অন্যযুগ/


শালভঞ্জিকা

ববিতা কলিতা

 

এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷

খিৰিকীখন থকা বাবেইতো তাই আকাশ দেখিছে, আঙুলিৰ ঠাৰেৰে তৰা লেখিছে, জোন-বেলিৰ সৈতে কথা পাতিছে, গছ-বন, ফুল-চৰাইক আপোন বুলি ভাবিছে৷

সোণোৱালী কেশদামেৰে, জোনাকী তনুৰে পোহৰৰ টোপোলা এটা হৈ উপজিছিল তাই৷ ৰাণীমাকে তাইৰ নাম দিছিল- স্বৰ্ণলতিকা৷ সোণৰ দৰে উজ্জ্বল ৰং৷ লতাৰ দৰে কোমল দেহা৷ স্বৰ্ণলতিকা!

ৰাজবংশৰ প্ৰথামতেই কন্যা সন্তানটিৰ জন্মৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ চৌহদত ৰোপণ কৰাইছিল শালগছৰ পুলি এটা৷ স্বৰ্ণলতিকাৰ সৈতে পুলিটি একেলগে বাঢ়ি আহিছিল৷ ৰহণীয়া ফুলনিখনৰ মাজত অকলে থিয় হৈ থকা ফল-ফুল নোহোৱা শালগছজোপালৈ কণমানি স্বৰ্ণাৰ মনত ব্যথা জাগিছিল৷ সেয়েহে, তেওঁ পদূলিলৈ ওলালেই গছজোপাৰ সৈতে কথা পাতি উমলিছিল৷ স্বৰ্ণাৰ হাঁহি-কিৰিলিয়ে ইটাৰ নিষ্প্ৰাণ প্ৰাসাদবোৰত প্ৰাণৰ সঞ্চাৰ কৰিছিল৷

পিছে সোণৰ পুতলীজনীৰ মুকলি জীৱনত শিকলি লগাবলৈকে সিদিনা সহস্ৰলিংগ পাহাৰৰ পৰা নামি আহিছিল সিদ্ধ যোগীৰ দল এটা৷ বনত উমলি থকা ৰাজকুমাৰীৰ আপাদমস্তক নিৰীক্ষণ কৰি দীঘলকৈ উশাহ টানিছিল দলৰ মুৰব্বী যোগীজনে৷

ধ্যানত কি পালে যোগীয়ে? মহাৰাজৰপুত্ৰীৰ কলংকিনী যোগ!

কুল-মৰ্যাদা ৰক্ষা কৰিবলৈ হলে স্বৰ্ণলতিকাক চাৰিবেৰৰ ভিতৰতে ৰাখিব লাগিব৷ পুৰুষৰ ছাঁটোৱেও যেন চুই নাযায় তেওঁক৷যোগীয়ে ৰজালৈ বাৰ্তা পঠিয়ালে৷

ৰজাই শুনিলে তপস্বীৰ কথা৷ বিবাহযোগ্যা নোহোৱালৈকে স্বৰ্ণা থাকিব অন্তেষপুৰত৷ স্বাচ্ছন্দ্যৰ নৈ নুশুকোৱা ৰাজপ্ৰাসাদত স্বৰ্ণাৰ বাবে একোৰেই অভাৱ নহব৷ যোগীৰ কথামতেই ৰাজগৃহৰ চৌপাশৰ  কুৰি যোজনৰ বৃত্তলৈ অন্য পুৰুষৰ উপস্থিতিক অপৰাধ হিচাপে ঘোষণা কৰিলে ৰজাই৷ ৰজাৰ চিপাহী-চন্তৰী,  আমত্য,  কৰ্মচাৰী সকলোকে চৌহদৰ বাহিৰত অৱস্থান কৰিবলৈ দিয়া হল৷

ছাঁত গজা গছৰ দৰেই বন্ধ কোঠালিতেই বাঢ়ি আহিল স্বৰ্ণলতিকা৷ প্ৰকৃতিয়ে অকৃত্ৰিমভাৱেই স্বৰ্ণাক যৌৱনৰ সম্ভাৰেৰে সজাই তুলিলে৷ কিন্তু বন্দিত্বৰ যন্ত্ৰণাই পিষ্ট কৰি থাকিল তেওঁৰ হেঁপাহৰ পানচৈখনিক৷ সোণ-ৰূপ, মণি-মুকুতা সকলো আঁজুৰি পেলাই আউলি-বাউলি হৈ দিনৰ পাছত দিন তেওঁ বহি থাকিল সেই বিশেষ খিৰিকীমুখত৷ বিশাল ৰাজপ্ৰসাদটোত এতিয়া তেওঁৰ বাবে সেই খিৰিকীখনতকৈ আপোন আৰু কোনো নাই৷ খোলা খিৰিকীখনেৰে তেওঁ মূৰ তুলি ৰাতিৰ আকাশখনলৈ চায়৷

জোনাকে ধুই নিয়া ফুলনিখনত তেওঁৰ দৰেই অকলশৰে ৰৈ আছিল শালগছজোপা৷  গছজোপাক তেওঁৰ নিজৰ দৰেই লাগে৷ গছজোপাৰ শিপাবোৰ যেন ৰজাৰ কঠোৰ নিয়মৰ জৰী৷ ছিঙো বুলিয়েই ছিঙি ওলাই যাব নোৱাৰি নিয়মৰ লৌহ বেষ্টনী ভাঙি৷ পিতাকৰ নিয়মৰ জৰীয়ে তাইক মেৰিয়াই বান্ধিছে৷ গছজোপাৰ দৰেই তেৱোঁ নিয়মৰ শিপাত খামুচি ৰৈ গৈছে একেডোখৰ ঠাইতে; সম্পূৰ্ণ এটি দশক৷

কিন্তু মনটোক জানো বান্ধিব পাৰি নিয়মৰ জৰীৰে?  ইটা-শিলেৰে ভেটা দি ৰখিব নোৱাৰি প্ৰকৃতিয়ে অনা পৰিৱৰ্তনৰ ঢৌক৷

খিৰিকীৰ সিপাৰৰ পৃথিৱীখনক হঠাতে স্বৰ্ণাৰ নতুন নতুন যেন লাগিবলৈ ধৰিলে৷ চৰাইৰ মাতবোৰ গীত হৈ তেওঁৰ দেহ-মন জগাই তুলিলে, জোনাকী পৰুৱাবোৰে তেওঁক হাত বাউলি দি মাতিলে৷ নুবুজিলে স্বৰ্ণাই, কিয় এজাক বৰষুণত তিতিবলৈ তেওঁ বাউলি হৈ উঠিল৷ ফাগুন আহিলে বুকুখন কিয় ৰিঙা ৰিঙা লাগিল৷ ফুলনিত ফুলা ৰক্তজবাবোৰ এতিয়া তেওঁৰ বুকুত কিয় ফুলে!

স্বৰ্ণলতাক আলপৈচান ধৰা লিগিৰীজনীক সিদিনা তেওঁ বাট ভেটি ধৰিলে৷ উত্তৰ বিচাৰি নোপোৱা প্ৰশ্নবোৰ তেওঁ এটা এটাকৈ সুধিবলৈ ধৰিলে৷ লিগিৰীজনীয়ে ফুচফুচকৈ কলে তাইক ফুলৰ কথা,  ভোমোৰাৰ কথা; গছক সাবটি ধৰি থকা লতিকাৰ কথা৷ লিগিৰীৰ কথাই তেওঁৰ গাত এক নুবুজা শিহৰণ তুলিলে৷ তেওঁৰ এই শিহৰণবোৰ ভাল লাগি আহিবলৈ ধৰিলে৷ লিগিৰীজনী পলমকৈ আহিলে তাই লাহে লাহে অস্থিৰ হৈ পৰিবলৈ ধৰিলে৷

এদিন লিগিৰীৰ ফটামুখেৰে সৰি পৰিল নকবলগীয়া কথাবোৰ- “প্ৰকৃতিৰ লগত সম্পৰ্ক ঘটে পুৰুষৰ৷ সেই পুৰুষ তোমাৰ দৰে নহয়,  মোৰ দৰেও নহয়৷ সিহঁতো মানুহ৷ কিন্তু সিহঁত আমাৰ দৰে নহয়৷ 

তেন্তে কিহৰ দৰে?’ - জানিব বিচাৰিলে স্বৰ্ণলতিকাই৷

দৃঢ়,  বলিষ্ঠ...ঠিক তোমাৰ খিৰিকীমুখৰ শালগছজোপাৰ দৰে৷

স্বৰ্ণলতিকাৰ গাটো জিকাৰ খাই উঠিল৷ পুৰুষ তেওঁৰ সন্মুখত থকা শালগছজোপাৰ দৰে! দৃঢ়,  স্থিৰ,  অবিচল,  সহিষ্ণু৷

খিৰিকীমুখত বহি স্বৰ্ণাই চাই ৰয় তেওঁৰ সমানেই বাঢ়ি অহা শালগছজোপালৈ৷ তেওঁ মন কৰে গছজোপায়ো চাইছে তেওঁলৈ৷ গছজোপাৰ বুকুতো বাজিছে সেই একেই আকূতি৷ তেওঁৰ মুখত বাউলি হৈ পৰি থকা চুলিখিনি সি বতাহ হৈ উৰুৱাইছে৷ তাৰ বহল পাতৰ খৰমৰ শব্দবোৰ সুহুৰি হৈ ভাহি আহি তেওঁৰ কাণত বাজিছে৷ তৃপ্তিত তেওঁ চকু মুদি বহি ৰৈছে৷ খিৰিকীৰ ছিদ্ৰৰে সোমাই অহা উষ্ম বতাহ এছাটিয়ে তেওঁৰ ওঁঠৰ পাহিত মিঠা চুমা এটি আঁকি নিমিষতে আঁতৰি গৈছে৷ মিঠা আৱেশখিনি সাবটি বহি ৰৈছে তেওঁ শেষ ৰাতিলৈ৷

স্বৰ্ণলতিকা হঠাৎ যেন সৌন্দৰ্য সচেতন হৈ পৰিছে৷ তেওঁ ঘনে ঘনে সলাইছে আভৰণ৷ আঁচলত বুটলি লৈছে সিঁচৰতি হৈ থকা মণি-মুকুতাৰ আভূষণ৷ সাজি-কাচি ৰূপহীজনী হৈ তেওঁ বহি ৰৈছে খিৰিকীমুখত৷ তাই জানে গছজোপাই তাইক এৰি কলৈকো নাযায়৷ দুবাহু প্ৰসাৰী গছজোপাক চুই অহা বতাহছাটিকে তেওঁ বুকুত সামৰি লয়৷ উৰি যায় তাইৰ নীল অৱগুণ্ঠন খোলা খিৰিকীৰ সিপাৰে৷ উৰি গৈ সেইখন অকলশৰীয়া গছজোপাৰ ডালত লাগি ৰয়৷

লিগিৰীয়ে শিকাইছিল তেওঁক কামনাবোৰ হেনো নীল বৰণীয়া! তাই সুঠাম শালজোপাৰ ডালত লাগি থকা নীলা ওৰণিখনলৈ চাইছিল৷ বতাহ লাগি সেইখন তেতিয়াও ফিৰি-ফিৰকৈ উৰি আছিল৷

স্বৰ্ণা!

হঠাৎ কাৰোবাৰ মাত শুনি চমকি উঠিল স্বৰ্ণলতিকা৷

তেওঁ জনা নাছিল ৰাণীমাক এনে অসময়ত আহি তেওঁৰ পিছপিনে ৰৈ থাকিবহি৷

মা৷ তুমি?  আজি কোনো বাৰ্তা নিদিয়াকৈ আহিলা? - স্বৰ্ণলতাই মাকলৈ চাই সুধিলে৷

হয় সোণজনী৷ বাৰ্তা নিদিয়াকৈয়ে আহিলোঁ৷ আচলতে তোমাক বাৰ্তা এটি দিবলৈহে আহিলোঁ৷

মোলৈ আনিছা বাৰ্তা?  বন্দীলৈ জানো থাকিব পাৰে কিবা বাতৰি?’ প্ৰচণ্ড অভিমানত ফাটি পৰিল স্বৰ্ণলতিকা৷

পাৰে আই৷ বন্দীলৈ মুক্তিৰ বাতৰি থাকিব পাৰে৷ - মাকে স্বৰ্ণাৰ মূৰত হাত বুলাই মৰমেৰে কলে৷

মুক্তি?’ আঁচৰিত হয় স্বৰ্ণলতিকা৷

তোমাৰ পিতৃদেৱে তোমালৈ এজন যোগ্য বৰ বিচাৰি উলিয়াইছে৷ ৰাজভৱনত তোমাৰ বিৱাহৰ ব্যাপক আয়োজন কৰা হৈছে৷ তোমাৰ পিতৃদেৱে ঘোষণা কৰিছে, এতিয়াৰে পৰা মুক্ত তুমি৷

দহ বছৰৰ বন্দিত্বৰ পাছত পোৱা মুক্তিৰ বাতৰিয়ে আহ্লাদিত নকৰিলে স্বৰ্ণাক৷ ওলোটাই বুকুখন তেওঁৰ কিহবাই হেঁচা মাৰিহে ধৰিলে৷ তেওঁ শালগছজোপাৰ দৰেই লৰচৰ নকৰাকৈ ঠাইতে বহি ৰল৷ তেওঁক মুকুতিৰ ফৰমানখন শুনাই মাক অহা বাটেৰেই আঁতৰি গল৷

লিগিৰীজনীয়ে স্বৰ্ণালতিকালৈ চাই দুষ্ট হাঁহি এটা মাৰিলে৷ প্ৰেমৰ অনুভূতি কিদৰে দেহৰ পৰা আত্মালৈ শিপাই যায়, খুলি ভাঙি বুজালে৷

বাহিৰত ঘোপমৰা আন্ধাৰ৷ আকাশত চপৰা চপৰে ওলমি আছে কলীয়া মেঘ৷ জোনটোৱে মেঘৰ আঁৰেদি জুমা-জুমি কৰিছে৷ স্বৰ্ণলতিকাই ছাঁ-পোহৰত দেখিছে গছজোপাৰ দুখ৷ তেওঁৰ বিৰহত যেন গছজোপাই নীৰৱে কান্দিছে৷

স্বৰ্ণলতিকাই তেওঁৰ মুকুতিৰ প্ৰথমটো দিনতে চুই চাবলৈ বিচাৰিলে শালগছজোপাক৷ দহ বছৰৰ মূৰত তেওঁ ওপৰৰ মহলাৰ পৰা এখুজি-দুখুজিকৈ নামি আহিল৷ নিশাৰ অন্তিম প্ৰহৰত নিঃপালি দিয়া লিগিৰীসকলৰ পৰা গা বচাই ওলাই গল তেওঁ বিশাল চৌহদটোৰ এমূৰে থকা ফুলনিখনৰ মাজলৈ৷ গৈ গৈ থমকি ৰল তেওঁ শালগছজোপাৰ তলত৷ শালজোপায়ো যেন অতদিনে তেওঁলৈকে বাট চাই আছিল৷ চমকা চমক পোহৰত তেওঁ পঢ়ি চালে গছজোপাই কব নোৱাৰা কথাবোৰ৷

পাতলীয়া বিজুলী চমক একোটাৰ মাজে মাজে এটুপি-দুটুপিকৈ বৰষুণ সৰিবলৈ ধৰিলে৷ স্বৰ্ণলতিকাই আৱেগসনা স্পৰ্শেৰে চুই চালে গা-গছজোপাক৷ দৃঢ়৷ অবিচল৷ সুঠাম৷ সহিষ্ণু৷ তেওঁ লাহে লাহে কাষ চাপি গৈ থাকিল গছজোপাৰ নিচেই ওচৰলৈ৷ তথাপি যেন কৰবাত দূৰত্ব থাকি গৈছে! এন্ধাৰৰ আঁৰ লৈ তেওঁ খহাই গল এখন এখনকৈ, পৰিহিত বস্ত্ৰৰ কণ্টকাকীৰ্ণ বন্ধনবোৰ৷ বিৱসনা হৈ মেৰিয়াই ধৰিলে তেওঁ শালগছজোপাক৷ ধৰিয়েই থাকিল৷ মেঘে ঢকা আকাশত কেতিয়া জোন বুৰি বেলি ওলাল, স্বৰ্ণলতিকাই ভু নাপালে৷

সিদিনাৰ পৰাই হয়তো স্বৰ্ণলতিকাৰ নাম হলগৈ শালভঞ্জিকা!

হাতত নৱম শতিকাৰ ভাস্কৰ্যটো লৈ ভাবি থাকিলোঁ মই, কোন বাৰু এইগৰাকী কামনাৰ জুয়ে পোৰা বিৱসনা নাৰী? আলিংগন কৰিছে তেওঁ শালগছ এজোপাক, ঠিক লতিকা এডালৰ দৰেই৷ গছৰ সৈতে অভিসাৰৰতা নাৰীৰ বিৰল এক ভাস্কৰ্য! সংগ্ৰাহলয়ৰ স্থাপত্যবিদজনেও জনা নাছিল যিটো প্ৰাচীন মূৰ্তিৰ আঁৰৰ কাহিনী৷

বিশেষজ্ঞই ভাস্কৰ্যটোৰ নাম দিলে শালভঞ্জিকা৷ কিন্তু নামৰ আঁৰতো জানো নাম নাথাকে৷ হয়তো নহবও পাৰে তেওঁৰ নাম স্বৰ্ণলতিকা৷ কিন্তু তেওঁৰ নাম জানো নাছিল কিবা৷

মোৰ মনেসজা কাহিনীটো শুনি হাঁহি উঠিল গাইডজনে৷ আমাৰ দলত যোৱা খুহুটীয়া বুলি জনাজাত বৰুণে ভাস্কৰ্যটো লিৰিকি-বিদাৰি চাই কলে, 

এই আলিংগন এলা-পেচা আলিংগন নহয়৷ লতাই সাবটি ধৰি গছ মাৰি পেলোৱা দেখিছা?  এই আলিংগনো তেনেকুৱাই কিবা এটা৷

বৰুণৰ কথাত পৰ্যটনলৈ যোৱা আমাৰ দলটোৰ আটায়ে গিৰ্জনি পাৰি হাঁহিলে৷ কিন্তু মই হাঁহিব নোৱাৰিলোঁ৷ উভতি গলোঁ মই নৱম শতিকাৰ কাল্পনিক প্ৰাসাদটোৰ সেই বিশেষ দিনটোলৈ৷

স্বৰ্ণলতিকাক অসংযত অৱস্থাত দেখি তাইক প্ৰেমৰ পাঠ শিকোৱা লিগিৰীজনীয়েই প্ৰথমতে চিঞৰ-বাখৰ লগালে৷ স্বৰ্ণলতাক বেঢ়ি ধৰিলেহি ৰজাঘৰীয়া মানুহে৷ ৰাণীয়ে নিজৰ ওৰণিখনেৰে ঢাকি পেলালে স্বৰ্ণলতিকাৰ নিৰাভৰণ শৰীৰটি৷

যোগীয়ে কৈছিল ৰজাক, স্বৰ্ণলতিকাৰ আছে হেনো কলংকিনী যোগ৷

কিন্তু কলংক কাৰ সৈতে? এজোপা শালগছৰ সৈতে? 

ৰজাই কালৈকো বাট নাচালে৷ কাকো আদেশো নিদিলে৷ নিজে হাতত কুঠাৰ এখন লৈ টুকুৰা টুকুৰ কৰি পেলালে শালগছজোপাক৷ স্বৰ্ণলতিকাই কৰা আলিংগনৰ বাবেই ভূ-লুণ্ঠিত হৈ পৰি ৰল কদাপি কাৰো একো অপকাৰ নকৰা মূল্যবান গছজোপা৷

পিছে স্বৰ্ণলতিকাৰ কি হ?’

কাল্পনিক কাহিনীটোৰ মাজত সোমাই পৰিছিল আমাৰ দলটো৷ আটায়ে উৎসুকতাৰে মোৰ পিনে চালে৷

স্বৰ্ণলতিকাৰ কি হল নাজানো৷ কিন্তু সেই সিদিনাৰ পৰা আন্ধাৰ প্ৰাসাদটোত পোহৰৰ খিৰিকীখন দেখা নগল৷

ইমানপৰে হাঁহি-ধেমালি কৰি থকা আমাৰ দলটো অস্বাভাৱিকভাৱে গহীন হৈ পৰিল৷

গাইডজনে শালভঞ্জিকানামৰ মূৰ্তিটো সংগ্ৰহালয়ৰ শ্বকেছত যেনেকৈ আছিল, তেনেকৈয়ে সজাই থলে৷

আমাৰ দলটোৰ পিছে পিছে আহি আছিল আৰু কেইবাটাও পৰ্যটকৰ দল৷ হয়তো মোৰ দৰেই আৰু কোনোবা থমকি ৰশালভঞ্জিকাৰ সন্মুখত৷ হয়তো সাজিব তেওঁলোকে অন্য কিছুমান কাহিনী৷ পিছে কাহিনীকাৰ সলনি হলেও প্ৰেমৰ গাঁথা কাহানিওতো নহয়  সলনি৷


 * **

ভ্ৰাম্যভাষ :  ৯১০১৭৫২৯৪২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ