অন্যযুগ/


ডাফ’ডিলবোৰ

মূল: Daffodils (William Wordsworth)

ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ


ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি

সুউচ্চ পাহাৰ আৰু উপত্যকাৰ ওপৰেৰে ওপঙি,

আৰু তেনেতেই হঠাৎ দেখা পাইছিলোঁ এটা ভিৰ

জাকৰুৱা এজাক সোণালী ডাফ’ডিলৰ;

হ্ৰদৰ দাঁতিত আৰু ছাঁ দিয়া গছৰ ছায়াত,

কঁপি কঁপি নাচিছিল মৃদু মলয়াত৷

 

একেৰাহে তিৰ্‌বিৰাই আকাশ পোহৰ কৰি 

হাতীপটিৰ লানি পতা তৰাৰ দৰে জিলিকি,

সিহঁত বিয়পি আছিল এটা অন্তহীন শাৰীত

সাগৰ তীৰৰ দাঁতিত;

চাঁত কৰে দেখিছিলোঁ দহ সহস্ৰাধিক ফুলে মূৰ নচুৱাই

উদ্দাম নৃত্য কৰিছিল উলাহ দেখুৱাই৷

 

ঢৌবোৰো আছিল কাষতে নৃত্যৰতা হৈ : পিছে

নাচি থকা ঢৌবোৰকো চেৰ পেলাইছিল সিহঁতে উলাহত গৈ

তেনেহ’লে কবি জানো আনন্দিত নহৈ পাৰে

এনে সুখময় সুচল সহচৰ পালে;

তধা লাগি মই মাথোঁ চায়েই আছিলোঁ,

কিনো ঐশ্চৰ্য দৃশ্যটোৱে মোলৈ আনিলে ক্ষণিক ভাবিছিলোঁ৷

 

কাৰণ আৰামী চকীত মই যেতিয়াই বাগৰোঁ প্ৰায়ে

শূন্য চিন্তাৰে বা ভাব ঘন মনেৰে,

গহন মনৰ চকুত সিহঁত উঠে ভাহি

নিজান নিৰ্জনতাৰ আশীৰ্বাদ হৈ জিলিকি;

আৰু তেতিয়াই অন্তৰ ভৰি উঠে অময়া সুখত,

আৰু নাচি উঠে হিয়া মোৰ ডাফ’ডিলবোৰৰ লগত৷ 


ঠিকনা :

লাকুৱা, শিৱসাগৰ ৭৮৫৬৯৮
ভ্ৰাম্যভাষ: ৭০০২১৭১৮১২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ