প্ৰিয়ানুজ কলিতা
দুপৰীয়া চহৰৰ মাজমজিয়াত উপস্থিত হোৱা ৰঙীন ট্ৰাকখনে
বজাৰৰ মানুহৰ অলপ কৌতুহল আদায় কৰাত সক্ষম হৈছিল, কিন্তু ঘোষকজনৰ বাদে ভিতৰত বহি থকা
কাৰোৰে আনকি পশু-পক্ষীকেইটাৰ মুখতো বিশেষ উৎসাহ দেখা নগৈছিল; এই শব্দকেইটাৰ পিছতেই
প্ৰতিখন চহৰত একেদৰেই সকলোবোৰ আৰম্ভ হৈছিল৷
লোহাৰ খুঁটাবোৰ এটাৰ পিছত এটাকৈ নামি আহিল, মোটা ৰছীবোৰ
মাটিত পেলোৱা হ’ল, তিৰপালৰ ভাঁজবোৰ খুলি দুজনে দুটা বিপৰীত দিশলৈ টান দিলে, হাতুৰীৰ
প্ৰথম কোবটো মাটিত পৰাৰ আগতেই টিকট বিক্ৰী কৰা সৰু কাঠৰ খিৰিকীখনৰ ধূলি মচা আৰম্ভ হ’ল,
আৰু ঠিক সেই সময়তে পিঞ্জৰাৰ তলা খুলি ভিতৰৰ পানীৰ পাত্ৰ সলনি কৰা মানুহজনে গম পালে
বাল্টিটোৰ তল ফাটি আছে৷
ফটা বাল্টিটো আঁতৰাই আন এটা বিচাৰিবলৈ মানুহজন ঘূৰাৰ আগতেই
খাদ্যৰ বস্তাবোৰ নমাই থকা মানুহজনে হিচাপ মিলাই দেখিলে ঘাঁহৰ এটা মুঠা কম, ওপৰৰ মূল
খুঁটাটো দাঙি ধৰা চাৰিজনে নিৰ্ধাৰিত গাঁতটোত তাৰ মূৰ এটা পুতি দিলে, একোণত দুজনক প্ৰৱেশদ্বাৰৰ
তিৰপালৰ ভাঁজবোৰ খুলি থকা দেখা গ’ল, ইলেক্ট্ৰিচিয়ানে জেনেৰেটৰৰ ঢাকনি খুলি দ্বিতীয়বাৰৰ
বাবে ষ্টাৰ্টাৰ টানি শুনিলে যে ইঞ্জিনটোৱে স্বাভাৱিকতকৈ দীঘলকৈ কাহ মাৰিছে, তম্বুৰ
ভিতৰত মাটিখিনি সমান কৰা মানুহজনৰ কোদালিৰ ধাৰত শিলবোৰ ওলাই আহিল, আৰু এই সকলো চলি
থকাৰ মাজতে টিকটঘৰৰ বহীখনৰ পৃষ্ঠাটোত তাৰিখটো লিখিবলৈ গৈ মানুহজনে লক্ষ্য কৰিলে আগৰ
চহৰৰ শেষ হিচাপটোৰ তলত টনা ৰঙা দাগটো৷ পৃষ্ঠাটোৰ আধাতকৈ বেছি অংশ উকা হৈ থাকোতেই হিচাপটো
শেষ হৈছিল৷
লোহাৰ ৰিঙটো ওপৰলৈ উঠিল৷ ৰছীবোৰ একেলগে টান খালে৷ তম্বুৰ
কাপোৰখন প্ৰথমে কঁপিল, তাৰ পিছত ফুলিল৷ তলত কাঠৰ আসন নমাই থকা মানুহজনে এখনৰ ওপৰত আনখন
থৈ গণিবলৈ ধৰিলে; দুশখন থাকিব লাগিছিল, ওলাল এশ ছিয়ান্নব্বৈখন৷ চাৰিখন চকী ক’ত গ’ল
কোনেও নাজানে৷ তাৰ মাজতেই টিকটঘৰৰ কাষত এখন সৰু ব্লেকব’ৰ্ড থিয় কৰাই চকেৰে মূল্য লিখা
হ’ল৷ আগৰ চহৰৰ মূল্যত এটা অংক মচি নতুন শূন্য এটা… গোলটো ইংৰাজী ছয়টোমান হওতেই চকৰ
আগটো ভাঙি গ’ল৷
বতাহ অলপ বাঢ়িল৷
তম্বুৰ পশ্চিমফালৰ ৰছীডাল পুনৰ টানি ধৰিব লগা হ’ল৷
পিঞ্জৰাৰ শাৰীটোৰ কাষত ঝাড়ু দি থকা মানুহজনে শেষ খেৰখিনি
সমানকৈ পাৰিবলৈ চেষ্টা কৰিছে৷ ভালুকৰ খালী পিঞ্জৰাৰ ভিতৰত এটা বাল্টি ওলোটাই থোৱা অৱস্থাত
পোৱা গ’ল৷ দাঙি দিয়াত প্লাষ্টিকৰ বটল কাটি তৈয়াৰ কৰা মগটোকো একেটা ভংগীমাত দেখা গ’ল৷
কাষতে তলাবোৰ এটাৰ পিছত এটা টানি চাই থকা মানুহজনে তৃতীয় তলাটোত অলপ বেছি সময় ল’লে৷
তলাটো বন্ধ হয়, কিন্তু লৰিছে৷ আগৰ দৰে টান নহয়৷ তেওঁ আকৌ খুলিলে, আকৌ বন্ধ কৰিলে৷
ঢোলবোৰ পৰীক্ষা কৰি থকা মানুহজনে প্ৰথমটো টোকৰ মাৰিলে৷
শব্দটো ৰঙা তম্বুটোৰ শিখৰলৈ উঠি কাপোৰৰ মাজেৰে উভতি আহিল৷ ওপৰত ৰছী বান্ধি থকা মানুহবোৰে
একে সময়তে মূৰ তুলি চালে৷ তম্বুৰ মাজৰ ৰিঙটো অলপ বাওঁফাললৈ হালি আছে৷ তলৰ পৰা এজনে
হাত উঠাই ইংগিত দিলে৷ ওপৰৰ দুজনে নাট এটা খুলি পুনৰ ৰিঙটো নিৰ্দিষ্ট ঠাইলৈ টানিলে৷
ৰিঙটো স্থিৰ হ’ল৷
দুটামান কাহ মাৰি জেনেৰেটৰটো চলিল৷
এবাৰ কঁপিল৷
পুনৰ চলিল৷
ইলেক্ট্ৰিচিয়ানজনে ইন্ধনৰ ড্ৰামটোত আঙুলিৰে টোকৰ মাৰিলে৷
শব্দটো শুনি কাষতে কেৱল মেলি থকা ল’ৰাজনে এবাৰ ঘূৰি চালে৷ ড্ৰামটো আধালৈকে খালী৷ বহীত
লিখা হিচাপ অনুসৰি আজি সন্ধিয়ালৈ যথেষ্ট হ’ব লাগে!
টিকটঘৰত প্ৰথমজন গ্ৰাহক আহিল৷
এটা টিকট৷
দ্বিতীয়জন আহিল৷
দুটা টিকট৷
তাৰ পিছত বহুখিনি সময় খিৰিকীৰ সন্মুখত কেৱল বতাহৰ আহ-যাহ৷
কাউণ্টাৰৰ মানুহজনে চশমাখন ৰঙীন চাৰ্টটোৰ পাতলিত মচি মচি গ্ৰাহকলৈ অপেক্ষা কৰি আছিল৷
অলপ পাছত তিনিজনমান আদহীয়া মানুহৰ মুখ কাউণ্টাৰৰ খিৰিকীত দেখা গ’ল৷
খুচুৰা পইচা গণি থকা হাতখন লাহে লাহে ৰৈ গ’ল৷ বহীৰ কাষত
পেঞ্চিলডালে হাতৰ মুঠিটোৰ সৈতে উঠা নমা কৰি ৰঙা কাঠৰ মেজখনত টুকটুক শব্দ কৰিব ধৰিলে৷
বহীৰ ওপৰত আগৰ চহৰৰ ৰঙা দাগ, আজিৰ তাৰিখ, আৰু বিক্ৰী হোৱা সাতটা টিকট, তিনিওটা একেলগে
দেখা গৈছে৷
ঠিক সেই সময়তে দূৰৰ পথটোৰ পৰা ধূলি উঠিল৷
সকলোৱে ভবা ধৰণে টিকট কিনিবলৈ অহা মানুহ নাছিল৷
এখন সৰু জীপ৷
জীপখন তম্বুৰ ওচৰত ৰৈ গ’ল৷ নামি অহা মানুহজনে পকেটৰ পৰা
এটা বাদামী খাম উলিয়াই টিকটঘৰৰ খিৰিকীৰ ৰেলিঙৰ ফাঁকত থৈ দিলে৷ খামটোৰ ওপৰত কেৱল কোম্পানীটোৰ
নাম লিখা আছিল৷
খামটো খোলা নহ’ল৷
কাৰণ সেই মুহূৰ্ততে ওপৰৰ পশ্চিমফালৰ ৰছীডাল আকৌ এবাৰ কঁপি
উঠিছিল৷ লগে লগে ওপৰত থিয় হৈ থকা মানুহ দুজনে একেলগে টান সলনি কৰিলে; তলৰ পৰা হাতুৰী
বিচৰা হ’ল, হাতুৰীটো কাঠৰ আসনৰ মাজত পৰি আছিল, তাক উলিয়াবলৈ যোৱা মানুহজনক টিকটঘৰৰ
পৰা মাত আহিল… খুচুৰা শেষ৷ ঠিক সেই সময়তে বাদামী খামটো বহীৰ কাষত থৈ দিয়া হ’ল, কিন্তু
খুলি চোৱাৰ আগতেই জেনেৰেটৰে পুনৰ এবাৰ দীঘলকৈ কাহ মাৰিলে, ইলেক্ট্ৰিচিয়ানে স্পেনাৰেৰে
নাট টানিলে, কেবল মেলি থকা ল’ৰাটোৱে প্লাগটো টানি পুনৰ লগালে, আৰু পিঞ্জৰাৰ কাষত পানী
ভৰাবলৈ যোৱা মানুহজনে লক্ষ্য কৰিলে তলীফুটা বাল্টিটোৰ ঠাইত অনা নতুন বাল্টিটোৰো কাণৰ
ফালে ফাট মেলিব ধৰিছে৷
আবেলিৰ ৰ’দে তম্বুৰ কাপোৰত কমলা দাগ এৰি এৰি আগবাঢ়িছে৷
মাটিৰ ৰিঙটোত শেষবাৰৰ বাবে কাঠৰ গুড়ি ছটিওৱা হ’ল, ঢোলত সৰু সৰু টোকৰ পৰি আছে, লাইটৰ
ফ’কাচ তম্বুৰ মাজলৈ নমাই অনা হৈছে, আৰু সেই সকলোৰে মাজতে টিকটঘৰৰ বহীত অষ্টম টিকটটোৰ
নম্বৰ লিখা হ’ল৷ বহী বন্ধ কৰা নহ’ল৷ পেঞ্চিলডালো টেবুলখনলৈ নানামিল৷ বহীৰ কাষতেই বাদামী
খামটো এতিয়াও নোখোলাকৈ পৰি আছিল৷
আৰ্টৰ বাকচৰ পৰা ৰঙৰ ডিবা উলিয়াই দেখা গ’ল ঢাকনিৰ ভিতৰৰ
দ্ৰব্যবোৰ শুকাই গৈছে৷ চামৰাৰ বেল্ট এডালৰ বাকলটো ছিঙা৷ ওপৰত ট্ৰেপিজৰ ৰছী ধৰা মানুহজনে
তৃতীয়বাৰৰ বাবে হাত সলাইছে৷ কাষতে পিঞ্জৰাৰ তলাবোৰ আকৌ এবাৰ টানি চাই থকা মানুহজন
এইবাৰ চতুৰ্থ তলাটোত অলপ ৰৈ গ’ল৷ তলাটো বন্ধ হ’ল, কিন্তু চাবিটো উলিয়াবলৈ দুবাৰ ঘূৰাব
লগা হ’ল৷ তেওঁ চাবিটো পকেটত সোমোৱাই থ’লে৷
খামটো অৱশেষত খোলা হ’ল৷
ভিতৰত মাত্ৰ এখিলা কাগজ৷
কাগজখন বহীৰ মাজত সোমোৱাই লোৱা হ’ল৷
টিকটৰ বহীখন চোৱাৰ চলেৰে পৃষ্ঠাটোৰ আপাদমস্তক নিৰীক্ষণ
কৰা হ’ল৷
ঠিক তেতিয়াই টিকটঘৰৰ খিৰিকীৰ আগত তিনিটা স্কুলীয়া ল’ৰা
আহি থিয় হ’ল৷ পইচা গণি গণি তিনিটা টিকট ল’লে৷ বহীত নতুন দাগ উঠিল৷ খামৰ কাগজখন বহীৰ
মাজত বন্ধ হ’ল৷ মুখত হাঁহি আনিবলৈ চেষ্টা কৰা হ’ল৷
ইফালে জেনেৰেটৰৰ কাষত ইন্ধনৰ ড্ৰামটো কাতি কৰি শেষখিনি
জোখা হৈছে৷ বহীৰ হিচাপত সন্ধিয়ালৈ চলিব লাগে, কিন্তু ড্ৰামৰ শব্দে বহীৰ লগত একমত নহয়৷
কেবল টানি থকা ল’ৰাটোৱে কাণ পাতি ইঞ্জিনৰ শব্দ শুনিছে৷ ইলেক্ট্ৰিচিয়ানে একো নক’লে৷
কেৱল ষ্টাৰ্টাৰৰ ৰছীডাল মেলি পুনৰ মেৰিয়াই থৈ দিলে৷
বাহিৰত টিকটৰ লাইন দীঘল হোৱা নাই৷
দীঘল হৈছে ছাঁ৷ টম্বু, খুটা, সৰলৰৈখিক জৰীবোৰৰ ছাঁ৷
পশ্চিমফালৰ খুঁটাটোৰ গুৰিৰ মাটি অলপ অসমান যেন পোৱা গ’ল৷
বুটেৰে হেঁচা মাৰি সমান কৰা হ’ল৷ এইবাৰ হাতুৰীৰ দুটা কোবো পৰিল৷ ওপৰত ৰছীবোৰ স্থিৰ৷
তলত মাটি স্থিৰ৷ কেৱল স্থিৰ নহয় বতাহ৷
সন্ধিয়াৰ প্ৰথম পোহৰ পৰীক্ষা কৰিবলৈ
সকলো লাইট একেলগে জ্বলোৱা হ’ল৷
এটা...
দুটা...
তাৰ পিছত বাওঁফালৰ শাৰীটোত৷ এটা নজ্বলিল৷
ইলেক্ট্ৰিচিয়ানজন সেইফালে দৌৰিলে৷
একেই মুহূৰ্ততে টিকটঘৰৰ মানুহজনে বহীৰ
ওপৰত পেঞ্চিলডাল থৈ বাদামী খামৰ কাগজখন আকৌ এবাৰ উলিয়ালে৷
এইবাৰ কাগজখন তেওঁ অকলে নপঢ়িলে৷
ওপৰৰ ৰছী টানি থকা মানুহজনো নামি আহিল৷
জেনেৰেটৰৰ কাষৰ মানুহজনো ওচৰ চাপিল৷
কাগজখনৰ শেষ শাৰী পঢ়াৰ পিছত তিনিওজনে
একেলগে তম্বুটোৰ ভিতৰলৈ চাই ৰ’ল৷
ভিতৰত সকলো প্ৰায় সাজু৷
বাহিৰত টিকট বিচৰা মানুহ এতিয়াও খুব
কম৷
সন্ধিয়াৰ প্ৰথম ঘণ্টাটো বজাৰ আগতেই
টিকটঘৰৰ খিৰিকীখন বন্ধ কৰা হ’ল৷ বাহিৰত আৰু নতুন মানুহ বিশেষ নাছিল, কিন্তু ভিতৰত শেষবাৰৰ
দৰে চকীবোৰ মঞ্চলৈ পোন কৰি দিয়া হৈছে, কাঠৰ গুড়িখিনি পুনৰ ৰিঙৰ মাজত ছটিওৱা হৈছে,
লাইটৰ বাওঁফালৰ শাৰীটোৰ সংযোগ তৃতীয়বাৰৰ বাবে খুলি পুনৰ লগোৱা হৈছে, জেনেৰেটৰৰ কাষত
খালী ড্ৰামটো আঁতৰাই ভৰ্তি ড্ৰাম যেন দেখুৱাবলৈ ওপৰলৈ উলিয়াই ৰখা হৈছে, আৰু টিকটঘৰৰ
বহীৰ মাজত ভাঁজ খাই থকা বাদামী কাগজখন এইবাৰ নগদ টকাৰ বাকচটোৰ তলত সোমাই গৈছে৷
কাগজখনৰ কথা আৰু কোনেও নুলিয়ালে৷
ঢোলত প্ৰথম দীঘল টোকৰ পৰিল৷
তম্বুৰ বাহিৰত থিয় হৈ থকা মানুহবোৰ
লাহে লাহে ভিতৰলৈ সোমাবলৈ ধৰিলে৷
টিকট ছিঙা হাতখন আগতকৈ দ্ৰুত৷ খালী
চকীৰ সংখ্যা এতিয়াও বেছি৷ প্ৰতিটো নতুন মানুহ সোমোৱাৰ লগে লগে বহীৰ ওপৰত সৰু সৰু দাগ
উঠি গৈছে, কিন্তু সেই দাগবোৰে পুৱাৰ ৰঙা দাগটোক ঢাকিব পৰা নাই৷ একে সময়তে পিঞ্জৰাৰ
তলাবোৰ শেষবাৰৰ বাবে টানি চোৱা হ’ল, কেৰেংকাৰাংকৈ থকা কব্জাবোৰত তেল দিয়া হ’ল, ওপৰত
ট্ৰেপিজৰ ৰছী দুহাতে ধৰি এজনে নিজৰ সম্পূৰ্ণ ওজন এৰি দিলে, তলৰ পৰা আন এজনে মাথোঁ মূৰ
জোকাৰিলে… চলিব৷
জেনেৰেটৰ চলি আছে৷
আগৰ দৰে শব্দ কৰা নাই৷
ইলেক্ট্ৰিচিয়ানে মন দি শুনি আছে৷
ড্ৰামৰ কাষতে ৰেঞ্চপাট থৈছে৷ কেবল মেলি থকা ল’ৰাটোৱে বাওঁফালৰ লাইটবোৰ জ্বলি আছেনে
বাৰে বাৰে চাই আছে৷ টিকটঘৰৰ মানুহজনে খিৰিকীৰ ফাঁকেৰে শেষবাৰৰ বাবে পথটোলৈ চাই ল’লে৷
আৰু কোনো নাহে৷
দ্বিতীয় ঘণ্টাটো বজিল৷
তম্বুৰ কাপোৰখন বতাহত এবাৰ ফুলিল৷
ওপৰৰ পশ্চিমফালৰ ৰছীডাল আকৌ কঁপিল৷
এইবাৰ হাতুৰী লৈ দৌৰা মানুহজনৰ কাকো মাতিবলগীয়া নহ’ল৷
তেওঁ নিজেই খুঁটাটোৰ গুৰিত আঁঠুকাঢ়ি লৈ মাটিত নতুনকৈ গজাল পুতিবলৈ ধৰিলে৷ সেই একে
মুহূৰ্ততে জেনেৰেটৰে এবাৰ স্তব্ধ হৈ পুনৰ ষ্টাৰ্ট হোৱাৰ শব্দ সৃষ্টি কৰিলে৷ ইলেক্ট্ৰিচিয়ানে
ৰেঞ্চপাট তুলি পাইপৰ নাট টানিলে৷ তম্বুৰ বাওঁফালৰ লাইট এপলক নুমাল, পুনৰ জ্বলি উঠিল৷
ঢোলৰ তাল নৰ’ল৷
দৰ্শকে একো ধৰিব নোৱাৰিলে৷
ভিতৰত কামবোৰ চলিয়েই থাকিল৷
বাহিৰতো৷
টিকটৰ বহী বন্ধ৷
পিঞ্জৰাৰ তলা বন্ধ৷
লাইটৰ বাকচ বন্ধ৷
খেৰভৰ্তি বস্তাটো পিঞ্জৰাৰ পিছফালে লুকুৱাই থোৱা হ’ল৷
বাদামী খামৰ কাগজখন নগদ টকাৰ বাকচৰ তলত৷
সকলো নিজৰ নিজৰ ঠাইত৷
কিন্তু সেই মুহূৰ্ততে পশ্চিমফালৰ খুঁটাটোৰ গুৰিৰ মাটিখিনি,
যিটো পুৱাৰ পৰা বুটেৰে হেঁচা মাৰি, হাতুৰীৰে কোবাই কোনোমতে ধৰি ৰখা হৈছিল, বতাহৰ এটা
দীঘল জোকাৰণিত অলপ অলপকৈ বহিবলৈ ধৰিলে৷
ওপৰৰ পৰা এজনে তললৈ চাই হাত উঠালে৷
তলৰ পৰা আন এজনে সেই ইংগিত বুজি ল’লে৷
কোনো শব্দ নোহোৱাকৈ দুজন মানুহ খুঁটাটোৰ দুয়োফালে থিয়
হ’ল৷
আৰু ঠিক সেই সময়তে তম্বুৰ ভিতৰত প্ৰথম হাতচাপৰি উঠিল৷
দৰ্শকে ভাবিলে অনুষ্ঠান আৰম্ভ হৈছে৷
খুঁটাটোৰ কাষত থিয় হৈ থকা মানুহ দুজনে ঘৰ্মাক্তকলেবৰেৰে
কাম আৰম্ভ কৰি দিছিল৷
প্ৰথম হাতচাপৰিৰ জাউৰিৰ পিছত দ্বিতীয়টো আহিল, তাৰ পিছত
তৃতীয়টো৷ তম্বুৰ ভিতৰত চকুবোৰ একেটা বৃত্তৰ মাজত, কিন্তু তম্বুৰ গাত, খুঁটাত, কেবলত,
জেনেৰেটৰত, টিকটঘৰত, পিঞ্জৰাৰ কাষত আন এটা পৃথক অনুষ্ঠান পূৰ্ণগতিত চলি আছিল৷
পশ্চিমফালৰ খুঁটাটোৰ গুৰিত থিয় হৈ থকা দুজনে কঁকালেৰে
ঠেলি খুঁটাটো স্থিৰ কৰি ৰাখিছে; তেওঁলোকৰ কাষেদি ইলেক্ট্ৰিচিয়ানজন ৰেঞ্চ হাতত লৈ জেনেৰেটৰৰ
ওচৰলৈ দৌৰিছে, জেনেৰেটৰৰ শব্দটো এতিয়া দীঘল শ্বাসৰ দৰে উঠা-নমা কৰিছে; টিকটঘৰৰ মানুহজনে
বহী বন্ধ কৰি খুচুৰা পইচাখিনি বাকচত ভৰাইছে, আৰু সেই বাকচটোৰ তলত বাদামী খামটো এতিয়াও
নিঃশব্দে পৰি আছে৷
ৰাতিলৈ বতাহ আৰু বাঢ়িল৷
তম্বুৰ কাপোৰখন পুনৰবাৰ দুলি উঠিল৷
খুঁটাটো এইবাৰ সঁচাকৈয়ে অলপ লৰিল৷ অলপ জোৰকৈয়ে৷
মানুহকেইজনে ঠেলি ধৰি ৰাখিলে৷
সহায়ৰ বাবে আগবাঢ়ি অহা তৃতীয়জনে মাটি খুঁচৰি নতুন গজাল
এটা উলম্বভাৱে ধৰি ৰাখিলে৷
চতূৰ্থজনে হাতুৰীৰ প্ৰতিটো কোব ঢোলৰ তালৰ মাজত মিলাই দিলে৷
ভিতৰৰ মানুহে একো নুশুনিলে৷
জেনেৰেটৰে এবাৰ দীঘলকৈ কাহ মাৰিলে৷
বাওঁফালৰ লাইট নুমাই গ’ল৷
ইলেক্ট্ৰিচিয়ানে টৰ্চটো দাঁতেৰে কামুৰি সংযোগ সলাই দিলে৷
দুটা ছেকেণ্ড৷
তিনিটা৷
পোহৰ পুনৰ উভতি আহিল৷
কাঠৰ বগা চকীবোৰত বহি থকা মানুহবোৰে এইটোও খেলৰ অংশ মাথোঁ
বুলিয়েই ভাবিলে৷
টিকটঘৰৰ বহীখন এইবাৰ সম্পূৰ্ণ বন্ধ কৰা হ’ল৷ পুৰণা কাঠৰ
বাকচটোৰ ভিতৰত৷ খুচুৰা পইচাকেইটাই একেলগে বন্ধ কৰি দিয়াত টুং টাং শব্দৰে অসন্তোষ প্ৰকাশ
কৰিলে৷ শেষ হিচাপটো লিখা নহ’ল৷ লিখিবলৈ সময় আৰু ইচ্ছা দুয়োটাই নাছিল৷ খালী চকীৰ সংখ্যা
কোনেও আৰু নগণিলে৷ পিঞ্জৰাৰ কাষত খেৰ শেষ৷ কাণফটা বাল্টিটো পাতি তিৰপালেৰে বৈ অহা পানী
ধৰি ৰখা হৈছে৷ বাওঁফালৰ ভঙা বাল্বটো তেতিয়াও সলনি কৰা নহ’ল৷
ৰাতি গভীৰ হোৱাৰ লগে লগে হাতচাপৰিৰ শব্দ কমি আহিল৷
তাৰ পিছত শেষবাৰৰ বাবে ঢোল বজিল৷
তাৰ পিছত তম্বুৰ ভিতৰত থকা মানুহবোৰ বাহিৰলৈ ওলাই গ’ল৷
হাঁহি, কথা, শিশুৰ দৌৰ, ধূলি… লাহে লাহে সকলো নোহোৱা হ’ল৷
দৰ্শকৰ শেষজন ওলাই যোৱাৰ লগে লগে পশ্চিমফালৰ খুঁটাটোৰ
কাষত থিয় হৈ থকা মানুহ দুজনে প্ৰথমবাৰৰ বাবে হাত এৰি দিলে৷ খুঁটাটো এতিয়া স্থিৰ৷ জেনেৰেটৰ
বন্ধ কৰা হ’ল৷ শব্দটো থমকি যোৱাৰ লগে লগে গোটেই তম্বুৰ ভিতৰত এক চিনাকি নীৰৱতা নামি
আহিল৷
লোহাৰ খুঁটাৰ কাষত থিয় হৈ থকা মানুহজনে হাতুৰীটো মাটিত
থৈ দিলে৷ ইলেক্ট্ৰিচিয়ানজনে জেনেৰেটৰৰ গৰম শৰীৰত হাত থৈ অলপ সময় ৰৈ থাকিল৷ টিকটঘৰৰ
মানুহজনে বাকচটো দুইহাতেৰে তুলি ল’লে৷ আটাইৰে বুকুবোৰ যেন একেটা ছন্দতে উঠিছে… নামিছে৷
হৈ গ’ল এইবাৰলৈও!
তাৰ পিছত কোনো আদেশ নোহোৱাকৈ কাম আৰম্ভ হ’ল৷
লাইট নমোৱা হ’ল৷ ৰছীকেইডালৰ গাঁঠিবোৰ ঢিলা কৰা হ’ল৷
পিঞ্জৰাবোৰ ট্ৰাকত উঠিল৷ চেৰেলা সিংহটো, বান্দৰটো, ময়ুৰটো,
শহাকেইটা… সকলোৱে একেলগে বহি ল’লে৷
কাঠৰ চকীবোৰ এখনৰ ওপৰত আনখন থুপ খাই গ’ল৷
মাজৰ বৃত্তটো, য’ত অলপ আগতেই পোহৰ আৰু হাতচাপৰি আছিল,
এতিয়া আন্ধাৰৰ আবৰ্তত লুকাই পৰিল৷
দুপৰীয়া যিদৰে তম্বুটো উঠিছিল, ৰাতি তেনেদৰেই অদৃশ্য
হ’ল৷
শেষত ট্ৰাকখনৰ পিছফালৰ দুৱাৰখন বন্ধ হ’ল৷
এইবাৰ শব্দটো শুনিবলৈ বজাৰত কোনো নাছিল৷
কেৱল পথাৰখনত কেইটামান গভীৰ গাঁত, অলপ কাঠৰ গুড়ি, আৰু
মাজত ঘাঁহ-বন গুছাই কৰা চিকুণ বৃত্তটোৱে তামাচাটোৰ সাক্ষী দি থাকিল৷
বতাহৰ সোঁসোৱনি ফালি নিজান ৰাস্তাটোৰে আগবাঢ়িছে ট্ৰাকখন৷
টিকট বেচা মানুহজনে খুচুৰা পইচাৰ বাকচটোৰপৰা বাদামী খামটো উলিয়ালে৷ অলপ লিৰিকি-বিদাৰি
সেইটো নিঃশব্দে ডেছব’ৰ্ডত থৈ দিলে৷ অলপ আগলৈকে ইলেক্ট্ৰিচিয়ানৰ ভূমিকাত থকা মানুহজনেই
এইবাৰ ড্ৰাইভিং ছীটত বহি আছিল৷ তেওঁ আঁৰ চকুৰে কাণ্ডটো চালে৷ টিকট বেচা মানুহজনেও কেৰাহিকৈ
ইলেক্ট্ৰিচিয়ানজনলৈ চালে৷ অৰ্থপূৰ্ণ দৃষ্টিবিনিময়ৰ পাছত ভাবলেশহীন মুখ দুখনৰ দৃষ্টি
সন্মুখৰ ৰাস্তাটোত নিবদ্ধ হ’ল৷
ট্ৰাকখন চলি থাকিল পৰৱৰ্তী চহৰখনৰ অভিমুখে…
***
লেখকৰ দূৰভাষ
: ৯৯৫৪১৩৫৯৯২
