অন্যযুগ/


ঠিকনা

 ৰাশ্বেল চৌধুৰী

 

প্ৰতিদিনেই ঘৰৰ ঠিকনাটো হেৰুৱাই পেলাওঁ

যদিও কাগজ এটুকুৰাত লিখি লগত লৈ ফুৰোঁ।

 

প্ৰজাপতি এটাৰ পিছে পিছে 

ওলাই আহিছিলোঁ ঘৰৰ পৰা

এতিয়া ঘৰখন বিচাৰি বিচাৰি হয়ৰান হৈ পৰিছোঁ

 

প্ৰতি দিনেই ঘৰৰ পৰা ওলাওঁতে

কাগজ এটুকুৰাত লিখি আনো

কেনেকৈ যে হেৰাই যায় ঘৰৰ ঠিকনা !

 

ট্ৰেফিক জামৰ লাইটৰ তলত আছোঁ বহি

চিনাকি কোনোবাই ঘৰখন দেখুৱাই দিব বুলি।

 

ভিখাৰী এজনক ঠিকনাটো সোধাত দাৰ্শনিকৰ দৰে কলে

মানুহৰ ঘৰৰ ঠিকনা থাকে নেকি

যেতিয়া যলৈকে যায় তাতেই তেওঁৰ ঘৰ

 

পুলিচ এজনক সুধিলোঁ

তেওঁ কলে - চিনি পাইছোঁ !

বুকুত ৰেলভৰ্তি ভয়ঙ্কৰ কষ্ট লৈ ফুৰি

মহানগৰক বেয়াকৈ চিন্তাত পেলাইছা

৪৪ ধাৰাৰ অধীনত কেতিয়া যে ক্ৰছফায়াৰ কৰি দিম

সাৱধানে থাকিবা !

 

ভয়তে পলাই আহি

পাঁচ টকা এটা দি বাদাম খাই আছিলোঁ

বাদাম ফাঁক কৰি কাগজ টুকুৰাৰ পৰা

কবি এজনে বহি পৰিল হাতত

পাঞ্জাৱীৰ জেপৰ পৰা জোনাকী পৰুৱা এটা এৰি দি কলে-

ঘৰলৈ গৈ নো কি হ

পৰুৱাৰ পিছে পিছে যোৱা

গৈ গৈ পাবও পাৰাঁ কবিতা এটা ।

 

কি আজব বেপাৰ

নিজৰ ঘৰৰ ঠিকনাটো

কেনেকৈ যে মানুহে হেৰুৱাই পেলায় !

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ