অন্যযুগ/


মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত

ৰজা দীলিপ 

১১) 

যিদৰে বেদৰ আদি শব্দ ওঙ্কাৰ ধ্বনি

সিদৰে পৃথিৱীৰো আদিম অধিপতি 

বৈৱস্বত পুত্ৰ মনু

মনীষীসকলৰো মাননীয় যি ।



বৈবস্বতো মনুর্নাম মাননীয়ো মনীষিণাম্ |

আসীন্মহীক্ষিতামাদ্যঃ প্রণবশ্ছন্দসামিব || ১-১১||


১২)


চন্দ্ৰ উদয় হোৱাৰ দৰে ক্ষীৰসমুদ্ৰত

জন্মিছিল ৰাজচন্দ্ৰ দীলিপ 

পৰম বিশুদ্ধ মনুৰ বংশত ।


তদন্বয়ে শুদ্ধিমতি প্রসূতঃ শুদ্ধিমত্তৰঃ |

দিলীপ ইতি ৰাজেন্দুৰিন্দুঃ ক্ষীৰনিধাবিব || ১-১২||


১৩)

বহল খামিডাঠ বুকু, ষাঁড়ৰ দৰে কান্ধ

শালগছৰ দৰে ওখ আৰু শক্তিশালী দীঘল দুহাত ।

ক্ষত্ৰিয় ধৰ্ম পালনৰ বাবেই যেন ৰজা দীলিপৰ

ভগৱানপ্ৰদত্ত ৰাজকীয় কৰ্মক্ষম দেহ ।


ব্যূঢোৰস্কো বৃষস্কন্ধঃ শালপ্রাংশুর্মহাভুজঃ |

আত্মকর্মক্ষমং দেহং ক্ষাত্রো ধর্ম ইবাশ্রিতঃ || ১-১৩||


১৪)

দীলিপৰ দেহদীপ্তিৰ বিচ্ছুৰণে

নিস্তেজ কৰিব পাৰে সকলো তেজস্বী গুণক !

মেৰুৰ দৰে স্থিৰ আৰু দীৰ্ঘদেহী ৰাজন যেন

সপ্তদ্বীপা ধৰিত্ৰীৰ সৰ্বময় ৰক্ষক ।


সর্বাতিৰিক্তসাৰেণ সর্বতেজোঽভিভাবিনা |

স্থিতঃ সর্বোন্নতেনোর্বীং ক্রান্ত্বা মেৰুৰিবাত্মনা || ১-১৪||


১৫)

সুদৰ্শন দীলিপ !

শৰীৰৰ অনুৰূপ তেওঁৰ প্ৰজ্ঞা

প্ৰজ্ঞাৰ সমান তেওঁৰ শাস্ত্ৰজ্ঞান

শাস্ত্ৰজ্ঞানৰ সমান তেওঁৰ কৰ্মোদ্যম ।

সকলো সৌভাগ্যৰেই তেওঁ সৌভাগ্যৱান ।


আকাৰসদৃশপ্রজ্ঞঃ প্রজ্ঞয়া সদৃশাগমঃ |

আগমৈঃ সদৃশাৰম্ভ আৰম্ভসদৃশোদয়ঃ || ১-১৫||


১৬)

মণি-মুকুতাৰে পূৰ্ণ সাগৰৰ বুকুৱে যদিও সবাকে কৰে  আকৰ্ষণ 

নামিব নোৱাৰি তাত হিংস্ৰ জলচৰে কৰে বিচৰণ ।

ৰাজগুণেৰে বিভূষিত ৰজা দীলিপ 

অতিকৈ কমনীয় হ'লেও ঢুকি পাবলৈ ভীতিৰ কাৰণ ।  


ভীমকান্তৈর্নৃপগুণৈঃ স বভূবোপজীবিনাম্ |

অধৃষ্যশ্চাভিগম্যশ্চ যাদোৰত্নৈৰিবার্ণবঃ || ১-১৬||


১৭)

চকাই নকৰে পথৰ ৰেখামাত্ৰও উলংঘন

য'ত ৰথৰ সাৰথি নিপুন

দীলিপৰ শাসনত প্ৰজায়ো নকৰে

মনুৱে নিৰ্ধাৰণ কৰা মাৰ্গ বিন্দুমাত্ৰও অতিক্ৰম।


ৰেখামাত্রমপি ক্ষুণ্ণাদা মনোর্বর্ত্মনঃ পৰম্ |

ন ব্যতীয়ুঃ প্রজাস্তস্য নিয়ন্তুর্নেমিবৃত্তয়ঃ || ১-১৭||


১৮)

পৃথিৱীৰ পানী শুহি লয় সূৰ্যই

কৰিবলৈ হাজাৰগুণ জল বৰিষণ ।

ৰজা দীলিপেও প্ৰজাৰ উন্নতিৰ অৰ্থেই 

কৰিছিল কৰ আৰোপণ । 


প্রজানামেব ভূত্যর্থং স তাভ্যো বলিমগ্রহীৎ |

সহস্রগুণমুৎস্রষ্টুমাদত্তে হি ৰসং ৰবিঃ || ১-১৮||


১৯)

পৰিচ্ছদ  আছিল মাত্ৰ চতুৰংগ সেনা  

পৰ্যাপ্ত আছিল ধনুত গুণ জুৰিলেই কৰিবলৈ কাৰ্যৰ সাধন 

তীক্ষ্ণধী ৰাজন!

শাস্ত্ৰক সংগী কৰি শৌৰ্যৰে কৰিছিল পৃথিৱী শাসন ।


সেনা পৰিচ্ছদস্তস্য দ্বয়মেবার্থসাধনম্ |

শাস্ত্রেষ্বকুণ্ঠিতা বুদ্ধির্মৌর্বী ধনুষি চাততা || ১-১৯||


২০)

মন্ত্ৰণাত আছিল তেওঁ অতি গোপনীয়

মুখাৱয়বত  সদা ভাবলেশহীনতা ।

ৰাজন গোপন-কুশলী কৰ্মত সফল

দেখি সকলোৰে ভাব হয়

সেয়া যেন পূৰ্বজন্মৰ ফল ।


তস্য সংবৃতমন্ত্রস্য গূঢাকাৰেঙ্গিতস্য চ |

ফলানুমেয়াঃ প্রাৰম্ভাঃ সংস্কাৰাঃ প্রাক্তনা ইব || ১-২০||


২১)

তেওঁ ভয় নকৰিছিল, কিন্তু আত্মৰক্ষা কৰিছিল

শাৰীৰিক অৱসাদ নাছিল, কিন্তু ধৰ্ম-কৰ্ম অনুষ্ঠিত কৰিছিল

সম্পত্তি আহৰণ কৰিছিল, কিন্তু লোভ নাছিল

বিষয়সুখ উপভোগ কৰিছিল, কিন্তু আসক্তি নাছিল ।  


জুগোপাত্মানমত্রস্তঃ ভেজে ধর্মমনাতুৰঃ|

অগৃধ্নুৰাদদে সোঽর্থমসক্তঃ সুখমন্বভূৎ || ১-২১||


২২)

নীৰৱে থাকে যদিও জ্ঞানগৰ্ভ

অহংভাবশূন্য আছিল তেওঁৰ দানকৰ্ম ।

শক্তিবান হৈও ক্ষমা কৰি দিয়ে অপৰাধ

তেওঁৰ মাজত  যমজ যেন বিপৰীত স্বভাৱ । 


জ্ঞানে মৌনং ক্ষমা শক্তৌ ত্যাগে শ্লাঘাবিপর্যয়ঃ |

গুণা গুণানুবন্ধিৎবাত্তস্য সপ্রসবা ইব || ১-২২||


২৩) 

ইন্দ্ৰিয়জ সুখে কৰা নাছিল বশীভূত

সৰ্ববিদ্যাত পাৰদৰ্শী আৰু ধৰ্মানুৰক্ত ।

বৃদ্ধাৱস্থাৰ আগতেই তেওঁ আছিল জ্ঞানবৃদ্ধ । 


অনাকৃষ্টস্য বিষয়ৈর্বিদ্যানাং পাৰদৃশ্বনঃ |

তস্য ধর্মৰতেৰাসীদ্বৃদ্ধৎবং জৰসা বিনা || ১-২৩||


২৪)

ৰজা দীলিপেই আছিল প্ৰজাৰ প্ৰকৃত পিতা

পিতাসকল আছিল মাথোন জন্মদাতা

পালন পোষণ ৰক্ষন আৰু শিক্ষণ

প্ৰজামাত্ৰেই পিতৃবৎ কৰিছিল বিধান ।


প্রজানাং বিনয়াধানাদ্রক্ষণাদ্ভৰণাদপি |

স পিতা পিতৰস্তাসাং কেবলং জন্মহেতবঃ || ১-২৪||


২৫)

প্ৰজাৰঞ্জক ৰজা দীলিপে

দণ্ডবিধান কৰিছিল অপৰাধীক লোকশিক্ষাৰ্থে ।

বিবাহ-বন্ধনত বান্ধ খাইছিল সন্তান জন্মাৰ্থে ।

পৰম জ্ঞানীৰ বাবে অৰ্থ আৰু কাম 

ধৰ্মসিদ্ধিৰেই আছিল অন্য এক নাম ।


স্থিত্যৈ দণ্ডয়তো দণ্ড্যান্পৰিণেতুঃ প্রসূতয়ে |

অপ্যর্থকামৌ তস্যাস্তাং ধর্ম এব মনীষিণঃ || ১-২৫||


২৬)

দিলীপে যজ্ঞৰ যোগে দেৱতাৰ তুষ্টিৰ অৰ্থে পৃথিৱীক কৰিছিল দোহন

ইন্দ্ৰয়ো কৰিছিল পৃথিৱীৰ শস্যবৰ্ধনৰ অৰ্থে স্বৰ্গৰ বাৰিধি বৰিষণ।

এনেদৰেই উভয়ে সম্পদৰ কৰিছিল বিনিময়

হৈছিল সুকলমে  স্বৰ্গ আৰু মৰ্ত্ত্য়ৰ প্ৰতিপালন ।


দুদোহ গাং স যজ্ঞায় সস্যায় মঘবা দিবম্ |

সম্পদ্বিনিয়মেনোভৌ দধতুর্ভুবনদ্বয়ম্ || ১-২৬||


২৭)

কোনো ৰজাই পৰিত্ৰাতা ৰজা দিলীপৰ যশ চুব পৰা নাছিল

তেওঁৰ ৰাজত্বত চুৰি-ডকাইতি আদি মাত্ৰ শুনা শব্দ আছিল  ।  


ন কিলানুনয়ুস্তস্য ৰাজানো ৰক্ষিতুর্যশঃ |

ব্যাবৃত্তা যৎপৰস্বেভ্যঃ শ্রুতৌ তস্কৰতা স্থিতা || ১-২৭||


২৮)

সাধুজন শত্ৰু হ'লেও ৰোগীৰ বাবে ঔষধৰ দৰে 

আছিল দিলীপৰ আদৰৰ পাত্ৰ

দুষ্টজন বন্ধু হ'লেও সৰ্পই দংশন কৰা আঙুলিৰ দৰে 

ছেদ কৰিছিল সম্পৰ্ক ।


দ্বেষ্যোঽপি সম্মতঃ শিষ্টস্তস্যার্তস্য যথৌষধম্ |

ত্যাজ্যো দুষ্টঃ প্রিয়োঽপ্যাসীদঙ্গুলীবোৰগক্ষতা || ১-২৮||


২৯)

মহাপঞ্চভূতৰ মহাসংযোগত বিধাতাই কৰিছিল স্ৰজন

সেয়েহে পঞ্চভূতৰ দৰে পৰোপকাৰী আছিল ৰাজন ।


তং বেধা বিদধে নূনং মহাভূতসমাধিনা |

তথা হি সর্বে তস্যাসন্পৰার্থৈকফলা গুণাঃ || ১-২৯||


৩০)

একচ্ছত্ৰী ৰাজত্বৰে কৰিছিল পৃথিৱী শাসন

যেন এক সুশোভন নগৰী বিতোপন

যাৰ প্ৰাচীৰ আছিল সাগৰৰ তীৰ

আৰু গড়খাৱৈ স্বয়ং সাগৰ ।


স বেলাবপ্রবলয়াং পৰিখীকৃতসাগৰাম্ |

অনন্যশাসনামুর্বীং শশাসৈকপুৰীমিব || ১-৩০||


৩১)

মগধ বংশজা আছিল তেওঁৰ প্ৰিয়া

ৰূপে-গুণে অনন্যা নাম সুদক্ষিণা 

দিলীপ আছিল যেন যজ্ঞ 

আৰু পত্নী যজ্ঞৰ দক্ষিণা । 


তস্য দাক্ষিণ্যৰূঢেন নাম্না মগধবংশজা |

পত্নী সুদক্ষিণেত্যাসীদধ্বৰস্যেব দক্ষিণা || ১-৩১||


৩২)

যদিও আছিল মহীপাল দীলিপৰ অগণন মহিষী

ৰাজলক্ষ্মী আছিল ৰাজনৰ সুদক্ষিণা মনস্বিনী ।


কলত্রবন্তমাত্মানমবৰোধে মহত্যপি |

তয়া মেনে মনস্বিন্যা লক্ষ্ম্যা চ বসুধাধিপঃ || ১-৩২||


৩৩)

প্ৰাণসম অৰ্ধাংগিনীৰ গৰ্ভত সন্তান আত্মজ 

মহীপাল দিলীপৰ আছিল পৰম মনোৰথ।

কিন্তু নিস্ফল সময় গৈ আছিল

পুত্ৰফলপ্ৰাপ্তিত বিলম্ব ঘটিল।


তস্যামাত্মানুৰূপায়ামাত্মজন্মসমুৎসুকঃ |

বিলম্বিতফলৈঃ কালং স নিনায় মনোৰথৈঃ || ১-৩৩||


৩৪)

মংগলানুষ্ঠান কৰিবলৈ পুত্ৰকামনা সিদ্ধিৰ অৰ্থে 

জগত শাসনৰ গুৰুভাৰ মন্ত্ৰীবৰ্গক অৰ্পণ কৰিলে । 


সন্তানার্থায় বিধয়ে স্বভুজাদবতাৰিতা |

তেন ধূর্জগতো গুর্বী সচিবেষু নিচিক্ষিপে || ১-৩৪||


৩৫)

বিধাতাক ধিয়াই শুদ্ধি হৈ পুত্ৰ কামনাৰে 

কুলগুৰু বশিষ্ঠৰ আশ্ৰমলৈ দুয়ো গমন কৰিলে ।


অথাভ্যর্চ বিধাতাৰং প্রয়তৌ পুত্রকাময়া |

তৌ দম্পতী বসিষ্ঠস্য গুৰোর্জগ্মতুৰাশ্রমম্ || ১-৩৫||

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ