অন্যযুগ/


তৰ্জনী

লোপামুদ্ৰা ভট্টাচাৰ্য



()

    বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷

“ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷  পেট্ৰ’ল ডিজেলত পুনৰ আৰোপ হ’ব ‘ভেট’৷ ” মোৰ চেলাউৰি কোঁচ খাই আহিল৷ বুলেট ট্ৰেইনৰ দৰে বস্তুৰ দাম বাঢ়ি অহাৰ বাতৰিবোৰ পঢ়িলে মোৰ গাটো পুৰি আহে৷  যোৱা সপ্তাহত সৰুটোক পাঁচলাখটকীয়া বাইকখন EMI-ত কিনি দিছিলোঁহে৷  এতিয়া আকৌ পেট্ৰ’লৰ খৰচটোও নিধকটোৱে মোৰ পকেটৰপৰাহে নিব৷  কামানি অহা বাটবোৰ যিমানে বন্ধ হৈ আহিছে সিমানে ইটোৰ পিছত সিটোকৈ পইচা ওলাই যোৱাৰ বাটবোৰ মুকলি হ’বলৈ ধৰিছে৷  মই আৰু ৰ’ব নোৱাৰিলোঁ৷  খঙৰ ইম’জি এটা দিবলৈ সোঁহাতৰ তৰ্জনীটো আগুৱাই নিলোঁ৷  আঙুলিটো গৈ কাকতখনত লাগিলতহে মোৰ সম্বিৎ ঘূৰি আহিলে৷ আৰে এইখন বাতৰিকাকতহে৷  এই পা আখৰবোৰ সঁচাকৈয়ে বৰ আমনিদায়ক৷  যি লিখে তাকে মানি ল’ব লাগে৷  মই একান্ত মনে তৰ্জনীটোলৈ চাই থাকিলোঁ৷  কিমান সহজভাৱে মই যে আঙুলিটো আগবঢ়াই নিছিলোঁ! নিজৰ ওপৰতে হাঁহি উঠিল৷  বাতৰি পঢ়া নহ’ল আৰু৷  কাকতখন নজপোৱাকৈ মেজখনতে পেলাই থৈ মই উঠি গ’লোঁ৷

 

(২)

আজি মই পাচলি বজাৰলৈ আহিছোঁ৷  কি আচৰিত! আজিকালি অৱশ্যে আচৰিত বুলি কোনো কথা নাই৷  কোনো এটা পাচলিয়েই পঞ্চাছ টকাৰ তলত নাই৷  তথাপিতো আধা কেজিকৈ হ’লেও মই জিকা, পটল, ভেন্দি বিলাহী আদিৰে মোনাটো ভৰাই পেলালোঁ৷  তেলৰ দামৰ কথা ভাবি মই গাড়ীখন আজিকালি খুউব কমেইহে বজাৰলৈ আনোঁ৷ আহোঁতে খোজকাঢ়ি আহি যাওঁতে বেটেৰি ৰিক্সা এখন লৈ যাওঁ৷ বাটৰ কাষতে পোৱা ঔটেঙা তিনিটা আৰু জাহাজী কল একাখিও লৈ লোৱাত মোনাটো যঠেষ্ট গধুৰেই হ’ল৷  হেপোৰ-তেপোৰকৈ মোনাটো ডাঙি মই বেটেৰি ৰিক্সা এখন বিচাৰি ইফালে সিফালে চালোঁ৷  দুখনমান ৰিক্সা আছে৷  কিন্তু চালকসকল আমাৰ ফালে নাযায়৷ মিউনিচিপেলিটি ব’ৰ্ডে বেটেৰি ৰিক্সাবোৰ বজাৰৰ মাজলৈ সোমাবলৈ নিদিয়া হোৱাৰ পৰা ৰিক্সা চালকসকলেও নিজৰ কিছুমান নিয়ম বান্ধি লৈছে৷  এতিয়া এজন হ’লে তেওঁলোকে অধিক ভাড়া দাবী কৰে৷ উপায় নাই৷  সকলো পৰিস্থিতিৰ দাস৷  মই প্ৰায়েই অধিক ভাড়া দিয়েই অহা-যোৱা কৰি আছোঁ৷  অৱশ্যে কেইজনমানে পিছে সঠিক ভাড়াটোৱেই লয়৷  এখন খালী ৰিক্সা আহি থকা দেখি মই হাতখন দাঙিবলৈ লওঁতেই কাষেদি পেডেল মৰা ৰিক্সা এখন পাৰ হৈ গ’ল৷  এই ৰিক্সাবোৰৰ প্ৰতি মোৰ আকৌ এক এৰাব নোৱৰা মোহ আছে৷  এক নষ্টালজিক ফিলিং৷  অৱশ্যে এইখনৰ দৰে চিকচিকাই থকা ৰিক্সা বহু বছৰ দেখা নাই৷  মই ততাতৈয়াকৈ ৰিক্সাৱালাজনক ৰ’বলৈ কলোঁ৷  এবাৰ মাতোতেই ৰিক্সাখন ৰ’ল৷  মই চালকজনলৈ চালোঁ৷  চকুত ক’লা চছমা, দীঘল চুলিখিনি একোচাকৈ বন্ধা, কাণত ফুলি৷  একেবাৰে অনৌখা! মই পাচলিৰ মোনাটো দুহাতেৰে দাঙি ৰিক্সাখনত থৈ নিজেও উঠি ললোঁ৷  ওচৰতে ক’ৰবাত জয়ন্ত হাজৰিকাৰ গীত এটি বাজি আছে৷  ময়ো ৰিক্সাৰ গতিৰ লগত তাল মিলাই ৰিক্সাৱালাজনৰ দেহৰ অপূৰ্ব সঞ্চালনক প্ৰত্যক্ষ কৰি বিভোৰ হৈ নিজ বাটেৰে গৈ আছো৷ 

কিছু দূৰ যোৱাৰ পিছতে মন কৰিলোঁ যে কাণত বাজি থকা গানটোৰ উৎস ৰিক্সাখনতে আছে  ৰিক্সাচালকজনে হেন্দেলৰ ওচৰতে এটা ব্লুটুথ স্পীকাৰ আঁৰি লৈ নিজৰ ম’বাইলত গান বজাই আছে৷  হঠাতে এটা লাজ ভাবে মোক আৱৰি ধৰিলে৷ চুচুক চামাককৈ ইফালেসিফালে চালোঁ৷  দুই-এজন মানুহে দেখোন মই উঠা ৰিক্সাখনৰ ফালে ঘূৰি ঘূৰি চাইছে৷

“হেৰা, তোমাৰ নাম কি হে? এইদৰে তুমি সদায় গান বজোৱা নেকি?”  মই সোধো-নোসোধোঁকৈ চালকজনক সুধিলোঁ৷

“মদন৷  মদন ৰিক্সাৱালা৷ এই গানৰ বাবেইতো মোৰ ৰিক্সা ফেমা হৈ উঠিছে৷ ” সগৌৰৱে কথাষাৰ কৈ তেওঁ ৰিক্সাৰ গতিবেগ আৰু অলপ ক্ষীপ্ৰ কৰি তুলিলে৷

“ফেমা! কেনেকৈ?” মই আচৰিত হৈ সুধিলোঁ ৷

“মই ফে’চবুক, ইণ্ষ্ট্ৰাগ্ৰাম সকলোতে ফেমা ৷ মানুহ মোৰ ৰিক্সাত উঠে৷  ফটো তোলে৷  মোৰ গান শুনে৷  মই নিজেও গান লিখোঁ৷  মোৰ ৰিক্সাৰ পিছফালে কিছুমান জেনেৰেল ন’লেজৰ প্ৰশ্ন মাৰি থোৱা থাকে৷  ল’ৰা-ছোৱালীবোৰৰো উপকাৰ হয়৷ ”

মদনে একে উশাহতে কথাখিনি ক’লে৷  মই একো নকৈ কেৱল ভাবিলোঁ,

“কামবোৰ বাৰু অগতানুগতিক৷  কিন্তু এইদৰে পৰিয়াল জানো চলিছে?”

টেলিপেথি হোৱাৰ দৰেই মদনে উত্তৰ দিলে,

“মই পিছে সদায় এইখন নচলাওঁ৷  লাভ নাই নহয়৷  আজিকালি বেটেৰিৰ দিন৷  এইবোৰ ৰিক্সাত কোন উঠিব? মই সেই বিলৰ ওচৰত ফাষ্ট ফুডৰ দোকান এখন দিওঁ৷  আবেলি খোলোঁ৷  ভালেই বিক্ৰী হয়৷  এই ৰিক্সা চলোৱা কামটো মই নিজৰ মনটো ভাল লগাবলৈহে কৰোঁ৷  আচলতে মোৰ ককা, দেউতা সকলোৱে গোটেই জীৱন ৰিক্সা চলায়েই পাৰ কৰিলে৷  এক কথাত মই সেই কামটো মৰি যাবলৈ দিয়া নাই৷ ”

কথাখিনিয়ে কিন্তু মোৰ মন চুই গ’ল৷  সঁচাকৈয়ে মদন ৰিক্সাৱালা মনৰ ধনী৷  এনে এখন ৰিক্সাত উঠি মই জানো কথাটো শ্বেয়াৰ নকৰাকৈ থাকিব পাৰিম? মোৰ তৰ্জনীটো আগবাঢ়ি গ’ল৷  শ্বেয়াৰ বুটামটোৰ ফালে৷  মদনৰ সেউজীয়া আৰু কমলা ৰঙৰ কামিজটোত তৰ্জনীটো লাগিলতহে মই উচপ খাই উঠিলোঁ৷  ঠিক একে সময়তে গতিৰোধকৰ থেকেনিত মই এক প্ৰকাৰ কৰ্ফাল খাই পৰিবলৈকে লৈছিলোঁ৷  কি হৈছে এইবোৰ? বাস্তৱ আৰু ভ্ৰমৰ মাজত মই কেৱল কিছুমান বুটামহে দেখা পাবনৈ লৈছোঁ নেকি?

 

৩)

দুপৰীয়া এক বাজিছে৷

মোৰ ভোক লাগিলেই৷  অৱশ্যে তাৰ কাৰণো নথকা নহয়৷  ভাতৰ লগত কিবা এটা ভাল লগা থাকিলে মোৰ সদায় এনেকুৱাই হয়৷ আজি তাতে ইলিছ মাছ আছে৷ বাৰশ টকা কিলোৰ বাংলাদেশৰ ইলিছ৷  সৰিয়হ দিয়া ভাপ্পা ইলিছৰ গোন্ধটোৱে মোৰ পিত্তৰসৰ নিঃসৰণ অধিক ক্ষীপ্ৰ কৰি তুলিছে৷  এই বছৰ দাম বুলি ইলিছ নিকিনাকৈয়ে আছিলোঁ৷  খৰছ অলপ কমাব খুজিছোঁ৷  চাকৰি কৰি থাকোঁতে দিনবোৰ বেলেগ আছিল৷ ফাইল দুটামানত চহী কৰিলেই দেখোন দিনে দুটা মান ইলিছ কিনিব পৰা হৈ আছিলোঁ৷  এতিয়া অৱসৰৰ জীৱন৷  পেঞ্চনৰ পইচাকেইটাৰেই মাহটো চলিবলগীয়া হয়৷ জমা পইচাকেইটা আকৌ নালায়ক সন্তানৰ বাবে থ’বলগীয়া হৈছে৷ কথাবোৰ ভাবিলে দেখোন ডিপ্ৰেছনেই আহিব খোজে৷ ক’ত জানো পাইছিলো মনটো ভালে ৰাখিবলৈ মাজে সময়ে হেনো দুই-এটা বিলাসিতাও কৰিব লাগে৷  সেয়েহে অৱশেষত আজি বাৰশ টকীয়া বিলাসী ইলিছ আহি মোৰ পাকঘৰ পালেহি৷  বহু দিনৰ মূৰত প্ৰমীলাৰ গোমোঠা মুখখনত এচেৰেঙা হাঁহি দেখিবলৈ পালোঁ৷  তেওঁ অৱশ্যে ভাপ্পা ইলিছ ভালেই ৰান্ধে৷  তাতে আকৌ নিজে ৰন্ধা খাদ্য সম্ভাৰৰ ফটো এখন ষ্টেটাছত দিবলৈ কম-বেছি পৰিমাণে সকলোৰে মন যায়৷ বাৰু কাৰণ যিটোৱেই নহওক প্ৰমীলাই আজি উৎসাহেৰে ৰন্ধা-বঢ়া কৰা দেখি মোৰো মনটো ভাল লাগিছে৷ ঠিক দেৰমান বজাত ভাত খাবলৈ বহিলোঁ৷  আমাৰ দুজনৰ কাৰণে কলপাতৰ টোপোলা দুটা উলিয়াই থৈ বাকীখিনি ল’ৰা দুটালৈ বুলি প্ৰমীলাই একাষৰীয়াকৈ থৈ ল’লে৷ ডাঙৰটো প্ৰাইভেট কোম্পানী এটাত সৰু চাকৰি এটাত সোমাইছে৷ ৰাতিৰ সাজহে খাবহি৷ সৰুটো আকৌ আজিকালি YOUTUBER৷  সেয়েহে অ’ত ত’ত ম’বাইলটো লৈ পঙাই ফুৰে৷ ঘৰ সোমাওঁতে সন্ধিয়াই হয়গৈ৷ মই ভাপত শেঁতা হৈ পৰা কলপাতৰ মেৰটো খুলি ল’লোঁ৷ সৰিয়হ, নহৰু, কেচা জলকীয়া আৰু ধনীয়া মিহলি সুগন্ধিটোৱে মুহূৰ্ততে মোক আগুৰি ধৰিলে৷ মই আৰু ৰ’ব নোৱাৰিলোঁ৷ লভ ৰিয়েক্ট কৰি Yummy বুলি লিখিবলৈ তৰ্জনী আগবাঢ়ি গ’লেই নহয়৷ গৰম ভাতত আঙুলিটো লাগিলতহে যেনিবা সম্বিৎ ঘূৰি আহিল৷ মই সেমেনাসেমেনিকৈ প্ৰমীলালৈ চালোঁ৷ তেৱোঁ ক’ৰবাত যেন কিবা এটা খেলিমেলিৰ উমান পায় মোলৈকে চাই আছে৷

“মাছৰ গোন্ধেই কৈছে খাবলৈ যে সোৱাদ হ’ব৷ ”

মই হয়তো তেনেকৈয়েই ক’ব লাগিছিল৷ কিন্তু নকলোঁ৷  প্ৰমীলায়ো নিস্তৰঙ্গভাৱে মাছৰ টুকুৰা এটা নিজৰ কাঁহীত লৈ মোলৈ নোচোৱাকৈয়ে ক’লে,

“আজি মোৰ সমিতিৰ মিটিং এখন আছে৷ সোনকালে যাব লাগিব৷  বাচনকেইটা তুমিয়েই ধুই থ’বা৷”

মই কেৱল মূৰ দুপিয়ালোঁ আৰু ইলিছৰ চুলি যেন কাঁইটবোৰ কোচাকোচে উলিয়াই মৎস্যস্বাদ গ্ৰহণ কৰাত ব্যস্ত হৈ পৰিলোঁ ৷ সূক্ষ্ম, মসৃণ ইলিছৰ কাঁইটবোৰৰ প্ৰতি মোৰ এক অহেতুক আকৰ্ষণ জাগি উঠে৷  মনটোক ব্যস্ত কৰি ৰাখিবলৈকে এটা প্ৰশ্নৰ লগত মই খেলিবলৈ আৰম্ভ কৰোঁ৷

“মাছটো সোৱাদ বাবে কাঁইটবোৰ মিহি নে কাঁইটবোৰ মিহি বাবে মাছটো সোৱাদ?”

প্ৰশ্নটো মনতে পাগুলি থাকোঁতেই প্ৰমীলাইনো কেতিয়া ভাতৰ পৰ্ব শেষ কৰি বহাৰ পৰা উঠি গ’ল মই গমকে নাপালোঁ৷ এৰা ওচৰত বহি থকা বা উঠি যোৱাৰ মাজত কিবা জানো পাৰ্থক্য আছে? মই এই কথাবোৰ লৈ মূৰ ঘমাব নিবিচাৰোঁ৷ পত্নীৰ কাঁহী-বাটিখিনি বিনা দ্বিধাই ধুব পৰাকৈ মই দেখোন সদায় লিবাৰেল৷ সভা-সমিতিলৈ যোৱাটোক লৈ মই আজিলৈকে আপত্তিৰ থল দেখা নাই৷ পত্নীৰ ম’বাইলৰ লক পেটাৰ্নটো জানিবলৈও মোৰ কোনো উৎসুকতা নাই৷  আপত্তি কেৱল এটাই-

    “হেই বাদ দিয়া হে সেইবোৰ কথা৷ ”

ভাটি বয়সত সেইবোৰ আৰু এতিয়া চিন্তাৰ বিষয় নহয়৷  বৰ্তমান মোৰ চিন্তাৰ মূল বিষয় হ’ল সোঁহাতৰ এই তৰ্জনীটো৷ প্ৰথমতে তৰ্জনীৰ কাণ্ড- কাৰখানাবোৰক পাতলকৈয়ে লৈছিলোঁ৷ কিন্তু এনে ঘটনা সঘনাই হ’বলৈ ধৰিছে৷ এনে লাগিছে যেন সোঁহাতৰ তৰ্জনীৰ ওপৰত মোৰ নিয়ন্ত্ৰণ হেৰাই গৈছে৷ কথাটো প্ৰমীলাৰ লগত পাতিলে ভাল হ’ব বুলি ভাবিছিলো৷ কিন্তু পতা নহ’ল৷ এনে বহু কথায়েই দেখোন নপতাকৈয়ে থাকি যায়৷ ভাপ্পা ইলিছখিনি সঁচাকৈ বৰ সোৱাদ হৈছিল৷ পঞ্চ আঙুলি চুপি থাকোঁতে মনলৈ হঠাতে এটা দুখবোধ আহিল৷ প্ৰমীলাক ভালদৰে প্ৰশংসামূলক একো কোৱা নহ’ল৷ অথচ ডুবাইৰ ছামিম পাৰবিনৰ ৰেচিপিবোৰত মোৰ এই তৰ্জনীয়ে কিমান সহজে পলকতে লিখি দিয়ে,

    ”Yummy! Tasty! লাজৱাব!”

 

(৪)

ষৎ হালধীয়া পোহৰৰ আৱেশত থকা এটা কোঠা৷  কোঠাটোৰ এজনীয়া বিনাখনত বৰ্তমান মই শুই আছোঁ৷  কেতিয়াৰপৰা মই শুই আছো মই ঠিক মনত পেলাব পৰা নাই৷  তৰ্জনীৰ উৎপাত ক্ৰমাৎ বাঢ়ি আহিছে৷  শৰীৰৰ প্ৰতিটো অংগই বিশ্ৰাম লোৱাৰ পৰতো আজিকালি সি সাৰে থাকে৷  অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সি জেঠীৰ নেজডালৰ দৰে টিকটিকাই থাকে৷ তৰ্জনী হেনো ক্ষমতাৰ প্ৰতীক৷  কিহৰ ক্ষমতা?যেতিয়াই মন যায় নিজৰ ভাল লগা বেয়া লগাৰ প্ৰকাশ, প্ৰচাৰ আৰু অপপ্ৰচাৰৰ ক্ষমতা৷ এনেবোৰ কাৰণতে ই আজি মূৰৰ ওপৰত উঠিছে৷ সেয়েহে আজিকালি মই বাওঁহাতখনেৰে সোহাঁতখনৰ তৰ্জনীটো ধৰি থাকিবলৈ লৈছোঁ৷ ক’ব নোৱাৰি নহয় ক’ত কেতিয়া কি কৰে৷  টোপনিতো সি লৰি থাকে৷  মই গাৰুৰ তলত সোঁহাতখন সুমুৱাই ৰাখোঁ৷ বাওঁহাতৰ তৰ্জনীটোলৈও চিন্তা লাগিছে৷ যি দেখি আছে তাকেইতো শিকিব৷ দুটা তৰ্জনী দেখোন দুফালে লৰ মাৰিলে মোৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব৷ মই মনে মনে গুগল খুচৰিলোঁ৷ ডিপ্ৰেছন, এংজাইটি, ছুইচাইড প্ৰণতা, নম’ফ’বিয়া আদি ফোনৰ লগত জড়িত মনোৰোগ  এটাতো মোৰ এই অচিন ৰোগৰ মিল বিচাৰি নাপালোঁ৷ অৱশেষত কথাটো আৰু প্ৰমীলাৰ পৰা লুকাই নাথাকিল৷

  

(৫)

“আপুনি ’চিয়েল মেডিয়া কেতিয়াৰপৰা ব্যৱহাৰ কৰিছিল? মানে ধৰক ৱাটএপ, এফ্ বি, ইন্‌ষ্টা এইবোৰ আপুনি নিশ্চয় সঘনাই ব্যৱহাৰ কৰে৷  নহয় জানো?”

মানসিক চিকিৎসকগৰাকীয়ে বেছ প্ৰত্যয়ৰে প্ৰশ্নটো সুধিলে৷  মই মানুহজনৰ মুখলৈ চালোঁ৷ কম বয়সৰ ল’ৰা৷  ওঁঠত ষৎ হাঁহি এটা বিৰিঙি থাকে৷  মাতটোও কোমল আৰু ধীৰ৷  একাষাৰে ক’বলৈ হ’লে চিকিৎসকজনৰ প্ৰতি মই আকৰ্ষিত হৈছোঁ৷  লাইক কৰিছোঁ৷  মোৰ তৰ্জনী যেন হঠাতে সাৰ পাই উঠিল৷  সি লাইক বুটামটো বিচাৰি ভেকুলী জাঁপ এটা মাৰিবলৈ উদ্যত হ’ল৷ মই তাক হেঁচুকি ধৰি থাকিলোঁ আৰু যিমান পাৰি সহজভাৱে উত্তৰটো দিলোঁ-

“অফিচৰ শৰ্মাই ফে’চবুক খুলি দিয়া দিনৰে পৰা চলাই আছোঁ৷ পাঁচ বছৰমানেই হ’ল৷”

তেখেতে তৰ্জনীটোৰ কথা উলিয়াব বুলিয়েই মই মুখলৈ আগ্ৰহেৰে চাই আছোঁ৷  কিন্তু তেখেতে তৰ্জনীলৈ কেৰাহিকৈও নাচালে৷  মোকো তাৰ কথা উলিয়াবলৈ সুবিধাই নিদিলে৷  তেখেতে বন্ধুত্বপূৰ্ণ ভাব-ভংগীৰে মোৰ লগত বিভিন্ন কথা পাতিবলৈ ধৰিলে৷

“আচ্ছা, আপুনি এবাৰ ভাবকচোন৷ মই এতিয়া আপোনাৰ ওচৰলৈ আঁহোতে যদি গাত like, comment, subscribe লিখা থাকিলিহেতেন তেতিয়া কি হ’লহেতেন?”

“আৰে মোৰ তেনেকুৱাই লাগে দেখোন৷” মই তেখেতৰ কথাষাৰৰ প্ৰত্যুত্তৰ তেনেকৈয়ে দিব খুজিও ৰৈ গ’লোঁ৷  হয়তো তেখেতে মোক পাগল বুলি ভাবিব পাৰে৷  মই ভয় কৰিলোঁ৷

“মজা লাগিলেহেঁতেন৷ কিন্তু কমেণ্ট ক’ত লিখিম?” মই সমস্যাটো আঙুলিয়াই দিলোঁ৷

“Right! কথাটো মই ভবাই নাছিলোঁ৷  মানুহবোৰো একোটা ম’বাইল ফোন হৈ যোৱা হ’লেই ভাল আছিল৷ ”

চিকিৎসকগৰাকীয়ে মোৰ চকুলৈ চালে৷

ডাঙৰকৈ ওলাই আহিব খোজা মোৰ হাঁহিটো ডিঙিত কাঁইট লগাৰ দৰে ক’ৰবাত হয়তো লাগি ধৰিলে  অৱশেষত চিকিৎসকজন যাবলৈ উঠিল৷ যোৱাৰ আগেয়ে তেখেতে প্ৰেক্ৰিপশ্যনত কিবা অলপ লিখি দিলে আৰু মোৰ পিঠিত হাতখন দি ক’লে,

“এতিয়া সিদ্ধান্ত আপোনাৰ হাতত৷

মই কথাষাৰ ঠিক ধৰিব নোৱাৰিলোঁ৷  ক’ব নোৱৰাকৈয়ে মোৰ মুখৰপৰা ওলাই আহিল,

“কি সিদ্ধান্ত?”

 “মানুহবোৰ মানুহ হৈয়েই থাকিব নে ম’বাইল হ’ব লাগিব?”

মই থিয় হ’লোঁ আৰু ডাক্তৰৰ কিছু ওচৰ চাপি গ’লোঁ  খুবেই অসহায় হৈ মই কলোঁ,

 “মই মানুহ হৈয়েই থাকিম  কিন্তু…”

 মোৰ সোঁহাতৰ তৰ্জনীক ডাক্তৰৰ চকুত পৰাকৈ তেখেতৰ মুখৰ আগত দাঙি ধৰিলোঁ৷

 পাহৰি পেলাওক ৷ ইয়াক আপুনিয়েই মূৰত তুলিলে৷ এতিয়া আপুনিয়েই তাক নাপাত্তা কৰিব লাগিব৷ ইয়াৰ কথা মনলৈ আহিবলৈকে নিদিব৷ দেখিব লাহে লাহে সকলো ঠিক হৈ গৈছে

কথাখিনি কৈ তেখেতে মোৰ তৰ্জনীটো হাতৰ মুঠিত সুমুৱাই দিলে আৰু কোঠাটোৰপৰা ওলাই গ’ল৷

 

(৬)

মই ফোন এৰিলোঁ৷ হস্পিতালৰপৰা ঘৰলৈও আহিলোঁ৷  কিন্তু তৰ্জনীৰ গতিবিধি সলনি নহ’ল ৷ অথচ মই গোটেই মানুহটোৱেই দেখোন সলনি হৈ গৈছোঁ৷ মোৰ দেহৰ অংগ হৈও তৰ্জনী যেন  মোৰপৰা বিচ্ছিন্ন হৈ পৰিছে৷  কোনো অঘৰী আত্মাৰ ইচাৰাত যেন সি ঘূৰি ফুৰিব বিচৰা হৈছে৷  ঠিক প্ৰমীলাৰ দৰে যি মোৰ লগত থাকিও সদায় আঁতৰত৷ ঘৰলৈ অহাৰ পাছত মই প্ৰায় অকলশৰীয়া  হৈ পৰিছোঁ৷ আগতেও মই হয়তো অকলশৰীয়াই আছিলোঁ৷ কিন্তু তেতিয়া ডিজিটেল পৃথিৱীখন মোৰ লগত আছিল৷  এখন ভ্ৰমৰ পৃথিৱীত যেতিয়াই মন যায় মই ঘূৰিফুৰিব পাৰিছিলোঁ৷  মোৰ কোঠালৈ আহোঁতে প্ৰমীলাই আজিকালি ম’বাইলটো বাহিৰত থৈ আহে৷  মধুমেহ ৰোগীৰ পৰা মিঠাই লুকুৱাৰ দৰে৷  মোৰ তৰ্জনীটো বাৰে বাৰে প্ৰমীলাৰ ফালে যাব বিচাৰে৷  প্ৰমীলাৰ বুকুত ডিজলাইক বুটামটো জিলিকি থাকে৷  তেওঁ মোৰ বিনাৰ কাষত অ’টছ এবাটি ঢাকি থৈ খৰধৰকৈ ওলাই যায়৷  মই নিজকে এবাৰ চিকুটি চাওঁ৷  নাই, মোৰতো একো বেমাৰ হোৱা নাই৷  তেনেহলে এইদৰে কোঠাৰ ভিতৰতে দিনবোৰ কিয় পাৰ কৰিছোঁ? ঘৰৰ মানুহবোৰ মোৰ পৰা দূৰৈত থাকি ভাল পায়৷  কিন্তু বাহিৰৰ চিনাকি মানুহবোৰতো আছে৷  পিছে এই তৰ্জনীৰ কাৰণেই মই ওলাই যাবলৈ সাহ গোটাব পৰা নাই৷  সি কেতিয়া ক’ত নিজৰ মন-মৰ্জিত আগবাঢ়ি যাব একো ঠিক নাই৷  এতিয়া সি মোৰ প্ৰধান শত্ৰু৷  দিনে দিনে সি প্ৰবল প্ৰতাপী হৈ উঠিছে৷  ডাক্তৰে কোৱাৰ দৰে মই তাৰ কথা পাহৰি থাকিবলৈ যত্ন কৰোঁ৷  কিন্তু নিজৰ আঙুলি এটাক পাহৰি থকাটো জানো সম্ভৱ! মই যিমানেই নিশকতীয়া হৈ আহিছোঁ সিমানেই দেখোন ইয়াৰ তেজ বল বাঢ়িছে৷  মই ভয় খাওঁ৷  বিনাত শুই পৰোঁ৷  ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ,

“হে ঈশ্বৰ! তোমাৰ যদি কোনো অস্তিত্ব আছে তেতিয়াহ’লে মোক এই তৰ্জনীৰ পৰা বচোৱাঁ৷ ”

    প্ৰমীলা দুৱাৰখন খুলি সোমাই আহে৷  শ্লিপিং টেবলেটৰ পেকেটটো খুলি মোৰ হাতত বড়ি এটা আৰু  কুহুমীয়া পানী এগিলাছ দি তেওঁ পুনৰ ওলাই যায়৷  কিছু সময়ৰ পিছতে সকলো ধুসৰ হৈ আহে৷

 

(৭)

মোৰ জীৱনটোত এতিয়া কোনো নতুনত্ব নাই৷  অৱসৰৰ পাছত বোলে এক নতুন জীৱন পায়৷  মই ম’বাইলটোতে এক নতুন পথিৱীৰ সন্ধান পাইছিলোঁ৷  সেই পৃথিৱীত মোৰ একমাত্ৰ সাৰথি আছিল এই তৰ্জনীটো৷ ই মোৰ প্ৰতিটো ইচ্ছাকে পূৰণ কৰিছিল৷ আৰু এতিয়া মোক শয্যাগত কৰি তৰ্জনীয়ে মোৰ পৰা আতৰি যাবলৈ বিদ্ৰোহ কৰিছে৷ হয় মোৰ নিজৰ অংগই মোৰ সংগ ত্যাগ কৰিব বিচাৰিছে৷ মই তাক আতৰ কৰিম৷ অপাৰেশ্যন কৰি তাক আঁতৰাই পেলাম৷  অলপ ৰক্তক্ষৰণ হ’ব৷  কিন্তু তাৰ বিনিময়ত হয়তো পাম অপাৰ শান্তি৷ মই মোৰ কোঠালৈ অহা প্ৰতিজন লোককে তৰ্জনীটো কাটি নিবলৈ অনুৰোধ কৰিবলৈ ধৰিলোঁ৷ ভয়তে মানুহবোৰ মোৰ ওচৰলৈ আগতকৈও কমকৈ অহা হ’ল৷ এদিন ৰাতি প্ৰমীলাক হাতত এখন চোকা অস্ত্ৰ লৈ মোৰ সন্মুখত থিয় হোৱা দেখিলোঁ৷  তেওঁ মোৰ তৰ্জনীটো কাটিবলৈ উদ্যত হ’ল৷ মই ভয়তে চিঞৰিবলৈ ধৰিলোঁ৷ কিন্তু মোৰ মুখৰ মাত ইতিমধ্যে হেৰাই গৈছে৷ মোৰ আস্ফালন এতিয়া কেৱল মইহে শুনিব পাৰোঁ৷ মোৰ সৰ্বশক্তি তৰ্জনীয়ে হৰণ কৰিছে৷  অৱশেষত প্ৰমীলাৰ হয়তো মোৰ ওপৰত পুতৌ উপজিল৷  তেওঁ তৰ্জনীটো নাকাটিলে৷  হয়তো সেয়া এক সপোনহে আছিল৷  মই নিতাল মাৰি বেৰৰ ফালে মূৰ কৰি শুবলৈ যত্ন কৰিলোঁ৷ পাছৰাতি হঠাতে মই সাৰ পাই অনুভৱ  কৰিলোঁ যে মোৰ হাতৰ তৰ্জনীটো থকা ঠাইখিনি খালী হৈ আছে৷  মই উচপ খাই উঠিলোঁ৷ তেনেতে শূন্যত তৰ্জনীটো অসীমৰ ফালে গৈ থকা দেখিলোঁ৷ উস্! মোৰ কেনে লাগিছে? মোৰ এনে লাগিছে যেন মোৰ শৰীৰটো পাতল হৈ পৰিছে৷ এক শান্তি বা এক পৰিত্ৰাণৰ ভাবত মই ক্ৰমাৎ যেন শূন্যত বিলীন হৈ যাব খুজিছোঁ৷ তৰ্জনী মোৰ পৰা বিচ্ছিন্ন হৈ গুচি গৈছে৷  সি দূৰলৈ গৈ আছে৷  পুনৰ মই তৰ্জনী গৈ থকা দিশলৈ চকু দিলোঁ৷  কিন্তু এয়া কি? তৰ্জনীয়ে ইতিমধ্যে তাৰ দিশ সলাইছে৷  সি মোৰ ফালেই আহি আছে৷ সি মোকেই আঙুলিয়াইছে৷ মোৰ শৰীৰটো গধুৰ হৈ পুনৰ বিনাত যেন ঠেকেচ খাই পৰিছে৷  মই ইফালে-সিফালে চাব পৰা নাই৷  মই কেৱল টফটাই আছোঁ৷  মোৰ শক্তিৰে বলীয়ান তৰ্জনী তীব্ৰ বেগত আহি আছে৷ মই অৱশ হৈ পৰিছোঁ৷ এডাল শীৰ্ণ নিৰ্জীৱ কাঠৰ দৰে মই পৰি আছোঁ৷  মোৰ চকুৰ দৃষ্টি কমি আহিছে৷  তৰ্জনীটো ক্ৰমাৎ অদৃশ্য হৈ আহিছে৷  মোৰ চকুৰ পতা জাঁপ খাইছে৷  এনেকুৱা লাগিছে যেন সোঁহাতৰ খালী হৈ পৰা ঠাইটুকুৰাত পুনৰ কিবা এটাই লৰচৰ কৰিছে৷

    হয়তো টোপনি গৈছিলোঁ৷  কোনোবা এজনৰ মাতত মই যেন সাৰ পালোঁ৷

    ”He is no more.”

মই মাতবোৰ চিনি পোৱা নাই৷ কথাবোৰো অস্পষ্ট হৈ আহিছে৷ মই যেন দূৰলৈ গৈ আছোঁ৷  আচৰিতভাৱে মই পুনৰ চৌদিশ দেখিবলৈ লৈছোঁ৷  মই নিজকো দেখোন দেখা পাইছোঁ৷  সৌৱা মই বিনাত পৰি আছোঁ৷ প্ৰমীলাই কাষতে বহি উচুপি আছে৷  ল’ৰা দুটাও বিমৰ্ষভাৱে থিয় হৈ আছে৷  মই নিজকে এবাৰ ভালদৰে চাবলৈ যত্ন কৰিছোঁ৷ মোৰ চকু তৰ্জনীতেই প্ৰথম পৰিছে৷  সি তিয়াও লৰচৰ কৰি আছে৷ জীয়াই থকাৰ হাবিয়াস মোতকৈ তাৰ হয়তো বেছি আছিল৷  ওচৰত থকা কোনেও তাক মন কৰা নাই৷ এখন বগা চাদৰেৰে মোক ঢাকি দিছে৷ চাদৰৰ মাজেদিও মই মোক দেখি আছোঁ৷ তৰ্জনীৰ লৰচৰ লাহে লাহে কমি আহিছে৷ এটা সময়ত সি অৱশ হৈ নিঠৰ হৈ পৰিছে৷  

ইয়াৰ পাছৰখিনি মই আৰু চাব নিবিচাৰোঁ

 

ভ্ৰাম্যভাষ নম্বৰ : ৭০৮৬৭২৮৬৬৭ 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ