অন্যযুগ/


ৰঙা গোলাপবোৰ

 মূল - লেংষ্টন হিউজেচ (আমেৰিকা)

অনুবাদ-ড° ৰঞ্জিত দত্ত

 

মই ৰৈ আছোঁ

বসন্তৰ সেই দিনবোৰলৈ

যেতিয়া টিউলিপ ফুলবোৰ

ফুলি উঠিব,

সমুধুৰ বসন্তৰ দিনবোৰত

টিউলিপ ফুলবোৰ

ফুলি উঠিব,

যদিহে মোৰ মৃত্যু হয়

কোনোবা শীতকালত

সিঁহতে মোক কবৰ দিব

সেই বৰফবোৰৰ তলতে।

 

বৰফৰ তলত

মই  বাৰু কি কৰিম!

বৰফৰ তলত

মই  কি কৰিম ক’ম নে?

মৰিবৰ বাবে তেনেদৰে

বৰ ভাল নালাগিব

কাৰণ মই

বৰফ হব নিবিচাৰোঁ।

 

মই ৰৈ আছোঁ

বসন্তৰ সেই দিনবোৰ

আৰু ৰঙা ৰঙা

গোলাপ ফুলবোৰলে

যেতিয়া গোলাপবোৰ

বৰ ৰঙাকৈ ফুলি

এখন ঢাকনিৰ দৰে

ঢাকি ৰাখিব  সেই

মৃত ছোৱালীজনীক।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ