অন্যযুগ/


ফুল-পাতৰ বনৌষধি চাহ: টিজানৰ কথাৰে

ড˚ নিতালী বৰগোহাঁই
TISANE


প্ৰথমতে লিখোঁ চাহৰ কথা৷ চাহ হ’ল পূব এছিয়াত পোৱা Camelia Synensis নামৰ  এবিধ গছৰ পাত খুন্দি শুকান কৰি পানীত সিজাই প্ৰস্তুত কৰা এবিধ সুগন্ধি পানীয়। পৃথিৱীৰ সকলো দেশৰ মানুহৰ মাজত এইবিধ পানীয় আন পানীয়তকৈ জনপ্ৰিয়। ইয়াত Caffeine থকাৰ কাৰণে ই মানুহক সতেজ কৰি ৰাখে৷ বিশেষকৈ ইয়াক অধিক সোৱাদযুক্ত কৰিবলৈ আমি কেতিয়াবা তাত ডালচেনি, ইলাচি, চেনি, গাখীৰ, নেমু ৰস, আদা আদি কিবা কিবি দিওঁ
প্ৰায়েই এই প্ৰশ্নটো মানুহৰ মনলৈ আহে যে ফুল বা ফলত চাহ নিদিয়াকৈ আমি প্ৰস্তুত কৰা পানীয়বোৰক কিয় চাহ বুলি কওঁ বা herbal tea (বনৌষধি চাহ) বুলি কওঁ? চাহ আৰু ফুলৰ চাহৰ লগত ইয়াৰ পাৰ্থক্য কি?
বিভিন্ন ঔষধি গুণ থকাৰ কাৰণে ফুল আৰু ফলৰ পৰা আজি-কালি চাহ প্ৰস্তুত কৰা একেই কৌশলেৰে পানীয় বনোৱা হয়। এইবোৰ স্বাস্থ্যসন্মত আৰু চাহৰ গুণাগুণ থকা পানীয়। সেয়ে ইহঁতক বনৌষধি চাহ বোলা হয় বনৌষধি চাহবোৰ কিন্তু শীতল পানীয় নহয়। ইয়াক চাহৰ নিচিনা গৰমে গৰমে খোৱা হয়। ঔষধি গুণসমূহৰ  লগতে চাহৰ গুণ থকাৰ কাৰণে আৰু চাহৰ নিচিনাকৈ প্ৰস্তুত কৰাৰ কাৰণে ইয়াক চাহৰ সমপর্যায়ৰ বুলি ঔষধি  চাহ নাম দিয়া হৈছে
চাহ আৰু বনৌষধি চাহৰ পার্থক্য প্ৰধানকৈ টা
চাহ অকল কেমেলিয়া চাইনেন্‌ছিছৰ পৰা বনোৱা হয় কিন্তু herbal tea বিভিন্ন ফুলৰ সতেজ বা শুকান পাত, শিপা দি বনোৱা হয়
চাহত কেফেইন থাকে কাৰণে ই অলপ নিচাযুক্ত হয়। কিন্তু ফুল-ফলৰ পানীয়ত কেফেইন নাথাকে কাৰণে ই নিচাযুক্ত মুঠেই নহয়
চাহৰ লগত গাখীৰ মিলাব পাৰি, বাকীবোত মিলোৱা নহয়
যিহেতু চাহৰ নিচিনা ফুলৰ পানীয়বোৰ একে ধৰণে‍ প্ৰস্তুত কৰা হয়, চেকনিত চেকা হয় ই এক প্ৰকাৰৰ চাহ উত্তৰ আমেৰিকাৰ মানুহে এনে ধৰ  চাহক Chai Tea বুলি কয়। আমেৰিকা আৰু সংযুক্ত ৰাষ্ট্ৰৰ (USA, UK) মানুহে ইয়াক কয় Tisane (উচ্চাৰণ: টিজান) 
TISANE
মোৰ পিছে ‘‍টিজাননামটো বৰ পছন্দৰ৷  ভাৰতৰ মানুহৰ চাহ বুলি কলে চাহপাতেৰে প্ৰস্তুত কৰা ৰঙা বা গাখীৰ-চাহকাপৰ কথাই মনলৈ আহে। সেয়ে  ফুলৰ tea/চাহ  বুলিবলৈ সমালোচনাৰ ভয়! চাই টি বুলিবলৈও ভাল লগা নাইচোন মোৰ৷ চাহ শব্দটো দুবাৰ কোৱাৰ নিচিনা লাগে। তদুপৰি  কিছুমান মানুহে ভবাৰ দৰে ইয়াক পানীয় বুলিও কবলৈ মন নাযায়৷ কাৰণ  চাহৰ বাহিৰে আন পানীয়বোৰ গৰম কৰি প্ৰস্তুত কৰা  নহয়, পানীত সিজোৱা নহয় আৰু  ফুলৰ পানীয়বোৰ আন পানীয়ৰ  নিচিনা নাখাই চাহৰ দৰেই গৰমে গৰমে  খায়। সেয়ে আকৌ মোৰ ইয়াক   কেৱল ফুলৰ পানীয় বুলি কবলৈ মন নাযায়। টিজান যিহেতু চাহপাতৰ বাদে বাকী খাব পৰা ফুল, পাতৰ পৰা বনোৱা ঔষধি পানীয়, মই Tisane/টিজান নামটো বাছি লৈছোঁ ব্যৱহাৰ কৰিবলৈ
বহুত ফুল মানুহে খাব পাৰে তাৰ ঔষধী  গুণৰ কাৰণে। কথা হ’ল কোনবোৰ পাৰি খাব? সহজ ভাষাত গৰু-ছাগলীয়ে খোৱাবোৰ! মানে জন্তুৰ অপকাৰ নোহোৱাবোৰেই বিষ যুক্ত নহয়। ফুলবোৰৰ কত যে ঔষধি গুণ আছে!
Lindsey Godwin হ’ল  এগৰাকী চাহ-বিশেষজ্ঞা। আজি পৰাই ১৫ বছৰ ধৰি তেখেতে  বিভিন্ন চাহ সম্পৰ্কে গৱেষণা চলাই আহিছে। তেখেতে নিউয়ৰ্ক, জাপান, টাইৱান, চীন, ভাৰত আদি দেশ চাহ সংক্ৰান্তীয় পৰীক্ষা আৰু আলোচনাত ভাগ লবলৈ ভ্ৰমণ কৰিছে। এই টিজান সম্পৰ্কত তেওঁৰ মত এইদৰে প্ৰকাশ কৰিছে— Herbal teas— also called tisanes— are a major part of the tea world, but did you know they’re not technically teas? What is commonly referred to as an ‘herbal tea’ is actually an infusion or decoction made from a plant other than Camellia sinensis— the plant from which true teas (green tea, black tea, oolong, etc.) are made. For this reason, there is a trend toward the use of terms like ‘tisane’ 
ভাৰত আৰু বিশেষকৈ  চাহৰ ধনী আমাৰ অসমৰ মানুহৰ মনত চাহৰ স্থান কোনেও দখল কৰিব নোৱাৰে। এয়া একেবাৰেই সঁচা কথা৷ অৱসাদ দূৰ কৰিবলৈ, ভাগৰুৱা দেহ-মন জুৰ পেলাবলৈ, প্ৰচণ্ড মূৰৰ বিষৰ পৰা ৰক্ষা পাবলৈ আমি সাধাৰণতে চাহেই খাওঁ। গাটো ভাল লাগি যায়। ইয়াত থকা কেফেইনৰ কাৰণে আমাৰ মনটো চাহ খোৱাৰ পাছত প্ৰফুল্লিত যেন লাগে৷ চাহ বুলি কলেই  বুঢ়ী আইতাহঁতে বনাই কাঁহৰ বাটিৰ তলত কাপোৰ এখন দি হাতত লৈ  গুৰ এচিকুটৰ লগত খোৱা ৰঙা বা গাখীৰ-চাহটোপিৰ কথাই মনলৈ আহে। ইমান যে ভাল তাৰ সুবাস! চাহ আৰু কাঁহৰ বাটিৰ মিশ্ৰণত ওলোৱা এটা মতলীয়া সুবাস! কিন্তু বৰ্তমান কেৱল কেমেলিয়াৰ পৰাই চাহ প্ৰস্তুত কৰা নহয়। অতীজৰে পৰা কেমেলিয়া পাতৰ চাহ খাই খাই আমি চাহ বুলিলে সেয়াই বুজোঁ। কিন্তু এই ধাৰণাটো সলনি হৈছে। এই কথাবোৰ নতুন আৰু বৈজ্ঞানিক দৃষ্টিৰে চোৱা হৈছে৷ আজি-কালি ফুলৰ পাহি, ফল আৰু ইয়াৰ পাতৰ পৰাও চাহ প্ৰস্তুত কৰা হয়৷  চাহৰ গুণাগুণ থকাৰ কাৰণে, চাহৰ নিচিনাকৈ প্ৰস্তুত কৰাৰ কাৰণে এইবোৰক চাহ বোলা হয়৷ কিন্তু এইটো মন কৰিবলগীয়া কথা যে এনে পানীয় ষধি গুণযুক্ত চাহ! টিজানৰ কেমেলিয়া চাহতকৈ অতিৰিক্ত গুণ আছে। ইহঁত মুঠেই নিচাযুক্ত নহয়, কাৰণ তাত কেফেইন নাই। সেয়ে বিদেশত ইয়াৰ চাহিদা বৃদ্ধি পাইছে
আন্তৰ্জাতিক বজাৰত ইয়াৰ চাহিদা ইমানেই বেছি যে ই বহুত দামত বিক্ৰী হয়। অসমত ফুল খেতি কৰিবৰ কাৰণে মাটি আছে, অসমৰ জলবায়ু ভাল, অসমত মানৱ সম্পদ আছে। মন কৰিলেই ন। ব্যৱসায়িক দৃষ্টিৰে চাব পৰা থল আছে এই বিষয়ত
ফুলৰ চাহ বা টিজানবোৰৰ ৰং ইমানেই ধুনীয়া যে চাই থাকিয়ে ভাল লাগি যায়। ৰঙা, নীলা, সেউজীয়া, গোলপীয়া, কমলা, কুহুমবুলীয়া, হালধীয়া, সোণালী, জিকাবুলীয়া  ইম্মান যে ৰং! কিন্তু সেইবুলিয়েই আমি সকলো ফুল খাম নে? গতিকে পৰীক্ষা  নিজৰ ওপৰতে চলাইছোঁ। একেবাৰেই সহজ ভাষাত গৰু-ছাগলীয়ে‍ যিবোৰ নাখায়, সেইবোৰ মানুহে খোৱাৰো উপযোগী নহয়। উদাহৰণস্বৰূপে, গধূলিগোপাল আৰু কঠনা ফুল গৰু- ছাগলীয়ে‍ নাখায়। কিন্তু চকুত আচিনা হলে কনা ফুল লগায়, জ্বৰ হলে গধূলিগোপালৰ  ভৰণ দিয়ে। কিন্তু ইয়াক খাব নোৱাৰি। সেয়ে ফুলৰ চাহ বুলিয়ে  সকলো ফুলৰ চাহ খালে বিষক্ৰিয়া হব শৰীৰত। কিছুমান ফুল, বিশেষকৈ আঠাযুক্তবোৰ বৰ নিচাযুক্ত৷ উদাহৰণস্বৰূপে গুলঞ্চী (গুলচ) ফুল নিচাযুক্ত। সেয়ে ইয়াৰ পৰা চাহ প্ৰস্তুত কৰোঁতে কেৱল পাহি অংশটোহে ব্যৱহাৰ কৰিব লাগে। খাব পৰা কিছুমান ফুল হ’ল— জবা, গোলাপ, তগৰ, শেৱালি, অপৰাজিতা, নেস্তাৰছিয়াম, পদুম, খৰিকাজাঁ, লেভেণ্ডাৰ, মৌপিয়া, লিলি, ইন্দ্ৰমালতী, পেন্‌চি, দেন্‌দেলি,  বেলিফুল, দেইজি,  ক্লভাৰ, নাৰ্জী, চামেলি, নয়নতৰা, টেঙেচি‍ফুল, কুকুৰাজহা আদি
টিজান ঘৰত বনাই খাবলৈ একাপত বা পাহ ফুলেৰে হয়। ব্যৱসায়িক ভিত্তিত কৰিবলৈ এক উদ্যোগৰ দৰকাৰ। ফুলৰ খেতি কৰিব লাগিব, ফুল শুকুৱাব লাগিব, পেকেট কৰিব লাগিব, বিক্ৰী কৰিব লাগিব, ৰপ্তানি কৰিব লাগিব৷
অসমৰ মানুহৰ অন্তৰত Tea-ৰ স্থান টিজানেবলৈ সময় লাগিব। কেমেলিয়া চাহৰ ফুৰ্‌ফুৰীয়া গোন্ধটো ফটিকা/হাৰিয়া পানীটুপিৰ ৰাগীতকৈ বহুত মতলীয়া। অসমৰ মানুহে Green Tea  আদৰি লৈছে। এদিন flower tea / Tisane-ৰ গুৰুত্বও সকলোৱে বুজিব। 
নানাৰঙী টিজানবোৰে সকলোকে আকৰ্ষণ কৰে। খোৱাতকৈ চাই থাকি বেছি ভাল লাগে। টিজানৰ concept বা ধাৰণাটো অতীজৰে পৰা চলি আহিছে। ই নতুন ধাৰণা নহয়। অতীজৰে পৰা ই বিদেশী ৰাষ্ট্ৰসমূহত প্রিয় পানীয়। কোনোবাই এইটো তেওঁ আৱিষ্কাৰ কৰিছে বুলিলে এই ধাৰণাটো পুৰণি মদ নতুন বটলত ভৰাই দি নাম লোৱা নিচিনা কথাহে হব। কথাতে কয়— Old wine in a new bottle!
আমেৰিকা, যুক্তৰাজ্য, চীন, বাৰ্মা, ইজিপ্ট আদি দেশত টিজান উৎপাদন আৰু ৰপ্তানি হয়।  অপৰাজিতা ফুলৰ নীলা চাহ  অসমৰ পৰাও  বিক্ৰী হয়। নামনি অসমত ফুলৰ খেতি কৰা হয়।  বিশেষকৈ হাজো, লংকা  আৰু ক্ষেত্ৰীত। কিন্তু অসমত ফুলৰ খেতি কৰা হয় সামাজিক অনুষ্ঠান বা বিয়া, পূজা আদিত ব্যৱহাৰৰ বাবে। সেয়ে অসমত বহুতৰ কাৰণে ই নতুন ধাৰণা হলেও কিন্তু ই পুৰণি ধাৰণাহে৷ 
‘‘অসম মানেই চাহ, চাহ মানেই অসম।’’—  অসমৰ মানুহৰ কাৰণেই নহয়, সমগ্ৰ বিশ্বতে পানীৰ পিছতে জনপ্রিয় পানীয় হ’ল চাহ। Tea  is Tea always৷  চাহৰ ফুৰ্‌ফুৰীয়া গোন্ধৰ নিচিনা সুবাস কোনো টিজানৰ নাই। কিন্তু Tisane is Tisane always.
অসম প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। কি চাহ, কি তেল, কি গছ, কি জৈৱবৈচিত্ৰ্য! জান, জুৰি, নদ, নদী, পাহাৰ, অৰণ্যৰে ভৰপূৰ অসমী আই। চাৰিওফালে সেউজীয়া। বহুত খালী মাটি বছৰ বছৰ ধৰি পৰি আছে। অসমৰ জলবায়ুও সুন্দৰ; নাতিশীতোষ্ণ। পিছে কিছু বছৰ ধৰি অসম আৰ্দ্ৰতা বাঢ়িছে, গৰম বাঢ়িছে। 
৩.৫৫ কোটি জনসংখ্যা অসমৰ। এটা ডাঙৰ সংখ্যা। নিবনুৱাৰ সংখ্যাও বহুত বেছি। ১৭ লাখ শিক্ষিত নিবনুৱা আছে অসমত। এই কথাবোৰ চিন্তা কৰাৰ থল আছে
খালী মাটি… এচাম শিক্ষিত যুৱক যুৱতী, এডৰা ফুলনি‍! ফুলৰ চাহ উৎপাদন কৰা কাৰখানা! এইবোৰ ৰপ্তানি হব! শুকান ফুলৰ পেকেটবোৰ বিদেশলৈ যাব চাহৰ নিচিনাকৈ। ভাবিলেই ভাল লাগি যায়। ফুল আৰু পাতৰ  পৰা প্ৰস্তত কৰা এই টিজান উদ্যোগবোৰ  চাহৰ উদ্যোগৰ নিচিনাকৈয়ে আগবাঢ়ি যাওক। ৰঙা, নীলা, হালধীয়া, গুলপীয়া, কমলা, সোণালী, ৰূপালী চাহেৰে ভৰি পৰকচোন ফেচবুকৰ মজিয়া!
কাৰণ, কেফেইনমুক্ত হোৱাৰ বাবে চাহৰ বিকল্প হিচাপে টিজানৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত  বহুত চাহিদা। টিজানত প্ৰচুৰ পৰিমাণে চি ভিটামিন আছে, ণ্টিঅক্সিডেণ্ট্ আছে আৰু চাহতকৈ বেছি ঔষধি গুণ থকাৰ কাৰণে   বজাৰত বহুত দাম ইয়াৰ। অসমত উৎপাদন কৰিব পৰা  ফুলবোৰ  হ’ল— গোলাপ, তগৰ, নয়নতৰা, খৰিকাজাঁ, জবা, অপৰাজিতা, পদুম, শেৱালি, নাৰ্জী আদি
অসমৰ মানুহৰ  অন্তৰাত্মা জুৰি  শিপাই থকা  চাহৰ ধাৰণা  এদিনতে, এবছৰতে কোনেও সলাই দিব নোৱাৰে
টিজান বনাব পৰা ফুলবোৰৰ ক্ষেত্ৰত বৰ সাৱধান হব লাগে।  গৰু-ছাগলীয়ে‍খুৱাবোৰৰো সকলো ফুল ৰন্ধন আৰু টিজান বনাওঁতে ব্যৱহাৰ নহয়। সাধাৰণতে বিজ্ঞানসন্মতভাৱে‍বজাৰত উপলব্ধ টিজানবোৰৰ  ভিতৰত  আমাৰ অসমত হোৱা ফুলবোৰ হ’ল— গোলাপ, অপৰাজিতা, নাৰ্জী, খৰিকাজাঁই, গুলঞ্চী, নয়নতৰা, শেৱালি, লিলি, ক্ৰিচেনথিমাম বা ইন্দ্ৰমালতী, জবা, স্থলপদ্ম, তগৰ, কুকুৰাজহা  আদিআৰু নথকা নহয়! বিদেশী ফুলসমূহৰ কথা এতিয়াই উল্লেখ কৰিব নাইখোজা। সদ্যহতে এইখিনিয়ে খাওকচোন ৰাইজে। আৰু এটা কথা পাছে। সকলো  টিজানত নেমু নেচেপিলেও হয়। কিছুমান ফুলৰ ৰং বৰ সুন্দৰকৈ ওলায় পানীত  সিজালে। সুগন্ধি ফুলৰ টিজান সুগন্ধি হয়। কিন্তু পানীত সিজালে গোন্ধ  অলপ কমি যায়।  চাহৰ অপূৰ্ব গোন্ধ টিজানত সদায় নাপাব
কথা হ’ল, এই  ধুনীয়া ৰঙৰ টিজানবোৰ আমি ঘৰতে বনাই অকলেই খাম নে? বিদেশত ইয়াৰ চাহিদা বেছি। সেয়ে আমি সৰহকৈ ফুলৰ খেতি কৰি ফুলবোৰৰ সদ্‌ব্যৱহাৰ কৰিব পপাৰোঁ। সৰি সৰি ফুলবোৰ গেলি যোৱাতকৈ  এইবোৰ শুকুৱাই থওক, টিজান খাওক। এজোপা চাহগছ ৰুই তাৰ পৰা চাহ তৈয়াৰ কৰোঁতে প্রায় বছৰ লাগে। কিন্তু ফুলৰ খেতিত ইমান সময় নালাগে। 
ইটো-সিটো বহুতো কথাই মনত দোলা দি যায়। বজাৰত ফলৰ চাহৰ পেকেট উপলব্ধ। ফলৰ ৰসৰ পৰা পিছে চৰবত বনাব পাৰে। কিছুমান  চৰবত বনাবলৈ ফলবোৰ কেতিয়াবা সিজাব লাগে। সেইবোৰৰ ৰংবোৰ  দেখিবলৈ ফলটোৰ বাকলি আৰু মঙহৰ নিচিনা ওলা যদিও চাহ বুলিবলৈ বেয়া লাগে। কাৰণ ইহঁতৰ সোৱাদ ফলৰ নিচিনা
ফলৰ চাহ বজাৰৰ পৰা কিনা পেকেটৰ খাইছোঁ। Deep Tea-ৰ পেকেটটো  গৰম পানীত ডুবাই দিওঁতেচোন চাহৰ ৰং ওলাল। সম্ভৱ Aroma বা গোন্ধৰ কাৰণে চাহৰ লগত ফল বা ফলৰ সুবাস দিয়ে৷ বজাৰত উপলব্ধ এই ধৰণৰ ফলৰ সুবাসৰ চাহবোৰ হ’ল—  Mango Tea, Orange Tea, Guava Tea, Pomegranate Tea, Litchi Tea, Pineapple Tea, Jackfruit Tea, BananaTea আদি‍৷ এটা কথা মনত উদয় হয়। ফল আৰু চাহৰ গুণ সুকীয়া সুকীয়া৷ ফলৰ পৰা চাহ প্ৰস্তুত কৰোঁতে কেৱল সুবাসৰ কাৰণে  এনে কৰা হয়। কিন্তু আঁহযুক্ত এই ফলবোৰ এনেয়ে বা চৰবত বনাই খোৱাৰ মজা সুকীয়া। চাহৰ লগত নিমিলোৱালৈকে ইহঁতক চাহ বুলি কোৱাটো  মানি লব নোৱাৰি। তাতকৈ নানাৰঙী  ফলৰ পানীয় নামটো বেছি উপযোগী যেন লাগে। কাৰণ ফুলৰ চাহ আৰু পাতৰ চাহবোৰ কেমেলিয়া চিনেন্‌ছিছৰ পৰা বনোৱা আমাৰ চাহৰ  সমগুসম্পন্ন। চাহপাত নিমিলোৱা ফলৰ পৰা প্ৰস্তত কৰাবোৰ চৰবতহে
Tea, Tisane (Herbal Tea) আৰু ফলৰ চৰবতবোৰৰ পার্থক্য আছে। চাহ টিজান নহয়। কিন্তু টিজান হ’ল herbal teaFruit Syrup is not Tea untill and unless it is mixed with Camelia Synensis.
 টিজানৰ প্ৰতি অসমত  বহুতৰ সন্দেহ আছে।  কাৰণটো পুনৰ দৰ্শাইছোঁ— অসম চাহৰ দেশ। চাহৰ ঠাই টিজানেবলৈ সময় ল
ফুলৰ ৰং-বিৰঙী টিজান দেখি মানুহ আকৰ্ষিত হোৱাৰ কথা৷ কিন্তু সকলো ফুলৰে টিজান বনোৱা নহয়। অতিৰিক্ত পৰিমাণে ফুলৰ টিজান খালে শৰীৰৰ অপকাৰ কৰিব। উদাহৰণস্বৰূপে কোনোবা এটা ফুল যদি মধুমেহৰ বাবে ভাল, সি উচ্চ ৰক্তচাপৰ কাৰণে বেয়া
টিজান প্ৰস্তুত কৰিব পৰা কিছুমান বনৌষধিৰ নাম উল্লেখ কৰিবলৈ ভাল পা। নহলে লিখাটো আধৰুৱা হ
মধুৰীৰ আগ, তুলসী, তেজপাত, লেমন গ্রাছ, শেৱালিৰ আগ, যমলাখুটি, হালধি, আদা, লং, ইলাচি, ডালচেনি, পচতিয়াপাত, আমপাত, নেমুৰ পাত, নেমু, কমলাৰ পাত, গিলৈৰ টুকুৰা (শগুণীলতা), পদিনা, মধুনাশিনী, মানিমুনি, গোমধান, দুপৰটেঙা,  ত্ৰিফলা টেঙামৰা আদি। 
শ্ৰদ্ধাৰ গুণাৰাম খনিকৰে বনৌষধসমূহৰ গুণাগুণ অসমৰ ৰাইজক বৰ সুন্দৰভাৱে বুজাই গৈছে। সেয়ে তাৰ অপপ্ৰয়োগ হয়তো নহব। ভয় হৈছে ফুলৰ টিজানলৈ
টিজানসমূহ ঘৰত প্ৰস্তুত কৰা আৰু ব্যৱসায়ভিত্তিত প্ৰস্তুত কৰাৰ পদ্ধতিটো বেলেগ। সতেজ ফুল, পাত, শিপা পানীত সিজাই টিজান বনাব পাৰি। ফুলৰ টিজান প্ৰস্তুত কৰোঁতে‍ ফুলপাহে পানীত তাৰ  ৰং এৰি নিদিয়ালৈকে উতলাব। কিন্তু পেকেট টিজান প্ৰস্তুত কৰিবলৈ ফুলবোৰ শুকুৱাব লাগিব, ভালকৈ সংৰক্ষণ কৰিব লাগিব; তাৰ পাছত পেকেট কৰিব লাগিব। ইয়াত ৰং আৰু সুবাস একে ৰাখিবলৈ বহুত পৰীক্ষা-নিৰীক্ষা, বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ হয়। বহুত মানুহে এই ক্ষেত্ৰখনত কাম কৰিছে, পৰীক্ষা চলাইছে, কিতাপ লিখিছে। এখন সুবিশাল জগত এয়া৷
শেষত এটা বিনম্র অনুৰোধ— সকলো ফুলৰ চাহ যাতে যধে-মধে নাখায় আৰু বনৌষধি চাহত কোনবিধ পাত, শিপা, ডাল কিমান পৰিমাণ দিব লাগে, সেই কথা যাতে বি‍জ্ঞানসন্মতভাৱে নিশ্চিত হয় ফুল, পাত, ডাল, শিপাৰ যাতে অপপ্ৰয়োগ বা মাত্ৰাধিক প্ৰয়োগ নকৰে
ভ্ৰাম্যভাষ: ৯৪৩৫১ ৫৯৮৫০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ