অন্যযুগ/


অ' কেপ্টেইন, মোৰ কেপ্টেইন

মূল ইংৰাজী : ৱাল্ট হুইটমেন

অনুবাদ :  মাধৱ দাস


(আমেৰিকাত পূৰ্বতে কিছুমান ৰাজ্যত দাস প্ৰথাৰ প্ৰচলন আছিল। দাস বেপাৰীবোৰে আফ্ৰিকাৰ পৰা বনৰীয়া জন্তু ধৰাৰ দৰে কৃষ্ণাঙ্গ লোকসকলক ধৰি আনিছিল আৰু তেওঁলোকক গৰু-ছাগলীৰ দৰে বজাৰত বিক্রী কৰিছিল। বগা মানুহবোৰে এই কৃষ্ণাঙ্গ লোকসকলক পোহনীয়া জন্তুৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁলোকে কৃষ্ণাঙ্গসকলক বিভিন্ন কামত লগাইছিল। কৃষ্ণাঙ্গ লোকৰ ওপৰত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল। কিন্তু যেতিয়া আব্ৰাহম লিংকন আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়, তেওঁ এই অমানৱীয় দাস প্ৰথা নিষিদ্ধ ঘোষণা কৰে। ফলত আমেৰিকাত দুটা দলৰ সূচনা হয়। এটা দলে দাস প্ৰথা বন্ধ কৰাৰ বাবে আব্ৰাহম লিংকনক সম্পূৰ্ণ সমৰ্থন কৰে। এই দলৰ মতে দাসবোৰো মানুহ। গতিকে তেওঁলোককো আন লোকৰ দৰেই সম জ্ঞান কৰা উচিত, সম অধিকাৰ প্ৰদান কৰা উচিত। কিন্তু আনটো দলে দাস প্ৰথা নিষিদ্ধ কার্যক সমৰ্থন নকৰে। তেওঁলোকে ইয়াৰ ঘোৰ বিৰোধিতা কৰে আৰু পৰিণতিস্বৰূপে আমেৰিকাত গৃহযুদ্ধৰ (Civil War) সূচনা হয়। এই গৃহযুদ্ধত আব্রাহম লিংকনৰ জয়ী হয় যদিও কেইদিনমানৰ পাছতে থিয়েটাৰ উপভোগ কৰি থাকোঁতে এজন লোকে তেওঁক হত্যা কৰে।
    আমেৰিকাৰ এই মহান ৰাষ্ট্ৰপতিজনৰ স্মৃতিতে ৱাল্ট হুইটমেনে O Captain! My Captain! কবিতাটো ৰচনা কৰিছিল। কবিতাটো ৰচনা কৰা হৈছিল ১৮৬৫ চনত আৰু সেই বছৰতেই আব্রাহাম লিংকনক হত্যা কৰা হৈছিল। উল্লেখযোগ্য যে কবিতাটোত "কেপ্টেইন" বুলি ৰাষ্ট্ৰপতি লিংকনৰ কথা কোৱা হৈছে আৰু "জাহাজ" বুলি আমেৰিকাৰ কথা কোৱা হৈছে।)
  

অ' কেপ্টেইন, মোৰ কেপ্টেইন 
আমাৰ ভয়ংকৰ সমুদ্ৰ যাত্রাৰ অন্ত পৰিল
আমাৰ জাহাজখনে প্ৰতিটো প্ৰলয়ংকাৰী 
ধুমুহাৰ সৈতে সাহসেৰে মুখামুখি হ'ল
আমি আজি সেই পুৰস্কাৰ
জিকিলোঁ যাৰ বাবে
আমি সকলোৱে নিৰৱচ্ছিন্নভাৱে
প্ৰচেষ্টা চলাইছিলোঁ। 
বন্দৰ প্ৰায় পাবই হ'ল 
আমাক আদৰিবলৈ জনতাই
উল্লসিত হৈ বজোৱা ঘণ্টাধ্বনি
মই শুনিবলৈ পাইছোঁ
তেওঁলোক পাৰত ৰৈ অপেক্ষা কৰি আছে
আমাৰ এই দুঃসাহসী জাহাজখনক আদৰণি জনাবলৈ।
কিন্তু অ' হৃদয়! হৃদয়! হৃদয়!
এই বৈ যোৱা তেজৰ ৰঙা টোপালবোৰৰ ওপৰতে
মোৰ কেপ্টেইন পৰি আছে
তেওঁৰ শৰীৰ ঠাণ্ডা হৈ পৰিছে
তেওঁৰ মৃত্যু হৈছে।

অ' কেপ্টেইন, মোৰ কেপ্টেইন 
উঠক আৰু সেই ঘণ্টাধ্বনিবোৰ শুনক
উঠক, আপোনাৰ বাবেই পতাকা উত্তোলন কৰা হৈছে,
আপোনাৰ বাবেই পেঁপা বজোৱা হৈছে,
ফুলৰ মালা লৈ সাগৰৰ পাৰত
অজস্ৰ জনতাই ভিৰ কৰিছেহি 
আপোনাক আদৰণি জনাবলৈ।
আপোনাক চাবলৈ অপেক্ষা কৰি থকা 
তেওঁলোকৰ উৎকণ্ঠাপূৰ্ণ মুখবোৰ এবাৰ চাওক।
অ' কেপ্টেইন 
অ' মোৰ মৰমৰ দেউতা
মোৰ চকুৰ সন্মুখতে নিথৰ হৈ পৰি থকা 
আপোনাৰ এই শৰীৰটো দেখি
মই শোকত ম্ৰিয়মান হৈ পৰিছোঁ।
আপোনাৰ মৃত্যুৰ এই দৃশ্যটো 
সপোন হোৱা হ'লে!
মই যেন আপোনাৰ মৃত্যুক 
মানি লবলৈ বৰ কষ্ট পাইছোঁ
মোৰ কেপ্টেইন।

মোৰ কেপ্টেইনে একো উত্তৰ দিয়া নাই
তেওঁৰ ওঁঠযোৰ শেঁতা আৰু নিষ্প্ৰাণ হৈ পৰিছে
মোৰ দেউতাই মোৰ দুবাহুক যেন
অনুভৱ কৰা নাই
তেওঁৰ স্পন্দন বন্ধ হৈ গৈছে।
জাহাজখন এতিয়া নিৰাপদে
বন্দৰত আহি উপনীত হৈছে
এই যাত্রাটো সঁচাই বৰ
বিপদসংকুল আছিল।
তথাপি নিৰাপদে আহি
আমি বন্দৰত উপস্থিত হলোঁহি।

হে' জনতাগণ, তোমালোকে 
ঘণ্টাবোৰ বজোৱাঁ, আনন্দ কৰাঁ 
আমি আমাৰ লক্ষ্যত উপনীত হ'লোঁ।
কিন্তু মই এতিয়া উদাস খোজেৰে 
জাহাজৰ ওপৰলৈ যাওঁ
য'ত মোৰ কেপ্টেইনৰ মৃতদেহ 
নিথৰ হৈ পৰি আছে।


ঠিকনা : 
ভিতৰ ককিলা গাঁও
ডাক : নিমাতি ঘাট, ৭৮৫১১১
জিলা: যোৰহাট
ভ্ৰাম্যভাষ : ৬০০২০৭৫৮৪২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ