মূল : ৰামকুমাৰ মুখোপাধ্যায়
অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী
চতুৰ্থ খণ্ড
স্বাস্থ্য
(ক্লীবলিঙ্গ৷ ১ স্বস্থভাব, প্ৰকৃতিস্থতা৷ “তাবন্ন
তে পিতা ৰাম স্বাস্থ্যং প্ৰাপ্স্যতি দুঃখিত৷ ৰামায়ণ by Gaspare Gorresio৷ কথাসৰিৎসাগৰ৷ না কহিলে স্বাস্থ্য নাহি জানাই তোমাকে৷ -কাশীদাসী মহাভাৰত৷
শৰীৰেৰ স্বাস্থ্য : বঙ্কিমচন্দ্ৰ-গ্ৰন্থাবলী৷
২ অৰোগিতা, আৰোগ্য৷ ৩ স্বাচ্চন্দ্য৷
“লব্ধমিদানীং স্বাস্থ্যম্ : অভিজ্ঞানশকুন্তল
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ-সংস্কৃত৷ চিত্তে স্বাস্থ্য না পায়েন : চৈতন্যভাগবত৷ মনে
স্বাস্থ্য নাহি : চৈতন্যচৰিতামৃত৷ ৪ নিৰাকাঙক্ষভাব, কামৰাহিত্য৷
‘বাঞ্ছাবিচ্চেদনং প্ৰাহুঃ স্বাস্থ্য শান্তা মহৰ্ষয়ঃ৷ -পঞ্চতন্ত্ৰ৷ ৫ [বাঙ্লায়]
স্বাভাবিকভাবে; স্বভাবপ্ৰফুল্লভাব৷
“সদ্যঃপ্ৰস্ফুটিত প্ৰাতপুষ্পেৰ যেমন পূৰ্ণস্বাস্থ্য : বঙ্কিমচন্দ্ৰ-গ্ৰন্থাবলী৷)
– শৰীৰৰ ওপৰত একো
নাই৷ শৰীৰটোৰ দেহ ক্ষয় হ’লে ভৱলীলা শেষ৷ বুকু চপৰিয়াই থাকিলেও আৰু দেখা নাপাব৷ তেতিয়াতো
হাড়-মাংস চব পঞ্চভূতত মিহলি হৈয়েই গ’ল৷
– পঞ্চভূতনো কি সুধিছে?
পহিলাত ভূতনাথ, তেৱেইতো জগত সংসাৰৰ ভূত-ভৱিষ্যৎ চোৱা-চিতা কৰে৷ তাৰপাছত তেওঁৰ দুই সঙ্গী,
নন্দী আৰু ভৃঙ্গী৷ নাৰী ভূত হ’ল ভূতি৷ ভূপতি নন্দীৰ ডাঙৰজনী ছোৱালীক ভূতে ধৰিছিল৷ তেতিয়াৰ
পৰাই সকলোৱে তাইক ভূতি বোলে৷ তেনেহ’লে হ’ল আৰু৷
– নহ’লনে? এটা কম
হল নেকি? হেৰি সন্ধিয়াপৰত ভূতৰ নাম মুখত ল’ব নাপায়, তেখেতসকলে নহ’লে কান্ধত খোঁপনি
পুঁতি বহিবহি৷ এটা কমিলে একো হানি-বিঘিনি নহয়৷
– হয় হয়, শৰীৰ-চৰ্চা
দৰকাৰ৷ ঘৰ-দুৱাৰ জাৰু দি চাফ-চিকুণ কৰিছে, ইফালে শৰীৰৰ চোৱাচিতা নকৰিব নেকি? দেহাটিকো
ঘঁহা-মজা কৰিব লাগিব৷ নহ’লে মলি জমা হৈয়েই থাকিব৷ তেল-শালপাতেৰে কাঁহৰ ঘটি ঘঁহিলে ৰূপৰ
দৰে হাঁহিব, আকৌ এমাহ এনেয়ে পেলাই থ’লে চকু দুটা কলা হ’ব৷
– শৰীৰ ভালে ৰাখিবলৈ
কি কৰা দৰকাৰ সুধিছে? কুস্তি কৰিব লাগিব৷ কুস্তি কৰোঁতে কৰোঁতে দেখিব হাত আৰু ভৰিৰ
পেশীবোৰ ভাপত দিয়া পিঠাৰ দৰে ফুলি উঠিছে৷ তেতিয়া লাঠিৰে কোবালেও কোব নালাগিব৷
– নাই নাই, মই কুস্তি
কৰা নাছিলোঁ৷ পাঁচ বছৰ বয়সত আইসকল ওলাইছিল, বচ্ তাৰ পাছত শৰীৰ বেয়াৰফালে গ’ল৷
– হয়, সেই ঘৰ আৰু
পুখুৰীটো পাছত কৰিব পৰা হ’লহেঁতেন৷ পেটৰ অসুখে যে কিমানদিন পাছ এৰা নাই সেয়া আৰু কি
ক’ম! কিমান মোন যে ভেদাই লতাৰ পাত খাইছোঁ তাৰ হিচাপ নাই৷ তবে কুস্তিৰ দেহ চাবলৈ বিচাৰিলে
হৰেৰচকলৈ যাওক, জীৱন ৰাহাৰ বুকুত হাতী থিয় হ’লেও একো নহয়৷ সি মূৰত নাৰিকল ভাঙে৷
– কি খায় ক’ব নোৱাৰিম
তবে দেহা চাই আহাৰ-পানীৰ যোগান ঠিক-ঠাককৈ ধৰিব লাগিব৷ কেঁচা বুট লাগিব, সান্দহ লাগিব
আৰু গাখীৰ লাগিব৷ মাছ-মাংসও লাগিব৷ আৰু দৰকাৰ ব্ৰহ্মচৰ্য৷ ভোকে অস্থিৰ কৰি পেলালে সেই
ধৰণৰ শৰীৰ নাপাব৷ আমি যিটোক ‘স্বাস্থ্য’ বুলি কওঁ, মুনিসকলে সেইটোকে বোলে ‘শাস্ত্ৰ’৷
– শাস্ত্ৰত কি লিখা
আছে সুধিছে? তাত গছ-গছনি, জীৱ-জন্তু, নাৰী-পুৰুষ সকলোৰে কথা আছে৷ চাতড়া কেঁকুৰিলৈ
গ’লে দেখিব সুবল খেদ্যাৰ তিনি ভাই-ককায়েকৰ তিনিখন দোকান৷ এখনত ৰাসায়নিক সাৰ, এখনত ঔষধ
আৰু এখনত নিমখ-তেল-খলিহৈ৷ সাৰ হ’ল ধান-ঘেঁহুৰ খাদ্য, ঔষধ মানুহৰ আৰু খলিহৈ হ’ল গৰুৰ
খাদ্য৷
– হয়, তিনিটাৰে বেলেগ
বেলেগ স্বাস্থ্য, বেলেগ বেলেগ পথ্য৷ মানুহে ৰাসায়নিক সাৰ খালে মৰি যাব৷ ধানৰ মুজুৰা
পৰা ৰোগত টেবলেট নচলিব, ‘ফলিডল’হে দিব লাগিব৷ সিফালে ‘ফলিডল’ পুখুৰীত দিলে মাছবোৰ পেট
লুটিয়াই মৰি যাব৷ যোৱা বছৰ খানহঁতৰ পুখুৰীত কোন কুকুৰে জানো ঢালি দিছিল, চাৰি-পাঁচ
কেজি ওজনৰ মাছবোৰ কলঢ্প্ কলঢ্প্ কৰি মৰিল৷ সেয়া বিছ-পছিশ হাজাৰ টকাৰ মাছ৷
– হৈ চৈ হ’ল বুইছে!
গোটেই গাঁৱখন হিলদল ভাঙি আহিল৷ সেয়া এনে মাছ যে এজনে তুলিব নোৱাৰে৷ ফিচাৰ কোবেৰে লুটিয়াই
পেলাই দিব৷ কিন্তু খোৱাৰ উপায় নাই৷ দৃশ্যটো দেখি খানহঁতৰ ডাঙৰজনৰ ‘চুগাৰ’ হৈ গ’ল৷ যিজন
মানুহে সৌ-সিদিনালৈকে পাঁচগণ্ডা ৰসগোল্লা খাইছিল তেওঁ এতিয়া নয়নতৰা গছৰ পাতৰ ৰস খায়৷
তেওঁৰ ডিঙিটো এনেকৈয়েই খীনাইছে যে দেখিলে চিনিয়েই নাপাব৷
– কি কৈছে হেৰি,
এনে প্ৰকাণ্ড শিলৰ নিচিনা মাছবোৰ মৰি গ’লে মানুহ ঠিকে থাকিব পাৰেনে? মোৰ সৰু খুড়াৰ
গাহৰি এটা যোৱা বছৰ মৰিল৷ সেই শোকত সৰু খুড়া বিছনাত৷ দুনাই উঠিব নোৱাৰিলে৷ যেনেকৈ
ঘৰত শুইছিল তেনেকৈয়ে চিতাত উঠিল৷
– নাই নাই, সৰু খুড়াই
হাড়িয়া চুইয়ো পোৱা নাছিল, নিচা বুলিবলৈ সৰু খুড়াৰ একোৱেই নাছিল৷ আৰু হাড়িয়াত শৰীৰৰ
কোনো ক্ষতি নাই৷ যিমানে খাব সিমানে তেজ পৰিষ্কাৰ হ’ব৷ আপুনি খাই থাকক, শেষ হ’লে আকৌ
আহিব৷
– ক্ষতি কিহত? মনৰ
অশান্তিত৷ মিঠা আমগছজোপা ধুমুহাত উভাল খাই পৰিলে মনত দুঃখ, হাঁহজনী শিয়ালে লৈ গ’লে
দুঃখ৷ সকলোবিলাক ঠিক থাকিলেহে আপোনাৰো শৰীৰ ঠিক থাকিব৷
– নাই নাই, মোৰ দেহত
ভগৱন্তৰ কৃপাত কোনো ৰোগ নাই৷ শুনিলোঁ বোলে প্ৰধানমন্ত্ৰীৰ আঁঠুৰ হাড় বাঢ়িছে? বৰ বেয়া
বেমাৰ৷ পিয়াৰডোবাৰ হীৰা দিগৰে হাদুম খেলিছিল৷ তাৰ আঠুতো হাড় বাঢ়িল৷ চিকিৎসাত কোনো
ত্ৰুটী নাছিল৷ বীৰঝপটাৰ পূজা দিবলৈ গ’ল এটা মুৰ্গি আৰু একলহ লাও-পানীৰে৷
– লাও-পানী কি নাজানে?
সেইয়া ভাতৰ ৰস, গোঁসানীৰ প্ৰসাদ৷ তেৰাৰ আসনৰ পৰা নিগৰি গাঁতত আহি জমা হয়৷ তাৰ পাছত
সকলোৱে লয়৷
– হয় হয়৷ ডাক্টৰৰ
ওচৰলৈয়ো গৈছিল৷ হীৰাৰ ঘৈণী হ’ল সাৱিত্ৰী, গাভিনী ছাগলীজনী বেচি আৰামবাগৰ ডাক্টৰৰ ওচৰলৈ
গ’ল৷
– হেৰি ডাক্টৰে একোৱেই
নক’লে, তাতেই দুঃখ৷ আগে-পাছে ৰোগীয়েই ৰোগী – কথা শুনাৰ সময় নাই৷ কাগজত লিখি দিলে৷ কাগজখন
দোকানত দিয়াত ঔষধ দিলে৷ ছাগলী গোবৰৰ দানাৰ নিচিনা কেইটামান পিল৷ বচ্, পিলো শেষ বিষো
আৰম্ভ৷ কিন্তু ডাক্টৰৰ ফিজ উভতাই নাপালে৷ কুকুৰা আৰু ছাগলী দুয়োটাই গ’ল, ৰোগ নাতৰিল৷
মই অৱশ্যে হাড়িয়াৰ দাম লোৱা নাছিলোঁ৷ হীৰাৰ পিতাক মোৰ পিতাৰ সখী আছিল৷ তাৰ উপৰি গোঁসানীৰ
নৈবেদ্য বুলিও কথা এটা আছে!
– ভাল নহয়, মাটিত
টিকা চোঁচৰাই কোঠাৰ পৰা সেই দুৱাৰডলিলৈকেহে আহিব পাৰে৷ প্ৰধানমন্ত্ৰীৰ আঠুৰো হাড়
বাঢ়িল, সেইটোও চিন্তা৷ হাড় বস্তুটো বৰ গণ্ডগোলীয়া৷ পৰাক্ৰমীৰ আগত বেঙা আৰু বেঙাৰ
আগত তীব্ৰমূৰ্তি৷ পাৰ চৰাইৰ হাড় আপুনি কৰ্কৰকৈ ভাঙিছে, মই হ’লে নোৱাৰিম৷ হাড় চুপি
সোৱাদ নাপাব, চোবাব লাগিব৷ এটাও দাঁত নাই, কি কৰোঁ কওঁকচোন?
– ভাৰতৰ স্বাস্ব্য
মন্ত্ৰীৰ নাম কি সুধিছে? নাজানো হেৰি৷ দিল্লীৰ কথা, জানিমনো কেনেকৈ! হয় হয়, মোৰাৰজী
দেশাই এসময়ত স্বাস্থ্যমন্ত্ৰী আছিল৷ নিজৰ মূত নিজেই খাইছিল৷ সকলোকে খাবলৈ কৈছিল৷
– হেৰি সকলোৱে খায়নে
বাৰু? তেনেহ’লে সকলো হচ্পিটেল উঠি যাব৷ প্ৰস্ৰাৱত দোষ থাকিলে হিতে বিপৰীত৷ ভূতেশ ডাক্টৰ
...৷ লওক, পঞ্চভূতৰ এটা কম হৈছিল, পাই গ’ল৷
– ভূতেশ ডাক্টৰে
গৰু আৰু মানুহ উভয়ৰে চিকিৎসা কৰে৷ হেমপ্যেথি নহয়, এলোপ্যেথি৷ দুৰ্গাপদ ডাক্টৰৰ কম্পাউণ্ডাৰ
আছিল, এতিয়া ডাক্টৰ৷
– পাছ কৰা ডাক্টৰ
হয়নে নহয় ক’ব নোৱাৰিম৷ হেৰি পাছ হ’লেই গণ্ডগোল, ফিজ লাগিব৷ পাছ নকৰা ডাক্টৰ হ’লে কেৱল
ঔষধৰ দাম দিলেই লেঠা ছিগিল৷ ভূতেশ ডাক্টৰৰ পাঁচটা পিল খালেই জ্বৰ নেগুৰ দাঙি পলাব৷
গৰু-মানুহ সকলো পলাব৷
– পশ্চিমবঙ্গৰ স্বাস্থ্যমন্ত্ৰী
কোন সুধিছে? এতিয়া কোনোৱেই নাই৷ বাঁকুড়াৰ পাৰ্থ দে যে আছিল, যোৱাবাৰ ভোটত হাৰিল৷ মানুহৰ
বোধ-বিবেচনাৰ কথা ভাবকচোন৷ হেৰি, স্বাস্থ্য নাথাকিলে আৰু থাকিলনো কি?
– অ’, নতুন স্বাস্থ্যমন্ত্ৰী
হৈছে! বাঃ বেচ্, হ’বইতো, শৰীৰ বুলি কথা এটা আছে৷ এতিয়া চিন্তা মাথোঁ এটাই, ফিজ৷ ফিজ
বেছি কৰিলে মানুহে দেখুওৱাব নোৱাৰিব৷
– হয় হয়, হচ্পিতাললৈ
গৈছিলোঁ বুইছে৷ এবাৰ লৈ গৈছিল, দুবাৰ নিজেই গৈছিলোঁ৷ যিবাৰ এন্কেফেলাইটিছ হৈছিল সেইবাৰ
লৈ গৈছিল৷ ট্ৰেক্টৰত তুলি নিছিল৷ এটকাও ভাড়া লোৱা নাছিল৷ বৰ শুশ্ৰূষা কৰিছিল, নমতাকৈয়ে
ডাক্টৰ দৌৰি আহিছিল৷ নাৰ্চ দুজনীয়ে যেনে শুশ্ৰূষা কৰিলে সেয়া নেদেখিলে বিশ্বাস নকৰিব৷
এই জ্বৰ জোখে যদি লগে লগে প্ৰেছাৰ জোখে৷ বটলে বটলে বেজীৰে হাতত চেলাইন সুমুৱাই দিলে৷
– বিষ? তেতিয়া মোৰ
হাত-ভৰি পেটত লুকাইছিল৷ ভাবিছিলোঁ ইমানবোৰ কৰিছে, শেষত হাতত বিলখন গতাই দিব নেকি? নহয়,
মিছা কোৱা নাই, এটকাও লোৱা নাছিল৷ উভতি অহাৰ দিনা ভাবিছিলোঁ কি কৰোঁ! কম্পাউণ্ডৰ বাবুয়ে
এখন বালিৰ ট্ৰাকত তুলি দিলে৷
– আৰু দুবাৰ গৈছিলোঁ
বেলেগ কামত৷ এবাৰ মোৰ জ্বৰ এৰা নাছিল৷ নাকে-মুখেদি জুই ওলাইছিল৷ ভূতেশ ডাক্টৰে ক’লে
অৱস্থা ভাল নহয়৷ সেইবাৰ চাৰি-পাঁচদিন আছিলোঁ৷ আৰু এবাৰ অপাৰেশ্বনৰ সময়ত গৈছিলোঁ৷
– অপাৰেশ্বন মানে
বঁজা বনোৱা৷ সেয়া পঁচিছ বছৰমান আগতে হৈছিল৷ মোৰ সৰু ল’ৰাটো তেতিয়া ডাঙৰ, বয়স চৌধ্য
কি পোন্ধৰ হ’ব৷
– চন-তন ক’ব নোৱাৰিম৷
সেই বছৰ আমাৰ চুবুৰীত প্ৰথম ৰঙামাটি পৰিছিল৷
– জৰুৰী অৱস্থাৰ
কথা সুধিছে? মনত নপৰে, তবে ভূদেব চেটাৰ্জী ঘৰলৈকে আহিছিল৷ কৈছিল হাচ্পাতাললৈ অহা-যোৱাৰ
ব্যৱস্থা কৰিব, কৰিছিলোঁ৷ হাচ্পাতাললৈ গৈ দেখোঁ তেওঁ একেবাৰে গুৰিয়াল৷ অহাৰ সময়ত হাতত
টকাও তুলি দিলে৷
– নহয়, নহয়, মোৰ
পত্নী যোৱা নাছিল, তাইকতো দহ বছৰ আগতেই বাজী বনাই দিলে৷
– হেৰি বামুণ মানুহে
আহি ক’লে কিদৰে ‘নহ’ব’ বুলি কওঁ কওঁকচোন বাৰু! তবে কেৱল মোৰ দোষখিনি দেখিলেই নহ’ব,
এইদৰে ক’ত লোকৰ সংসাৰত যে দুজনকে বঁজা-বাঁজী কৰি এৰিছিল৷ ভূদেৱ চেটাৰ্জীয়ে ক’লে দৰমহা
বন্ধ হৈ যাব৷ মানুহে কি কৰিব কওঁকচোন বাৰু! গাঁৱৰ গোটেইখিনিৰ দৰমহা বন্ধ হৈ গ’লে কেনেকৈ
চলিব বাৰু কওঁকচোন?
– হাচ্পাতালৰ পৰিৱেশৰ
কথা সুধিছে? হেৰি ‘পৰিৱেশ’ কথাটো বৰ চিনাকি চিনাকি লাগিছে৷ কাৰ মুখত শুনিছিলোঁ কওঁকচোন
বাৰু? মনত পৰিছে, সাক্ষৰতাৰ কিতাপত৷
– ‘পৰিৱেশ’ মানে
‘পৰিৱেশন’৷ এওঁৰ পাতত শাক পৰিল আৰু তেওঁৰ পাতত মাছ, এইটো নচলিব৷ ভাজি-আঞ্জাবোৰ ক্ৰমাৎ
আহি থাকিব লাগিব৷ বিনোদ বামুণ হ’ল নোম-টেঙৰ৷ এমুঠি বুন্দিয়া পাঁচজনৰ পাতত চটিয়াই দিব৷
– হাচ্পাতালৰ পৰিৱেশত
কোনো গণ্ডগোল নাই৷ থালত দাইল, ভাত, তৰকাৰী, মাছ সব দি যায়৷ তবে নিমখৰ বটলটো লুটিয়াই
দিলেই গণ্ডগোল৷ তেতিয়া পেট খালি কিন্তু ভোক নাই, আজব কাল বুইছে৷
– ডাক্টৰ? হেৰি ডাক্টৰ
হ’লগৈ ভগৱানৰ দালাল৷ হাড়-মাংসৰে ভগৱানে মানুহ গঢ়িলে৷ তাৰ পাছত তেওঁলোক পৃথিৱীলৈ আহিল৷
শৰীৰটো স্বৰ্গৰ, বাস কৰিব ধৰণীত – প্ৰথমেই গণ্ডগোল৷ নদী কাষৰ সৰু পুখুৰী-বিলৰ কাষলৈ
আহিলে যি হয় আৰু৷ ভৰি দুখন ফুলি গ’ল৷ এতিয়া ডাক্টৰ মাতা৷ ডাক্টৰ আহি জ্বৰ চোৱা নল লগালতেই
ৰোগ উৰি গ’ল৷ ঔষধ হ’ল মনৰ চিকিৎসা৷
– সেয়া ঠিক, দ্ৰব্যগুণ
আছে নিশ্চয়৷ পৰহি মোদো নন্দী আহিছিল৷ কৈছিল...
– নহয় নহয়, ‘মদ’ৰ
পৰা ‘মোদো’ হোৱা নাই, সেইটো মধুৰ পৰাহে হৈছে৷
– হয় হয়, মধুসূদনৰ
পৰা৷ গাঁৱৰ যাত্ৰাদলৰ পমটাৰ৷ গোটেই কিতাপখন মুখস্থ মাতিব পাৰে৷ ‘কেদাৰ ৰাজা’, ‘মেজ
বউ’, ‘আমেৰিকা জ্বলিছে’ সব মুখস্থ৷
– হয় হয়, স্বাস্থ্য
ভাল৷ বয়স তিনি কুৰি হ’ব, তবে শৰীৰত বয়সৰ চাপ পৰা নাই৷ আচলতে নিজেইতো ডাক্টৰ৷
– মানুহ-গৰু সকলোৰে
ডাক্টৰ৷ মানুহক ঔষধ দিলে গৰুৰ বেলিকাও দিব লাগিব৷ দুটাতেই প্ৰাণ, দুয়োটাই ভগৱানৰ দান৷
তবে এইবাৰৰ কাহিনীটো এটা ল’ৰাৰ৷ দুমাহ পূৰ্বে মোদো নন্দীয়ে ৰামজীৱনপুৰলৈ এটা হালুৱা
গৰু চিকিৎসা কৰাবলৈ লৈ গৈছিল৷ তাৰে ল’ৰা এটাই কাণৰ ওচৰত ফুচফুচাই কৈছিল, ‘ৰতি বৃদ্ধিৰ
ঔষধ এটা দিয়াচোন ডাক্টৰ৷’
– হয়, দিছিল৷
– কি ঔষধ? সেই শ্বেত
পুৰ্ণনৱাৰ শিপাৰ স’তে শিমলুৰ ৰস, গন্ধক, ঘিউ, মধু মিহলাই এবিধ ঔষধ৷ মোদো নন্দী যোৱাটো
সপ্তাহত আকৌ গৈছিল ৰামজীৱনপুৰলৈ৷ ল’ৰাটোৱে আহি ক’লেহি বোলে ঔষধে কাম কৰা নাই৷ ডাক্টৰে
খবৰ লৈ গম পালে সি গাখীৰ আৰু কেঁচা কণীটো খোৱা নাছিল৷ সেয়ে কাম নহ’ল৷ কেৱল দ্ৰব্যগুণেৰে
নহ’ব, খাদ্যগুণো দৰকাৰ৷
– ভাল ডাক্টৰ কাক
বুলিম সুধিছে? বেয়া হ’লে কোনোৱে ভাল নুবুলিব৷ শিমূলতলাৰ মদন পাঁজা ভাল ডাক্টৰ আছিল৷
কলকাতাৰ হাচ্পাতালৰ ডাক্টৰ৷ প্ৰতি সপ্তাহে আহিছিল৷ গাঁৱৰ পাঠশালাখনকে ডাঙৰ ইচকুল কৰিলে৷
পাঁচজনীমান বিধৱাক বিয়া দিলে৷ পথৰ দাঁতিত গছ ৰুলে৷
– হয় হয়, বৰ ভাল
ঔষধ দিছিল৷ বৰ চৌখিন মানুহ আছিল৷ ঘৰ-সংসাৰৰ খবৰ লৈছিল৷ ভৰিৰ নখত বিষ হ’লে চুলিখিনিৰো
খবৰ লৈছিল৷ এনে ডাক্টৰ আৰু নাপাব৷
– ডাক্টৰবোৰ গাঁৱলৈ
আহিব নিবিচাৰে বুলি কৈছে? বৰ বিপদৰ কথা৷ আগতে মহমৰা ইনচ্পেক্টৰবোৰ আহিছিল, তেওঁলোকো
আৰু নহা হ’ল৷ নাহিলে কি কৰিবনো, ধৰি-বান্ধি আনিব নোৱাৰিব? বিধান ৰায়কেই ধৰি ৰাখিব পৰা
নহ’ল, তাতে আকৌ অন্য ডাক্টৰ!
– ৰায় ডাঙৰীয়াক চিনি
নাপায়, কি যে কয় আপুনি হেৰি! খোজ চাইয়েই বেমাৰৰ কথা কৈ দিব পাৰে৷ চিকিৎসা কৰোঁতে কৰোঁতে
সংসাৰৰ কথা ভাবিবই নোৱাৰিলে, বিয়া-বাৰু নকৰাকৈয়ে ৰৈ গ’ল৷
– দেখিছোঁ মানে?
ওচৰৰ পৰা দেখিছোঁ৷ মই ধৰক এইখিনিত আৰু বিধান ৰায় সেই উঁই সাফলুটো মানত৷ ধূতি-কামিজ
দুয়োটাই বগা ধক্ধকীয়া৷ বুকুৰ পকেটত কলম, চকুত চশমা আৰু চুলিখিনি কদমফুলৰ নিচিনাকৈ
কঁটা৷
– নাই নাই, নিজে
যোৱা নাই৷ তেতিয়া গাঁৱৰ নেতা ৰাধাগোবিন্দ খাঁন, তেঁৱে খেদি খেদি নিলে৷ ৰাতিপুৱা ওলালোঁ
আৰু দুপৰীয়া হওঁতে কি নহওঁতেই শালতোড়া পালোগৈ৷ ৰাস্তাত মুড়ি-গুৰ-ফুলৰি খোৱা হ’ল৷
উভতি আহোঁতে পতাকাখন ঘৰলৈ আনিলোঁ৷ গাৰু দুটাৰ ক’ভাৰ হ’ল৷
– মানুহ মানে? সেই
একেবাৰে শিৱমেলা৷ বিধান ৰায় শালতোড়াত ভোটত উঠিছে, কম কথা? সকলোৱে ক’লে চাফা-পানীৰ
শালতোড়াত এইবাৰ বান হ’ব৷ দুৰ্গাপুৰৰ কাৰখানাৰ আধা মাল প্ৰস্তুত হ’ব শালতোড়াত৷ হাচ্পাতাল
হ’ব৷
– হ’ল মানে, এখন
শিৱমেলাৰ সমান মানুহ দেখি আনন্দতে ৰাধাগোবিন্দই তিনি-পোৱা জেলেপি খালে৷ বচ্, পেট চলি
গ’ল৷
– হয়, ভোটত জিকিল
ৰায় ডাঙৰীয়া৷ বহুত মুড়ি-বুন্দিয়া খোৱা হ’ল৷ মাজ ৰাতিলৈকে হাড়িয়াৰ কলহ চলিল৷ আৰু কেইদিনমানৰ
পাছতেই শুনিলোঁ ৰায় ডাঙৰীয়াই আসনখন এৰি দিলে৷ কলিকতাৰ আন এখন আসনত উঠিছিল৷ তাতেই থাকিব৷
হেৰি গাঁৱত ডাক্টৰ নাথাকিব৷ সেই বিধান ৰায়ৰ পৰা আৰম্ভ হ’ল, আৰু বন্ধ হোৱা নাই৷ মালাডাল
পিন্ধাব পাৰিব কিন্তু বান্ধিব নোৱাৰিব৷
– তবে বান্ধিবৰ উপায়
আছে৷ মাজতে এবাৰ চাউলৰ বৰ টনাটনি হৈছিল, গাঁৱৰ সব চাউল চহৰলৈ গৈছিল৷ সেইবাৰেইতো পশুপতি
খেদাই চহৰত চাউল বেচি তিনি বিঘা দ’ পথাৰৰ শালি মাটি কিনিলে৷ পশুপতিয়ে কম চাউল কলকাতালৈ
চোৰাংকৈ পঠোৱা নাছিল৷
– নহয় হেৰি, ডাক্টৰবোৰে
চাউল চোৰাংকৈ পঠিয়াবনো কিয়? সেইবাবে ৰাস্তাত পুলিচ বহিল৷ সিহঁতে চাইকেল ধৰিছিল, বাছত
উঠি ছিটৰ তলত খেপিয়াইছিল৷
– ঠিক কৈছে, চাউলৰ
বস্তা পালেই ‘কাৰ চাউল’ বুলি ডাঙৰকৈ চিয়ঁৰিছিল৷ কোনোবাই বাৰু ক’বনে? বাছৰ মানুহখিনিৰ
মুখবোৰ চাই পুলিচে চাউলৰ বস্তাটো হাতত লৈ নামি গৈছিল৷ দুই-চাৰিদিন যাওঁতে যাওঁতে মুখবোৰ
চিনাকি হৈ পৰিছিল৷ তেতিয়া ঘপহ্কৈ থাপ মাৰি ধৰিছিল৷ মানুহজনে কয় চাউল তেওঁৰ নহয়, পুলিচে
কয় তেওঁৰ৷ এনেকৈয়ে যদি ডাক্টৰৰ বেগটোও ধৰি ৰাখিব পাৰে তেনেহ’লে গাঁৱৰ ডাক্টৰ গাঁৱতে
থাকিব৷ দুই-চাৰিদিন থাকিলে মুখখন চিনাকি হৈ পৰিব৷ তেতিয়া ‘নাথাকোঁ’ বুলিলেও এৰা নহ’ব৷
– হেৰি সেইয়া হয়,
কিন্তু কেইদিন ধৰি ৰাখিব কওঁকচোন? কেঁচুৱাও নহয় যে পুতলা দি খুচি কৰিব৷ যেনেকৈ চলিছিল
তেনেকৈয়ে চলিব, মাজে-সময়ে আহি বিছ-ত্ৰিছজনৰ চকুৰ চামনি কাটি দিব৷ সেইয়াও ভাল৷ অথন্তৰ
সেই কাঠীৰ আঘাতৰ পৰা৷ যাকে পাৰিলে খোঁট মাৰিলে৷ সেয়াতো চামনিকটাৰ নিচিনা পাইকাৰী নহ’ব,
সেইয়া খুচুৰা বিষয়৷
– ওজাৰ ওচৰলৈ? যাব,
ৰাতি হ’লে যাব, দিনত হ’লে বেলেগ কথা৷ তেতিয়া দেখিব ওজাও বালিগাড়ীত উঠি হাচ্পাতাললৈ
দৌৰিছে৷
– নহয় নহয়, সকলোৱেই
আৰু মৰে নেকি! মূৰত বিষ উঠি গ’লেহে মৰে৷ তেতিয়া হাচ্পাতালত ডাক্টৰ থাকিলেও মৰিব, নাথাকিলেও
মৰিব৷
– হাৰ্টৰ অসুখৰ সবাতোকৈ
ভাল চিকিৎসা হয় ভেলোৰত৷ নিমাই হাজৰা তিনি লাখ টকা লৈ তালৈ গৈছিল, সব কলকব্জা সলাই দিলে৷
– নহয় নহয়, হাচ্পাতালত
পাৰ্টি কৰা ভাল নহ’ব৷ লোকৰ জীৱন তোমাৰ হাতত, তোমাৰ মনটো থিৰ ৰাখিব লাগিব৷ মন থিৰ নহ’লে
পাৰ্টিও নচলিব হাচ্পাতালো নচলিব৷ অৱস্থাটো কম্পাউণ্ডৰ বিনোদ কোলৰ নিচিনা হ’ব৷
– একোৱেই হোৱা নাই,
আচলতে দুয়োটা দিশ চম্ভালিব পৰা নাই৷ হাচ্পাতালৰ পৰা পাৰ্টিৰ কাম কৰিবলৈ ওলাল কিন্তু
গৈ পাবগৈ নোৱাৰিলে৷ মাজবাটতে ৰৈ গ’ল৷ আকৌ পাৰ্টি অফিচৰ পৰা হাচ্পাতাল পাবহি নোৱাৰিলে৷
বাটতে বহি দিলে৷ দুটা কাম চম্ভালা বৰ কঠিন৷ ডাক্টৰ অচিন্ত্য দত্তৰ কথাকে ভাবকচোন৷ যোৱা
বছৰ মোক তুলি নি ভোট দিয়ালে৷ কৈছিলোঁ, ‘হেৰ, ঘৰ-দুৱাৰ দুয়োটাই চম্ভালিব পাৰিবিনে?’
অ’ বুলিলে, এতিয়া চোৱা৷
– এনেয়ে একো গণ্ডগোল
নাই কিন্তু চকী ইয়াত ডাক্টৰখানা কলকাতাত৷ গাঁৱত এম.এল.এ. গিৰি আৰু কলকাতাত ডাক্টৰগিৰি,
সহজ কাম?
– সকলো ৰোগৰ মূলতে
তেজ৷ তেজ গৰম থাকিলে একো অসুখে শিপাব নোৱাৰে৷ তেজ কমিলেই সিহঁতবোৰৰ সকলো আহি দুৱাৰডলিত
হাজিৰ৷ আজি হাঁপানিৰ কষ্ট কাইলৈ জণ্ডিচ৷ বাঁত বিষ, সূতিকা, খহু-খজুৱতি, দাঁতৰ বিষ সব
এটাৰ পিছত এটা আহিব৷ তেজৰো আকৌ জাত আছে৷ চাব আপোনাৰ স’তে আপোনাৰ ঘৈণীৰ তেজ নিমিলিল
কিন্তু শত্ৰুৰ মিলিল৷
– হয় হয়, শত্ৰু-মিত্ৰ
সকলো সমান, সকলো মনৰে কথা৷ আজিৰ শত্ৰু কাইলৈৰ মিত্ৰ৷ আজি যিজনক ভকত দেখিছে কালিলৈ দেখিব
তেওঁ ভগৱান৷ আজি যাক কোলাৰ কেঁচুৱা দেখিছে কেইবছৰমান পাছত সি কাৰোবাৰ পিতাক৷ আজি যিজন
ডাক্টৰ কালিলৈ তেওঁ ৰোগী৷ বৰ্ধমানৰ অনাদি ডাক্টৰৰ প্ৰস্ৰাৱ ঘৰৰ মূধচৰ পৰা টেক্চৰ মানুহে
ডেৰলাখ টকা পাইছিল৷ বাতৰি কাকতত পাঁচ বছৰমান পূৰ্বে খবৰটো ওলাইছিল, গোটেইখন হৈ-চৈ৷
যোৱা মাহত জয়ৰাম খেদাই ছোৱালীজনীক অনাদি ডাক্টৰৰ ওচৰলৈ দেখুওৱাবলৈ নিছিল৷ ক’লে বোলে
ছোৱালীজনীৰ শৰীৰটো একেবাৰে খৰিকাৰ নিচিনা হ’ল৷ প্ৰস্ৰাৱৰ ৰোগত ভুগিছে৷
– হয় হয়, তেজেই আচল৷
ইন্দিৰা গান্ধী আহিছিল বিষ্টুপুৰলৈ, হঠাৎ ৰাতিৰ পৰত বিশে¸ কমাৰক পুলিচে তুলি নিলে৷
– নাই নাই, ধৰি থোৱা
নাছিল, পিছদিনা পুৱা এৰি দিলে৷ ইন্দিৰা গান্ধীৰ তেজৰ স’তে গোটেই চহৰত কাৰো তেজ মিলা
নাছিল, বিশে¸ কমাৰৰ মিলিছিল৷ বিশেই ক্লাৱত কেতিয়াবাতে তেজ দিছিল তেতিয়াই তাৰ তেজৰ জাত
ধৰা পৰিছিল৷
– হয় বিশে জী আছে৷
বয়স আৰুনো কিমান হ’ব? পঞ্চাছ মান৷ তেজ-হাগনিত ভুগিছে৷ তেনেহ’লে ভাবক কেনে কপাল৷ ইন্দিৰা
গান্ধীৰ স’তে যাৰ তেজৰ মিল সিয়ো তেজ-হাগনিত ভোগে৷
– হয় হয়, আজিলৈ ইমানতে
থাকক৷ কিন্তু আপুনি যে দুই-তিনিবাৰ উঠি গৈ সৰুপানী চুই আহিল সেইটো ভাল নহয়৷
– নাই নাই, এনেয়ে
অসুবিধা নাই৷ তবে সৰুপানী চুৱাৰ ক্ষেত্ৰত কেইটামান বাধা-নিষেধ আছে৷ সূৰ্যৰ পিনে মুখ
কৰি সৰুপানী চুলে শিৰঃপীড়া হয়, চন্দ্ৰৰ ফালে মুখ কৰি সৰুপানী চুলে শুক্ৰ ৰোগ হয়, পানীত
সৰুপানী চুলে বহুমূত্ৰ ৰোগ হয় আৰু থিয় হৈ সৰুপানী চুলে ইন্দ্ৰিয় শক্তি শিথিল হয়৷
– নহয় হে, মইনো ডাক্টৰীৰ
কিটো জানো কওঁকচোন৷ মদন চেটাৰ্জী মোৰ গ্ৰাহক, তাৰ মুখতেই শুনা৷ আপোনাৰ বয়স কম, সেয়ে
সাৱধান কৰি দিলোঁ৷ আৰু প্ৰত্যেকদিনা ৰাতিপুৱা শুই উঠিয়েই এগিলাছ পানী খাব৷ পানীৰ আন
নাম জীৱন৷
