অন্যযুগ/


বিস্মৃতিৰ অন্ধকাৰ গহ্বৰত

স্মৃতিমালা শৰ্মা


 

হঠাতে জুই লাগিছিল।

লাজপত নগৰৰ বসন্তকুঞ্জ এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ ফ্লেট নম্বৰ থ্ৰী বি। ৰান্ধনীঘৰৰ একমাত্ৰ খিৰিকীখনৰ পৰ্দাৰ দাঁতিত লাহে লাহে সৰু সৰু ৰঙচুৱা কমলা ৰঙৰ ফিৰিঙতিয়ে ভয়ে ভয়ে বিচৰণ কৰিছিল। আৰু কিছু সময়ৰ ভিতৰতে দাও দাওকৈ জ্বলি উঠিছিল সৰিয়হফুলীয়া কপাহী কাপোৰৰ পৰ্দাখন। অগ্নিৰ শিখাই প্ৰথমে উমি উমি, তাৰ পাছত নিৰ্ভয়ে জ্বলি উঠিছিল। জ্বলা কাপোৰ, ৰন্ধন গেছ আৰু পোৰা মিঠাতেলৰ মিশ্ৰিত গোন্ধে ঘৰটোৰ ভিতৰত এটি অজান আশংকাৰ সৃষ্টি কৰিলে।

অমৃতা দত্ত ৰান্ধনীঘৰৰ মাজত স্থিৰ হৈ ৰৈ আছিল। আউল বাউল চুলি। হাতত এখন চুৰি কটাৰী। মুখত অনিশ্চয়তা আৰু ভয়।

গেছৰ চৌকা জ্বলিছিল। কেৰাহীত থকা তেল উপচি পৰি জুইৰ শিখাক আৰু ডাঙৰ কৰিছিল। প্ৰেছাৰ কুকাৰটোৱে ইটোৰ পিছত সিটোকৈ হুইচেল মাৰিবলৈ আৰম্ভ কৰিছিল।  

 তেওঁ সন্দেহজনকভাৱে ইফালে সিফালে চালে।

তেওঁৰ অলপো মনত নাই যে তেওঁ গেছ জ্বলাইছিল। তেওঁ ৰান্ধনীঘৰলৈ কিয় আহিছিল? কটাৰীখন বা কিয় লৈছিল হাতত। সকলোবোৰ ধুৱঁলী কুঁৱলী। 

মই... ৰান্ধিছিলোঁ নেকি?” তেওঁ নিজকে সুধিলে।

তেওঁৰ হাত দুখন কঁপি আছিল। সিৰা জিলিকি থকা দুখন তেনেই সৰু আৰু ক্ষীণ হাত। পুষ্টিহীন আৰু অযত্নপালিত । 

এই দুখন তেওঁৰ হাত হয় জানো? তেওঁৰ হাত দুখনতো তেনেকুৱা নাছিল। তেওঁৰ হাত দুখন সুগঢ়ী, আটিল আছিল। তেওঁ তেতিয়া ছাব্বিছ বছৰীয়া। নতুনকৈ পোৱা বেংকৰ চাকৰি, চাকৰিৰ বাবে দৌৰি ফুৰা দিনবোৰতে তেওঁ লগ পাইছিল আদিত্যক । 

অফিচলৈ দেৰি হৈ যাব...” তেওঁ ফুচফুচাই ক’লে।

তেওঁৰ মনত পৰিল কাঁচৰ টেবুল, অসংখ্য ফাইল, টকা পইচাৰ হিচাপ আৰু সীমাহীন ব্যস্ততা। হয়তো তেওঁ কোনোবা এটা সময়ত কন্‌নাট প্লেচৰ বেংক এটাত কাম কৰিছিল। সঁচাই কৰিছিল নে? কথাবোৰ খেলিমেলি দেখোন। নে বেলেগ ক’ৰবাত কৰিছিল? বিস্মৃতিৰ অন্ধকাৰ গহ্বৰত এটি দুটি স্মৃতিৰ ৰশ্মি হঠাতেই আহি যায়। অস্থিৰ হৈ পৰে অমৃতা। আচলতে হৈছে কি? 

দেৱালত আঁৰি থোৱা কেলেণ্ডাৰখনত লিখা আছিল...ফেব্ৰুৱাৰি, ২০২৬।

 এটা তাৰিখত কলমৰে গোল কৰি থোৱা আছিল।

২০২৬?

অসম্ভৱ।

এইটো ১৯৮৯ চন।” তেওঁ দৃঢ়ভাৱে ক’লে। “মোৰ আজি এখন মিটিং আছে। ৮:১৫-ত মই বাছত উঠিব লাগিব। অলপ হিচাপো কৰিব আছে। কেইবাটাও ফাইলত খেলিমেলি আছে।”

এইবাৰ পৰ্দাখন সম্পূৰ্ণকৈ জুইত জাহ গ’ল। কলা ধোঁৱাই ৰান্ধনীঘৰটো আগুৰি ধৰিলে।

 মা.........!”

 ড্ৰয়িং ৰূমৰ পৰা এজন চল্লিছোৰ্ধ্ব ব্যক্তি আতংকিত হৈ এটা চিঞৰ মাৰি দৌৰি আহিল। তেখেতে এখন ডাঙৰ টাৱেলৰে জুইকুৰা ঢাকি দিলে। তৎক্ষণাত গেছটো বন্ধ কৰিলে। কুকাৰৰ হুইচেলৰ শব্দ বন্ধ হৈ গ’ল। ঘৰখনলৈ নিস্তব্ধতা নামি আহিল।

 মা, তুমি কি কৰি আছিলা? মই তোমাক কৈছোেৱই দেখোন পাকঘৰলৈ অকলে নাহিবা বুলি।”

অমৃতাই মানুহজনৰ ফালে চাই ৰ’ল। তেওঁৰ মুখত চিন্তা, মৰম, আতংক বিৰাজমান, কিন্তু মুখখন চিনাকি নহয়।

 মই আপোনাক চিনি নাপাওঁ,” তেওঁ শান্তভাৱে ক’লে।

 মানুহজনৰ মুখখন কঁপি উঠিল। 

 মা, মই ৰোহণ,” তেওঁ মৃদুভাৱে ক’লে। তোমাৰ লৰা।”

 অমৃতাই তৎক্ষণাত মূৰ জোকাৰিলে।

 মোৰ লৰাটো পাঁচ বছৰীয়া। তাক আমি জোন বুলিহে মাতো। সি মেংগ আইচক্ৰীম খাই ভাল পায়। স্কুলত সদায় ক্ৰেয়নচবোৰ হেৰুৱাই আহে।”

 মানুহজনৰ চকুত চকুপানী জিলিকি উঠিল। 

 মা...ময়েই জোন। মোৰ এতিয়া বিয়াল্লিছ বছৰ।”

 তেওঁ অবিশ্বাসেৰে এটি হাঁহি মাৰিলে।

 হেঃ কি কয় আপুনি? মই ইমান বুঢ়ী নহওঁ। মই আপোনাৰ সমানেই হম।”

 ড্ৰয়িং ৰূমত বহি তেওঁ ওপৰেদি পাৰ হোৱা মেট্ৰোৰ শব্দ শুনিলে।

 তেওঁৰ দিল্লীখনততো মেট্ৰো নাছিল।

 এয়া কেতিয়া বনালে?” তেওঁ সুধিলে।

 ২০০২-,” ৰোহণে উত্তৰ দিলে।

 তেওঁৰ বুকুখনত এটি বিষ অনুভৱ কৰিলে। 

 দেৱালত আঁৰি থোৱা ফটো এখনত অমৃতাৰ চকু পৰিল। বিয়াৰ ফটো। এগৰাকী কমবয়সীয়া সুন্দৰী মহিলা। পিন্ধনত পাটৰ কাপোৰ। ডিঙিত নাৰ্জীফুলৰ মালা। ওচৰত মালা পিন্ধি থকা এজন সুদৰ্শন পুৰুষ।

 দুয়োজনৰ মুখত সলাজ হাঁহি আৰু দুচকুত সপোনৰ কঁঠীয়া। 

 এইজনী মই…” অমৃতাই ফুচফুচাই ক’লে।

 আৰু এয়া পাপা,” ৰোহণে যোগ কৰিলে।

 অমৃতা হঠাতেই চিন্তিত হৈ পৰিল।

 তেওঁ ক’ত আছে?”

 ৰোহণে অলপ ৰৈ ক’লে,

তিনি বছৰ আগতে…পাপাই আমাক এৰি গুচি গ’ল মা।”

 নাই নাই।” তেওঁ দৃঢ়ভাৱে ক’লে। “তেওঁ অফিচত আছে। সন্ধিয়া আহিবতো।”

ৰোহণ নিশ্চুপ হৈ বহি থাকিল। চিন্তাৰ গভীৰ সাগৰত মগ্ন তেওঁৰ মন-মগজু। যোৱা দহটা বছৰে এনেকৈয়ে দেখিছে মাকক। 

 নিস্তব্ধতাৰ কোলাহলে দুয়োকে আগুৰি ধৰিলে।

 বাহিৰত শাক-পাচলি বেপাৰীজনৰ চিনাকি মাত। জীৱন আগবাঢ়ি গৈছিল। কিন্তু অমৃতাৰ সময় স্থবিৰ হৈ আছিল।

 হঠাৎ তেওঁ থিয় হ’ল।

 মই ৰিয়াক স্কুলৰ পৰা আনিবলৈ যাব লাগিব! তাই সৰুতো। অকলে আহিবলৈ ভয় কৰিব।”

 মা......ৰিয়াবা আৰু ঘূৰি নাহে।” ৰোহনৰ মাত ভাগি থোকাথুকি হৈ গৈছিল।

 ৰোহণতকৈ তিনিবছৰ ডাঙৰ ৰিয়াই অষ্টম শ্ৰেণীত পঢ়ি আছিল। ছেইণ্ট মেৰিজ কনভেণ্টত। ৰাতিপুৱা বাছত উঠাই দিয়া ৰিয়া আবেলি ঘৰলৈ নাহিল। আদিত্য চাকৰিৰ ট্ৰেইনিঙৰ বাবে চেন্নাইত আছিল। 

বেংকৰ পৰা ঘৰলৈ আহি অমৃতাই হাহাকাৰ কৰিছিল। ৰিয়াৰ বন্ধু বান্ধৱীৰ ঘৰত খবৰ কৰিছিল।  

 দহদিন পাছত হাৰিয়ানাৰ এটা গুদামত উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৰিয়াৰ মৃতদেহ। কি হল একো উৱাদিহ নাপালে অমৃতাহঁতে। বহুদিন পুলিচ থানালৈ তাঁত বাতি কৰি কৰি এটা সময়ত ভাগৰি পৰিল অমৃতা। সেই ভাগৰে অমৃতাৰ স্মৃতি কোষবোৰক লাহে লাহে আঘাত কৰিবলৈ আৰম্ভ কৰিলে। 

 অমৃতা বাহিৰলৈ ওলাই গ’ল।

বজাৰত সকলো সলনি হ’ল। স্কুলখন নাই। তাৰ ঠাইত এখন ফাৰ্মেচী। দোকানবোৰ নতুন। চেহেৰাবোৰ অচিনাকি। অমৃতাই সকলোবোৰ সন্দেহেৰে চালে।

পৃথিৱীখন যেন তেওঁৰ অনুমতি নোলোৱাকৈ বহুদূৰ আগবাঢ়ি গুচি গৈছে।

 মা, প্লিজ ঘৰলৈ বলা।” পিছফালৰ পৰা কঁপি কঁপি মাতটো আহিছিল।

তেওঁ ঘূৰি চালে। হঠাৎ, যেন ধোঁৱাৰ মাজৰ পৰা সূৰ্যৰ পোহৰ ওলাই আহিল....স্মৃতিৰ কিছুমান ধূসৰিত প্ৰতিচ্ছবি অমৃতাৰ মগজুত জিলিকি উঠিল। 

 সৰু ৰোহন....তাৰ হাঁহি থকা মুখ। প্ৰথম স্কুলৰ দিন। তাৰ উৎকণ্ঠা। জ্বৰৰ ৰাতি তেওঁৰ কপালত তিতা কাপোৰ পটি দি বহি থকা লৰাটো তেওঁৰ পুত্ৰ ৰোহন।

 মেট্ৰিক পৰীক্ষাৰ আগৰ দুশ্চিন্তা। প্ৰথম চাকৰি পোৱাৰ আনন্দ। অলপ অলপকৈ দুই এট কথা মনত পৰি অমৃতাৰ মুখত হাঁহিৰ ৰেশ এটা বিয়পি পৰিল।

 ৰোহণ…” তেওঁ কঁপি থকা মাতৰে ক’লে।

 কোৱা মা” তেওঁ আগবাঢ়ি আহিল।

 তই কেতিয়া ইমান ডাঙৰ হৈ গ’লি…মই গমেই নাপালোঁ।”

অমৃতা আৰু ৰোহণৰ দুচকু পানীৰে ভৰি পৰিল।

 মাক আৰু পুতেকে ইমান বছৰৰ ভিতৰত প্ৰথমবাৰ যেন সঁচাকৈ একেলগে থিয় হৈছিল—অতীত আৰু বৰ্তমানৰ সংযোগস্থলত।

 দুয়ো ঘৰলৈ উভতি আহিল।

 মই কিবা গণ্ডগোল কৰিলোঁ নেকি?” অমৃতাই সুধিলে।

 অলপ,” ৰোহণে মৃদুকৈ হাঁহি দিলে। “কিন্তু এতিয়া সকলো ঠিকেই আছে।”

মই ইচ্ছা কৰি নকৰোঁ।”

মই জানো, মা।”

তেওঁ পুতেকৰ কান্ধত মূৰ ৰাখি লাহে লাহে টোপনি গল।

 ৰোহণে অনুভৱ কৰিলে....মাকজনী এতিয়া সৰু ছোৱালীৰ দৰে হৈ গৈছে। যেন তেওঁহে পিতৃ-মাতৃ।

 ঘৰত কিছু সময়ৰ বাবে এক শান্তিৰ পৰিৱেশ নামি আহিল। ধোঁৱাৰ গোন্ধো লাহে লাহে নোহোৱা হল। অমৃতা বহুত সময় শুলে। ৰোহনে মাকক সন্ধিয়াৰ চাহ খাবলৈ জগাই দিলে।

ৰোহণে অমৃতাৰ চকুলৈ চাই হাঁহিলে। অমৃতাৰ  চকুৰ চাৱনি সলনি হৈ গ’ল। স্মৃতিৰ পোহৰৰ ঠাইত বিস্মৃতিৰ অন্ধকাৰে সাৱটি ধৰিছিল তাইৰ মন-মগজু।

ৰোহণে মাকৰ চুলিত হাত ফুৰাই কলে,

তোমালৈ ইলাচি দিয়া গাখীৰ চাহ বনাইছোঁ। লগত তোমাৰ ফেভাৰিট কেপছিকামৰ পকোৰা৷”

 মানুহজন ভদ্ৰ, কিন্তু অচিনাকি ।

 আপুনি কোননো?” অমৃতাই লাহেকৈ সুধিলে।

 বাহিৰৰ পৃথিৱীখনত পুনৰ জীৱন চলি থাকিল। আৰু অমৃতাৰ পৃথিৱীখনত স্মৃতিৰ শিখাবোৰ নিঃশব্দে জ্বলি জ্বলি বিস্মৃতিৰ ছাইলৈ ৰূপান্তৰিত হল।

 

***

 

 

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ