অন্যযুগ/


নাস্তিক

 

মূল : (The Pagan) জৰ্জ অৰৱেল, ইংলেণ্ড

অনুবাদ  : ড° ৰঞ্জিত দত্ত


তেনেহটলে 

তুমি ইয়াতে আছা

আৰু ময়ো  আছোঁ ইয়াতেই,

য'ৰ পৰা মই মোৰ ভগৱানক

ধন্যবাদ দিব পাৰোঁ;

ভূমণ্ডলৰ ওপৰত,

আকাশৰ তলত,

জীয়া নগ্ন আত্মাবোৰৰ

এক অবাধ বিচৰণ।


শৰতৰ বতাহজাক

হুৰহুৰাই পাৰ হৈ গ'ল

আমাৰ ভৰিৰ তলৰ ঘাঁহবোৰ 

লৰচৰ কৰি।

পশ্চিমৰ পৰা ই 

 বৈ আছে জিৰজিৰ কৰি,

অলপ মৰম যাচিবলৈকে

কেতিয়াবা থমকি ৰয় ক্ষণিকৰ বাবে

তাৰ পাছত আকৌ আগুৱায় ,

কঢ়িয়াই আনে এক

মিঠা সুগন্ধি সুবাস।

চোৱাঁচোন,অস্তগামী  সূৰুযটোৱে

কিমান গৰ্বৰে এজন  ৰজাৰ দৰে

সোণালী আৰু বেঙুনীয়াৰ খেলা খেলি

বিলীন হয় দিগন্তত ,

আৰু ইন্দ্ৰধনুৰ ৰঙেৰে বোলোৱা

এখন চাদৰৰ দৰে দিব্য জ্যোতিৰে 

পোহৰাই তোলে  এই পৃথিৱী।

সেই ৰহস্যময়ী জ্যোতি আছে 

তোমাৰ দুচকুত আৰু

জিলিকি থাকিব চিৰকাল

তোমাৰ হৃদয়ত।

***


 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ