অন্যযুগ/


এজন বুঢ়া আৰু এটা সৰু ল’ৰা

মূল : শ্বেল চিলভাৰস্টেইন (Shel Silverstein)

অনুবাদ : দীপাঞ্জলি দেৱী

 

সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মই চামুচখন হাতৰপৰা পেলাই দিওঁ”

বুঢ়াজনে ক’লে, “ময়ো”

ল’ৰাটোৱে ফুচফুচাই ক’লে, “মই পেণ্টতে পেচাৱ কৰোঁ”

“ময়ো”, শিশুসুলভতাৰে বুঢ়াজনে হাঁহিলে

ল’ৰাটোৱে ক’লে “মই প্ৰায়ে কান্দোঁ”

বুঢ়াই ক’লে, “মোৰো কান্দিবৰ মন যায়”

“কিন্তু আটাইতকৈ দুখৰ কথা”, ল’ৰাটোৱে ক’লে, “ডাঙৰবোৰে মোক গুৰুত্বই নিদিয়ে”

তেতিয়াই সি হাতত শোতোৰা ছালৰ এটা উমাল পৰশ পালে

“মই বুজিছোঁ তুমি কি ক’ব খুজিছা” কণমানি বুঢ়াই ক’লে।

 

***

 

ঠিকনা:

 

সহকাৰী অধ্যাপক

আমগুৰি মহাবিদ্যালয়

শিৱসাগৰ

ভ্ৰাম্যভাষ : ৯৮৬৪২৩১৫৯২

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ