মূল : মহম্মদ দাৰউইছ, পেলেষ্টাইন
অনুবাদ : ড° ৰঞ্জিত দত্ত
কবিতাটোৰ সতে
ঘোঁৰাটো বাগৰি পৰিল
সেই সুন্দৰী
মহাকাশবিজ্ঞানীগৰাকীয়ে
নানাৰঙী ইন্দ্ৰমাালতী
ফুলবোৰৰ ওপৰতে নাচি নাচি,
পখিলাবোৰৰ স'তে
উমলি-জামলি,
নিয়ৰত তিতি তিতি
জুৰুলি-জুপুৰি হ'ল।
তাত তুমি আৰু মই
দুয়োজনেই অনুপস্থিত,
নৈ কাষৰীয়া
ওক গছজোপাৰ ডালত
এহাল বগা কপৌ
উমলি আছিল তন্ময় হৈ,
তাত নাছিল প্ৰেম
নাছিল ভালপোৱা।
মই ভালপাওঁ সেই
পুৰণি দিনৰ প্ৰেমৰ কবিতা
যিয়ে দুৰ্বল জোনটোক
নিৰাপদে ৰাখে
ক'লা লেতেৰা ধোঁৱাবোৰৰ পৰা।
এবাৰ আগুৱাই গ'লোঁ
আকৌ পিছুৱালোঁ,
ঠিক যেন এখন ভায়'লিনত
হাতৰ আঙুলিবোৰ
উঠা-নমা কৰাৰ দৰেই।
সুউচ্চ সমতল ভুমিত
উপস্থিত হওঁতে
সময়তকৈ মোৰ অলপ
পলমেই হ'ল।
যাক আমি ভাল পাওঁ
প্ৰকাশৰ ভাষা
বিচাৰিকে নেপাওঁ
কাৰণ এয়া
সকলো আমিয়েই হয়,
আমিয়েই আছিলোঁ।
কবিতাটোৰ পৰা
তেজেৰে লুতুৰি-পুতুৰি হৈ
ঘোঁৰাটো বাগৰি পৰিল
আৰু তাৰ তেজেৰে
ৰঞ্জিত হলোঁ ময়ো।
