অন্যযুগ/


তাপমাত্ৰা

 বিভা দেৱী

মস্তিষ্কটো
এটা অস্থিৰতাৰ বাহ
 
চেঁচুকীয়াত গজা
শেলুৱৈৰ দৰে
 
সেউজীয়া
পিছল
 
মই পাৰাস্তম্ভ লৈ
শেলুৱৈৰ তাপমাত্ৰা জুখিছিলোঁ
 
আৰ্দ্ৰতা কিমান
উত্তাপ কিমান
 
শৈলুৱৈৰ সেউজীয়া:
বুকুত পিছল খোৱা
 
মস্তিষ্কত বিমূঢ় ঝংকাৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ