মূল কবিতা : You Can’t
কবি : Maya Abu Al-Hayyat
ইংৰাজী অনুবাদ :
ফেডি জুডা
অনুবাদ: দিগন্ত শইকীয়া
তুমি নোৱাৰাঁ বুলি যিসকলে কয়
অৱশেষত তেওঁলোকো সৰিব৷
বয়স বা বিৰক্তিয়ে জিনি পেলাব তেওঁলোককো
নাইবা কল্পনাৰ অভাৱে৷
আজিয়েই হওক বা কাইলৈ, সকলো পাত সৰিবই সৰিব৷
তুমি শেষ পাতখিলা হ’ব পাৰাঁ
এই ব্ৰহ্মাণ্ডক তুমি পতিয়ন নিয়াব পাৰাঁ
যে গছজোপাৰ জীৱনৰ প্ৰতি তুমি কোনো ভাবুকি নোহোৱাঁ
