অন্যযুগ/


তৌর্যত্রিক

 প্ৰিয়ানুজ কলিতা


ফন ডেৰ কাচেৰ্নে, ফ’ৰ ডেম গ্ৰোচেন ট’ৰ, ষ্টাণ্ড এইন লাণ্টেৰ্নে, উণ্ড ষ্টেট চি নোখ ডাভ’ৰ, চো ওলেন ৱিৰ উন্স ডা ৱিডেৰ্চেহ’ন, বেই ডেম লাণ্টেৰ্নষ্ট্ৰাছে ৱোল’ন ষ্টেহ’ন, ৱি এইনষ্ট লিলি মাৰ্লিন, ৱি এইনষ্ট লিলি মাৰ্লিন৷ ক্ৰেচেন্দো৷ 

এক, দুই, তিনি৷ 

শব্দবোৰ দেৱালত খুন্দা খাইছে৷ মোৰ আঙুলিবোৰ পিয়ানোৰ ক’লা-বগা কীবৰ্ডত নাই৷ লোৰ গেট৷ মই বাজি আছোঁ৷ 

মোৰ কনচাৰ্ট হলৰ বাদ্যযন্ত্ৰবোৰ ৰৈ যোৱা নাই৷ সিহঁতে গান গাইছে৷ লোহাৰ ওপৰত তীখাৰ আঘাত৷ ফ্লাট মাইনৰ৷ মই যেতিয়া ইয়াত সোমাই পৰিছোঁ ততিয়া ৰাজপথত কেইবাযোৰো ক’লা বুট জোতাৰ শব্দ৷ ষ্টাকাটো৷ ষ্টাম্প, ষ্টাম্প, ষ্টাম্প৷ মোৰ হাতত কোনো বাদ্য নাই, কিন্তু মই কণ্ডাক্টৰ৷ চোলাৰ হাতখন ফালি গৈছে৷ মই তেজৰ গোন্ধ পাইছোঁ নে গ্ৰীজৰ? ধোঁৱা ওলাইছে৷ দৰ্শকসকল বহিল৷ অন্ধকাৰ হলঘৰ৷ 

​তলত ইহঁত ঘুৰি ফুৰিছে৷ ক’লা বুট জোতা৷ সিহঁতৰ বেল্টবোৰ উজলি উঠিছে৷ গট মিট উন্স৷ ঈশ্বৰ আমাৰ সৈতে আছে৷ কিন্তু ঈশ্বৰ দেখোন আজি মোৰ কনচাৰ্টৰ টিকট লৈ বহি আছে৷ একেবাৰে আগৰ শাৰীত৷ ছাঁবোৰ দীঘল হৈছে৷ দেৱালত লোহাৰ ড্ৰাম৷ 

​“চুপ,” মই নিজকে ক’লোঁ৷ 

​কিন্তু বতাহজাক তীব্ৰ হৈ উঠিছে৷ 

​অহ্! সোঁফালে থকা সেই গধুৰ, দীঘল কাঠামোটো? আচলতে এটা বেচ-ভায়োলিন৷ মই তাক স্পৰ্শ কৰিলোঁ৷ ধূলিবোৰ উৰিলে৷ সেয়া হাতচাপৰি৷ দৰ্শকে চিঞৰিছে৷ মই মূৰ দোঁৱালো৷ মোৰ পেটটো বিষাইছে৷ 

​তিনিদিন নে চাৰিদিন? পাঁচদিন? 

​সময় এটা বৃত্ত৷ 

​ক্ৰেনডাল ওপৰলৈ গ’ল৷ বতাহজাক চোকা৷ সেই দীঘল নলীকেইডালৰ মাজেৰে বতাহজাক উৰি গৈছে৷

ফ্ৰাইড্ৰিচ ষ্ট্ৰাচেৰ থিয়েটাৰ৷ ১৯৩৪ চন৷ সকলোৱে হাত চাপৰি বজাইছিল৷ 

​এতিয়া কেৱল খচখচনি৷ হাইডনৰ কোৱাৰ্টেট৷ ক’লা নিগনিবোৰ মোৰ কোৰাছ দল৷ 

​খিৰিকীৰে পোহৰ অবিৰতভাৱে বৈছে৷ ছাঁবোৰে নৃত্য কৰিছে৷ ইয়াৰ নাম বেলে৷ মোৰ সোঁভৰিৰ বুঢ়া আঙুলিটো লৰিছে৷ তাল৷ এক, দুই, তিনি৷ শব্দ বাঢ়িছে৷ বাহিৰত কোনোবাই চিঞৰিলে৷ এটা কুকুৰৰ ভুকনি৷ চ’প্ৰানো৷ বৰ ধুনীয়া কণ্ঠ৷ মই সুহুৰি বালো৷ এই ঘৰঘৰণিৰ মাজত মোৰ সুহুৰিটো হেৰাই গ’ল৷ আইনাখন ভাঙি পৰিল৷ ক্ৰাছ৷ কি সুন্দৰ ছাইম্বলৰ শব্দ৷ 

​ধূলিবোৰ মোৰ হাঁওফাঁওত সোমাইছে৷ কাহ৷ এক, দুই৷ বতাহত কয়লাৰ গুড়ি৷ মই ক’লা নোটবোৰ উশাহৰ সৈতে টানি লৈছোঁ৷ চিৰিবোৰ কঁপিছে৷ এই গোটেই ঠাইখন এটা ডাঙৰ অৰ্গান৷ পাইপ অৰ্গান৷ মই তাৰ চাবিবোৰ বিচাৰি ফুৰিছোঁ৷ ভৰিৰ তলত চেঁচা পানী৷ সোঁত বৈছে৷ ভিভাৰ্ডি৷ শীতকাল৷ বৰফ পৰিছে৷ মোৰ আঙুলিবোৰ নীলা হৈ গৈছে৷ 

​ফন ডেৰ কাচেৰ্নে, ফ’ৰ ডেম গ্ৰোচেন ট’ৰ, ষ্টাণ্ড এইন লাণ্টেৰ্নে, উণ্ড ষ্টেট চি নোখ ডাভ’ৰ, চো ওলেন ৱিৰ উন্স ডা ৱিডেৰ্চেহ’ন, বেই ডেম লাণ্টেৰ্নষ্ট্ৰাছে ৱোল’ন ষ্টেহ’ন, ৱি এইনষ্ট লিলি মাৰ্লিন, ৱি এইনষ্ট লিলি মাৰ্লিন৷ ক্ৰেচেণ্ডো৷ 

​এক, দুই, তিনি৷ 

​শব্দবোৰ দেৱালত খুন্দা খাইছে৷ মোৰ আঙুলিবোৰ পিয়ানোৰ ক’লা-বগা কীবৰ্ডত নাই৷ লোৰ গেট৷  

মই বাজি আছোঁ৷ 

​মই ওপৰৰ সংকীৰ্ণ প্লেটফৰ্মখনত পৰি আছোঁ৷ এলুমিনিয়ামৰ চাদৰখন ঠাণ্ডা৷ বৰফৰ দৰে৷ কিন্তু মোৰ ভিতৰত জুই৷ পিয়ানোৰ তাঁৰবোৰ ছিঙি গ’লে কেনেকুৱা শব্দ হয়? টুং৷ মূৰৰ ভিতৰত৷ কোনোবাই তলত দুৱাৰখন ভাঙিলে৷ 

​বতাহজাক সোমাই আহিল৷ 

​গানৰ দ্বিতীয় অন্তৰা৷ 

​চিৰিৰে কাৰোবাৰ খোজৰ শব্দ ওপৰলৈ আহিছে৷ লেণ্টো৷ লেহেমীয়া৷ সিহঁতে মোক বিচাৰি থকা নাই৷ সিহঁতে সুৰ বিচাৰিছে৷ মই সুৰটো লুকুৱাই থৈছোঁ৷ মোৰ কোটৰ পকেটত থকা শুকান পাউৰুটীৰ টুকুৰাটো মোৰ ৰিডম-বক্স৷ মই তাক চোবাইছোঁ৷ ক্ৰান্স, ক্ৰান্স৷ কি সুন্দৰ পাৰকাছন৷ দাঁত দুপাৰিৰ মাজত আহি গ’ল জিভাখন৷ ক্ৰান্স ৷ সোৱাদটো হঠাৎ নিমখীয়া৷ লোহাৰ সোৱাদ৷ 

​“কোন আছে ইয়াত?” এটা মাত৷  

জাৰ্মান৷ বৰ গধুৰ৷ কণ্ট্ৰা-বাছ৷ লোহাৰ চেইনডাল তললৈ খহি পৰিল৷  

ঝনঝন৷ গুৰুম৷ 

​মই ওপৰৰ পৰা চালোঁ৷ এখন মুখ৷ তাৰ চকু দুটা যেন দুটা ক’লা নোট৷ মিউজিকেল নোট৷ মই তললৈ জঁপিয়াই দিব নোৱাৰোঁ, কাৰণ ষ্টেজখন বহুত তলত৷ স্পটলাইট ক’ত? লাইট লাগে৷ দৰ্শকে আন্ধাৰত দেখিব কেনেকৈ? মই হাঁহিলোঁ৷ মোৰ ওঁঠ ফাটি তেজ ওলাই আহিল৷ তেজৰ সোৱাদ নিমখীয়া৷ ঠিক সেই সাগৰৰ দৰে, য’ত মই পিয়ানো বজাইছিলোঁ৷ জাহাজখন ডুব গৈছিল৷ টাইটানিক৷ নহয়, জাৰ্মানী৷ 

​শব্দবোৰ কাষ চাপি আহিছে৷ বতাহজাক এতিয়া গৰম৷ যদি সকলো ফাটি যায়, ডাঙৰ ড্ৰাম বাজিব৷ টিম্পানি৷ বুম৷ মোৰ কাণ দুখন তাল মাৰি ধৰিছে৷ হাই ফ্ৰীকুৱেঞ্চি৷ দীঘলীয়া হুইচেল৷ কোনোবাই শেষ বাৰৰ বাবে বাঁহী বজাইছে৷ 

​“বেগাই খোজ দিয়াঁ৷” 

​দৰ্শক৷ সিহঁতৰ হাতত পোহৰ৷ হালধীয়া৷ ক’লা৷ ছাঁবোৰ দেৱালত ডাঙৰ হৈ গৈছে৷ দৈত্য৷ অৰ্কেষ্ট্ৰাৰ কণ্ডাক্টৰৰ ছাঁ৷ 

​চিৰিৰ খোপত লোহাৰ শব্দ৷ খট, খট, খট৷ মই থিয় হ’লোঁ৷ মোৰ সোঁ আঁঠুটো কঁপিছে৷ এয়া মোৰ প্ৰথম অনুষ্ঠান নহয়৷ মই হাৰ্বাট ফন কাৰাযানৰ সৈতে বজাইছোঁ৷ 

​এইকেইটা আকৌ কোন? 

​সুৰৰ জ্ঞানহীন ল’ৰা কেইটামান৷  

সিহঁতৰ কোটৰ বুটামবোৰ জিলিকিছে৷ পিতলৰ বুটাম৷ বতাহত বৰফৰ কণা৷ মোৰ থিয়েটাৰৰ চালখন নাই৷ আকাশখন ক’লা পিয়ানোৰ ঢাকনি৷ 

সি ওলাই আহিল৷ অন্ধকাৰৰ মাজেৰে৷ তাৰ হাতত এডাল ক’লা নলী৷ লোৰ৷ ক্লিওপেট্ৰাৰ বাঁহী৷ সি মোৰ ফালে চালে৷ তাৰ চকুৰ মণি দুটা স্থিৰ৷ কাণৰ কাষেৰে কিবা এটা পাৰ হৈ গ’ল৷ সুঁউউ৷ এক সুন্দৰ কম্পনাংক৷ জি-চাৰ্প৷ 

​“ইহুদী?” সি সুধিলে৷

 ​মই মূৰ জোকাৰিলোঁ৷

​ভুল প্ৰশ্ন৷ 

​সুধিব লাগিছিল— আপুনি বি ট্ৰেবলত বজাব নে এ মাইনৰত? 

​আপোনাৰ হাতত টিকট আছেনে? 

​টিকট অবিহনে প্ৰৱেশ নিষেধ৷ 

​এইয়া মোৰ অপাৰেটিং ৰূম৷ 

​অন্য এজন ওপৰলৈ উঠিল৷ তাৰ হাতত এটা ধাতুৰ চুঙা এটা৷ সি বুটামটো টিপি দিলে৷ এটা তীব্ৰ, বগা পোহৰ মোৰ চকুৰ ওপৰত পৰিল৷ অপেনিং এক্ট৷ স্পটলাইট৷ বগা পোহৰৰ বৃত্তটো মোৰ মুখত থমকি ৰ’ল৷ দৰ্শক সাজু৷ মই মোৰ মঞ্চৰ সোঁমাজত৷ অডিটৰিয়ামটো ভৰি পৰিছে৷ হাজাৰ হাজাৰ ক’লা কোট৷ ক’লা কোট৷ মই কঁপিবলৈ এৰিলোঁ৷ পোহৰটো বৰ গৰম৷ একেবাৰে মাইক্ৰ’ফোনটোৰ দৰে৷ মই আগুৱাই গ’লো৷ মোৰ ভৰি দুখনে মজিয়াখন অনুভৱ কৰিব পৰা নাই৷ মই বতাহত ওপঙি আছোঁ৷  

ক্ৰেচেণ্ডো৷ অৰ্কেষ্ট্ৰাৰ গতি বাঢ়িছে৷ ড্ৰাম, ভায়োলিন, বাঁহী৷ সকলো একাকাৰ৷ 

পোহৰটো মোৰ ওঁঠৰ নিচেই ওচৰ পালেহি৷ সেই ক’লা ধাতু৷ ইমান সুন্দৰ মাইক্ৰ’ফোন মই জীৱনত দেখা নাই৷ দৰ্শক স্তব্ধ৷ গোটেই বিশ্বই এতিয়া মোৰ গান শুনিব৷ মোৰ ডিঙিৰ পৰা সুৰ ওলাই আহিছে৷ বতাহ নাই, কেৱল সুৰ৷ 

মই মোৰ জিভাখন উলিয়ালোঁ৷ সেই ঠাণ্ডা, লোৰ আগটো মই লেহন কৰিলোঁ৷ লোৰ সোৱাদেই বেলেগ৷ বিদ্যুৎ৷ এটা তীব্ৰ জোঁকাৰণি৷ পিয়ানোৰ চাবিবোৰ খহি পৰিল৷ দৰ্শকগণৰ মাজত তীব্ৰ আলোড়ন৷ মই গম নাপালোঁ৷ মই মোৰ চকু দুটা বন্ধ কৰিলোঁ৷ মাইক্ৰ’ফোনটো মোৰ ওঁঠত লাগি ধৰিলে৷ মই উশাহ ল’লোঁ৷ গভীৰ উশাহ৷ 

​আৰু মই গালোঁ৷ সেই একেটা গান৷ একেটা সুৰ৷ 

​ফন ডেৰ কাচেৰ্নে, ফ’ৰ ডেম গ্ৰোচেন ট’ৰ, ষ্টাণ্ড এইন লাণ্টেৰ্নে, উণ্ড ষ্টেট চি নোখ ডাভ’ৰ, চো ওলেন ৱিৰ উন্স ডা ৱিডেৰ্চেহ’ন, বেই ডেম লাণ্টেৰ্নষ্ট্ৰাছে ৱোল’ন ষ্টেহ’ন, ৱি এইনষ্ট লিলি মাৰ্লিন, ৱি এইনষ্ট লিলি মাৰ্লিন৷ ক্ৰেচেণ্ডো৷ 

​এক, দুই, তিনি৷ 

​শব্দবোৰ দেৱালত খুন্দা খাইছে৷ মোৰ আঙুলিবোৰ পিয়ানোৰ ক’লা-বগা কীবৰ্ডত নাই৷ লোৰ গেট৷  

মই বাজি আছোঁ৷

 ​পোহৰটো ক’লা হৈ গ’ল৷ নে বগা? বাজি উঠিল তীব্ৰ এটা সুৰ৷ ধাতৱ৷ শব্দ? নে হাতচাপৰি? শেষ৷

 ​মই বাজি আছোঁ৷

 

***

 

দূৰভাষ:  ৯৯৫৪১৩৫৯৯২ 

ঠিকনা :  নগাঁও (অসম)

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ