প্ৰিয়ানুজ কলিতা
ঝন্ঝন্ঝন্ঝন্ঝন্৷ ট্ৰামৰ চকাৰ ঘৰ্ষণৰ
শব্দটোৱে ধূসৰ গগণ বিদাৰি চিঞৰি উঠিল৷ লেনিনগ্ৰাদৰ কুঁৱলী ফালি ৪ নম্বৰ ট্ৰামখন আগবাঢ়িছে৷
ঘ্ৰেঁৎ, ছাটাৰখন খোল খাই গ’ল৷ কাৰখানাৰ ছাইৰেণ বাজিল৷ ঠিক পুৱা ছয় বজাত৷ বাওঁ–বাওঁ–বাওঁ৷
দিমিত্ৰি কুজনেটচভৰ চকু দুটা মেল খাই গ’ল৷
তাৰ কোঠাৰ দেৱালখন পাতল প্লাইউডৰ৷ সিপাৰে কমৰেড ইভানভৰ নাকৰ শব্দ— খ্ৰীঁ— খ্ৰীঁ— ফচ৷
এয়া এক সামূহিক আৱাস, কমিউনেল এপাৰ্টমেণ্ট৷ চৌপাশৰ আৱহাৱাত পিয়াঁজৰ চাটনি, উতলি থকা
আলু আৰু পুৰণি চামৰাৰ বুট জোতাৰ এটা জটিল মিশ্ৰিত গোন্ধ৷
সি বিচনাৰ পৰা নামিল৷
মজিয়াৰ কাঠবোৰে চিঞৰি উঠিল— কেৰেক্— ক্ৰাংক্৷ ছোভিয়েট কাঠৰ যেন এক নিজা ভাষা আছে৷
আশীৰ দশকৰ এই জধলা গোলকটোত নীৰৱতা এক অপৰাধ৷ দিমিত্ৰিৰ হাতত তাৰ মেট্ৰ’ভেক্স ভল্টমিটাৰটো৷
সি এজন শব্দ-অভিযন্তা, কিন্তু চৰকাৰী বহীত সি কেৱল এজন ‘কাৰিকৰী সহায়ক’৷ তাৰ কাম কাৰখানাৰ
মেচিনবোৰৰ কম্পন জোখা৷ কিন্তু তাৰ প্ৰকৃত নিচা? সি এই কংক্ৰীটৰ সাম্ৰাজ্যখনৰ আৰ্তনাদবোৰ
ধৰি ৰাখিব খোজে৷ মাটিত কাণ ল’লে সি শুনা পায় গিৰিপ গাৰাপ খোজবোৰৰ শব্দ, বায়ুত মিহলি
হৈ আহে মাজনিশা অহা সেই ‘গাছ-২৪’ খনৰ ব্ৰেকৰ শব্দ- ক্ৰাঁছ্… আৰু বুঢ়া ভাছিলিৰ কাঁহৰ
শব্দটো ওহ্ … সেইটোৱে লগ নেৰে তাৰ!
দুৱাৰখন খোল খাই
গ’ল৷ কৰিডৰেদি সি খোজ ল’লে৷ সামূহিক পাকঘৰত দহজনীয়া ভিৰ৷
“কমৰেড দিমিত্ৰি,
আজি ‘প্ৰেভদা’ কাগজখন পঢ়িছেনে?”– শকতকৈ ইলেনা নামৰ বাইদেউ গৰাকীয়ে চিঞৰিলে৷
তাৰ কাণত তেতিয়া
বাজি আছিল পাকঘৰৰ চুকত থকা ৰেডিঅ’ বক্সটোৰ শব্দ৷ ছোভিয়েট ইউনিয়নৰ ঘৰে ঘৰে থকা সেই এক-চেনেলীয়া
ৰেডিঅ’টো৷ তাত এতিয়া বাজিছে ছাইবেৰিয়াৰ ঘেঁহু উৎপাদনৰ পৰিসংখ্যা৷ ক্ৰমান্বয়ে বাঢ়ি
যোৱা এটা যান্ত্ৰিক কণ্ঠস্বৰ৷ ধাতৱ৷ খহটা৷
সি ৰাজপথলৈ ওলাই
আহিল৷ নেভস্কি প্ৰচপেক্ট৷ আকাশখনে যেন গধুৰ ধূসৰ ভাৱ এটা আনি দিছে সকলোতে৷ কংক্ৰীটৰ
ওখ ওখ অট্টালিকাবোৰ থিয় হৈ আছে, যেন একো একোটা বিশাল নিৰ্বাক সৈনিক৷ বতাহজাক যেতিয়া
সেই বিশাল দালানবোৰৰ মাজেৰে পাৰ হৈ যায়, এটা সুঁহুৰি ওলায়– ঊঁঊঁঊঁ… ওওওও৷ যেন কোনোবা
মৃত জাৰৰ আত্মাই ক্ৰীফ্ট বেল্টৰ কাৰখানালৈ চাই হুমুনিয়াহ কাঢ়িছে৷
পথৰ কাষত খোজৰ শব্দ৷
হাজাৰ হাজাৰ জোতাৰ খটখটনি৷ ছোভিয়েট নাগৰিকৰ খোজত কোনো দ্বিধা নাছিল, তাত এটা লয় আছিল–
আজ্ঞা পালনৰ লয় অথচ গৰ্বিত, ছন্দোময়৷ বাওঁ, সোঁ, বাওঁ, সোঁ৷ হঠাৎ এটা ডাঙৰ শব্দ তাৰ
কাণৰ কাষেৰে পাৰ হৈ গ’ল– ভ্ৰুম–ভটভটভটভট৷ এখন ‘লাডা’ গাড়ী৷ তাৰ পিছত এখন নীলা ৰঙৰ ‘মস্কভিচ’৷
ইঞ্জিনৰ শব্দবোৰত তেল কম হৈ যোৱাৰ এটা শুকান কাহ আছে৷ গেছোলিনৰ ধোঁৱাবোৰে বতাহত ক’লা
কুণ্ডলী পকাইছে৷
দিমিত্ৰিৰ পকেটৰ
পৰা তাৰ সৰু ‘ৰিপ’ৰ্টাৰ’ ব্ৰেণ্ডৰ টেপ ৰেকৰ্ডাৰটো উলিয়ালে৷ সি ইয়াৰ বুটামটো টিপি দিলে–
ক্লিক৷ ফিটাডাল ঘূৰিবলৈ ধৰিলে– চশ্শ্শ্শ্৷ মেগনেটিক ফিটাৰ ওপৰত খোদিত হৈ গ’ল লেনিনগ্ৰাদৰ
কোলাহল৷
সি খোজ কাঢ়ি কাঢ়ি
এটা স্কোৱাৰ পালে৷ তাত লেনিনৰ এটা বিশাল ব্ৰঞ্জৰ মূৰ্তি৷ মূৰ্তিটোৰ ভৰিৰ কাষত এদল শুভ্ৰ
পাৰ৷ সিহঁতৰ পাখিৰ শব্দ— ফ্লাপ-ফ্লাপ-ফ্লাপ৷ কিন্তু সেই কোমল শব্দটোক গিলি পেলালে কাষৰ
দোকানখনৰ সন্মুখত থকা দীঘল শাৰীটোৱে৷ মানুহবোৰে কণীৰ বাবে লাইন পাতিছে৷ তাত ফুচফুচনি
বেছি৷
“কাইলৈ হেনো পোহনীয়া
কুকুৰৰ খাদ্যও ৰেচনত দিব৷” কোনোবা এজনে ব্যংগ কৰিলে৷
“চুপ, সিফালে চোৱা,
কোট পিন্ধা মানুহজন , নিশ্চয় তেওঁ এজন ছিক্ৰেট পুলিচ৷”
ফুচফুচ, ফুচফুচ,
ফুচফুচ৷ শব্দবোৰ বতাহত গোট মাৰি বৰফৰ টুকুৰাৰ দৰে মাটিত পৰি ভাঙি যোৱাৰ দৰে লাগিল–
ক্ৰিচ ক্ৰিচ৷
দিমিত্ৰিয়ে মেট্ৰ’
ষ্টেচনৰ ভিতৰলৈ খোজ ল’লে৷ প্লোচাদ লেনিনা ষ্টেচন৷ এস্কেলেটৰখন তললৈ নামি গৈছে– ঘৰ্
ঘৰ্ৰৰ ঘৰ্ ঘৰ্ৰৰ৷ এক অন্তহীন যান্ত্ৰিক যাত্ৰা৷ মাটিৰ তলৰ সেই গভীৰ গহ্বৰটোত শব্দৰ
তীব্ৰতা দহ গুণ বাঢ়ি যায়৷ ষ্টেচনৰ দেৱালবোৰ মাৰ্বলৰ, তাত ছোভিয়েট বিপ্লৱৰ বীৰত্বগাঁথা
খোদিত৷ কিন্তু মেট্ৰ’ ট্ৰেইনখন যেতিয়া প্লেটফৰ্মলৈ সোমাই আহে, সেই মাৰ্বলৰ সৌন্দৰ্য্য
কঁপি উঠে হুৰহুৰাই৷ ব্ৰেকৰ সেই তীক্ষ্ণ শব্দই তাৰ কাণৰ পৰ্দা ফালি পেলাব খোজে৷ দিমিত্ৰিৰ
টেপ ৰেকৰ্ডাৰটো বুকুৰ ওচৰলৈ আনিলে৷ প্ৰশাসনৰ মনত হয়টো এইয়া হ’ল ছোভিয়েট প্ৰগতিৰ আটাইতকৈ
প্ৰেৰণাদায়ক শব্দ৷
ট্ৰেইনৰ ভিতৰত মানুহবোৰ
জঠৰ৷ কাৰো মুখত কথা নাই৷ কেৱল ট্ৰেইনৰ ডবাটোৱে গতি কৰাৰ লগে লগে হোৱা কঁপনি– ঝাক-ঝাক-ঝাক-ঝাক৷
খিৰিকীৰ আইনাখনত মূৰটো লগাই দিলে মগজুৰ ভিতৰত এটা ৰি ৰি শব্দ হয়৷
মূৰৰ বিষত দিমিত্ৰিয়ে
চকু মুদি দিলে৷ তাৰ চকুৰ আগত ভাঁহি উঠিল সি বাস কৰা ‘খ্ৰুশ্চোভকা’ অট্টালিকাবোৰৰ ছবি৷
একে আৰ্হিৰ, পাঁচমহলীয়া, ধূসৰ পকীবেৰৰ কংক্ৰীটৰ বাকচবোৰ৷ সেই বাকচবোৰৰ ভিতৰত হাজাৰ
হাজাৰ মানুহ শুই আছে, সাৰ পাইছে, চামুচ লৰাইছে৷ প্লেট-চামুচৰ ঠিং ঠিং শব্দবোৰ ওচৰৰ
কোঠাৰপৰা ভাঁহি আহে৷ কংক্ৰীটৰ দেৱালবোৰ ইমান পাতল যে ওপৰ মহলাৰ বুঢ়া ভাছিলিয়ে মজিয়াত
থু পেলোৱাৰ শব্দটোও তলৰ মহলাৰ শোৱাকোঠাত স্পষ্টকৈ শুনা যায়— থুক্৷ এইয়া এক সামূহিক
জীৱন, য’ত ব্যক্তিগত বুলি একো নাই, আনকি শব্দও৷
সি তাৰ কাৰখানা
‘ইলেক্ট্ৰ’চিলা’ পালেগৈ৷ ক্ৰীংকৈ শব্দ এটা কৰি বিশাল লোৰ গেটখন খোল খালে৷ সি ভিতৰলৈ
সোমাই গ’ল৷ কাৰখানাৰ ভিতৰখন যেন এটা জ্বলন্ত নৰককুণ্ড৷ ডাঙৰ ডাঙৰ টাৰ্বাইনবোৰ ঘূৰিছে—
ভনভনভনভন, ঘ্ৰূঁক ঘ্ৰূঁক৷ মেচিনৰ বেল্টবোৰৰ চাবুক মৰাৰ দৰে শব্দ— ফাটাস্ ফাটাস্৷ শ্ৰমিকসকলে
ডাঙৰ হাতুৰীৰে লোৰ পাতত কোবাইছে— ধুম, টাং- ধুম, টাং৷
দিমিত্ৰিৰ কাম হ’ল
এই শব্দবোৰৰ তীব্ৰতা জোখা৷ সি তাৰ ভল্টমিটাৰৰ তাঁৰডাল এটা চলন্ত ইঞ্জিনত লগালে৷ যন্ত্ৰৰ
কাঁড়ডাল কঁপি উঠিল৷ তাৰ কাণত থকা হেডফোনটোত বাজি উঠিল এটা গভীৰ, আদিম গোঁজৰণি— ওমঁ…৷
এই শব্দটোৱেই আচলতে গোটেই দেশখনক ধৰি ৰাখিব খোজে৷ এই শব্দটোৱেই ছাইবেৰিয়াৰ পৰা গেছ
পাইপলাইনেদি ইউৰোপলৈ বৈ গৈছে৷ এই শব্দটোৱেই পাৰমাণৱিক চাবমেৰিনৰ বুকুত স্পন্দিত হৈছে৷
দুপৰীয়া হ’ল৷ কাৰখানাৰ
কেণ্টিনত শ্ৰমিকসকলৰ হাতত এলুমিনিয়ামৰ থাল৷ মেজবোৰৰ পৰা ক্লিং ক্লাং শব্দবোৰ ভাঁহি
আহিছে৷
“আজি সন্ধিয়া ক্লাবলৈ
যাবি পিয়েট্ৰ’? তাত এজন নতুন কবিয়ে কবিতা পঢ়িব৷”
পিয়েট্ৰ’ই তাৰ ডাঙৰ
পাউৰুটীৰ টুকুৰাটো চোবাই চোবাই ক’লে, “কবিতা? চৰকাৰে অনুমোদন জনোৱা কবিতাবোৰত কেৱল
মহান বিপ্লৱৰ গুণগান থাকে৷ মোৰ কাৰণে কাৰখানাৰ শব্দই যথেষ্ট৷”
সিহঁতে হঁহাৰ শব্দ
কৰিলে— হাঃ হাঃ হাঃ৷ দিমিত্ৰিৰ কাণত সেই হাঁহিবোৰ একোটা শুকান খহটা শব্দৰ ৰূপত ধৰা
দিলে৷
বেলি পৰিল৷ দিমিত্ৰি
কাৰখানাৰ পৰা ওলাই আহিল৷ সি আজি ঘৰলৈ পোনে পোনে নাযায়৷ সি যাব লেনিনগ্ৰাদৰ এটা গোপন
আণ্ডাৰগ্ৰাউণ্ড ক্লাবলৈ, যিটো এটা পুৰণি পানীৰ টেংকীৰ তলত অৱস্থিত৷ ছোভিয়েট চেন্সৰশ্বিপৰ
চকুত ধূলি দি তাত কিছুমান ল’ৰা-ছোৱালীয়ে এক নতুন ধৰণৰ সংগীত বজায়– ৰক সংগীত৷ পশ্চিমীয়া
সংগীত নিষিদ্ধ, গতিকে সিহঁতে নিজেই বাদ্যযন্ত্ৰ তৈয়াৰ কৰি লৈছে৷ এক্স-ৰে ফিল্মৰ ওপৰত
খোদিত কৰা গীতৰ ৰেকৰ্ড, যাক সিহঁতে কয় ব’ন মিউজিক৷
সি সেই আন্ধাৰ কোঠাটোত
সোমাই পৰিল৷ তাত ধঁপাতৰ ধোঁৱা ইমান ঘন যে চকু পুৰি যায়৷ তাতে মানুহৰ উশাহ-নিশাহৰ শব্দ–
হাফফ্…ফুঃ… সংগীত যদি মহৌষধ তেন্তে এই নিষিদ্ধ সংগীতানুষ্ঠান পুৰাদমেই হস্পিতালৰ ঘেৰ্ঘেৰীয়া
ফুটত উঠিছে৷ তাৰ পিছত আৰম্ভ হ’ল সংগীত৷ এখন ভঙা ইলেক্ট্ৰিক গীটাৰ, যাৰ পৰা ওলাইছে বিকৃত
শব্দ– ট্ৰেং… ভঁ…ক্ৰেচ৷ ড্ৰামৰ সলনি সিহঁতে প্লাষ্টিকৰ ডাবাত কোবাইছে— থুপ ডব্ থপা
থপ৷ কণ্ঠশিল্পীজনে ডিঙিৰ সিৰা ফুলাই চিঞৰিছে— “অ’ল্ড জো কিকড দা বাকেট, হি ইজ লং গ’ন”-
ঘোৰ প্ৰতিক্ৰিয়াশীল গান এইটো!— দিমিত্ৰিৰ অশান্তি লাগিল… কি অৰ্থ আছে এইবোৰ গানৰ
?
সেই গীতটোৰ সুৰত
কোনো তাল-মান দিমিত্ৰিয়ে বিচাৰি নাপালে৷ মেগনেটিক টেপৰ দৰে সিহঁতৰ জীৱনবোৰো যেন কোনোবাই
জোৰকৈ টানি ধৰিছে৷ দিমিত্ৰিয়ে টেপ ৰেকৰ্ডাৰটো অন কৰি ৰাখিলে৷ ইয়াৰ ৰীল দুটা ঘূৰি থাকিল
ঘূৰ্ ঘূৰ্ শব্দ কৰি৷
মাজনিশা দিমিত্ৰি
তাৰ কমিউনেল এপাৰ্টমেণ্টলৈ ঘূৰি আহিল৷ গোটেই চহৰখন এতিয়া টোপনিৰ কোলাত৷ কিন্তু লেনিনগ্ৰাদ
কেতিয়াও সম্পূৰ্ণ শান্ত নহয়৷ খিৰিকীৰ বাহিৰত দূৰৈৰ কাৰখানাৰ চিমনীৰ পৰা ওলোৱা ধোঁৱাৰ
সোঁসোৱনি— চচচচ৷ ক’ৰবাত এখন চৰকাৰী ক’লা গাড়ী ‘গাছ-২৪’ লাহেকৈ পাৰ হৈ গ’ল৷ ব্ৰেকৰ মৃদু
শব্দ– ক্ৰাঁছ্…৷ কোনেও নাজানে সেই গাড়ীখনে কাৰ ঘৰৰ পৰা কাক উঠাই লৈ গ’ল৷ এই ভয়টোৰো
এটা নিজা শব্দ আছে– ঠিক যেন বুকুৰ ভিতৰত হাতুৰীৰ কোব৷ ধিপ, ধিপ, ধিপ৷
দিমিত্ৰি তাৰ সৰু
কোঠাটোৰ টেবুলখনত বহিল৷ সি হেডফোনটো কাণত পিন্ধি ল’লে৷ দিনটোত সংগ্ৰহ কৰা সকলো শব্দ
সি একেলগে বাজিবলৈ দিলে৷ ট্ৰামৰ লোহাৰ শব্দ, কাৰখানাৰ চাইৰেণ, লেনিনৰ মূৰ্তিৰ ওচৰৰ
পাৰৰ পাখিৰ শব্দ, মেট্ৰ’ৰ ব্ৰেক, কেণ্টিনৰ এলুমিনিয়ামৰ থাল, আৰু আণ্ডাৰগ্ৰাউণ্ড ক্লাবৰ
সেই বিকৃত গীটাৰৰ চিঞৰ৷ সকলো শব্দ একেলগে মিলি এটা ভয়ংকৰ, বিশৃংখল, অথচ এক অপূৰ্ব মহাকাব্যিক
সুৰৰ সৃষ্টি কৰিলে৷ ধুম টাং– ক্ৰীঁ– ওমঁ– ফুচফুচ– ফ্লাপ– ভ্ৰুম!
কিন্তু! সি সন্ধান
কৰি ফুৰা সেই বিশেষ শব্দটো ক’ত? দিমিত্ৰিয়ে চকু মেলি চালে৷ খিৰিকীৰ আইনাৰ সিপাৰে ধূসৰ
ছোভিয়েট ইউনিয়ন শুবলৈ চেষ্টা কৰিছে৷ কিন্তু সি জানে, এই ক্ষণিক নিস্তব্ধতাৰ অন্তৰালত
ক’ৰবাত এটা ডাঙৰ ভাঙোনৰ শব্দ লাহে লাহে ওচৰ চাপি আহিছে৷
ক্ৰেক্৷ এটা ফাঁট
মেলিছে৷ বিচনাত বাগৰ সলালেই সি এই শব্দটো শুনে৷ দেশেও চাগে কেতিয়াবা বাগৰ সলায়… সি
কেৱল সেই নিৰ্দিষ্ট ফাঁট মেলাৰ শব্দটোলৈ অপেক্ষা কৰিলে৷ অতি নীৰৱে, অতি সাৱধানে৷ নামি
আহি মাটিত শুই কাণ পাতি সি শুনিব চেষ্টা কৰিছে লিথুৱানিয়া, লাটভিয়া, জৰ্জিয়াৰ জনসমষ্টিৰ
কোলাহল…শুনিছে…সি শুনিছে সেই কোলাহল…মে’ দিৱসৰ যে পোষ্টাৰখন? “শুনা জনতাৰ কোলাহল শুনা…”
লাটভিয়া কিম্বা লিথুৱানিয়াৰ কোলাহল শুনিছেনে কোনোবাই?
মানসিক ভাৰসাম্য
সি বাৰু হেৰুৱাই পেলালে নেকি? ভূগৰ্ভৰ পৰা কোনোবাই চিঞৰিছিল… গুলাগৰ ভিতৰৰপৰা কোনোবাই
কৰুণ সুৰত বেলাড গাইছিল… ৰাজপথৰ লেম্পপোষ্টৰ লাইটৰ পোহৰত কোনো হাৰ্ডলাইনাৰ পহৰাদাৰে
মায়াক’ভস্কিৰ কবিতাক ভ’দকাত জুবুৰিয়াই আবৃত্তি কৰিছিল৷ আৰু এখন ৰঙা পতাকা… পিছে পিছে
মন্ত্ৰমুগ্ধ হৈ দৌৰিছে কিশোৰ দিমিত্ৰি… দিমিত্ৰি কুজনেটচভ৷ সৈনিকসকলে বৰ মৰমেৰে হাত
জোকাৰি দিছে৷ কাঁচি আৰু হাতুৰী৷ কোনোবা পাতলকৈ আগ-তপা মানুহ এজনে তালৈ চাই বৰ কৰুণ
হাঁহি এটি মাৰিছিল৷ এই মানুহজনক দিমিত্ৰিহঁতে সকলোতে দেখা পায়… কমৰেড তেওঁলোকৰ মৰমৰ
কমৰেড৷ শান্তিৰে শুই আছে তেওঁ মস্কোৰ ৰেড স্কোৱাৰত৷
পুৱতি নিশা এখন গাছ-২৪
আহি কমিউনেল এপাৰ্টমেণ্টটোৰ সন্মুখত ৰ’ল৷ চাৰিজন মানুহ সন্তৰ্পণে চিৰিৰে উঠি গ’ল৷ তেওঁলোকৰ
হাতত প্ৰমাণ আছে৷ এই এপাৰ্টমেণ্টৰ দিমিত্ৰি কুজনেটচভ নামৰ এজন লোক ছোভিয়েট বিৰোধী
মাৰ্কিন আদৰ্শপুষ্ট সংগীতানুষ্ঠান এটাত উপস্থিত আছিল৷
মাটিত কাণ থৈ দিমিত্ৰিয়ে
শুনিছে খোজৰ গিৰিপ গাৰাপ শব্দবোৰ… স্বপ্নাৱিষ্ট মানুহৰ দৰে সি শুনিছে মুক্তিকামী জনতাৰ
পদধ্বনি৷ ক্ৰমাৎ ওচৰ চাপি আহিছে সেই শব্দ…
টিক্৷ টিক্৷ টিক্৷
দেৱালৰ ঘড়ীটোৱে সময় গণি থাকিল৷
ই-মেইল : Kalitapriyanuj698@gmail
দূৰভাষ : ৯৯৫৪১৩৫৯৯২
