গীতিমণি গোস্বামী (বৰঠাকুৰ)
মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ
দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ, কান্দিছোঁ, ভাবিছোঁ৷
ভাবিছোঁ, কান্দিছোঁ, হাঁহিছোঁ৷
কথা ক’ব খোজা মোৰ মুখখন মেল খাই ৰৈ আছে৷ মেলা মুখখনেদি মোৰ ভিতৰলৈ পৃথিৱীৰ অনেক
তুচ্ছ মলিন শব্দ সোমাইছে৷ এতিয়া যদি মই কথা কওঁ, সেইবোৰ
শব্দক মই কাবু কৰি ৰাখিব নোৱাৰিম৷ তেজী ঘোঁৰাৰ গচকত ৰণক্ষেত্ৰত পৰি যোৱা সৈনিকবোৰৰ
শৰীৰ নেফানেফ হয়৷ এতিয়া মোৰ ক্ষোভিত শব্দবোৰ প্ৰকাশ পালে তেজী দুৰ্দান্ত ঘোঁৰা হৈ
নেফানেফ কৰিব দীৰ্ঘদিন আথে-বেথে ৰখা মধুৰ বেথাভৰা শব্দৰ শৰীৰ৷
অনিন্দ্যই লিখিছে “তুমি
মোৰ মতে চলিব লাগিব৷ অন্যথা নিজ ভাবৰাজ্যতে সম্ৰাজ্ঞী হৈ থাকা৷” অনিন্দ্যই এডাল লক্ষ্মণ ৰেখা আঁকি দিছে৷ এডাল সীমা ৰেখা৷ মোৰ দৰে মানুহৰ
বাবে সীমা৷ ইমান দিনে সীমাৰ মাজত জীৱন অথবা জীপৰ বান্ধোন থাকে বুলিহে মই
ভাবিছিলোঁ৷ নিজক জীপাল কৰি ৰখাৰ স্বাৰ্থত, মোৰ ঘোপমৰা একাকিত্বক
পোহৰাই ৰাখিব পৰাৰ স্বাৰ্থত আজি কাৰোবাৰ নিদেৰ্শ মনা ভৃত্য কুকুৰ হ’বলৈ মনটোক এৰি দিবলৈ মন যোৱা নাই৷ মন সাগৰক ওফন্দিবৰ অনুমতিৰ প্ৰয়োজন নাই৷
মোৰ জোৱাৰ-ভাটা এটা নিৰৱতাত লয় পাব৷ নিজৰ মাজত ইয়াতকৈ মধুৰ চুক্তি আৰু কি হ’ব পাৰে!
সেউজীয়া কোমল দলিচাৰ এখন
পৃথিৱী৷ দূৰৈত হালি পৰা ৰঙচুৱা বেলিৰ সুমথিৰাৰঙী পোহৰ৷ যাওঁ নাযাওঁকৈ বৈ গৈছে
কৃশকায় নদীখনৰ নীলবৰণীয়া স্বচ্ছ জলধাৰা এটা৷ নিৰ্জন প্ৰান্তৰ, চৰাইৰ কুঞ্জন, সৰিয়হৰ কেঁচা সুঘ্ৰাণ৷ অসুখীয়া পৃথিৱীখনৰ পৰা অনেক দূৰৈত আমি গঢ় দিছিলোঁ এখন
প্ৰেমৰ পৃথিৱী৷ মোৰ ভিতৰত উবুৰিয়াই দিবৰ জোখাৰে সিয়েই আছিল সৰ্বশ্ৰেষ্ঠ ক্ষেত্ৰ৷
নিজৰ অগোচৰে অতকাল লুকাই থকা ভাবনাৰ সাগৰখনত অনিঃশেষ অগাধ আকুলতাবোৰ নিঃসীম আদৰৰ
চৰণ হৈ মোৰ উশাহবোৰক জীয়াই ৰাখিছিল৷ বিগলিত হৈ পৰা মোৰ অন্তৰাত্মাৰ পৰিধি আৰু ঘেৰো
যেন ক্ৰমাৎ বাঢ়ি বাঢ়ি এদিন পৃথিৱীক আপোন বুলি ভাবিব পৰা শিখৰ চুইছিলগৈ৷ হয়! হয়! এক ঐশ্বৰিক জ্যোতিত মই নিজেই যেন এটা জ্যোতিষ্ক
হৈ গৈছিলোঁ৷
স্বভাৱতে অনিন্দ্য আছিল গোঁৱাৰ আৰু
জেদী৷ প্ৰতিভাধৰ হ’লেও স্বভাৱৰ দোষত দহজনৰ অপ্ৰিয়ভাজন৷ অভাৱ
আৰু যাতনাময় শৈশৱ এটাৰ পৰা উজাই অহাৰ বাবে
কিছু পৰিমাণে আত্মকেন্দ্ৰিক আৰু অহংকাৰী৷ তথাপি পোহৰ আছিল বুকুত৷ সেই পোহৰৰ উঁহ
বিচাৰি ঘূৰি ফুৰোঁতেই আমিও লগালগি হৈছিলোঁ৷ খনিৰ বুকুত লুকুৱাই থোৱা এটুকুৰা কহিনুৰ
যেন এই প্ৰাণ৷ সেই প্ৰাণক গতিশীল কৰাৰ এক অবুজ দায়ৱদ্ধতা মই অনুভৱ কৰিবলৈ ধৰিছিলোঁ৷
সেই দিনবোৰত মই তৃপ্ত, তুষ্ট আৰু গৰ্বিত হৈছিলোঁ৷ নদীৰ বুকুত
সূৰ্যাস্তত প্ৰাচীন ধংসস্তুপত অৰণ্যৰ নিৰ্জনতাত লিপিবদ্ধ হৈছিল ভালপোৱাৰ অনেক
স্বৰলিপি৷
চৰকাৰী সুবিধা পাই অনিন্দ্য এদিন
বিদেশ পাইছিলগৈ৷ উচ্চতৰ শিখৰ চুবলৈ বিচৰাজনক মই প্ৰাণৰ আকুতিৰে প্ৰেৰণাবৰ্ষণ
কৰিছিলোঁ৷ উদং পাত্ৰ এটাৰ দৰে ইলুটি-সিলুটি মোৰ ভিতৰখনক বিশ্বাসৰ এটা গোঁজ হৈ
অনিন্দ্যৰ ভালপোৱাবোৰ ধৰি ৰাখিছিল৷ অনিন্দ্যই কৈছিল য’লৈকে
নাযাওঁ কিয় তোমাক লগত লৈ ফুৰিছোঁ– মই চঞ্চল হৈ পৰিছিলোঁ৷
হতাশাৰ চিকাৰ হৈ এদিন মোৰ
একমাত্ৰ ভাই চেনেহে আত্মহত্যা কৰিছিল৷ নেফানেফ হৈ পৰিছিল জীৱনৰ কোমল স্বৰ৷ চিৎকাৰ
উচুপনি আশ্চৰ্যকৰ ভঙ্গিমাৰ অৰণ্য-বেদনা৷ আদৰৰ আঁচলত প্ৰতিপালিত হোৱা ভাই মোৰ৷ কিহৰ আহ্বানত জীৱনৰ মধুৰতা এৰি তাৰ কোমলমতীয়া
শৰীৰটোক হানিব খুজিলে৷ এক উত্তৰবিহীন প্ৰশ্নই খুলি খুলি খালে আমাৰ সৰু পৰিয়ালটোৰ
সুখ৷ ক্ৰমাৎ নীলবৰণীয়া হৈ বহল হৈ গৈছে
পিতাৰ ওঁঠ৷ শিলতকৈ গধুৰ ক্ষয়প্ৰাপ্ত জীৱনৰ ভাৰ মাৰ বুকুত৷ এই বিধ্বস্ত জীৱন দুটাক
সৰু শিশুৰ দৰে আপডাল কৰাৰ দায়িত্বত ক্ৰমাৎ কুঁজা হৈ গৈছিলোঁ মই৷ শুকাই গৈছিল যেন
সকলো মৈথুন সংগীত৷ খ্যাতি আৰু যশস্যাই আকাশ চুইছিল অনিন্দ্যৰ৷ এখনৰ পাছত আন এখন
দেশলৈ তেওঁ বগাই ফুৰিছিল৷ চকু আৰু কণ্ঠত তেওঁৰ ইণ্টেলেকচুৱেল লুক্৷ মোৰ একাকিত্বৰ জৰাজীৰ্ণ কথাবোৰ দেখুৱালে তেওঁ
বৰ অস্বস্তি অনুভৱ কৰা হ’ল৷ স্বপ্নৰ নদীৰ পাৰত বহি জীৱনৰ কথা পতা
দুটা জীৱন পিয়াসী প্ৰাণ ক্ৰমাৎ সময়ৰ হাতোৰাত নিজৰ মাজতে পিঞ্জৰাৱদ্ধ
হৈছিল৷ নিজৰ ভিতৰত নিজে সোমাই থকা কষ্টকৰ
চলমান ক্ষণৰ সাক্ষী হৈ ৰ’ল মোৰ নিদ্ৰাহীন ৰাতি আৰু কবিতাৰ পংক্তিবোৰ৷ চকু ছাট মাৰি ধৰা পোহৰত আচ্ছন্নজনৰ
ওচৰত কেঁচা চাকিৰ অমিলন আকুতিৰ দীপশিখাই
ফেৰ মাৰিব নোৱাৰে৷
অনিন্দ্যই এদিন কৈছিল, “চব এৰি গুচি আহাঁ...।” শিল অথবা শীল এটাও সহজ নাছিল
মোৰ বাবে৷ দুয়োটাৰ দোলনৰ মাজত মোৰ বয়স বাঢ়িছিল৷ অপূৰ্ণতা আৰু বিষাদৰ হাতত ধৰি এখন
এখনকৈ প্ৰকাশ পাইছিল মোৰ ৰচনা সম্ভাৰ৷ সাহিত্যই প্ৰাণ আৰু আত্মাৰ আহাৰ হৈ মোক জীয়ন
দিছিল৷ অপ্ৰাপ্তিৰ মধুৰতাই মানুহক সাৰুৱা
কৰি ৰাখিব পাৰে, কিন্তু সেই সীমালৈ সেই উচ্চতালৈ জীৱনক লৈ
যোৱা প্ৰদাহৰ পাছত জিলিকি উঠা বৰ সহজ নাছিল৷ নিজৰ বাবে নিৰ্মিত এক কঠিন গহ্বৰত মোৰ
আছিল নিয়ন্ত্ৰণহীন ভাৱসাগৰ আৰু ঘন উশাহৰ জোৱাৰ৷ যাৰ বাহ্যিক জলস্তৰত আছিল শান্ত-সমাহিত আন এক জীৱনৰূপ৷ সেই জলস্ৰোতত এদিন ওপঙি আহিছিল আন এখন মুখ উত্তৰণৰ৷
প’লিঅ’ ৰোগত আক্ৰান্ত হৈ দুই ভৰিৰ শক্তি হেৰুৱাই মনৰ শক্তিৰে হাঁহি থাকিব পৰা ল’ৰা উত্তৰণ৷ নিত্য নতুন পৰিকল্পনাৰে জীৱনক আহ্লাদিত কৰিব পৰা উত্তৰণৰ বাবে প্ৰতিটো দিন উদ্যাপনৰ দিন৷ উচ্চশিক্ষিত উত্তৰণে চাকৰিৰ আশা ত্যাগ কৰি চহৰৰ নাতিদূৰত কেইজন বন্ধুৰ সহযোগত এখন কৃষি পাম খুলিছিল৷ সেউজীয়া পৃথিৱীৰ পম খেদি যাওঁতে তেওঁ নিজেই যেন এক সেউজীয়া সুগন্ধৰ বাহক হৈ উঠিছিল৷
দেউতাৰ প্ৰাক্তন ছাত্ৰ উত্তৰণে
সতেজ শাক-পাচলিৰ টোপোলা এটা লৈ মাজে মাজে আমাৰ ঘৰলৈ আহে৷ গেটৰ চ’ৰাঘৰ,
চ’ৰাঘৰৰ পৰা শোৱনি কোঠালৈ ক্ৰমাৎ আগবাঢ়ি
আহিছিল তাৰ দুৰ্বল পদধ্বনি৷ মোৰ কঠিন গহ্বৰৰ ভিতৰলৈ সোমোৱাৰ বাটবোৰৰ আঁত বিচাৰি
নাপাই সি অহা বাটেৰে উভতি গৈছিল৷
এক নিচাৰ আবিৰতাত মই তেতিয়াও
মন্ত্ৰমুগ্ধ৷ অনিন্দ্যৰ মৌনতা, এলাগী
অনাদাৰবোৰ এক অদ্ভুত ৰাগি হৈ মোক জেদী আৰু তীব্ৰ অভিমানী কৰি ৰাখিছিল৷ ক’তো কোনো অসুয়া, ক’তো কোনো
অভিযোগ নৰখাকৈ নিয়মিতভাৱে মই শেষ ৰাতি শেষ যোগাযোগ ৰখা মানুহজন
অনিন্দ্য আছিল৷ সোঁৱে-বাঁৱে বেঢ়ি ৰখা তেওঁৰ অনেক আপোন মানুহৰ মাজত মোৰ নিজা পৰিচয়
তেতিয়ালৈ বৰ্তি থকা নাছিল৷ সহানুভূতি আৰু সান্ত্বনাৰ কৰুণ দৃষ্টিবোৰে লাহে লাহে মোৰ
ডিঙিত সজোৰে হেঁচা মাৰিছিল৷ ওফৰাই দিবৰ জোখাৰে মোৰ ভিতৰৰ শক্তিও লাহে লাহে কমি
গৈছিল৷ অনিন্দ্যই ধৈৰ্যচ্যুত হৈ নিক্ষেপ কৰা কঠোৰ শব্দবোৰ
মই নতশিৰে মূৰ পাতি লৈছিলোঁ৷ অথচ মানসিক নিপীড়ণৰ এক নামহীন
ক্ৰূৰ আনন্দত নিজেই নিজৰ অচিনাকি হৈ পৰিছিলোঁ৷
নিজৰ খেতি পামখন চাবলৈ উত্তৰণে
প্ৰায়ে মোক লগ ধৰিছিল৷ তালৈ গ’লে তুমি লিখাৰ নানা সমল পাবা, প্ৰতিজোপা গছ প্ৰতিজোপা ফুলে তোমাক সম্ভাষণ জনাব৷ পামখনৰ উশাহবোৰত তুমি মুকলি অনুভৱ কৰিবা। - উত্তৰণে কোৱা কথাবোৰ মই থৰ
হৈ শুনিছিলোঁ৷ নিজৰ আত্মমগ্নতাক চেৰাই প্ৰথমবাৰৰ বাবে মই আনৰ কথা শুনিব খুজিছিলোঁ৷
উত্তৰণ নথকা দিন এটা চাই এদিন মই
অকলে পামখনলৈ গৈছিলোঁ৷ আদিগন্ত বিয়পা সেউজৰ বিস্তাৰ৷ বিৰাট বিৰাট আকাৰৰ পুখুৰীত
চৰি থকা হাঁহ, কাছ, কেওকাষৰ পাচলিৰ বাগান,
নাৰিকল নেমুৰ গছ আৰু এখন অনাথ আশ্ৰম৷ সেউজীয়াৰ এটা জীয়া সুঘ্ৰাণে
মোক গোটেই ৰাতি নুশুৱালে৷ অনিন্দ্যৰ মৌনতাৰ কাঁইট, উত্তৰণৰ
সেউজ সংলাপে একে লগে মোক শৰবিদ্ধ কৰিছিল৷ বহু বছৰৰ পাছত অনিন্দ্য দেশলৈ আহিছে৷
অদ্ভুত এক শিহৰণ মই অনুভৱ কৰিলোঁ৷ পৃথিৱীৰ অযুত-কোটি মানুহৰ
মাজত এজন মানুহ, যি একেলগেই বহুত৷ য’ত
একেলগে থুপ খাই থাকে ভিন্ন ভাবনাৰ ভিন্ন বিস্তাৰ৷ দীৰ্ঘদিনীয়া মৌনতাৰ উত্তৰবোৰ
পাবলৈও উথপথপ মোৰ ভিতৰখন৷ আকাংক্ষা একো নাই মোৰ৷ আকাংক্ষা কৰিব পৰাকৈ সময় এতিয়া ৰৈ
থকা নাই৷ বোঁৱতী সময়ৰ বুকুত এটা উজাৰৰ পিছত আকাংক্ষাহীন প্ৰাপ্তিৰ অৰ্থ কেৱল মোৰ
ধৰণেৰে বুজোঁ মই৷
উত্তৰণে ক’লে
“ময়ো যাম তোমাৰ লগত”৷ ক’ব নোৱাৰিলোঁ নেলাগে বুলি৷ দুৰ্বল লেতু-সেতু হৈ পৰিছে
মোৰ সমগ্ৰ সত্ত্বা৷ জানো এখন যুঁজৰ পাছত অনেকখন যুঁজৰ আখৰাৰ সময় এয়া৷
প্ৰসাধনবিহীন মোৰ দুগালোদি বৈ যোৱা চকুলোধাৰলৈ চাই উত্তৰণে নিজৰ ৰুমালখন বাৰে বাৰে
আগবঢ়াই দিছে৷ অনৰ্গলভাৱে ওৰে বাটটো মই কৈ গ’লোঁ সমৰ্পিত মোৰ
জীৱন কথা৷
দেহৰক্ষীজনে দেখুৱাই দিয়া বাটেৰেই
মই কোঠাটোত প্ৰৱেশ কৰিলোঁ৷ অচিম্বতে মোক দেখি অনিন্দ্য আচৰিত হ’ল৷
গোলাপী চকু বাদামী ৰঙৰ সুন্দৰী গাভৰুগৰাকীক মই চিনি পালোঁ৷ হাই সুজল৷ মই হাতখন
আগবঢ়াই দিলোঁ৷ চকুত ক’লা চচমাৰে টপা মূৰৰ ভদ্ৰলোকজন অনিন্দ্য৷ সুৰুচিপূৰ্ণ সাজ-পোছাক, আদৰহীন ব্যৱহাৰ৷ “ব’লা তোমাক আগবঢ়াই দিওঁ” অনিন্দ্য
উঠি আহিল৷
হালি পৰা বেলিটোৰ আটাইবোৰ ৰ’দ
আহি আমাৰ গাত পৰিছিলহি৷ দীঘল বাটটো এখোজ দুখোজ জুখি জুখি মই আগ বাঢ়িছোঁ৷ শেষ হৈ অহা এটা কবিতাৰ বাকী থকা শাৰীটো যেন শেষ
হ’ব আজি৷ তেওঁ পুনৰ দোহাৰিলে সেই সীমাৰ কথা৷
“বৰ সলনি হ’লা অ!” – অতৰ্কিতে মোৰ মুখ ফাটি ওলাই গ’ল তলিখন ৷
“আৱেগত পৃথিৱী নচলে,
practical হোৱাঁ...।” তেওঁৰ টান মাত৷
“মোৰ পৃথিৱীত আৱেগেই
উশা...।” মই কষ্টেৰে ক’লোঁ৷
“সেই বাস্তৱত কষ্ট পাবা৷”
চচমাযোৰ খুলি তেওঁ মোলৈ চালে৷
“কষ্টই বাস্তৱ৷ আৱেগেৰেই
সমাপ্ত হম মই...।” মই ক’লোঁ৷
“৫০ টা বছৰ আৱেগেৰেই পাৰ হ’ল...। এতিয়া ৫১ নম্বৰ খোজটো মই মোৰ মতে কাঢ়িম৷ শিপাডাল মই মাথোঁ চাবলৈ
ৰৈ আছিলোঁ৷” অনিন্দ্যৰ চকুত চকু থৈ মই যেন নাটকৰ সংলাপ গালোঁ৷
কঠুৱা মোৰ মাত৷ এটা শব্দও লৰা নাই৷ শিল শিল শব্দ মালা৷
এবাৰো উভতি নাচাই মই দীঘল দীঘল
খোজ পেলাই গাড়ীলৈ বাট পোনাইছোঁ৷ জীয়াই থকাৰ উকি এটা যেন দূৰত শুনিছোঁ৷ আজি চিজাৰ
হৈ গাবলৈ মন যোৱা নাই ইউ টু ব্ৰুটাছ... ডেচডিমনা হৈ আওঁৰাবলৈ মই যোৱা নাই সেই
তন্দ্ৰা বিভ্ৰান্তিৰ সংলাপ৷ বৰ সহজভাৱে উত্তৰণক কৈ দিলোঁ– “সতেজ শাক-পাচলি আছে যদি বেগত ভৰাই লৈ আহিবাচোন৷