অন্যযুগ/


চূণ পৰক

দিগন্ত শইকীয়া

 

তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল

শিলতে জুই

 

তলে সোঁত ওপৰে সাঁকো

দীঘে উপত্যকা

 

গছে পিন্ধিলে পাত

আকাশে ৰ’দ

 

ভিতৰে তথাপি কুঁৱলী

 

হায়েনাৰ কেনাইন। লালকাল নে উজাগৰ জিন!

কি এই পিয়াহ!

 

কিয় পিয়াহ ৰঙা!

 

মূগা মুখবোৰত চূণ পৰক আমাৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ