অন্যযুগ/


টক্-শ্ব’

ভাস্কৰ ভূঞা

আবেলি চ্ছেনেলৰ সংখ্যা টিপিলোঁ৷ ৯৪৫২৷ 

ক্ষন্তেক পাছতে বেহৰবাৰী আউটপোষ্টআৰম্ভ হব৷ ছিৰিয়েলখনে ইতিমধ্যেই ৰাইজৰ বুকুত সাঁচ বহুৱাইছে৷

 ব্যক্তি মাত্ৰেই নিজৰ ব্যঙ্গ জীৱনটো অভিনয়ৰ মাজেৰে চাই ভাল পায়৷ আনে কৰা চৰিত্ৰত চিকুটি চাব পাৰি নিজক৷ নিজৰ ভুলবোৰ আঁৰ লৈ জুমি চাব পাৰি৷ অনুশোচনা হলেও আনে নেদেখে৷ আছোনে সঠিক পথত বুলি আত্মবিশ্লেষণ কৰাৰ সুযোগো এনে ধৰণৰ দৃশ্যায়নে দিয়ে! ছিৰিয়েলখনৰ মাজত কিমানবাৰ যে সমাজখনৰ উদাৰতা, কদৰ্যতা, বাস্তৱতাক লিৰিকি-বিদাৰি পাইছোঁ, লেখ-জোখ নাই৷ এখন স্বচ্ছ আইনা হৈ পৰিছে ছিৰিয়েলখন৷ 

টেলিভিশ্যনত বাতৰিৰ নামত টিআৰপি-ৰ দৌৰত কল্পনাৰ ৰহণ নিসৃত কাৰচাজিবোৰ চোৱাতকৈ সন্ধিয়া প্ৰায়ে পঢ়াৰ টেবুলতে থাকোঁ৷ সৌৰভ কুমাৰ চলিহাৰ পৰা ৰঞ্জু হাজৰিকাৰ জুলুলৈকে, জিম কৰবেটৰপৰা আৰ্থাৰ কনান ডয়লৰ শিহৰণকাৰী অভিযানবোৰৰ পিছে পিছে খোজ দিয়াৰ দুৰন্ত হাবিয়াহ এটা ইতিমধ্যেই হৈ গৈছে৷ শেহতীয়াকৈ পঢ়া ৰুবুল মাউতৰ মোৰো এটা সপোন আছেৰ দৰে আত্মজীৱনী হলেতো কথাই নাই; দুদিন ভাত-পানী নোখোৱাকৈ পঢ়ি থাকিব পাৰি৷ আমাৰ প্ৰজন্মটোৰ বাবে ফেচবুক ৱাটছএপেই  মনোৰঞ্জন আৰু চিন্তা-চেতনাৰ মানসিক ক্ষুধা পূৰাব পৰাকৈ যথেষ্ট৷ দৰকাৰ হলে য়ুটিউব চাম৷ এমাজন, নেটফ্লিক্স-ত মন-মগজু জোকাৰি দিয়া ৱেব চিৰিজ চাম৷ কিন্তু টেলিভিশ্যন ! না বাবা না৷ ইমান বঁতিয়াই থাকে !

মোৰ মতেনিঃসংগ, এলেহুৱা আৰু আউটডেটেড্ মানুহৰ বাবেহে টিভিবোৰ৷ সময় কটাবলৈকে টিভিৰ সন্মুখত এচামে মন মগজু বন্ধকত ৰাখে, টিভিত নিউজ চোৱাৰ হেঁপাহতে বহুজাতিক কোম্পানীৰ এডভাৰ্টাইজ চাওঁতেই বেছিভাগ সময় গুচি যায়৷ অন্ততঃ সঁচাকৈয়ে আমাৰ প্ৰজন্মটোৰ মন এতিয়া আৰু টি. ভি.-ৰ নিউজ আৰু মেগা ছিৰিয়েলৰ পেনপেনীয়া কাহিনীয়ে কোনো কাৰণতে মুহিব নোৱাৰে৷ আমি ছচিয়েল মিডিয়াৰ যুগৰ প্ৰডাক্ট্৷ যত চৌবিছ ঘণ্টাই কেৱল তাজা খবৰ৷ বিতৰ্ক৷ ৰোমাঞ্চ৷ কি নাই আচলতে ছচিয়েল মিডিয়াত! নিজকে পণ্য কৰি তুলিছোঁ৷ ভাল প্ৰডাক্টৰ মুখা পিন্ধিছোঁ৷ উপভোক্তা হৈ পৰিছোঁ বিশ্বায়নৰ৷

কাৰেণ্টটো গল৷ মবাইলটো উলিয়াই ললোঁ৷ এক. দুই. তিনি. দহ. বাৰ... সময় গৈ আছে৷ বেটা নাহেহে নাহে৷ 

পাকঘৰত প্ৰেছাৰ কুকাৰে প্ৰথমটো হুছেইল মাৰিলে৷ খিৰিকীখন মেলি দিলোঁ৷ বাহিৰত নিশাৰ নিস্তব্ধতা ভেদি জিলিৰ মাত এটা ভাহি আহিছে৷ ভাত ৰান্ধি হলেই মা আহিব, শাহু-বোৱাৰী চাবলৈ৷ ৰাস্তাৰে খোল বজাই বজাই ভাওনাৰ আখৰা কৰা ৰতন, প্ৰফুল্ল, সুৰেণ খুৰাহঁতৰ দলটোও পাৰ হৈ গল৷ গাঁৱত অঙ্কীয়া ভাওনা মেলিছে এইবাৰ৷ ৰুক্মিণীহৰণ৷

চিন্তা, বিষাদ আৰু মূৰত অনবৰতে ৰিস্ক্ লৈ সময় কটোৱা মধ্যবিত্ত শ্ৰেণীৰ সন্তান আমি৷ জীৱনটোত আনন্দ কৰিবলৈও মনে বিচৰা ধৰণে সময় পোৱা নাযায়৷ দুখ-দুৰ্দশাৰ পোছাক খুলি হাঁহিবলৈ, নাচিবলৈ নিজৰ মাজতেই কিমান কৃত্ৰিম উপকৰণ সাজি লৈছোঁ, এই  সপোন ভাঙিছোঁ, পুনৰ নতুনকৈ গঢ়িছোঁ! ইফালে মনে বিচৰা আকাশ এখন, মনে বিচৰা মানুহ এজন বিচাৰোঁতেই জীৱনৰ আধা বয়স পাৰ হৈ যায়৷ কি বিচাৰি কি পথেৰে কি পাওঁগৈ না আমি জানো, না আমি ভাবোঁ৷ গুগল মেপৰ দৰে জীৱনটো সঠিকৰূপত মেপিং কৰিব পৰা হলে! ট্ৰেকিং কৰিব পৰা হলে!

বাইলৰ ডিচপ্লেত চকু থৈছোঁ যদিও মনৰ মাজলৈ অসংখ্য ভাবনাৰ আহ-যাহ৷ সময় গৈ আছে৷ কাৰেণ্ট আহিল৷

টি. ভি. অন কৰিলো৷ ৰেঙণি চ্ছেনেলত বিজ্ঞাপন– ‘আপুনি যতেই যাওক কাম আমাৰ ইয়াতেই হব৷ মুঠীকৰণ, বশীকৰণ, গুপ্তৰোগ... বাবা ফকৰুদ্দিন... দিচৌমুখ তিনিআলি... ব্লা ব্লা ৷’ ‘ইহঁতৰ বিজ্ঞাপন চা! মুখলৈ অশ্লীল শব্দ এটা আহিল৷ ইমান অসাধ্য সাধন কৰিব পাৰে বাবা ফকৰুদ্দিনে! যদি তহঁতে অসাধ্য সাধন কৰিব পাৰেই; তেন্তে দেশখন চাৰিওফালৰপৰা জহি-খহি যোৱাৰ সময়ত তহঁতে তন্ত্ৰ-মন্ত্ৰৰে শান্ত আৰু সুস্থিৰ কৰি নিদিয় কিয়!  প্ৰেমত বাধা, চাকৰিত বাধা, যৌন সুখত বাধা খেদি থাকোঁতেই যে ইহঁতৰ অসাধ্য সাধনৰ বিজয় যাত্ৰাৰ পৰিসমাপ্তি  হয়৷ এই তন্ত্ৰ-মন্ত্ৰ বাদ দি নিজৰ পৰিয়ালটো বচা অ বাবা ফকৰুদ্দিন৷ মানুহে বেজ-বেজালিৰ বলিয়ালিবোৰ দিনে দিনে বেয়া পোৱা হৈ আহিছে৷ কোনদিনা কাৰ হাতত প্ৰাণ দিব লাগিব, গমকে নাপাবি৷ বিজ্ঞাপনৰ কি বহুৱালি৷

ভাবি আছোঁ কথাবোৰ৷ নাভাবিলেও চলি যোৱা কথাবোৰ ভাবি থাকোঁ বাবেই অসংখ্য অসংলগ্ন ভাবনাৰ টুলুঙা ঢৌৱে মন সাগৰত ইচ্ছামতে ডুলি থকাৰ সুবিধা লয়৷ নকবলগীয়া কথা কৈ দিওঁ বাবে, নৰবলগীয়া ঠাইত ৰৈ দিওঁ বাবে জীৱনত বাৰে-বাৰে ঠগ খাইছোঁ৷ মন আৰু মগজু দুয়োটাই ফটা চাগৈ৷ সেয়েহে বান্ধি থব নোৱাৰোঁ, গাপ দি থব নোৱাৰোঁ৷ 

কালিৰেপৰা ৰাজ্যখনত পুনৰ হিন্দু-বাংলাদেশীৰ প্ৰসংগ৷ ৰজাঘৰৰ বিষয়াই বিদেশী (হিন্দু-বাংলাদেশী!) আমদানি কৰিব বিচাৰিছে৷ এই চৰকাৰখন শাসনলৈ অহাৰে পৰাই ৰাজনৈতিক অস্থিৰতা, বিতৰ্ক বাঢ়িছে৷ ৰাজ্যৰ সকলো দিশেই এতিয়া ৰাজনীতিৰ প্ৰবল বতাহত কম্পমান৷ সকলোতে এটাৰ পিছত এটাকৈ নতুন ফমুৰ্লা৷ সাম্প্ৰদায়িকতা, আন্দোলন, প্ৰতিবাদ অগৰহ... বগৰহ...৷ চৰকাৰৰ গৰ্ভত জাতি-মাটি-ভেটি নিঃশেষ হোৱা নতুন নতুন বিধেয়কৰ জন্ম হৈয়ে আছে৷ তেওঁলোকৰ মতে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ নহয়, হিন্দু ৰাষ্ট্ৰ হব লাগে৷ ইতিহাস সলনি কৰাত ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰ সদায় পাকৈত হিচাপে পৰিগণিত হৈ আহিছে৷ গুৱাহাটী, দিল্লীত ৰজা-প্ৰজাৰ মাজত আলোচনা-পৰ্যালোচনা, আদালতৰ শুনানি, সংগঠনৰ বন্ধ, আন্দোলন চলিয়েই আছে৷ জাতীয় নায়কে জনতাক আস্থা আৰু বিশ্বাসত লৈ কাম কৰাৰ কথা বকিয়েই আছে৷ নেতাৰ সৃষ্টি হৈয়ে আছে৷ নীলা শিয়ালৰ ৰাউচিৰ লগতে সিংহ আৰু নিগনিৰ নাটকখন হকে-বিহকে মঞ্চস্থ কৰিয়েই আছে৷ দৰ্শকবোৰেও আজি অতদিনে ইহঁতক বুজি নাপালেনে!

আনহে নালাগে, সত্ৰ মহাসভাৰ দৰে জাতীয় (জাতীয় বুলি এতিয়া আৰু ভবাৰ থল নাই) অনুষ্ঠানে চৰকাৰৰ লগত মিলি ৰাজ্যখনলৈ হিন্দু বাংলাদেশী আনিব বিচাৰিছে৷ দেশ শাসন কৰা শিয়ালমখাই হিন্দু ৰাষ্ট্ৰ গঠন কৰিবই এইবাৰ৷ ফেচবুক গৰম হৈ আছে৷ এচামে নিৰাপদ দূৰত্বত অৱস্থান কৰি মূৰ পোলোকা মাৰিছে যদিও আন এচামে অশ্লীল পোষ্ট, ষ্টেটাছ দি সত্ৰাধিকাৰৰ পৰা আৰম্ভ কৰি মুখ্য মন্ত্ৰী, প্ৰধান মন্ত্ৰীলৈকে হকে-বিহকে গালি-গালাজ পাৰিছে৷ আগবেলা আন্দোলনলৈ যোৱা একাংশই পাছবেলা মন্ত্ৰী-এমেলে-আমোলাৰ ভৰি চেলেকিবলৈও পাহৰা নাই৷ কালি আছু’-ৰ স্থিতিক লৈও ফেচবুকত তুমূল বিতৰ্ক হৈছে, সংবাদ মাধ্যমত টক্-শ্ব হৈয়েই আছে৷ বাকীবোৰ সংগঠনৰো সেই একেই কানি-কাপোৰ কলা হোৱাৰ সাধু্টোৱেই৷

অসমৰ সমস্যা সমাধান কৰাৰ দায়িত্ব আছু-ৱে লোৱা মানেই জনতাৰ দায়িত্ব শেষ নেকি? 

আছু’-ৰ দুৰ্বলতা নাই? যদি আছু’-ৱে চৰকাৰৰ সৈতে হাত মিলাই থৈছে? গেৰাণ্টি কোনে দিব?

অনেক বিষয়ৰে আলোচনা হয়৷ সমস্যাবোৰ সমাধানহে নহয়৷ জাতীয় সংগঠনৰ সংখ্যাই শতকৰ ঘৰ চুলে৷  

ভিতৰৰ পৰা প্ৰেছাৰ কুকাৰে দ্বিতীয়টো শংখধ্বনি বজালে৷

টি. ভি.-ৰ বিজ্ঞাপন শেষ৷ 

আজি ছিৰিয়েলখনত মণি আৰু মুকুতা বৌৰ কথা-বতৰাবোৰ বেছ জমিছে৷ কে কে আৰু মোহনৰ লটি-ঘটিখন চাই চাই অকলে অকলে হাহিছোঁ৷ এতিয়া কথা এটা চাব হাঁ...’, মোহনে বিউটিৰ বুকুখনৰ কাষতে হাতটো বুলাই বুলাই কোৱা কথাকেইটা ইমান মৰম লগা! মোহনৰ চৰিত্ৰটো অসমত বেছ জনপ্ৰিয় হৈছে৷ অৱশ্যে অচি ছাৰ গপচত আছে৷ অচি ছাৰ ওৰফে প্ৰীতম খাৰঘৰীয়াৰ চৰিত্ৰটোত অতি নাটকীয়তা একেবাৰে নাই৷ নাটক আৰু মেগা ছিৰিয়েলৰ সামগ্ৰিক উপস্থাপনৰ মাজত পাৰ্থক্য থাকে৷ এই সাধাৰণ কথাটোকে বহুতো পৰিচালকে নাজানে৷ বেহৰবাৰীৰ পৰিচালকজনক মানিব লাগিব কিন্তু৷ নতুনত্ব আৰু মনোৰম কাহিনীৰ মেটমৰা সম্ভাৰেৰে এটা এটাকৈ নতুন পেকেজ এইজন পৰিচালকেই অসমক উপহাৰ দি আহিছে৷  

পুনৰ জৰুৰৰ বিজ্ঞাপন আহিল৷ সাগৰৰ বলুকাৰাশিত সুঠাম লৰা এটা শুই আছে৷ দুচকুত অদম্য মিলনৰ লালসা৷ লগে লগে ক্লজআপত আধামিটাৰ মলিন বসনপিন্ধা ছোৱালী এজনীৰ আঁঠুৰ পৰা বুকুৰ মঙহাল অংশলৈকে দেখুওৱা হৈছে৷ এইবাৰ ছোৱালীজনী গৈ শুই থকা লৰাটোৰ শৰীৰত ১৮০ ডিগ্ৰী কোণ কৰি পৰি দিলেগৈ৷ তাৰ পাছত সিহঁতৰ মাজত হব পৰা সাম্ভাব্য কাহিনীছোৱাও অলপ ক্লজআপত দেখুৱাইছে৷ মিউজিকো দিছে৷ 

বাপেৰৰ মূৰটো বিজ্ঞাপন দিছ এইবোৰ৷  

চ্ছেনেল সলনি কৰিলোঁ৷ এটা চ্ছেনেলত অভিমতশীৰ্ষক অনুষ্ঠান চলি আছে৷ এই কেইদিন বিতৰ্ক হৈ থকা সত্ৰ মহাসভাৰ বিষয়টোৱেই অভিমতত পৰ্যালোচনা কৰিছে৷

ক্লআপত ৰিজুমণি শইকীয়াক বৰ ভাল লাগে৷ সাংবাদিক হিচাপে তেওঁৰ দায়ৱদ্ধতা যেন আন দহজনতকৈ কিছু পৃথক৷  

লক্ষ্য কৰিব আপোনালোকে৷ এই বিষয়টোত পূৰ্বৰ চৰকাৰখনো সমানে দায়ী৷ তেওঁলোক কোনো ধোৱা তুলসীৰ পাত নহয়৷ সত্ৰৰ মাটি বেদখল কৰা কাণ্ডটো এতিয়াৰ ঘটনা নহয়৷ বেদান্ত ৰাজবংশী, মই আপোনাৰ কাষলৈকে গৈছোঁ, আপুনি কি কয়?’ – ৰিজুমণিৰ পৰা এইবাৰ টি. ভি.-ৰ স্ক্ৰীণত ৰাজবংশীক ক্লআপত দেখা পোৱা গল৷

হেডলাইনত ব্ৰেকিং নিউজ– ‘পুনৰ অমলপুৰত ধৰ্ষণ৷ অন্ধ পিতৃয়ে নিজ সন্তানক কৰিলে বলাৎকাৰ৷ 

ৰাজবংশী অসমীয়া কাকত এখনৰ কাৰ্যবাহী সম্পাদক৷ অসমৰ সমাজ জীৱনত এই কাকতখনৰ যথেষ্ট গুৰুত্ব আছে৷ শেহতীয়াকৈ প্ৰিণ্ট মিডিয়াৰ বহুতো সম্পাদকে চৰকাৰৰ সৈতে আপোচ কৰা বুলি সন্দেহ কৰাৰ সময়ত ৰাজবংশীৰ আপোচবিহীন স্থিতিয়ে জনতাক কিছু পৰিমাণে হলেও সংবাদ মাধ্যমৰ প্ৰতি আস্থা ৰখাত সহায় কৰিছে৷  

পুলিচ বিষয়াক সুধিলে গম পাব যে এসময়ত থানাই থানাই এটা ছাৰ্ভে চলাইছিল, যে কিমান সংখ্যক বিদেশী অসমত থাকিব পাৰে, তাক লৈ এটা হিচাপ কৰা যাওক৷ সেই সময়তে কথাটো স্পষ্ট হৈ গৈছিল যে মুছলমান বিদেশীতকৈ হিন্দু বিদেশীৰ সংখ্যাটোহে অসমত বেছি হোৱাৰ সম্ভাৱনা আছে৷ এতিয়া এন. আৰ. চি. হবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততো এই কথাটোৱেই জলজল পটপটকৈ ওলাই পৰিছে৷ কথাটো হল চৰকাৰৰ লগতে চৰকাৰৰ পক্ষত থকা বাঘা বাঘা সংগঠনে এইসকল চিনাক্তকৃত বিদেশীক কেনেকৈ দেশৰ নিয়মিত নাগৰিক হিচাপে স্বীকৃতি আৰু প্ৰমাণ পত্ৰ দিব পাৰে তাৰ বাবেহে কাম কৰিছে৷ কেন্দ্ৰীয় চৰকাৰেও নাগৰিকত্বৰ কামটো অধিক লৰালৰি কৰাৰ কাৰণ হইতিমধ্যেই পশ্চিম বংগত নিৰ্বাচন আহি আছে৷ পশ্চিম বংগৰ ৰণত তেওঁলোকে বহুত চেষ্টা কৰিছে হিন্দু-মুছলিমৰ পলাৰাইজেশ্ব্নৰ কাৰণে৷ এতিয়া যদি অসমৰ পৰা অসম চৰকাৰে পশ্চিম বংগৰ চৰকাৰলৈ এনেকুৱা এটা বাৰ্তা পঠিয়াব পাৰে যে বাংলাভাষীসকলক আমি বৰপীৰা দিলোঁ, তেন্তে পশ্চিম বংগত শাসনাধিষ্ঠিত দলে এটা শক্তিশালী স্থিতি লব পাৰে৷ গতিকে এই অৱস্থাত, সত্ৰ মহাসভাই দিল্লীলৈ গৈ দিয়া সাক্ষ্যটো ৰাজনৈতিকভাৱেও গুৰুত্বপূৰ্ণ৷ মই ভাবোঁ হয়তো চৰকাৰেও সত্ৰ মহাসভাক প্ৰলোভিত কৰিছে৷ টোপ দিছে৷’– ৰাজবংশীৰ কথাবোৰে মোৰ মনৰ সন্দেহ ভাবটোক আৰু দৃঢ় কৰিছে৷ 

এৰা হব পাৰে৷ হব পাৰে এনেকুৱাও৷ পৰাগ কুমাৰ দাসে আঙুলিয়াই দিয়া সেই একেই ৰাষ্ট্ৰযন্ত্ৰ আজি পৰ্যন্ত বৰ্তি আছে৷ ৰাষ্ট্ৰ আৰু ৰাজ্যৰ শাসনকৰ্তাৰ বাবে অসম্ভৱ বুলি কোনা কথাই নাই৷ কেৱল ক্ষমতাৰ লেকামডাল ৰাষ্ট্ৰৰ হাতত থাকিলেই হল৷ ৰিজুমণি শইকীয়াই এইবাৰ অৰূপ অধিকাৰীলৈ (অৰূপ অধিকাৰী সত্ৰৰ বিষয়ববীয়া, বিতৰ্কটোত ভাগ লবলৈ সত্ৰ মহাসভাৰ হৈ তেওঁ আহিছে) পোনপটীয়া প্ৰশ্ন কৰিলে– ‘বিতৰ্কটো আৰম্ভ হোৱাৰ দিনাই সংবাদ মাধ্যমৰ সন্মুখত আপুনি কিছু বক্তব্য দিছিল৷ আজি যিহেতু সত্ৰ মহাসভাই জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰি সপোন মহন্ত আৰু অনিল মহন্তক নিলম্বন কৰিব লগা অৱস্থা হল৷ (সত্ৰ মহাসভাই আজি কিন্তু তাৎক্ষণিকভাৱে ভাল কাম এটা কৰিলে৷ দুয়োটা জাতিদ্ৰোহীকে নিলম্বন কৰি এটা শিক্ষা দিছে৷ ভাল মানুহো সত্ৰ মহাসভাত আছেতো৷ মনটোত কিছু সকাহ পালোঁ৷) এতিয়া কুসুম মহন্তই কৈছে হিন্দু বাংলাদেশীৰ সম্পৰ্কত তেওঁ দিয়া মন্তব্যটো হেনো তেওঁৰ নিজৰ ব্যক্তিগত মন্তব্য আছিল৷ (সি কি তাৰ শহুৰেকে দিয়া যৌতুক বিক্ৰী কৰি দিল্লীলৈ গৈছিল, নিজা মন্তব্য ৰাখিবলৈ?) কিন্তু সেইগৰাকী ব্যক্তিয়েই আকৌ সত্ৰ মহাসভাৰ পেড ব্যৱহাৰ কৰি তেওঁৰ স্থিতি স্পষ্ট কৰিছে সংবাদ মাধ্যমৰ আগত৷ তাৰমানে আচল ৰহস্যটো কি? এনেকুৱা হোৱাটোও সম্ভৱনে আপোনালোকৰ সত্ৰ মহাসভাত?’ 

বিজ্ঞাপন আহিল৷ এটা পাৰফিউমৰ গুণ গাবলৈ ইমান নাটকীয়তা! দেখিলেই গা বিজবিজাই যায়৷  কাষলতিৰ তলত এবাৰ স্প্ৰে মাৰি দিলে পাঁচজনীমান স্বল্পবসনা অপ্সৰা আহি যোৰপতা সাপৰ দৰে পুৰুষজনক মেৰিয়াই ধৰেহি! কি আৱেদন সিহঁতৰ৷ এয়া কি সঁচাকৈয়ে সম্ভৱ? এয়াই একৈছ শতিকাৰ নাৰীবাদ! স্মাৰ্ট ৱমেনৰ সংজ্ঞা! গোটেই দৰ্শকমখাক মূৰ্খ বনাব খোজে৷ নাৰীক পণ্য কৰি তোলা হল৷ নাৰীয়েই সেই পণ্যক আৰতি কৰি অশ্বমেধ পাতে৷

চ্ছেনেলৰ আঠ বজাৰ পৰ্যালোচনাবোৰ চালে কেতিয়াবা এনে লাগে যেন এই অনুষ্ঠানটো শেষ নহওঁতেই সকলোবোৰ বিষয় শৃংখলিত হৈ পৰিব৷ সকলোৱে বুজিব, চৰকাৰেও ভয় খাব৷ এইখনেই শৰাইঘাটৰ শেষ ৰণ... কিন্তু!  কথাবোৰ ভবাৰ দৰে সৰল নহয়৷ মেৰপাক অনেক!  গল খেকাৰি এটা মাৰি অৰূপ অধিকাৰীয়ে কলে– ‘সত্ৰ মহাসভা হল অসমৰ জাতীয় অনুষ্ঠান৷ (এতিয়া আৰু এইষাৰ বাক্য শুনিলে হাঁহিহে উঠে৷) এই সত্ৰ মহাসভাৰ গৌৰৱোজ্জ্বল  ১০৩ বছৰীয়া ইতিহাস আছে৷ (অসমৰ ৰাইজে কিন্তু এনেকুৱা সংগঠন এটাও আছে বুলি এই কেইদিন হোৱা বিতৰ্কৰ পৰাহে গম পাইছে৷) এতিয়া দেখা গৈছে; তেখেত প্ৰধান সম্পাদক, মানে সপোন মহন্তৰ কথা কৈছোঁ; তেওঁ নাগৰিকত্ব সংশোধনী বিলখনৰ সন্দৰ্ভত দিল্লীত শুনানি দিবলৈ যাওঁতে মহাসভাৰ কোনো ব্যক্তিক সোধ-পোচ কৰা নাই৷ সভাপতি ডাঙৰীয়াক কৈছে– ‘সত্ৰৰ ভূমিৰ বেদখল উচ্ছেদ আৰু কেইবাটাও সত্ৰ সম্পৰ্কীয় বিষয় লৈ মই দিল্লীলৈ যাম৷ আপুনিতো চাগৈ আহিব নোৱাৰিব৷কথা সিমানেই; তাৰ পাছত তেওঁ অনিল মহন্তক লগত লৈ দিল্লীলৈ উৰা মাৰিলে৷ অনিল মহন্ত হৈছে সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কমিতিৰ উপ-সভাপতি৷ তেওঁলোক দিল্লীলৈ গৈ সত্ৰ মহাসভাৰ পেড ব্যৱহাৰ কৰি পেডত থকা বাকী বিষয়ববীয়াসকলৰ নামবোৰ গুচাই দিছে৷ তাৰ পিছত সেই পেডত সত্ৰৰ মাটি বেদখলৰ কথা লিখিছে যদিও সেইখন মিটিঙলৈ গৈ মাটি বেদখলৰ কথা কোৱাৰ কোনো প্ৰাসংগিকতাই নাছিল৷’ – অধিকাৰীৰ বক্তব্য শেষ হোৱাত পেনেলৰ আটায়ে শলাগিলে৷ 

তলৰ হেডলাইনত ব্ৰেকিং নিউজ– ‘দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী নিৰাপত্তাহীনতাত ভূগিছে৷

ৰিজুমণি শইকীয়াই নতুন প্ৰসংগ এটা অনাৰ আগতে অধিকাৰীয়ে পুনৰ কলে– ‘সেইখন পেডতে তেওঁলোকে লিখিলে যে বাংলাদেশ, পাকিস্থান বা ভাৰতবৰ্ষৰ আন আন চুবুৰীয়া ৰাষ্ট্ৰ যিবিলাক আছে, সেইবিলাকত যদি হিন্দু বা জনজাতীয় মানুহ নিৰ্যাতিত হৈছে, নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ দ্বাৰা অসমলৈ হিন্দু বাংলাদেশী নাগৰিক অনাত তেওঁলোকৰ সন্মতি আছে৷ এনেদৰেই নাগৰিকত্ব বিলৰ সপক্ষত অৱস্থান কৰি তেওঁলোকে অসম বিৰোধী স্থিতি ললে; যাৰ কাৰণে সত্ৰ মহাসভাই আজি তেওঁলোকৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ এতিয়া গোটেই বিষয়টো পৰ্যালোচনাৰ বাবে তদন্ত কমিটি এখন মহাসভাৰ পৰা গঠন কৰি দিয়া হৈছে৷ সেই কমিটিত ড লক্ষ্মীনাথ বৰা, গোলাপ মহন্ত, বাস্তৱ গোস্বামী আৰু যদুমণি মহন্ত আছে৷ তদন্ত কমিটিৰ ৰিপৰ্ট অহাৰ পাছত এওঁলোক দুজনৰ ওপৰত কঠোৰতম শাস্তি লোৱা হব৷ কোনো কাৰণতে অসম সত্ৰ মহাসভাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা লোকক ৰেহাই দিয়া নহব৷ এজন কুসুম মহন্তৰ বাবে অসমৰ মানুহৰ আগত সত্ৰ, সত্ৰাধিকাৰসকল লেই লেই-চেই চেই হব নোৱাৰে৷ এই কথা আমি স্পষ্ট  কৰি দিছোঁ৷ 

অধিকাৰীৰ শেষৰ ফালে বাক্যকেইটা কিবা আন্দোলনত নেতাই ব্যৱহাৰ কৰা বাক্য যেন লাগিল৷ যি কি নহওক বিপদৰ পৰত স্থিতি এটা লৈছে, ভাল পাইছোঁ৷ এইবাৰ বিশ্লেষক ময়ূৰ কৃষ্ণ বৰাই মাত লগালে– ‘এনেকুৱাও হব পাৰে; কুসুম মহন্তও হয়তো ব্যৱহৃত হৈছে ৰাজনীতিৰ দ্বাৰা৷ৰিজুমণি শইকীয়াই বেলেগ প্ৰসংগ উলিয়াবলৈ বৰাৰ বক্তব্যটো ৰখাব খুজিলে৷ কিন্তু বৰাই নিজৰ কথাটো সম্পূৰ্ণ কৰিহে এৰিলে– ‘মই এই কথাটোহে কব বিচাৰিছোঁ যে অৰূপ অধিকাৰীয়ে আজি তিনিদিন ধৰি সত্ৰ মহাসভাৰ ফালৰপৰা এটা ইতিবাচক স্থিতি লৈ আছে আৰু যুৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে অপূৰ্বক মই ভালো পাইছোঁ৷  কিন্তু অপূৰ্বলৈ মোৰ এটা অনুৰোধ থাকিব, আপোনালোকে এটা কথা চাব যে তদন্ত কমিটিখনে যাতে কেৱল কুসুম মহন্তৰ দোষ উলিয়াওঁতেই সীমাবদ্ধ নাথাকি কুসুম মহন্তৰ আঁৰৰ কোন ব্যক্তি এই ঘটনাত জড়িত হৈ আছে, সেই শক্তি সত্ৰৰ ভিতৰত কিমান আৰু বাহিৰত কিমান, সেইখিনিও যাতে ভালদৰে চায়৷

ভাল পালোঁ এইষাৰ কথা কোৱা বাবে৷ অৱশ্যে ভয় হয় এনে কমিটিকো যদি কোনো প্ৰভাৱশালীয়ে এটা ৰাতিৰ ভিতৰতে মেনেজ কৰি দিয়ে৷ ইতিমধ্যেই অসমৰ বৌদ্ধিক জগতৰ ৰাজহাঁড় বুলি ভাবি থকা বহু সাহিত্যিক, বিশ্লেষক আদিক প্ৰভাৱশালী মন্ত্ৰী-মিনিষ্টাৰে কিনি লৈছেই৷ অন্য সামগ্ৰীৰ দৰেই অসমৰ বহুতো সাহিত্যিক-সাংবাদিক, আনকি বুদ্ধিজীৱীও সোণ, ৰূপৰ সামগ্ৰীৰ দৰেই বিক্ৰী হয়৷ তেওঁলোকৰ মতে চাগৈ টকা আৰু ক্ষমতাতকৈ সাহিত্য ডাঙৰ নহয়৷

আপোনালোকে এটা কাম শীঘ্ৰে সমাধান কৰক৷ জইন পাৰ্লিয়ামেণ্টৰীক জনাওঁক যে আপোনালোকৰ পেড ব্যৱহাৰ কৰি দিয়া সমৰ্থন পত্ৰখন আপোনালোকৰ অজ্ঞাতে দিয়া হৈছে আৰু আপোনালোকে সেইখন ইতিমধ্যেই প্ৰত্যাহাৰ কৰিছে৷ নহলে তেওঁলোকে সেইখন ব্যৱহাৰ কৰি নিজৰ স্থিতি আৰু সবল কৰিব৷’– ৰাজবংশীয়ে অধিৰাকীক উদ্দেশ্যি কলে৷  

অধিকাৰী– ‘আমি ইতিমধ্যেই তাৰ ব্যৱস্থা কৰিছোঁ 

অধিকাৰীলৈ মোৰ বেয়াও লাগিছে৷ দিল্লী আৰু দিছপুৰৰ ঘিঁউ, মাখন খাই কেনাটো লগালে কোনোবাই৷ এতিয়া মহাসভাৰ হৈ চ্ছেনেলে চ্ছেনেলে স্পষ্টীকৰণ দি ফুৰিব লগা হৈছে তেওঁ৷ হেডলাইনত ব্ৰেকিং নিউজ আহি আছে–  ‘নাগৰিকত্ব বিধেয়কৰ বিপক্ষে পুনৰ বিতৰ্কিত মন্তব্য দি ৰাইজৰ ৰোষত কুলেন্দু দেৱ৷বিজ্ঞাপন আহিল৷  ৰিম’টৰ বুটাম টিপিলোঁ৷ এটা প্ৰভাৱশালী মন্ত্ৰীৰ চ্ছেনেলত বিহু ফাংচন লাইভ৷ পৃথিৱী ধ্বংস হৈ যাওক, এই চ্ছেনেলটোৱে মাত্ৰ নাচ-গানৰ চৰ্চা বাদ নিদিয়ে৷ চ্ছেনেলটো এজন মহাপ্ৰতাপীৰ হেনো৷ ৰেপ্ চং গাইছে গায়কে; ইহঁত সঁচাকৈয়ে গায়কেই নে? শিল্পী বুলি কলে আমি ইহঁতকেই বুজিম? আন এটা চ্ছেনেলত দ্বিপেন বৰুৱাৰ সংগীতৰ ওপৰত কৰা এখন ৰিয়েলিটি শ্ব৷ ছোৱালীজনীয়ে ধুনীয়া গান গাইছে৷ 

সত্ৰৰ কথাবোৰে মনটো দোলা দি থাকিল৷ কি যে এক ধৰণৰ উচ্চাত্মক গভীৰ চিন্তা, দৰ্শন আৰু মহান উদ্দেশ্যৰে শঙ্কৰ-মাধৱে সত্ৰ স্থাপন কৰিছিল! আমি যিখন সমাজত ডাঙৰ-দীঘল হৈছোঁ সেই সমাজখনেই শঙ্কৰ-মাধৱে গঢ়ি থৈ যোৱা৷ এতিয়া সেই সমাজ-সভ্যতা মষিমূৰ কৰি হিন্দুত্বৰ আৱেগেহে জন-গণৰ মন-প্ৰাণ আন্দোলিত কৰিব পাৰে৷ শঙ্কৰদেৱে বিৰোধিতা কৰা জাতিবাদ প্ৰথাকে এতিয়া সত্ৰই নিজৰ নৈতিক দায়িত্ব বুলি উচ্চ-নীচৰ প্ৰসংগ আনে৷ সেইদিনাখন আকৌ গাঁৱৰে এজনে কলেশঙ্কৰদেৱেও হেনো নামঘৰত খাদ্য হিচাপে মাহ-প্ৰসাদৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি সেই সময়ৰ বেপাৰীসকলৰপৰা ভাল কমিছন এটাই লুটিছিল হেনো! কুছ্ভি মানে! 

আজিৰ দিনত সকলোতে মই মই গৰ্বৰ ভাৱ৷ ইফালে অসমীয়াত্ব ৰসাতলে নি অসমৰ বৰপীৰাত শাসক-সংগঠনে বহুৱাইছেহি হিন্দুত্ববাদ৷ সত্ৰই সোলোকাবই নোখোজে ধৰ্মান্ধতাৰ পোছাক৷ আমি এচামে জাতীয়তাবাদ নিঃশেষ কৰা সেই যজ্ঞত ঘিঁউ ঢালি ঢালি ফোঁট-চন্দনেৰে কপাল ৰঙীণ কৰি ধন্য হৈছোঁ৷ 

টি.ভি.-ত অমিতাভ বচ্চনে বিজ্ঞাপনৰ মাধ্যমেৰে বৰ পানী চুবলৈ টয়লেট পেপাৰ ব্যৱহাৰ কৰিবলৈ শিকাই আছে৷ 

এইখন ভাৰতবৰ্ষত ডিজিটেল ইণ্ডিয়াৰ শ্লোগান দিবলৈ মন্ত্ৰী, আমোলা, অভিনেতাৰ অভাৱ নাই৷ কিন্তু ডাইনীৰ নামত, সোপাধৰাৰ নামত মানুহ মৰিয়েই আছে, মাৰিয়েই আছে৷ প্ৰত্যেকদিনাই টেলিভিশ্যনত ৰাশিচক্ৰ, শুভ-অশুভৰ বাজনা বাজিয়েই আছে৷ ৰমেন পাঠকৰ দৰে পাবত গজা পণ্ডিতে এটা ফোনকল কৰিলেই লাইভতে ডাক্টৰী পৰামৰ্শ দি দিব পাৰে৷  

এতিয়া হাস্পতাল নিৰ্মাণৰ বাবে ভূমি পূজা নকৰিলেই নহয়! ব্ৰহ্মপুত্ৰখন কিমানবাৰ যে শুদ্ধ কৰিছে! নমামী, পুষ্কৰম ইত্যাদি ইত্যাদি৷ অসমত থকা পূজাৰীৰে হেঁপাহ নপলাল৷ দক্ষিণ ভাৰতৰপৰাহে হায়াৰ কৰি আনে৷ মহাবাহু ব্ৰহ্মপুত্ৰ মহামীলনৰ তীৰ্থহাজৰিকাই কৈ থৈ যোৱা সেই তীৰ্থক আজি হিন্দুত্বৰ তেজেৰে পখালি পেলোৱা হৈছে৷

সৌ সিদিনা নমামী ব্ৰহ্মপুত্ৰত গৈ হিন্দু পূজাৰীয়ে সত্ৰাধিকাৰক সন্মুখত ৰাখি পূজা-পাতল কৰিলে৷ 

ৰোহন ভাগৱতে সত্ৰাধিকাৰক সন্মুখত বহুৱাই হিন্দুত্বৰ ভাষণ দিয়ে৷ আমাৰ কেইজনাই নিমাতে-নিতালে শুনে৷ 

প্ৰতিবাদ নাই৷ অনুশোচনাও নাই৷ 

সত্ৰই জাতি-জনগোষ্ঠীবোৰক আপোন কৰি লব পাৰিলেনে৷ সত্ৰীয়া সংস্কৃতিৰ পীঠভূমি বুলি চিঞৰি থকা মাজুলীত গীৰ্জা প্ৰতিষ্ঠা কৰিবলৈ পৰিৱেশ এটা কোনে নিৰ্মাণ কৰি দিলে? মনত উচ্চ-নীচৰ ভাৱ কাৰ ? লেই লেই, চেই চেই কোনে কৰে?

অজলা-অঁকৰা বুলি ভাবি থকা জনগোষ্ঠীয় মানুহবোৰে হীনমান্যতাত ভুগি ভুগি ধৰ্মান্তৰিত হবলৈ বাধ্য হৈছে৷ স্বাধিকাৰ নথকা পৰিৱেশ এটাত কোন থাকিব পাৰে !

আমিনো কি কৰিব পাৰো? আমাৰ কণ্ঠই কিমান দূৰলৈ চিঞৰিব? যোৱাবাৰ বিদ্যায়তনিক বিষয় এটাত ক্ষেত্ৰ অধ্যয়নৰ বাবে যাওঁতে মাজুলীৰ মিচিং মানুহখিনিয়ে বৰ ক্ষোভেৰে কথাবোৰ কৈছিল৷ নিজৰ মুৰং ঘৰতকৈ নামঘৰক বেছি গুৰুত্ব দিয়া মানুহখিনিকো সত্ৰই আপোন বুলি ভাবিব নোৱাৰে৷ সকলোতে মই মই গৰ্বৰ ভাৱ৷ আৰু সেইসমূহ সত্ৰৰ একত্ৰ সন্থা হৈছেসত্ৰ মহাসভা! এই মহাসভাৰ পৰা  ইয়াৰ বাদে কি আশা কৰিম? বৰ বৰ নেতাৰ গোৰোহা চেলেকিবলৈ পাইছে যেতিয়া সেই সুযোগ এৰে কেনেকৈ৷

বিজ্ঞাপন সমাপ্ত৷ অভিমতৰ পৰৱৰ্তী অংশ আৰম্ভ হ

কিছু সময় বাণিজ্যিক বিৰতিৰ পিচত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ৷ শ্যামকানু গোস্বামী, মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ৷ যিখিনি কথা এতিয়ালৈকে আমি আলোচনা কৰিছোঁএটা ষড়যন্ত্ৰ হৈছে৷ এই কথা পেনেলৰ আটায়ে স্বীকাৰ কৰিছে৷ হয়তো সকলোৱে জানেও কোন ব্যক্তি জড়িত হৈ আছে৷ আপুনি নিজেও সত্ৰত জন্ম হৈছে৷ এই বিষয়টো আপোনাৰ দৃষ্টিৰে কেনেকৈ চাব?

অধিকাৰীয়ে যিখিনি কথা কলে, সেইখিনিয়ে অলপ জোকাৰি তুলিছে৷ সত্ৰ মহাসভাৰ পেড ব্যৱহাৰ কৰি প্ৰধান সম্পাদকে ইতিমধ্যেই এটা নেতিবাচক সিদ্ধান্ত কেন্দ্ৰলৈ পঠাইছে৷ এইকেইদিন ছচিয়েল মিডিয়াত এটা ডাঙৰ গুজৱ চলিছে সপোন মহন্তৰ স্থিতিক লৈ৷ আমাৰ কথা এয়ে প্ৰধান সম্পাদকে ইমান এটা সাহস কৰিব পাৰিলে কেনেকৈ? সত্ৰ মহাসভাত কৰবাত দুৰ্বলতা আছে৷ নহলে কোনোবা মেনেজ হৈছে৷ এতিয়া কথা হল সত্ৰ মহাসভাৰ সকলোখিনি সদস্য ইয়াৰ বাবে দোষীও নহয়; গতিকে  মহাসভাৰ সৈতে জড়িত ভাল মানুহখিনিৰ প্ৰধান কাম হল নিজৰ মাজত থকা বদনসকলক চিনি লোৱাটো৷ কোন কোন বদনে ঘৰতে থাকি ঘৰৰ ভেঁটি খহাইছে, তাক বিচাৰিব লাগে৷ কেইজনমান ব্যক্তিৰ বাবে সমগ্ৰ অনুষ্ঠানটোক দোষ দিবও নোৱাৰি৷ সত্ৰত থকা নৱপ্ৰজন্মৰ বহুতো লৰা-ছোৱালীয়ে এই কাৰ্যৰ বিৰুদ্ধে মাত মাতিছে৷ তেওঁলোকৰ সংগঠনৰ ভুল আছে, সেইদৰে ভুলৰ মাৰ্জনাও আছে৷ মই সত্ৰাধিকাৰ প্ৰভুসকলক কৰযোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে এটা ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক৷ যি পৰিৱৰ্তনে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে পুনৰবাৰ একতাৰে বান্ধ খোৱাব পাৰে৷ নহলে মোৰ কবলৈ দুখ লাগে, সত্ৰ মহাসভা অনুষ্ঠানটো ধ্বংস হবলৈ বেছি দিন নালাগিব৷

সত্ৰৰ মানুহ হৈও শ্যামকানু গোস্বামীৰ এই ধৰণৰ নিৰপেক্ষ বক্তব্যই দৰ্শকক আশ্বস্ত কৰিব৷ সত্ৰই উদাৰ হবলৈ শিকাৰ নিশ্চয় প্ৰয়োজন আছে৷ জাত-পাতৰ বিচাৰৰ ক্ষেত্ৰত সত্ৰৰ গোড়ামিয়ে বহুতৰ মনত দুখ দিয়ে৷ হাঁহি উঠিছে এই কথা ভাবিভকত-বৈষ্ণৱক যুগ যুগ ধৰি উদাৰ আৰু সৎ পুৰুষ হবলৈ শিকোৱা সত্ৰক নতুনকৈ উদাৰতাবোধৰ জ্ঞান দিব লগা হৈছে নিউজ চ্ছেনেলৰ পেনেলৰ পৰা! 

ইমান পৰে মনে মনে থকা সত্যেন্দ্ৰ নাথ বৰুৱাই এইবাৰ মাত দিলে

পিছে মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে?’– উত্তৰত পেনেলৰ আটায়ে হাঁহিলে৷

ময়ূৰ কৃষ্ণ বৰা – ‘শ্যামকানু গোস্বামীৰ অনুৰোধটো সমৰ্থন কৰিছোঁ৷ মোৰ কথা পোনপটীয়া, স্পষ্ট৷ অৱশ্যে দুই, এখন সত্ৰৰ সামাজিক ৰীতি-নীতিলৈ কিছু পৰিৱৰ্তন আহিছে, সেয়া অতি ভাল কথা৷ কিন্তু যিবোৰ বিষয়ত এতিয়াও সংশোধনী হোৱা নাই, সেইবোৰ বিষয়ত ইতিবাচক সংশোধনৰ বাবে সত্ৰ মহাসভাই বলিষ্ঠ ভূমিকা লোৱাৰ প্ৰয়োজন আছে৷ শঙ্কৰদেৱ-মাধৱদেৱক দূৰতে বিদূৰ কৰি চৰকাৰৰ গ্ৰাণ্ট, মাটি, অন্যান্য সা-সুবিধা লৈ ভোগ-বিলাস কৰা সত্ৰাধিকাৰ আমাক নালাগে৷ সত্ৰ বৰ্তি থাকিব শঙ্কৰদেৱ-মাধৱদেৱৰ সমদৰ্শী উদাৰ আদৰ্শ বৰ্তি থাকিলেহে৷ নহলে সত্ৰ সম্পদ নহৈ অসমীয়াৰ বাবে আপদ হব৷

ষ্টুডিঅত থকা সত্ৰাধিকাৰ প্ৰভুৱেও আজি এসেকা পাইছে৷ এতিয়ালৈকে প্ৰভুৱে মুখ খোলা নাই৷ পিছে হব কি? ডাঙৰ সত্ৰকেইখনৰ পৰা কাম আৰম্ভ নহলে সৰুকেইখনে কৰিবই বা কি? চৰকাৰে বিলাসী টোপ দিলে কোনেনো নিগিলাকৈ পাৰে! আজিৰ যুগত ধৰ্মতকৈ স্বীকৃতি, ক্ষমতা, অৰ্থৰহে বেছি প্ৰয়োজন৷ ধৰ্মই সাৰবুলি ভবা মানুহ আছেই বা কেইজন! 

পেনেলৰ প্ৰভুৱে এইবাৰ মন্তব্য ৰাখিলে– ‘ইতিমধ্যেই আমি চাৰিজন মিছিং ভকতক সত্ৰাধিকাৰ পাতিছোঁ৷ গহপুৰত, নাৰায়ণপুৰত, ধেমাজিৰ দুঠাইত৷ গতিকে আমি পাৰ্যমানে চেষ্টা কৰি আছোঁ৷

ময়ূৰ কৃষ্ণ বৰা– ‘কিন্তু আপোনালোকে ডাঙৰ সত্ৰকেইখনৰ প্ৰতি বেছি চকু দিয়ক৷

সত্ৰাধিকাৰে কিবা কম বুলি ভাবিছিল যদিও আৰু কবলৈ সুযোগ নাপালে৷ মাথোঁ মূৰ দুপিয়ালে৷ আমিও জানো ৰাঘবৰালি থকা পুখুৰীত দৰিকণা ধৰি কোনেও প্ৰশংসা বুটলিব নোৱাৰে৷ ৰাজনীতিত থাকিলে দৰিকণা ধৰাটো অতি সহজ৷ ৰৌ বৰালি সাৰি যায়৷

মই সত্যেন্দ্ৰ নাথ বৰুৱাৰ কাষলৈকে আহিছোঁ, আপুনি যিহেতু আইনৰ মানুহ, এগৰাকী বিশিষ্ট অধিবক্তা, এই যে সত্ৰৰ বিষয়ববীয়াই দিল্লীত গৈ সত্ৰৰ মাটি বেদখলৰ কথাও উল্লেখ কৰিছেগৈ, তাৰ মানে কি? সত্ৰৰ মাটিক লৈ ১৯৬৯ চনৰ আইনখনে কি কথা কয়’– ৰিজুমণি শইকীয়াৰ প্ৰশ্ন৷

এইকেইদিন মই এই কথাটোকে ভাবি আছোঁ, প্ৰকৃততে হৈ আছে কি আৰু আমি কৰি আছোঁ কি! The Assam State of Land Belonging to Religious of Charitable Institution of Public Nature Act, ১৯৫৯ বলৱৎ হোৱাৰ পাছত তেতিয়া কামাখ্যাধামকে আদি কৰি অসমৰ যিমান ডাঙৰ ডাঙৰ সত্ৰ আছে, এই সকলোবোৰ ধৰ্মীয় অনুষ্ঠানৰ মাটিবোৰ চৰকাৰে লৈ ললে৷ আমি এতিয়া চিঞৰি আছোঁ, সত্ৰৰ মাটি বাংলাদেশীয়ে বেদখল কৰিলে বুলি৷ বাংলাদেশীয়ে সত্ৰৰ মাটি লোৱা নাই, লৈছে চৰকাৰে৷ চৰকাৰেই এই মাটিত সময়ে সময়ে মানুহ বহুৱাইছে, ম্যাদী পট্টা দিছে৷ এসময়ত বেঙেনাআটি সত্ৰৰ এজন সত্ৰাধিকাৰে এই আইনখনৰ এটা দফাৰ বিৰুদ্ধে সম্ভৱ গুৱাহাটীৰ আদালতত কেছ কৰিছিল, কিন্তু পিছলৈ টকাৰ অভাৱত সেই কে’ছ চলাব নোৱাৰিলে৷ বাদ বাকী আন কোনেও সেই সময়ত আইনখনৰ বিৰোধিতা নকৰিলে৷ বিলখন আহিছিল অসম গণ পৰিষদৰ দিনত৷ 

কথাবোৰ শুনি মোৰ মূৰটো গৰম হৈ গৈছে৷ জনতাক কেৱল বুৰ্বক বনাই ৰাখিছে চৰকাৰবোৰে৷ 

সত্ৰৰ মাটি পৰ্যন্ত চৰকাৰৰ ৰঙা চকুৰ কবলত! 

জনতাক আভুৱা দি চৰকাৰেই সত্ৰৰ মাটিৰ মূল বেদখলকাৰী৷ ইফালে আমি জনতাই ভাবি আছোঁ কি!

অধিকাৰীয়ে হিচাপ দি গ–‘কিমান দুখ লগা কথা চাব; কমলাবাৰী সত্ৰৰ ১৯৫২৭ বিঘা মাটি, বেঙেনাআটী সত্ৰৰ ২৪৩৩ বিঘা মাটি, দক্ষিণপাট সত্ৰৰ ৩৫৭৭০ বিঘা মাটি... সকলো চৰকাৰেহে লৈ লৈছে৷

সত্যেন্দ্ৰ নাথ বৰুৱাই এখন এখনকৈ সত্ৰৰ নাম লৈ হিচাপ দি গৈছে৷ যেন ৰাজ্যখনৰ পুৰণা কঁকালৰ বিষটো নতুনকৈ আৰম্ভ হৈছে৷ বৰুৱাই কৈ গৈছে– ‘নাম কৈ গৈ থাকিলে পাগল হৈ যাব আপোনালোক৷ আমি মিছাতে চিঞৰি আছোঁ বাংলাদেশীয়ে মাটি বেদখল কৰাক লৈ৷ এইবোৰ সকলো ৰাজনীতিৰ পাকচক্ৰ৷ সাধাৰণ জনতাই ইয়াৰ তত্ ধৰিব নোৱাৰে৷

হঠাৎ দেখিলোঁ টি. ভি.-টো আওজাই ৰখা সন্মুখৰ বেৰখনত পৰি থকা উঁইচিৰিঙাটোক জেঠী এটাই নিৰ্দয়ভাৱে মুখৰ মাজত ভৰাই ওপৰৰ চিলিংখনলৈ লৰ দিছে৷ কিছু সময় ছটফটাই উঁইচিৰিঙাটোৱে তাৰ মঙহাল শৰীৰটো জেঠীটোৰ সন্তুষ্টিৰ অৰ্থে দান কৰিছে৷ ঠিক ৰাজনীতিৰ বহল মুখখনত আমাৰ দৰে সাধাৰণ জনতাই মূৰটো আৰু বিৱেকটো সুমুৱাই দিয়াৰ দৰেই৷

ৰিজুমণি শইকীয়া– ‘এতিয়া এই মাটি বেদখলৰ বিষয়টো সত্ৰৰ পৰাই গৈ গৈ দিল্লী পাইছেগৈ? যদি চৰকাৰেই মাটি লৈছে, চৰকাৰেই মানুহ বহুৱাইছে, তেন্তে এতিয়া এইবোৰ মাটি বেদখলৰ পৰা মুক্ত কৰাৰ প্ৰসংগ কৰ পৰা আহিল?’

সত্যেন্দ্ৰ নাথ বৰুৱা– ‘প্ৰসংগ বুলিবলৈ একো নাই৷ প্ৰসংগৰ মায়াজালত জনতাক ক্ৰিমিনেল, কয়দীৰ দৰে বান্ধি থোৱা হৈছে৷ এইখন এক্টত কোন সত্ৰই কিমান মাটি ৰাখিব পাৰিব তাৰো নিৰিখ আছে৷ মুঠতে সত্ৰৰ ৰাজহাড় ভাঙি দিয়া এখন এক্ট৷ সত্ৰ মহাসভাৰ বিষয়ববীয়াৰ পৰা আদি কৰি কোনেও কিন্তু ঘটনাৰ প্ৰকৃত কাৰণ বুজিবলৈ চেষ্টা নকৰে৷  কওকচোন বাৰুআপোনালোকে কিমান সত্ৰৰ কিমান মাটি চৰকাৰে অধিগ্ৰহণ কৰিছে, তাৰ হিচাপ দিব পাৰিবনে? এই বিষয়ে কেতিয়াবা ভাবি চাইছেনে?’

সত্ৰাধিকাৰ প্ৰভু আৰু সত্ৰ মহাসভাৰ অধিকাৰী নিমাত৷

বৰুৱাই পুনৰ প্ৰশ্নবান এৰিলে– ‘এই এক্টখনৰ বিষয়ে আপোনালোকৰ মহাসভাই আলোচনা কৰিছেনে কেতিয়াবা?’

সত্ৰাধিকাৰ পুনৰ নিমাত৷

সত্যেন্দ্ৰ নাথ শৰ্মাৰ কথাত ক্ষোভ আৰু যুক্তি আছে– ‘দুখ লাগে কেতিয়াবা৷ অসমক বিশ্বৰ বুকুত চিনাকি কৰি দিব পৰাকৈ অসম মূলুকৰপৰা শেহতীয়াকৈ আছিল ভূপেন হাজৰিকা৷ তেওঁৰ স্মৃতিসৌধটোকে যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি থাকিব পৰাকৈ নিৰ্মাণ কৰিলেহেঁতেনে! বিশ্ববিদ্যালয়ৰ সন্মুখৰ মাটি এটুকুৰাত নামমাত্ৰ সৌধ এটি নিৰ্মাণ কৰি হাজৰিকাৰ সামগ্ৰিকতাকেই বুমেৰাং কৰি পেলোৱা হল৷গুৱাহাটীৰ বালাজী মন্দিৰ প্ৰতিষ্ঠা হোৱা আজি বিছ বছৰো হোৱা নাই৷ বালাজী মন্দিৰৰ কাষতে এখন সত্ৰ আছে৷ এইখন সত্ৰত সন্ধিয়া এগছি চাকি নজ্বলে৷ কিন্তু বালাজী মন্দিৰৰ অৱস্থা সকলোৱে দেখিছে৷ কি উন্নতি! কি কাৰুকাৰ্য! আমি অসমীয়াই বামুণ, কোঁচ, কলিতা, কছাৰী, আহোমৰ জাতি-অজাতিৰ খেল খেলোতেই জনমটো গল৷ গুৱাহাটী চহৰখনতে এটা ভাল অত্যাধুনিক নামঘৰ আমি বৰ্তমান সময়ত দেখুৱাই দিব নোৱাৰোঁ৷ যত নেকি পৰ্যটকে গৈ শঙ্কৰ-মাধৱৰ সৃষ্টিৰাজিৰ উমান লব পাৰে৷ 

ৰাজবংশীয়ে মাত দিলে– ‘অকল নামঘৰেই নে! অসমৰ ইমানবোৰ সত্ৰ আছে, অথচ আমি তাৰ এখন সত্ৰকো ভালদৰে প্ৰতিষ্ঠা কৰিব পৰা নাই৷ শঙ্কৰদেৱক খণ্ড-বিখণ্ড কৰি নাম-কীৰ্তনীয়া, বামুণীয়া, শঙ্কৰ সংঘৰ মাজত পাৰ্থক্য নিৰ্ধাৰণতে ব্যস্ত সকলো৷ তই সকাম পাতিলে মই নাহোঁ৷ মই পাতিলে তোক নামাতোএয়াই আমাৰ ধৰ্ম নীতি৷

ৰিজুমণি– ‘সেইবিলাক গোড়া মনোভাৱ অসমত ক্ৰমান্বয়ে নাইকিয়াহে হব লাগিছিল৷ কিন্তু হৈছে তাৰ বিপৰীত৷

সত্যেন্দ্ৰ নাথ বৰুৱা– ‘ৰাজ্যৰ বৰমূৰীয়াসকলে এই গোড়া মনোভাৱত আৰু ঘিউ ঢালিছে৷

ময়ূৰ কৃষ্ণ বৰা– ‘সেইদিনা সম্বন্ধীয় এঘৰৰ বিয়ালৈ গৈছিলো৷ গৈ দেখিছোঁ, গাঁৱৰ মানুহ এজনো নাই৷ যিমান আছে সকলো কাষৰ গাঁওখনৰ বা অন্যান্য মিটিৰ-কুটুম৷ খবৰ লৈ গম পালোঁ তেওঁলোকৰ ঘৰখনক হেনো এঘৰীয়া কৰি থোৱা হৈছে৷ কাৰণ মাজুজনী ছোৱালী অন্য সম্প্ৰদায়ৰ যুৱকলৈ বিয়া হৈ গৈছে৷

ৰিজুমণিৰ প্ৰশ্ন– ‘আমি আচলতে গৈ আছোঁ কলৈ?’

উত্তৰটো শুনাৰ সৌভাগ্য নহল৷ ইতিমধ্যেই কাৰেণ্ট আকৌ গুচি গল৷ 

গাঁৱত থাকোঁ আমি৷ গাঁৱত কাৰেণ্ট দিনটোত দুশবাৰমান আহে৷ ৰূমটো আন্ধাৰ হোৱা মাত্ৰেই বহি থকা চোফাখনৰ চৌফালে মহ, ফুটি, বীজাণু-বেক্টেৰীয়াই আহি কুন-কুন, কাণ-কাণকৈ চিঞৰ-বাখৰ লগালেহি৷ চকুত পোহৰ হেৰুৱাই মই যেন তেনেই অচিনাকী এখন গভীৰ অৰণ্যত এখনতহে হেৰাই গলোঁ! কোনোদিনে অনুভৱ কৰিব নোৱৰা জয়াল অন্ধকাৰত বিলীন হৈ গলো ! এইমাত্ৰ টি. ভি.-ত সোধা প্ৰশ্নটোৱেই যেন গভীৰ অৰণ্যখনে আহি সুধিলেহি মোকআমি গৈ আছোঁ কলৈজয়াল আন্ধাৰেও যেন আদালতত বহুৱাই মোক প্ৰশ্ন কৰিলেহিআমি গৈ আছোঁ কলৈ? কোঠাটোৰ চাৰিওকাষে¸ একেটা প্ৰশ্নই যেন প্ৰতিধ্বনিত হৈ মোৰ মন মগজুক জোকাৰি পেলালে– ‘আমি গৈ আছোঁ কলৈ?’

অৱশ্যে ইয়াৰ উত্তৰটো ইতিমধেই মই বুজি উঠিছোঁ৷ 

সেয়েহে অলপ চিঞৰি কওঁ বুলিয়েই চিঞৰি দিলোঁ– ‘জহন্নামলৈ


লেখকৰ ঠিকনা :
গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, আৰ চিচি ফাইব
জালুকবাৰী, পিন- ৭৮১০১৪, মেইল- bhaskarbhuyan2015@gmail.com
ফেচবুকৰ লিংক- https://www.facebook.com/BhaskarBhuyan216

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ