শিশুৰ গৰ্ভ-ক্লেদ,

সেয়ে কবিয়ে নাম থ’লে লব আৰু কুশ ।


স তৌ কুশলবোন্মৃষ্টগর্ভক্লেদৌ তদাখ্যয়া |

কবিঃ কুশলবাবেব চকাৰ কিল নামতঃ|| ১৫-৩২||


দুই শিশু বাঢ়ি অহাৰ লগে লগে সুশিক্ষা দিলে শৈশৱতে

নিজৰ প্ৰথম সৃষ্টি কবিতা গাবলৈ বেদ আৰু অস্ত্ৰশিক্ষাৰ লগতে।

(বাল্মীকিৰ প্ৰথম সৃষ্টি ৰামায়ণ ৰামজন্মৰ আগতেই লিখা)


সাঙ্গং চ বেদমধ্যাপ্য কিংচিদুৎক্রান্তশৈশবৌ |

স্বকৃতিং গাপয়ামাস কবিপ্রথমপদ্ধতিম্|| ১৫-৩৩||


দুই পুত্ৰই মধুৰ কণ্ঠৰে ৰামৰ চৰিত্ৰ গাই লাঘৱ কৰিলে,

বিয়োগ ব্যাথা মাতৃ জানকীৰ কিছু পৰিমাণে ।


ৰামস্য মধুৰং বৃত্তং গায়ন্তো মাতুৰগ্রতঃ |

তদ্বিয়োগব্যথাং কিংচিচ্ছিথিলীচক্রতুঃ সুতৌ|| ১৫-৩৪||


ইতিমধ্যে ত্ৰিঅগ্নিৰ দৰে তেজস্বী ভৰত শত্ৰুঘ্ন লক্ষ্মণৰ

প্ৰত্যেকৰে পতিব্ৰতা পত্নীৰ জন্ম হ’ল দুটিকৈ পুত্ৰৰ । 


ইতৰেঽপি ৰঘোর্বংশ্যাস্ত্রয়স্ত্রেতাগ্নিতেজসঃ |

তদ্যোগাৎপতিবত্নীষু পত্নীষ্বাসন্দ্বিসূনবঃ || ১৫-৩৫||


জ্যেষ্ঠৰ প্ৰিয় শত্ৰুঘাতক শত্ৰুঘ্নৰ দুই পুত্ৰ

সুবাহু আৰু বহুশ্ৰুতক প্ৰতিষ্ঠা কৰিলে

মথুৰা আৰু বিদিশা নামৰ দুই নগৰীত ।


শত্রুঘাতিনি শত্রুঘ্নঃ সুবাহৌ চ বহুশ্রুতে |

মথুৰাবিদিশে সূন্বোর্নিদধে পূর্বজোৎসুকঃ|| ১৫-৩৬||


অযোধ্যালৈ ওভতাৰ পথত পুনৰ কৰিলে তেওঁ

বাল্মীকিৰ আশ্ৰম অতিক্ৰম,

নিস্পন্দ হৰিণে শুনি আছিল সীতাতনয়ৰ ৰাময়ণ গীত ,

নৰ’ল শত্ৰুঘ্ন তাত মুনিৰ হ’ব বুলি তপস্যা বিঘ্নিত ।


ভূয়স্তপোব্যয়ো মা ভূদ্বাল্মীকেৰিতি সোঽত্যগাৎ |

মৈথিলীতনয়োদ্গীতনিঃস্পন্দমৃগমাশ্রমম্|| ১৫-৩৭||


তেওঁৰ আগমনত সুখী হ’ল সকলো,

প্ৰৱেশ কৰিলে সংস্কৃত সজ্জিত অযোধ্যাত ।

গৌৰৱান্বিত নগৰবাসীয়ে চালে নয়ন ভৰি

লৱণ বধি অহা জিতেন্দ্ৰিয় শত্ৰুঘ্নক ।


বশী বিবেশ চায়োধ্যাং ৰথ্যসংস্কাৰশোভিনীম্ |

লবণস্য বধাৎপৌৰৈৰীক্ষিতোঽত্যন্তগৌৰবম্|| ১৫-৩৮||


সীতাক পৰিত্যাগৰ পাছত পৃথিৱীৰ একমাত্ৰ পতি ৰাম,

দেখিলে শত্ৰুঘ্নই তেওঁক উপৱিষ্ট সভাসদসহ ৰাজসভাত ।


স দদর্শ সভামধ্যে সভাসদ্ভিৰুপস্থিতম্ |

ৰামং সীতাপৰিত্যাগাদসামান্যপতিং ভুবঃ|| ১৫-৩৯||


লৱণহন্তা ভাতৃক অভিনন্দিত কৰিলে অগ্ৰজে,

প্ৰীতিৰে আদৰিছিল ইন্দ্ৰই কালনেমিহন্তা ধনুৰ্ধাৰী উপেন্দ্ৰক যিদৰে।


তমভ্যনন্দৎপ্রণতং লবণান্তকমগ্রজঃ |

কালনেমিবধাৎপ্রীতস্তুৰাষাডিব শার্ঙ্গিণম্|| ১৫-৪০||


ৰামৰ প্ৰশ্নত সকলো কুশলবাৰ্তা শত্ৰুঘ্নই দিলে

নজনালে মাথো তেওঁৰ সন্তান জন্মৰ কথা,

যথা সময়ত নিজেই কৰিব বুলি শিশু দুটি প্ৰত্যৰ্পণ

সেই কথা নক’বলৈ শত্ৰুঘ্নক আদিকবিয়ে কৰিছিল মনা । 

 

স পৃষ্টঃ সর্বতো বার্তমাখ্যদ্রাজ্ঞে ন সংততিম্ |

প্রত্যর্পয়িষ্যতঃ কালে কবেৰাদ্যস্য শাসনাৎ|| ১৫-৪১||


তাৰ পাছত এদিন দূৰণিৰ পৰা আহিল এক ব্ৰাহ্মণ

কোলাত অনা কিশোৰ পুত্ৰক ৰাজদ্বাৰত মাটিতে থৈ কৰিলে ক্ৰন্দন । 


অথ জানপদো বিপ্রঃ শিশুমপ্রাপ্তয়ৌবনম্ |

অবতার্যাঙ্কশয়্যাস্থং দ্বাৰি চক্রন্দ ভূপতেঃ|| ১৫-৪২||


হায় বসুমতী, তোমাৰ কি শোচনীয় অৱস্থা,

যেন দুখৰ পৰা অধিক দুখৰ কাৰণ হ’ল

দশৰথৰপৰা ৰামৰ হাতলৈ যোৱাৰ পাছৰে পৰা।


শোচনীয়াসি বসুধে যা ৎবং দশৰথাচ্চ্যুতা |

ৰামহস্তমনুপ্রাপ্য কষ্টাৎকষ্টতৰং গতা|| ১৫-৪৩||


ৰক্ষক ৰামে শুনি তেওঁৰ শোকৰ কথা হ’ল লজ্জিত,

তাৰ পূৰ্বে হোৱা নাছিল অকাল মৃত্যু ইক্ষ্বাকু বংশৰ শাসনত ।


শ্রুৎবা তস্য শুচো হেতুং গোপ্তা জিহ্রায় ৰাঘবঃ |

ন হ্যকালভবো মৃত্যুৰিক্ষ্বাকুপদমস্পৃশৎ|| ১৫-৪৪||


লজ্জিত ৰামে ক’লে- কিছু সময় দি মোক ক্ষমা কৰাঁ ব্ৰাহ্মণ,

যমৰাজক জয় কৰিবলৈ যাবলৈ পুষ্পক ৰথ কৰিলে স্মৰণ ।


স মুহূর্তং ক্ষমস্বেতি দ্বিজমাশ্বাস্য দুঃখিতম্ |

যানং সস্মাৰ কৌবেৰং বৈবস্বতজিগীষয়া|| ১৫-৪৫||


এইবুলি সশস্ত্ৰ হৈ ৰঘুশ্ৰেষ্ঠ

ৰথত উঠিবলৈ হ’ল উদ্যত,

তেনেতে এক দৈৱবাণী হ’ল প্ৰতিধ্বনিত ।


আত্তশস্ত্রস্তদধ্যাস্য প্রস্থিতঃ স ৰঘূদ্বহঃ |

উচ্চচাৰ পুৰস্তস্য গূঢৰূপা সৰস্বতী|| ১৫-৪৬||


হে ৰাজন! 

তোমাৰ প্ৰজাৰ মাজতে হৈ আছে অনাচাৰ,

সফল হ’বলৈ তাৰ দিশ অন্বেষণ কৰি কৰা প্ৰতিকাৰ । 


ৰাজন্ প্রজাসু তে কশ্চিদপচাৰঃ প্রবর্ততে |

তমন্বিষ্য প্রশময়ের্ভবিষ্যসি ততঃ কৃতী|| ১৫-৪৭||


এই বচন শুনি বৰ্ণাশ্ৰমৰ সেই অনাচাৰ কৰিবলৈ দূৰ

দৈৱবিমানত উঠি চৌদিশে কৰিলে গমন।

বিমানৰ বেগত পতাকা হৈ ৰ’ল নিষ্কম্পন ।


ইত্যাপ্তবচনাদ্রামো বিনেষ্যন্বর্ণবিক্রিয়াম্ |

দিশঃ পপাত পত্রেণ বেগনিষ্কম্পহেতুনা|| ১৫-৪৮||


শেষত পৰিল তেওঁৰ দৃষ্টিত ধূম্ৰময় এক গছ,

বৃক্ষত অধোমুখে ওলমি আছে এক পুৰুষ

তপস্যাত মগন হৈছে ৰক্তাভ চকু ধোঁৱাত ।


অথ ধূমাভিতাম্রাক্ষং বৃক্ষশাখাবলম্বিনম্ |

দদর্শ কংচিদৈক্ষ্বাকস্তপস্যন্তমধোমুখম্|| ১৫-৪৯||


ৰজা ৰামে সুধিলে তেওঁৰ নাম আৰু কুল 

সেই ধূমপায়ী পুৰুষে জনালে,

ইন্দ্ৰপদ প্ৰাপ্তিৰ বাবে কৰিছে তেওঁ তপ

নাম তেওঁৰ শম্বুক জাতত তেওঁ শূদ্ৰ ।


পৃষ্টনামান্বয়ো ৰাজ্ঞা স কিলাচষ্ট ধূমপঃ |

আত্মানং শম্বুকং নাম শূদ্রং সুৰপদার্থিনম্|| ১৫-৫০||


তপস্যাত নাছিল শূদ্ৰৰ অধিকাৰ,

সেয়ে এনে অনৰ্থ প্ৰজাৰ মাজত ।

শিৰচ্ছেদ কৰাই কৰ্তব্য ভাবি ধাৰণ কৰিলে অস্ত্ৰ ।


তপস্যনধিকাৰিৎবাৎপ্রজানাং তমঘাবহম্ |

শীর্ষচ্ছেদ্যং পৰিচ্ছিদ্য নিয়ন্তা শস্ত্রমাদদে|| ১৫-৫১||


সেয়ে ৰামে তেওঁৰ অগ্মিস্ফুলিংগত দগ্ধ শিৰ 

ছেদ কৰিলে কণ্ঠৰ পৰা যেন

তুষাৰপাতত ক্ষত পদুম বিচ্ছিন্ন হ’ল শাখাৰপৰা । 


স তদ্বক্ত্রং হিমক্লিষ্টকিঞ্জল্কমিব পঙ্কজম্ |

জ্যোতিষ্কণাহতশ্মশ্রু কণ্ঠনালাদপাতয়ৎ|| ১৫-৫২||


সদ্গতি পালে শূদ্ৰই স্বয়ং ৰজাই বিহিলে বাবে দণ্ড,

তপস্যা আছিল যদিও দুষ্কৰ, 

অনাধিকাৰ দোষত সদ্গতি আছিল অসাধ্য ।


কৃতদণ্ডঃ স্বয়ং ৰাজ্ঞা লেভে শূদ্রঃ সতাং গতিম্ |

তপসা দুশ্চৰেণাপি ন স্বমার্গবিলঙ্ঘিনা|| ১৫-৫৩||


ৰঘুনাথৰ মাৰ্গদৰ্শক মুনি অগস্ত্যৰে হ’ল সাক্ষাৎ,

যেন মিলন হ’ল চন্দ্ৰ আৰু শৰৎকালৰ ।


ৰঘুনাথোঽপ্যগস্ত্যেন মার্গসংদর্শিতাত্মনা |

মহৌজসা সংযুয়ুজে শৰৎকাল ইবেন্দুনা|| ১৫-৫৪||


কুম্ভযোনি অগস্ত্যই ৰামক প্ৰদান কৰিলে 

পূৰ্বতে পীতসমুদ্ৰৰ পৰা প্ৰাপ্ত

আত্মমোচনৰ মূল্যস্বৰূপ দিব্য অলংকাৰ ।

 

কুম্ভয়োনিৰলংকাৰং তস্মৈ দিব্যপৰিগ্রহম্ |

দদৌ দত্তং সমুদ্রেণ পীতেনেবাত্মনিষ্ক্রয়ম্|| ১৫-৫৫||


মৈথিলীৰ কণ্ঠত পিন্ধোৱাৰ পৰা ৰাম বঞ্চিত,

ঘৰলৈ ঘূৰি সেই অলংকাৰ ধাৰণ কৰি  বাহুত,

তাৰ আগতেই ব্ৰাহ্মণ পুত্ৰ হৈ উঠিল জীৱিত ।


স দধন্মৈথিলীকণ্ঠনির্ব্যাপাৰেণ বাহুনা |

পশ্চান্নিববৃতে ৰামঃ প্রাক্পৰাসুর্দ্বিজাত্মজঃ || ১৫-৫৬||


পূৰ্বে নিন্দা কৰা ব্ৰাহ্মণৰ হ’ল পুত্ৰৰ সৈতে মিলন,

যমৰ ঘৰৰ পৰা ওভতাই অনা ৰামৰ কৰিলে বন্দন ।

 

তস্য পূর্বোদিতাং নিন্দাং দ্বিজঃ পুত্রসমাগতঃ |

স্তুৎবা নিবর্তয়ামাস ত্রাতুর্বৈবস্বতাদপি|| ১৫-৫৭||


তাৰ পাছতে ৰামে কৰিলে অশ্বমেধৰ অশ্ব মুক্ত।

মেঘে যিদৰে জলদানেৰে কৰে শস্যক সন্তুষ্ট,

নৰ, বানৰ আৰু ৰাক্ষসৰ অধিপতিয়ে 

ৰামক কৰিলে উপঢৌকনেৰে সমৃদ্ধ । 

 

তমধ্বৰায় মুক্তাশ্বং ৰক্ষঃকপিনৰেশ্বৰাঃ |

মেঘাঃ সস্যমিবাম্ভোভিৰভ্যবর্ষন্নুপায়নৈঃ|| ১৫-৫৮||


তাৰকাৰ দেশ কিম্বা ভূলোক সকলো স্থানৰ পৰা

সকলো দিশৰ পৰা মহৰ্ষিসকল হ’ল আমন্ত্ৰিত ।


দিগ্ভ্যো নিমন্ত্রিতাশ্চৈনমভিজগ্মুর্মহর্ষয়ঃ |

ন ভৌমান্যেব ধিষ্ণ্যানি হিৎবা জ্যোতির্ময়ান্যপি|| ১৫-৫৯||


অযোধ্যাৰ উপকণ্ঠত থাকিল সকলো আমন্ত্ৰিত,

সুশোভিত অযোধ্যা নগৰী চাৰিখন দুৱাৰেৰে সজ্জিত

যেন চতুৰ্মুখ ব্ৰহ্মা সৃষ্টিৰ শেষত সশৰীৰে উপৱিষ্ট ।


উপশল্যনিবিষ্টৈস্তৈশ্চতুর্দ্বাৰমুখী বভৌ |

অয়োধ্যা সৃষ্টলোকেব সদ্যঃ পৈতামহী তনুঃ|| ১৫-৬০||


সীতা পৰিত্যাগো ৰামৰ বাবে গৌৰৱৰ কাৰণ,

কোনো অন্য নাৰীকে তেওঁ পত্নীৰূপে নকৰিলে গ্ৰহণ ।

সীতাৰ সোণৰ মূৰ্তিয়েই হ’ল যজ্ঞত পতিৰ সহধৰ্মিনী ।


শ্লাঘ্যস্ত্যাগোঽপি বৈদেহ্যাঃ পত্যুঃ প্রাগ্বংশবাসিনঃ |

অনন্যজানেঃ সৈবাসীদ্যস্মাজ্জায়া হিৰণ্ময়ী|| ১৫-৬১||


বিধিৱৎ প্ৰয়োজনতকৈও উভৈনদীকৈ হ’ল যজ্ঞ সমাপণ,

যজ্ঞৰ ৰক্ষক হ’ল অতদিনে যজ্ঞবিঘ্নকাৰী ৰাক্ষসগণ ।


বিধেৰধিকসংভাৰস্ততঃ প্রববৃতে মখঃ |

আসন্যত্র ক্রিয়াবিঘ্না ৰাক্ষসা এব ৰক্ষিণঃ|| ১৫-৬২||


আনহাতে, মৈথিলীৰ দুই পুত্ৰ লৱ আৰু কুশই

গুৰুৰ আদেশত গালে বাল্মীকিৰচিত ৰামায়ণ ।


অথ প্রাচেতসোপজ্ঞং ৰামায়ণমিতস্ততঃ |

মৈথিলেয়ৌ কুশলবৌ জগতুর্গুৰুচোদিতৌ|| ১৫-৬৩||


এনেয়ে ৰামৰ চৰিত তাতে ৰচনা বাল্মীকিৰ,

নিগৰিত হ’ল দুয়োৰে গন্ধৰ্ভকণ্ঠৰে, 

কিয়নো নহ’ব শুনোতাৰ মন হৰণ ।


বৃত্তং ৰামস্য বাল্মীকেঃ কৃতিস্তৌ কিংনৰস্বনৌ |

কিং তদ্যেন মনো হর্তুমলং স্যাতাং ন শৃণ্বতাম্|| ১৫-৬৪||


যি স্বচক্ষে দেখিলে আৰু শুনিলে 

বিমুগ্ধ হৈ বাৰে বাৰে গৈ ক’লেগৈ ৰামক,

ৰামে ভাতৃসৱক লৈ লগত কৌতূহলী হৈ

শুনিলে আৰু দৰ্শন কৰিলে দুয়োৰে ৰূপ-গীত-মাধুৰ্য ।

 

ৰূপে গীতে চ মাধুর্যংতয়োস্তজ্জ্ঞৈর্নিবেদিতম্ |

দদর্শ সানুজো ৰামঃ শুশ্রাব চ কুতূহলী|| ১৫-৬৫||


সভাসদ হ’ল চকুলোৰে তলবল তেওঁলোকৰ গীত শুনি,

যেন ৰাতিপুৱা হিমত তিতি থৰ লাগি থকা অৰণ্যানি ।


তদ্গীতশ্রবণৈকাগ্রা সংসদশ্রুমুখী বভৌ |

হিমনিষ্যন্দিনী প্রাতর্নির্বাতেব বনস্থলী|| ১৫-৬৬||


সকলোৱে নিষ্পলক দৃষ্টিৰে চাই ৰ’ল,

দুই কুমাৰৰ আচৰিত সাদৃশ্য ৰামৰ সৈতে,

বেশভূষা আৰু বয়সহে কেৱল নিমিলে ।


বয়োবেষবিসংবাদি ৰামস্য চ তয়োস্তদা |

জনতা প্রেক্ষ্য সাদৃশ্যং নাক্ষিকম্পং ব্যতিষ্ঠত|| ১৫-৬৭||


মানুহ যিমান আচৰিত হ’ল দুই কুমাৰৰ দক্ষতাত, 

তাতোকৈ সকলো আচৰিত হ’ল 

ৰাজপ্ৰদত্ত উপহাৰৰ প্ৰতি দুয়োৰে অনীহাত । 


উভয়োর্ন তথা লোকঃ প্রাবীণ্যেন বিসিষ্মিয়ে |

নৃপতেঃ প্রীতিদানেষু বীতস্পৃহতয়া যথা|| ১৫-৬৮||


কোনেনো শিকালে তোমালোকক এই গান,

এই গানৰ গীতিকাৰ কোন,

ৰজাই সোধা উত্তৰত জনালে দুয়ো বাল্মীকিৰ নাম ।


গেয়ে কো নু বিনেতা বাং কস্য চেয়ং কৃতিঃ কবেঃ |

ইতি ৰাজ্ঞা স্বয়ং পৃষ্টৌ তৌ বাল্মীকিমশংসতাম্|| ১৫-৬৯||


তেতিয়া ৰাম ভাতৃসৱক লৈ গ’ল সেই প্ৰাচেতস মুনিৰ কাষলৈ,

নিজ শৰীৰসহ সমস্ত ৰাজ্যশ্ৰী নিৱেদন কৰিলে তেওঁৰ চৰণত ।


অথ সাবৰজো ৰামঃ প্রাচেতসমুপেয়িবান্ |

ঊৰীকৃত্যাত্মনো দেহং ৰাজ্যমস্মৈ ন্যবেদয়ৎ|| ১৫-৭০||


জনালে কৰুণাময় মুনিয়ে,

মৈথিলীৰ গৰ্ভজাত সেইদুটি তোমাৰে সন্তান,

এইবুলি তেওঁ ৰামক কৰিলে অনুৰোধ

 সীতাক কৰিবলৈ গ্ৰহণ ।


স তাবাখ্যায় ৰামায় মৈথিলীয়ৌ তদাত্মজৌ |

কবিঃ কাৰুণিকো বব্রে সীতায়াঃ সংপৰিগ্রহম্|| ১৫-৭১||


ৰামে ক’লে, হে পিতা! আমাৰ সমুখত অগ্নিপৰীক্ষাত 

প্ৰমাণিত শুদ্ধ বুলি পুত্ৰবধু আপোনাৰ,

কিন্তু বিশ্বাস নকৰে প্ৰজাই  কুচৰিত্ৰৰ হেতু ৰাৱণৰ ।


তাত শুদ্ধা সমক্ষং নঃ স্নুষা তে জাতবেদসি |

দৌৰাত্ম্যাদ্রক্ষসস্তাং তু নাত্রত্যাঃ শ্রদ্দধুঃ প্রজাঃ|| ১৫-৭২||


সীতাই নিজ চৰিত্ৰ সম্পৰ্কে প্ৰত্যয় জন্মাওক প্ৰজাৰ,

তেতিয়াহে পুত্ৰৱতী সীতাক গ্ৰহণ কৰিম অদেশত আপোনাৰ ।


তাঃ স্বচাৰিত্র্যমুদ্দিশ্য প্রত্যায়য়তু মৈথিলী |

ততঃ পুত্রবতীমেনাং প্রতিপৎস্যে ৎবদাজ্ঞয়া|| ১৫-৭৩||


মুনিয়ে ৰামৰ পৰা পাই এই প্ৰতিশ্ৰুতি 

শিষ্যসকলৰ দ্বাৰা আশ্ৰমৰ পৰা 

সীতাক অনালে যেন হ’ল উদ্দেশ্য সিদ্ধি ।


ইতি প্রতিশ্রুতে ৰাজ্ঞা জানকীমাশ্রমান্মুনিঃ |

শিষ্যৈৰানায়য়ামাস স্বসিদ্ধিং নিয়মৈৰিব|| ১৫-৭৪||


তাৰ পাছদিনা ৰামে প্ৰতিশ্ৰুতি পালনৰ হেতু,

নগৰবাসীক একত্ৰিত কৰি কবিক কৰিলে আহ্বান ।

 

অন্যেদ্যুৰথ কাকুৎস্থঃ সংনিপাত্য পুৰৌকসঃ |

কবিমাহ্বায়য়ামাস প্রস্তুতপ্রতিপত্তয়ে|| ১৫-৭৫||


মুনি আহিল ৰামৰ আহ্বানত লৈ দুই পুত্ৰসহ সীতাক,

যেন পুৱাৰ উদাত্ত মন্ত্ৰোচ্চাৰণ উদিত সূৰুযৰ আগত । 


স্বৰসংস্কাৰবত্যাসৌ পুত্রাভ্যামথ সীতয়া |

ঋচেবোদর্চিষং সূর্যং ৰামং মুনিৰুপস্থিতঃ|| ১৫-৭৬||


সীতাৰ পৰিধানত গেৰুৱা বসন,

অৱনমিত দৃষ্টি নিজৰ ভৰিলৈ,

শান্ত-সমাহিত শুদ্ধ অনুমেয় সহজেই ।

 

কাষায়পৰিবীতেন স্বপদার্পিতচক্ষুষা |

অন্বমীয়ত শুদ্ধেতি শান্তেন বপুষৈব সা|| ১৫-৭৭||


সকলো লোকেই অধোমুখে ৰ’ল

সীতালৈ চাব নোৱাৰি,

যেন পকা শালিধানৰ তলমূৰ স্থিতি ।


জনাস্তদালোকপথাৎপ্রতিসংহৃতচক্ষুষঃ |

তস্থুস্তেঽবাঙ্মুখাঃ সর্বে ফলিতা ইব শালয়ঃ|| ১৫-৭৮||


আসনত বহি বাল্মীকিয়ে সীতাক আদেশ দিলে,

বৎস! লোকসংশয় দূৰ কৰি দিয়াঁ পতিৰ সমুখত ।


তাং দৃষ্টিবিষয়ে ভর্তুর্মুনিৰাস্থিতবিষ্টৰঃ |

কুৰু নিঃসংশয়ং বৎসে স্ববৃত্তে লোকমিত্যশাৎ|| ১৫-৭৯||


তেতিয়া সীতাই বাল্মীকিৰ শিষ্যই অনা 

পুণ্যজলেৰে কৰি শুচিতা আচমন-

এই পুণ্যসত্যবাণী কৰিলে উচ্চাৰণ-


অথ বাল্মীকিশিষ্যেণ পুণ্যমাবর্জিতং পয়ঃ |

আচম্যোদীৰয়ামাস সীতা সত্যাং সৰস্বতীম্|| ১৫-৮০||


স্বামীৰ প্ৰতি কোনো ব্যভিচাৰ যদি  কায়-মনোবাক্যে কৰা নাই 

হে ধৰিত্ৰী আই ! দিয়া মোক তোমাৰ কোলাত ঠাই ।

 

বাঙ্মনঃকর্মভিঃ পত্যৌ ব্যভিচাৰো যথা ন মে |

তথা বিশ্বংভৰে দেবি মামন্তর্ধাতুমর্হসি|| ১৫-৮১||


সাধ্বীয়ে কৰাৰ লগে লগেই এই বচন উচ্চাৰণ,

সদ্য ফাটমেলা পৃথিৱীৰ পৰা উদ্ভৱ হ’ল 

প্ৰভামণ্ডলযুক্ত জ্যোতিৰ বিদ্যুৎ স্ফুলিংগ ।

  

এবমুক্তে তয়া সাধ্ব্যা ৰন্ধ্রাৎসদ্যোভবাদ্ভুবঃ |

শাতহ্রদমিব জ্যোতিঃ প্রভামণ্ডলমুদ্যয়ৌ|| ১৫-৮২||


সেই জ্যোতিৰ মাজত নাগফণাৰে উত্থিত সিংহাসনত বহি,

আবিৰ্ভাৱ হ’ল সমুদ্ৰৰ মেখলা পৰিহিতা গোঁসানী বসুমতী ।


তত্র নাগফণোৎক্ষিপ্তসিংহাসননিষেদুষী |

সমুদ্রৰশনা সাক্ষাৎপ্রাদুৰাসীদ্বসুংধৰা|| ১৫-৮৩||


মাতৃয়ে সীতাক নিজ কোলাত বহুৱাই 

পতিৰ চকুৰ আগতে পাতাললৈ নিলে সুমুৱাই।

নিনিবা, নিনিবা বুলি পতিয়ে মাথোঁ থাকিল ৰিঙিয়াই ।


সা সীতামঙ্কমাৰোপ্য ভর্তৃপ্রণিহিতেক্ষণাম্ |

মামেতি ব্যাহৰত্যেব তস্মিন্পাতালমভ্যগাৎ|| ১৫-৮৪||


সীতাৰ প্ৰৰ্ত্যপণৰ আশাৰে ক্ৰোধত ৰামে জুৰিলে ধনুৰ্বাণ,

গুৰুৱে বুজাই কৰিলে শান্ত খণ্ডন নহয় বিধিৰ বিধান ।


ধৰায়াং তস্য সংৰম্ভং সীতাপ্রত্যর্পণৈষিণঃ |

গুৰুর্বিধিবলাপেক্ষী শময়ামাস ধন্বিনঃ|| ১৫-৮৫||


যজ্ঞ সমাপণত বিধিমতে পুৰষ্কৃত কৰি

বিদায় দিলে ঋষি আৰু সুহৃদসকলক,

সীতালৈ থকা স্নেহ উবুৰিয়াই দিলে দুই সন্তানক ।

 

ঋষীন্বিসৃজ্য যজ্ঞান্তে সুহৃদশ্চ পুৰস্কৃতান্ |

ৰামঃ সীতাগতং স্নেহং নিদধে তদপত্যয়োঃ|| ১৫-৮৬||


ৰামে ভৰতৰ মাতুল যুধাজিতৰ আদেশত,

অৰ্পণ কৰিলে সিন্ধুপ্ৰদেশ ভৰতৰ হাতত ।


যুধাজিতস্য সংদেশাৎস দেশং সিন্ধুনামকম্ |

দদৌ দত্তপ্রভাবায় ভৰতায় ভৃতপ্রজঃ|| ১৫-৮৭||


তাত যুঁজত হৰুৱাই গন্ধৰ্বসকলক,

অস্ত্ৰ কৰোৱালে ত্যাগ কেৱল বীণাহে থাকিল হাতত ।


ভৰতস্তত্র গন্ধর্বান্যুধি নির্জিত্য কেবলম্ |

আতোদ্যং গ্রাহয়ামাস সমত্যাজয়দায়ুধম্|| ১৫-৮৮||


অভিষেকযোগ্য ভৰতৰ পুত্ৰ তক্ষ আৰু পুষ্কল,

ভৰতে তেওঁলোকৰ নামেৰে স্থাপিত ৰাজধানী 

তক্ষশীলা আৰু পুষ্কলাৱতীত কৰি অভিষিক্ত

উভতিলে ৰামৰ কাষলৈ ।


স তক্ষপুষ্কলৌ পুত্রৌ ৰাজধান্যোস্তদাখ্যয়োঃ |

অভিষিচ্যাভিষেকার্হৌ ৰামান্তিকমগাৎপুনঃ|| ১৫-৮৯||


অঙ্গদ আৰু চন্দ্ৰকেতু লক্ষ্মণৰ দুই পুত্ৰ,

ৰামৰ আদেশত লক্ষ্মণে দিলে কাৰাপথৰ আধিপত্য ।


অঙ্গদং চন্দ্রকেতুং চ লক্ষ্মণোঽপ্যাত্মসংভবৌ |

শাসনাদ্রঘুনাথস্য চক্রে কাৰাপথেশ্বৰৌ|| ১৫-৯০||


পুত্ৰসৱক কৰিলে ৰাজপদত প্ৰতিষ্ঠা,

স্বৰ্গগত পিতাৰ সংগলৈ যোৱা পৰলোকগামী 

জননীসৱৰ সম্পন্ন কৰিলে  শ্ৰাদ্ধাদি ক্ৰিয়া ।


ইত্যাৰোপিতপুত্রাস্তে জননীনাং জনেশ্বৰাঃ |

ভর্তৃলোকপ্রপন্নানাং নিবাপান্বিদধুঃ ক্রমাৎ|| ১৫-৯১||


তাৰপাছতে এদিন যমৰাজ আহিল মুনিৰ বেশত,

ৰামক ক’লে, কিছু গোপন কথা আছে তোমাৰ লগত।

কোনো লোকৰ সাক্ষাৎ অবাঞ্চিত এই আলাপৰ মাজত,

যদিহে আহে কোনোবা বাৰ্তালাপৰ সময়ত,

অৱশ্যেই তুমি পৰিত্যাগ কৰিব লাগিব তেওঁক ।


উপেত্য মুনিবেষোঽথ কালঃ প্রোবাচ ৰাঘবম্ |

ৰহঃসংবাদিনৌ পশ্যেদাবাং যস্তং ত্যজেৰিতি|| ১৫-৯২||


সেয়ে হ’ব বুলি ৰজাই জনোৱাত সন্মতি,

নিভৃতত তেওঁ ধাৰণ কৰিলে নিজৰ মূৰ্তি ।

জনালে ৰামক সৃষ্টিকৰ্তাৰ আদেশ,

হে পৰমপুৰুষ !

কৰক আপুনি এতিয়াৰ পৰা স্বৰ্গত বাস ।


তথেতি প্রতিপন্নায় বিবৃতাত্মা নৃপায় সঃ |

আচখ্যৌ দিবমধ্যাস্ব শাসনাৎপৰমেষ্ঠিনঃ|| ১৫-৯৩||


দ্বাৰৰক্ষী হৈ আছিল লক্ষ্মণ আছিল ৰামৰ আদেশত,

সেই সময়তে দুৰ্বাসা আহিল ৰামদৰ্শনৰ আশাত ।

প্ৰৱেশ কৰিলে জানি-শুনিও নিভৃত আলাপৰ মাজত,

ভীতিগ্ৰস্ত হৈ লক্ষ্মণ দুৰ্বাসা মুনিৰ অভিশাপৰ ভয়ত ।


বিদ্বানপি তয়োর্দ্বাঃস্থঃ সময়ং লক্ষ্মণোঽভিনৎ |

ভীতো দুর্বাসসঃ শাপাদ্রামসংদর্শনার্থিনা|| ১৫-৯৪||


সৰযুতীৰলৈ গৈ লক্ষ্মণ কৰিলে প্ৰাণত্যাগ যোগবলেৰে 

অগ্ৰজৰ পূৰ্বপ্ৰতিজ্ঞা ৰক্ষাৰ অৰ্থে ।

 

স গৎবা সৰয়ূতীৰং দেহত্যাগেন যোগবিৎ |

চকাৰাবিতথাং ভ্রাতুঃ প্রতিজ্ঞাং পূর্বজন্মনঃ|| ১৫-৯৫||


ৰাঘৱৰ এক চতুৰ্থাংশ লক্ষ্মণ আগতেই স্বৰ্গলৈ গ’ল,

ধৰ্মৰ ত্ৰিপদী শৰীৰৰ দৰে শিথিল হৈ মৰ্ত্যত থাকিল ৰাম ।


তস্মিন্নাত্মচতুর্ভাগে প্রাঙ্নাকমধিতস্থুষি |

ৰাঘবঃ শিথিলং তস্থৌ ভুবি ধর্মস্ত্রিপাদিব|| ১৫-৯৬||


তাৰ পাছত ৰামে শত্ৰুৰূপী গজৰ অংকুশৰূপ 

কুশক থাপিলে কুশাৱতী নগৰত,

সুবচনেৰে সজ্জনৰ অশ্ৰু নিগৰোৱা 

লৱক কৰিলে শৰৱতীত অধিষ্ঠিত ।

 

স নিৱেশ্য কুশাৱত্যাং ৰিপুনাগাংকুশং কুশম্ |

শৰাবত্যাং সতাং সূক্তৈর্জনিতাশ্রুলবং লবম্|| ১৫-৯৭||


হোমাগ্নিক সমুখত লৈ স্থিতপ্ৰজ্ঞ ৰামে,

দুয়ো অনুজৰ সৈতে গমন কৰিলে উত্তৰৰ দিশে।

প্ৰভুৰ প্ৰেমত হৈ গৃহত্যাগী, 

লগে-সংগে গ’ল অযোধ্যানগৰী ।


উদক্প্রতস্থে স্থিৰধীঃ সানুজোঽগ্নিপুৰঃসৰঃ |

অন্বিতঃ পতিবাৎসল্যাদ্গৃহবর্জময়োধ্যয়া|| ১৫-৯৮||


প্ৰজাগণৰ কদমৰ কলিৰ দৰে 

ডাঙৰ ডাঙৰ চকুলোৰ টোপালত সিক্ত পথেৰে

চিত্তজ্ঞ বানৰ আৰু ৰাক্ষসসৱেও অনুগমন কৰিলে ।


জগৃহুস্তস্য চিত্তজ্ঞাঃ পদবীং হৰিৰাক্ষসাঃ |

কদম্বমুকুলস্থূলৈৰভিবৃষ্টাং প্রজাশ্রুভিঃ|| ১৫-৯৯||


দৈৱবিমান আহি হ’ল উপস্থিত ৰামৰ স্বৰ্গাৰোহণৰ বাবে,

ভক্তৰ প্ৰতি অনুকম্পাত অনুগামী প্ৰজাৰ বাবে

সৰযূকেই যেন সৰগৰ প্ৰত্যক্ষ সোপান কৰিলে। 


উপস্থিতবিমানেন তেন ভক্তানুকম্পিনা |

চক্রে ত্রিদিবনিঃশ্রেণিঃ সৰয়ূৰনুয়ায়িনাম্|| ১৫-১০০||


সৰযূত নিমজ্জিত হ’বলৈ প্ৰজাৰ হেতা-ওপৰা হ’ল এনেদৰে

যেন অজস্ৰ গোধন একেলগে উটি যায় নদীপাৰ হ’বলৈ ।

সেয়ে সেই তীৰ্থৰ নাম গোপ্ৰতৰ বুলি জনাজাত হ’ল পাছলৈ ।


যদ্গোপ্রতৰকল্পোঽভূৎসংমর্দস্তত্র মজ্জতাম্ |

অতস্তদাখ্যয়া তীর্থং পাবনং ভুবি পপ্রথে|| ১৫-১০১||


দেৱতাৰ অংশ যত ৰামৰ সংগী বিলীন হ’ল আত্মমূৰ্তিত,

দেৱত্বপ্ৰাপ্ত প্ৰজাভক্তসৱৰ বাবে প্ৰভুৱে নিৰ্মাণ কৰিলে পৃথক স্বৰ্গ ।


স বিভুর্বিবুধাংশেষু প্রতিপন্নাত্মমূর্তিষু |

ত্রিদশীভূতপৌৰাণাং স্বর্গান্তৰমকল্পয়ৎ|| ১৫-১০২||


বিষ্ণুৱে কৰিলে ৰাৱণ বধেৰে নিজ কৰ্ম সমাপণ,

লংকাপতি বিভীষণ আৰু পৱনপুত্ৰ হনুমানক,

দক্ষিণে চিত্ৰকূট আৰু উত্তৰে হিমালয়ত, 

নিজ কীৰ্তিস্তম্ভৰূপে কৰিলে স্থাপন ।

অৱশেষত, স্বমূৰুতিত নিজে হ’ল বিলীন ।


নির্বর্ত্যৈবং দশমুখশিৰশ্ছেদকার্যং সুৰাণাং

বিষ্বক্সেনঃ স্বতনুমবিশৎসর্বলোকপ্রতিষ্ঠাম্ |

লঙ্কানাথং পবনতনয়ং চোভয়ং স্থাপয়িৎবা

কীর্তিস্তম্ভদ্বয়মিব গিৰৌ দক্ষিণে চোত্তৰে চ || ১৫-১০৩||


(ৰঘুবংশ মহাকাব্যৰ পঞ্চদশ অধ্যায় সমাপ্ত )


ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

শ্রীৰামস্বর্গাৰোহণো নাম পঞ্চদশঃ সর্গঃ ||

 || অধ্যায় ১৬ ||


সাতজন ৰঘুবীৰৰ জ্যেষ্ঠ গুণ-গৰিমাতো শ্ৰেষ্ঠ, 

কুশক ভাতৃসৱে উৎকৃষ্ট ৰত্নৰে কৰিলে অভিনন্দিত,

সৌভাতৃত্বই তেওঁলোকৰ কুলধৰ্ম ।


অথেতৰে সপ্তৰঘুপ্রবীৰা জ্যেষ্ঠং পুৰোজন্মতয়া গুণৈশ্চ |

চক্রঃ কুশং ৰত্নবিশেষভাজং সৌভ্রাত্রমেষাং হি কুলানুকাৰি || ১৬-১||


হাতীও ধৰিলে কৃষিও কৰিলে সেতু কৰিলে নিৰ্মাণ,

অতিকৈ সমৃদ্ধ হ’ল সকলো কৰি বণিজ্য-বিপনন ।

সাগৰে যিদৰে নকৰে তাৰ উপকূল অতিক্ৰম,

তেওঁলোকেও নকৰিলে অন্যদেশৰ সীমা উলংঘন ।


তে সেতুবার্তাগজবন্ধমুখৈৰভ্যুচ্ছ্রিতাঃ কর্মভিৰপ্যবন্ধ্যৈঃ |

অন্যোন্যদেশপ্রবিভাগসীমাং বেলাং সমুদ্রা ইব ন ব্যতীয়ুঃ || ১৬-২||


চতুৰ্ভুজ বিষ্ণুৰ বংশোদ্ভূত তেওঁলোক আছিল দানশীল,

আঠভাগে বিভক্ত হৈ কৰিলে বংশৰ বিস্তাৰ,

যেন চতুৰ্দিশৰ দিকপাল হস্তীৰ আঠভাগে বৈ অহা মদক্ষৰণ ।


চতুর্ভুজাংশপ্রভবঃ স তেষাং দানপ্রবৃত্তেৰনুপাৰতানাম্ |

সুৰদ্বিপানামিব সাময়োনির্ভিন্নোঽষ্টধা বিপ্রসসাৰ বংশঃ || ১৬-৩||


এদিন মাজনিশা যেতিয়া শুই পৰিল সকলো, নুমাল চাকি,

সাৰে থকা কুশই দেখিলে আগতে কেতিয়াও নেদেখা এক নাৰী,

বেশ-ভূষাত যি আছিল বিৰহিনী ।

 

অথার্ধৰাত্রে স্তিমিতপ্রদীপে শয়্যাগৃহে সুপ্তজনে প্রবুদ্ধঃ |

কুশঃ প্রবাসস্থকলত্রবেষামদৃষ্টপূর্বাং বনিতামপশ্যৎ || ১৬-৪||


সকলোৰে বন্ধু ইন্দ্ৰসম তেজস্বী কুশ 

সজ্জনৰ সৈতে ভগাইছিল সুখ-দুখ,

শত্ৰুজিৎ ৰজাক নমন কৰি 

সেই নাৰীয়ে কৰিলে জয়শব্দ উচ্চাৰণ ।


সা সাধুসাধাৰণপার্থিবর্দ্ধেঃ স্থিৎবা পুৰস্তাৎপুৰহূতভাসঃ |

জেতুঃ পৰেষাং জয়শব্দপূর্বং তস্যাঞ্জলিং বন্ধুমতো ববন্ধ || ১৬-৫||


প্ৰাসাদৰ সকলো দুৱাৰ আছিল বন্ধ,

আছিল ৰৈ দাপোণত প্ৰতিবিম্বৰ দৰে,

সামান্য মূৰ দাঙি সুধিলে দশৰথৰ নাতিয়ে সবিস্ময়ে।


অথানপোঢার্গলমপ্যগাৰং ছায়ামিবাদর্শতলং প্রবিষ্টাম্ |

সবিস্ময়ো দাশৰথেস্তনূজঃ প্রোবাচ পূর্বার্ধবিসৃষ্টতল্পঃ || ১৬-৬||


বন্ধ দুৱাৰ অতিক্ৰমি প্ৰৱেশ কৰিছে আপুনি,

কিন্তু দেখা নাই আপোনাৰ তেনে যোগশক্তি,

হিমসিক্ত পদুমৰ দৰে আপোনাৰ ৰূপ বিষণ্ণ,


লব্ধান্তৰা সাবৰণেঽপি গেহে যোগপ্রভাবো ন চ লক্ষ্যতে তে |

বিভর্ষি চাকাৰমনির্বৃতানাং মৃণালিনী হৈমমিবোপৰাগম্ || ১৬-৭||


কোন বাৰু আপুনি, কাৰ পত্নী, আহিছে বা কিয় মোৰ কাষলৈ

আপুনি জনা উচিত কোনো ৰঘুবংশীয়ে নাচায় পৰস্ত্ৰীৰ মুখলৈ,

তাকে জানি কওক আপোনাৰ কি আছে ক’বলৈ ।

 

কা ৎবং শুভে কস্য পৰিগ্রহো বা কিং বা মদভ্যাগমকাৰণং তে |

আচক্ষ্ব মৎবা বশিনাং ৰঘূণাং মনঃ পৰস্ত্রীবিমুখপ্রবৃত্তিঃ || ১৬-৮||


ক’লে সেই নাৰীয়ে-  হে ৰাজন ! আপোনাৰ পিতাই 

স্বৰ্গাৰোহণত লগত লৈ গ’ল যি নগৰৰ অধিবাসী,

সেই নগৰীৰ মই অধিদেৱতা অনাথিনী ।


তমব্রবীৎসা গুৰুণানবদ্যা যা নীতপৌৰা স্বপদোন্মুখেন |

তস্যাঃ পুৰঃ সংপ্রতি বীতনাথাং জানীহি ৰাজন্নধিদেবতাং মাম্ || ১৬-৯||


যি অযোধ্যাৰ সুশাসন, উৎসৱময় আৰু বৈভৱময় 

গৌৰৱে উপহাস কৰিছিল অলকাপুৰীক,

সূৰ্যবংশী শক্তিশালী আপুনি থকাতো মোৰ এই কৰুণ পৰিণতি ।


বস্বৌকসাৰামভিভূয় সাহং সৌৰাজ্যবদ্ধোৎসবয়া বিভূত্যা |

সমগ্রশক্তৌ ৎবয়ি সূর্যবংশ্যে সতি প্রপন্না কৰুণামবস্থাম্ || ১৬-১০||


প্ৰভুৰ অবিহনে আজি মোৰ শত শত অট্টালিকা আৰু প্ৰাচীৰ ভগ্ন, পৰিত্যক্ত,

যেন দিনান্তত বতাহে ছিন্ন-ভিন্ন কৰা মেঘমালাই ঢকা বিড়ম্বনাময় সূৰ্যাস্ত।


বিশীর্ণতল্পাট্টশতো নিবেশঃ পর্যস্তসালঃ প্রভুণা বিনা মে |

বিডম্বয়ত্যস্তনিমগ্নসূর্যং দিনান্তমুগ্রানিলভিন্নমেঘম্ || ১৬-১১||


ৰাতি যি ৰাজপথ উজলি আছিল ৰুণুজুনু নূপুৰ পৰিহিতা অভিসাৰিকাৰে,

আজি তাত  মাংসৰ সন্ধানত আৰাও কৰি শিয়ালৰ জাক ঘুৰি ফুৰে ।


নিশাসু ভাস্বৎকলনূপুৰাণাং যঃ সংচৰোঽভূদভিসাৰিকাণাম্ |

নদন্মুখোল্কাবিচিতামিষাভিঃ স বাহ্যতে ৰাজপথঃ শিবাভিঃ || ১৬-১২||


যিসমূহ জলাধাৰত জলকেলি কৰা সুন্দৰী যুৱতীৰ

হাতৰ খলখলনিত পানীত মৃদংগৰ দৰে ধ্বনিৰে মুখৰিত হৈছিল,

আজি তাত বনৰীয়া ম’হৰ শিঙৰ আঘাতত পানীয়ে উচুপি আছে ।


আস্ফালিতং যৎপ্রমদাকৰাগ্রৈর্মৃদঙ্গধীৰধ্বনিমন্বগচ্ছৎ |

বন্যৈৰিদানীং মহিষৈস্তদম্ভঃ শৃঙ্গাহতং ক্রোশতি দীর্ঘিকাণাম্ || ১৬-১৩||


যি ক্ৰীড়া-ময়ূৰে উপবনত নৃত্য কৰিছিল

সিহঁতৰ বাবে সজা বাহবোৰ গৈছে ভাগি,

নাই কোনো মৃদংগধ্বনি, নাই লাস্যময় ভংগী,

পাখি দহি যোৱাৰ ভয় বনজুইত, আছে বৃক্ষক আশ্ৰয় কৰি ।


বৃক্ষেশয়া যষ্টিনিবাসভঙ্গান্মৃদঙ্গশব্দাপগমাদলাস্যাঃ |

প্রাপ্তা দবোল্কাহতশেষবর্হ্যাঃ ক্রীডাময়ূৰা বনবর্হিণৎবম্ || ১৬-১৪||


 মোৰ যি সোপানপথত নাৰীৰ আলতা সনা পদচিহ্ন ৰৈ গৈছিল,

সেই পথত এতিয়া চিকাৰ কৰা হৰিণৰ তেজেৰ ৰঙা কৰি বাঘ ঘূৰি ফুৰে। 


সোওপানমার্গেষু চ যেষু ৰামা নিক্ষিপ্তবত্যশ্চৰণান্সৰাগান্ |

সদ্যোহতন্যঙ্কুভিৰস্রদিগ্ধং ব্যাঘ্রৈঃ পদং তেষু নিধীয়তে মে || ১৬-১৫||


পদুমপুখুৰীত হস্তিনীয়ে গজৰাজক পদ্ম দান কৰা চিত্ৰ 

শোভা পাইছিল প্ৰাসাদসমূহৰ দেৱালত,

এতিয়া সেই আলেখ্যচিত্ৰ সঁচা বুলি ভুল কৰি

ক্ৰোধিত সিংহই নখেৰে আঁকুহি বিদীৰ্ণ কৰিছে সেই চিত্ৰ । 


চিত্রদ্বিপাঃ পদ্মবনাবতীর্ণাঃ কৰেণুভির্দত্তমৃণালভঙ্গাঃ |

নখাঙ্কুশাঘাতবিভিন্নকুম্ভাঃ সংৰব্ধসিংহপ্রহৃতং বহন্তি || ১৬-১৬||


বিৱৰ্ণ ধূসৰিত হৈ পৰিছে স্তম্ভত অংকিত সকলো নাৰীমূৰ্তি,

সাপৰ মোট মেৰ খাই আছে তাত যেন নাৰীমূৰ্তিৰ বুকুৰ কাঁচুলি ।


স্তম্ভেষু যোষিৎপ্রতিয়াতনানামুৎক্রান্তবর্ণক্রমধূসৰাণাম্ |

স্তনোত্তৰীয়াণি ভবন্তি সঙ্গান্নির্মোকপট্টাঃ ফণিভির্বিমুক্তাঃ || ১৬-১৭||


নাই আৰু সেইদিন !

আযোধ্যাৰ সেই ৰূপোৱালি শোভা এতিয়া কাজল-ক’লা

ৰাতিৰ চন্দ্ৰমা এতিয়াও মুকুতাৰ দৰে বগা,

পিছে আগৰ দৰে নগৰীত প্ৰতিফলিত নহয় এতিয়া ।


কালান্তৰশ্যামসুধেষু নক্তমিতস্ততো ৰূঢতৃণাঙ্কুৰেষু |

ত এব মুক্তাগুণশুদ্ধয়োঽপি হর্ম্যেষু মূর্চ্ছন্তি ন চন্দ্রপাদাঃ || ১৬-১৮||


যি উদ্যানৰ বৃক্ষ আৰু লতিকা নাৰীৰ কোমল হাতে দোঁৱাই ছিঙিছিল ফুল,

সেই বৃক্ষ আৰু লতা ব্যাধৰ সদৃশ বান্দৰৰ দলে এতিয়া কৰিছে তছনছ ।


আবর্জ্য শাখাং সদয়ং চ যাসাং পুষ্পাণ্যুপাত্তানি বিলাসিনীভিঃ |

বন্যৈঃ পুলিন্দৈৰিব বানৰৈস্তাঃ ক্লিশ্যন্ত উদ্যানলতা মদীয়াঃ || ১৬-১৯||


ৰাতি নজ্বলে চাকি দিনত নেদেখোঁ নাৰীৰ শ্ৰীময়ী মুখ,

মকৰাজালেৰে বন্ধ ধোঁৱা ওলাই যোৱা সকলো গৱাক্ষ ।


ৰাত্রাবনাবিষ্কৃতদীপভাসঃ কান্তামুখশ্রীবিয়ুতা দিবাপি |

তিৰস্ক্রিয়ন্তে কৃমিতন্তুজালৈর্বিচ্ছন্নধূমপ্রসৰা গৱাক্ষাঃ || ১৬-২০||


সৰযূ নদীলৈ চাই মোৰ বুকু দহি যায়,

আগৰ দৰে তীৰত কোনো যাগযজ্ঞ নাই ।

নাই কোনো সুবাস স্নানৰ দ্ৰব্যৰ,

তীৰৰ ইকৰাৰ চালিবোৰো জনশূন্য ।


বলিক্রিয়াবর্জিতসৈকতানি স্নানীয়সংসর্গমনাপ্নুবন্তি |

উপান্তবানীৰগৃহাণি দৃষ্ট্বা শূন্যানি দূয়ে সৰয়ূজলানি || ১৬-২১||


সেয়ে তুমি এই কুশাৱতী এৰি কুলৰ ৰাজধানী মোক কৰা গ্ৰহণ,

যিদৰে তোমাৰ পিতাই মনুষ্যশৰীৰ এৰি গৈ হ’ল নিজ পৰমাত্মাত বিলীন ।


তদর্হসীমাং বসতিং বিসৃজ্য মামভ্যুপেতুং কুলৰাজধানীম্ |

হিৎবা তনুং কাৰণমানুষীং তাং যথা গুৰুস্তে পৰমাত্মমূর্তিম্ || ১৬-২২||


অযোধ্যালক্ষ্মীৰ কথাত অনুভৱী হৈ 

ৰঘুবংশৰ অগ্ৰণী কুশই সেয়ে হ’ব বুলি দিলে প্ৰতিশ্ৰুতি।

আনন্দত মুখ উজলাই শৰীৰি-ৰূপ সামৰি অন্তৰ্ধান হ’ল পুৰদেৱী ।


তথেতি তস্যাঃ প্রণয়ং প্রতীতঃ প্রত্যগ্রহীৎপ্রাগ্রহৰো ৰঘূণাম্ |

পূৰপ্যভিব্যক্তমুখপ্রসাদা শৰীৰবন্ধেন তিৰোবভূব || ১৬-২৩||


ৰাতিপুৱা কুশই ব্ৰাহ্মণক বিৱৰি ক’লে ৰাতিৰ অদ্ভূত ঘটনা,

সকলো শুনি দ্বিজসৱে জনালে ৰজাক অভিনন্দন,

স্বামী মানিছে কুলৰ ৰাজধানীয়ে সেয়া সুখৰ বতৰা ।


তদদ্ভুতং সংসদি ৰাত্রিবৃত্তং প্রাতর্দ্বিজেভ্যো নৃপতিঃ শশংস |

শ্রুৎবাত এনং কুলৰাজধান্যা সাক্ষাৎপতিৎবে বৃতমভ্যনন্দন্ || ১৬-২৪||


কুশাৱতী নগৰ অৰ্পণ কৰি বেদ অধ্যয়ন কৰা ক্ষত্ৰিয়সৱৰ হাতত,

শুভদিন চাই পৰিয়াল-পৰিজন লৈ অযোধ্যালৈ কৰিলে যাত্ৰা ।

মেঘে যিদৰে কৰে বায়ুক অনুসৰণ,

তেনেকৈ সৈন্যদলে কৰিলে কৰিলে কুশক অনুগমন । 


কুশাবতীং শ্রোত্রিয়সাৎস কৃৎবা যাত্রানুকূলেঽহনি সাবৰোধঃ |

অনুদ্রুতো বায়ুৰিবাভ্রবৃন্দৈঃ সৈন্যৈৰয়োধ্যাভিমুখঃ প্রতস্থে || ১৬-২৫||


সৈন্যদলৰ গমন দেখি বোধ হ’ল 

এখনি চলমান ৰাজধানী যেন ,

পতাকাবোৰ যেন ফুলভৰা উপবন, 

ক্ৰীড়া-শৈল যেন প্ৰকাণ্ড হাতীৰ দল,

ৰথবোৰ যেন সুশোভিত ভৱন ।


সা কেতুমালোপবনা বৃহদ্ভির্বিহাৰশৈলানুগতেব নাগৈঃ |

সেনা ৰথোদাৰগৃহা প্রয়াণে তস্যাভবজ্জংগমৰাজধানী || ১৬-২৬||


আগত ৰাজনৰ মহতী পতাকা পিছত অগণিত সেনাদল,

পূৰ্বনিৱাসলৈ বুলি আগুৱাই গ’ল পূবৰ দিশলৈ ।

চন্দ্ৰৰ উদয়ত যেন সমুদ্ৰই ঢাপলি মেলে উপকূললৈ । 


তেনাতপত্রামলমণ্ডলেন প্রস্থাপিতঃ পূর্বনিবাসভূমিম্ |

বভৌ বলৌঘঃ শশিনোদিতেন বেলামুদন্বানিব নীয়মানঃ || ১৬-২৭||


যাত্ৰাকালত সুবিশাল সেনাৰ ভৰ সহিব নোৱাৰিলে বসুমতীয়ে,

ধূলিভৰা আকাশলৈ উত্থিত হৈ যেন দ্বিতীয় বিষ্ণুপদ আৰোহিলে ।


তস্য প্রয়াতস্য বৰূথিনীনাং পীডামপর্যাপ্তবতীব সোঢুম্ |

বসুংধৰা বিষ্ণুপদং দ্বিতীয়মধ্যাৰুৰোহেব ৰজশ্ছলেন || ১৬-২৮||


যাত্ৰাৰ আয়োজনত, যাত্ৰাৰ সময়ত, 

যাত্ৰাৰ আগৰ বা পাছৰ নগৰত,

বা সেনানিৱেশত যিয়েই পৰে চকুত 

মাথোন সেনানীৰে ভৰপূৰ সৰ্বত্ৰ।


উদ্যচ্ছমানা গমনায় পশ্চাৎপুৰো নিবেশে পথি চ ব্রজন্তী |

সা যত্র সেনা দদৃশে নৃপস্য তত্রৈব সামগ্র্যমতিং চকাৰ || ১৬-২৯||


ৰাজকীয় হাতীৰ মদক্ষৰণত পথৰ ধূলি হ’ল বোকা,

আৰু সেনাৰ অশ্বখুৰাৰ গচকত বোকা পুনৰ হ’ল ধূলি । 


তস্য দ্বিপানাং মদবাৰসেকাৎখুৰাভিঘাতাচ্চ তুৰংগমাণাম্ |

ৰেণুঃ প্রপেদে প্রথি পঙ্কভাবং পঙ্কোঽপি ৰেণুৎবমিয়ায় নেতুঃ || ১৬-৩০||


বিন্ধ্যপৰ্বতৰ মাজেৰে পথ বিচাৰি আগুৱালে সৈন্যদল হৈ বহুধা বিভক্ত,

ৰেৱা নদীৰ দৰে তুমুল কলধ্বনি তুলিলে আৰু প্ৰতিধ্বনিত হ’ল গুহাত ।


মার্গৈষিণী সা কটকান্তৰেষু বৈন্ধ্যেষু সেনা বহুধা বিভিন্না |

চকাৰ ৰেবেব মহাবিৰাবা বদ্ধপ্রতিশ্রুন্তি গুহামুখানি || ১৬-৩১||


পাহাৰৰ গলিত ধাতুময় মাটিৰে ৰথৰ চকা হ’ল ৰক্তিম,

সৈনিকৰ কোলাহলৰ সৈতে মিলি গ’ল তূৰ্যধ্বনি ।

এনেদৰেই সকলোৱে কৰিলে বিন্ধ্যপৰ্বত অতিক্ৰম,

অৰণ্যবাসী আহি আদৰিলে লৈ বিবিধ উপঢৌকন ।


স ধাতুভেদাৰুণয়াননেমিঃ প্রভুঃ প্রয়াণধ্বনিমিশ্রতূর্যঃ |

ব্যলঙ্ঘয়দ্বিন্ধ্যমুপায়নানি পশ্যন্পুলিন্দৈৰুপপাদিতানি || ১৬-৩২||


বিন্ধ্যৰ নামনিত তেওঁ হস্তীৰ সেতুবন্ধনেৰে 

পশ্চিম বাহিনী গংগা কৰিলে অতিক্ৰম,

উত্তৰপাৰত আকাশত উৰা ৰাজহাঁহৰ পাখিৰ বতাহে

অনায়াসে জনালে তেওঁক স্বাভাৱিক স্বাগতম ।


তীর্থে তদীয়ে গজসেতুবন্ধাৎপ্রতীপগামুত্তৰতোস্য গঙ্গাম্ |

অয়ত্নবালব্যজনীবভূবুর্হংসা নভোলঙ্ঘনলোলপক্ষাঃ || ১৬-৩৩||


টুলবুল নৌকাৰে চঞ্চল ত্ৰিৱেণী সংগমক তেওঁ কৰি প্ৰণিপাত,

গৈছিল দেৱলোকলৈ কপিলমুনিৰ ৰোষত ভষ্ম হোৱা পূৰ্বজে যাৰ স্পৰ্শত।


স পূর্বজানাং কপিলেন ৰোষাদ্ভস্মাবশেষীকৃতবিগ্রহাণাম্ |

সুৰালয়প্রাপ্তিনিমিত্তমম্ভস্ত্রৈস্রোতসং নৌলুলিতং ববন্দে || ১৬-৩৪||


কিছুদিনৰ পাছত পালেগৈ কুলৰ নদী সৰযূৰ তীৰ, শেষ হ’ল পথ,

প্ৰত্যক্ষ কৰিলে যজ্ঞৰ বাবে ৰঘুবংশীয়ে স্থাপন কৰা শত শত যূপকাষ্ঠ ।


ইত্যধ্বনঃ কেচিদহোভিৰন্তে কূলং সমাসাদ্য কুশঃ সৰয়্বাঃ |

বেদিপ্রতিষ্ঠান্বিততাধৰাণাং যূপানপশ্যচ্ছতশো ৰঘুণাম্ || ১৬-৩৫||


কুলৰাজধানীৰ উপবনত ফুলৰ সুৱাসেৰে সুৱাসিত

সৰযূৰ তৰংগৰ পৰশেৰে শীতল বতাহ এজাকে আহি

তেওঁৰ ক্লান্ত সৈনিকসকলক কৰি তুলিলেহি সতেজ ।


আধূয় শাখাঃ কুসুমদ্রুমাণাং স্পৃষ্ট্বা চ শীতান্সৰয়ূতৰংগান্ |

তং ক্লান্তসৈন্যং কুলৰাজধান্যাঃ প্রত্যুজ্জগামোপবনান্তবায়ুঃ || ১৬-৩৬||


যাৰ কাঁড় শত্ৰুহন্তা, নাগৰিকৰ সখা, বংশধ্বজ পৰাক্ৰমী ৰজাই

উৰন্ত পতাকাৰে শোভিত সৈন্যদলক নগৰৰ উপকণ্ঠত দিলে ঠাই ।


অথোপশল্যে ৰিপুমগ্নশল্যস্তস্যাঃ পুৰঃ পৌৰসখা স ৰাজা |

কুলধ্বজস্তানি চলধ্বজানি নিবেশয়ামাস বলী বলানি || ১৬-৩৭||


যিদৰে গ্ৰীষ্মত দগ্ধ পৃথিৱীক মেঘে জলবৰ্ষণ কৰি সজীৱ কৰি তোলে

প্ৰভুৱে নিযুক্ত কৰা শিল্পীসকলে নতুনকৈ সজালে নগৰী নানা সম্ভাৰেৰে । 


তং শিল্পিসংঘাঃ প্রভুণা নিয়ুক্তাস্তথাগতাং সংভৃতসাধনৎবাৎ |

পুৰং নবীচক্ৰুৰপাং বিসর্গান্মেঘা নিদাঘগ্লপিতামিবোর্বীম্ || ১৬-৩৮||


তাৰ পাছতে ৰঘুপ্ৰৱীৰ কুশই কৰিলে পশুবলি যজ্ঞ

উপবাসী বাস্তুবিধান নিপুণ পুৰোহিতৰ দ্বাৰা,

সম্পাদন হ’ল নগৰীৰ দেৱালয়ৰ বিগ্ৰহৰ উপাসনা ।

 

ততঃ সপর্যাং সপশূপহাৰাং পুৰঃ পৰার্ঘ্যপ্রতিমাগৃহায়াঃ |

উপোষিতৈর্বাস্তুবিধানবিদ্ভির্নির্বর্তয়ামাস ৰঘুপ্রবীৰঃ || ১৬-৩৯||


প্ৰণয়িনীৰ হৃদয়ত প্ৰেমিক প্ৰৱেশ কৰাৰ দৰে,

অযোধ্যাৰ ৰাজপ্ৰাসাদত প্ৰৱেশ কৰিলে ৰজা কুশ,

যথা সন্মান আৰু পদমৰ্যাদাৰে স্থান দিলে অমাত্য-অনুচৰক ।


তস্যাঃ স ৰাজোপপদং নিশান্তং কামীব কান্তাহৃদয়ং প্রবিশ্য |

যথার্হমন্যৈৰনুজীবিলোকং সংভাবয়ামাস যথাপ্রধানম্ || ১৬-৪০||


ঘোঁৰাশাল ভৰিল ঘোঁৰাৰ হিঁ-হিঁয়নি, হাতীশালৰ স্তম্ভত বান্ধিলে হাতী,

বিপণিসমূহ উজলিল পণ্যৰে, নগৰী যেন সৰ্বাংগ সালংকৃতা নাৰী ।


সা মন্দুৰাসংশ্রয়িভিস্তুৰংগৈঃ শালাবিধিস্তম্ভগতৈশ্চ নাগৈঃ |

পূৰাবভাসে বিপণিস্থপণ্যা সর্বাঙ্গনদ্ধাভৰণেব নাৰী || ১৬-৪১||


বাস কৰিলে কুশই অতীজৰ শোভাৰে শোভিত ৰঘুকুলৰ ৰাজধানীত,

মৈথিলীপুত্ৰই নকৰিলে বাঞ্ছা অলকাপতিৰ ঐশ্বৰ্য বা সৰগৰ ইন্দ্ৰপদ ।


বসন্স তস্যাং বসতৌ ৰঘূণাং পুৰাণশোভামভিৰোপিতায়াম্ |

ন মৈথিলেয়ঃ স্পৃহয়াংবভূব ভর্ত্রে দিবো নাপ্যলকেশ্বৰায় || ১৬-৪২||


তাৰ পাছতে প্ৰেয়সীৰ বসনৰ পৰামৰ্শ দিবলৈকে যেন আহিল গ্ৰীষ্মকাল,

ৰত্নখচিত উত্তৰীয়, হাৰশোভিত হালধিগাঁথি যেন বক্ষ, উশাহতে উৰা বসন । 


অথাস্য ৰত্নগ্রথিতোত্তৰীয়মেকান্তপাণ্ডুস্তনলম্বিহাৰম্ |

নিঃশ্বাসহার্যাংশুকমাজগাম ঘর্মঃ প্রিয়াবেশমিবোপদেষ্টুম্ || ১৬-৪৩||


সূৰ্যই দক্ষিণৰ অগস্ত্য চিহ্ন পৰিত্যাগ কৰি উত্তৰায়ণলৈ গ’ল আগুৱাই ।

হিমালয়ৰ বৰফগলা পানী কৰিলে যেন শীতল আনন্দাশ্ৰু বৰ্ষণ ।


অগস্ত্যচিহ্নাদয়নাৎসমীপং দিগুত্তৰা ভাস্বতি সংনিবৃত্তে |

আনন্দশীতামিব বাষ্পবৃষ্টিং হিমস্রুতিং হৈমবতীং সসর্জ || ১৬-৪৪||


ৰাতিবোৰ হ’ল চুটি দিনবোৰ প্ৰচণ্ড তাপত দগ্ধ,

যেন প্ৰেমকলহত লিপ্ত স্বামী-স্ত্ৰীয়ে বিচ্ছিন্ন হৈ পায় কষ্ট ।


প্রবৃদ্ধতাপো দিবসোঽতিমাত্রমত্যর্থমেব ক্ষণদা চ তন্বী |

উভৌ বিৰোধক্রিয়য়া বিভিন্নৌ জায়াপতী সানুশয়াবিবাস্তাম্ || ১৬-৪৫||


দিনে প্ৰতি জলাধাৰৰ পানী নিম্নগামী হৈ প্ৰকট হ’ল সোপান আৰু শেলুৱৈ,

ভাহি উঠিল ফুলি থকা পদুমৰ ঠাৰি, পানীৰ গভীৰতা থাকিল নাৰীৰ নিতম্বলৈ ।


দিনে দিনে শৈবলবন্ত্যধস্তাৎসোপানপর্বাণি বিমুঞ্চদম্ভঃ |

উদ্দণ্ডপদ্মং গৃহদীর্ঘিকাণাং নাৰীনিতম্বদ্বয়সং বভূব || ১৬-৪৬||


বনে বনে ফুলি উঠিছে ৰজনীগন্ধাৰ কলি সৌৰভত আমোলমোল,

প্ৰতিপাহ ফুলতে মৌমাখিয়ে গুণগুণাই গণিছে ফুলিছে কিমান ফুল ।


বনেষু সায়ংতনমল্লিকানাং বিজৃম্ভণোদ্গন্ধিষু কুড্মলেষু |

প্রত্যেকনিক্ষিপ্তপদঃ সশব্দং সংখ্যামিবৈষাং ভ্রমৰশ্চকাৰ || ১৬-৪৭||


কামিনীৰ সিক্ত গালত প্ৰিয়তমৰ নতুন নখক্ষত,

কাণত পিন্ধা শিৰীষ ফুল খুলি পৰি লাগি ৰ’ল গালত ।


স্বেদানুবিদ্ধার্ধনখক্ষতাঙ্কে ভূয়িষ্ঠসংদিষ্টশিখং কপোলে |

চ্যুতং ন কর্ণাদপি কামিনীনাং শিৰীষপুষ্পং সহসা পপাত || ১৬-৪৮||


ধনশালী লোকসকলে যন্ত্ৰপ্ৰৱাহিত শীতল জলধাৰাত কৰি স্নান,

ধাৰাগৃহৰ চন্দনজলেৰে বিধৌত মণিময় শিলাত কৰিলে শয়ন ।


যন্ত্রপ্রৱাহৈঃ শিশিৰৈঃ পৰীতান্রসেন ধৌতান্মলয়োদ্ভবস্য |

শিলাবিশেষান্যধিশয়্য নিন্যুর্ধাৰাগৃহেষ্বাতপমৃদ্ধিবন্তঃ || ১৬-৪৯||


বসন্তৰ অৱসানৰ লগে লগে কামদেৱৰ শক্তি আহিছিল কমি ,

কিন্তু সদ্যস্নাতা সুন্দৰীৰ ধূপৰ সুৱাসযুক্ত কেশবিন্যাস দেখি,

আৰু তাত ৰজনীগন্ধাৰ ফুল দেখি পুনৰ ঘূৰাই পালে নতুন শক্তি ।


স্নানার্দ্রমুক্তেষ্বনুধূপবাসং বিন্যস্তসায়ংতনমল্লিকেষু |

কামো বসন্তাত্যয়মন্দবীর্যঃ কেশেষু লেভে বলমঙ্গনানাম্ || ১৬-৫০||


অৰ্জুন গছৰ ফুলৰ তোৰণ 

সোণবৰণৰ পৰাগ লাগি স্বৰ্ণাভ,

মহাদেৱৰ ৰোষত মদনৰ শৰীৰ দগ্ধ হ’লেও 

পৰি ৰ’ল খণ্ডিত ধনুৰ মনোহৰ গুণ ।


আপিঞ্জৰা বদ্ধৰজঃকণৎবান্মঞ্জুর্যুদাৰা শুশুভেঽর্জুনস্য |

দগ্ধ্বাপি দেহং গিৰিশেন ৰোষাৎখণ্ডীকৃতা জ্যেব মনোভবস্য || ১৬-৫১||


মনোজ্ঞ সুৱাস আমফুলৰ পল্লৱ ভাঙি ওলাই আহিছে,

কুঁহিয়াৰৰ সুৰাৰ সুগন্ধি আৰু নতুনকৈ ফুলা পাৰুলফুলে

গ্ৰীষ্মৰ উত্তাপত ভাগৰি পৰা প্ৰণয়ীসকলৰ দুখ দূৰ কৰিলে ।

 

মনোজ্ঞগন্ধং সহকাৰভঙ্গং পুৰাণশীধুং নবপাটলং চ |

সংবধ্নতা কামিজনেষু দোষাঃ সর্বে নিদাঘাবধিনা প্রমৃষ্টাঃ || ১৬-৫২||


সেই সময়ত সকলো প্ৰজাৰে প্ৰিয় হৈ উঠিল নৱোদিত ৰাজন আৰু জোন

এজনে কৰিলে সকলোৰে দুখমোচন আনজনে কৰিলে স্নিগ্ধতাৰে তাপ দূৰ ।

 

জনস্য তস্মিন্সময়ে বিগাঢে বভূবতুর্দ্বৌ সবিশেষকান্তৌ |

তাপাপনোদক্ষমপাদসেবৌ স চোদয়স্থৌ নৃপতিঃ শশী চ || ১৬-৫৩||


সৰযূৰ ঢৌত মিলনৰ বাবে উন্মাদ ৰাজহংসৰ ক্ৰীড়া আৰু 

ফুলৰ ভৰত দোঁ খোৱা বৃক্ষৰ ফুল উটি যোৱা পানী দেখি,

ৰমণীবল্লভ ৰজাৰ ইচ্ছা হ’ল গ্ৰীষ্মৰ সুখ ল’বলৈ নদীত বিহাৰ কৰি ।


অথোর্মিলোলোন্মদৰাজহংসে ৰোধোলতাপুষ্পবহে সৰয়্বাঃ |

বিহর্তুমিচ্ছা বনিতাসখস্য তস্যাম্ভসি গ্রীষ্মসুখে বভূব || ১৬-৫৪||


চক্ৰপাণিৰ মহিমাযুক্ত তেওঁ তীৰত সজালে মণ্ডপ

মুক্ত কৰিলে সৰযূৰ পানী জালোৱাৰ দ্বাৰা ঘঁৰিয়াল আদিৰ পৰা,

ৰাজকীয় সমৃদ্ধিৰে কৰিলে জলবিহাৰ, সাঁতোৰ আৰু ডুবাৰু খেল ।


স তীৰভূমৌ বিহিতোপকার্যামানায়িভিস্তামপকৃষ্টনক্রাম্ |

বিগাহিতুং শ্রীমহিমানুৰূপং প্রচক্রমে চক্রধৰপ্রভাবঃ || ১৬-৫৫||


পুৰনাৰীসকলে তীৰৰ সোপানেৰে নামিল পানীলৈ,

কেয়ূৰ আৰু নূপুৰেৰে কৰি মুখৰিত 

ৰাজহংসৰ জাক হ’ল পদসঞ্চালনাৰ ধ্বনিত উদ্বিগ্ন ।  


সা তীৰসোপানপথাবতাৰাদন্যোন্যকেয়ূৰবিঘট্টিনীভিঃ |

সনূপুৰক্ষোভপদাভিৰাসীদুদ্বিগ্নহংসা সৰিদঙ্গনাভিঃ || ১৬-৫৬||


ইজনীয়ে সিজনীলৈ পানী ছটিয়াই হ’ল মতলীয়া,

নৌকাবিহাৰ কৰি থকা ৰজাই চাই চাই তেওঁলোকে পানীত বুৰ মৰা,

ক’লে চামৰধাৰিণী কিৰাতকন্যাক-


পৰস্পৰাভ্যুক্ষণতৎপৰাণাং তাসাং নৃপো মজ্জনৰাগদর্শী |

নৌসংশ্রয়ঃ পার্শ্বগতাং কিৰাতীমুপাত্তাবালব্যজনাং বভাষে || ১৬-৫৭||


চোৱাঁ ! মোৰ অন্তেষপুৰৰ শত শত নাৰীয়ে কৰিছে স্নান,

তেওঁলোকৰ অংগৰাগ পানীত মিলি এনে লাগিছে 

সৰযূৰ পানী যেন মেঘেভৰা সন্ধিয়াৰ দৰে বৰ্ণিল । 


পশ্যাবৰোধৈঃ শতশো মদীয়ৈর্বিগাহ্যমানো গলিতাঙ্গৰাগৈঃ |

সংধ্যোদয়ঃ সাভ্র ইবেষ বর্ণং পুষ্যত্যনেকং সৰয়ূপ্রবাহঃ || ১৬-৫৮||


নাৱে তোলা পানীৰ ঢৌৱে 

অন্তঃপুৰৰ সুন্দৰীসকলৰ চকুৰ কাজল ধুই নিলে,

কিন্তু চকুলৈ নামি আহিল মদৰাগৰ মদালসা সৌন্দৰ্য ।


বিলুপ্তমন্তঃপুৰসুন্দৰীণাং যদঞ্জনং নৌলুলিতাভিৰদ্ভিঃ |

তদ্বধ্নতীভির্মদৰাগশোভাং বিলোচনেষু প্রতিমুক্তমাসাম্ || ১৬-৫৯||


গধুৰ উৰুভাৰ আৰু উন্নত বক্ষৰে 

অসুবিধা যাৰ নিজৰ দেহাটি বহন কৰিবলৈ,

তথাপি কেয়ুৰবন্ধা বাহুৰে কষ্টৰে সাঁতুৰিছে মতলীয়া হৈ ।


গুৰুশ্রোণিপয়োধৰৎবাদাত্মানমুদ্বোঢুমশক্নুবত্যঃ |

গাঢাঙ্গদৈর্বাহুভিৰপ্সু বালাঃ ক্লেশোত্তৰং ৰাগবশাৎপ্লবন্তে || ১৬-৬০||


জলবিহাৰিণী নাৰীৰ কাণ অলংকৃত শিৰীষফুল খহি 

নদীৰ সোঁতত শেলুৱৈৰ দৰে ভাঁহিল,

শৈৱাললুব্ধ মৎস্যকুলে খাবলৈ গৈ প্ৰতাৰিত হ’ল ।

 

অমী শিৰীষপ্রসবাবতংসাঃ প্রভ্রংশিনো বাৰিবিহাৰিণীনাম্ |

পাৰিপ্লবাঃ স্রোতসি নিম্নগায়াঃ শৈবাললোলাংশ্ছলয়ন্তি মীনান্ || ১৬-৬১||


তেওঁলোকে দ্ৰুততাৰে ছাটি মৰা পানীবোৰ জিলিকিল মুকুতাৰ দৰে,

সেয়ে বক্ষৰ মুকুতাৰ হাৰ ছিগি পানীত উটি গ’লেও নোৱাৰি চিনিবলে ।


আসাং জলাস্ফালনতৎপৰাণাং মুক্তাফলস্পর্ধিষু শীকৰেষু |

পয়োধৰোৎসর্পিষু শীর্যমাণঃ সংলক্ষ্যতে ন চ্ছিদুৰোঽপি হাৰঃ || ১৬-৬২||


নদীতে থকা বহু শোভাৰ উপমা আছিল ধুনীয়া বিলাসিনীসৱৰ সৈতে,

পানীৰ চাকনৈয়া যেন কামিনীহঁতৰ নাভিৰ সৌন্দৰ্য,

তৰংগ যেন ৰমনীসৱৰ বংকিম ভ্ৰূৱভংগ ।

 

আবর্তশোভা নতনাভিকান্তের্ভঙ্গো ভ্রুবাং দ্বন্দ্বচৰাঃ স্তনানাম্ |

জাতানি ৰূপাবয়বোপমানান্যদূৰবর্তীনি বিলাসিনীনাম্ || ১৬-৬৩||


পানীৰ মৃদংগৰ দৰে ধ্বনি উঠিল জলকেলিত,

সেই সুৰধ্বনিত ভৰিল কাণ লগতে ময়ূৰেও চালি ধৰি

মধুৰ ধ্বনিৰে ৰজাক জনালে নদীতীৰত অভিনন্দন । 


তীৰস্থলীবর্হিভিৰুৎকলাপৈঃ প্রস্নিগ্ধকেকৈৰভিনন্দ্যমানম্ |

শ্রোত্রেষু সংমূর্চ্ছতি ৰক্তমাসাং গীতানুগং বাৰিমৃদঙ্গবাদ্যম্ || ১৬-৬৪||


যৌৱনা নাৰীৰ নিতম্বত সিক্ত বস্ত্ৰ লিপিট খাই ধৰিছে,

জোনৰ পোহৰত নক্ষত্ৰমালাৰ দৰে জিলিকিছে  মেখলা ।

পানীৰে গধুৰ হৈ পৰা সূতাৰ বাবে কঁকালৰ কিকিংণীৰ নীৰৱতা ।


সংদষ্টবস্ত্রেষ্ববলানিতম্বেষ্বিন্দুপ্রকাশান্তৰিতোডুতুল্যাঃ |

অমী জলাপূৰিতসূত্রমার্গা মৌনং ভজন্তে ৰশনাকলাপাঃ || ১৬-৬৫||


যুবাসকলে হঠাতে সজোৰে পানীৰ ছাটি মাৰিছে,

সখীসকলৰ মুখমণ্ডল সিক্ত হৈছে, 

অলকাৰাজি পানীত তিতি কুঞ্চিত হৈ থকা নাই,

প্ৰসাধন উটি সেন্দূৰীয়া পানী টোপাটোপে সৰিছে ।

  

এতাঃ কৰোৎপীডিতবাৰিধাৰা দর্পাৎসখীভির্বদনেষু সিক্তাঃ |

বক্রেতৰাগ্রৈৰলকৈস্তৰুণ্যশ্চূর্ণাৰুণান্বাৰিলবান্বমন্তি || ১৬-৬৬||


তেওঁলোকৰ কেশসজ্জা খুলি গৈছে, ধুই গৈছে ৰেঘা,

সুলকি পৰিছে মুকুতাৰ কাণফুল, ভাগৰি পৰিছে জলক্ৰীড়াত ।

তথাপি মনোহৰিণীসকলৰ মুখশ্ৰী সঁচাই অতিকে ধুনীয়া ।


উদ্বন্ধকেশচ্যুতপত্রলেখো বিশ্লেষিমুক্তাফলপত্রবেষ্টঃ |

মনোজ্ঞ এব প্রমদামুখানামম্ভোবিহারাকুলিতোঽপি বেষঃ || ১৬-৬৭||


তাৰ পাছতে নৌকাৰ পৰা নামি কুশই কণ্ঠৰ হাৰ দুলাই, 

অংগণাসৱৰ সৈতে কৰিলে জলকেলি যেন মত্ত গজৰাজে

শুঁৰত পদুম লৈ ক্ৰীড়া কৰিলে হস্তিনীসৱৰ সৈতে ।


স নৌবিমানাদবতীর্য ৰেমে বিলোলহাৰঃ সহ তাভিৰপ্সু |

স্কন্ধাবলগ্নোদ্ধৃতপদ্মিনীকঃ কৰেণুভির্বন্য ইব দ্বিপেন্দ্রঃ || ১৬-৬৮||


সুন্দৰ নৃপতিৰ সৈতে মিলিত হৈ সুন্দৰীসকলৰ ৰূপত ৰহণ চৰিল,

এনেয়ে নয়নাভিৰাম মুকুতা তাতে ইন্দ্ৰনীল মণিৰে সংযোগ ঘটিল ।


ততো নৃপেণানুগতাঃ স্ত্রিয়স্তা ভ্রাজিষ্ণুনা সাতিশয়ং বিৰেজুঃ |

প্রাগেব মুক্তা নয়নাভিৰামাঃ প্রাপ্যেন্দ্রনীলং কিমুতোন্ময়ূখম্ || ১৬-৬৯||


আয়তনয়না সুন্দৰীসকলে সপ্ৰেমে সোণৰ ফিচকাৰীৰে

ৰঙীন পানীৰে কুশক বুৰাই পেলালে, 

ৰঙচুৱা ধাতুযুক্ত স্ৰোত বৈ অহা গিৰিৰাজ হিমালয়ৰ দৰে

জিলিকি উঠি ৰাজন, অতিকৈ শোভা পালে ।

 

বর্ণোদকৈঃ কাঞ্চনশৃঙ্গমুক্তৈস্তমায়তাক্ষ্যঃ প্রণয়াদসিঞ্চন্ |

তথাগতঃ সোঽতিতৰাং বভাসে সধাতুনিষ্যন্দ ইবাদ্রিৰাজঃ || ১৬-৭০||


মনোহৰিণী ৰমণীসৱৰ সৈতে কুশই নদীশ্ৰেষ্ঠ সৰযূত জলকেলি কৰিলে,

যেন আকাশীগংগাত সৰগৰ অপ্সৰাগণৰ সৈতে ইন্দ্ৰই ক্ৰীড়া কৰিলে ।


তেনাবৰোধপ্রমদাসখেন বিগাহমানেন সৰিদ্বৰাং তাম্ |

আকাশগঙ্গাৰতিৰপ্সৰোভির্বৃতো মৰুৎবাননুয়াতলীলঃ || ১৬-৭১||


যি অলংকাৰ লাভ কৰিছিল অগস্ত্যমুনিৰ পৰা

ৰামচন্দ্ৰই বিজয়ৰ চিন ৰূপে,

কুশৰ হাতত অৰ্পণ কৰিছিল ৰাজ্যৰ সৈতে ।

পিছে সৰযূৰ পানীত সুন্দৰীৰ সৈতে জলবিহাৰ কৰোঁতে,

পানীত পৰি হেৰাল সেই অমূল্য অলংকাৰ অজানিতে ।

 

যৎকুম্ভয়োনেৰধিগম্য ৰামঃ কুশায় ৰাজ্যেন সমং দিদেশ |

তদস্য জৈত্রাভৰণং বিহর্তুৰজ্ঞাতপাতং সলিলে মমজ্জ || ১৬-৭২||


মনভৰি স্নান কৰি ৰমণীসবৰ সৈতে তীৰলৈ উঠি 

বাহুত নাই দিব্য বাজুবন্ধন- বস্ত্ৰ সলাওঁতে প্ৰত্যক্ষ কৰিলে ।


স্নাৎবা যথাকামমসৌ সদাৰস্তীৰোপকার্যাং গতমাত্র এব |

দিব্যেন শূন্যং বলয়েন বাহুমপোঢনেপথ্যবিধির্দদর্শ || ১৬-৭৩||


বিজয়লক্ষ্মীৰ প্ৰতীক আৰু পৰমগুৰু পিতৃয়ে কৰিছিল সেই অলংকাৰ ধাৰণ,

সেয়ে কুশৰ বাবে ই অসহনীয় অন্যথা তেওঁৰ বাবে সমান ফুল আৰু আভৰণ ।


জয়শ্রিয়ঃ সংবননং যতস্তদামুক্তপূর্বং গুৰুণা চ যস্মাৎ |

সেহেঽস্য ন ভ্রংশমতো ন লোভাৎস তুল্যপুষ্পাভৰণো হি ধীৰঃ || ১৬-৭৪||


তৎকালেই তেওঁ আদেশ দিলে নিপুণ ডুবাৰু আৰু জালোৱাক,

আদেশ পালন কৰি সৰযূৰ পৰা উঠি ম্লানমুখেৰে ক’লেহি ৰজাক-


ততঃ সমাজ্ঞাপয়দাশু সর্বানানায়িনস্তদ্বিচয়ে নদীষ্ণান্ |

বন্ধ্যশ্রমাস্তে সৰয়ূং বিগাহ্য তমূচুৰম্লানমুখপ্রসাদাঃ || ১৬-৭৫||


হে প্ৰভু, ব্যৰ্থ হ’ল আমাৰ অনেক প্ৰযত্ন,

কিন্তু পানীত তলৰ পৰা নোৱাৰিলোঁ উদ্ধাৰিব উত্তম আভৰণ ।

নিশ্চয় ইয়াত বাস কৰা কুমুদ নাগে কৰিছে অলংকাৰটি হৰণ ।


কৃতঃ প্রয়ত্নো ন চ দেব লব্ধং মগ্নং পয়স্যাভৰণোত্তমং তে |

নাগেন লৌল্যাৎকুমুদেন নূনমুপাত্তমন্তর্হ্রদবাসিনা তৎ || ১৬-৭৬||


তেতিয়া সেই ধনুৰ্ধৰে ক্ৰোধত চকু ৰঙা কৰি গ’ল নদীৰ তীৰলৈ,

ধনুৰ গুণত গৰুড়াস্ত্ৰ জুৰি উদ্যত হ’ল সৰ্পক বিনাশ কৰিবলৈ ।


ততঃ স কৃৎবা ধনুৰাততজ্যং ধনুর্ধৰঃ কোপবিলোহিতাক্ষঃ |

গাৰুত্মতং তীৰগতস্তৰস্বী ভুজংগনাশায় সমাদদেঽস্ত্রম্ || ১৬-৭৭||


কুশই গৰুড়াস্ত্ৰ ধাৰণ কৰা মাত্ৰেই প্ৰৱল চাকনৈয়াৰে

নদীৰ তৰংগই হাত তুলি হ’ল আন্দোলিত,

যেন অৰণ্যৰ খাদত পৰি গজৰাজে কৰিলে গৰ্জন ।


তস্মিন্হ্রদঃ সংহিতমাত্র এব ক্ষোভাৎসমাবিদ্ধতৰংগহস্তঃ |

ৰোধাংসি নিঘ্নন্নবপাতমগ্নঃ কৰীব বন্যঃ পৰুষং ৰৰাস || ১৬-৭৮||


সমুদ্ৰমন্থনৰ দৰে জলচৰ প্ৰাণী ত্ৰস্ত হ’ল

লক্ষ্মীৰ সৈতে পাৰিজাতবৃক্ষ উত্থান হোৱাৰ দৰে,

এটি কন্যাৰ সৈতে নাগৰাজ  উঠি আহিল ।


তস্মাৎসমুদ্রাদিব মথ্যমানাদুদ্বৃত্তনক্রাৎসহসোন্মমজ্জ |

লক্ষ্ম্যেব সার্ধং সুৰৰাজবৃক্ষঃ কন্যাং পুৰস্কৃত্য ভুজংগৰাজঃ || ১৬-৭৯||


হাতত লৈ আহিল অলংকাৰপদ প্ৰত্যৰ্পণৰ বাবে,

কুশই কৰিলে গৰুড়াস্ত্ৰ প্ৰত্যাহাৰ লগে লগে,

বিনয়ীজনৰ প্ৰতি সকলো সজ্জনে ক্ৰোধ সম্বৰণ কৰে ।


বিভূষণপ্রত্যুপহাৰহস্তমুপস্থিতং বীক্ষ্য বিশাংপতিস্তম্ |

সৌপর্ণমস্ত্রং প্রতিসংজহাৰ প্রহ্রেষ্বনির্বন্ধৰুষো হি সন্তঃ || ১৬-৮০||


কুমুদে জানিছিল সেই অস্ত্ৰৰ মহিমা,

সেয়ে নিজৰ অহংকাৰী শিৰ নত কৰি ত্ৰিলোকপতিৰ পুত্ৰ

বলবীৰ্যৰে শত্ৰুকুলৰ কণ্টক কুশক কৰিলে বন্দনা ।

  

ত্রৈলোক্যনাথপ্রভবং প্রভাবাৎকুশং দ্বিষামঙ্কুশমস্ত্রবিদ্বান্ |

মানোন্নতেনাপ্যভিবন্দ্য মূর্ধ্না মূর্ধাভিষিক্তং কুমুদো বভাষে || ১৬-৮১||


দেৱকাৰ্য সাধনৰ অৰ্থে মনুষ্যশৰীৰ ধাৰণ কৰা বিষ্ণুৰ আপুনি পুত্ৰ,

কিয়নো কৰিম মই সৰ্বজনপূজ্য আপোনাৰ প্ৰতিকূল কাৰ্য?

 

অবৈমি কার্যান্তৰমানুষস্য বিষ্ণোঃ সুতাখ্যামপৰাং তনুং ৎবাম্ |

সোঽহং কথং নাম তবাচৰেয়মাৰাধনীয়স্য ধৃতের্বিঘাতম্ || ১৬-৮২||


নদীৰ মাজত দেখি দিব্যঅলংকাৰ অন্তৰীক্ষৰ এটি জ্যোতিখণ্ডৰ দৰে 

এই কন্যাই দেখি কৌতূহলী হৈ ঢোপ (বল) বুলি গ্ৰহণ কৰিলে ।

 

কৰাভিঘাতোত্থিতকন্দুকেয়মালোক্য বালাতিকুতূহলেন |

হ্রদাৎপতজ্জ্যোতিৰিবান্তৰিক্ষাদাদত্ত জৈত্রাভৰণং ৎবদীয়ম্ || ১৬-৮৩||


সেয়ে যি বাহু ধনুৰ গুণ টনাৰ আঘাতত ৰেখাংকিত,

পৃথিৱী ৰক্ষাৰ হেতু দ্বাৰস্বৰূপ যি বাহু আজানুলম্বিত,

সেই বাহুত এই অলংকাৰ পুনৰ হওক শোভিত।


তদেতদাজানুবিলম্বিনা তে জ্যাঘাতৰেখাকিণলাঞ্ছনেন |

ভুজেন ৰক্ষাপৰিঘেণ ভূমেৰুপৈতু যোগং পুনৰংসলেন || ১৬-৮৪||


হে ৰাজন, মোৰ এই কণিষ্ঠ ভগ্নী নাম কুমুদ্বতী,

চিৰকাল আপোনাৰ সেৱা কৰি নিজ ভুল শুধৰাবলৈ আগ্ৰহী,

নকৰিব প্ৰত্যাখ্যান অনুগ্ৰহ কৰি  ।


ইমাং স্বসাৰং চ যবীয়সীং মে কুমুদ্বতীং নার্হসি নানুমন্তুম্ |

আত্মাপৰাধং নুদতীং চিৰায় শুশ্রূষয়া পার্থিব পাদয়োস্তে || ১৬-৮৫||


তাকে কৈ আভূষণ ঘূৰাই দিলে কুমুদে,

ৰজাই ক’লে, গৌৰৱৰ কাৰণ কুটুম যদি হয় আপোনাৰ দৰে ।

তাৰ পাছত ৰীতি-নীতিৰে আত্মীয়-বন্ধু সমন্বিতে,

কুলৰ অলংকাৰস্বৰূপা কন্যাক কুশৰ হাতত সমৰ্পণ কৰিলে ।


ইত্যূচিবানুপহৃতাভৰণঃ ক্ষিতীশং

শ্লাঘ্যোও ভবান্স্বজন ইত্যনুভাষিতাৰম্ |

সংযোজয়াং বিধিবদাস সমেতবন্ধুঃ

কন্যাময়েন কুমুদঃ কুলভূষণেন || ১৬-৮৬||


নৃপতিয়ে গ্ৰহণ কৰিলে হোমাগ্নিৰ সমুখত কুমুদ্বতীৰ মংগলগাঁথিযুক্ত হাত ।

দিগন্ত জুৰি দেৱ-দুন্দুভি  হ’ল ধ্বনিত, মেঘেও বৰ্ষণ কৰিলে  পুষ্প সুগন্ধিত।


তস্যাঃ স্পৃষ্টে মনুজপতিনা সাহচর্যায় হস্তে

মাঙ্গল্যোর্ণাবলয়িনি পুৰঃ পাবকস্যোচ্ছিখস্য |

দিব্যস্তূর্যধ্বনিৰুদচৰদ্ব্যশ্নুবানো দিগন্তা –

ন্গন্ধোদগ্রং তদনু ববৃষুঃ পুষ্পমাশ্চর্যমেঘাঃ || ১৬-৮৭||


এনেকৈয়ে মৈথিলী আৰু ত্ৰিজগতপতিৰ পুত্ৰৰ

সৰ্পৰাজৰ হ’ল পৰম মিত্ৰ,

বিনীতানন্দন গৰুড়ৰ ভয়ৰ পৰাও হ’ল মুক্ত ।

তক্ষকৰ পঞ্চম পুত্ৰক পাই বন্ধুৰূপে কুশয়ো,

সৰ্পভয়শূন্য পৃথিৱী শাসন কৰি হ’ল প্ৰজাৰ প্ৰিয়পাত্ৰ ।


ইত্থং নাগস্ত্রিভুবনগুৰোৰৌৰসং মৈথিলেয়ং

লব্ধ্বা বন্ধুং তমপি চ কুশঃ পঞ্চমং তক্ষকস্য |

একঃ শঙ্কাং পিতৃবধৰিপোৰত্যজদ্বৈনতেয়া –

চ্ছান্তব্যালামবনিমপৰঃ পৌৰকান্তঃ শশাস || ১৬-৮৮||


(কালিদাস বিৰচিত ৰঘুবংশৰ ষষ্ঠদশ অধ্যায় সমাপ্ত)


ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

কুমুদ্বতীপৰিণয়ো নাম ষোডশঃ সর্গঃ ||

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ